top of page

।। শ্ৰীমদ্ভাগৱত ।।

।।দশম স্কন্ধ।।

মাজ ভাগ

।।শ্ৰীকৃষ্ণায় নমঃ।।

 

।।মঙ্গলাচৰণ।।

।।পদ।।

 

জয় জয় সকল মঙ্গল বাসুদেৱ।

ব্ৰহ্মা হৰ গৌৰী আদি কৰে যাক সেৱ।।

যাৰ নামে ৰক্ষা কৰে সকলে কালত।

শৰণ পশিলো মঞি হেনয় কৃষ্ণত।।১।।

জয় নমো মহাকৃপাময় দেৱ হৰি।

মহা মহা পাপীগণো তড়ে যাক স্মৰি।।

ব্ৰহ্মা আদি দেৱ নুবুজন্ত যাৰ গতি।

হেন ঈশ্বৰক মোৰ অলেখ প্ৰণতি।।২।।

জয় জয় কৃষ্ণ ৰাম নীল শুক্ল কান্তি।

গঙ্গাত যমুনা যেন অধিকে জ্বলন্তি।।

সংহৰিলা হৰি পৃথিৱীৰ মহাভাৰ।

ভকত জনক প্ৰভু কৰিলা উদ্ধাৰ।।৩।।

পৰম ঈশ্বৰ ভৈলা দৈৱকীনন্দন।

যাচিয়া পিন্ধিলা যিটো কুঁজীৰ চন্দন।

যাচি ভকতক যিটো দেন্ত নৱনিধি।

হেন কৃষ্ণ বৰে আৰম্ভৰ হৌক সিদ্ধি।।৪।।

কৃষ্ণৰ চৰণ চিন্তি কৰিয়া প্ৰণতি।

ভকত জনক মনে কৰিয়া বিনতি।।

হৰিকথা ৰসে আতি উত্ৰাৱল মতি।

শ্ৰীচন্দ্ৰভাৰতী ভণে আতি শিশুমতি।।৫।।

.......................

 

।।কুঁজীৰ বাঞ্ছা পূৰণ।।

 

শুনা সভাসদ যত আছা নৰোত্তম।

দশম স্কন্ধৰ শেষ কথা মনোৰম।।

মথুৰাত দ্বাৰকাত থাকি কুতুহলে।

যত কৰ্ম্ম কৰিলন্ত ভকত বৎসলে।।৬।।

শুক নিগদতি পৰীক্ষিত হৰিদাস।

শুনা আৰো হৰিকথা কৰিবো প্ৰকাশ।।

কৃষ্ণৰ কথাত যাৰ উপজয় ৰতি।

জানি কৃষ্ণকথা তাত কহিবে যুগুতি।।৭।।

পূৰ্ব্বত কুঁজীৰ হৰি পিন্ধিলা চন্দন।

কুঁজ সম কৰিলা গুচিলা কুলক্ষণ।।

কৰিলা কাকূতি তাই ঘৰে আশা বুলি।

যাইবো বুলি সম্বুধি পঠাইলা বনমালী।।৮।।

সেহি দিনা হন্তে তাইৰ থিৰ নোহো মন।

কেতিয়া আসিব প্ৰভু কমলয়ন।।

ৰাত্ৰি নিদ্ৰা নাসে মুখে নকৰে ভোজন।

পথক আকলি থাকে কৃষ্ণতেসে মন।।৯।।

বসন ভূষণ নানা পিন্ধিয়া সুন্দৰী।

শৰ্য্যাখান পাতি থৱৈ আতি ৰম্য কৰি।।

আসিলা আসিলা বুলি মদনৰ জ্বালে।

নেদেখি বিলাপ কৰি পৰৈ মহীতলে।।১০।।

এহিমতে দুখ যেৱে পাৱয় সুন্দৰী।

সকলে জানিলা অন্তৰ্য্যামী দেৱহৰি।।

ভকতৰ দুখে যাৰ আকুল হৃদয়।

আপুনি মনত আলোচন্ত কৃপাময়।।১১।।

দুস্ত্যজ স্বভাৱ মোৰ ত্যজন নযায়।

যেই ভজে তাকে ভজো দোষক নচাই।।

গোকুলৰ গোপীক কৰাইলো কিছো শান্ত।

আসিলা প্ৰবোধ কৰাই উদ্ধৱ মহন্ত।।১২।।

কুঁজীয়ো চন্দন মোক দিলেক সাদৰি।

কুঁজ সম কৰিলো আপোন কৰে ধৰি।।

এভো নতো শুজা যাই চন্দনৰ ধাৰ।

গৃহক যাইবাক কৰি আছো অঙ্গীকাৰ।।১৩।।

মোত কামভাৱে তাইৰ সন্তাপিত মন।

স্বপনত আলিঙ্গিয়া ধৰে ঘনে ঘন।।

এহি কথা উদ্ধৱত কহি অনন্তৰে।

তেহে সমে চলি গৈলা কুবুজাৰ ঘৰে।।১৪।।

মথুৰা মধ্যত জ্বলে কুঁজীৰ মন্দিৰ।

বৈকুণ্ঠৰ লক্ষ্মী তাত প্ৰকাশে ৰুচিৰ।।

যেহি দিনা দিলা কুঁজী চন্দন কৃষ্ণক।

সেহি দিনা গৈলা লক্ষ্মী কুঁজীৰ গৃহক।। ১৫।।

সুৱৰ্ণ বৈদূৰ্য্য হীৰা মাণিক ৰতনে।

জ্বলে গৃহখান দিব্য বসনে ভূষণে।।

বিচিত্ৰ খাতত হংসতুলি আছে পাৰি।

উপৰত নৱ চন্দ্ৰতাপ আছে তৰি।।১৬।।

ৰত্নৰ আসনচয় জ্বলে জাতিষ্কাৰ।

চৌপাশে মুৰালি থোপা শুদ্ধ সুৱৰ্ণৰ।।

প্ৰদীপ পঙ্কতি আতি কৰয় প্ৰকাশ।

সুগন্ধ ধূপৰ গন্ধে মন্দিৰ সুবাস।।১৭।।

বিচিত্ৰ বাৰত লিখি আছয় পুত্তলি।

গোপীগণে সমে বৃন্দাবনে বনমালী।।

মুখে মুখে বুকে বুকে নয়নে নয়নে।

কৃষ্ণ গোপিকাক লিখি আছে একেথানে।।১৮।।

তাক দেখি সততে উদয় হোৱে কাম।

সমস্তে কামৰ বস্তু আছে অনুপাম।।

মালতী মাধাই পদ্ম চুম্বিত ভ্ৰমৰ।

দৰশনে হৰে পাপ কামী পুৰুষৰ।।১৯।।

হেনয় কুঁজীৰ ঘৰ পাইলন্ত মুৰাৰি।

পৰম ভকত উদ্ধৱৰ কৰে ধৰি।।

দেখিলন্ত ত্ৰিবক্ৰা দ্বাৰতে আছে বসি।

দাসীগণ সমে যেন পূৰ্ণিমাৰ শশী।।২০।।

সৈৰিন্ধ্ৰীয়ো মাধৱক আছয় নিহালি।

পদূলিত আসন্ত দেখিয়া বনমালী।।

তেতিক্ষণে আসনৰ চালিলন্ত গাৱ।

উল্লসিত তনু উপজিল প্ৰেমভাৱ।।২১।।

হাত মেলি স্বৰ্গ যেন পাইলেক সুন্দৰী।

সখীগণ সমে আসি নিলেক সাদৰি।।

ত্ৰিবক্ৰাৰ মন্দিৰে প্ৰৱেশ ভৈলা হৰি।

ৰত্নৰ আসনে নিয়া বৈসাইলা সাদৰি।।২২।।

সুৱৰ্ণ ডাৱৰে লৈয়া সুগন্ধিত জল।

ধুৱাইলেক মাধৱৰ চৰণকমল।।

সেহি জলে নিজ শিৰ কৰিলেক স্নান।

অৱশেষ জল মানে কৰিলেক পান।।২৩।।

অৱনত ভাৱে হৰিপদ কোলে ধৰি।

সুগন্ধিত তৈল লৈয়া জান্তিলা সুন্দৰী।।

সুগন্ধ চন্দন লেপিলন্ত সৰ্ব্বগাৱে

চামৰ ধৰিয়া বিঞ্চিলন্ত মৃদুভাৱে।।২৪।।

বিচিত্ৰ পুষ্পৰ মালা পিন্ধাইলেক গলে।

কৰ্পূৰ তাম্বুল তোষি দিলা কৌতুহলে।।

অভিনৱ পীতবস্ত্ৰ দিলেক সাদৰি।

বস্ত্ৰ অলঙ্কাৰ আনি পিন্ধাইলা সুন্দৰী।।২৫।।

উদ্ধৱকো সেহিমতে কৰিলা ভকতি।

কৃষ্ণৰ ভকত জানি আতি মহাসতী।।

দ্বাৰত ৰহিলা জানি কৃষ্ণৰ ইংগিত।

দিলেক আসন তভো বসিলা মাটিত।।২৬।।

কৃষ্ণদত্ত আসনক কৰিয়া সন্মান।

কৃষ্ণক চিন্তিয়া বীৰ ৰহিলা সিঠান।।

পাছে কৃষ্ণ সেহিক্ষণে উঠি আসনৰ।

বসিলা শৰ্য্যাত গৈয়া মহা মনোহৰ।।২৭।।

মনুষ্যৰ চেষ্টা ধৰি ৰমন্ত জগত।

ভকতবৎসৱ হেন দেখায়া লোতক।।

অনন্ত শৰ্য্যাত যিটো কৰন্ত শয়ন।

কুঁজীৰ শৰ্য্যাত হেন হৰি উপসন।।২৮।।

অনন্তৰে সৈৰিন্ধী পিন্ধিলা অলঙ্কাৰ।

কুঙ্কুমে লেপিত নিৰন্তৰে স্তনভাৰ।।

শৃঙ্গাৰক হৰিষে কৰিলা মধুপান।

অনেক ভোলান বস্তু থৈলা থানে থান।।২৯।।

কৃষ্ণ পৰশন হুয়া আছা বৰবালা।

বস্ত্ৰ অলঙ্কাৰ আৰো উজ্বলিত কালা।।

কৰ্পূৰ তাম্বুল আতি ঘনে ঘনে খায়।

কটাক্ষ নয়নে মাধৱৰ মুখ চায়।।৩০।।

ত্ৰৈলোক্য মোহন আতি মধুৰ মূৰুতি।

দেখি দেখি থাকি আতি নূপুৰে তৃপিতি।।

মনে হেন কৱে ধৰি কৰো আলিঙ্গন।

মদনে দগধ তনু শিহৰে সঘন।।৩১।।

প্ৰথম সঙ্গম লাজে শৰ্য্যাক নাযায়া।

মাথে বস্ত্ৰ দিয়া ৰৈলা সমীপ চাপিয়া।।

কৃষ্ণৰ সুন্দৰ পদ্মবদনক চাই।

মদনে দগধ হৃদিসহন নাযায়।।৩২।।

ত্ৰিবক্ৰাৰ কামভাৱ দেখিয়া মুৰাৰি।

আসিও সুন্দৰী বুলি মাতিলা সাদৰি।।

ভূঞ্জিয়ো সাদৰী সুখে শুতিয়ো শৰ্য্যাত।

কৰিয়োক ক্ৰীড়া যেন বাঞ্ছিছা আহ্মাত।।৩৩।।

লাজে পাশ নচাপে বুজিয়া বনমালী।

শৰ্য্যাহন্তে আপুনি ধৰিলা হাত মেলি।।

কঙ্কণে মণ্ডিত চাৰু ত্ৰিবক্ৰাৰ কৰে।

ধৰি নিয়া শৰ্যাত তুলিলা গদাধৰে।।৩৪।।

কৰিলা অনেক ৰঙ্গে ষোড়শ শৃঙ্গাৰ।

পূৰিলা মদন মন স্নেহে দামোদৰ।।

অনেক চুম্বনে নাৰায়ণে আলিঙ্গিলা।

উচ্চ কুচযুগ নখে ক্ষত সঞ্চাৰিলা।।৩৫।।

ৰতিশাস্ত্ৰে পৰম পণ্ডিত বনমালী।

সৈৰিন্ধ্ৰী সহিতে কৰিলন্ত মহাকেলি।।

কৃষ্ণক চন্দন দিয়া আছে মহাৰঙ্গে।

সেহি মহাফলে ক্ৰীড়া কৰে কৃষ্ণ সঙ্গে।।৩৬।।

আতপৰে তাইৰ কিছু পূণ্য নাহি আন।

অলপ পূণ্যয়ো সাধে বাঞ্ছিত কল্যাণ।।

হৰি ভকতিৰ কথা কহিতে নপাৰি।

সদ্যে চন্দন ফল লভিলা সুন্দৰী।।৩৭।।

কৃষ্ণৰ সুৰভি পদকমল সমান।

কামভোলে ভুলিয়া সুন্দৰী কৰে ঘ্ৰাণ।।

মদনে তাপিত উচ্চ কুচৰ উপৰে।

পৰম শীতলপাই তুলি তুলি ধৰে।।৩৮।।

ক্ষণো মহাপ্ৰেমে ধৰি থাকে হৃদয়ত।

নয়নত ঘষে কতো মদন জ্বালাত।।

তন মন নয়নৰ তাপ যতমানে।

সমস্তে খণ্ডিলা হৰি পদপৰশনে।।৩৯।।

ক্ষণে বাহু মেলিয়া স্তনৰ মাজ কৰি।

আনন্দ মূৰ্ত্তিক হৃদয়ত থাকে ধৰি।।

এহিমতে অনেক কৰিলা নানা ক্ৰীড়া।

অপ্ৰয়াসে বঞ্চিল দাৰুণ কামপীড়া।।৪০।।

নিখিল জন্মৰ নষ্ট ভৈল মহাপাপ।

এৰাইলেক সৈৰিন্ধ্ৰী মদন মহাতাপ।।

যাত মহা তুষ্ট ভৈলা দৈৱকীতনয়।

তাৰ কোন মনৰ বাঞ্ছিত নিসিজয়।।৪১।।

অনন্তৰে মহাক্ৰীড়া ভৈলা অৱসান।

কৃষ্ণক অনেক কৰিলেক বহুমান।

স্নান কৰাই পুনৰপি পিন্ধইলা চন্দন।

চন্দনতে তুষ্ট আতি দৈৱকী নন্দন।।৪২।।

বিচিত্ৰ অমৃত মধুফল দিলা আনি।

মনুষ্যৰ চেষ্টা দখাই খাইলা চক্ৰপাণি।

তাল নাৰিকল জল মৃণাল মধুৰ।

ভূঞ্জিলা তাম্বুল হৰি সুগন্ধ কৰ্পূৰ।।৪৩।।

যাইবাক উদ্যোগ যেৱে কৰন্ত মুৰাৰি।

দেখিয়া সৈৰিন্ধ্ৰী প্ৰণামিলা জানুপাৰি।।

ক্ৰীড়াতেসে শ্ৰদ্ধা তাইৰ নাই আনমতি।

মাধৱক বুলিবাক লাগিলা কাকূতি।।৪৪।।

যিটো দেৱে দেন্ত যেৱে মুকুতিৰ ভাগ।

কিঞ্চিত চন্দন দিয়া পাইলা তাঙ্ক লাগ।।

তাহান ভকতি এৰি কামকেহে মতি।

জানিবা ত্ৰিবক্ৰা আতি নুহি ভাগ্যৱতী।।৪৫।।

গোপীগণে কামে যদি ভজিলে হৰিক।

এতেকতে লভিলে সপ্ৰেম ভকতিক।।

গোপীৰ সদৃশ এই নুহি ভাগ্যৱতী।

ইন্দ্ৰিয়ৰ প্ৰীতি সাধে নাজানে ভকতি।।৪৬।।

সৈৰিন্ধ্ৰী বদতি প্ৰভু ভুৱন সুন্দৰ।

মোৰ গৃহে কতোদিন থাকা প্ৰাণেশ্বৰ।।

ৰমিয়োক মোৰ সমে কমলনয়ন।

তযু সঙ্ক তেজিতে মোহোৰ নাই মন।।৪৭।।

সৰ্ব্ব বৰদাতা প্ৰভু মহা মহেশ্বৰ।

হাসি মাতিলন্ত শুনি কুঁজীৰ উত্তৰ।।

ভাল বুলিলাহা বাক্য কৰিতে যুৱাই।

তযু ঘৰে মোৰ ঘৰ কিছু ভেদ নাই।।৪৮।।

এহি বুলি কতোদিন ভকত অধীন।

কুঁজীৰ মদন দুখ কৰিলন্ত ক্ষীণ।।

পুৰিলা মাধৱে সাধিলন্ত যেন কাম।

ভকতবৎসল সিটো আপোনাৰ নাম।।৪৯।।

বসন ভুষণ আৰো দিলা মান্য কৰি।

থাকিয়ো সুন্দৰী বুলি মাতিলা সাদৰি।।

বৈকুণ্ঠ সদৃশ পাচে আপোনাৰ ঘৰে।

উদ্ধৱ সহিতে হৰি গৈলা অনন্তৰে।।৫০।।

ব্যাসসুত বদতি শুনিয়ো পৰীক্ষিত।

পৰম বিস্ময় ইটো ভৈলা বিপৰীত।।

মাধৱক পাই বৰ মাগে কামীগণে।

মাণিককো এৰি লোৱো কাঞ্চক যতনে।।৫১।।

সৰ্ব্ব বৰদাতা দেৱ কৃষ্ণ কৃপাময়।

যাহাৰ সেৱাত মহা মুকুতি মিলয়।।

দুৰ্ল্লভ ভাগ্যেসে পায় তাহান ভকতি।

তাকো তেজি যিটো ইন্দ্ৰয়ৰ সাধে প্ৰীতি।।৫২।।

পৰম দুৰ্ব্বুদ্ধি যিটো পাষণ্ড সতত।

যত সিদ্ধি পায় সিটো নুহিকে শাশ্বত।।

কিঞ্চিতেকো নিস্তাৰয় নিষ্কাম ভকতি।

তাক নসাধিয়া পাপী যায় অধোগতি।।৫৩।।

শুনা সভাসদ পদ মহাভাগৱত।

কৃষ্ণ বিনে ইষ্টদেৱ নাহি সংসাৰত।।

ভকতিত পৰে নাহি বাঞ্ছিতদায়িনী।

এহি দুই বিনা নাহি নিস্তাৰকাৰিণী।।৫৪।।

কংসৰায়ৰ দাসী কুঁজী আতি কুলক্ষিণী।

কৃষ্ণক চন্দন দিয়া ভৈলা লক্ষ্মী যেনি।।

ব্ৰহ্মা যাৰ খুজিয়া নপান্ত পদধূলি।

হেন কৃষ্ণ সহিতে কৰিলা মহাকেলি।।৫৫।।

হেনয় কৃষ্ণক ভজে যিটো নৰনাৰী।

মহা প্ৰেমভাৱে পূজে একমন কৰি।।

ৰাত্ৰি দিনে কৰে তান শ্ৰৱণ কীৰ্ত্তন।

তাহাৰ ভাগ্যক কহিবেক কোনজন।।৫৬।।

হেন জানি নৰ নাৰী আন সেৱা তেজা।।

কৃষ্ণৰ প্ৰতিমা সাজি শুদ্ধমনে পূজা।।

আন দেৱতায়ে দিবে নপাৰে ভকতি।

আছোক প্ৰতিমা নামমাত্ৰে পাইগতি।।৫৭।।

সুগন্ধ চন্দন যিটো আছে কিছু ধন।

প্ৰবন্ধে কৰিয়ো তাক কৃষ্ণত অৰ্পণ।।

নুহিকে শাশ্বত কিছু যত ধন জন।

কেতিক্ষণে যায় ইটো নজানি প্ৰমাণ।।৫৮।।

কৃষ্ণত নিবেদা সমস্তকে এহি জানি।

হৰিত অৰ্পিলে তিলেকৰো নাহি হানি।।

বিলম্ব নকৰি ভকতৰ সঙ্গ লৱা।

কৃষ্ণনাম ধৰি সংসাৰৰ পাৰ হৱা।।৫৯।।

কৃষ্ণৰ দাসৰো দাস শ্ৰীচন্দ্ৰভাৰতী।

কৃষ্ণ বিনে নাহি মোৰ অগতিৰ গতি।।

বোলো সাধুজন তেজিয়োক আন কাম।

পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম।।৬০।।

....................

 

।।অক্ৰূৰৰ বাঞ্ছাপূৰণ।।

।।ছবি।।

 

অনন্তৰে ভকতৰ             পৰম বান্ধৱ হৰি

আক্ৰূৰৰ গৃহে গৈলা চলি।

বলভদ্ৰ ভৈল আগ       উদ্ধৱক কৰি পাছ

মাজত সুন্দৰ বনমালী।।

হস্তিনাপুৰক লাগি        অক্ৰূৰক পঠাইবাক

বাৰ্ত্তাক জানিবে পাণ্ডবৰ।

তাহান মনৰ প্ৰীতি       সাধিবাক কাৰ্য্যে হৰি

আপুনিও গৈলা দামোদৰ।।৬১।।

বৰ বৰ চূড়ামণি        আসন্ত দেৱতা তিনি

দূৰতে অক্ৰূৰ মহাভাগে।

পৰম বান্ধব জানি       আসনৰ গাৱ চালি

আগবাঢ়ি গৈলা মহাবেগে।।

কৃষ্ণৰ যে পাৱে পৰি       প্ৰথমে প্ৰণাম কৰি

পাচে বলভদ্ৰক নমিলা।

কৃষ্ণৰ ভকত জানি  উদ্ধৱক নমিলন্ত

অক্ৰূৰকো তিনি প্ৰণামিলা।।৬২।।

পৰম আনন্দ কৰি       তিনিকো সাৱটি ধৰি

নিলা নিজ মন্দিৰ ভিতৰ।

বিচিত্ৰ আসন পাৰি      পৃথক পৃথক কৰি

তিনিকো বৈসাইলা অনন্তৰ।।

সোণাৰ ডালৰ তুলি      ধুৱাইলা আপুনি ভৰি

কৃষ্ণ বলভদ্ৰ উদ্ধৱৰ।

পদোদক জলমানে        সবন্ধু বান্ধৱগণে

ধৰিলন্ত শিৰৰ উপৰ।।৬৩।।

পাদ্য অৰ্ঘ্য আচমণি      মধুৰ্পক দিলা আনি

মহাদিব্য বস্ত্ৰ অলঙ্কাৰ।

গন্ধ পুষ্প ধূপ দীপ  নানা দ্ৰব্য নিবেদিলা

কৰিলা অনেক নমস্কাৰ।।

কৃষ্ণৰ কমল পাৱ       দেখি আতি প্ৰেমভাৱ

কোলে তুলি লৈলন্ত আক্ৰূৰ।

জান্তন্ত সাদৰ কৰি   বিনয় ভকতি ধৰি

স্তুতি বাণী বুলিলা মধুৰ।।৬৪।।

ৰাম কৃষ্ণ দুই ভাই  কিনো আনন্দক দিলা

সবান্ধৱে বধিয়া কংসক।

পৰম দুখৰ হন্তে        যদুকুল উদ্ধাৰিলা

দিলা কিনো মহা সম্পদক।।

তযু মুখপদ্ম দেখি       বৃদ্ধসৱো যুৱা ভৈলা

তেজ বল বাঢ়িল বহুল।

তোৰা দুইৰ প্ৰসাদত    সিদ্ধ ভৈলা মনোৰথ

কৰাইলাহা আনন্দ বিপুল।।৬৫।।

তুমি দুই ৰাম হৰি       জগতক আছা ধৰি

তোৰা দুই জগত নিদান।

প্ৰকৃতি পুৰুষ ৰূপ      ধৰি আছা মায়া কৰি

তুমি দুই বিনে নাহি আন।।

তুমি দুই লীলা কৰি     নানাবিধ ৰূপ ধৰি

স্ৰজিলা সকল চৰাচৰ।

প্ৰৱেশিয়া গাৱেগাৱে    আছা নানাবিধ ভৱে

তোহ্মাকেসে দেখিয়া বিস্তৰ।।৬৬।।

যেন মহা পঞ্চভূত      সৱাতে প্ৰকাশ কৰে

পৃথক পৃথক ৰূপ ধৰি।

সেহিমতে তুমি ব্ৰহ্ম      সৱাতে প্ৰকাশ কৰা

স্বতন্ত্ৰ ঈশ্বৰ তুমি হৰি।।

তুমি স্ৰজা তুমি হৰা      তুমিসে পালন কৰা

গুণৰ আশ্ৰয়ী নিৰঞ্জন।

তুমি মহা জ্ঞানময়       গুণে কৰ্ম্মে নলঙ্খয়

কৈত আছে তোহ্মাৰ বন্ধন।।৬৭।।

যোনো বোলা যশোদায়    উডুখলে বান্ধিলন্ত

শুনি আছো সাক্ষাতে আপুনি।

যমুনাত নাগপাশ    বন্ধন মুকুত ভৈলে

নাই হেন বোলা কেনজানি।।

নুই নুই মহাহৰি    আপুনি বন্ধন লৈলা

যশোদাৰ প্ৰীতিক সাধিলা।

বন্ধন মুকুত তযু       কদাচিত নাহিকয়

কিন্তু ভৃত্যবৎসল দেখাইলা।।৬৮।।

তুমি কহি আছা ইটো     পৰম ভকতি পথ

যিটো কৰে জগত নিস্তাৰ।

যেহি যেহি কালে তাক    পাষণ্ডৰ বাদে ঢাকে

সেহি কালে হোৱা অৱতাৰ।।

ইবেলিসে বৰ ভাগ্য    বসুদেৱ গৃহে আসি

পূৰ্ণৰূপে আছা অৱতৰি।

পৃথিৱীৰ মহাভাৰ        অসুৰৰ বুন্দামাৰ

কৰিয়া পালিবা বসুন্ধৰী।।৬৯।।

যাদৱ বংশৰ কীৰ্ত্তি    বিস্তাৰিলা যদুপতি

পাষণ্ডৰ কৰিবা বিনাশ।

তোহ্মাৰ চৰিত্ৰ শুনি     নিস্তৰিব সৱ লোক

সংসাৰক জগত নিবাস।

তযু আগমনে আজি     সবান্ধৱে নিস্তাৰিবো

আত একো নাহিকে সংশয়।

তপোবন বুলি যাক     ততোধিক পূণ্যতৰ

আজি মোৰ ভৈল গৃহচয়।।৭০।।

যাৰ পদ প্ৰক্ষালন   জলে গঙ্গা মূৰ্ত্তি ধৰি

পৱিত্ৰ কৰন্ত ত্ৰিভুৱন।

পঞ্চযজ্ঞ দেৱমূৰ্ত্তি     জগতৰে গুৰু হৰি

মোৰ গৃহে ভৈলা উপসন্ন।।

কোননো পণ্ডিত হুয়া     তোহ্মাৰ অপৰ আন

দেৱত শৰণ লৱে যাই।

যিটো দেৱ ভকতৰ     সকলে কামক দিয়া

তোহ্মাক নভজে আখি খাই।।৭১।।

আপোনাৰ স্বৰূপক    দেন্ত যিটো ভকতক

যাক পাইলে জন্ম ভয় নাই।

হেন তুমি বান্ধৱক     নভজিয়া মৰে লোক

তাৰ দুখ দেখন নযায়।।

কিনো ভৈল মহানন্দ    আহ্মাৰ বংশৰে তুমি

ভৈলা আসি ঈশ্বৰ প্ৰখ্যাত।

মহা যোগেশ্বৰো যাৰ     চৰণক নেদেখয়

হেন কৃষ্ণ দেখোহো সাক্ষাত।।৭২।।

গৃহ ক্ষেত্ৰ পুত্ৰ কায়া     যত ধন জন জায়া

জানিলো সকলে তযু মায়া।

ইটো মোহ নিহলক     সত্বৰে ছেদিয়ো নাথ

শৰণে পশিলো কৰা দায়া।।

শুনিয়োক সভাসদ     মহাভাগৱত পদ

কৃষ্ণকথা ত্ৰৈলোকতে সাৰ।

জানি এৰা আন কথা    জনম নকৰা বৃথা

নিস্তাৰিয়ো দুৰ্ঘোৰ সংসাৰ।।৭৩।।

কৃষ্ণকথা বিনে আন    আনন্দৰ নাই থান

ইহাক বুজিবা ভাল কৰি।

শ্ৰীচন্দ্ৰভাৰতী ভণে   গতি নাই কৃষ্ণ বিনে

নিৰন্তৰো বোলা ৰাম হৰি।।৭৪।।

 

।।অক্ৰূৰৰ দ্বাৰা পাণ্ডৱৰ বাৰ্ত্তা আনয়ন।।

                      ।।পদ।।

পৰম ভকত মহামতি দানপতি।

একমনে অৰ্চ্চি আৰো কৰিলন্ত স্তুতি।।

তুষ্ট হুয়া হাস্য কৰি মাতিলা মুৰাৰি।

অক্ৰূৰৰ মনক মোহন্ত যেন কৰি।।৭৫।।

তুমিসে আহ্মাৰ গুৰু যেন প্ৰিয়তৰ।

সম্বন্ধত খুড়া তুমি পিতৃ সমসৰ।।

আমি তযু পুত্ৰ দায়া কৰিবা সদায়।

পোষিবা পালিবা শিক্ষা দিবা সমুদায়।।৭৬।।

তোহ্মাৰ সদৃশ মহাভাগৱত যত।

সদায়ে ভকতি কৰে ঈস্বৰ কৃষ্ণত।।

হেন সেৱকেসে নিতে সেৱিবে যুগুতি।

যিটোজনে অপ্ৰয়াসে বাঞ্চয় মুকুতি।।৭৭।।

যদি বোলা দেৱেকেসে পূজিবে যুগুতি।

নুহি নুহি কহো শুনা দেৱতাৰ গতি।।

আপুনি খাইবাক লাগি চাহে দেৱগণ।

আনক তাড়িবে লাগি নাহিকে যতন।।৭৮।।

সাধুসৱ নুহি পুনু দেৱতাৰ ঠান।

অহৰ্নিশে পৰৰেসে চিন্তয় কল্যাণ।।

সাধুসে পৰম বন্ধু জানা স্বৰূপত।

ঈশ্বৰ চিনিয়া সৱে নিস্তাৰে জগত।।৭৯।।

যোনো বোলা জলময় তীৰ্থ আছে যত।

নুহিকয় তীৰ্থ যদি বোলা স্বৰূপত।।

শিলা মৃত্তিকাৰ যত দেৱতা আছয়।

নুহি কিবা দেৱ তাত ফল নপাৱয়।।৮০।।

কিন্তু সৱে হুই যত দখা তীৰ্থ দেৱ।

চিৰকাল বিষয়ত কৰে যেৱে সেৱ।।

তেৱে কিছো নাহি কৰে দেৱ তীৰ্থগণে।

দৰশন মাত্ৰে নিস্তাৰয় সাধুজনে।।৮১।।

চন্দ্ৰৰ উদয় মাত্ৰে জগত প্ৰসন্ন।

নকৰে প্ৰকাশ লক্ষ কোটি তাৰাগণ।।

সাধুএৰে দেৱ তীৰ্থে এহি পটন্তৰ।

হেন তুমি মহাসাধু আহ্মাৰ বংশৰ।।৮২।।

এক মহাকাৰ্যো আসি আছো তযু ঘৰ।

সুহৃদ মধ্যত তুমি মহাগুৰুতৰ।।

পাণ্ডৱৰ প্ৰিয়বাৰ্ত্তা শুনিবাক প্ৰতি।

হস্তিনাপুৰক শীঘ্ৰে যায়ো মহামতি।।৮৩।।

পাণ্ডুৰ মৰণে কুন্তী পেসী মহাশান্তী।

শিশুপুত্ৰগণ সমে দুখক পাইলন্তি।।

ধৃতৰাষ্ট্ৰ নৃপতিয়ে নিলা নিজপুৰে।

শুনি আছো পাণ্ডৱ আছয় তান ঘৰে।।৮৪।।

ধৃতৰাষ্ট্ৰ নৃপতিয়ে নিলা নিজপুৰে।

স্বভাৱে অন্ধক ছল বিত্ত জ্ঞানহীন।।

নিজপুত্ৰ সমে পাণ্ডৱক নপালিব।

নিশ্চয়ে জানিলো সিটো দুঃখকেসে দিব।।৮৫।।

হেন জানি যায়ো চিত্ত কৰে উতপাত।

ভাল মন্দ জানি আসি কহিয়ো আহ্মাত।।

পাছে মঞি কৰিবো সকলে প্ৰতিকাৰ।

যেনমতে পাৱয় পাণ্ডৱে ৰাজ্যভাৰ।।৮৬।।

এহি বুলি অক্ৰূৰক আদেশি শ্ৰীহৰি।

বলভদ্ৰ উদ্ধৱ সহিতে লীলা কৰি।।

আপোন গৃহত গৈয়া ভৈলন্ত প্ৰৱেশ।

ত্ৰৈলোক্য ঈশ্বৰ হৰি দেৱ হৃষীকেশ।। ৮৭।।

....................

 

।।অক্ৰূৰ হস্তিনাপুৰ গমন।।

 

শুক নিগদতি শুনা সুভদ্ৰাৰ নাতি।

কৃষ্ণৰ বচন হিয়ে ধৰি দানপতি।।

হস্তিনাপুৰত গৈয়া ভৈলন্ত প্ৰৱেশ।

দেৱ ব্ৰাহ্মণৰ গৃহে প্ৰকাশে বিশেষ।।৮৮।।

থানে থানে শুনি মহা হৰিৰ কীৰ্ত্তন।

পুৰবাসী যশৰাসি প্ৰকাশে শোভন।।

ৰাজাৰ মন্দিৰে প্ৰৱেশিলা মহামতি।

বসি আছে ধৃতৰাষ্ট্ৰ ৰাজা সভাপাতি।।৮৯।।

দেখিয়া আছন্ত ভীষ্ম বিদুৰ সহিত।

পঞ্চ পুত্ৰ সমে কুন্তী আছন্ত তহিত।।

সোমদত্ত পুত্ৰ সমে বাহ্লীক নৃপতি।

দ্ৰোণ কৃপ অশ্বত্থামা আছয় তহিতি।।৯০।।

কৰ্ণ দুৰ্যোধন আনো বন্ধুগণ যত।

দেখিলা অক্ৰূৰে সৱে আছা সমাজত।।

অক্ৰূৰক দেখি সৱে হৰিষত মনে।

আশ্বাসি বৈসাইলা নিয়া বিচিত্ৰ আসনে।।৯১।।

ভীষ্ম আদি কৰি সৱে পুচিলা সাদৰি।

কংস বধি কুশলে আছন্ত ৰাম হৰি।।

কহিলা অক্ৰূৰে সৱে জ্ঞাতিৰ কুশল।

তাসম্বাৰ কুশল পুছিলা মহাবল।।৯২।।

ধৃতৰাষ্ট্ৰে কৰিলা বিস্তৰ সতকাৰ।

ভোজন কৰায়া দিলা বস্ত্ৰ অলঙ্কাৰ।।

কৃষ্ণৰ বচনে বীৰ ৰহিলা তহিত।

থৃতৰাষ্ট্ৰ নৃপতিৰ কাৰ্য্য জিজ্ঞাসিত।।৯৩।।

অন্ধক নৃপতি আতি ধীৰ নোহে মতি।

শতেক সন্ততি তাৰ সৱে মন্দমতি।।

শুণে কৰ্ণ শকুনিৰ ছল ছণ্ডবাদ।

পাণ্ডৱত হন্তে পাৱে সততে বিষাদ।।৯৪।।

পাণ্ডুপুত্ৰসৱৰ সমস্তে সদগুণ।

তেজে বলে বুদ্ধি সৱে কাৰ্য্যত নিপুণ।।

তাসম্বাক প্ৰশংসা কৰয় সৱে প্ৰজা।

কেতিক্ষণে হৈব যুধিষ্ঠৰ মহাৰাজ।।৯৫।।

দুৰ্যোধন আদি যত আছে দুষ্টচয়।

পাণ্ডৱৰ প্ৰশংসাক কেহো নসহয়।।

আহ্মাৰ ৰাজ্যত এতমান কৰে দাপ।

আতপৰে কোনে আৰ সহিবে প্ৰতাপ।।৯৬।।

ওমলন্তে কূট কৰি লগাৱে কন্দল।

কিছুকো নোৱাৰি দেয় নৃপতিত খল।।

শুনি ধৃতৰাষ্ট্ৰে পাণ্ডৱক দেয় দুঃখ।

তাকে দেখি অক্ৰূৰৰ মনত অসুখ।।৯৭।।

আউৰ দিনা গৈলা বীৰ বিদুৰৰ ঠাৱে।

সেই থানে গৈলা কুন্তী আতি দুখভাৱে।।

ভ্ৰাতৃ অক্ৰূৰক দেখি চাপিলা ওচৰ।

মকমকি কান্দন্ত সুমৰি জন্মঘৰ।।৯৮।।

লোতক পূৰিত মুখে দুখে মহাশান্তী।

শুনা দানপতি বুলি বাৰ্ত্তাক পুছন্তি।।

পিতৃ মাতৃ ভ্ৰাতৃ মোৰ আছন্ত কল্যাণে।

মঞি দুখিনীক কিবা সুমৰন্ত মনে।।৯৯।।

বসুদেৱ ভাই মোৰ পৰম দায়াৰ।

তেহে কি স্মৰন্ত দুখী পুত্ৰক আহ্মাৰ।।

দৈৱকী ৰোহিণী কিবা সুমৰন্ত মোক।

আনো জ্ঞাতিগণৰ যতেক নাৰীলোক।।১০০।।

পুছক নুপুছৌক আনো যত বন্ধুগণ।

তাসম্বাত হন্তে কিবা সিজে প্ৰয়োজন।।

ইহাকেসে পুছো মোত কহা জাণ্ট কৰি।

যাহাক স্মৰণে মোৰ দুৰ্গতিক তড়ি।।১০১।।

ত্ৰৈলেক্য ঈশ্বৰ ভৈল ভ্ৰাতৃৰ তনয়।

ভকতবৎসল কৃষ্ণদেৱ কৃপাময়।।

মোৰ পুত্ৰগণক পেসীৰ পুত্ৰ বুলি।

সুমৰন্ত মোক কিবা দেৱ বনমালী।।১০২।।

তানে জ্যেষ্ঠ বাই ৰাম কমলনয়নে।

তেহে কি আহ্মাক সুমৰন্ত স্নেহমনে।।

শত্ৰুৰ মধ্যত দুখ পাঞো ৰাত্ৰি দিনি।

বৃকৰ মাজত যেন সপুত্ৰা হৰিণী।।১০৩।।

ইতি গুচাইবন্ত দুখ আসি নাৰায়ণে।

কৰিবন্ত শান্ত মোক মধুৰ বচনে।।

বাপ মৰা পাঞ্চ মোৰ অনাথ ছৱাল।

তাকে কি পালিবা আসি বান্ধৱ গোপাল।।১০৪।।

দেখিয়ো অক্ৰূৰ মোৰ প্ৰাণখানি দহে।

শয়নে ভোজনে মোৰ শৰীৰ নসহে।।

পাঞ্চগুটি পুত্ৰ মোৰ আতি অনাথিতি।

থৃতৰাষ্ট্ৰ মৰাইবাক চাহে দিন ৰাতি।।১০৫।।

কৰাইলেক ভীমক দুৰ্ঘোৰ বিষপান।

তাতো নাৰায়ণেসে কৰিলা পৰিত্ৰাণ।।

আনো অসংখ্যাত চিন্তে মাৰিতে উপায়।

কি কৰিব কৃষ্ণ বিনে নাহিকে সহায়।।১০৬।।

স্বপনতো চিন্তো মঞি কৃষ্ণৰ চৰণ।

কৃষ্ণ বিনে ইষ্ট বন্ধু নাহি আনজন।।

একান্তে শৰণ লৈলো মঞি নিমাখিতী।

এহি বুলি মহাসতী কৰন্ত কাকূতি।।১০৭।।

হে কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ নিৰঞ্জন।

সমস্তৰে আত্মা হৰি কমলনয়ন।।

শিশুপুত্ৰ সমে আত পাঞো মহাক্লেশ।

শৰণে পশিলো প্ৰভু ৰাখা হৃষীকেশ।।১০৮।।

তোহ্মাৰ চৰণ কমলত বিনে আন।

সংসাৰী লোকৰ নাহিকয় ৰক্ষাস্থান।।

মৃতময় সংসাৰত ভয় আছে যাৰ।

তযু পদ বিনে তাৰ নাহিকে নিস্তাৰ।।১০৯।।

এতেকে তোহ্মাত মঞি পশিলো শৰণ।

নমো নমো কৃষ্ণ ইষ্ট দৈৱকীনন্দন।।

তুমি বিনে মোৰ প্ৰাণবন্ধু নাহি আন।

অনাথৰ নাথ প্ৰভু কৰা পৰিত্ৰাণ।।১১০।।

শুক নিগদতি শুনা অৰ্জ্জুনৰ নাতি।

তোহ্মাৰ প্ৰপিতামহী কুন্তী মহাসতী।।

ইষ্টবন্ধু মাধৱক সুমৰি সুমৰি।

এহি বুলি অনেক কান্দিলা দুখ কৰি।।১১১।।

কুন্তীৰ কাৰুণ্য বাণী শুনিয়ো প্ৰচুৰ।

মহাদুখ মন ভৈলা অক্ৰূৰ বিদুৰ।।

সলোতক মুখে তাঙ্ক প্ৰবোধন্ত দুই।

থাকিয়োক কুন্তী চিন্তা এৰি সুস্থ হুই।।১১২।।

তযু পুত্ৰগণে কৰিবেক প্ৰতিকাৰ।

কৃষ্ণৰ প্ৰসাদে সৱে পাইবা ৰাজ্যভাৰ।।

কৃষ্ণৰ চৰণে মাত্ৰ কৰিয়ো ভকতি।

আপুনি ঈশ্বৰে সৱে গুচাইবে দুৰ্গতি।।১১৩।।

কহিলা অক্ৰূৰে মাধৱৰ গোপ্যকথা।

যিকাৰণে তাঙ্ক পঠাইলন্ত যতা তথা।।

শুনিয়া কুন্তীৰ মনে ভৈলা মহাসুখ।

জানিলো মাধৱে গুচাইবে সৱ দুঃখ।।১১৪।।

অক্ৰূৰ আছিল তথা কতিপয় মাস।

ধৃতৰাষ্ট্ৰ নৃপতিৰ বুজিতে জিজ্ঞাস।।

পাণ্ডৱক হিংসা আতি কৰে দিনে ৰাতি।

জানি কৃষ্ণপাসক যাইবাক ভৈলা মতি।।১১৫।।

ধৃতৰাষ্ট্ৰ নৃপতিক বুজাইবাক প্ৰতি।

সভাৰ মাজক চলি গৈলা দানপতি।।

ৰাম কৃষ্ণে বুলি খেদাইলন্ত যেন কৰি।

পাণ্ডৱৰ হিত চিন্তি বুলিলা সাদৰি।।১১৬।।

অক্ৰূৰ বদতি শুনিয়োক কুৰুনাথ।

বিচিত্ৰবীৰ্য্যৰ ক্ষেত্ৰে তুমি ভৈলা জাত।।

কৌৰৱ বংশৰ কীৰ্ত্তি কৰিলা বৰ্দ্ধন।

তযু ভাই পাণ্ডু আছিলন্ত মহাজন।।১১৭।।

তাহান মৰণে এবে তুমি ভৈলা ৰাজা।

নিজগুণে ৰঞ্জি সৱে পালিলাহা প্ৰজা।।

আপোন পৰত প্ৰৱৰ্ত্তিবা সমবুদ্ধি।

তেৱে যশ লভিবা সাধিবা মন সিদ্ধি।।১১৮।।

নুহি যেৱে বিষম কৰাহা তুমি মতি।

জগতে নিন্দিবে তোৱে যাইবা অধোগতি।।

হেন জানি সমস্নেহ কৰিবা তাহাক।

আপোন পুত্ৰৰ মত পাণ্ডৱগণক।।১১৯।।

বিশেষত যত দেখা সৱে মায়াজাল।

ইটো সংসাৰত নাথাকয় চিৰকাল।।

আছোক বান্ধৱ পুত্ৰ ভাৰ্য্যা ধন জন।

আপোনাৰ শৰীৰ নুহিকে চিৰন্তন।।১২০।।

একে উপজয় প্ৰাণী মৰে একেশ্বৰে।

একেশ্বৰে ভুঞ্জে যত কৰে পাপচয়।

পুত্ৰ মিত্ৰ ভ্ৰাতৃ তাক কেহো নপাৱয়।।১২১।।

নুবুজিয়া ধন সাঞ্চে পাতক আচৰি।

সকল ধনক পুত্ৰ মিত্ৰে খায় বেঢ়ি।।

অলপ জলত যেন মৎস্যৰ বিলাস।

জল শুকাই গৈলে হোৱে তিলেকে বিনাশ।।১২২।।

মোৰ পুত্ৰ ভাৰ্য্যা বুলি কয় নিষ্ঠ কৰি।

জাকে জাকে পোষে পালে অধৰ্ম্ম আচৰি।।

জীৱন্ততে তাক তেৱে কৰে পৰিহাৰ।

নভৈলা নিস্তাৰ সিটো পাপী দুৰাচাৰ।।১২৩।।

পাছে একেশ্বৰে সিটো পাপখানি লৈয়া।

যমঘৰে চলে কেহো নকৰয় দায়া।।

তমো নৰকত পৰি পাৱে নানা দুখ।

নাহিকে নিস্তাৰ সিটো কৃষ্ণত বিমুখ।।১২৪।।

হেন জানি ৰাজা তুমি হুয়োক সুনয়।

যত দেখা শুনা মানে স্বপ্নমায়াময়।।

আপুনাক আপুনিয়ো নিয়মি সম্প্ৰতি।

পাণ্ডৱতে আপোনাতে হুয়ো সমমতি।।১২৫।।

ধৃতৰাষ্ট্ৰ বদতি শুনিয়ো দানপতি।

যতেক কহিলা মানে কল্যাণ যুগুতি।।

শুনি শুনি তৃপিতি নখণ্ডে মোৰ চিত্ত।

মনুষ্যে পাইলেক যেন দুৰ্ল্লভ অমৃত।।১২৬।।

তভো মোৰ পাতকীৰ চঞ্চল হৃদয়।

ইহেন বচনে চিত্ত থিৰ নুহিকয়।।

ফটিক পৰ্ব্বতে যেন অথিৰ বিদ্যুতি।

পুত্ৰস্নেহে সদায় চঞ্চল মোৰ মতি।।১২৭।।

যদি বোলা তুমি সৱে জানাহা আপুনি।

তভো কেনে মোহ থিৰ নোহো মনে গুণি।।

জানিলেও মোহ পাপ তেজন নযায়।

ঈশ্বৰৰ মায়া ইটো নাহিকে উপায়।।১২৮।।

ঈশ্বৰে কৰন্ত যাক যিমত ব্যৱস্থা।

তাহান ইচ্ছাক কোনে কৰিবে অন্যথা।।

যোনো বোলা ঈশ্বৰ বোলাহা তুমি কাক।

শুনা তেৱে কহো নিষ্ঠ কৰিয়া তাহাক।।১২৯।।

হৰিবাক লাগি পৃথিৱীৰ মহাভাৰ।

দৈৱকীত আসি যিটো ভৈলা অৱতাৰ।।

তেহেন্তেতো ত্ৰৈলোক্য ঈশ্বৰ মহাহৰি।

যাৰ নাম স্মৰি মহা দুৰ্গতি নিস্তৰি।।১৩০।।

তাহান মহিমা কহি কোনে পাৱে অন্ত।

সৃজন্ত পালন্ত সংহাৰন্ত ভগৱন্ত।।

ব্ৰহ্মা আদি দেৱে নুবুজয় যাৰ গতি।

হেন ঈশ্বৰক মোৰ অলেখ প্ৰণতি।।১৩১।।

তান মায়া পুত্ৰ স্নেহ তেজিতে নপাৰো।

কৃষ্ণৰ চৰণে মাত্ৰ নমস্কাৰ কৰো।।

যেহি লাগে সেহি কৰন্তোক যদুপতি।

এহি বুলি ধৃতৰাষ্ট্ৰ থাকিলা নমাতি।।১৩২।।

বুজিলা অক্ৰূৰে নৃপতিৰ অভিপ্ৰায়।

কুটুম্বসৱক মাতি কৰিলা বিদায়।।

শীঘ্ৰে আসি পাইলা পাছে মথুৰা নগৰী।

কৃষ্ণক নেদেখি চিত্ত ধৰিতে নপাৰি।।১৩৩।।

কৃষ্ণৰ ৰামৰ আগে কৰি নমস্কাৰ।

কহিলন্ত বাৰ্ত্তা যত কৌৰৱ ৰাজাৰ।।

কুন্তীৰ কাৰুণ্য কহিলন্ত দুখ কৰি।

শুনি দীৰ্ঘ নিশ্বাস তেজিলা ৰাম হৰি।।১৩৪।।

শুনা সভাসদ পদ মহাভাগৱত।

ভকতবৎসল কৃষ্ণ দেখা কেনমত।।

আপুনি কৰন্ত শোক ভকতক লাগি।

হেন দেৱ নভজয় কিনো মন্দভাগী।।১৩৫।।

সংসাৰৰ শৌচ্য যিটো মহাপীপগণ।

তাৰো শৌচ্য যিটো নভজয় নাৰায়ণ।

তাৰো শৌচ্য পঢ়ি নুবুজিলে তাৰ সুখ।

তাৰো শৌচ্য যিটো কৃষ্ণকথাত বিমুখ।।১৩৬।।

তাৰো শৌচ্য যিটো শাস্ত্ৰতত্ত্বসৱ জানি।

একান্ত শৰণে নভজয় চক্ৰপাণি।।

তাৰো শৌচ্য অত্যন্ত পাতকী নাহি আৰ।

কোটি কোটি জন্মে নাহি তাহাৰ নিস্তাৰ।।১৩৭।।

হেন জানি একচিত্ত কৰি নৰনাৰী।

কৃষ্ণক ভজিয়ো মাত্ৰ একচিত্ত কৰি।।

সততে শুনিও মাধৱৰ গুণ নাম।

শ্ৰীচন্দ্ৰভাৰতীয় ভণে বোলা ৰাম ৰাম।।১৩৮।।

..................

।।জৰাসন্ধৰ দ্বাৰা মথুৰা অৱৰোধ।।

।।দুলড়ী।।

নিগদতি শুক      শুনা পৰীক্ষিত

আৰো মাধৱৰ লীলা

যেনমতে জৰা-         সন্ধ নৃপতিৰ

সকল সৈন্য বধিলা।।

অগাধ সমুদ্ৰ      মধ্যত মাধৱে

পাতিলা দ্বাৰকা পুৰী।

সিসৱ কাহিনী          শুনা মহামানী

কহিবো বেকত কৰি।।১৩৯।।

অস্তি প্ৰাপ্তি নামে        কংশ নৃপতিৰ

আছিলা মহিষী দুই।

স্বামীৰ মৰণে      পিতৃৰ গৃহক

চলিল বিধৱা হুই।।

মলিন বদন       বসন ভূষণ

তেজিলা শাখা সিন্দুৰ।

পৰম বিষাদে      কংসৰ সন্তাপে

পাইলেক পিতৃৰ পুৰ।।১৪০।।

জৰাসন্ধ ৰাজা     বসিয়া আছয়

আগত ভৈল প্ৰৱেশ।

আতি মনোদুখে     কান্দি অধোমুখে

মুকুত কৰিয়া কেশ।।

জীউৰ ক্ৰন্দন     দেখি জৰাসন্ধে

পুছিলা বিকল মুখে।

পিতৃৰ আগত     কহিলা সমস্ত

কান্দি কান্দি মহাদুঃখে।।১৪১।।

দৈৱকীনন্দনে           স্বামীক মাৰিলে

বিধৱা ভৈলোহো আমি।

উগ্ৰসেন ৰাজা         ভৈলা মথুৰাত

আমি ভৈলো অধোগামী।

বজ্ৰ যেন তাৰ       মুণ্ডত পৰিল

অপ্ৰিয় বচন শুনি।

কংসৰ সন্তাপে        মাধৱক কোপে

বুলিলা দাৰুণ বাণী।।১৪২।।

নাকান্দিবি আই      মৰিল জমাই

নাছিলো মঞি সহায়।

দুষ্ট ৰাম কৃষ্ণে         ছলে মাৰিলেক

দেখ মোৰ মুনিষাই।।

ৰামক কৃষ্ণক      দুইকো মাৰিবোহো

আছে যত যদুকুল।

অযাদৱা আজি     কৰিবো ধৰণী

হিয়াৰ গুচাবো শূল।।১৪৩।।

এহি বুলি জৰা -        সন্ধ মহাক্ৰোধে

যুজিবাক ভৈল সাজ।

তেইশ অক্ষৌহিনী        সেনাগণ লৈয়া

বেঢ়িয়া মথুৰা ৰাজ।।

হস্তী হয় ৰথ      প্ৰজাৰ আন্দোলে

শবদৰ কোলাহল।

চতুৰ্দ্দিশে ছানি     মথুৰাবাসীৰ

কৰ্ণত লাগিল তাল।।১৪৪।।

দশোদিশ বেঢ়ি          আছে জৰাসন্ধ

দেখিলন্ত যদুৰায়।

সেনাগণ তাৰ     সাগৰ সমান

দেখি আছে যেন ধাই।।

ইষ্ট বন্ধুগণ           ভৈল দুখ মন

পলাইবাৰ নাহি দেশ।

ভকতৰ দুখ           দেখি গোৱিন্দৰ

মনত নাহি হৰিষ।।১৪৫।।

দেশৰ উচিত          কালৰ বিহিত

যিমতে বৈৰী সংহৰি।

যি কাৰ্য্যক লাগি        আছো অৱতৰি

গুণন্ত তাক মুৰাৰি।।

কিবা ইটো সৈন্য        বধিবোহো মাত্ৰ

পঠাইবো মেলি ইহাক।

কিবা জৰাসন্ধ          বধিয়া আপুনি

লৈবোহো সৱে সেনাক।।১৪৬।।

কিবা জৰাসন্ধ          সহিতে সৱাকো

পঠাইবো যম নগৰী।

এহি তিনি মাত্ৰ         চিন্তিয়া আপুনি

নৰৰূপে মহাহৰি।।

প্ৰথমৰ মত           পৰম যুগুত

বিচাৰি কৰিলা সাৰ।

তেজি মাগধক          বধিবো সৈন্যক

ইসে পৃথিৱীৰ ভাৰ।।১৪৭।।

জিনি জৰাসন্ধে         অনেক ৰাজাৰ

আনি আছে সেনাগণ।

হয় হস্তী ৰথ          দেখন্তে চমক

সমস্ত কৰিবো ছন্ন।।

মগধ ৰাজাক          নমাৰিয়া পুনু

মেলিবো কোণ্ডাৰ ঘাই।

সকল ৰাজাৰ      সৈন্যগণ লৈয়া

আসিবে পুনু ইঠাই।।১৪৮।।

আৰকা সৈন্যক     বধিবো তাহাৰ

নকৰিবো প্ৰাণদণ্ড।

একেশ্বৰে তাক     এৰিয়া পঠাইবো

কৰি আতি ৰণ্ডভণ্ড।।

মহা লাজ পাই     সৈন্যক জড়াই

পুনু কৰিবেক ধাৰ।

তাক নসংহৰি     সেনাক বধিবো

এহিমতে বাৰে বাৰ।।১৪৯।।

এহিসে কাৰণে          পূৰ্ণব্ৰহ্ম মঞি

আসি ভৈলো অৱতাৰ।

ভকতক পালি          দুষ্টক নিকালি

হৰিবো ভূমিৰ ভাৰ।।

আনো নানা তনু        ধৰি ভকতক

ধৰ্ম্মক কৰো উদ্ধাৰ।

অধৰ্ম্মক নাশি          যশক প্ৰকাশি

নিস্তাৰ কৰো সংসাৰ।।১৫০।।

হেন মঞি কৃষ্ণ         ভকতৰ ইষ্ট

অভক্তৰ যমকাল।

এতেকে দুষ্টক          বধি ভকতক

কৰিবোহো প্ৰতিপাল।।

এহিমতে যেৱে          চিন্তিলন্ত কৃষ্ণে

ভকত জনৰ ত্ৰাণ।

বৈকুণ্ঠৰ হন্তে          আসিল তেখনে

দুইখান মহাযান।।১৫১।।

সুৱৰ্ণে ৰচিত           ধ্বজা ছত্ৰদণ্ড

জ্বলে যেন সূৰ্য্য দুই।

দিব্য অস্ত্ৰ যত         সমস্তে আছয়

যুদ্ধক সন্মুখ হুই।।

সাৰথি সহিত          ভৈলা উপস্থিত

দেখিলন্ত চক্ৰপাণি।

যুদ্ধক উৎসৱে          মনুষ্য স্বভাৱে

বলোক বুলিলা বাণী।।১৫২।।

দোখিয়োক দাদা        যাদৱ বংশক

পাইলেক ঘোৰ প্ৰমাদ।

জৰাসন্ধে আসি     নগৰ বেঢ়িল

ভকতে কৰে বিষাদ।।

হেৰা মহাৰথ          আসিল তোহ্মাৰ

প্ৰিয়তৰ অস্ত্ৰগণ।

ইহাত চড়িয়া      ঘোৰ আপদৰ

নিস্তাৰিয়ো বন্ধুগণ।।১৫৩।।

এহিসে কাৰণে     ভৈলো অৱতাৰ

ভকতৰ দুখ জানি।

তেইশ অক্ষৌহিণী            পৃথিৱীৰ ভাৰ

হৰিয়ো লাঙ্গলপাণি।।

কৃষ্ণৰ বচনে      হাসিলন্ত ৰামে

প্ৰশংসিলা ভাল বুলি।

অনন্তৰে দুয়ো          ৰথচ চড়িয়া

বলদেৱ বনমালী।।১৫৪।।

কৱচ পিন্ধিয়া          নিজ অস্ত্ৰ ধৰি

যুজিবাক ভৈলা সাজ।

কিছু সৈন্য লগে         লৈয়া তেতিক্ষণে

নগৰৰ ভৈলা বাজ।।

শুনা নৰনাৰী          এক মন কৰি

কৃষ্ণৰ যুদ্ধ বিজয়।

শ্ৰৱণত দুঃখ      দুৰ্গতি হৰয়

মুকুতি সুখ মিলয়।।১৫৫।।

গুচে শত্ৰুভয়          পাতক দহয়

মাধৱৰ পূণ্যকথা।

শ্ৰৱণতো একো         দুঃখ নাহিকয়

অমৃত স্ৰৱয় তথা।।

কৃষ্ণৰ চৰণে      পশিলো শৰণে

শ্ৰীচন্দ্ৰভাৰতী ভণে।

কৃষ্ণ বিনে আৰ        নাহিকে নিস্তাৰ

হৰি বোলা ঘনে ঘনে।।১৫৬।।

.............

        ।।কৃষ্ণ জৰাসন্ধ যুদ্ধ।।

                ।।পদ।।

সিংহাদ্বাৰৰ বাজ ভৈলা ৰাম হৰি।

যদুসেনাগণ চলে চৌদিশে আৱৰি।।

নাহি ভয়ভীত মাধৱৰ প্ৰসাদত।

প্ৰৱেশিলা জৰাসন্দ সেনাৰ মাজত।।১৫৭।।

সাগৰ আস্ফাল যেন সেনাৰ ঘঞ্চাল।

ঢাক ঢোল তবল শবদ কোলাহল।।

অসংখ্যাত হয় হস্তী ৰথৰ আন্দোল।

তুমুল শবদে নুশুনিয় মাতবোল।।।১৫৮।।

মাধৱৰ প্ৰিয় আতি দাৰুক সাৰথি।

ৰথখান ডাকন্ত পৱন সম দেখি।।

আপুনি গোৱিন্দ ফুঙ্কিলন্ত মহাশঙ্খ।

শত্ৰুৰ সেনাৰ মাজে লাগি গৈল চঙ্ক।।১৫৯।।

কৃষ্ণৰ শঙ্খৰ ধ্বনি শুনন্তে বিস্ময়।

কতো মুৰ্চ্ছা গৈলা কতো কম্পিল হৃদয়।।

আপোনাৰ সেনাগণ জিম গৈলা দেখি।

খেদি গৈলা জৰাসন্ধ খানিকো নাপেক্ষি।।১৬০।।

ৰাম মাধৱৰ আগে হুয়া উপস্থিত।

গোৱিন্দক নিন্দা বুলিলন্ত দুষ্টচিত।।

শুনৰে পুৰুষাধম কৃষ্ণ দুষ্টচিত।

তোৰ সঙ্গে যুদ্ধক মোহোৰ নাহি মন।।১৬১।।

কিসক আসিলি মৰিবাক সাজি পাৰি।

প্ৰাণ ৰাখি পঠাঞো চল মথুৰা নগৰী।।

অল্প বলীয়াৰক যুজিবো কোন লাজ।

জিনিলেও মোহোক হাসিবে সামৰাজে।।১৬২।।

জানো বোলা বালক বোলাস কেনমতে।

মোৰ জমাই কংসক পঠাইলি যমপথে।।

গুপুতে মাৰিলি নজানিলে সামৰাজ।

হেন তই সমে যুজিবাক লাগে লাজ।।১৬৩।।

হেৰ শুন ৰাম তোহ্মাৰেসে বল নাম।

যেৱে শ্ৰদ্ধা আছে তেৱে কৰিয়ো সংগ্ৰাম।।

নকৰিবা পাছ ভৰি যুজ ধৰ্ম ধৰি।

সমুখে যুজিবো মঞি ধৰ্ম্মক আচৰি।।১৬৪।।

মোৰ শৰে ছেদে যদি তযু শৰীৰক।

তাক তেজি পাইবা তুমি উত্তম স্বৰগক।।

নুহি যদি তযু শৰে ছেদে মোৰ শিৰ।

ময়ো পাইবো স্বৰ্গ তেৱে শুনা মহাবীৰ।।১৬৫।।

জৰাসন্ধ এতেক লপন্তে যেৱে আছে।

পৰম গম্ভীৰে হৰি মাতিলন্ত পাছে।।

শুন অৰে অন্ধ জৰাসন্ধ অচেতন।

পৰক নিন্দস নুহিকস মহাজন।।১৬৬।।

যিটো মহাজন সিটো নিন্দা নকৰয়।

কিন্তু আপোনাৰ পৰাক্ৰম দেখাৱয়।।

মৰিবাক চাস তোক ধৰি আছে কালে।

তোহোৰ বচন মঞি নধৰো কেৱলে।।১৬৭।।

শুক নিগদতি পৰীক্ষিতা নৃপতিত।

কৃষ্ণৰ বচনে চলি গৈলা দুষ্টচিত্ত।।

অসংখ্যাত সৈন্যো দুইকো বেঢ়িল ত্বৰিতে।

ৰথ ধ্বজ সৈন্য বাজী সাৰথি সাহিতে।।১৬৮।।

সকল সৈন্যত ৰাম কৃষ্ণৰ প্ৰকাশ।

মহাসৈন্যে ঢাকিলেক নেদেখি আভাস।।

মেঘে ঢাকিলেক যেন সূৰ্যক সমূলি।

অগনিক যেহেন ঢাকিলা ছাই ধুলি।।১৬৯।।

কৃষ্ণত ভকত যত মথুৰাৰ নাৰী।

উচ্ছ্ৰিত গৃহৰ উপৰত চড়ি চড়ি।।

সিংহদুৱাৰত কতো প্ৰাচীৰ উপৰে।

ৰাম মাধৱক চাই আছা দায়াতৰে।।১৭০।।

গৰুড়ৰ ৰথ চিহ্ন ৰথ মাধৱৰ।

তালধ্বজে চিহ্নিত ৰামৰ ৰথবৰ।।

শত্ৰুসৈন্য ঢাকিলেক নেদেখি সমুলি।

মৰ্ম্মে নাৰীগণ শোক কৰন্ত আকুলি।।১৭১।।

দৈৱকী ৰোহিণী আতি কৰন্ত বিলাপ।

আজি কেনমতে ৰক্ষা যাইবি কৃষ্ণ বাপ।।

পৰম পুৰুষে তোক কৰন্ত ৰক্ষণ।

আসন্ত দুই গুটি পুত্ৰ জিনি শত্ৰুগণ।।১৭২।।

বিপ্ৰগণে উচ্চাৰিয়া পৰম মন্ত্ৰক।

মহামহেশ্বৰ ৰাখা ৰাম মাধৱক।।

গীতাভাগৱত পঢ়ি দেন্ত আশীৰ্ব্বাদ।

কৃষ্ণৰ নামেসে খণ্ডে সকলে বিষাদ।।১৭৩।।

জৰাসন্ধে মাধৱক বেঢ়ি সমুদায়।

বৰিষয় অস্ত্ৰগণ দশোদিশে চাই।।

তেইশ অক্ষৌহিণী সেনা যুজে একে জোপে।

হানে কাণ্ডা খাণ্ডা মহা প্ৰচণ্ড আটোপে।।১৭৪।।

মাদৱৰ সেনা অল্প ভৈলক পীড়িত।

দেখি মাধৱৰ আৰ নসহিল চিত্ত।।

সুৰাসুৰে পূজে যিটো সেনা মাধৱৰ।

তাৰ দুখ দেখি খেদি গৈলা দামোদৰ।।১৭৫।।

হয় হস্তী ৰথ পদাতিক নিৰন্তৰে।

বেঢ়ি কাটিবাক লৈলা মাধৱৰ শৰে।।

মত্ত হস্তীসৱৰ বেদিলা কুম্ভস্থল।

ঢলিয়া পৰিল যেন পৰ্ব্বত সচল।।১৭৬।।

ঘোটকৰ শিৰমানে কাটিলা ত্বৰিত।

গিৰিস গিৰিস কৰি পৰিল মহিত।।

কৃষ্ণৰ নিষ্ঠুৰ শৰ আতি বিপৰীত।

ৰথসৱ ভাঙ্গিয়া কৰিলা চূৰ্ণীকৃত।।১৭৭।।

ধ্বজ সমন্বিতে কাটি পেপ্লাইলা সাৰথি।

সেনাপতি পদাতিক কাটিলা বিগুটি।।

কৰ উৰু বাহু কাৰো কাটিলা স্কন্ধৰ।

ভকতৰ হৰিষ কৰাইলা দামোদৰ।।১৭৮।।

হয় হস্তী পদাতি ছেদিলা অসংখ্যাত।

তাৰ অঙ্গতেজে নদীগণ ভৈলা জাত।।

দশোদিশে বহি যায় চাহান নযায়।

কাটা হস্তীগণ ফুৰে ভুজঙ্গ পৰায়।।১৭৯।।

মনুষ্যৰ শিৰ ভৈল কচ্ছপৰ নয়।

অন্তৰ্দ্বীপ মাজে মাজে মৰা হস্তীচয়।।

মৰা হয় গ্ৰাহ ভৈল দেখন্তে বিশাল।

উৰু কৰে মৎস্য যেন কেশৰে শৈৱাল।।১৮০।।

ধনুগণে ঢউ ভৈল অস্ত্ৰে গুণচয়।

চৰ্ম্মচক্ৰে পাক ভৈল দেখি লাগে ভয়।।

নানা মণিগণ অসংখ্যাত অলঙ্কাৰ।

শিলা খোলা ভৈল তাক দেখি জাতিষ্কাৰ।।১৮১।।

প্ৰৱৰ্ত্তিল হেন শোণিতৰ নদীচয়।

ক্ষত্ৰিয়ৰ হৰিষ অন্যত্ৰৰ দেখি ভয়।।

কৃষ্ণৰ মহিমা মঞি কহিবো কতেক।

বলভদ্ৰ এহিমতে বধিলা অনেক।।১৮২।।

লাঙ্গলে আজুৰি আনি মাগধ সেনাক।।

মূষলৰ কোবো মাৰিলন্ত জাকে জাক।।

যাহাৰ বলৰ কেহো নজানে প্ৰমাণ।

মৰিয়া সকলো সেনা গৈল যমথান।।১৮৩।।

সাগৰ দুৰ্গম ভয়ঙ্কৰ দুস্তৰিত।

হেন মহাসেনা জৰাসন্ধৰ পালিত।।

বসুদেৱসুত ৰাম কৃষ্ণে সংহাৰিলা।

নুহিকৈ বিক্ৰম তাত লীলাসে কৰিলা।।১৮৪।।

আপোন লীলায়ে যিটো তিনিও ভুৱন।

স্ৰজন্ত পালন্ত সংহাৰন্ত নাৰায়ণ।

হেন কৃষ্ণে দুষ্টত বধস্ত কোন চিত্ৰ।

তথাপি বৰ্ণাইবো যাতো মনুষ্য চৰিত্ৰ।।১৮৫।।

অনন্তৰে বলোক যুজিলা জৰাসন্ধে।

মালবান্ধে নানা ছন্দে অনেক প্ৰবন্ধে।

মূষলৰ কোবে ৰামে ধনুক ভাঙ্গিলা।

সাৰথিক মাৰি ৰথ ঘোঁৰাক মাৰিলা।।১৮৬।।

ৰথ হত হৈল বীৰ হৰিলা প্ৰতাপ।

নাহি অস্ত্ৰ শস্ত্ৰ যেন দান্ত ভাঙ্গা সাপ।।

দেখি বলভদ্ৰে ধৰিলন্ত একে চাপে।

মহাসিংহে সিংহক ধৰিলা যেন জাম্পে।।১৮৭।।

পিঠিকড়া বান্ধে বান্ধিলন্ত নাগপাশে।

বধিবাক চান্ত দখিলন্ত হৃষীকেশে।।

পাচ কাৰ্য্য চিন্তিয়া বলোক দিলা হাক।

নামাৰিবা দাদা মেলি পঠায়ো ইহাক।।১৮৮।।

কৃষ্ণৰ বচন পালি মহা বলশালী।

বিগুটিয়া অনেক পঠাইলা বান্ধ মেলি।।

প্ৰাণ ৰাখি পঠাইলন্ত ৰাম বনমালী।

মহালাজ ভৈলা জৰাসন্ধ মহাবলী।।১৮৯।।

একেশ্বৰে গৃহক নগৈলা মহালাজে।

তপ কৰো বুলি সিটো গৈলা বনমাজে।।

পথত চলন্তে ৰাজাগণে লাগ পাই।

ধৰ্ম্ম উপদেশ তাক বুলিলা বুজাই।।১৯০।।

যেন পৰাভৱ কৰিলন্ত যদুগণে।

সুকৰ্ম্মৰ ফলে পাইল বাধিবেক কোনে।।

লক্ষেক ৰাজাৰ মাজে তুমি মহাৰজা।

সাজিয়া আসিলা তেইস অক্ষৌহিণী প্ৰজা।।১৯১।।

নিগুটি কৰিলা ৰাম কৃষ্ণ দুই ভাই।

তোহ্মাক কৰিলা যেন মৰাৰ বিলাই।।

এতেকে জানিবা আপোনাৰ কৰ্ম্মফল।

অৱশ্যে ভুঞ্জিবে লাগে নকৰা বিকল।।১৯২।।

নযাইবা বনক চলিয়োক নিজ ঘৰ।

পুনৰপি সাজি সাজি কৰোহো সমৰ।।

শুনি জৰাসন্ধে মিত্ৰগণৰ বচন।

আপুনাৰ নগৰক গৈলা দুখমন।।১৯৩।।

অনন্তৰে পৰম ঈশ্বৰ দেৱহৰি।

অৰিসৈন্য সাগৰক হেলায়ে নিস্তৰি।।

একগুটি সৈন্য নপৰিল আপোনাৰ।

নগৰক চলি গৈলা হৰিষ অপৰ।।১৯৪।।

অসংখ্যাত ধন পাইলা শত্ৰু সৈন্য মাৰি।

অনেক কটকে নিলা তাঙ্ক সাঙ্গি কৰি।।

কৱচ কুণ্ডল হাৰ কিৰীটি কঙ্কণ।

অসংখ্যাত ধনু শৰ খাণ্ডা বাৰুগণ।।১৯৫।।

আকাশত দেৱ মুনি পুষ্প বৰিষন্ত।

জয় জয় ৰাম কৃষ্ণ বুলি প্ৰশংসন্ত।।

মথুৰাবাসীৰ মহা চিন্তা দূৰ ভৈলা।

ৰঙ্গে ৰাম মাধৱক আগবাঢ়ি গৈলা।।১৯৯৬।।

নটে ভাটে স্তুতি বাণী ৰটয় অশেষ।

নটীগণে নৃত্য কৰে ধৰি নানা বেশ।।

মৃদঙ্গ গোমুখ শঙ্খ দুন্দুভি বজাৱে।

বীণা বাঁশী ভেৰী আদি কৰি বাদ্য বাৱে।।১৯৭।।

নগৰ পৈশন্ত দেৱ দৈৱকীনন্দন।

বৰ ৰঙ্গ ভৈলা তাক বৰ্ণাইবেক কোন।।

মথুৰা নগৰী সুমণ্ডিত নৰনাৰী।

চন্দনে লেপিয়া পথ আছে চিত্ৰ কৰি।।১৯৮।।

বিচিত্ৰ পতাকাগণে অলঙ্কৃত কৰি।

তোৰণ পুতিয়া আছে পুষ্প শাৰী শাৰী।।

ব্ৰাহ্মণৰ বেদধ্বনি শুনন্তে হৰিষ।

জয় জয় ৰামকৃষ্ণ শুনে দশোদিশ।।১৯৯।।

সুফল পল্লৱ ঘট ধৰি নাৰী গণে।

সিঞ্চে দধি দুৰ্ব্বাক্ষত কৃষ্ণক সঘন।।

প্ৰফুল্ল উজ্বল আতি আনন্দ কমল।

চাৱে ৰাম মাধৱৰ বদন নিৰ্ম্মল।।২০০।।

মাধৱে সৱাকে হাসি কটাক্ষে চাহিলা।

ভকতজনক মহা আনন্দক দিলা।।

অনন্তৰে পাইলা উগ্ৰসেনৰ আবাস।

দেখি উগ্ৰসেনে আতি কৰিলা আশ্বাস।।২০১।।

জৰাসন্ধ সেনা জিনি যত বিত্ত পইলা।

মহাৰাজ বুলি কৃষ্ণে সৱলে যোগাইলা।।

অনেক বীৰৰ অসংখ্যাত অলঙ্কাৰ।

ধনু খাণ্ডা বাৰুগণে পূৰিলা ভাণ্ডাৰ।।২০২।।

উগ্ৰসেনে কৃষ্ণক ধৰিলা বাহুমেলি।

আনন্দে অনেক প্ৰশংসিলা সাধু বুলি।।

তুমি দুই ভাই আজি কৰিলা নিস্তাৰ।

ইটো সৈন্য জিনিতে শকতি আছে কাৰ।।২০৩।।

অনন্তৰে ৰাম কৃষ্ণ গৈলা নিজ ঘৰ।

পৰম উৎসৱ ভৈলা যাদৱ প্ৰজাৰ।।

ভকতৰ বশ্য হেন দেখায়া লোতক।

ঈশ্বৰ কৃষ্ণৰ কথা কহিবোহো কত।।২০৪।।

এহিমতে জৰাসন্ধ সপ্তদশ বাৰ।

হাৰি হাৰি পুনু মাধৱক দিলা ধাৰ।।

তেইস অক্ষৌহিণী সেনা সাজি প্ৰতিজোপে।

যদুবংশ সেনা যুজে পৰম আটোপে।।২০৫।।

কৃষ্ণৰ পালিত যদুবংশ বীৰচয়।

কৃষ্ণ বিনে আন একো দেৱ নজানয়।।

জৰাসন্ধে সাজি সাজি নিলা সেনা যত।

লীলায়ে বধিলা মাধৱৰ প্ৰসাদত।।২০৬।।

নিঃশেষ কৰিয়া তাৰ সেনাক সংহৰি।

বিগুটিয়া মাধৱে পঠাইলা তাক এৰি।।

হাৰিলা সোতৰ বাৰ তভো নাই লাজ।

পুনৰপি যুদ্ধক কৰিলা সৱে সাজ।।২০৭।।

হেন সময়ত আৰো ভৈলা এক কাজ।

তাক কহো শুনা পৰীক্ষিত মহাৰাজ।।

গাৰ্গ হেন নামে এক ঋষি মহাচণ্ড।

সালক্ষণে নিন্দি তাক বুলিলেক ষাণ্ড।।২০৮।।

তহিতে আছন্তে শুনিলন্ত যদুগণে।

ষাণ্ড বুলি ঋষিক হাসিলা ঘনে ঘনে।।

শুনিয়া ঋষিৰ মহা ক্ৰোধ উপজিলা।

যাদৱত খঙ্গে শঙ্কৰক আৰাধিলা।।২০৯।।

পাইলা ইষ্ট বৰ তুষ্ট ভৈলন্ত শঙ্কৰ।

পুত্ৰ এক হৈৱে যদুকুলে ভয়ঙ্কৰ।।

ম্লেচ্ছৰাজা অপুত্ৰক যৱনৰ পতি।

তাঙ্ক লাগ পাই পাছে কৰিল ভকতি।।২১০।।

মোহোৰ ভাৰ্য্যাত ঋষি পুত্ৰ উপাৰ্জিয়ো।

পুত্ৰৱন্ত কৰি মোক নৰকে তাড়িয়ো।।

শুনিয়া গৰ্গৰ মনে উপজিলা হাস।

এৱেসে জানিলো যদুকুল ভৈলা নাশ।।২১১।।

কালযৱনেক নামে জগতে প্ৰখ্যাত।।

তাক ৰাজ্য দিয়া যৱনৰ অধিকাৰী।

তপোবনে গৈলা ৰাজ্যসুখ পৰিহৰি।।২১২।।

সেহি কালযৱন ভৈলেক মহাচণ্ড।

যুদ্ধ খুজি ফুৰে যেন উদয়াৰ ষাণ্ড।।

নাৰদে কহিলা পাছে সকলে তাহাত।

কৃষ্ণসমে যদুকুল আছে মথুৰাত।।২১৩।।

তান্তপৰে মনুষ্যত তোক নাহি সম।

মথুৰাক ধাৰে চল কৰিয়া বিক্ৰম।।

ঋষিৰ বচনে তিনি কোটি ম্লেচ্ছ লৈয়া।

কৃষ্ণৰ মথুৰাপুৰ বেঢ়িলেক গৈয়া।।২১৪।।

শুনা মহাজনসৱ মহাভাগৱত।

ব্ৰাহ্মণ জাতিৰ কোপ দেখা কেনমত।।

সিকালৰ ঋষিৰে নভৈল শান্তমতি।

আন ব্ৰাহ্মণৰ আৰ কি কৈবো সম্প্ৰতি।।২১৫।।

শাস্ত্ৰমাত্ৰ পঢ়েমানে বোলাৱে পণ্ডিত।

ৰাত্ৰিদিনে চাহে হৰি ভকতি খণ্ডিত।।

আনসৱ কাৰ্য্যৰ নকৰে কিছু শুদ্ধি।

মাধৱক নিন্দি আতি হত হৱে বুদ্ধি।।২১৬।।

বিস্তৰ লভিলে ভকতিক বোলে ভাল।

অধিক নপাইলে নিন্দা বোলে সেহিকাল।।

ধন জন মান্যকেসে লাগি শাস্ত্ৰ পঢ়ে।

যিটো মূল ধন তাক সৱে পৰিহৰে।।২১৭।।

আপুনি ঈশ্বৰে কহিছন্ত বহুবাৰ।

কোনসতে তান বাক্য কৰা অনাদৰ।।

কুকুৰকো মাৰি খায় সিটো অন্ত্যজাতি।

সিয়ো শ্ৰষ্ঠ হোৱে কৰি কৃষ্ণৰ ভকতি।।২১৮।।

দ্বিজ জাতি হুয়া যেৱে নকৰে ভকতি।

চাণ্ডালতো কৰিয়া সেহিসে আত্মঘাতী।।

হেন কথা শুনি এভো নিন্দে কোন কাজে।

হাণ্ডি বান্ধি গলত মৰোক গৈয়া লাজে।।২১৯।।

জীৱন্ততে মৰা যেন নাহিকে চেতন।

কৃষ্ণক এৰিয়া আন বস্তুক যতন।।

মইনা ভাটৌৱে যেন ভষাৱয় শাস্ত্ৰ।

যুগুতি বোলন্তে খঙ্গে গালি পৰে মাত্ৰ।।২২০।।

হেন ব্ৰাহ্মণত কিছু নুপুছিবা বোধ।

গালি পাৰিলেও তাক নকৰিবা ক্ৰোধ।।

আপোনাৰ দোষে নষ্ট হৈবন্ত আপুনি।

মৰাক মাৰিবা আৰ দেখি আছা কেনি।।২২১।।

অনন্ত কন্দলি কহে মাধৱৰ দাস।

কৃষ্ণৰ চৰণে মাত্ৰ কৰিয়ো বিশ্বাস।।

আপুনি ঈশ্বৰ হৰি কৰিবা নিস্তাৰ।

ডাকি হৰি বোলা হৌক পুৰুষ উদ্ধাৰ।।২২২।।

........................

।।কালযৱনৰ মথুৰা অৱৰোধঃ কৃষ্ণৰ দ্বাৰাকা নিৰ্ম্মাণ।।

।।দুলড়ী।।

 

কাল যবনেও          নগৰ বেঢ়িলা

দেখিলন্ত দামোদৰে।

বলভদ্ৰ সমে           হিত আলোচন্ত

ভকতক দয়াতৰে।।

দেখিয়োক দাদা             যাদৱ বংশৰ

দুইত হন্তে ভৈলা ভয়।

ই কালযৱন           আৰো জৰাসন্ধ

দুয়ো শত্ৰু আতিশয।।২২৩।।

তিনি কোটি ম্লেচ্ছ       বেঢ়িলে আহ্মাক

জানা বৰ ভৈলমন্দ।

আজিবা কালিবা             পৰশুই কিবা

সাজি আসে জৰাসন্ধ।।

সপ্তদশ তেইশ          অক্ষৌহিণী সেনা

মাৰিলো সোতৰবাৰ।

আৰোবা কতেক         সৈন্য সাজি আসে

নজানোহো দুৰাচাৰ।।২২৪।।

আমি দুই ভাই     ইহাক যুজন্তে

যদি আসে জৰাসুত।

বান্ধৱগণক            কাটি মাৰি যোনো

দুৰ্গতি কৰে বহুত।।

কিবা আসি বেঢ়ি        সবংশকে ধৰি

যোনো নেয় নিজৰাজ।

তেবেতো আহ্মাৰ        জীৱন ধিক্কাৰ

পাইবো আমি বৰ লাজ।।২২৫।।

হেন জানি আগে        ভকত ৰাখিত

কৰো আজি এক কাজ।।

মনুষ্য যেনেন          লঙ্ঘিতে নপাৰে

সাজিবো দুৰ্গম ৰাজ।।

বন্ধুগণ মানে      থৈয়া সেহি থানে

যৱনৰ লৈবো প্ৰাণ।

এহি আলোচিয়া         কমল নয়ন

চিন্তিলন্ত সেহি থান।।২২৬।।

বিশ্বকৰ্ম্মাক            আদেশ কৰিলা

সাজিয়ো মোৰ নগৰ।

সমুদ্ৰ মধ্যত           আতি মনোহৰ

সৰ্ব্বজন ৰুচিকৰ।।

কৃষ্ণৰ আদেশ        শিৰত ধৰিয়া

তেতিক্ষণে শিল্পীৰাজে।

দ্বাদশ যোজন         নগৰ নিৰ্ম্মিলা

অগাধ সাগৰ মাজে।।২২৭।।

নগৰক জুৰি         হা যত্ন কৰি

গড় দিলা ভয়ঙ্কৰ।

আছোক মানুষ         আন কাৰ বাপে

চাপিবে তাৰ ওচৰ।।

চাৰিখান দিব্য          দিলা সিংহদ্বাৰ

দেখিতে আতি বিৰিঙ্গ।

ফটিক কপাট      আকাশ লঙ্গিয়া

জ্বলে সুৱৰ্ণৰ শৃঙ্গ।।২২৮।।

বিশ্বকৰ্ম্মে যত     জানন্ত আপুনি

চিত্ৰ কৰ্ম্ম আছে মানে।

কৃষ্ণৰ ইঙ্গিতে      নিৰ্ম্মিলা সমস্তে

দেখি তাঙ্ক বিদ্যমানে।।

বহুত গৃহৰ       যেহেন মন্দিৰ

সেহিমতে বিৰচিলা।

হাটি খাঁৰিকৰি     অসংখ্যাত শাৰী

মণ্ডল যেন ঠেকিলা।।২২৯।।

ৰাজ পথ যত          ৰচিলা আগত

পাছে পাছে উপপথ।

আঙ্গিনা চোতাল         জ্বলে দুয়ো হাতে

দেখি পূৰে মনোৰথ।।

ফটিক কষটি      কাটি উচ্চ কৰি

গৃহৰ বান্ধিলা কান্থি।

ফটিকৰ স্তম্ভ           সুৱৰ্ণৰ কুম্ভ

মুকুতা লগাইলা গান্থি।।২৩০।।

নানা ৰত্নে চাইলা        মাণিক লগাইলা

ইন্দ্ৰনীলে নিলা বাৰ।

সুৱৰ্ণৰ ঘট       দিলা শাৰী শাৰী

জ্বলে আতি চমৎকাৰ।।

মৈৰা পাৰাৱত     নৃত্য কৰে তাত

গৃহৰ উপৰে পৰি।

ৰজতৰ শৃঙ্গ           দিলা দুই শাৰী

সাজি আতি ৰম্য কৰি।।২৩১।।

গৃহ ভূমি যত          মহা মৰকত

ঢালিয়া ভালে নিৰ্ম্মিলা।

হস্তী হয় শাল     ৰন্ধন মন্দিৰ

ভাৱে ভাৱে বিৰচিলা।।

ব্ৰাহ্মণ ক্ষত্ৰিয়          বৈশ্য শূদ্ৰ যত

সাজিলা সৱে মন্দিৰ।

সৱাৰে মাজত          ৰাজাৰ আৱাস

সাজিলা আতি ৰুচিৰ।।২৩২

ৰাম মাধৱৰ           মন্দিৰ সাজিলা

ত্ৰৈলোক্যত মনোহৰ।

সুমৰণে যাক          পাতেক খণ্ডয়

নাহি যাৰ পটন্তৰ।।

সুৰ তৰুগণ           দিব্য উপবন

নিৰ্ম্মিলন্ত কোলে কোল।।

ৰম্য সৰোৱৰ          পুষ্পিত কমলে

ভ্ৰমৰে কৰয় ৰোল।।২৩৩।।

..............................

।।ছবি।।

হেনয় দ্বাৰকাপুৰী        সজাইলা ঈশ্বৰ হৰি

শুনিলা সকলে দেৱগণে।

যত যিবা বস্তু আছে     সৱে নিয়া পঠাইলন্ত

প্ৰণামিয়া কৃষ্ণৰ চৰণে।।

সুধৰ্ম্মা সভাক ইন্দ্ৰে      প্ৰথমে দিলন্ত জানি

আৰো মহা পুষ্প পাৰিজাত।

সি সভাত থাকি নৰে     ক্ষুধা তৃষ্ণা নজানয়

নাহি জৰা মৰণ বিঘাত।।২৩৪।।

একখান কৰ্ণ শ্যাম       সৰ্ব্বশুক্ল মনোৰম

অসংখ্যাত ঘোৰা মনোজয়।

আপুনি বৰুণে জানি      ৰঙ্গে দিয়া পঠাইলন্ত

কৰি আতি অনেক বিনয়।।

নিধপতি কুবেৰেও       অষ্টনিধি পঠাইলন্ত

পদ্ম মহাপদ্ম আদি কৰি।।

ধনে ধান্যে একেতিলে     পূৰ্ণ ভৈল মহাৰত্ন

মাধৱৰ দ্বাৰাক নগৰী।।২৩৫।।

আনো যেন সিদ্ধ সাধ্য    যাক যেন অধিকাৰ

দিয়াছন্ত আপুনি মুৰাৰি।।

সেহি সেহি বস্তু আনি     কৃষ্ণক অৰ্পিলা জানি

অনেক ভকতি স্তুতি কৰি।।

যোগেশ্বৰ হৰি পাছে      মথুৰাত যত আছে

আপোন ভকত নৰনাৰী।

সমস্তক যোগবলে        নিয়া প্ৰভু একতিলে

থৈলা সেহি দ্বাৰকা নগৰী।।২৩৬।।

কেনমতে আমি ভৈলো     ইবা কোন দেশ হেন

তাক নাজানিলা একোজনে।

মহাৰত্ন হৰি আসি       বলোক বুলিলা হাসি

দাদা তুমি থাকা এহি ঠাই।

ৰাখিবাহা নগৰক        মঞি কালযৱনক

উপায়ে সংহৰি আহো যাই।।২৩৭।।

বলভদ্ৰে হাস্য কৰি বোলন্ত চলিও হৰি

আহ্মাত লাগিল ইটো কাজ।

হেন শুনি বনমালী       একেশ্বৰ যান্ত চলি

ভৈলা সিংহদুৱাৰৰ বাজ।।

তেজি নিজ অস্ত্ৰ শস্ত্ৰ      কটিত বান্ধিয়া বস্ত্ৰ

শুধা হাতে যান্ত ভূমিপাৱে।

গলে দোলে বনমালা      মুখে জ্বলে শশীকলা

পৰম মোহন ভঙ্গীভাৱে।।২৩৮।।

শুনা শুদ্ধ বুদ্ধগণ       কৃষ্ণৰ চৰিত্ৰ যেন

তাক কোনে কহি পাৱে সীমা।

সাগৰে নগৰ হোৱে      পাপীও বৈকুণ্ঠ পাৱে

হেন তান আশ্চৰ্য্য মহিমা।।

অদ্ভুতৰো অদভুত       ইটো দৈৱকীৰ সুত

জানি আত তেজিও সংশয়।

যাৰ এক নাম ডাকি     সকলে পূণ্যক পাৱে

নিখিল পাতক কৰি ক্ষয়।।২৩৯।।

তাহাৰ কথাত যিটো      শুনিয়া আদৰ তেজে

তাহান সমান নাই পাপী।

হেন জানি মুকুন্দৰ       গুণ নাম মনোহৰ

হৃদয়ত ধৰা আক চাপি।।

কৃষ্ণসে পৰম ইষ্ট      জানা তাক নিষ্ঠে নিষ্ঠ

আন সৱে তেজা তত্ত্বকাম।

অন্ত কন্দলি  ভণে       গতি নাহি কৃষ্ণ বিনে

নিৰন্তৰে বোলা ৰাম ৰাম।।২৪০।।

........................

 

।।কৃষ্ণৰ দ্বাৰা ছলেৰে কালযৱন বধ।।

                    ।।পদ।।

শুক নিগদতি পৰিক্ষীত হৰি দাস।

শুনা কালযৱন যিমতে ভৈল নাশ।।

হিংসদুৱাৰৰ হন্তে বজাইলা মুৰাৰি

দেখিয়া যৱনে চাই আছে দৃষ্টি ভৰি।।২৪১।।

পূৰ্ণ চন্দ্ৰ উঠি যেন আসে ধীৰে ধীৰ।

পৰম সুন্দৰ আতি শ্যামল শৰীৰ।।

তাতে পীত বস্ত্ৰে আতি কৰয় দীপিতি।

বক্ষস্থলে জ্বলে আতি শ্ৰীবৎস পঙ্কতি।।২৪২।।

কণ্ঠত কৌস্তুত জ্বলে সূৰ্যৰ মণ্ডল।

ললিত বলিত চাৰু ভুজ সুকুমল।।

অভিনৱ পদ্মসৱ অৰুণ লোচন।

চন্দ্ৰতো অধিক জ্বলে কমল বদন।।২৪৩।।

চতুৰ্ভুজ বনমালী কমল লোচন।

পৰম সুন্দৰ তনু শ্ৰীবৎসলাঞ্ছন।।

নাৰদে কহিলা যেন ঠান বাসুদেৱ।

এহিগোট হুইবে পাৰে আন নাহি কেৱ।।২৪৪।।

অস্ত নাহি দেখো ইটো আসে ভূমি পাৱে।

ময়ো আক যুজো অস্ত্ৰ তেজি সেহি বাৱে।।

হেনয় নিশ্চয় কৰি দাৰুণ যৱনে।

মাধৱক ধাই গৈলা যুজিবাক মনে।।২৪৫।।

দেকি কৃষ্ণ লৱৰ দিলেক সেহি ছেগে।

পাছত যৱনে খেদি যায় মহাৰাগে।।

যোগীজনে চিন্তি যাক নপাৱয় লাগ।

হেন ঈশ্বৰক খেদি যায় মন্দভাগ।।২৪৬।।

হাত মেলি পাৱে যেন পলান্ত মাধৱ।

পাইলো পাইলো বুলি খেদি যায় পাৱে পাৱ।।

অনেক দূৰত আছে এক গিৰিবৰ।

তাকে লাগি সম্মুখে পলান্ত দামোদৰ।।২৪৭।।

যায় কালযৱন পাছত ভৰি ভৰি।

বিস্তৰ দূৰৰ পথ নিলন্ত মুৰাৰি।।

কৃষ্ণক খেদন্তে সিটো গৈলেক ভাগৰি।

যাইবাক নপাৰি সিয়ো মাতে গালি পাৰি।।২৪৮।।

ৰহ ৰহ কৃষ্ণ অৰে কিসক পলাস।

শুনি তোক লোকে কৰিবেক উপহাস।।

যাদৱ বংশত হুয়া আছ উতপিত।

পলাইবাক লাগি তোৰ নুহিকে যুগুতি।।২৪৯।।

এহি বুলি যৱনে পাছত খেদি যায়।

দেখা দিয়া তাক চলি যান্ত যদুৰায়।।

নপাইলেক লাগ তাৰ আছে পাপ বন্ধ।

পৰ্ব্বতৰ গহ্বৰ পশিলা সদানন্দ।।২৫০।।

সিও সেহি শীঘ্ৰেবেগে পশিলা গহ্বৰ।

দেখিলেক তথা শুতি আছে এক নৰ।।

বোলে কালযৱনে বুজিলো তযু কাজ।

এতেক দূৰত মোক আনিলি নিলাজ।।২৫১।।

পলাইবে নপাৰি ঘোৰ গহ্বৰে পশিলি।

ছলে সাধু বেশ ধৰি শয়ন কৰিলি।।

এহি বুলি দুষ্টে তাঙ্ক কৃষ্ণবুদ্ধি মানি।

হৃদয়ত লাথি তাৰ বৈসাইলেক টানি।।২৫২।।

শয়ন কৰিয়া শুতি আছে চিৰকাল।

চোট পাই উঠিয়া বসিলা সেহি কাল।।

অল্প অল্প কৰি পাছে মেলিলেক আখি।

দিশ পাশ আগ পাছ চাহন্ত নিৰেখি।।২৫৩।।

পাছে কালযৱন আগতে ভেট পাইলা।

এহিসে জগাইলা বুলি ক্ৰোধ দৃষ্টি চাইলা।।

চাহিলা মাত্ৰকে তাৰ অগ্নি লাগি গৈল।

আপুনি অগ্নিতে তেতিক্ষণে ভস্ম ভৈল।।২৫৪।।

হেন শুনি ঋষিত পুছন্ত পৰীক্ষিত।

কহিয়োক গুৰু কথা ভৈল বিপৰীত।।

চাহিলা মাত্ৰকে ভস্ম ভৈলেক যৱন।

কিনো মহাতেজ তান সিটো কোন জন।।২৫৫।।

কাহাৰ নন্দন কোন বংশে উতপন্ন।

কিবা নাম তাহাৰ কহিয়ো তপোধন।।

চিৰকাল একেশ্বৰে গহ্বৰৰ মাজে।

শয়ন কৰিয়া তাত আছে কোন কাজে।।২৫৬।।

শুকমুনি বদতি শুনিয়ো মহামতি।

ইক্ষ্বাকু বংশত সিটো ভৈলা উতপতি।।

মান্ধাতাৰ পুত্ৰ তান মুচুকুন্দ নাম।

বিপ্ৰত ভকত সত্যবাদী অনুপাম।।২৫৭।।

মহাৰাজা আছিলেক এই পৃথিৱীৰ।

ত্ৰৈলোকে প্ৰখ্যাত মুচুকুন্দ মহাবীৰ।।

অসুৰৰ ভয়ে ইন্দ্ৰ আদি দেৱ যত।

তাহান্তে শৰণ সৱে লৈলেক সমস্ত।।২৫৮।।

অসুৰক ভয়ে আসি সৱে দেৱগণ।

মহাৰাজা চুমুকুন্দ কৰিয়ো ৰক্ষণ।।

দেৱৰ বিনয়ে ৰাজা ভৈলা স্বৰ্গপাল।

একেশ্বৰে দেৱক ৰাখিলা চিৰকাল।।২৫৯।।

মহা ৰাজ্যভোগ ভাৰ্যা পুত্ৰ পৰিহৰি।

একেশ্বৰে দেৱক ৰাখিলা নিদ্ৰা এৰি।।

কাৰ্ত্তিকক দৱে যেৱে সেনাপতি পাইলা।

তেৱে দেৱগণে মুচুকুন্দক বুলিলা।।২৬০।।

নিৱৰ্ত্তিয়ো ৰাজা এৱে পৰম দুখৰ।

কৰিয়ো বিশ্ৰাম কাৰ্য্য সাধিলা দুষ্কৰ।।

সাৰ্ব্বভৌম ৰাজ্যসুখ ভাৰ্য্যাক নাদৰি।

আমাকেসে ৰাখিলা নিদ্ৰাক পৰিহৰি।।২৬১।।

পুত্ৰ ভাৰ্য্যা মিত্ৰ যত অলেখ ভাণ্ডাৰ।

এৱে পৃথিৱীত কিছু নাহিকে তোহ্মাৰ।।

জোনো বোলা মোৰ ৰাজ্য নিলে কোনজনে।

কাল যাক বুলি তেহে নিলা নানা থানে।।২৬২।।

সাক্ষাতে ঈশ্বৰ কাল অক্ষয় অব্যয়।

লীলা কৰি সমস্তকে স্ৰজয় পালয়।।

জগতক ছানিয়া ফুৰাৱে সেই কালে।

যেন নাক বিন্ধা গৰু ফুৰাৱে গুৱালে।।২৬৩।।

হেন জানি তাক ৰাজা নকৰা বিষাদ।

সৱে দেৱগণে হেৰা কৰো আশীৰ্ব্বাদ।।

মহাসিদ্ধি হৌক আৱে মাগিয়োক বৰ।

মুকুতিক পৰে যেহি লাগে নৰেশ্বৰ।।২৬৪।।

মুকুতিৰ অধিকাৰ একে কৃষ্ণদেৱ।

মহামোক্ষদাতা তান্ত পৰে নাহি কেৱ।।

হেন শুনি মুচুকুন্দে বুলিলেক হাসি।

প্ৰণামিয়া দেৱক বিনাৱে মহাযশী।।২৬৫।।

মুকুতি নপাইলে আন বৰ কোন কাজ।

ব্ৰহ্মপদ বাঞ্ছিবাক মোৰ লাগে লাজ।।

নিদ্ৰা নতু পাঞো মঞি মহা চিৰকাল।

সুখে নিদ্ৰা কৰি থাকো সেহি মোৰ ভাল।।২৬৬।।

দেৱগণে বোলন্ত শুনিও মহীপাল।

সুখে নিদ্ৰা কৰি তুমি থাকা চিৰকাল।।

তোহ্মাক নিদ্ৰাত জগাৱয় যিবা জনে।

তযু দৰশনে ভস্ম হৈবেক তেখনে।।২৬৭।।

হেন শুনি মুচুকুন্দ ভৈলা ৰঙ্গমন।

পৰ্ব্বতৰ গুহা পশি কৰিলা শয়ন।।

নজানি জগাইলা তাক দুৰ্জ্জয় যৱনে।

চাহিল মাত্ৰকে ভস্ম হৈল এহি গুণে।।২৬৮।।

দুৰ্ব্বাৰ যৱন যেৱে গৈল যমঘৰ।

শুনা পাছে যেন কৰিলন্ত দামোদৰ।।

পৰম ভকত মুচুকুন্দ হেন জানি।

নিজ ৰূপে দেখা পাছে দিলা চক্ৰপাণি।।২৬৯।।

শুনা মহাজন সৱে ভাগৱত শাস্ত্ৰ।

নাই লম্ভা আত নিৰন্তৰে সাৰ মাত্ৰ।।

শ্ৰৱণতে পাৱে মহা ভুকুতি মুকুতি।

কৃষ্ণৰ চৰণে হৱে অচলা ভকতি।।২৭০।।

দেখা কেন ভকতবৎসল দেৱ হৰি।

আপুনি ফুৰন্ত ভকতক ৰক্ষা কৰি।।

ছলে বলে দুৰ্জ্জনক মাৰন্ত আফুনি।

হেন দেৱ নভজয় তত্ত্বক নজানি।।২৭১।।

শ্ৰৱণ কীৰ্ত্তনে যাৰ পৰম সন্তোষ।

নধৰন্ত যিটো ভকতৰ কিছু দোষ।।

অল্প ভকতিক যিটো কৰন্ত বিপুল।

কোন দেৱ হৈৱে পাৰে মাধৱক তুল।।২৭২।।

পুতনা ৰাক্ষসী যাক মাৰিবাক বুলি।

দিলা কালকুট বিষস্তন মুখে তুলি।।

তভো মোক্ষ পাইল আৰ কি কৈবো কথাক।

হেন কৃষ্ণনিধি বিনে ভজিবা কাহাক।।২৭৩।।

কৃষ্ণৰ দাসৰ দাস অনন্ত কন্দলি।

কহে মহাভাগৱত পুৰাণ আকলি।।

হৰিৰ চৰণে যাৰ আছে মহাকাম।

আন চিন্তা এৰি বেঢ়ি বোলা ৰাম ৰাম।।২৭৪।।

.......................

 

।।মুচুকুন্দৰ কৃষ্ণ দৰ্শন।।

।।ছবি।।

মুচুকুন্দ মহাৰায়        দখিলন্ত সেহি ঠাই

আছা মহাপুৰুষ শোভন।

চৰণে নূপুৰ মণি        বাজে ৰুণঝুণ শুনি

আগে আসিল ভৈলা উপসন্ন।।

শৰীৰৰ প্ৰভা লাগি       তিৰিমিৰ কৰে আখি

প্ৰবন্ধে চাহন্ত দৃষ্টিভৰি।

ঘন নীলা কলেৱৰ       মহা পীতবস্ত্ৰধৰ

ললিত বলিত ভুজ চাৰি।।২৭৫।।

হৃদয়ে শ্ৰীবৎস জ্বলে   কৌস্তুভ প্ৰকাশে গলে

কটিতটে ৰত্নৰ মেখলা।

কিৰীটি কুণ্ডল হাৰ     কৰে আতি জাতিষ্কাৰ

আজানুলম্বিত বনমালা।।

মুখে জ্বলে পূৰ্ণশশী       প্ৰকাশে ঈষত হাসি

উন্নত বহল বক্ষস্থল।

মত্ত সিংহ পৰাক্ৰম       সৰ্ব্বজন মনোৰম

নেত্ৰ দুই প্ৰফুল্লকমল।।২৭৬।।

নৃপতিৰ মুখ চাই        ঈষত কটাক্ষ কৰি

হসিত বদনে চান্ত ঘনে।

মুচকুন্দ মহাতুষ্টি        চাহি আচা একদৃষ্টি

পৰম শঙ্কিত হুয়া মনে।।

কতোক্ষণ তম্ভি আছি     মুচুকুন্দ মহামতি

কৃষ্ণতেজে ব্যাপিল শৰীৰ।

সঙ্কোচিত কৰি কায়      কৃষ্ণৰ চৰণ চাই

পুছিবে লাগিলা ধীৰে ধীৰ।।২৭৭।।

তুমি কোন মহাযশী      পৰ্ব্বত গহ্বৰে পশি

আতি ঘন কণ্টক গহনে।

পদ্মপত্ৰ সম ভৰি        ফুৰা আত কেন কৰি

দেখিয়া নসহে মোৰ মনে।।

তেজস্বীৰ মধ্যে তুমি      কিবা অগ্নি সূৰ্য্য শশী

কিবা তুমি ইন্দ্ৰ দেৱৰাজ।

কিবা আনো লোকপাল     কৰিবে নপাৰো সাৰ

কেনে ফুৰা পৰ্ব্বতৰ মাজত।।২৭৮

ব্ৰহ্মা বিষ্ণু মহেশ্বৰ     তিনি দেৱ শ্ৰেষ্ঠতৰ

শুনি আছো ঋষিৰ মুখত।

তিনিৰ মধ্যত তুমি      পৰম ঈশ্বৰ হৰি

লৱে হেন মোহোৰ মনত।।

জানো ইটো গহ্বৰৰ       অন্ধকাৰ ঘোৰতৰ

আপোন কান্তিয়ে দূৰ কৰি।

প্ৰদীপ পৰম তুমি     প্ৰকাশন্তে আছা স্বামি

এতেকে জানিলো তুমি হৰি।।২৭৯।।

তযু জন্ম কৰ্ম্ম নাম   শুনিবাক অভিৰাম

আছে শ্ৰদ্ধা মোহোৰ মনত।

এতেকেসে পুছো স্বামী    যেৱে যোগ্য হঞো আমি

তেৱে কহিয়োক স্বৰূপত।।

আহ্মাক জানিবা স্বামি     ঈক্ষ্বাকু বংশত আমি

মান্ধাতাত হন্তে ভৈলো জাত।

ক্ষত্ৰিয়ৰ ধৰ্ম্মধৰি        পালিলোহো বসু্ন্ধৰী

মুচুকুন্দ নাম মোৰ খ্যাত।।২৮০।।

চিৰকাল উজাগৰে     আছিলো দেৱক ৰাখি

নিদ্ৰায়ে পীড়িলে ইন্দ্ৰিগণ।

এতেকেসে চিৰকাল    শুতি আছো মোক আৱে

নজানো জগাইল কোন জন।।

সিয়ো ভস্ম ভৈল হেৰা    দৰশন মাত্ৰে মোৰ

আপোন দেহাৰ অগ্নি লাগি।

পৰম শ্ৰীমন্ত তুমি     অন্নতৰে আসি ভৈলা

দেখিলোহো মঞি পূণ্যভাগী।।২৮১।।

তযু মহাকান্তি লাগি     নিষ্প্ৰভ ভৈলোহো আতি

পুছিবাক নপাৰো বিস্তৰ।

অনুমানে জানো স্বামি     পৰম ঈশ্ৰ তুমি

তুমি মহা পূজ্য জগতৰ।।২৮২।।

................

।।দুলড়ী।।

ৰাজাৰ বচন      শুনি হেন ঠান

ভকত বৎসল হৰি।

মেঘৰ গৰ্জ্জনে      গম্ভীৰ বচনে

মাতিলন্ত হাস্য কৰি।।

বোলন্ত গোৱিন্দ         শুনা মুচুকুন্দ

পুছিলাহা অনুপাম।

কিন্তু জানা মোৰ        আছে অসংখ্যাত

গুণ কৰ্ম্ম জন্ম নাম।।২৮৩।।

এতকতে সংখ্যা         কহি কৰিবেক

মোহোৰ নাহি শকতি।

যিহেতু অনন্ত      কোনে পাৱে অন্ত

শুনা আৰো নৰপতি।।

বহুজন্ম ধৰি      পৃথিৱীৰ ধূলি

দিবাক পাৰে গণিত।

মোৰ গুণনামে     জানিবাক তভো

নপাৰিবে কদাচিত।।২৮৪।।

তিনিয়ো কালত         আছে জানা মোৰ

গুণ নাম অপৰ্য্যন্ত।

শুনিয়া পঢ়িয়া     মহা ঋষিগণ

নতো পাৱে তাৰ অন্ত।।

তভো ই জন্মৰ         শুনা নৰেশ্বৰ

কহো মঞি গুণ নাম।

ব্ৰহ্মায়ে পাৰ্থিল     ধৰ্ম্মক ৰাখিত

দেৱৰো সাধিতে কাম।।২৮৫।।

ভকত পালিতে         অসুৰ নাশিতে

খণ্ডিবে ভূমিৰ ভাৰ।

যদুবংশে আসি     বসুদেৱ গৃহে

ভৈলো মঞি অৱতাৰ।।

বসুদেৱ পুত্ৰ       ভৈলো যাতো মঞি

ভকতিৰ অধীনত।

আতেসে পণ্ডিতে         বাসুদেৱ বুলি

কহন্ত মোক সতত।।২৮৬।।

কংস কেশী বক        প্ৰলম্বক আদি

বধিলো বিপক্ষগণ।

তযু পাশে আনি        মঞিতো দহিলো

এহিটো কালযৱন।।

তোহ্মাক দায়ায়ে        ইটো  গহ্বৰক

আসিলো জানিবা মঞি।

পূৰ্ব্ব জনমত      অনেক ভকতি

কৰিয়া আছস তই।।২৮৭।।

ভকত বৎসল     মোহোৰ প্ৰসিদ্ধ

আসি ভৈলো এহি গুণি।

যত লাগে বৰ     লৈয়ো নৰেশ্বৰ

সৱে দিবো তোক জানি।।

যেহি সেহি জানা        ভজিলে আহ্মাক

সৰ্ব্বকালে পূৰ্ণ হুই।

অসম্পূৰ্ণ বুলি      পুনু তাৰ শোক

কৰিবে উচিত নুই।।২৮৮।।

হেন জানি আন        দেৱতাৰ মত

নেদেখিবা মোক তুমি।

যত লাগে বৰ     সমস্তে দিবোহো

লক্ষ্মীৰো ঈশ্বৰ আমি।।

এতেকে বচন      শুনি মুচুকুন্দ

ভৈল আতি ৰঙ্গমন।

জানিলো সাক্ষাতে   ত্ৰৈলোক্য ঈশ্বৰ

এহেন্তেসে নাৰায়ণ।।২৮৯।।

গৰ্গঋষি তান্ত      কহিয়া আছন্ত

সাতাইশ যুগ আছন্তে।

যদুবংশে কৃষ্ণ          হৈবা অৱতাৰ

দ্বাপৰ যুগৰ অন্তে।।

সেহি কথা আসি        মনত পৰিল

কৃষ্ণক পাইলোহো লাগ।

প্ৰেম গৈলা চড়ি         দণ্দৱতে পৰি

প্ৰণামিলা মহাভাগ।।২৯০।।

চৰণৰ ধূলি       শিৰে লৈলা তুলি

হিয়ে কৃতাঞ্জলি ধৰি।

পাছে মহামতি     আৰম্বিলা স্তুতি

বিষয়ত খেদ কৰি।।২৯১।।

..........................

 

।।মুচুকুন্দৰ স্তুতি।।

।।ছবি।।

 

হে প্ৰভু নাৰায়ণ        ইটো নৰ নাৰীগণ

ভৈলা তযু মায়ায়ে মোহিত।

তুমি হেন বান্ধৱক       এতেকেসে নভজয়

মিছা কৰ্ম্মতেসে কৰে চিত্ত।।

কিন্তু আৰ অন্যোঅন্যে     আপোনাক বঞ্চি মৰে

মোৰ ভাৰ্য্যা মোৰ স্বামী বুলি।

দুখময় গৃহতেসে         সুখক আশায়ে থাকে

নুসুমৰে তোহ্মাক সমূলি।।২৯২।।

শূকৰ কুকুৰ আদি       জন্মতো বিষয় সুখ

পাৱে আত দেখিয় সাক্ষাত।

তোহ্মাৰ ভজন কিন্তু     মনুষ্য জন্মত বিনে

অন্যত্ৰ জন্মত নাহি জাত।।

হেন নৰতনু ইটো       ভাৰত ভূমিত পায়া

নাহি একো ইন্দ্ৰিয় বিকল।

তভো যিটো মূঢ় নৰে    তুমি প্ৰাণ ঈশ্বৰৰ

নভজয় চৰণ কমল।।২৯৩।।

গৃহ অন্ধকূপ পাই        পৰি তাতে সমূদায়

ৰাতি দিনে মৰে চিন্তা কৰি।

তৃণলোভে পশু যেন     মহা অন্ধকূপে পৰি

আপোনাৰ দোষে যায় মৰি।।

এসম্বাৰ ইটো গতি       কেৱলে নুহিকে প্ৰভু

মোৰ কিবা হৈৱে এহি গতি।

অসংখ্যাত আয়ু মোৰ   সকলো বিফলে গৈল

নকৰিলো তোহ্মাত ভকতি।।২৯৪।।

মহা ৰঙ্গে মদগৰ্ব্বে    অন্ধ কৰিলেক মোক

দেহাকো মানিলো আত্মা কৰি।

পুত্ৰ ভাৰ্য্যা ধন মাত্ৰ    স্বপনতো চিন্তিলোহো

দুস্তৰ চিন্তাৰ মাজে পৰি।।

এহি তুচ্ছ কলেৱৰ     গৃহবাস নিৰন্তৰ

নৰদেৱ মানি আপুনাক।

চতুৰঙ্গ দোলে জুৰি      পৰ্য্যাটিলো বসুন্ধৰী

নকৰিলো কটাক্ষ তোহ্মাক।।২৯৫।।

যি পুনু প্ৰমত্ত হুয়া     তোহ্মাক অন্তক বুলি

নগণিয়া ফুৰে নিজসুখে।

নানা ক্ৰীড়া কৰিবাক     চিন্তা কৰি মৰে মাত্ৰ

বিষয়ক লাগি অধোমুখে।।

তুমি অপ্ৰমত্ত হুয়া      মাৰা তাক ছিদ্ৰ চায়া

কৈত এৰাইবেক তাৰ বাপে।

লহ লহ জিহ্বা কৰি    ইন্দুৰক চুম্পি ধৰি

একেতিলে মাৰে যেন সাপে।।২৯৬।।

আগে হেমময় ৰথে    চড়ি মত্ত গজস্কন্ধে

ফুৰে যত নৃপতি বোলাই।

কালৰূপে তুমি পাইলে   সিও দেহা একতিলে

হৱে কতো বিষ্ঠা পলু ছাই।।

কি কৈবো শুনন্তে লাজ    অভকত ৰাজা যত

নাৰীৰ অধীন সমুদায়।

তযু গুণ নাম যশ       চিত্তত নভৈল যাৰ

ধিক তাৰ যশ মুনিষাই।।২৯৭।।

দশো দিশ জিনি আশি   সিংহাসনে থাকে বসি

সামৰাজে বন্দে যাৰ পাৱে।

গৃহত শৃঙ্গাৰসুখে         নাৰীয়ে জিনিয়া তাক

বানৰক যেন নচুৱাৱে।।

যত তপ জপ কৰে   দান পূণ্য আচৰয়

ফলকে বাঞ্ছয় দিনে ৰাতি।

ইন্দ্ৰ হৈবো স্বৰ্গে গৈয়া     পুনু আসি উপজিয়া

হৈবো চক্ৰৱৰ্ত্তী নৰপতি।।২৯৮।।

আনৰ সম্পদ দেখি     মৰে যেন চক্ষু পুৰি

যত আশা সৱে কৰে নষ্ট।

তোহ্মাত বিমুখ ভৈলে    একো আত সুখ নাই

মিছা মাত্ৰ কৰে যত কষ্ট।।

তযু অনুগ্ৰহে যাৰ     সংসাৰত ভ্ৰমিবাৰ

অৱসান কাল বৈল যেৱে।

মুকুতিৰ মহাদ্বাৰ      তযু পদ ভকতৰ

সঙ্গক পাৱয় সিটো তেৱে।।২৯৯।।

সাধুসঙ্গ ভৈল যেৱে     তুমি ঈশ্বৰত তেৱে

মিলে তাৰ একান্ত ভকতি।

ভকতি মিলয় যেৱে     সুকৃতি পাইলেক তেৱে

নিস্তৰিলে সকলে দুৰ্গতি।।

ইটো কৃপা প্ৰভু মোক    তুমিসে কৰিলা জানা

ৰাজ্যভাৰ গুচিল আপোনে।

মহাৰাজাগণে যাক     বাঞ্ছা কৰে এৰিবাক

কেতিয়া চলিবো তপোবনে।।৩০০।।

আউৰ মঞি একো বৰ    নবাঞ্ছোহো প্ৰাণেশ্বৰ

তোহ্মাৰ চৰণ সেৱা বিনে।

মহা মুকুতিৰ দাতা      তোহ্মাক নাৰাধি আন

বন্ধন বৰক লৈৱে কোনে।।

হেন জানি গুণময়     সুখ ভোগ আছে যত

সমস্তে তেজিলো নাৰায়ণ।

নিৰ্গুণ পুৰুষ ব্ৰহ্ম     জ্ঞান ঘন নিৰঞ্জন।

তোহ্মাতেসে পশিলো শৰণ।।৩০১।।

.................

 

।।দুলড়ী।।

ৰাজ্যভোগ ভুঞ্জি           বিলম্ব নকৰ

বোলন্ত পুনু মুৰাৰি।

হাততে মুকুতি          লভিবি সম্প্ৰতি

বধিবে কেহো নপাৰি।।

শুনি মুচুকুন্দে          পুনু দণ্ডৱতে

পৰিলা মিনতি কৰি।

চৰণত ধৰি           কাকূতি বোলন্ত

ৰাখা ৰাখা মোক হৰি।।৩০২।।

ইটো সংসাৰক     ভয় লাগে মোৰ

পৰম দুখ সুমৰি।

আউৰ বিষয়ক         নিদিবাহা মোক

ঐ প্ৰাণনাত হৰি।।

নিজ কৰ্মফল      নিহলে বান্ধিলা

সদায় নুগুচে তাপ।

ইন্দ্ৰিয় শত্ৰুয়ে     নিকাৰ ভুঞ্জাৱৈ

নিস্তাৰিয়ো জগবাপ।।৩০৩।।

অভয় অমৃত          শোক বিৰহিত

তোহ্মাৰ পৰ কমল

ইহাতে শৰণ      লৈলো নাৰায়ণ

নকৰা আউৰ বিফল।

হেনয় কাকূতি          কৰি মুচুকুন্দে

কৃষ্ণক প্ৰণামি আছে।

ভকত ৰঞ্জন           দেৱ নিৰঞ্জন

ৰাজাক মাতিলা পাছে।।৩০৪।।

শুনা সভাসদ          হুয়া নিশবদ

পূণ্য পদ ভাগৱত।

কৃষ্ণ বিনে আন        নাহি পৰিত্ৰাণ

জানা ইটো সংসাৰত।।

যত সুখ ভোগ     কিছু সাৰ নাই।

শুনা এহি শাস্ত্ৰ মুখে।

কৃষ্ণ নাম মাত্ৰ         হৃদয়ত বান্ধি

সংসাৰ তড়িয়ো সুখে।।৩০৫।।

ভাৰত ভূমিত     মনুষ্য জনম

আৰো মহাহৰি নাম।

মহাভাগ্যে আসি         দুৰ্ল্লভ মিলিল

নকৰা নৰে বিৰাম।।

হেন জানি যিটো        কৃষ্ণক নভজে

সিজনো মৰে আপুনে।

তেজি আন কাম        বোলা ৰাম ৰাম

অনন্ত কন্দলি ভণে।।৩০৬।।

....................

 

   ।।জৰাসন্ধৰ ব্যৰ্থ আক্ৰমণ।।

              ।।পদ।।

 

মাতন্ত মাধৱ নৃপতিক চাই হাসি।

শুনা চক্ৰৱৰ্ত্তী মহাৰাজ মহাযসী।।

জানিলো বিমল মতি ভৈলেক তোহ্মাৰ।

মঞি বিনে আনক নেদেখা কিছু সাৰ।।৩০৭।।

সৰ্ব্ব বৰ দিবোহো বুলিলো বাৰে বাৰ।

হেনয় লোভত মতি নভৈল তোহ্মাৰ।।

সৱাকে তেজিয়া তুমি বাঞ্ছিলা ভকতি।

ধন্য ধন্য ৰাজা মুচুকুন্দ মহামতি।।৩০৮।।

বৰ দিবে চাহিলো তোহ্মাক দায়া ভাৱে।

নলৈলা বৰক তুমি ভকতিৰ ভাৱে।

মোত এক ভকতি কৰয় যিটো নৰে।

কোটি ঐশ্বৰ্য্যেও তাক আকুল নকৰে।।৩০৯।।

ভকতক লঙ্ঘিবাক নপাৰে শ্ৰীমদে।

আউৰ তাক কোনমতে পাইবেক প্ৰমাদে।।

একান্ত ভকত মোত হৱে যিটোজন।

বিষয়ে বাধিতে নপাৰয় তাৰ মন।।৩১০।।

শ্ৰৱণ কীৰ্ত্তন মোৰ তেজিয়া ভকতি।

প্ৰাণায়াম আদি যোগ চিন্তে দিনে ৰাতি।।

তথাপি মনত তাৰ বাসনা নছাড়ে।

দুখ মাত্ৰ পাৱে পুনু বিষয়ত পৰে।।৩১১।।

তুমি মহা ভকতি ভৱিলা মহামতি।

আছোক সদায়ে মোত অচলা ভকতি।।

জগত নিস্তাৰি কিছু ফুৰা সংসাৰত।

আপোন ইচ্ছায়ে মোত নিবেদিয়ো চিত্ত।।৩১২।।

ক্ষত্ৰিয়ৰ ধৰ্ম্মে থাকি প্ৰবৃত্তি পথত।

অনেক জন্তুৰ কৰি আছা প্ৰাণহত।।

সিটো পাপ নষ্ট কৰা তপক আচৰি।

শ্ৰৱণ কীৰ্ত্তনে মোক হৃদয়ত ধৰি।।৩১৩।।

ই জন্মে অন্তৰে হৈবা উত্তম ব্ৰাহ্মণ।

সমস্তে ভূততে হৈবা আতি স্নেহ মন।।

মোহোৰ চৰণে মাত্ৰ কৰিয়া ভকতি।

অপ্ৰয়াসে মোক পাইবা কহিলো সম্প্ৰতি।।৩১৪।।

শুক নিগদতি শুনা শুভদ্ৰাৰ নাতি।

হেন যেৱে কৃপাবাণী বুলিলা শ্ৰীপতি।।

শুনি মুচুকুন্দে আনন্দিত ভৈলা মন।

প্ৰদক্ষিণে মাধৱক কৰিলা বন্দন।।৩১৫।

চৰণৰ ধূলি তুলি লালৈ শিৰ মাজ।

পাছে আজ্ঞা লায়ৈ গহ্বৰৰ ভৈলা বাজ।।

বাজ হুয়া বীৰে দেখিলন্ত তেতিক্ষণ।

আতি ক্ষুদ্ৰ ভৈলা পৃথিৱীৰ নৰগণ।।৩১৬।।

পশু পক্ষী বৃক্ষ লতা তৰু তৃণগণ।

সৱে ক্ষুদ্ৰ ভৈল দেখি চান্ত ঘনে ঘন।।

কলিযুগ পাইলা হেন জানি শীঘ্ৰে কৰি।

চলিলা উত্তৰ দিশে কৃষ্ণক সুমৰি।।৩১৭।।

তপক শ্ৰদ্ধায়ে মাধৱক মনে ধৰি।

গুচিলা সংশয়সৱ কৃষ্ণক সুমৰি।।

কৃষ্ণ কৃষ্ণ স্মৰি চলি যান্ত একেশ্বৰে।

গন্ধমাদন গিৰি পাইলা অনন্তৰে।।৩১৮।।

পাচে বদৰিকাশ্ৰমে কৰিলা গমন।

তথাতে আছন্তপ্ৰভু নৰনাৰায়ণ।।

কৃষ্ণৰ আদেশে ৰাজা থাকিলা তহিতে।

তপ কৰি আৰাধিলা বসি একচিত্ত।।৩১৯।।

যৱন সংহৰি হৰি গৈলা মথুৰাক।

বলভদ্ৰ সমে তাৰ বধিলা সেনাক।।

তিনিকোটি ম্লেছ বধিলন্ত একেতিলে।

যৱনৰ ধন যত পাইলন্ত সকলে।।৩২০।।

অসংখ্যাত হস্তী ৰথ ঘোঁৰা যত পাইলা।

দ্বাৰাকক লাগি তাক সকলে চলাইলা।।

বলধে মহিষে উটে অনেক কটকে।

কৃষ্ণৰ আদেশে নেন্ত আছে জাকে জাকে।।৩২১।।

হেন সময়ত আসি পাইলা জৰাসন্ধে।

তেইশ অক্ষৌহিণী সেনা সাজিয়া প্ৰবন্ধে।।

মহা কোলাহলে শুনি শত্ৰু কটকৰ।

উলটি চাহিলা তাক ৰাম দামোদৰ।।৩২২।।

মাধৱে বোলন্ত দাদা ভৈল বৰ মন্দ।

শূন্য হাতে আছো আমি পাইলা জৰাসন্ধ।।

আসা আৱে পলাঞো বুলি মনুষ্যৰ ভাৱে।

দিলন্ত লৱড় মহাবেগে ভূমিপাৱে।।৩২৩।।

অসংখ্যাত বিত্ত পৰিহৰি সেই ঠাই।

নগৰ নিৱাসী মানে গৈলন্ত পলাই।।

মহাকালো পলাই যাৰ নাম সুমৰণে।

হেন কৃষ্ণ পলাই যান্ত ভয়াতুৰ যেনে।।৩২৪।।

হেন দেখি মন্দ জৰাসন্ধ মহাবলী।

পলাই ৰাম কৃষ্ণ বুলি হাসে খলখলি।।

পাছত খেদিয়া যায় ধৰ ধৰ বুলি।

কৃষ্ণৰ মহিমা কিছু নজানে সমুলি।।৩২৫।।

বায়ুসম বেগে অসংখ্যাত ৰথে চলি।

চতুষ্পাশে বেঢ়ি যায় বহু ৰহ বুলি।।

পদ্মপত্ৰ সম দুইৰো সুকোলম ভৰি।

অনেক যোজন পথ গৈলন্ত লৱড়ি।।৩২৬।।

পাছে পাছে খেদে জৰাসন্ধ আদি কৰি।

অনন্তৰে শ্ৰান্ত যেন ভৈলা ৰাম হৰি।।

পৰ্ব্বতেক আছে দেখিলন্ত সেহি ঠাই।

পলাই মহাবেগে তাত উঠিলন্ত যায়।।৩২৭।।

উচ্ছ্ৰিত পৰ্ব্বত প্ৰৱৰ্ষণ নাম তাৰ।

নিতে তাত ইন্দ্ৰে বৰিষয় একবাৰ।।

জৰাসন্ধে গৈয়া পাছে পাইলা সেহি গিৰি।

নমনিলা কোন পথে গৈলা ৰাম হৰি।।৩২৮।।

সকল কটকে বেঢ়ি বিচাৰিলা তয়।

একোমতে মাধৱৰ নপাইল নিৰ্ণয়।।

জিজ্ঞাসিয়া বোলে কৃষ্ণ যাইব কোন ৰাজ।

ভয়ে পলাই আছে এই পৰ্ব্বতৰ মাজ।।৩২৯।।

এহি বুলি কাষ্ঠ আনি পৰ্ব্বতক বেঢ়ি।

লাগাইলেক মহা বহ্নি পৰ্ব্বতক জুৰি।।

পুৰি আসে পৰ্ব্বত দেখিয়া কৃষ্ণদেৱ।

শৃঙ্গৰ উপৰে যদুদেৱে ভৈলা থিয়।।৩৩০।।

একাদশ যোজন উচ্ছ্ৰিত গিৰিৰাজ।

তাৰ হন্তে ডেৱ দিলা পৃথিৱীৰ মাজ।।

সেনাগণ সমে জৰাসন্ধে আছে বেঢ়ি।

কেহো নমনিলা চলি গৈলা ৰাম হৰি।।৩৩১।।

দ্বাৰকাত গৈয়া পাছে ভৈলেক প্ৰৱেশ।

মিলিল অনেক ৰঙ্গ মঙ্গল আশেষ।।

জৰাসন্ধে মাধৱক দাহ হৈল বুলি।

মিছাকে স্বৰূপ মানি হাসে খলখলি।।৩৩২।।

আজিসে হিয়াত মোৰ শাল দূৰ ভৈল।

ৰাম কৃষ্ণ দুই ভাই যমঘৰে গৈল।।

এহি বুলি নিজ সৈন্য থৈয়া মহানন্দে।

মগধ দেশক চলি গৈলা জৰাসন্ধে।।৩৩৩।।

.......................

 

।।হলিৰাম ৰেৱতীৰ বিবাহ।।

              ।।পদ।।

আৱে শুনা পৰীক্ষিত কথা অনুপম।

যেনমতে বিবাহ কৰিলা হলিৰাম।।

ৰামৰ উৎসৱ শুনিয়োক প্ৰথমতে।

যাৰ নাম সুমৰণে নিস্তৰে জগতে।।৩৩৪।।

আনৰ্ত্ত দেশত ৰাজা আছিল ৰৈৱত।

বিষ্ণুত ভকত সৰ্ব্ব কাৰ্য্যত শকত।।

তাহান নন্দিনী ভৈলা নামত ৰেৱতী।

ত্ৰৈলোক্য মোহিনী লক্ষ্মী যেন ৰূপৱতী।।৩৩৫।।

তাহান সদৃশ বৰ নেদেখি মহীত।

কন্যা লৈয়া চলি গৈলা ব্ৰহ্মাক পুছিত।।

ব্ৰহ্মাৰ ভুৱনখান মহা মনোহৰ।

কন্যা সমে তাত প্ৰৱেশিলা নৰেশ্বৰ।।৩৩৬।।

সভাৰ মধ্যত বসি আচা প্ৰজাপতি।

সিদ্ধ মুনিগণে বেঢ়ি আছা চতুৰ্ভিতি।।

উত্তম গন্ধৰ্ব্বৰাজে গাৱে হৰিগীত।

পঞ্চম উচ্চাৰি তাল ধৰি মনোনীত।।৩৩৭।।

ব্ৰহ্মা আদি সমজ্যাত আছে যত জন।

হৰিৰস আনন্দত মজি আছে মন।।

একে মাধৱৰ গীত পৰম অমৃত।

আৰো তালে মানে গাৱে শুনি দ্ৰৱে চিত।৩৩৮।।

মিলে প্ৰেমভাৱ গাৱ শিহৰে সঘনে।

আনন্দে লোতক ধৰা নিগঢ়ে নয়নে।।

ঘনে ঘনে উচ্চ কৰি কৰে হৰিধ্বনি।

মিলে মহাৰাজ মধৱৰ লীলা শুনি।।৩৩৯।।

হেন দেখি ৰৈৱত নৃপতি মহামানী।

ব্ৰহ্মাক প্ৰণামি নুপুছিলা কিছু বাণী।।

গীত শুনি আছে জানি মনত হৰিষে।

কন্যাখানি লৈয়া বসিলন্ত একপাশে।।৩৪০।।

শুনিলা কৃষ্ণৰ গীত সাক্ষাতে অমৃত।

ৰৈৱত ৰাজাৰ তাতে নিমজিল চিত্ত।।

গীত শুনি আছন্তে অনেক যুগ গৈল।

নিমিষেক মান মাত্ৰ তান মনে ভৈল।।৩৪১।।

একে ব্ৰহ্মলোক তাত দুখ ভয় নাই।

আৰো হৰি কথা অমৃতৰ স্বাদ পাই।।

সুখতে আছন্ত ৰাজা কন্যায়ে সহিতি।

হৰিকথা ৰসে আতি মগ্ন ভৈলা সমাপতি।।

ব্ৰহ্মাক প্ৰণামি পাছে পুছিলা নৃপতি।।

তোহ্মাৰ পাশক আনি আছো কন্যাখানি।

কাত বিহা দিবো তাক বুলিয়ো আপুনি।।৩৪৩।।

হেন শুনি প্ৰজাপতি মাতিলন্ত গুণি।

কিনো বিপৰীত কথা পুছিলা আপুনি।।

গীত শুনি আছা তযু মনত নভৈল।

অষ্টাধিক একশত যুগ বহি গৈল।।৩৪৪।।

পুত্ৰ পৌত্ৰ নাতি যত আছিল তোহ্মাৰ।

পৃথিৱীত বংশ নাথাকিল তাসম্বাৰ।।

যাক যাক মোৰ বুলি আছা মনে ধৰি।

কালে বিনাশিলা সৱে গৈল মৰি মৰি।।৩৪৫।।

জানি তাক লাগি আৱে নকৰিবা শোক।

সত্বৰ কৰিয়া চলি যোৱা নৰলোক।।

যদুকুলে কৃষ্ণ হুয়াছন্তে অৱতাৰ।

হৰিবাক লাগি পৃথিৱীৰ মহাভাৰ।।৩৪৬।।

সন্তক পালন্ত অসন্তৰ অন্তকাৰী।

যাৰ নাম চিত্তে ধৰি সংসাৰক তড়ি।।

বলৰাম আছন্ত তাহান জ্যেষ্ঠ বাই।

আপুনি আনন্ত অৱতৰি আছা যাই।।৩৪৭।।

জগতৰ শাস্তা তান নাম হলিৰাম।

কমলনয়ন সৰ্ব্বগুণে অনুপাম।।

তাঙ্কে বিহা দিয়া কন্যা হৌক মহাভাগ।

আমি সৱো চিন্তি যাৰ পদ নাপাঞ লাগ।।৩৪৮।।

মহা পূণ্যৱতী ৰাজা তোহ্মাৰ নন্দিনী।

ত্ৰৈলোক্যমোহিনী সৰ্ব্বগুণে সুলক্ষণী।।

তেহেন্তেসে জানিবা উচিত মনে বৰ।

ভৈল সৰ্ব্বসিদ্ধি চলি যায়ো নৰেশ্বৰ।।৩৪৯।।

হেন শুনি ৰাজা আতি ভৈলা ৰঙ্গমন।

ব্ৰহ্মাক প্ৰণামি শীঘ্ৰে কৰিলা গমন।।

দ্বাৰাকাত আসি পাছে ভৈলা উপসন্ন।

কলিযুগ পাইল ক্ষুদ্ৰ ভৈলা নৰগণ।।৩৫০।।

ব্ৰহ্মাৰ সভাত আছিলন্ত নৰেশ্বৰ।

সত্যযুগে যিমত আছিল কলেৱৰ।।

সেহিমতে বাপ জীয়ে আসন্ত কল্যাণে।

দেখি ভয় বৈল দ্বাৰকাৰ প্ৰজা মানে।।৩৫১।।

দুইৰো শৰীৰে লঙ্ঘি আসয় আকাশ।

কৃষ্ণত শৰণ লৈলা হুয়া মহাত্ৰাস।।

হেৰা খাইবে আসে ৰাক্ষস ৰাক্ষসী।

নাহি ভয় বুলি হৰি মাতিলন্ত হাসি।।৩৫২।।

নুহিকে ৰাক্ষস সৱে থিৰ কৰা মতি।

দদাৰ শশুৰ আসে ৰৈৱত নৃপতি।।

তাহান নন্দিনী এহে জানিবা ৰোৱতী।

ব্ৰহ্মলোক হন্তে আসে বহা দিবে প্ৰতি।।৩৫৩।।

হেন শুনি লোকে উৰ্দ্ধমুখে চাহি আছে।

কৃষ্ণৰ সমীপ ৰাজা চাপিলন্ত পাছে।।

একথানে বসিয়া আছন্ত কৃষ্ণ ৰাম।

দণ্ডৱতে পৰি ৰাজা কৰিলা প্ৰণাম।।৩৫৪।।

কৃতাঞ্জলি কৰি হুয়া অৱনত কায়।

বিনাইবে লাগিলা ৰাম মাধৱক চাই।।

ব্ৰহ্মাৰ পাশক নিয়াছিলো কন্যাখানি।

কাত বিহা দিবো হেন নিশ্চয় নজানি।।৩৫৫।।

অষ্টাধিক শতযুগ গৈল সেহি থানে।

তযু গীত শুনিয়া আছিলো ৰঙ্গমনে।।

গীত অৱসানে পাছে পুছিলো ব্ৰহ্মাত।

তযু দুই ভাইৰ গুণ কহিল আহ্মাত।।৩৫৬।।

সাক্ষাতে ঈশ্বৰ দুই ভৈলা অৱতাৰ।

সন্তক পালিবা দুষ্ট কৰিবা সংহাৰ।।

জ্যেষ্ঠ বলবদ্ৰক কৰিয়ো কন্যাদান।

ব্ৰহ্মাৰ বচনে আসি ভৈলো তয়ু থান।।৩৫৭।।

পুৰুষ উদ্ধাৰ মোৰ কৰা হেন জানি।

দাসী কৰি প্ৰভু ঘেণিয়োক কন্যাখানি।।

হেন শুনি দুয়ো ভাই ভৈলা ৰঙ্গমন।

সৱাৰে হৰিষ যত আছে বন্ধুগণ।।৩৫৮।।

তেখনে মিলিল ৰঙ্গ মঙ্গল উৎসাহ।

বিধিৱতে বলভদ্ৰে কৰিলা বিৱাহ।।

আকাশ লঙ্ঘিয়া আছে ৰেৱতী সুন্দৰী।

বলভদ্ৰ ছোট দেখি হাসে নৰ নাৰী।।৩৫৯।।

কেনমতে দুইৰো কেশে ঢালিবন্ত পানী।

হেনজানি গলত লাঙ্গল দিয়া টানি।।

আপোন সমান কৰিলন্ত তেতিক্ষণে।

বলোৰ মহিমা কহিবেক কোন জনে।।৩৬০।।

জয় বলো বুলি প্ৰশংসন্ত সুৰ নৰে।

মহা পুষ্পবৃষ্টি ভৈল শিৰৰ উপৰে।।

উৰুলি মঙ্গল নানাবিধ বাদ্য বাৱে।

অপেস্বৰা নাচয় গন্ধৰ্ব্বে গীত গাৱে।।৩৬১।।

দৈৱকী ৰোহিণী আদি কৰি কন্যাগণ।

বসুদেৱ উগ্ৰসেন আদি বন্ধুজন।।

সৱাৰে আনন্দ ৰাম ৰেৱতীক দেখি।

আনন্দে তৃপিতি আসি চাহন্ত নিৰেক্ষি।।৩৬২।।

এহিমতে বিবাহ কৰিলা হলিৰাম।

ৰৈৱত ৰাজাৰ পূ্ণ ভৈল মনকাম।।

অনন্তৰে নমি ৰাম কৃষ্ণৰ চৰণ।

বদৰিকাশ্ৰমে পাছে কৰিলা গমন।।৩৬৩।।

........................

।।কৃষ্ণ ৰুক্মিণীৰ বিৱাহ।।

।।পদ।।

অনন্তৰে নাৰায়ণ দেৱ চক্ৰপাণি।

ভীষ্মক নন্দিনী বিহা কৰিলা ৰুক্মিণী।।

মহালক্ষ্মী অৱতাৰ সাক্ষাতে ৰুক্মিণী।

মাধৱৰ প্ৰিয়া দেৱী কমললোচনী।।৩৬৪।।

লক্ষেক নৃপতি ভৈল তান স্বয়ম্বৰে।

শিশুপাল নৃপতিৰ মিত্ৰ অনন্তৰে।।

সৱাকে মৰ্দ্দিয়া কৃষ্ণে আনিলন্ত হৰি।

গৰুড়ে অমৃত হৰি নিলা য়েন কৰি।।৩৬৫।।

হেন শুনি পৰীক্ষিতে কৰন্ত কাকূতি।

কহিয়োক গুৰু মোৰ নভৈল তৃপিতি।।

সংক্ষেপ কহিলা প্ৰভু কৃষ্ণৰ বিবাহ।

প্ৰপঞ্চে শুনিবে মোৰ মনত উৎসাহ।।৩৬৬।।

যেনমতে জৰাসন্ধ শাল্ব আদি কৰি।

সমৰে ৰাজাক একেশ্বৰে জিনে হৰি।।

দ্বাৰকাক লাগি আনি ভীষ্মক কুমাৰী।

ৰাক্ষস বিৱাহে বিহা কৰিলা মুৰাৰি।।৩৬৭।।

ইটো কথা শুনি মোৰ আকুল পৰাণ।

যিটো ঈশ্বৰৰ নাহি বল প্ৰমাণ।।

হেন ঈশ্বৰৰ কেনে ৰাক্ষস বিৱাহ।।

কৰিলা কিমতে প্ৰভু শুনিতে উৎসাহ।।৩৬৮।।

মহাপুণ্য হৰিকথা সদ্যে দেয় ফল।

শ্ৰৱণ মাত্ৰকে জগতৰ হৰে মল।।

যতেক শুনিতে মানে ততেক শোভন।

স্বাদ জানি শুনি তেজিবেক কোনজন।।৩৬৯।।

হেন জানি গুৰু মোক কৰা পৰিত্ৰাণ।

কৃষ্ণকথা অমৃতক কৰায়োক পান।।

মৰণক শুনি তেজি আচো অন্ন জল।

তভো কৃষ্ণকথা শুনি নাহিকে বিফল।।৩৭০।।

হেন শুনি শুকমুনি ৰাজ্যত বদতি।

ধন্য সাধু পৰীক্ষিত সম্পজিল মতি।।

কৃষ্ণকথা বিনে কোন আছে মনোহৰ।

শুনা সাৱধানে ৰুক্মিণীৰ স্বয়ম্বৰ।।৩৭১।।

বিদৰ্ভ ৰাজ্যৰ মাজে কুণ্ডিল নগৰ।

ভীষ্মক নৃপতি তাতে ভৈলা গুৰুতৰ।।

বিষ্ণুত ভকত ৰাজা সৰ্ব্বগুণাকৰ।

পুত্ৰৱতে প্ৰজাক পালন্ত নিৰন্তৰ।।৩৭২।।

শশীপ্ৰভা নামে তাৰ ভৈলা পটেশ্বৰী।

স্বামীত বল্লভা শান্তীৰূপে বিদ্যাধৰী।।

তাহান গৰ্ভত পঞ্চ পুত্ৰ ভৈলা জাত।

জ্যেষ্ঠ ভৈল ৰুক্ম নামে জগতে প্ৰখ্যাত।।৩৭৩।।

ৰুক্মৰথ ৰুক্মবাহু আৰো ৰুক্মমালী।

ৰুক্মকেশ সমে পঞ্চবীৰ মহাবলী।।

পাঞ্চৰো কনিষ্ঠা কন্যা ভৈলন্ত ৰুক্মিণী।

তান ৰূপ গুণ কিছো শুনা মহামানী।।৩৭৪।।

শুনা নৰ নাৰীসৱ হুয়া সাৱধান।

কৰ্ণভৰি কৰা কৃষ্ণকথা মধুপান।।

বিষমৰ সংসাৰত নাহি একো সুখ।

কৃষ্ণকথা শ্ৰৱণেসে হৰে সৱে দুখ।।৩৭৫।।

হেন জানি তেজা আন বিষয়ৰ কথা।

হৰিক ভজিয়ো জন্ম নকৰিয়ো বৃথা।।

কৃষ্ণৰ কিঙ্কৰে কহে অনন্ত কন্দলি।

ডাকি হৰি বোলা পলাই যাওঁক পাপ কলি।৩৭৬।।

...............................

 

।।কৃষ্ণ ৰুক্মিণীৰ ৰূপ বৰ্ণনা।।

।।দুলড়ী।।

 

যেহি যেহি কালে        ত্ৰৈলোক্য ঈশ্বৰ

অৱতাৰ যদুপতি।

সেহিকালে লক্ষ্মী        দেৱী উপজন্ত

স্বামীক সেৱিত প্ৰতি।।

ইবেলি আসিয়া     ভীষ্মকৰ ঘৰে

ভৈলা দেৱী অৱতাৰ।

জগত ভৰিয়া      উৎসৱ মঙ্গল

হৰিষৰ নাহি পাৰ।।৩৭৭।।

পিতৃ মাতৃ ভাই         যতেক অছয়

বন্ধুজন সমুদায়।

প্ৰাণতে অধিক     ৰুক্মণীত স্নেহ

দিনে দিনে বাঢ়ি যায়।।

দিনে দিনে বালা        যেন চন্দ্ৰকলা

বাঢ়ন্ত পিতৃৰ ঘৰে।

ত্ৰৈলোক্য মোহন         ৰূপ দেখি তান

মোহ যায় সুৰাসুৰে।।৩৭৮।।

চন্দ্ৰত অধিক      বদন জ্বলয়

নয়নে নিন্দে কমল।

দশনৰ পংক্তি      মুকুতা গান্থিল

অধৰেসে বিম্বফল।।

ভ্ৰূৱযুগ যেন           কাম শৰাসন

নাসা নিন্দে তিলফুল

কনক দৰ্পণ       সমান কপাল

প্ৰকাসে অলকা কুল।।৩৭৯।।

কেশচয় তুলি      বান্ধত্ব কৰৱী

পুষ্প দিয়া ভৰিপূৰ।

কুণ্ডলে মণ্ডিত     শ্ৰৱণ যুগল

শিখত জ্বলে সিন্দূৰ।।

কম্বু কণ্ঠহাৰ      জ্বলে মুকুতাৰ

নেত বস্ত্ৰ পৰিধান।

তাতে গোপ্য হুই        বাঢ়ে কুচ দুই

বদৰী ফল প্ৰমাণ।।৩৮০।।

কেয়ূৰ কঙ্কণে      জ্বলে ভুজ দুই

কৰ নৱ কিশলয়।

ৰত্নৰ পাকড়ী      বলিত আঙ্গুলি

জ্বলে নখ চন্দ্ৰচয়।।

কটিতকে চাৰু     হৰৰ ডম্বৰু

উৰুদুই ৰামকল।

ৰত্নৰ মেখলা      পিন্ধি আছে তাতে

জ্বলে আতি জ্বলমল।।৩৮১।।

ৰত্নৰ নূপুৰে      জ্বলে পদযুগ

য়েন নৱ পদ্মকোষ।

নখচন্দ্ৰ শাৰী      কৰি তিৰিমিৰি

দেখন্তে চিত্ত সন্তোষ।।

হেন ৰূপৱতী      ৰুক্মিণী সুন্দৰী

উপমাক নাহি ঠাই।

যিবা অঙ্গে যাৰ        দৃষ্টি পৰে যাই

তাতে থাকে ৰঙ্গে চাই।।৩৮২।।

দ্বাৰকাত আছা              কমল নয়ন

নাৰায়ণ যদুমণি।

দেশান্তৰী মুখে          তাহান চৰিত্ৰ

শুনিলা সৱে ৰুক্মিণী।।

পণ্ডিত সজ্জনে          নট ভাট গণে

ফুৰে সৱে গীত গাই।

কৃষ্ণৰ সদৃশ           মহন্ত পুৰুষ

তিনিও লোকত নাই।।৩৮৩।।

সাক্ষাতে ঈশ্বৰ     ভৈলা অৱতাৰ

জগত পালিত প্ৰতি।

যাৰ নাম লৈলে         দুৰ্গতি গুচয়

লভিলা মহামুকুতি।।

ভকত ৰঞ্জন      তাৰ যত গুণ

কহিবে কাৰ শকতি।

কোটি কামদেৱো        ওচৰ নপাৱে

সাক্ষাতে লক্ষ্মীৰ পতি।।৩৮৪।।

হেন কথা শুনি         ভীষ্মক নন্দিনী

পুছন্ত আতি যতনে।

যতেক শুনন্ত      ততেক পুছন্ত

তৃপিতি নখণ্ডে মনে।।

সৱেও কহয়      তোহ্মাৰ সদৃশ

কৃষ্ণেসে সদৃশ বৰ।

শুনিলে তোহ্মাক        কদাচিতো প্ৰভু

নেৰিবন্ত দামোদৰ।।৩৮৫।।

মাধৱক স্বামী          পাইবা যেৱে তুমি

তেৱে কি কহিবো আৰ।

এৰূপ যৌৱন      জীৱন সাফল

তেৱেসে জানো তোহ্মাৰ।।

হেনয় কৃষ্ণৰ      চৰিত্ৰ শুনিয়া

আকুল ভৈলা সুন্দৰী।

মনে মৰষিয়া      কৃষ্ণক বৰিল

স্বামী বুলি ধ্যান কৰি।।৩৮৬।।

শ্যাম কলেৱৰ     পীত বস্ত্ৰধৰ

প্ৰফুল্ল নেত্ৰ কমল।

সৰ্ব্ব সুলক্ষণ      ত্ৰৈলোক্যমোহন

ভকতজন বৎসল।।

শুনিলন্ত যেন          লোকৰ মুখত

কৃষ্ণৰ ৰূপ চৰিত।

ক্ষণে পটে লেখি         থাকন্ত নিৰেক্ষি

আনন্দতে দ্ৰৱে চিত্ত।।৩৮৭।।

কৃতাঞ্জলি কৰি     কৰন্ত কাকূতি

চৰণ পদ্মক চাই।

জন্মে জন্মে মোৰ        স্বামী হৈবা তুমি

সেৱিবো তোমাক পাই।।

ক্ষণো মাধৱৰ     গুণক বৰ্ণাই

গাৱন্ত গীত ৰুক্মিণী।

কৃষ্ণক সোধন্ত     কৃষ্ণক পুছন্ত

আন নাই ৰাত্ৰি দিনি।।৩৮৮।।

হেন ৰঙ্গ মনে     আছন্ত ৰুক্মিণী

মাধৱক স্বামি বৰি।

শুনিয়োক আৱে         দ্বাৰকাত যেন

কৰিলন্ত দেৱহৰি।

একচিত্ত কৰি      শুনা নৰ নাৰী

ঈশ্বৰ কৃষ্ণৰ কথা।

তৰিয়ো দুৰ্গতি     ধৰিয়ো ভকতি

মন মল কৰা বৃথা।।৩৮৯।।

দেখিয়ো সাক্ষাতে        ৰুক্মিণীৰ কেনে

কৃষ্ণত প্ৰেম ভকতি।

শুনিল যেখনে     ভজিল তেখনে

স্বামী বুলি মহাসতী।।

ভকতি নভৈলে     ঈস্বৰ কৃষ্ণক

মহাজনো নাহি পায়।

ভকতি কৰিলে     চাণ্ডালেও পাৱে

আত কিছু শঙ্কা নাই।।৩৯০।।

হেন জানি এক         ভকতি কৰিয়ো

নিচিন্তিও আন জ্ঞান।

মাধৱৰ ৰূপ       প্ৰতিমা দেখিয়া

হৃদয়ত কৰা ধ্যান।।

তেৱেসে ভকতি         বাঢ়িবে কৃষ্ণত

সঙ্গ লৈয়ো ভকতৰ।

কহে কৃষ্ণগতি     অনন্ত কন্দলি

হৰি বোলা নিৰন্তৰ।।৩৯১।।

..............

।।কৃষ্ণলৈ ৰুক্মিণীৰ পত্ৰ প্ৰেৰণ।।

                     ।।পদ।।

 

দ্বাৰকাত যাই কুণ্ডিলৰ নট ভাটে।

ৰুক্মিণীৰ গুণ ৰটি ফুৰে হাটে বাটে।।

কতো মহাজনে গৈয়া জনাৱে কৃষ্ণত।

কন্যা এক আছে প্ৰভু বিদৰ্ভ দেশত।।৩৯২।।

বিষ্ণত ভকত মহাভীষ্মক নৃপতি।

তাহান দুহিতা সুচৰিতা মহাসতী।।

নামত ৰুক্মিণী তিনি জগত মোহিনী

তাহান সদৃষ কন্যা নতু দেখি শুনি।।৩৯৩।।

শৰীৰ নিন্দয় তান কেতেকীৰ পাশি।

পূৰ্ণিমাৰ চন্দ্ৰক নিন্দয় তান হাসি।।

ৰুচিকৰ নাসিকায়ে নিন্দৈ তিলফুল।

অধৰৰ মধু বিম্বফলে নুহি তুল।।৩৯৪।।

ভ্ৰূযুগ মদন ধনু কটক্ষ শায়কে।

মুনিৰো মনক মোহে দেখিলে মাত্ৰকে।।

হৰিণনয়নী মধ্যক্ষীণ বৰনাৰী।

কুঞ্জৰগামিনী গুণে নুহি পটন্তৰী।।৩৯৫।।

কনকৰ লতা যেন তনু সুকুমাৰ।

হৃদয়ত বাঢ়ি আছে নৱস্তন ভাৰ।।

কটিতটে জ্বলে চাৰু ৰত্নৰ মেখলা।

মুণ্ড তুলি কাহাকো নচাৱে বৰবালা।।৩৯৬।।

গম্ভীৰে সাগৰ যেন বুজন নযায়।

চতুঃষষ্টি কলাত কুশল সমুদায়।।

তান ৰূপগুণে উপমাৰ সৰি নাই.

যেই অঙ্গে দৃষ্টি পৰে তাকে থাকে চাই।।৩৯৭।।

হেনয় ৰুক্মিণী একো অঙ্গে নাহি খতি।

তাহান উচিত যেৱে তুমি হৈবা পতি।।

তেৱেসে সাফল তান জীৱন যৌৱন।

তুমি বিনে তাঙ্ক নুযুৱাই আন জন।।৩৯৮।।

সৰ্ব্বাঙ্গে সুন্দৰ তুমি দেৱ যদুপতি।

তোহ্মাৰেসে সদৃশ ৰুক্মিণী ৰূপৱতী।।

তেহে বিনে তোহ্মাৰ নৰঞ্জে গৃহবাস।

হেন জানি তাঙ্ক প্ৰভু কৰা অভিলাষ।।৩৯৯।।

অপ্ৰয়াসে পাইবা চাৱা প্ৰভু মনে গুণি।

আপুনি বৰিবা কন্যা তযু গুণ শুনি।।

সমস্ত লোকৰ তেনে হোৱে ৰঙ্গ মন।

বিৱাহক লাগি প্ৰভু কৰিয়ো যতন।।৪০০।।

হেন শুনি নাৰায়ণে তুলিলত হাস।

আপুনি জানন্ত প্ৰভু জগতনিৱাস।

ভাল বুলি প্ৰশংসিয়া কৰন্ত উৎসাহ।

ৰুক্মিণীক পাইলৈ মঞি কৰিবো বিৱাহ।।৪০১।।

এহি বুলি গম্ভীৰে ৰহিলা নাৰায়ণ।

সেহি দিনা ধৰি ৰুক্মিণীত ভৈলা মন।।

যদ্যপি ঈশ্বৰ কৃষ্ণ ব্ৰজ নিৰঞ্জন।

ততাপিতো ভকতক কৰন্ত ৰক্ষণ।।৪০২।।

ৰুক্মিণীও কৰে আতি তাহান্তে ভকতি।

কেনমতে তাঙ্ক পাসৰিবে যদুপতি।।

ৰাত্ৰি নিদ্ৰা নাসে মুখে নুভুঞ্জন্ত ভাত।

ৰুক্মিণীক স্মৰি চিত্ত কৰে উতপাত।।৪০৩।।

কৈসানি লভিবো প্ৰিয়া ৰুক্মিণী সুন্দৰী।

নুসুৱাই গৃহ মোৰ নাই প্ৰাণেশ্বৰী।।

লোকে যদি পুছে কেনে কৰা উতপাত।

লাজে কিছু সিদ্ধান্ত নেদয় যদুনাথ।।৪০৪।।

এহিমানে থঞো আৱে মাধৱৰ কথা।

শুনিয়োক ৰুক্মিণীক যেন ভৈলা তথা।।

ভীষ্মক নৃপতি মহা কৃষ্ণত ভকত।

মাধৱৰ ৰূপ গুণ শুনিয়া সমস্ত।।৪০৫।।

ত্ৰৈলোক্যত নাহি যেন কৃষ্ণৰ সমান।

সাক্ষাতে ঈশ্বৰ হৰি পুৰুষ পুৰাণ।।

মোহোৰ ঘৰত আছে কন্যা একখানি।

ভকতি কৰিয়া তাঙ্ক বিহা দেঞো আনি।।৪০৬।।

মহন্তৰ মুখে তান শুনি আছো গুণ।

ৰুক্মিণীক সম আন বৰ আছে কোন।।

এহি বুলি ৰাজা ভাৰ্যাসমে আলোচিয়া।

জ্ঞাতি মিত্ৰ বন্ধু যত আনিলা মাতিয়া।।৪০৭।।

সৱাতে কহিলা পাছে আপোন যুগুতি।

মাধৱত বিয়া দেঞো দিয়া অনুমতি।।

শুনি জ্ঞাতি বান্ধৱৰ মিলা সন্তোষ।

দিয়া মাধৱক বিহা কিছু নাই দোষ।।৪০৮।।

কোটি কোটি পুৰুষক কৰিলা উদ্ধাৰ।

ধন্য মহাৰাজা ভাল কৰিলা বিচাৰ।।

ত্ৰৈলোক্যতে সম ৰুক্মিণীৰ নাহি বৰ।

মাধৱক বিহা দিয়া কাক আছে ডৰ।।৪০৯।।

হেন শুনি ৰুক্মিণীৰ মিলিল আনন্দ।

হাত মেলি পাইলা যেন আকাশৰ চন্দ্ৰ।।

মোৰ যেন ইচ্ছা সেই সাধিলেক বিধি।

পাইবো কৃষ্ণ স্বামী মনোৰথ ভৈলা সিদ্ধি।।৪১০।।

মধৱত বিহা দিতে কৰিলা নিশ্চয়।

ভীষ্মক ৰাজাৰ ভৈল আননদ হৃদয়।।

ইষ্ট বন্ধু বান্ধৱৰো মনত হৰিষ।

জয় কৃষ্ণ ৰুক্মিণী শুনিয় দশোদিশ।।৪১১।।

ভীষ্মকৰ জ্যেষ্ঠপুত্ৰ ৰুক্মবুলি যাক।

শুনিলেক সিটো বিহা দিবাৰ কথাক।।

মাধৱৰ নামে ক্ৰোধ জন্মিল তাহাৰ।

খেদি গৈয়া সৱাকে কৰিলা অহঙ্কাৰ।।৪১২।।

শিশুপাল নৃপতিসে আতি তাৰ ইষ্ট।

স্বভাৱে দুৰ্জ্জন দুষ্ট দৰ্পিষ্ঠ পাপিষ্ঠ।।

সৱাৰে বচন খণ্ডি চণ্ড হিয়া ফান্দি।

বল্কিবে লাগিলা দুষ্টে মাধৱক নিন্দি।।৪১৩।।

মাধৱত বিহা দিবো মোহোৰ বহিনী।

মোত নুপুছিয়া অনুমতি দেয় কোনি।।

দিন দুপৰতে যেন খাইলে দুই আখি।

মাদৱত বিহা দিবো কোন গুণ দেখি।।৪১৪।।

নুহি ৰাজা কৃষ্ণ নুহি ৰাজাৰ নন্দন।

নাহি ৰাজচিহ্ন ছত্ৰ দণ্ড সিংহাসন।।

বসুদেৱ আছিলেক কংসৰ সেৱক।

কেনমতে বিহা দিবো তাহাৰ পুত্ৰক।।৪১৫।।

নন্দৰ ঘৰত আছিলেক গৰু চাৰি।

হৰিলেক কৃষ্ণে আৰো গোৱালৰ নাৰী।।

পূতনা বধিলে কংস সোদৰ মোমাই।

তাকো মাৰি আছে কৃষ্ণ ছুইবে নুযুৱাই।।৪১৬।।

জৰাসন্ধে খেদাইলে মথুৰাৰ ডাকি।

সাগৰত পলাই গৈয়া আছে প্ৰাণ ৰাখি।।

হেনয় কৃষ্ণক বিহা দিহো কোন গুণে।

শুনি মোক নিন্দা কৰিবেক ৰাজাগণে।।৪১৭।।

আছে শিশুপাল ৰাজা সৰ্ব্ব গুণাকৰ।

অনেক পুৰুষে ৰাজ্য কৰে নিৰন্তৰ।।

কোটি এক কৃষ্ণ তাৰ নথাকে আগত।

পৰম বিক্ৰমে বীৰ সমৰে শকত।।৪১৮।।

তাহাতেসে বিহা মঞি দিবো ৰুক্মিণীক।

কৃষ্ণ যেৱে পাৱে জীৱনত ধিক ধিক।।

দয়াৰ ভাগিনী মোৰ আতি ৰূপৱতী।

নিদিবো নিদিবো মঞি কৃষ্ণক সম্প্ৰতি।।৪১৯।।

হেন শুনি ভীষ্মকৰ ভৈল অসন্তোষ।

পুত্ৰক বোলন্ত বাপু ক্ষমা কৰা দোষ।।

তোত নুপুছিয়া মঞি পুছিলো আনত।

এতেকেসে কষ্ট তঞি কৰস মনত।।৪২০।।

বংশৰ পুতাই মোক দিয়া অনুমতি।

কৃষ্ণক সম্বন্ধ কৰো মিলোক মুকুত।।

জগতত শুনি কৃষ্ণ বিনে নাহি কেৱ।

কৃষ্ণকেসে সেৱে ব্ৰহ্ম হৰ আদি দেৱ।।৪২১।।

শৰীৰৰ গৰ্ব্বে তঞি নিন্দস তাহাক।

পাইবি বৰ দুখ পুত্ৰ শুনা মোৰ বাক।।

যতেক দুষ্টক কৃষ্ণ কৰিলা সংহাৰ।

মাখি হুয়া হস্তীক কৰস তোলপাৰ।।৪২২।।

মহাৰঙ্গ কৰি আছে জীয়াই ৰুক্মিণী।

মাধৱক স্বামী পাউক নপাত বিঘিনি।।

জ্ঞাতি মিত্ৰ বান্ধৱৰ সৱাৰে হৰিষ।

অমৃত কুণ্ডত বাপু নঢালিবি বিষ।।৪২৩।।

শুনি দুষ্টে কষ্ট কৰি দিলে সমিধান।

বৃদ্ধ বয়সত হেন ভৈলি অগিয়ান।।

পিতৃ নামে আছো যাতে এতেক লপস।

লম্পটগোটৰ বৰ যশ বখানস।।৪২৪।।

গোকুল মথুৰা মাজে আছে যত নাৰী।

সৱাকে হৰিলা যদুকুল অনাচাৰী।।

তাক বিহা দিবোহো লোকৰ বাণী শুনি।

জুইত পুৰিয়া খাইবো প্ৰাণৰ বহিনী।।৪২৫।।

সৱে যেৱে আলোচি কৃষ্ণক বিহা দিয়া।

তথাপি নিদিবো দৃঢ় কৰি আছো হিয়া।।

শিশুপাল নৃপতিক দিবো নিষ্ঠে নিষ্ঠ।

চাঞো কেনমতে বিহা কৰে আসি কৃষ্ণ।।৪২৬।।

পুত্ৰৰ নিষ্ঠুৰ বাণী শুনি নৰনথ।

সকুটুম্বে অধোমুখে চপৰাইল মাথ।।

তাহাৰ বচন কেহো বাধিত নপাৰি।

মনত গুণিয়া পাছে বুলিলা সাদৰি।।৪২৭।।

যেৱে মহা ভাগ্যৱতী হোৱয় ৰুক্মিণী।

অৱ্শ্যে কৃষ্ণক পাইবে বাধিবেক কোনি।।

মোহৰ বংশৰ যেৱে আছে মহাভাগ।

তেৱে মঞি কৃষ্ণৰ চৰণ পাইবো লাগ।।৪২৮।।

ইহাৰে বচন কৰি পাতো স্বয়ম্বৰ।

ডঙ্কাৰিয়া আনো পৃথিৱীৰ নৰেশ্বৰ।।

তাহাৰে লগত কৃষ্ণ আসিব আপুনি।

যদি বল থাকে তেন্তে নিবে ৰণে জিনি।।৪২৯।।

এহিমতে গুণিয়া ভীষ্মক মহামতি।

পুত্ৰক সম্বোধি পাছে বুলিলা নৃপতি।।

শুন ৰুক্ম পুত্ৰ মোৰ কুলৰ প্ৰকাশ।

তোহোৰ বচন কোনে কৰিবেক নাশ।।৪৩০।।

কিন্তু আপনাৰ মঞি কহিলো যুগুতি।

যেই ইচ্ছা আছে বাঁপ কৰ তোৰ মতি।।

ৰুক্মিণী জীয়াইৰ আসি ভৈল কন্যাকাল।

অনায়োক মাতি আসন্তোক শিশুপাল।।৪৩১।।

বিহাৰ সম্ভাৰ আনি সজায়ো বিস্তৰ।

সৱাতে জনায়ো ৰুক্মিণীৰ স্বয়ম্বৰ।।

ৰঙ্গ চাহিবাক আসন্তোক ৰাজাগণ।

বহল কৰিয়া সজায়োক সভাখান।।৪৩২।।

অলঙ্কৃত কৰা সৱে কুণ্ডিল নগৰী।

কৰোক মঙ্গল নিৰন্তৰে নৰ নাৰী।।

পিতৃৰ বচনে ৰুক্ম ভৈল ৰঙ্গমন।

দশো দিশে তেখনে পাঙ্কিল দূতগণ।।৪৩৩।।

শিশুপাল নৃপতিক পঠাইলা সাদৰি।

আপুনাক ডাটি আসন্তোক কাছি পাৰি।।

নগৰকো অলঙ্কৃতা কৰিলা তেখনে।

মিলি গৈল উৎসৱ মঙ্গল থানে থানে।।৪৩৪।।

অনন্তৰে ৰুক্মিণী শুনিলা সেহি কথা।

জ্যেষ্ঠ ভাই ৰুক্মবীৰে বাধিলেক যথা।।

শুনিলা মাত্ৰকে স্মৃতি হৰাইল সকলে।

হা কৃষ্ণ বুলিয়া পৰিল মহীতলে।।৪৩৫।।

মুৰ্চ্ছা গৈয়া কতো বেলি পাইলন্ত চেতন।

হা কৃষ্ণ বুলি ফোকাৰন্ত ঘন ঘন।।

আসি মুখ ভৰিয়া লোতক বহি যায়।

কান্দন্ত ৰুক্মিণী কৃষ্ণগুণক বৰ্ণাই।।৪৩৬।।

এৱেসে জানিলো মোৰ নভৈলেক সিদ্ধি।

হাতে দিয়া নিধি কাঢ়ি নিলে কোন বিধি।।

শিশু ধৰি বৰি আছো মাধৱক স্বামী।

জ্যেষ্ঠ ভাই হুয়া মোৰ ভৈল অধোগামী।।৪৩৭।।

হা প্ৰভু কমললোচন নাৰায়ণ।

সেৱিবে নপাইলো মঞি তোহ্মাৰ চৰণ।।

স্বপ্নতো চিন্তোহো মঞি তোহ্মাৰ চৰণ।।

ত্ৰৈলোক্যমোহন প্ৰভু ভকতবৎসল।।৪৩৮।।

কিনো মন্দ বিধি মোৰ অভাগ্য কপাল।

জ্যেষ্ঠ ভাই নুহি মোৰ ভৈল যমকাল।।

বংশৰ মধ্যত পাপী ভৈল কুলাঙ্গাৰ।

কৃষ্ণ হেন দেৱক কৰয় অহঙ্কাৰ।।৪৩৯।।

যিটো শিশুপাল সিটো অধম শৃগাল।

মাদৱত কৰি পাপী তাকে বোলে ভাল।।

আতেসে অধিক দশগুণে দহে প্ৰাণ।

কুকুৰকো কৰে আনি সিংহৰ সমান।।৪৪০।।

যেন মুঢ়ে বিষ্ণু ভকতক অৱহেলি

ক্ষুদ্ৰ দেৱতাক মান্য কৰে বৰ বুলি।।

কৃষ্ণ হেন দেৱকো নিন্দয় সেহি ভাৱে।

তুচ্ছ শিশুপালক দিবাক মোক চাৱে।।৪৪১।।

মোক বিহা দিবে লাগি অনাৱে তাহাক।

কোথেৰে শৃগালে পাৱে সিংহৰ ভাৰ্যাক।।

প্ৰাণ যান্তে ছায়াতো নিদিবো তাৰ ভৰি।

কৃষ্ণকেসে চিন্তিয়া মৰিবো প্ৰাণ ছাড়ি।।৪৪২।।

এহি বুলি বিলাপ কৰন্ত বৰনাৰী।

বসন ভূষণ সৱ পেহ্লাইল আছাড়ি।।

শিশুপাল নৃপতিক নিন্দিলা অনেক।

সংক্ষেপ পদত তাক কহিবো কতেক।।৪৪৩।।

অনন্তৰে মনত চিন্তিয়া মহাসতী।

পাইলন্ত উত্তম দূত মাধৱক প্ৰতি।।

বেদনিধি নামে এক আছন্ত ব্ৰাহ্মণ।

বিষ্ণুত ভকত সৰ্ব্বকাৰ্যত নিপুণ।।৪৪৪।।

সুমালিনী ধাইৰ হাতে নিয়াইলেক মাতি।

কান্দি কান্দি বিপ্ৰক বুলিলা মহাসতী।।

প্ৰবন্ধিয়া পত্ৰখান আপুনি লিখিলা।

মুদ্ৰা দিয়া তাক ব্ৰাহ্মণক হাতে দিলা।।৪৪৫।।

দ্বাৰকাক লাগি গুৰু যায়োক আপুনি।

কৃষ্ণৰ হাতত নিয়া দিবা পত্ৰাখানি।।

কতো নেদেখাইবা গুৰু নিয়া আঁৰ কৰি।

কৃষ্ণকেসে দিবা নিয়া আপুনি সাদৰি।।৪৪৬।।

হেন শুনি বেদনিধি মহাৰঙ্গ কৰি।

তেতিক্ষণে চলি গৈলা দ্বাৰকা নগৰী।।

মনত গুণন্ত কিনো ভৈল মহাভাগ।

আজিসে সাক্ষাতে ঈশ্বৰক পাইবো লাগ।।৪৪৭।।

এহি বুলি শীঘ্ৰে চলি যান্ত দ্বিজবৰ।

কতো দিন পাইলা যাই দ্বাৰকা নগৰ।

সাক্ষাতে বৈকুণ্ঠ যেন জ্বলে জাতিষ্কাৰ।

অনন্তৰে পাইলা মাধৱৰ সিংহদ্বাৰ।।৪৪৮।।

দ্বাৰপালে নিয়া ভেটাইলন্ত মাধৱত।

বসি আছা কৃষ্ণ হেমময় আসনত।।

ব্ৰাহ্মণে দেখিলা পূৰ্ণব্ৰহ্ম মাধৱক।

মাধৱো চালিলা গাৱ দেখিয়া বিপ্ৰক।।৪৪৯।।

নমস্কাৰ কৰ ধৰি নিয়া আঙ্কোৱালি।

আপোনাৰ আসে বৈসাইলা বনমালী।।

বিধিৱতে ব্ৰাহ্মণক পূজিলা আপুনে।

আপোনাক যেনমতে পূজে দেৱগণে।।৪৫০।।

দিব্য পঞ্চামৃত নিয়া কৰাইলা ভোজন।

হংস তুলি পাৰি পাছে কৰাইলা শয়ন।।

তৈল লৈয়া চৰণ জান্তন্ত দেৱ হৰি।

বিশ্ৰাম ভৈলন্ত জানি পুছিলা সাদৰি।।৪৫১।।

কল্যাণে কি আসি এথা ভৈলা দ্বিজবৰ।

সুখেকি প্ৰৱৰ্ত্তে তযু ধৰ্ম্ম গুৰুতৰ।।

সদায়ে সন্তুষ্ট তুমি বিশিষ্ট ব্ৰাহ্মণ।

ভাগ্যেসে লভিলো আজি তযু দৰশন।।৪৫২।।

অল্পতে সন্তুষ্ট যেৱে হোৱন্ত ব্ৰাহ্মণ।

স্বধৰ্ম্মে ঈশ্বৰ সেৱা কৰন্ত সঘন।।

তেৱে সেহি ধৰ্ম্মে পাছে সাধে সেহি কাম।

মুকুতিকো পাৱে আন সুখে কোন কাম।।৪৫৩।।

অসন্তোষ ভৈলে মহেন্দ্ৰৰো সুখ নাই।

যমৰ যাতনা ভুঞ্জি ফুৰে সৰ্ব্বদায়।।

স্নতুষ্টে থাকিলে দৰিদ্ৰৰো মহাসুখ।

ঈশ্বৰ চিন্তিয়া তড়ে সংসাৰৰ দুখ।।৪৫৪।।

বিষ্ণু সেৱাতেসে তুষ্ট যিটো দ্বিজচয়।

সৰ্ব্বহিতকাৰী হৰিগুণ প্ৰকাশয়।।

নাহি অহঙ্কাৰ শান্তমতি সদাচাৰ।

তাসম্বাকত নিতে মঞি কৰো নমস্কাৰ।।৪৫৫।।

আৰো এক পুছো তযু ভীষ্মক নৃপতি।

সুখে কি পালন্ত প্ৰজা কহিয়ো সম্প্ৰতি।।

যি ৰাজাৰ ৰাজ্যে সুখে বঞ্চে প্ৰজাচয়।

সিটো মোৰ মহাপ্ৰিয় জানিবা নিশ্চয়।।৪৫৬।।

দুৰ্গম তড়িয়া তুমি আইলা কিবা কাজ।

সত্বৰে কহিয়ো তাক সাধো দ্বিজৰাজ।।

এহি বুলি মৌন ভৈলা জগতমঙ্গল।

পৰম ব্ৰাহ্মণ্য প্ৰভু ভকতবৎসল।।৪৫৭।।

শুনা নৰ নাৰী মহা পদ ভাগৱত।

কৃষ্ণৰ ভকতি কেনে দেখিয়ো বিপ্ৰত।।

ততাপি ব্ৰাহ্মণে তাঙ্ক কৰে তিৰস্কৰ।

ধিকতো ব্ৰাহ্মণ নাম যাৱত আহ্মাৰ।।৪৫৮।।

মাদৱক বাধা আগে কৰো পূজিবাক।

কেনমতে পূজো আগে ক্ষুদ্ৰ দেৱতাক।।

আনসৱে কৰে যেৱে সুদৃঢ় ভকতি।

তাকো নিন্দা কৰি মন্দ বোলে দিন ৰাতি।।৪৫৯।।

অল্পতে সন্তোষ নাই নেৰো অহঙ্কাৰ।

ভৈলো সৰ্ব্বভক্ষ একো নকৰো বিচাৰ।।

জানিলো নদীৰ সাপে পাইলেক আহ্মাক।

এতেকে নভজো কৃষ্ণ হেন দেৱতাক।।৪৬০।।

সামান্য জনক আমি ফুৰো সেৱা কৰি।

কিনো আমি মহামূঢ় ভৈলো হৰি হৰি।।

আপোন ৰূপক যিটো দেন্ত ভকতক।

ভৈলো মহাশৌচ্য তেজি হেনয় কৃষ্ণক।।৪৬১।।

অনন্ত কন্দলি ভণে শুনা সৰ্ব্বজনে।

আহ্মাৰ দোষক কিছু নধৰিবা মনে।।

কৃষ্ণৰ চৰিত্ৰ শুনি হুয়োক সন্তোষ।

ডাকি হৰি বোলা নষ্ট হৌক সঙ্গদোষ।।৪৬২।।

.......................

 

।।ৰুক্মিণীৰ পাত্ৰ পাঠ।।

।।ছবি।।

 

সাক্ষাতে অমৃত যেন      কৃষ্ণৰ বচন শুনি

বেদনিধি ভৈল কুতুহল।

জয় জয় কৃষ্ণ বুলি      মাতিলন্ত কৃতাঞ্জলি

আজি মোৰ জন্মৰ সাফল।।

কিনো মোৰ মহাভাগ     চিন্তিও নপাৱে লাগ

ব্ৰহ্মা আদি পূজা কৰে যাক।

ধন্য ধন্য বিপ্জন্ম       হেন দেৱ নাৰায়ণ

ভৃত্য যেন পূজিলা আহ্মাক।।৪৬৩।।

কোননো ব্ৰাহ্মণে আৰ     তুমি হেন দেৱ তেজি

ক্ষুদ্ৰ দেৱতাক কৰে সেৱ।

তুমি বিনে ব্ৰাহ্মণৰ      আন গতি নাহি কয়

তুমিসে পৰম ইষ্টদেৱ।।

ভীষ্মক নৃপতি যিটো      তোহ্মাৰেসে অনুচৰ

তানে কন্যা আছন্ত ৰুক্মিণী।

তোহ্মাতেসে বিহা দিত    ৰাজাৰেসে আছে চিত্ত

তাকো প্ৰভু জানাহা আপুনি।।৪৬৪।।

জ্যেষ্ঠ পুত্ৰ ৰুক্মে জানি    তোহ্মাক দিবাকে শুনি

মহাক্ৰোধে বাধিল ৰাজাক।

এতেকে তোহ্মাৰ পাশে   আতি মহা অভিলাষে

ৰুক্মিণীসে পঠাইলা আহ্মাক।।

এহি বুলি পত্ৰখানি       কৃষ্ণৰ হস্তত দিলা

মুদ মেলি চাহিলা মাধৱে।

বিপ্ৰক বোলন্ত তুমি      আপুনি পঢ়িয়ো গুৰু

শুনি মঞি থাকো প্ৰেমভাৱে।।৪৬৫।।

কৃষ্ণ আজ্ঞা শিৰে ধৰি      বেদনিধি পত্ৰ ধৰি

পঢ়িবে লাগিলা মৃদু কৰি।

ৰুক্মিণীৰ বাক্যচয়      শুনন্তে অমৃতময়

একচিত্তে শুনন্ত মুৰাৰি।।

ৰুক্মিণী বদতি হেৰা      ভুৱন সুন্দৰ প্ৰভু

কৰো মঞি কোটি নমস্কাৰ।

শুনি তযু ৰূপ গুণ       লাজ কাজ ত্যজি মন

তোহ্াতেসে পশিল আহ্মাৰ।।৪৬৬।।

যিটো প্ৰভু তযুগুণ       শুনন্তা জনৰ মানে

নিখিল পাতক কৰে ক্ষয়।

আকে শুনি ভৈলো ভোল    খোজো তযু পদকোল

জানি দয়া কৰা কৃপায়।।

ত্ৰৈলোক্যমোহন প্ৰভু     শুনি আছো তযু ৰূপ

কোটি মদনেও সম নুই।

এহি শুনি মনে গুণি     বৰিলোহো স্বামী বুলি

তোহ্মাকেসে এক চিত্ত হুই।।৪৬৭।।

জানো বোলা অদভুত     ৰাজাৰ কন্যায়ে ইটো

আপুনি পঠাৱে স্বামী বৰি।

নুহিকে আশ্চৰ্য্য ইটো    তযু ৰূপ গুণ শুনি

চিত্তক ধৰিবো কেনে কৰি।।

কোন মহা ৰূপৱতী  কুলৱতী গুণৱতী

আছে ইটো কন্যা সংসাৰত।

কন্যাকালে তুমি হেন   সমান স্বামীক পাই

লভজিয়া ভজিবে আনত।।৪৬৮।।

কুলে শীলে ৰূপ গুণে      তৰুণ বয়স ধনে

প্ৰভাৱে তোহ্মাক সম নাই।

এতেক তোহ্মাক মঞি      নিশ্চয় বৰিলো স্বামী

দেহাক অৰ্পিলো তযু পাই।।

হেন জানি দাসী কৰি    প্ৰভু মোক নিয়া হৰি

আপুনি আসিয়া বাহুবলে।

প্ৰমত্ত সিংহৰ ভাগ     নোছোক শৃগালে তাক

মোহোক নপাউক শিশুপালে।।৪৬৯।।

যেৱে মই জন্মে জন্মে    তোহ্মাক আৰাধি আছো

ভকতি কৰিয়া একচিত্তে।

কৰি মহা যজ্ঞ দান    হোম ব্ৰত তীৰ্থ স্নান

দেৱ দ্বিজ পূজি বিধিৱতে।।

তেৱে আসি প্ৰভু হৰি    মোহোৰ হাতত ধৰি

হৰি নিয়া কমলনয়ন।

শিশুপাল আদি কৰি   চুইবাক নপাউক মোক

তেৱে মোৰ ৰহয় জীৱন।।৪৭০।।

যোনো বোলা বন্ধুগণে    শিশুপালকেসে দেয়

মঞি কি কৰিবো এৱে যাই।

শুনা তাৰ কহো কথা    মোক যেৱে আছে বেথা

ঝাণ্ট কিৰ আসা যদুৰায়।।

বিৱাহক লাগি প্ৰভু    আৰু দুই দিন আছে

অলক্ষিতে আশা একেশ্বৰ।

চতুৰঙ্গ সেনা সাজি    পাছত আসোক লড়ি

লাগিবেক দুৰ্ঘোৰ সমৰ।।৪৭১।।

নামত অজিত তুমি    লীলায়ে জিনিবা স্বামী

দৈত্য জৰাসন্ধ আদি কৰি।

মৰ্দ্দিয়া সৱাৰো বল   ৰাক্ষস বিৱাহে মোক

বিহা কৰি নিয়া প্ৰাণ হৰি।।

যেৱে বোলা শিশুপাল   বলক মৰ্দ্দিবো মঞি

তাক লাগি কিছু চিন্তা নাই।

ৰাজাৰ কুমাৰী তুমি    অন্তেষপুৰত থাকা

তোহ্মাক পাইবো কোন ঠাই।।৪৭২।।

বন্ধু বান্ধৱক তযু      নমাৰিলে কেনে কৰি

বিহা মঞি কৰিবো তোহ্মাক।

ইহাৰ উত্তৰ প্ৰভু       শুনিয়োক কহো মঞি

নালাগে বান্ধৱ বধিবাক।।

আহ্মাৰ ৰাজ্যত হেন    আছে এক কুলাচাৰ

দেৱ যাত্ৰা বুলি কয় তাক।

বিৱাহৰ পুৰ্ব্বদিনা       প্ৰথমে কন্যাক নিয়া

নমস্কাৰ কৰাৱে দুৰ্গাক।।৪৭৩।।

মঞি প্ৰভু সেইদিনা       মন্দিৰৰ বাজ হুয়া

যাইবো মহামায়া পূজিবাক।

গৃহক আসন্তে চলি       সেহি বেলা বনমালী

অপ্ৰয়াসে হৰিবা আহ্মাক।।

যেৱে বোলা কি কাৰণে    এতেক প্ৰবন্ধ কৰা

শিশুপাল সৰ্ব্ব গুণাকৰ।

তাকে বৰা স্বামী কৰি     বুলিবাহা যদি হৰি

তেৱে শুনা মোহোৰ উত্তৰ।।৪৭৪।।

উমাপতি সমসৰ        মহন্তসকলে যাৰ

বাঞ্ছে পদ পঙ্কজৰ ধূলি।

হেন তুমি মাদৱৰ   প্ৰসাদ নপাঞো যেৱে

তেৱে জীৱ তেজিবো সমুলি।।

শিশুপাল নৃপতিক        বিষ্ঠাত অধিক দেখো

চক্ষুয়ো নচাঞো টেৰ কৰি।

তোহ্মাৰ ৰাতুল দুই      চৰণ হিয়াত কৰি

প্ৰাণক তেজিবো মঞি হৰি।।৪৭৫।।

উপবাস ব্ৰত ধৰি       শৰীৰক ক্ষীণ কৰি

এহিমতে কোটি যুগ মানে

তযু পদ প্ৰসাদক        যাৱত নাপাঞো মানে

তাৱে মঞি নেৰিবো যতনে।।

হেন জানি কৃপাসিন্ধু      ভকত জনৰ বন্ধু

মোৰ প্ৰাণ ৰাখা আসি হৰি।

সত্যে সত্যে সত্যে সত্যে   আন মঞি নভজিবো

তোহ্মাকেসে আছো বুকে ধৰি।।৪৭৬।।

শুনিয়োক সভাসদ       হুয়া আতি নিশৱদ

ৰুক্মিণীৰ দেখিয়ো ভকতি।

যেৱে আছা দৃঢ়চিত্ত       মাধৱত কৰা সত্য

আনক নযাউক মোৰ মতি।।

কৃষ্ণকেসে পূজিবোহো      কৃষ্ণকেসে ভজিবোহো

কৃষ্ণৰেসে লৈবো গুণ নাম।

এহি সত্য কৰি মনে      অনন্ত কন্দলি ভণে

নিৰন্তৰে বোলা ৰাম ৰাম।।৪৭৭।।

...........

 

।।কৃষ্ণৰ কুণ্ডিল আগমন।।

            ।।পদ।।

 

ব্ৰাহ্মণ বদতি প্ৰভু শুনা যদুপতি।

এহি গোপ্য সন্দেশ পঠাইলা মহাসতী।।

নিবেদিলো আসি তযু চৰণকমলে।

বিমৰিষি যেন যুৱাই কৰাইয়ো সকালে।।৪৭৮।।

শুক নিগদতি শুনিয়োক বিষ্ণুৰাত।

ৰুক্মিণীৰ সন্দেশ শুনিয়া যদুনাথ।।

আনন্দে দ্ৰৱিল তনু শিহৰে সঘনে।

প্ৰেমত লোতক ঝৰে কমলনয়নে।।৪৭৯।।

বিপ্ৰৰ হাতত আপোনাৰ হাত ধৰি।

মধুৰ বচনে হাসি মাতিলা শ্ৰীহৰি।।

দেখিয়োক দ্বিজ মোৰ কেমন অৱস্থা।

ঝড়ে তনু মন শুনি ৰুক্মিণীৰ কথা।।৪৮০।।

যেনমতে মোক চিন্তি ৰুক্মিণী সুন্দৰী।

নিদ্ৰা নযাই ৰাত্ৰি দিনে থাকে চিন্তা কৰি।।

ময়ো সেহিমতে ৰুক্মিণীক চিন্তি আতি।

কৰো উতপাত নিদ্ৰা নাসে দিনে ৰাতি।।৪৮১।।

শুনিয়োক মঞি নিদ্ৰা নযাঞ কি কাৰণে।

তুমি নকহিলে মঞি জানোহো আপুনে।।

মোক বৰি আছন্ত ৰুক্মিণী বৰনাৰী।

প্ৰাণ যান্তে আনক নভজে মোক এৰি।।৪৮২।।

পিতৃ মাতৃগণেও মোহোক দিবে প্ৰতি।

জ্ঞাতি মিত্ৰ আনিয়া লৈলেক অনুমতি।।

ৰুক্ম নামে পাপিষ্ঠেসে বাধিলেক মোক।

শিশুপালে নিব খোজে মোহোৰ ভাৰ্যাক।।৮৪৩।।

উৰ্দ্ধবাহু কৰি হেৰা কৰো অঙ্গীকাৰ।

যিবা ৰাজাগণ আসি সখা হৱে তাৰ।।

সৱাকে উপেক্ষি হৰি আনিবো ৰুক্মিণী।

কাষ্ঠৰ মাজৰ পৰা অগ্নিশিখা যেনি।।৪৮৪।।

সৰ্ব্বাঙ্গ সুন্দৰী সৰ্ব্বগুণে সুলক্ষণী।

মোতেসে একান্তে অৰ্পি আছে প্ৰাণখানি।।

হেন জানি কোনসতে তেজিবো সুন্দৰী।

ভক্তক তেজন্তে মোৰ প্ৰাণ যায় ছাড়ি।।৪৮৫।।

এহি বুলি বিপ্ৰক বোলন্ত যদুপতি।

বিৱাহ নক্ষত্ৰ মিলে পৰশুই ৰাতি।।

শীঘ্ৰে চলো বুলি দাৰুকক মাতি আনি।

ৰথ সাজি আনা আদেশিলা চক্ৰপাণি।।৪৮৬।।

কৃষ্ণৰ বচন শুনি সাৰথি দাৰুক।

শব্য সুগ্ৰীৱ মেঘপুষ্ট বলাহক।।

এহি চাৰি ঘোড়ে ৰথ সাজিয়া তেখনে।

অস্ত্ৰে শস্তৰে বস্ত্ৰে ছত্ৰে কাঞ্চন ভূষণে।।৪৮৭।।

গৰুড়ৰ ধ্বজ নিয়া আগতে চড়াইল।

নমস্কাৰ কৰি নিয়া কৃষ্ণত যোগাইল।।

ৰথ দেখি তেখনে উঠিল দেৱ হৰি।

পাঞ্চজন্য শঙ্খ ফুঙ্কিলা ৰঙ্গ কৰি।।৪৮৮।।

ব্ৰাহ্মণক ৰথত তুলিলা আঙ্কোৱালি।

আগকৰি পাচত বসিলা বনমালী।।

সাৰথিক বোলন্ত ডাকিয়ো শীঘ্ৰ কৰি।

যেন একদিনে পাঞো কুণ্ডিল নগৰী।।৪৮৯।।

হেন শুনি দাৰুক সৰথি চূড়ামণি।

ডাকিলন্ত ৰথখান বিদ্যুত যেহনি।।

কনক কিঙ্কণী মণি বাজে আকাশত।

উৰ্দ্ধমুখে চাহে জগতৰ প্ৰজা যত।।৪৯০।।

দুইগোটা সূৰ্য্য যেন প্ৰকাশে গগনে।

মহাশীঘ্ৰ বেগে ৰথ গৈল ৰাতি দিনে।।

বিদৰ্ভ দেশত গৈয়া ৰজনী পুহাইল।

ৰুক্মিণীত মনে হৰি নিদ্ৰাক নগৈল।।৪৯১।।

মাধৱৰ কথা আৱে এহিমানে থঞো।

ভীষ্মক কৰিল যেন সংহি কথা কঞো।।

পুত্ৰৰ স্নেহত থাকি ভীষ্মক নৃপতি।

শিশুপালে বিহা দিতে কৰিল যুগুতি।।৪৯২।।

বিৱাহৰ কাৰ্যমানে কৰিল সকল।

থানে থানে ভৈল সৱ উৎসৱ মঙ্গল।

নগৰকো অনেক কৰিলা অলঙ্কাৰ।

পদূলি পদূলি ধূপ দীপ জাতিষ্কাৰ।।৪৯৩।।

আঙ্গিনা চোতাল ক্ষুদ্ৰপথ ৰাজপথ।

পঞ্চৰত্নে ছাই সৱে মণ্ডিলা সমস্ত।।

পতাকা তোৰণ ধ্বজ পুতিলা কদলী।

থানে থানে কন্যাগণে কৰন্ত উৰুলি।।৪৯৪।।

পুষ্প গন্ধ চন্দন বসন অলঙ্কাৰ।

পিন্ধি নৰ নাৰী ফুৰে দেখি জাতিষ্কাৰ।।

মহাগৃহচয়ে কৰে নগৰী প্ৰকাশ।

অগৰু ধূপৰ গন্ধে মণ্ডিত সুবাস।।৪৯৫।।

দেৱ দ্বিজ পিতৃক অৰ্চ্চিলা নৰেশ্বৰ।

ব্ৰাহ্মণক ব্ৰহ্মভোজ কৰাইলা বিস্তৰ।।

কৰিল মঙ্গল হৰি চৰত্ৰ কীৰ্ত্তন।

দিলা মহাদান ব্ৰাহ্মাণৰ পূৰি মন।।৪৯৬।।

সুৱৰ্ণ ৰজতমিশ্ৰ গুড়মিশ্ৰ তিল।

ৰত্ন সমন্বিতে অসংখ্যাত ধেনু দিল।।

সমস্ত জানন্ত ৰাজা শাস্ত্ৰত পণ্ডিত।

বিষ্ণু তুষ্ট হোৱন্তোক আন নাহি চিত্ত।।৪৯৭।।

ভীষ্মক ৰজাৰ আৱে আছোক ব্যৱস্থা।

শিশুপাল নৃপতিৰ শুনিয়োক কথা।।

চেদিপ ৰাজ্যৰ পতি ৰাজা দমঘোষ।

পুত্ৰৰ বিৱাহ শুনি মিলিল সন্তোষ।।৪৯৮।।

বেদবিদ বিপ্ৰক আনিলা কৌতুহলে।

বিৱাহৰ শ্ৰাদ্ধ কাৰ্য কৰিলা সকলে।।

পিতৃ দেৱ পূজি ব্ৰাহ্মণক দিলা দান।

নৃপতিগণক কৰিলন্ত সনমান।।৪৯৯।।

সৱাকে সহায় কৰি পাছে আসা বুলি।

বিহা কৰিবাক শিশুপাল গৈলা চলি।।

অসংখ্যাত হয় হস্তী অসংখ্যাত ৰথ।

সুৱৰ্ণ মাণিক জ্বলে সৱাৰো গলত।।৫০০।।

অসংখ্যা পদাতি ঘোঁৰা চতুৰঙ্গ দলে।

কুণ্ডিল নগৰ গৈয়া পাইলা কৌতুহলে।।

শুনি ৰুক্মবীৰে খেদি গৈয়া আগবাঢ়ি।

বিধিৱতে পূজা কৰি নিলন্ত সাদৰি।।৫০১।।

আগে তাক লাগি সাজি আছে বাসা ঘৰ।

তাতে বাসা দিলা নিয়া ৰাজাৰ কুমাৰ।।

শিশুপালে ৰাজা সুখে কৰিলা নিবাস।

ৰুক্মিণীক পাইবো হেন মনত উল্লাস।।৫০২।।

অনন্তৰে জৰাসন্ধ ৰাজা মন্দমতি।

শাল্ব বিদুৰথ দন্তবক্ত সমন্বিতি।।

শিশুপাল নৃপতিৰ হুয়া পক্ষপাত।

পৌন্ড্ৰকক আদি দুষ্ট ৰাজাগণ যত।।৫০৩।।

পথত আসন্তে সৱে হুয়া একঠাই।

কৰিলা শপথ আদি চিত্তক দঢ়াই।।

ৰামক কৃষ্ণক সৱে কৰি শত্ৰু চিত্ত।

শিশুপাল নৃপতিৰ কল্যাণ সাধিত।।৫০৪।।

যেৱে আজি কৃষ্ণ এথা আসে কদাচিত।

বলভদ্ৰ আদি যদুবীৰ সমন্বিত।।

সৱেও যুজিবো তাক বেঢ়ি সমুদায়।

লাজ হুয়া যাইবে কৃষ্ণ কন্যাক নপাই।।৫০৫।।

এহিমতে নিশ্চয় কৰিয়া আথে বেথে।

চতুৰঙ্গ সেনা সাজি আসয় সমস্তে।।

কুণ্ডিল নগৰ গৈয়া পাইলা জাকে জাকে।

ভীষ্মকেও অনুৰূপে পূজিলা সৱাকে।।৫০৬।।

শুক নিগদতি ৰাজা শুনা মন কৰি।

কুণ্ডিলক একেশ্বৰে যেৱে গৈলা হৰি।।

পাছত জানিলা বলভদ্ৰ মহামতি।

ৰুক্মিণীৰ প্ৰতি চলি গৈলা যদুপতি।।৫০৭।।

মনত গুণয় জানো মিলয় অকাৰ্য।

কন্যাৰ নিমিত্তে চলি গৈলা যদুৰাজ।।

শুনি আছে জৰাসন্ধ আদি ৰাজাগণে।

শপথ কৰিয়া আছে যুজিবাক মনে।।৫০৮।।

সৱে শত্ৰগণে তথা হৈবে একথান।

কৃষ্ণ একেশ্বৰে দেখি নকৰিব মান।।

অৱশ্যে কন্যাক হৰি নিব দামোদৰ।

কন্যাৰ কাৰণে ঘোৰ মিলিবে সমৰ।।৫০৯।।

যদ্যপি অকলে তাক পাৰিবে গোপালে।

সিংহক কৰিবে কিবা লক্ষেক শৃগালে।।

তথাপি মোহোৰ খেদি যাইবাক যৱায়।

কৃষ্ণৰ সমান কোন আছে প্ৰাণভাই।।৫১০।।

দৈৱকীয়ো আসি পাছে বুলিলা দুনাই।

একেশ্বৰে প্ৰাণ মোৰ গৈল যদুৰায়।।

ঝাণ্ট কৰি বলাই খেদি যাৱ সমদলে।

গদ সাত্যকিয়ো যাওক তোৰ অনুকূলে।।৫১১।।

প্ৰাণপুত্ৰ মাধৱক ৰাখিবা আপুনি।

কৃষ্ণতেসে আছে জানা মোৰ প্ৰাণখানি।।

হেন শুনি বলভদ্ৰ ভৈল সলোতক।

তিলেকে জড়াইল যত যাদৱ কটক।।৫১২।।

ভ্ৰাতৃৰ স্নেহত আতি আকুল শৰীৰ।

কুণ্ডিলক লাগি চলি গৈলা মহাবীৰ।।

অসংখ্যাত হস্তীৰথ ঘোটক পদাতি।

নাহিকে বিশ্ৰাম চলি যান্ত দিনে ৰাতি।।৫১৩।।

আৱে শুনা ৰুক্মিণীৰ যেন ভৈলা কথা।

ব্ৰাহ্মণক দূত পঠাই মাধৱৰ তথা।।

পাইবো প্ৰাণকৃষ্ণ হেন মনত দঢ়াই।

আসিবন্ত পাৰে বুলি আছে বাট চাই।।৫১৪।।

নিদ্ৰা নাসে নয়ন শয়নে সুখ নাই।

সদায় থাকন্ত মাধৱৰ গুণ গাই।।

কেতিয়া দেখিবো প্ৰভু কমলনয়ন।

স্বপনতো কৃষ্ণকেসে দেন্ত আলিঙ্গন।।৫১৫।।

অনন্তৰে ভৈলা আসি বিহাৰ সন্নিত।

কৃষ্ণ নাসিবাৰ দেখি থিৰ নোহে চিত্ত।।

শিশুপাল ৰাজা আসি ভৈল সমদল।

তাক শুনি দশগুণে দহে শোকানলে।।৫১৬।।

ব্ৰাহ্মণো নাসিল নাসিলন্ত প্ৰাণহৰি।

এহি বুলি বিলাপ কৰন্ত বৰনাৰী।।

হৰি হৰি মঞি কিনো ভৈলো মন্দভাগী।

ৰাত্ৰিগোট আছে মাত্ৰ বিৱাহক লাগি।।৫১৭।।

অদ্যাপি নাসিল প্ৰভু কমললোচন।

কিসক নাসন্ত তাৰ নজানো কাৰণ।।

যিটো ব্ৰাহ্মণত কই পটাইলো সন্দেশ।

অদ্যাপিও তভো আসি নভৈল প্ৰৱেশ।।৫১৮।।

প্ৰথমে আসিবে কিবা কৰিলা যতন।

পাছে কিবা মনত গুণিলা নাৰায়ণ।।

উলটিয়া ৰহিলন্ত কিবা দামোদৰ।

এতেক বিলম্বে লাজ ভৈলা ব্ৰাহ্মণৰ।।৫১৯।।

নিৰ্গুণ পুৰুষ হৰি সৰ্ব্ব গুণাকৰ।

কামিনীমোহন যাক নাহি পটন্তৰ।।

মঞি পাপিষ্ঠীত কিবা দেখিয়া কুনয়।

আতেসে বিলম্ব কৰি নাসন্ত নিশ্চয়।।৫২০।।

ভৈলোহে দু্ৰ্ভাগী কিবা বক্ৰ ভৈলা বিধি।

আতেসে নভৈলা মোৰ মনোৰথ সিদ্ধি।।

মোৰ অনুকুল নভৈলন্ত মহেশ্বৰ।

আতেসে নপাইলো প্ৰাণ স্বামী দামোদৰ।।৫২১।।

কিবা মোত বিমুখ ভৈলন্ত গোৰীপতি।

কৃষ্ণ বিনে কাতো মঞি নকৰো ভকতি।।

এহি কাৰ্য্যে মহামায়া কৰিলে কপট।

আতবা নপাইলো স্বামী কৃষ্ণৰ নিকট।।৫২২।।

এহিমতে বহুবিধ তৰ্কিলা আপুনি।

কৃষ্ণক নেদেখি আতি বিকল ৰুক্মিণী।

কৃষ্ণতেসে আছে তান মন বুদ্ধি প্ৰাণ।।

নুমুদন্ত চক্ষু সতী নাহি স্মৃতি জ্ঞান।।৫২৩।।

লোতকে পূৰিল মুখ আকুল নয়ন।

হা কৃষ্ণ বুলি ফোকাৰন্ত ঘনে ঘন।।

এহিমতে আছে মাধৱক বাট চাই।

একক্ষণ গৈলা জানো কোটি যুগ যায়।।৫২৪।।

পাছে আসি আপোনাতে ভৈল সুমঙ্গল।

তাক দেখি ৰুক্মিণীৰ ভৈলা কৌতুহল।।

বাম বাহু উৰু বাম নয়ন স্পন্দয়।

কৃষ্ণ আসি পাইলা হেন বাৰ্ত্তাক কহয়।।৫২৫।।

সকলো লক্ষণ দেখি জানন্ত আপুনি।

পাইবো কৃষ্ণ স্বামী বুলি থাকিলন্ত গুণি।।

অনন্তৰে ব্ৰাহ্মণ সহিতে নাৰায়ণে।

কুণ্ডিল সমীপ আসি পাইলা ৰঙ্গমনে।।৫২৬।।

বিপ্ৰক বোলন্ত গুৰু নামিয়ো ৰথৰ।

ৰুক্মিণীৰ পাশে চলি যায়োক সত্বৰ।।

আমি আসি পাইলো ৰুক্মিণীত দিয়ো জান।

মোক নেদেখিয়া পাচে তেজে জানো প্ৰাণ।।৫২৭।।

কৃষ্ণৰ বচনে বিপ্ৰ নামিল ৰথৰ।

তৈৰ হন্তে ভুনি তুলি দিলেক লৱড়।।

অন্তেষপুৰক লাগি গৈলা দৰদৰি।

আনন্দে ভূমিত যেন নপাৰন্ত ভৰি।।৫২৮।।

ৰুক্মিণী আছন্ত বসি বিপ্ৰক নিহালি।

আসন্ত ব্ৰাহ্মণ দেখিলন্ত মাথা তুলি।।

হৰিষ বদনে বিপ্ৰ আসে গঞভৰি।

ইঙ্গিত জানিল আসিলন্ত প্ৰাণহৰি।।৫২৯।।

আগবাঢ়ি আসি দেৱী দিলন্ত আসন।

বসিল ব্ৰাহ্মণ আতি প্ৰসন্ন বদন।।

ৰুক্মিণী পুছিলা আতি সকৰুণ কৰি।

কহিয়োক গুৰু কিবা আসিলন্ত হৰি।।৫৩০।।

ব্ৰাহ্মণ বদতি আই তঞি ভাগ্যৱতী।

তোহোৰ ভক্তিত তুষ্ট ভৈলা যদুপতি।।

শুনিল মাত্ৰকে হৰি আসিল লৱড়ি।

পাইবি কৃষ্ণ স্বামী থাক শোক পৰিহৰি।।৫৩১।।

সত্য অঙ্গীকাৰ হৰি কৰিলা আপুনি।

সৱে ৰাজা জিনি হৰি আনিবা ৰুক্মিণী।।

তোহ্মাৰে প্ৰসাদে মোৰ মিলিল মুকুতি।

আনিয়া ঠেকাইলো তিনি ত্ৰৈলোক্যৰ পতি।।৫৩২।।

হেন শুনি ৰুক্মিণীৰ ভৈলা মহোৎসৱ।

আসিলা টিকৰ স্বামী প্ৰাণৰ মাদৱ।।

আনন্দে ব্যাপিল দেৱী ভৈল উনমাদ।

বিপ্ৰক উচিত খুজি নপান্ত প্ৰসাদ।।৫৩৩।।

ব্ৰাহ্মণেসে আনি মোক দিল প্ৰাণ হৰি।

সমস্ত সৰ্ব্বস্ব দিলে নুহি আক সৰি।।

কেৱলে ইহাঙ্ক মঞিচ কৰো নমস্কাৰ।

নমস্কাৰ বিনে কিছো সম নাহি আৰ।।৫৩৪।।

এহি বুলি বিপ্ৰক নমিলা মহাসতী।

কৰযোৰ কৰি পাছে বুলিলন্ত স্তুতি।।

মাধৱক আনি মোক দিলা প্ৰাণদান।

কোন প্ৰিয় মিত্ৰ আছে তোহ্মাৰ সমান।।৫৩৫।।

এহি বুলি দিলা পাচে অসংখ্যাত ধন।

ব্ৰাহ্মণ গৃহক চলি গৈলা ৰঙ্গমন।।

ৰুক্মিণী থাকিল মাধৱক ধ্যান কৰি।

কেতিয়া দেখিবো প্ৰাণবন্ধু দেৱহৰি।।৫৩৬।।

অনন্তৰে বলভদ্ৰ চতুৰঙ্গ দলে।

মাধৱক লাগ আসি পাইলা কৌতুহলে।।

দেখিয়া হৰিষ আতি ভৈলা দুই ভাই।

একেলগে কুণ্ডিলক প্ৰৱেশিলা যাই।।৫৩৭।।

শুনা নৰ নাৰী ভাগৱত কথা সাৰ।

অমৃতসাগৰ আৰ কোনে পাৱে পাৰ।।

পদবন্ধে ৰচিবাক নপাৰি বিশেষ।

কিন্তু কৃষ্ণনাম মাত্ৰ কৰো উপদেশ।।৫৩৮।।

পঙ্কতে উপজে যদি পদ্মপুষ্পচয়।

নালত কণ্টক আতি দেখি লাগে ভয়।।

তভো তাৰ কিছু দোষ নধৰে ভ্ৰমৰে।

মধুপান কৰি তাতে ক্ৰীড়ে নিৰন্তৰে।।৫৩৯।।

মোৰ পদ পদ্মৰ নালৰ সমসৰ।

হৰিকথা পদ্ম মহা মধু পটন্তৰ।।

হেন জানি শুনা যাৰ আছে মনকাম।

অনন্ত কন্দলি কহে বোলা ৰাম ৰাম।।৫৪০।

...........................

।।কৃষ্ণক ভীষ্মক ৰজাৰ আদৰণি।।

।।দুলড়ী।।

কুণ্ডিল নগৰ      মহা মনোহৰ

পাইলা যেৱে ৰাম হৰি।

কটোৱালে যাই     ৰাজাত জনাইল

আতি আথেবেথ কৰি।।

দ্বাৰকাৰ হন্তে      বিৱাহ চাহিতে

আসি ভৈলা কৃষ্ণ ৰাম।

আতি কৌতুহলে         চতুৰঙ্গ দলে

দিবাক নাহি উপাম।।৫৪১।।

হেন বাৰ্ত্তা শুনি         ভীষ্মক ৰাজাৰ

মহাৰঙ্গ ভৈলা মনে।

সমদলে সাজি      আগ বাঢ়িবাক

চলি গৈলা তেতিক্ষণে।।

কুলবৃদ্ধগণ        লগতে লড়িল

হাতে ফল ফুল ধৰি।

নট ভাট যত     চলিল সমস্ত

ৰাজাক চোপাশে বেঢ়ি।।৫৪২।।

অসংখ্য মৃদঙ্গ          দুন্দুভি বজাৱে

বাৱে আতি ঢাকঢোল।

বিপ্ৰগণে ছানি          কৰে বেদধ্বনি

নুশুনিয় মাত বোল।।

ভীষ্মক নৃপতি          ৰাম মাধৱক

আগ বাঢ়িবাক যান্ত।

নগৰৰ যত           আছে নৰ নাৰী

নিৰন্তৰে শুনিলন্ত।।৫৪৩।।

ত্ৰৈলোক্যমোহন          ৰাম নাৰায়ণ

আসি ভৈলা দুই ভাই।

লৱড়া লৱড়ি          কৰে নৰ নাৰী

আনন্দৰ সীমা নাই।।

কোহে পাৰৈ ডাক       ঝাণ্টে লউ লাগ

পেসা মাসা খুল ভাই।

আসা মিতা সাজি   দেখো গৈয়া আজি

ৰাম কৃষ্ণ যদুৰায়।।৫৪৪।।

শশুৰ খুড়াই           জমাই মমাই

দদাই বিনীসি শ্যাল।

ঝাণ্টে আসা লড়ি       দেখা নেত্ৰভৰি

আসন্ত ৰাম গোপাল।।

নাৰীগণে আতি         মাতে ডাক ছাড়ি

ঝাণ্টে আসা আই বাই।

শাশু সখী পেসী        কেনে আছা বসি

দেখো গৈয়া যদুৰায়।।৫৪৫।।

সতিনী মিতিনী              ননন্দ বহিনী

মাতে আতি গেৰি পাৰি।

আসা খুড়ী মামী        দেখো গৈয়া আমি

ৰথে যান্ত ৰাম হৰি।।

চিৰকাল শুনি     আছো তান গুণ

ত্ৰৈলোক্য নাহি উপাম।

সফলো নয়ন          কমল বদন

দেখো গৈয়া কৃষ্ণ ৰাম।।৫৪৬।।

নন্দেৰ নন্দন          কমল বদন

শুনি আছো যেন ঠাই।

কিনো আজি ভাগ্য       মিলিল আহ্মাৰ

দেখিবোহো বিদ্যমান।।

এহি বুলি বুলি         লৱড়া লৱড়ি

কৰে সৱে নৰ নাৰী।

কৃষ্ণক চাহিতে          চিত্ত উল্লসিত

চলে ঘৰ বাড়ী এৰি।।৫৪৭।।

একোহো সুন্দৰী         ৰূপে বিদ্যাধৰী

কটিত মেখলা জ্বলে।

স্তন হল ফল          কৰ্ণত কুণ্ডল

চৰণে নূপুৰ বাজে।।

ৰাম মাধৱক           চাহিতে লৱড়ে

কাঢ়য় খৰ উশাস।

বসন ভূষণ           কেশো নসম্বৰে

শৰীৰো হোৱে উদাস।।৫৪৮।।

নাহি তভো লাজ        তেজি নিজ কাজ

চলি গৈল কুলনাৰী।

পুত্ৰ মিত্ৰ ভাই          বাধে তভো যায়

শৰ্য্যাতে স্বামীক এৰি।।

এহিমতে যত               নৰনাৰীগণ

চলি গৈলা সমুদায়।

হস্তী হয় ৰথ          জুৰিলেক পথ

ভৰি দিৱে ঠাই নাই।।৫৪৯।।

যাইবেক নপাৰি         কতো নৰ নাৰী

চড়িল গৃহ উপৰে।

কতো বৃক্ষ চড়ি        ৰৈল দৃষ্টিভৰি

কৃষ্ণক চাহিতে তড়ে।।

প্ৰজাৰ গিৰত          বাদ্য ভণ্ড ৰোলে

লড়ে যেন মহীখণ্ড।

জয় কৃষ্ণ বুলি         নচুৱালে তুলি

চিহ্ন চৌণ্ডা ছত্ৰ দণ্ড।।৫৫০।।

কতো বেলি যাই        ভীষ্মক নৃপতি

মাদৱক পাইলা লাগ।

ত্ৰাহি কৃষ্ণ বুলি         দণ্ডৱতে পৰি

প্ৰণামিলা মহাভাগ।।

দেখি নাৰায়ণে         কৰিয়া আশ্বাস

উঠিয়োক ৰাজা বুলি।

বলোক প্ৰণাম          কৰিয়া ভীষ্মক

মাতিলন্ত কৃতাঞ্জলি।।৫৫১।।

দুয়ো ভাই মোৰ        গৃহক আসিয়া

কৰিয়ো জন্ম সাফল।

পুৰুষ উদ্ধাৰ           কৰিয়ো আহ্মাৰ

দেখোহো পদকমল।।

ৰাজাৰ বচনে          তুষ্ট ভৈলা হৰি

ধীৰে ধীৰে চলি যান্ত।

যত নৰ নাৰী         চাৱৈ নেত্ৰ ভৰি

আনন্দৰ নাহি অন্ত।।৫৫২।।

ত্ৰৈলোক্যমোহন          তনু ঘনশ্যাম

তাতে শোভে পীতবাস।

কমল নয়ন           মধুৰ বচন

প্ৰকাশে ঈষত হাস।।

প্ৰফুল্লকমল            মধুৰবদন
অমৃতৰ পূ্ৰ্ণ পাত্ৰ।

নেত্ৰাঞ্জলি কৰি         পীয়ে নৰ নাৰী

এক দৃষ্টি চাৱে মাত্ৰ।।৫৫৩।।

অন্যো অন্যে কথা       কহে নৰ নাৰী

কিনো ৰূপ অদভুত।

মদন মোহন           পুৰুষ শোভন

সকল গুণে যুগুত।।

ইহানেসে ভাৰ্য্যা         হৈবেক যুগুতি

ৰুক্মিণী যেন কামিনী।

কদাচিতো আন         পুৰুষৰ যোগ্য

নুহি নুহি সুলক্ষিণী।।৫৫৪।।

পৰমা সুন্দৰী      ৰুক্মিণীক যোগ্য

কৃষ্ণেসে উচিত স্বামী।

যেৱে সেহি সিদ্ধি        আৱে সাধে বিধি

তেৱেতো জীৱঞো আমি।।

জন্মে জন্মে যত        পূণ্য কৰি আছো

আমি সৱে নৰনাৰী।

সেহি পূণ্যে তুষ্ট         হোৱন্ত আহ্মাক

ত্ৰৈলোক্য ঈশ্বৰ হৰি।।৫৫৫।।

এতেক কৃপাত     কৰন্তো আহ্মাক

তুষ্ট হুয়া জগন্নাথ।

এহি কৃষ্ণে আজি        ৰুক্মিণীক বিহা

কৰন্তোক বিধিৱত।।

এহি মহাপ্ৰেমে      কহে নৰ নাৰী

কৃষ্ণৰ ৰূপক দেখি।

হৰিয়ো সৱাকে     হাসিয়া আহ্মাকে

কটাক্ষে চান্ত নিৰেক্ষি।।৫৫৬।।

শুনা সৰ্ব্বজন     ত্ৰৈলোক্যমোহন

কৃষ্ণৰ ইটো চৰিত্ৰ।

এহিসে সকলে ॥    জগত মঙ্গল

শুনন্তে হৰি দুৰিত।।

কৃষ্ণৰ চৰণে             শৰণ পশিয়া

অনন্ত কন্দলি ভণে।

দীৰ্ঘ ৰাৱ ছাড়ি         বোলা হৰি হৰি

সমজ্যাৰ যত জনে।।৫৫৭।।

.....................

।।কৃষ্ণপ্ৰাপ্তৰ বাবে ৰুক্মিণীৰ পূজা অৰ্চনা।।

                         ।।পদ।।

 

এহিমতে ৰাজপথে চলন্ত মুৰাৰি।

দীপ ঘট ধৰি আসি অসংখ্যাত নাৰী।।

দুৰ্ব্বাক্ষত সিঞ্চি কৰে কৃষ্ণক জোকাৰ।

ৰুক্মিণী সহিতে হৌক বসতি তোহ্মাৰ।।৫৫৮।।

হেন শুনি অল্প কৰি হাসিলন্ত হৰি।

অনন্তৰে পাইলা গৈয়া ৰাজাৰ ওৱাৰি।।

বহল সমাজে বসি আছে ৰাজাগণ।

ৰাম মাধৱক দেখি মৰিল যেহেন।।৫৫৯।।

যেন সূৰ্য্য শশী আসি ভৈলন্ত উদিত।

তবধে থাকিল সৱে দেখি বিপৰীত।।

ভীষ্মক নৃপতি ষড়ঘৰ সাজি আনি।

ৰাম মাধৱক অৰ্চ্চিলন্ত মহামানী।।৫৬০।।

সুৱৰ্ণৰ সিংহাসন আনি মান্য কৰি।

দিলন্ত নৃপতি বসিলন্ত ৰাম হৰি।।

সুৱৰ্ণৰ ডাৱৰ তুলি চৰণ ধুৱাইল।

পাদোদক জল আনি শিৰত সিঞ্চিল।।৫৬১।।

অৰ্ঘ মধুপৰ্ক আৰো দিলা আচমানি।

দুইকো বহুমানে অৰ্চ্চিলন্ত ভিন্ন ভিন্নি।।

দিব্য পীতবস্ত্ৰ আমি কৃষ্ণক পিন্ধাইল।

মহানীল বস্ত্ৰে বলভদ্ৰক কছাইল।।৫৬২।।

দুইকো অনুৰূপে পিন্ধাইলা অলঙ্কাৰ।

বিচিত্ৰ চম্পক মালা পিন্ধাইলা আৰ।।

কৰ্পূৰ তাম্বুল উপায়ন বস্তু যত।

ভকতি কৰিয়া নিবেদিলা মাধৱত।।৫৬৩।।

ভীষ্মক নৃপতি আতিশয় মহামতি।

জানিলা কৃষ্ণেসে হৈবে ৰুক্মিণীৰ পতি।।

এহি জানি কৃষ্ণক পূজিলা বিধিমতে।

কৃষ্ণেসে সকল বস্তু লৈলা হাতে হাতে।।৫৬৪।।

ৰাম মাধৱৰ অনুচৰ আছে যত।

যত সেনাগণ মানে আছয় লগত।।

সৱাকো ভীষ্মক ৰাজা মহা প্ৰেমভাৱে।

কৃষ্ণদাস বুলি পূজিলন্ত গাৱে গাৱে।।৫৬৫।।

অসংখ্য কটক পাছে পাঞ্চি নৰেশ্বৰ।

তেখনে সাজিয়া দিলা দিব্য বাসাঘৰ।।

তাতে নিয়া ৰাম মাধৱক দিলা থান।

আনন্দে ভুঞ্জাইলা ষড়ৰস অন্ন পাণ।।৫৬৬।।

এহিমতে কৃষ্ণক অতিথি ভাৱে পূজি।

কৃতকৃত্য ভৈলা ৰাম মাধৱক ভজি।।

অনন্তৰে কৃষ্ণ আসি বসিলা সভাত।

নৃপতি গণৰ মাজে মহেন্দ্ৰ সাক্ষাত।।৫৬৭।।

আনো যত ৰাজা মানে মিলিল তহিত।

সৱাকে ভীষ্মক অৰ্চ্চিলন্ত যথোচিত।।

মাধৱৰ তেজে আজি জ্বলে সভাখান।

চন্দ্ৰৰ উদয়ে যেন প্ৰকাশে গগন।।৫৬৮।।

জৰাসন্ধ মানে যত দুষ্ট ৰাজাগণে।।

অধোমুখে চাহি আছে নভাসে নয়নে।।

কেহো ৰাজা বোলে আজি হৈব অথান্তৰ।

ৰুক্মিণীক অৱশ্যে হৰিব দামোদৰ।।৫৬৯।।

লাগিবে সমৰ আজি ঘোৰ অদভুত।

কোন মৰে কোন বাচে নজানি প্ৰস্তুত।।

নপাইবেক কন্যা আজি জানো শিশুপালে।

দেখিল মাত্ৰকে হৰি নিবন্ত গোপালে।।৫৭০।।

কৃষ্ণকেসে দিবে লৱে ভীষ্মকৰ মতি।

এতেকেসে দেখা কেনে কৃষ্ণত ভকতি।।

কৃষ্ণকেসে দিবে লৱে ভীষ্মকৰ মতি।

এতেকেসে দেখা কেনে কৃষ্ণত ভকতি।।

শিশুপাল নৃপতিক কটাক্ষে নচাৱে।

কৃষ্ণকেসে ঘনে ঘনে পূজে প্ৰেমভাৱে।।৫৭১।।

বিষ্ণুত ভকত যত আছে ৰাজাগণ।

কৃষ্ণক দেখিয়া সৱে আনন্দিত মন।।

সৱে সাধে ৰুক্মিণীক পাৱন্ত গোপালে।

নপাউক নপাউক মন্দমতি শিশুপালে।।৫৭২।।

নট ভাট বিপ্ৰগণে চৌপাশে উপাসি।

কৃষ্ণৰেসে গুণ গাৱে অনেক প্ৰশংসি।।

জয় জয় যদুকুল কমললোচন।

প্ৰচণ্ড মাৰ্ত্তণ্ড দুষ্ট দানৱ খণ্ডন।।৫৭৩।।

তোহ্মাৰ সদৃশ প্ৰভু আছে কোনজন।

আছয় নৃপতি যত আছে দেৱগণ।।

আনো সৱ মহিমাক ৰটে নটে ভাটে।

শুনি দুষ্ট নৃপতিসৱৰ কাণ ফাটে।।৫৭৪।।

ভকতৰ মহাৰঙ্গ মিলে শুনি শুনি।

সকলে সমাজে শুনি কৰে হৰিধ্বনি।।

এহিমতে হৰিষে আছন্ত ৰাম হৰি।

ৰুক্মিণীৰ কথা আৱে শুনা ৰঙ্গ কৰি।।৫৭৫।।

অনেক সুন্দৰী নাৰী হুয়া একথান।

বিধিৱতে ৰুক্মিণীক কৰাইলন্ত স্নান।।

অভিনৱ বস্ত্ৰ আনি পিন্ধাইলা দুখানি।

ৰত্নৰ মেখলা কটি বান্ধি আছে টানি।।৫৭৬।।

থানে থানে পিন্ধাইলা বত্ৰিশ অলঙ্কাৰ।

শিৰত সেন্দূৰ নিবন্ধিলা কেশভাৰ।।

নাৰীগণে সূত্ৰ বস্ত্ৰ বান্ধিলা কৰত।

স্তনত কুঙ্কুম দিলা অঞ্জন নেত্ৰত।।৫৭৭।।

সাম ঋক যৰ্জুৰ্ব্বেদ পঢ়ি দ্বিজগণে।

শিৰে ৰক্ষা বান্ধিলেক হৰিৰ কীৰ্ত্তনে।।

অৰ্থৰ্ব্ব বেদৰ মন্ত্ৰে গুৰু পুৰোহিতে।

গ্ৰহ শান্তি হেতু হোম দিলন্ত অগ্নিতে।।৫৭৮।।

অনন্তৰে ভৈলা আসি যাত্ৰাৰ সময়।

সাজ সাজ বুলি ৰুক্মবীৰে আদেশয়।।

দুৰ্গাক প্ৰণামি গৈয়া আসন্তো ৰুক্মিণী।

সাজ ভৈলা সৱে কুমাৰৰ আজ্ঞা শুনি।।৫৭৯।।

ৰাজাৰ বল্লভা শশীপ্ৰভা মহাদই।

যাত্ৰা কৰি সাজ ভৈলা ৰুক্মিণীক লই।।

অনেক মঙ্গল ৰঙ্গ কৰি কুলাচাৰ।

দুৰ্গাক পূজিবে লাগি লৈলন্ত সম্ভাৰ।।৫৮০।।

পিন্ধি গন্ধ চন্দন বসন বিভূষণ।

আগত চলিল ব্ৰাহ্মণৰ বধুগণ।।

যাত্ৰা কৰি চলি গৈলা ৰুক্মিণী সুন্দৰী।।

কৃষ্ণৰ চৰণ দুই হৃদয়ত ধৰি।।৫৮১।।

মৃদঙ্গ গোমুখ শঙ্খ বাৱে তুড়ি ভেৰী।

নাৰীগণে চলি গৈলা লাস বেশ কৰি।।

মহাবীৰগণো যায় চৌপাশে আৱৰি।

পৰম সন্নিধে সৱে অস্ত্ৰ শস্ত্ৰ ধৰি।।৫৮২।।

কৃষ্ণৰ চৰণ মাত্ৰ চিন্তন্ত ৰুক্মিণী।

আন গতি নাহি মোৰ প্ৰাণ হৰি বিনি।।

মাতৃগণ সঙ্গে ৰঙ্গে চলন্ত সুন্দৰী।

সমান বয়সী সখীগণ যায় বেঢ়ি।।৫৮৩।।

সৱেয়ো সুন্দৰী সুকুমাৰী চান্দমুখী।

চন্দ্ৰৰ লগত যেন তাৰা পাৰে জিকি।।

কতো সৱে ধৰি চলে সুৱৰ্ণৰ ঘট।

সুফল পল্লৱ ঘট লই নেত পট।।৫৮৪।।

কতোজনী লৈয়া চলে সুৱৰ্ণৰ ডালি।

উচ্চ কুচভৰে আতি হালয় কঙ্কালি।।

ঘৃতৰ প্ৰদীপ ধৰি চলে দুই শাৰী।

ৰুক্মিণীৰ আগে কতো নেয় নেত পাৰি।।৫৮৫।।

যাত্ৰা কৰি চলি গৈলা ৰুক্মিণী সুন্দৰী।

কৃষ্ণৰ চৰণ দুই হৃদয়ত ধৰি।।

দুৰ্গাক দেখন্তে ভূমিপাৱে যায় ছলি।

বতাসতে হালে তনু লয়নি পুতলি।।৫৮৬।।

ৰত্নৰ নূপুৰ মণি ৰুণঝুণ বাজে।

তেজ ফুটি বাজ যেন হোৱে প্ৰতি খোজে।।

নাৰীগণে ঘনে ঘনে পাৰয় উৰুলি।

চিহ্ন গাউল দণ্ড নচুৱাৱে তুলি তুলি।।৫৮৭।।

নট ভাটে চাটু পটু ৰটয় আশেষ।

নাচয় গাৱয় বাদ্য বাৱয় বিশেষ।।

এহিমতে ৰুক্মিণী চলয় ভঙ্গি ধৰি।

ওৱাৰি ছড়ায়া পাচে পাইলন্ত নগৰী।।৫৮৮।।

লগতে চলিল নগৰৰ নৰ নাৰী।

কৃষ্ণৰ চৰিত্ৰ গাৱে সকল সুন্দৰী।।

মাধৱত লগাই সৱে ৰুক্মিণীক জুড়ি।

মনত হৰিষে নাৰীগণে গাৱে খেড়ি।।৫৮৯।।

শুনি ৰঙ্গে ৰুক্মিণী চলন্ত ধীৰে ধীৰ।

কতোক্ষণে পাইলা গৈয়া দুৰ্গাৰ মন্দিৰ।।

ভৃঙ্গাৰ ধৰিয়া দাসী ধুৱাইলন্ত পাৱ।

আচান্ত কৰিয়া দেৱী ভৈলা শুদ্ধ ভাৱ।।৫৯০।।

পাচেসে পশিলা গৈয়া দুৰ্গাৰ গৃহত।

লগতে পশিলা ব্ৰাহ্মণৰ কন্যা যত।।

বয়সত বৃদ্ধ যত জানন্ত বিধিক।

ভালমতে দুৰ্গাক পূজাইলা ৰুক্মিণীক।।৫৯১।।

শিৱক পূজিল আৰো দেৱ গণপতি।

ভিন্নে ভিন্নে সৱাকো কৰিলা স্তুতি নাতি।

পুষ্প গন্ধ চন্দন সিন্দূৰ দূৰ্ব্বাক্ষত।

দীপ ধূপ বসন ভূষণ নানামত।।৫৯২।।

নানা দ্ৰেব্যে পূজি আৰো প্ৰদীপ পঙ্কতি।

নিবেদিল ৰুক্মিণী মনত কৰি স্তুতি।।

প্ৰণামো অম্বিকা দেৱী হুয়োক প্ৰসন্ন।

লগতে প্ৰণামো তযু স্বামী ত্ৰিলোচন।।৫৯৩।।

তযু পুত্ৰ গণেশকো কৰো নমস্কাৰ।

মনোৰথ সিদ্ধি সৱে সাধিয়ো আহ্মাৰ।।

ত্ৰৈলোক্য ঈশ্বৰ কৃষ্ণ ভুৱন সুন্দৰ।

হোৱন্তোক স্বামী মোৰ প্ৰাণৰ ঈশ্বৰ।।৫৯৪।।

মোক অপ্ৰসায়ে হৰি নিয়োক গোপালে।

নপাওক নপাওক মোক পাপী শিশুপালে।।

এহিমতে মানসিয়া পূজিলা দুৰ্গাক।

পাচে অৰ্চ্চিলন্ত সৱে বিপ্ৰৰ ভাৰ্য্যাক।।৫৯৫।।

আসি আছে আনো সৱ কুলবধূগণ।

সৱাকো অৰ্চ্চিলা দেৱী কৰিয়া সন্মান।।

গন্ধ চন্দন পুষ্প কুঙ্কুম সিন্দূৰ।

আদা সোণ জাতিফল তাম্বুল কৰ্পূৰ।।৫৯৬।।

পিষ্টক গুণ্ডিক ইক্ষুদণ্ড নানা ফুল।

গাৱে গাৱে ৰুক্মিণী দিলন্ত কৌতুহল।।

সৱাকে ৰুক্মিণী পাচে কৰিলা প্ৰণাম।।

সৱেও বুলিলা হৌক সিদ্ধি মনষ্কাম।।৫৯৭।।

শিৱ নিৰ্ম্মাল্যক আনি ব্ৰাহ্মণীসকলে।

ভুঞ্জা বুলি ৰুক্মিণীক দিলা কৌতুহলে।।

দুয়ো হাত পাতি তাক লৈলন্ত সাদৰি।

ভুঞ্জিলন্ত কৰ্পূৰ তাম্বুল ৰঙ্গ কৰি।।৫৯৮।।

মৌনব্ৰত তেজি পাচে হুয়া ৰঙ্গ মন।

দুৰ্গাৰ গৃহৰ হন্তে কৰিলা গমন।।

সখীৰ হাতত ধৰি হাসি লীলা কৰি।

গোৱিন্দৰ গুণ গাই চলিলা সুন্দৰী।।৫৯৯।।

মৃদঙ্গ মন্দিৰা তাল ধৰি সখীচয়।

পঞ্চম উচ্চৰি হৰি গুণক গাৱয়।।

কৃষ্ণকেসে চিন্তি মনে চলন্ত সুন্দৰী।

অনেক যুৱতী চলে চৌপাশি আৱৰি।।৬০০।।

ৰুক্মিণীৰ ৰূপ গুণ দেখে যিটো জনে।

কামে মোহ হুয়া সৱে পৰে সেহি থানে।।

বৃদ্ধো যুৱা ভৈলা যেন বৃক্ষো মঞ্জৰিল।

বাৰৱ বসন্ত আসি তথাতে মিলিল।।৬০১।।

ৰুক্মিণীৰ পদ গন্ধ বায়ু অনুসৰি।

ভ্ৰমৰৰ পংক্তি ফুৰে চৌপাশে আৱৰি।।

মলয়া পৱন বলে নাদয় কোকিল।

মদনৰ ভাৱ যত সকলে মিলিল।।৬০২।।

মদনৰ ভাৱ যেৱে সকলে মিলিল।

আকাশত দেৱগণে পুষ্প বৰিষিল।।

ৰুক্মিণী আসন্ত চলি মাধৱক মনে।

ঘনে ঘনে চান্ত আতি কটাক্ষ নয়নে।।৬০৩।।

কৃষ্ণক বিচাৰি চান্তে পৰে যাত দৃষ্টি।

হৃদয়ে আকুল হুয়া মৰে কামে ফুটি।।

যতেক নৃপতিসৱ হুয়া একসাজু।

মাধৱক ভয়ে সৱে দিয়া আছে বাজু।।৬০৪।।

যোনো আসি ৰুক্মিণীক কৃষ্ণে নেই হৰি।

এহি বুলি সাজি আছে জমজমি কৰি।।

শিশুপাল নৃপতিও আছয় তড়াসে।

অসংখ্য কটক সাজি ফুৰে চতুষ্পাশে।।৬০৫।।

মোৰ যোনো ভাৰ্য্যাক মাধৱে নেই হৰি।

সৱাকে জনায়ে ফুৰে থাক অস্ত্ৰ ধৰি।।

নাই ভয় বুলি শ্বাস দেয় ৰাজাগণে।

এতেকে ৰাজাক কি কৰিবে নাৰায়ণে।।৬০৬।।

যেৱে আজি হৰে তেৱে দেখা কেন কৰো।

সকল ৰাজাই বেঢ়ি মাধৱক মাৰো।।

এহি বুলি হাতী ঘোঁৰা ৰথে চড়ি চড়ি।

অসংখ্যাত ৰাজা চাই আছে দৃষ্টিভৰি।।৬০৭।।

মাধৱো আছন্ত আপোনাৰ ৰথে চড়ি

ভ্ৰূভঙ্গ মাহিকে মহামত্ত লীলা কৰি।।

কতো দূৰে দেখিলেক আসন্ত ৰুক্মিণী।

সৰ্ব্বাঙ্গ সুন্দৰী আতি ত্ৰৈলোক্যমোহিনী।।৬০৮।।

জৰাসন্ধ আদি যত আছে ৰাজাগণ।

দেখি মহা মোহ ভৈল থিৰ নুহি মন।।

পূৰ্ব্বত মোহিনী নাৰী ভৈল যেন হৰি।

যাক দেখি মহা মোহ ভৈল ত্ৰিপুৰাৰি।।৬০৯।।

ৰুক্মিণীৰ ৰূপক দেখিয়া সেহিমত।

কোন মহাজনে থিৰ হৈবেক শকত।।

সৰ্ব্ব সুলক্ষণী মধ্যক্ষিণী বৰবালা।

কুণ্ডলে মণ্ডিত মুখ জ্বলে শশীকলা।।৬১০।।

নিৰ্মল গৌৰাঙ্গ তনু বিদ্যুতৰ পান্তি।

পিন্ধি আছে নেতবস্ত্ৰ কৰে মহাকান্তি।।

হৃদয়ত বাঢ়ে আতি নৱ কুচ দুই।

দুই গুটি চন্দ্ৰ যেন আছে আঁৰ হুই।।৬১১।।

বিচিত্ৰ কৰিয়া বান্ধি আছন্ত কৱৰী।

মালতী মধাই পুষ্প দিয়া ভৰিপুৰি।।

স্বভাবে সহিত মুখ অৰুণ অধৰ।

কোটি বিম্বফলে তাক নপাৱে ওচৰ।।৬১২।।

অল্প অল্প দেকি কুন্দকড়ি দন্তপান্তি।

নয়ন কমল আতি হাসি চন্দ্ৰকান্তি।।

ৰত্নৰ মেখলা পিন্ধি আছে কটি মাজে।

সোণাৰ কিঙ্কিণী তাতে ৰুণঝুণ বাজে।।৬১৩।।

শিথিলে আসন্ত চলি ৰাজহংস যেনি।

ৰুণঝুণ কৰিয়া নূপুৰ কৰে ধ্বনি।।

চৰণকমলে স্থলকমলক গঞ্জে।

নখচন্দ্ৰে ঝিকি পাৰৈ পৃথিৱীকো ৰঞ্জে।।৬১৪।।

কুটল কুন্তলচয় বলাইবাৰ চলে।

সঘনে কৃষ্ণক চান্ত মনত বিকলে।।

হেনয় সুন্দৰ ৰূপ দেখি ৰুক্মিণীৰ।

কোন প্ৰাণী আছে মন কৰিবেক থিৰ।।৬১৫।।

যতেক নৃপতি চাই আছে মোহ হুই।

হৃদয়ত সৱাৰো লাগিল কামজুই।।

শুনা নৰনাৰী ইটো কথা অনুপাম।

কৃষ্ণত ভকতি ভৈলে সিজে সৱে কাম।।৬১৬।।

ভকতক লাগ দেন্ত আপুনি মুৰাৰি।

অনন্ত কন্দলি ভণে ডাকি বোলা হৰি।।৬১৭।।

......................

।।অভকত ৰজাসৱৰ কাম-উন্মাদনা।।

।।ঝুনা।।

 

ৰথে চড়ি জৰাসন্ধ ৰায়।

আছে ৰুক্মিণীৰ ৰূপ চাই।।

উঠিল তাৰ ঘোৰ কামজ্বৰ।

কাম্পয় হাত পাৱ কলেৱৰ।।৬১৮।।

হাতৰ খসি গৈল ধনু বাণ।

কটিৰ বসন নলৱে থান।।

হৰিল স্মৃতি বুদ্ধি সমুদায়।

পৰিল তিনি ঘৰাকাতি খাই।।৬১৯।।

ৰুক্মিণী হাসি তুলিলন্ত দেখি।

বেঢ়ি হাসে সৱে লগৰ সখী।।

ৰখীয়া কটকেও হাসে বেঢ়ি।

পৰিল জৰাসন্ধ দান্ত তড়ি।।৬২০।।

দন্তবক্ৰ ৰাজা আছয় চাই।

ৰুক্মিণীক দেখি কাম উধাই।।

ৰথৰ হন্তে তিনি পাক খাই।

পড়িল সিও দান্ত নিকটাই।।৬২১।।

হৰিত ভকত যত নৃপতি।

আছন্ত চাহি নাহি কামমতি।।

অভকত যত পৰয় ঢলি।

হাসন্ত জয় জয় হৰি বুলি।।৬২২।।

শাল্ব শিশুপাল পৌন্ড্ৰক ৰায়।

ৰুক্মিণীক দেখি আছয় চাই।।

ধৰিলা মায়াময় যেন আসি।

অস্ত্ৰ শস্ত্ৰ সৱে পৰিল খসি।।৬২৩।।

দেখিয়া ৰুক্মিণী তুলিলা হাসি।

মাথাৰ কিৰীটি পৰিল খসি।।

নৰহে তনু মদনৰ জ্বালে।

পৰিল ৰথৰ হন্তে নিঢালে।।৬২৪।।

বিহুটি হাসে সখীগণে চাই।

ই-হেন ৰাজাৰ দেখা বিলাই।।

ভকতসকলে হাসে উৎসুকে।

জয় হৰি ধ্বনি কৰে আথাকে।।৬২৫।।

আনো যত দুষ্ট নৃপতি কুল।

ৰুক্মিণীক দেখি কামে বাউল।।

ৰথে ঘোড়ে গজে আছয় পৰি।

নিঢালে পৰে হাত ভৰি এৰি।।৬২৬।।

লড়ে হাড় ঘাড় বিহঢ়ে শিৰ।

নাকে কাণে মুখে বহে ৰুধিৰ।।

কতো ৰাজাগণে চেতন পাই।

বিনাৱে আতি ৰুক্মিণীক চাই।।৬২৭।।

কাম সমুদ্ৰত কৰিয়ো পাৰ।

ভৈলোহো সুন্দৰী দাস তোহ্মাৰ।।

তোহ্মাৰ কটাক্ষ ছটাক পাই।

ধৰিল কামদেৱে ছেগ চাই।।৬২৮।।

জানিয়া প্ৰাণ কৰা পৰিত্ৰাণ।

বাৰেক দিয়ো আলিঙ্গন দান।।

শুনিয়া ৰুক্মিণী নচান্ত ঘিণে।

কিসক মৰয় নিলাজগণে।।৬২৯।।

নাহিকে জ্ঞান যেন মাতোৱাল।

চাহিবাকো আক নুহিকে ভাল।।

এহি বুলি বিষ্ণু সুপৰি শান্তি।

চলন্ত ধীৰে মাধৱক চিন্তি।।৬৩০।।

সকল লোকে একমনে শুনা।

অনন্ত কন্দলি ভণিল ঝুণা।।

যেৱে নিস্তাৰিবা দাৰুণ কাম।

নিৰন্তৰে ডাকি ঘোষিয়ো ৰাম।।৬৩১।।

.........................

।।ৰুক্মিণী-হৰণ।।

।।দুলড়ী।।

এহিমতে যত          দুষ্ট ৰাজাগণ

আসি আছে সেহি ঠাই।

ৰুক্মিণীৰ হাস্য     কটাক্ষ দেখিয়া

মোহ ভৈল সমুদায়।।

অস্ত্ৰ শস্ত্ৰ এৰি     পৃথিৱীত পৰি

তেজে ৰথ গজ বাজী।

ৰুক্মিণীক চাই      ব্যাকুলে থাকিল

কাম সমুদ্ৰত মজি।।৬৩২।।

ৰুক্মিণী ৰমণী      কমলনয়নী

মনোহৰ ৰূপ ধৰি।

কৃষ্ণকেসে মনে     আতি লয়লাসে

চলি যান্ত লীলা কৰি।।

মনত গুণন্ত       প্ৰভু ভগৱন্তে

এভো আছা বাট চাই।

ঝাণ্টে নিয়া মোক   দুখ দূৰ হৌক

দেখো তযু পদ যাই।।৬৩৩।।

এহিমতে গুণি      চলন্ত ৰুক্মিণী

লাসে লাসে ধীৰে ধীৰ।

গমনৰ ছলে      কৃষ্ণক দেখান্ত

আপোন ৰূপ ৰুচিৰ।।

প্ৰথম তৰুণী      বীৰ বিমোহিনী

চলন্ত পদ কমলে।

ইভিতি সিভিতি         চান্ত ঘনে ঘন

কৃষ্ণক নানান ছলে।।৬৩৪।।

কতোক্ষণে যাই     কৃষ্ণৰ সমীপ

পাইলন্ত ৰুক্মিণী সতী।

ৰথত চড়িয়া      গম্ভীৰ স্বভাৱে

আছন্ত জগতপতি।।

বাম কৰে তুলি         অলকা পঙ্কতি

ঈষত কটাক্ষ কৰি।

সাক্ষাতে কৃষ্ণক         দেখিলা ৰুক্মিণী

আছা দিব্যৰূপ ধৰি।।৬৩৫।।

পীত বসন       তনু নৱ ঘন

মুখে শোভে মৃদু হাস।

কমলনয়ন        প্ৰসন্নবদন

সকলে গুণে নিৱাস।।

দেখি চন্দ্ৰমুখী     কৃষ্ণক নিৰীক্ষি

ৰহিলন্ত সেহি ঠাৱ।

নুহি থিৰ মন       জুৰয় নয়ন

উপজিল প্ৰেমভাৱ।।৬৩৬।।

কৈসানি কৃষ্ণৰ     ৰথত চড়িবো

নসহয় আৰু প্ৰাণ।

চল চল বুলি      মাতে সখীগণে

নাহি আৰ তাত জ্ঞান।।

ভকত বৎসলে     দেখিল সকলে

ৰুক্মিণীৰ যেন ভাৱ।

ভৈল সলোতক     নয়নকমল

তানো শিহৰিল গাৱ।।৬৩৭।।

ৰথত উঠিবে      খোজন্তে ৰুক্মিণী

জানিলন্ত দেৱ হৰি।

আতি আথে বেথে   ৰথৰ নামিয়া

লড় দিল বেগ কৰি।।

সখীগণ মাজে     আছন্ত ৰুক্মিণী

পাইল গৈয়া একে চাম্পে।

কোলে ধৰি আনি       ৰথত তুলিয়া

উঠিলন্ত একে জাম্পে।।৬৩৮।।

যত শত্ৰুচয়      আসিয়া আছয়

কাৰো স্মৃতি বুদ্ধি নাই।

ৰুক্মিণীক হৰি      নিলন্ত মুৰাৰি

থাকিলন্ত বেন্ত বাই।।

যেন শৃগালৰ      মধ্যত আছিল

প্ৰমত্ত সিংহৰ ভাগ।

একেচাবে আসি     কাঢ়িয়া নিলেক

কোনে কি কৰিবে তাক।।৬৩৯।।

সেহিমতে হৰি     সমস্ত ৰাজাক

কৰি আতি তিৰষ্কাৰ।

ৰুক্মিণীক লই      চলি গৈলা প্ৰভু

আনন্দৰ নাহি পাৰ।।

বলভদ্ৰ আদি      যদুবীৰগণে

কৃষ্ণক চলিল বেঢ়ি।

বাবে বাদ্য ভণ্ড    নচুৱাৱে দণ্ড

জয় হৰি ধ্বনি কৰি।।৬৪০।।

.............

 

।।সমৰৰ বাবে বিপক্ষ ৰজাগণৰ প্ৰস্তুতি।।

।।ছবি।।

 

ৰুক্মিণীক হৰি যেৱে    লীলায়ে লৈ যান্ত কৃষ্ণ

একোজনে বাধন্তা নভৈল।

হেন দেখি শিশুপাল     ৰাজাৰ মুণ্ডত যেন

আকাশী সৰগ ভাগি গৈল।।

কোপে অপমানে দুখে    মাতিলে মলিন মুখে

নৃপতি গণক কোপে চাই।

সৱে চাই আছা মোৰ    কন্যাক লৈ যান্ত হৰি

গোৱালে গোটেকে লাগ পাই।।৬৪১।।

আছিলা শপথ কৰি     কৃষ্ণক যুজিবো বুলি

আৱে কেনে আছা থিয় হুই।

কন্যা দেখি ভৈলা ভোল    হৰুৱালা মাতবোল

কিসক নমৰা লাজে গই।।

জৰাসন্ধ আদি কৰি    নৃপতিয়ে মাতিলন্ত

ভালেতো বোলয় শিশুপাল।

এতেক ৰজাৰ আগে   বিহাৰ কন্যাক নিলে

আমি সৱে ভৈলোহো শৃগাল।।৬৪২।।

সৱে জয় ভৈল নাশ   শত্ৰৰ তোলাইলো হাস

তৰতে বুড়াইলো কেন কৰি।

সিহংৰ ভাৰ্য্যাক যেন    মৃগে আসি নেয় হৰি

কোন লাজে আছো প্ৰাণ ধৰি।।

ধিক বল পৰাক্ৰম    এতেকে নভৈলা সম

শুনিয়ো হাসিবে নাৰীগণে।

হেনজানি এহি থানে   আছো আৰু কি কাৰণে

মাধৱক খেদি যাঞো ৰণে।।৬৪৩।।

নকৰিবো আজি বাঙ্কি    যুজিবোহো প্ৰাণ টাঙ্কি

যেন যেই হৌক মোৰ ভাগে।।

এহি বুলি জৰাসন্ধ     দন্তবক্ৰ মহানন্দ

শাল্ব শিশুপাল আদি কৰি।

ৰথ ধ্বজ গজ বাজী   পৃথকে পৃথকে সাজি

য়ুদ্ধক লড়িল দড়দড়ি।।৬৪৪।।

কৱচে ঢাকিয়া তনু       দৃঢ়মুঠি ধৰি ধনু

মহা বায়ুবেগে খেদি গৈল।

ধীৰে ধীৰে যান্ত হৰি   মহা মত্ত লীলা কৰি

কতো দূৰে দৰশন পাইল।।

কৃষ্ণক দেখিয়া কাড়ি    ধনুক টঙ্কাৰ কৰি

মাতে মহা আৰ্ত্তনাদ কৰি।

ৰহ ৰহ অৰে কৃষ্ণ    আজিসি মৰিলি নিষ্ঠ

বিহাৰ কন্যাক নেস হৰি।।৬৪৫।।

মাধৱৰ সেনা শুনি      উলটি ৰহিল গুণি

আহ্মাকেসে কৰে তিৰস্কাৰ।

চপকৰে হুয়া সাজু    দেখিয়া পাতিল বাজু

বোলে ধৰ ধৰ কাট মাৰ।।

মাধৱৰ প্ৰসাদত      গৰ্জ্জে যেন ময়মত্ত

আটোপে বাহুত দাম্ফি মাৰি।

সৱাকে পেলাইবো ছেদি  ৰুধিৰে বহাইবো নদী

এহি বুলি মোচৰয় দাড়ি।।৬৪৬।।

শুনিয়োক সভাসদ       ৰুক্মিণীহৰণ পদ

কৃষ্ণৰ বিজয় মনোময়।

ভকতৰ মহোৎসৱ       দুৰ্জ্জনৰ পৰাভৱ

শ্ৰৱণতে মুকিতি মিলয়।।

দুষ্টৰ ঐশ্বৰ্য্য যত      কিছু নাহি সাৰস্বত

হৰি হৰিবেক একেতিলে।

দেখিয়োক বিদ্যমান    নকৰিবা তাক জ্ঞান

মাধৱক ভজিয়ো সকলে।।৬৪৭।।

তাহাৰেসে মহালাভ       তাহাৰেসে মহাযশ

তাহাৰেসে কৈতো নাহি ভয়।

ভকতৰ মহোৎসৱ     দুৰ্জ্জনৰ পৰাভৱ

শ্ৰৱণত মুকুতি মিলয়।।

হেন জানি মাধৱক    হৃদয়ত ধৰিয়োক

শ্ৰৱণ কীৰ্ত্তন ভাৱ ধৰি।

অনন্ত কন্দলি ভণে     গতি নাহি কৃষ্ণ বিনে

নিৰন্তৰে বোলা হৰি হৰি।।৬৪৮।।

..................

 

।।বিপক্ষ ৰজাগণৰ পৰাভৱ আৰু ৰুক্মবীৰৰ প্ৰাণৰক্ষা।।

                           ।।পদ।।

শুক নিগদতি ৰাজা শুনা পৰীক্ষিত।

যেন বিপৰীত যুদ্ধ মিলিল তহিত।।

ৰথে ঘোড়ে গজে চড়ি যাদৱসকলে।

মাধৱক পাচ কৰি ধাইল কুতূহলে।।৬৪৯।।

নৃপতিগণৰ সেনা দেখি লাগে ডৰ।

প্ৰলয় কালৰ যেন প্ৰচণ্ড সাগৰ।।

কৃষ্ণৰ সেনাক চাই বেঢ়ি সমুদায়।

কৰিলেক শৰবৃষ্টি দশোদিশ চাই।।৬৫০।।

মেঘে যেন পৰ্ব্বতক বৰিষিল ধাৰে।

নেদেখি কৃষ্ণৰ সেনা ঢাকিলেক শৰে।।

ৰুক্মিণীৰ মনে মহা মিলিল বিষাদ।

মনত বোলয় জানো মিলয় প্ৰমাদ।।৬৫১।।

স্বামীৰ সেনাক দেখো ঢাকিলেক শৰ।

ভয় ভৈল গোসানী কাম্পয় কলেৱৰ।।

অভিনৱ লাজে ভয়ে আকুল নয়নে।

কৃষ্ণৰ মুখক মাত্ৰ চান্ত ঘনে ঘনে।।৬৫২।।

মাধৱে দেখন্ত ভয় ভৈলন্ত ৰুক্মিণী।

দুই হাতে সাৱটিয়া চপাইলন্ত আনি।।

প্ৰসন্ন বদনে হাসি বুলিলন্ত বাণী।

নাহি নাহি ভয় স্বস্থ হৈয়োক ৰুক্মিণী।।৬৫৩।।

যত শত্ৰু সেনা দেখা আসি আছে মানে।

তযু সেনাগণে বিনাশিব এতিক্ষণে।

সিংহক কি কৰে দেখা শূকৰৰ পালে।

ৰঙ্গ চাই থাকা পলাইবেক একেতিলে।।৬৫৪।।

হেন শুনি ৰুক্মিণীৰ ভয় ভৈল দূৰ।

আনন্দে উজ্জ্বল মুখ হৰিষ প্ৰচুৰ।।

তিলেক নভৈল মাধৱৰ সেনাগণে।

শৰৰ পাঞ্জাৰ কাটি পেহ্লাইলা তেক্ষণে।।৬৫৫।।

সাত্যকি সঙ্কৰ্ষণ গদ আদি কৰি।

শত্ৰুৰ সেনাক পেহ্লাইন্ত কাটি মাৰি।।

তোল তোল বুলি আতি পাৰয় আটাস।

নৃপতিগণৰ সৱে লাগিল তৰাস।।৬৫৬।।

অসংখ্য নাৰাচ সৱে হানন্ত আথাকে।

হস্তী হয় ৰথক কাটন্ত জাকে জাকে।।

লাঙ্গলে আজুৰি বলভদ্ৰে টানি টানি।

মুষলে কোবায়া সংহাৰিয়া আনে ধুনি।।৬৫৭।।

ৰুক্মিণী সহিতে চলিলন্ত বনমালী।

যদুৰীৰগণে সৱে লৈ যান্ত নিদলি।।

মাধৱে বোলন্ত কেনে দেখিয়ো সুন্দৰী।

আহ্মাৰ সেনাক কোন জন হৈৱে সৰি।।৬৫৮।।

হেন শুনি ৰুক্মিণী হাসিলা মুচুকায়।

মধুৰ বচনে মাতিলন্ত মুখ চাই।।

প্ৰণামি বোলন্ত প্ৰভু শুনা প্ৰাণদেৱ।

তোহ্মাৰ সেনাক জানো সম নাহি কেৱ।।৬৫৯।।

এতেকে তোহ্মাক বৰি আছো স্বামী কৰি।

যেন তেন মতে ৰাখি নিয়ো প্ৰাণ হৰি।।

এহি হৌক বুলি হাসি থাকিল মুৰাৰি।

যদুবীৰগণে খেদি নেয় কাটি মাৰি।।৬৬০।।

ৰাহুত মাহুত ৰথী সাৰথিৰ শিৰে।

ঢাকিলেক পৃথিৱীক দেখি নিৰন্তৰে।।

কিৰীটি কুণ্ডলসৱ আছে শাৰী শাৰী।

তাৰা যেন জিকি পাৰে শোভে বসুন্ধৰী।।৬৬১।।

অসংখ্যাত কাটা হস্তী আছে পৰি পৰি।

ধনু গদা খড়্গ ধৰি আছে মুঠি ধৰি।।

কাটা উৰু ভৰি পৰি আছে কোটি কোটি।

উট খৰ নৰ অসংখ্যাত আছে কাটি।।৬৬২।।

ভয়ঙ্কৰ ৰণস্থলী চাহান নযায়।

আছোক যুজিবে তাক দেখি ধাতু যায়।

হেন দেকি যতেক নৃপতি ভৈল ভয়।

অসংখ্যাত সেনাসৱ গৈলা যমালয়।।৬৬৩।।

যাদৱৰ মূৰ্ত্তি দেখি কাম্পে তৰতৰি।

জৰাসন্ধ আদি সৱে পলাই দড়াদড়ি।।

ৰাজাগণ পলাই যায় আতি ব্যুহ ভঙ্গে।

দেখি যদুবীৰগণে খেদে মহাৰঙ্গে।।৬৬৪।।

জয় জয় কৃষ্ণ বুলি বাৱে ঢাক ঢোল।

তুমুল শবদে গৈয়া পাইল স্বৰ্গকোল।।

আকাশত দেৱগণে কৰে জয় জয়।

কৃষ্ণৰ শিৰত দিব্য পুষ্প বৰিষয়।।৬৬৫।।

যতেক নৃপতি সৱে গৈল যুদ্ধ হাৰি।

ৰুক্মিণী সহিতে ৰঙ্গে চলিল মুৰাৰি।।

শিশুপাল ৰাজা ভৈলা বাতুল পৰায়।

হৰাইল বিহাৰ কন্যা শোকে ধাতু যায়।।৬৬৬।।

শ্ৰীহত ভৈল মনে নখণ্ডয় দুখ।

ধান দিলে হোৱে আখৈ শুকাই আছে মুখ।।

জৰাসন্ধ আদি ৰাজা হুয়া একঠাই।

পাচে তাক সৱে গৈয়া বুলিলা বুজাই।।৬৬৭।।

শুনিয়ো পুৰুষসিংহ ৰাজা শিশুপাল।

এতমান শোক কৰিবাক নুহি ভাল।।

ভাল মন্দ দুয়ো সৰ্ব্বকাল নথাকয়।

হেন জানি মনোকষ্ট এড়া মহাশয়।।৬৬৮।।

বিশেষত ঈশ্বৰে কৰন্ত যেন নয়।

তাহান চেষ্টাক কোনে বাধিবে পাৰয়।।

যেন দাৰুময় কন্যা সাজিয়া কৃহকে।

যেনমতে নচুৱাৱে নাচে সেহি পাকে।।৬৬৯।।

সেহিমতে সুখ দুখ দেখা যত যত।

ঈশ্বৰ ইচ্ছায়ে মিলে জানা স্বৰূপত।।

মঞি হেন দেখা কেন জৰাসন্ধ ৰাজা।

প্ৰতিজোপে সাজি তেইশ আক্ষৌহিণী প্ৰজা।।৬৭০।।

তথাপি সোতৰ বাৰ হাৰো মাধৱত।

একবাৰ মাত্ৰ পাচে জিনিলো ৰণত।।

তভো অনুশৌচ মঞি নকৰো হৰিষ।

জানো কালে হাৰো আমি কৰিবোহো কিস।।৬৭১।।

সংসাৰত আছে প্ৰাণী দেখা যত যত।

সৱেও কালৰ বশ্য জানা স্বৰূপত।।

আজিও দেখিলা কেনে কালৰ মহিমা।

এতেকে নৃপতি কটকৰ নাহি সীমা।।৬৭২।।

কৃষ্ণৰ পালিত ইটো অল্প যদুগণে।

জিনিলেক হাৰি সৱে পলাইলোহো ৰণে।।

এতিক্ষণে হেন জানি তেজা তুমি শোক।

কাল বলে যদুগণে আহ্মাক জিনোক।।৬৭৩।।

যেক্ষণে আহ্মাৰ কাল হৱে অনুকূল।

তেৱেসে যাদৱকুল কৰিবো নিৰ্ম্মূল।।

এহি বুলি প্ৰবোধ কৰিল মিত্ৰগণে।

শিশুপাল চলি গৈলা আপোন ভৱনে।।৬৭৪।।

হতশেষ প্ৰজা যত ৰাজাগণ মানে।

সৱে চলি গৈল আপোনাৰ থানে থানে।।

পাচে ৰুক্মবীৰ শুনিলেক সেহি কথা।

যুদ্ধ হাৰি ৰাজাগণ পলাই আছে যথা।।৬৭৫।।

ধিক ধিক বুলি ৰাজাগণক নিন্দিয়া।

অগনি সমানে ক্ৰোধে গৈলেক জ্বলিয়া।।

এক অক্ষৌহিণী সেনা সাজি সমদলে।

কৃষ্ণক যুজিবে খেদি গৈল সেহি তালে।।৬৭৬।।

পলাই আসে ৰাজাগণ দেখিলেক আগে।

তাসম্বাক নিন্দা বুলিলেক যত লাগে।।

মোৰ প্ৰাণ বহিনী গোৱালে নেই হৰি।

যতেক নৃপতি তাত যায় যুদ্ধ হাৰি।।৬৭৭।।

জানিলো পৰৰ কাৰ্য্য নসাধয় পৰে।

ইটো কাৰ্য্য সাধিবাক লাগয় আহ্মাৰে।।

শুন অৰে ৰাজাগণ বোলো সাৰে সাৰ।

উৰ্ধবাহু হুয়া হেৰা কৰো অঙ্গীকাৰ।।৬৭৮।।

ৰুক্মিণীক নেমেলাই কৃষ্ণক নমাৰি।

সত্যে সত্যে নপশিবো কুণ্ডিল নগৰী।।

এহি বুলি যুদ্ধক লড়িলা দড়দড়ি।

কৱচে ঢাকিলা অনু হাতে ধনু ধৰি।।৬৭৯

সাৰথিক বোলে মোৰ ঝাণ্টে ৰথ ডাক।

কৃষ্ণৰ ওচৰ ঝাণ্টে চপায়ো আহ্মাক।।

আতি দুষ্টমতি গোপালৰ গৰ্ব্বমানে।

চূড় কৰো দেখা তীক্ষ্ণ শৰৰ সন্ধানে।।৬৮০।।

যি গৰ্ব্বে চুৰ আজি কৰো ৰণে জিনি।।

এহি বুলি গালি পাৰি যায় খঙ্গে আতি।

কৃষ্ণৰ মহিমা নজানয় মলমতি।।৬৮১।।

সকল জগত যাৰ গৰ্ভৰ ভিতৰে।

তাঙ্ক যুজিবাক পাপী চলে একেশ্বৰে।।

ধীৰে ধীৰে যান্ত হৰি লাগ পাইল যাই।

ৰহ ৰহ কৃষ্ণ বুলি মাতে গেৰিয়াই।।৬৮২।।

ধনুক আজুড়ি জুৰিলেক তিনি বাণ।

দৃঢ় কৰি মাধৱক কৰিলা সন্ধান।।

হাসিয়া মাতিল পাচে মাধৱক চাই।

ক্ষণিতেক ৰহ কেনে কৰোহো বিলাই।।৬৮৩।।

শুন যদুকুল বিলোপক কৃষ্ণ ধুৰ্ত্ত।

মোৰ ভগিনীক লৈয়া যায় কৃষ্ণ কুত্ৰ।।

কাকে যেন চাম্প দিয়া নেই হবিভাগ।

তাৰ কৈক যাস তই যমে পাইলো লাগ।।৬৮৪।।

কুট নাট যুদ্ধ কৰি ফুৰ ছেগ চাই।

তোহোৰা ভাৱনা চূড় কৰো এহি ঠাই।।

যাৱে নতু হত হৱ মোৰ এহি ঘাৱে।

মোহোৰ ভগিনী ৰুক্মিণীক এৰ তাৱে।।৬৮৫।।

হেন শুনি কৃষ্ণে হাসিলন্ত অল্প কৰি।

ধনু তাৰ ছেদিলন্ত এক শৰ মাৰি।।

ছয় শৰে ৰুক্মকো ভেদিলা লম্ভকৰে।

ৰথ চাৰি ঘোঁৰাক তাড়িল আঠ শৰে।।৬৮৬।।

দুই শৰে সাৰথিক ভেদি তেতিক্ষণে।

তিনি বাণে ধ্বজকো ছেদিলা নাৰায়ণে।।

পাচে আন ধনু ধৰিলেক ৰুক্মবীৰে।

পঞ্চ বাণে কৃষ্ণকো তাড়িলা দৃঢ়তাৰে।।৬৮৭।।

কৃষ্ণ পাচে ছয় শৰ কৰিলা প্ৰহাৰ।

সিয়ো ধনুখান কাটি পেহ্লাইলা তাহাৰ।।

পুনঃ আন ধনু লৈলা ৰাজাৰ কুমাৰে।

তাকো তেতিক্ষণে কাটিলন্ত দামোদৰে।।৬৮৮।।

হেন দখি ৰুক্মক বীৰে পৰিঘ হানিল।

হাসি নাৰায়ণে তাকো পথতে কাটিল।।

শূল পট্টিস খড়্গ শকতি তোমাৰ।

মাৰিবাক লাগি যত ধৰে নিৰন্তৰ।।৬৮৯।।

অলক্ষিতে হাতত কাটিলা নাৰায়ণে।

কৃষ্ণৰ লীলাক বুজিবেক কোন জনে।।

হেন দেখি ৰুক্মবীৰে কোপ অপমানে।

ডেৱ দিয়া ৰথৰ নামিলা তেতিক্ষণে।।৬৯০।।

খাণ্ডা বাৰূ ধৰি মাধৱক ধাই যায়।

প্ৰচণ্ড বহ্নিক যেন পতঙ্গ পৰায়।।

খেদি আসে দেখি শৰ মাৰিল মুৰাৰি।

কাটিলন্ত খড়্গ চৰ্ম্ম তিলসম কৰি।।৬৯১।।

খড়্গ চৰ্ম্ম ছেদ ভৈল হৰিল প্ৰতাপ।

ৰুক্মবীৰ ভৈলেক নিৰ্ব্বিষ ঢোণ্ডাসাপ।।

হেন দেখি চাব দিয়া ধৰি বনমালী।

কাটিবাক লাগি তীক্ষ্ণ খড়্গ লৈলা তুলি।।৬৯২।।

বাম হাতে চুলত ধৰিলা চক্ৰপাণি।

কাটিবে খোজন্ত দেখি ডৰিলা ৰুক্মিণী।।

জ্যেষ্ঠ ভাই কাটা যায় মোহোৰ নিদানে।

থাকিবে কুযশ মোৰ যাৱে ঝীঞোমানে।।৬৯৩।।

এহি মনে গুণি আথে বেথে মহাসতী।

কৃষ্ণৰ চৰণ ধৰি কৰন্ত কাকূতি।।

অৰুণ চৰণ দুই ধৰি মহাশান্তী।

ভ্ৰাতৃৰ সন্তাপে দেৱী কান্দি মাতিলন্তি।।৬৯৪।।

শুনা প্ৰাণেশ্বৰ মঞি বোলো এক বাণী।

তোহ্মাৰ মহিমা ব্ৰহ্মা শঙ্কৰো নজানি।।

হেন দেৱ দেৱ তুমি ত্ৰিজগতপতি।

পতঙ্গ বধিবে প্ৰভু নুহিকে যুগুতি।।৬৯৫।।

বিশেষত ভাই মোৰ জানে সৰ্ব্বজন।

মোহোক চাহন্তে প্ৰভু কৰিয়ো ৰক্ষণ।।

জীয়ন্ততে মৰা ইটো নুবুজয় বল।

মৰাক মাৰিলে প্ৰভু সিজে কোন ফল।।৬৯৬।।

সকলে জগতে মোক নিন্দা কৰিবেক।।

আগতে আছন্তে জ্যেষ্ঠ ভাই কটাইলেক।।

ইটো কুখিযাতি মোৰ হুইবে গুৰুতৰ।

হেন জানি ভ্ৰাতৃদান দিয়ো প্ৰাণেশ্বৰ।।৬৯৭।।

এহি বুলি কৃষ্ণৰ চৰণে ধৰি শান্তী।

ৰাখা ৰাখা প্ৰভু বুলি বিলাপ কৰন্তি।।

শুখাইল সুন্দৰী মুখ কাম্পে হাত পাৱ।

মুখৰো নোহ্লাই মাত গদ গদ ভাৱ।।৬৯৮।।

সুৱৰ্ণৰ মালা পিন্ধি আছয় শিৰত।

সিয়ো খসি পড়িল কৃষ্ণৰ চৰণত।।

চক্ষুৰ লোতক বহি পৰে সৰসৰি।

ৰুক্মিণীৰ শোক দেখি তুষ্ট ভৈলা হৰি।।৬৯৯।।

হাসিয়া বোলন্ত সতী এৰা চৰণৰ।

নকাটিবো তযু ভাই নকৰিবা ডৰ।।

কিন্তু কিছু শাস্তি কৰিবোহো মান সাৰি।

এহি বুলি খড়্গখান থৈলন্ত সামৰি।।৭০০।।

তাহাৰ কেশৰ পাচে এৰিয়া মুৰাৰি।

বস্ত্ৰে পকাই বান্ধিলন্ত গলে দিয়া জৰী।।

চক্ৰ ধৰি মুণ্ডিলন্ত দেৱ হৰি।

দেখি যদু সেনা নাচে জয় জয় কৰি।।

তাহাৰ সেনাত গৈয়া পশি সেহি তালে।

একদিকি কৰি মাৰি নেই সমদলে।।৭০২।।

যেন পদ্ম বনত পশিয়া হস্তীচয়।

অক্ষৌহিণী সেনা তিলেকতে ভৈল ক্ষয়।।

পাচে বলভদ্ৰ আদি যদু বীৰগণে।

কৃষ্ণৰ সমীপ আসি ভৈল ৰঙ্গমনে।।৭০৩।।

ৰুক্মবীৰ গৈলা হাৰি মুণ্ডি গোম্ফ কেশ।

বান্ধি থৈয়া আছে তাক দেখিতে কুবেশ।।

মৃতক স্বভাৱ যেন নাহি ৰাৱ বাৱ।

দেখি বলভদ্ৰৰ মিলাল দয়াভাৱ।।৭০৪।।

আৰো দেখিলন্ত শোকে কান্দন্ত ৰুক্মীণী।

ভাতৃৰ বিৰূপ দেখি আকুলে যেহেনি।।

বোলন্ত মাধৱে কৰিলন্ত বৰ শাস্তি।

বান্ধ মেলি গৃগক পঠায়ো বুলি মাতি।।৭০৫।।

এহি বুলি বলভদ্ৰে মেলিলা বন্ধন।

কৃষ্ণক ঈষত নিন্দা বুলিলা বচন।।

শুনা কৃষ্ণ হেন কেনে কৰিলা অকৰ্ম্ম।

আমি হেন সজ্জনৰ নুহি ইটো ধৰ্ম্ম।।৭০৬।।

ৰুক্মিণীৰ জ্যেষ্ঠ ভাই হোৱে তযু শ্যাল।

তাক কি এনুৱা শাস্তি কৰিবাক ভাল।।

মুণ্ডিলাহা গুম্ফ কশ দেখিতে কুবেশ।

সুহৃদৰো বন্ধুত্ব অধিক ইটো ক্লেশ।।৭০৭।।

থৈলা কুখিয়াতি ইটো পাইলেক ডৰ।

আৰো আক বান্ধিয়া আছাহা দামোদৰ।।

ভ্ৰাতৃৰ বিৰূপ দেখি কান্দন্ত ৰুক্মিণী।

কেন হেন নিদাৰুণ ভৈলা চক্ৰপাণি।।৭০৮।।

কাটিবাৰ দোষ যদি কৰে কদাচিত।

তথাপি উচিত নুহি কুটুম্ব বধিত।।

কিন্তু নিজ দোষে ত্যাগ ভৈলা সিটো জন।

আপুনি মৰাক মাৰি আছে কোন জন।।৭০৯।।

ৰাজ্য মহী ধন জন ভাৰ্য্যাৰ কাৰণে।

আনো নানা কাৰ্য্য কতো স্ত্ৰীৰ নিদানে।।

শ্ৰীমদে অন্ধ হুয়া পাতকীসকল।

মহন্তক অৱহেলি যায় ৰসাতল।।৭১০।।

হেন জানি আক আউৰ নকৰিবা ক্ৰোধ।

তোহ্মাক যুজিলে যদি নাহি আত বোধ।।

বৰ শাস্তি কৰিলাহা পাইলা বৰ লাজ।

আউৰ কিছু নুবুজিবা যাওক নিজৰাজ।।৭১১।।

মাথাত ওৰণী দিয়া কান্দন্ত ৰুক্মিণী।

তাহাঙ্ক প্ৰবোধি পাচে বুলিলন্ত বাণী।।

শুনিয়ো ৰুক্মিণী দোষ নিদিবা আহ্মাৰ।

তযু ভাই অধৰ্ম্মে ভুঞ্জিলা আপোনাৰ।।৭১২।।

সুখ দুঃখ দাতা কতো নাহি আন জন।

যিটো জনে কৰে সেহি ভুঞ্জয় আপোন।।

হেন জানি বষাদ এড়িয়ো মহাসতী।

স্বামীক চাহন্তে থিৰ কৰিয়োক মতি।।৭১৩।।

বিশেষত ক্ষত্ৰিয় জাতিৰ ইটো ধৰ্ম্ম।

ব্ৰহ্মায়ে নিৰ্ম্মিল আতি নিদাৰুণ কৰ্ম্ম।।

ভাই ভাই সংহৰে আনৰ কোন কথা।

যুদ্ধ ভৈলে ক্ৰোধ মিলে নাহি আত বৃথা।।৭১৪।।

অজ্ঞানেসে জানিবা কৰাৱে ইটো কৰ্ম্ম।

স্বৰূপত বিচাৰিলে কিছু নাহি ধৰ্ম্ম।।

এহিটো বিষম মতি অজ্ঞান তোহ্মাৰ।

পৰম মন্দক চন্তা ভাল আপোনাৰ।।৭১৫।।

ৰাজাগণ হাৰি গৈল দেখি ৰঙ্গ ভৈলা।

ভ্ৰাতৃৰ মুণ্ডন দেখি বিষাদ লভিলা।।

আজ্ঞানেসে কৰে জানা মান অপমান।

জানো বোলা কেনে মঞি ভৈলোহো অজ্ঞান।।৭১৬।।

ঈশ্বৰৰ মায়া ইটো সৱাকে মোহয়।

শৰীৰকে আত্মা বুলি যিহেতু মানয়।।

শত্ৰু মিত্ৰ উদাসীন মানে নানা মত।

সমস্ত লোকৰ একে আত্মা স্বৰূপত।।৭১৭।।

যেন একে অগ্নি প্ৰকাশয় নানা ভাৱে।

একে আকশত যেন দেখি সৰ্বব ঠাৱে।।

সেহিমতে একে আত্মা সৱাবো জীৱন।

নজানি অনেক কৰি দেখে মূঢ় জন।।৭১৮।।

নাহকে আত্মাৰ জন্ম কৰ্ম্ম বিনাশন।

পঞ্চভূত দেহাৰেসে জনম মৰণ।।।

আত্মাৰ সংযোগ নাহি শৰীৰ সহিত।

বিয়োগ নাহিকে তাৰ জানা কদাচিত।।৭১৯।।

সংযোগ বিয়োগ যেৱে নাহিকে আত্মাৰ।

জানো বোলা কেনে তেৱে হোৱয় সংসাৰ।।

চক্ষু ৰূপ দুইকো যেন প্ৰকাশয় সূৰ্য্যে।

সেহিমতে আত্মা প্ৰকাশয় সৰ্ব্ব কাৰ্য্যে।।৭২০।।

অমাৱস্যা ভৈলে চন্দ্ৰ ৰশ্মিৰ বিনাশ।

দ্বিতীয়তে পুনু সেহি কৰয় প্ৰকাশ।।

চন্দ্ৰ সম আত্মা নাহি জনম মৰণ।

ৰশ্মি মাত্ৰ দেহা মৰি উপজে সঘন।।৭২১।।

আৰো যেন স্বপ্নত থাকন্ত প্ৰাণীগণে।

অসত্য বস্তুক সত্য কৰি মনে মানে।।

এহিমতে যতেক অজ্ঞানী প্ৰাণীগণে।

আত্মাক নজানি দুঃখ পাৱে ঘনে ঘনে।।৭২২।।

অজ্ঞানতে হন্তেসে উপজে দুঃখ শোক।

হেন জানি ইটো তত্ত্বজ্ঞানে সহিয়োক।।

হৃদয়ত সুন্দৰী ধৰিয়ো ইটো জ্ঞান।

স্বস্থ হুয়ো ৰুক্মিণী তেজিয়ো অপমান।।৭২৩।।

শুক নিগদতি ৰাজা শুনা মহাজ্ঞানী।

বলোৰ বিমল বাক্য শুনিয়া ৰুক্মিণী।।

গুছিল মনৰ মল তুষ্ট ভৈল চিত্ত।

আত্মজ্ঞান চিন্তি তনু ভৈল ৰোমাঞ্চিত।।৭২৪।।

যিটো আত্মজ্ঞান সেহি কমললোচন।

আগতে আছন্ত দেৱ দৈৱকীনন্দন।।

আনন্দে তড়িল তনু গুণন্ত সুন্দৰী।

যিটো আত্মজ্ঞান তাঙ্ক পাইলো স্বামী কৰি।।৭২৫।।

শুনা নৰনাৰী ইটো কথা অনুপাম।

যদি দেখা আত্মা হৰি সমস্ততে সম।।

তথাপিতো ভজিলেসে ভজন্ত মুৰাৰি।

অভজা জনক মাৰাৱন্ত শাস্তি কৰি।।৭২৬।

পাষণ্ড ৰুক্মৰ মুণ্ড মুণ্ডিলা আপুনি।

ৰুক্মিণীৰ বাক্যেসে ৰাখিলা প্ৰাণখানি।।

ভকতৰ বাক্যক ৰাখন্ত নাৰায়ণে।

জানি আক মনত দৰিয়ো সাধুগণে।।৭২৭।।

জানি আন সেৱা নকৰিবা কদাচিত।

কৃষ্ণৰ ভকতি মাত্ৰ ধৰিয়ো হৃদিত।।

অনন্ত কন্দলি ভণে ছাড়া মিছা কাম।

গুচোক পাতেক ডাকি বোলা ৰাম ৰাম।।৭২৮।।

.....................

 

।।কৃষ্ণৰ দ্বাৰকালৈ প্ৰত্যাৱৰ্ত্তন।।

।।ছবি।।

 

অনন্তৰে নাৰায়ণে        পৰম আনন্দ মনে

চলি গৈলা দ্বাৰকা নগৰী।

আকাশত দেৱগণে       জয় জয় জোকাৰন্ত

ঘনে ঘনে কুসুম সিঞ্চৰি।।

বলভদ্ৰ আদি কৰি       চতুষ্পাশে বলে বেঢ়ি

অসংখ্য যাদৱী সেনাগণে।

বাৱে জয় ঢাক ঢোল     শবদ তুমুল ৰোল

আনন্দে ভৰিল ত্ৰিভুৱনে।।৭২৯।।

জয় জয় কৃষ্ণ বুলি      নচুৱাৱে তুলি তুলি

চিহ্ন ছত্ৰ দণ্ড শাৰী শাৰী।

নিৰন্তৰে নৰনাৰী        চাৱৈ চতুৰ্দ্দিশে বেঢ়ি

আনন্দে নয়ন ভৰি ভৰি।।

ত্ৰৈলোক্য মোহিনী শান্তী    ৰুক্মিণী কৰন্ত কান্তি

কৃষ্ণৰ আগতে ৰথে বসি।

পৰম মোহন হৰি        দেখি এক দৃষ্টি কৰি

ঘনে ঘনে চান্ত হাসি হাসি।।৭৩০।

প্ৰাণ খানি ৰক্ষা কৰি     চলি যেৱে গৈল হৰি

ৰুক্মবীৰে গুণয় মনত।

মুণ্ডিলেক মোক ধৰি      কন্যাক নিলেক হৰি

মোৰ সত্যবাক ভৈল হত।।

আউৰ কোন লাজে মঞি   কুণ্ডিলক চলি যাইবো

এহি মনে গুণি বাৰে বাৰ।

পাচে ভোজকট নামে     নগৰক প্ৰতি গৈয়া

তহিতে ৰহিল দুৰাচাৰ।।৭৩১।।

সুমৰি কৃষ্ণৰ কৰ্ম্ম     শৰীৰে উধাই মৰ্ম্ম

ৰাত্ৰি দিনে গুণে দুৰাশয়।

কৃষ্ণকো নামাৰো যাৱে   ৰুক্মিণীকো নানো যাৱে

কুণ্ডিলক নযাইবো নিশ্চয়।।

এহি বুলি ৰুক্মবীৰে   ক্ৰোধ কৰি নিৰন্তৰে

তথাতে ৰহিলা ৰুষ্ট চিত্ত।

কৃষ্ণ পাচে মহাৰঙ্গে   ৰুক্মিণীক লৈয়া সঙ্গে

দ্বাৰকাত ভৈল উপস্থিত।।৭৩২।।

সকল নগৰ ছানি       মিলিল মঙ্গল ধ্বনি

দৈৱকী গৈলন্ত আগবাঢ়ি।

ৰুক্মিণীক দেখি আতি      আনন্দৰ সীমা নাই

গৃহক নিলন্ত আগ কৰি।।

বসুদেৱ উগ্ৰসেন         আনো যত যদুগণ

সৱাৰো মিলিল মহোৎসৱ।

সমস্ত ভূপতি জিনি       আতি অপ্ৰয়াসে হৰি

ৰুক্মিণীক আনিলা মাধৱ।।৭৩৩।।

..............

 

।।কৃষ্ণ-ৰুক্মিণীৰ বিৱাহ।।

।।দুলড়ী।।

 

অনন্তৰে হৰি      ভকত বৎসল

ৰুক্মিণীক হৰি আনি।

বিধিৱতে বিহা     কৰিতে যুগুতি

কৰিলন্ত চক্ৰপাণি।।

কৌৰৱ সঞ্জয়      কৈকেয় বংশৰ

আছা যত ৰাজাগণ।

দূতক পঠায়া          বিৱাহ চাহিতে

অনাইলন্ত নাৰায়ণ।।৭৩৪।।

ভীষ্মকো আসিল         বিৱাহ দিবেক

ৰঙ্গে সবান্ধৱে সাজি।

অসংখ্যাত ধন     অমূল্য ৰতন

লৈয়া ৰথ গজ বাজী।।

অনেক ৰাজ্যৰ     প্ৰজা গজ বাজী

যুড়িলা দ্বাৰকাপুৰ।

গজ মদ জলে     পথক লিপিল

মিলিল ৰঙ্গ প্ৰচুৰ।।৭৩৫।।

সৱাকো মাধৱে     যথোচিত ভাৱে

কৰিল বহু সৎকাৰ।

কৃষ্ণৰ বিৱাহ      চাহিতে উৎসাহ

সৱাৰো ৰঙ্গ অপাৰ।।

মুকুন্দৰ পুৰী      দ্বাৰকা নগৰী

প্ৰকাশন্ত আতিশয়।

কনক তোৰণ     শাৰী শাৰী জ্বলে

আৰো ছত্ৰ ধ্বজচয়।।৭৩৬।।

সফল তাম্বুল      কদলী পুতিল

প্ৰতি দ্বাৰে শাৰী শাৰী।

পূৰ্ণ স্বৰ্ণঘট       সকল পল্লৱ

ডালি লৈ চাউলে ভৰি।।

অগৰু ধূপৰ       গন্ধ মনোহৰ

ঘৃতৰ প্ৰদীপ পান্তি।

বিচিত্ৰ বসন      ধৰি ঘট ফল

সঘনে দেয় উৰুলি।

বিপ্ৰগণে ছানি     কৰে বেদধ্বনি

জয় জয় কৃষ্ণ বুলি।।

দুন্দুভি মৃদঙ্গ      শবদ কাহাল

অসংখ্য শঙ্খৰ ধ্বনি।

গীতা ভাগৱত     হৰিৰ কীৰ্ত্তন

সকল নগৰে চানি।।৭৩৮।।

যেন মহোৎসৱ     ভৈলা দ্বাৰকাত

কবিহেক তাক কোনি।

পাচে বিধিৱতে     ৰুক্মিণীক বিহা

কৰিলন্ত চক্ৰপাণি।।

অনেক যৌতুক     ভীষ্মকে দিলন্ত

হাতে হাতে লৈলা হৰি।

আনো নৰ নাৰী        দিলন্ত যৌতুক

আপোনাৰ মন পূৰি।।৭৩৯।।

যত ৰাজাগণে     আনি আছে মানে

সৱেয়ো দিল যৌতুক।

হস্তী হয় ৰথ      ধন অলঙ্কাৰ

সুৱৰ্ণ মণি অনেক।।

সৱেয়ো বোলন্ত     কিনো মহাভাগ্যে

মিলিল আসি আহ্মাৰ।

লক্ষ্মী মাধৱৰ     বিৱাহ দেখিলো

তড়িলো ঘোৰ সংসাৰ।।৭৪০।।

হৰিয়ো সৱাকে     পৰম কৌতুকে

কৰিলা বহু সৎকাৰ।

দিব্য পুষ্পমালা     চন্দন ভূষণ

দিলা নানা অলঙ্কাৰ।।

ব্ৰাহ্মণক দান      দিলা পূৰি মন

নট ভাট যত মানে।

বসনে ভূষণে      সৱাকে তুষিলা

লক্ষ্মীপতি জনাৰ্দ্দনে।।৭৪১।।

কৃষ্ণৰ বিৱাহ      দেখি ৰজাগণে

আনন্দৰ সীমা নাই।

গৈল নিজ ঠাই     কৃষ্ণত মেলাই

কৃষ্ণৰ মহিমা গাই।।

ঘৰে ঘৰে গৈয়া         ভাৰ্য্যাৰ আগত

কহিলেক ৰাজাগণে।

যেন মহোৎসৱে         ৰুক্মিণীক বিহা

কৰিলন্ত নাৰায়ণে।।৭৪২।।

আনো ৰাজাগণ         ৰাজকন্যা যত

সৱেয়ো ভৈলা বিস্মিত।

নট ভাটগণে      শুনিলেক মানে

গাই ফুৰে সেহি গীত।।

জয় চক্ৰপাণি      জয়তি ৰুক্মিণী

সৰ্ব্বগুণে আতি ধন্যা।

কৃষ্ণ সম কেহো         পুৰুষ নাহিকে

ৰুক্মিণী সদৃশ কন্যা।।৭৪৩।।

......................

 

।।পদ।।

 

ৰুক্মিণীক বিহা কৰি      হৰিষে আছন্ত হৰি

ভকতৰ উৎসাহ বঢ়াই

দিনে দিনে দ্বাৰকাত      মিলে মহা মহোৎসৱ

আউৰ আনন্দৰ সীমা নাই।।

বৃদ্ধাসৱো যুৱা লৈ       দুখমানে দূৰ গৈল

কৃষ্ণ ৰুক্মিণীৰ দৰশনে।

সাক্ষাতে লক্ষ্মীৰ পতি     দেখি লক্ষ্মী সমন্বিতি

মোক্ষ মিলে যাক সুমৰণে।।৭৪৪।।

শুনা পূণ্য সভাসদ       মহাভাগৱত পদ

কৃষ্ণৰ বিজয় মহোৎসৱ।

শ্ৰৱণতে হৰে তাপ       খণ্ডে দুখ শোক পাপ

এৰাই সকল পৰাভৱ।।

ধন জন পুত্ৰ মিত্ৰ       কৰন্ত সুহৃদ হিত

দেখা যত কিছু নোহো সাৰ।

এক তিলে যাইবা মৰি    সকলে থাকিবে পৰি

শৰীৰ হৈবেক ছাৰখাৰ।।৭৪৫।।

হেন জানি আৰ মোহ   ছাড়িয়া তেজিয়ো দ্ৰোহ

চিন্তিয়োক আপোন কল্যাণ।

কৃষ্ণক দৃহয়ে ধৰা       শ্ৰৱণ কীৰ্ত্তন কৰা

কৃষ্ণতে অৰ্পিয়ো ইটো প্ৰাণ।।

পুত্ৰ ভাৰ্য্যা ধন জন      তপ জপ পুণ্য যত

সৱে নিৱেদিয়ো কৃষ্ণপাৱে।

অনন্ত কন্দলি ভণে       হৰি বোলা ঘনে ঘনে

ইটো প্ৰাণপিণ্ড থাকে যাৱে।।৭৪৬।।

..............

            ।।স্যমন্তক হৰণ।।

 

   ।।সত্ৰাজিতৰ স্যমন্তকমণি লাভ।।

                 ।।পদ।।

প্ৰণামো পৰমানন্দ মুকুন্দ মাধৱ।

ভকত জনৰ যিটো পৰম বান্ধৱ।।

ভুকুতি মুকুতি যাৰ শ্ৰৱণ কীৰ্ত্তনে।

তাহাৰ উৎসৱ আৰো শুনা সৰ্ব্বজনে।।৭৪৭।।

প্ৰথমতে বিহা কৰি ৰুক্মিণী সুন্দৰী।

আৰো সাত কন্যা বিহা কৰিলা মুৰাৰি।।

সত্যা সত্যভামা মিত্ৰবিন্দা জাম্বৱতী।

কালিন্দী লক্ষণা ভদ্ৰা মহা ৰূপৱতী।।৭৪৮।।

ৰুক্মিণী সহিতে অষ্ট মহিষী কৃষ্ণৰ।

আসম্বাৰ বিৱাহ সুনিয়ো মনোহৰ।।

আৰো শতাধিক ষোল হাজাৰ কন্যাক।

নৰকক মাৰি কৃষ্ণে আনি দ্বাৰকাক।।৭৪৯।।

একদিনে বিৱাহ কৰিলা নাৰায়ণে।

ঈশ্বৰ কৃষ্ণৰ লীলা বুজে কোন জনে।।

এতিক্ষণে কহো কৃষ্ণ বিৱাহৰ কথা।

প্ৰদুম্ন্যৰ জন্ম পাচে কহিবো ব্যৱস্থা।।৭৫০।।

শুকে কহিলন্ত পৰীক্ষিত নৃপতিত।

কৃষ্ণক কলঙ্ক দিলা ৰাজা সত্ৰাজিত।।

স্যমন্তক মণি সমে নিজ কন্যাখানি।

ভয়ে হুৱা মাধৱক দিলেক আপুনি।।৭৫১।।

হেন শুনি পৰীক্ষিত মুনিত পুছন্ত।

ত্ৰৈলোক্য ঈশ্বৰ হৰি দেৱ ভগৱন্ত।।

তাঙ্ক কিবা কলঙ্গ দিলেক সত্ৰাজিত।

কহিয়োক গুৰু মোৰ থিৰ হৌক চিত্ত।।৭৫২।।

কেনমতে সত্ৰাজিতে পাইল স্যমন্তক।

কেনমতে কন্যা বিহা দিলেক কৃষ্ণক।।

তযু পদ মুখে হৰি চৰিত্ৰ অমৃত।

যতেক শুনোহো আৰো শুনিবাক চিত্ত।।৭৫৩।।

শুক নিগদতি শুনা সাধু পৰীক্ষিত।

চিৰকাল সূৰ্য্যক অৰ্চ্চিলা সত্ৰাজিত।।

অনেক বৎসৰে তুষ্ট ভৈলা দিবাকৰ।

সত্ৰাজিতে ভকতি কৰিলা নিৰন্তৰ।।৭৫৪।

স্বামী গুচি সূৰ্য্য পাচে সখা ভৈলা তাৰ।

স্যমন্তক মণিগোট দিল আপোনাৰ।।

মণি পায়া কণ্ঠত পিন্ধিলা সত্ৰাজিত।

আদিত্য সদৃশ জ্বলে চিত্ত হৰষিত।।৭৫৫।।

দ্বাৰকাক গৈয়া পাচে ভৈলা উপস্থিত।

তাক দেখি সৱে প্ৰজা ভৈলা সচকিত।।

মণিৰ জ্যোতিক তাক নপাৰি লক্ষিত।

আদিত্য আসন্ত বুলি ভৈলেক শঙ্কিত।।৭৫৬।।

অন্যোঅন্যে বোলে ওৱা কিনো বিপৰীত।

আদিত্য আসন্ত দেখা কৃষ্ণক বন্দিত।।

জ্যোতিৰ প্ৰভাৱে চক্ষু মেলান নযায়।

আথে-বেথে গৈল কতো মাধৱৰ ঠাই।।৭৫৭।।

পাশা খেলি হৰিষে আছন্ত দেৱ হৰি।

কহিবে লাগিলা সৱে নমস্কাৰ কৰি।।

মাধৱক নমিতে আসন্ত দিনপতি।

এহি দেখি আতিশয় বাঢ়িল ভকতি।।৭৫৮।।

নমো নাৰায়ণ ভকতৰ ভয়হৰ।

শঙ্খ চক্ৰ গদা পদ্মধৰ দামোদৰ।।

নমো নাৰায়ণ অৰবিন্দ বিলোচন।

নমো যদু নন্দন গোৱিন্দ সনাতন।।৭৫৯।।

আসন্ত আদিত্য প্ৰভু তোহ্মাক দেখিত।

জ্যোতিৰ প্ৰভাৱে প্ৰভু নপাৰি লক্ষিত।।

জোনো বোলা কৃষ্ণ মঞি দৈৱকীনন্দন।

মোৰ পাশে সূৰ্য্য আসিবন্ত কি কাৰণ।।৭৬০।।

ইটো কোন চিত্ৰ ব্ৰহ্মা আদি দেৱগণ।

তোহ্মাৰ চৰণ চাহি ফুৰে ৰাত্ৰিদিন।।

যদুবংশে গূঢ় ৰূপে আচা তুমি জানি।

এতেক চাহিত সূৰ্য্য আসন্ত আপুনি।।৭৬১।।

ভকতৰ শুনি হেন কৰুণ বচন।

হাসিয়া মাতিলা পাচে কমললোচন।।

নকৰা বিস্ময় কেহো নোহন্ত আদিত্য।

স্যমন্তক মণি পিন্ধি আসে সত্ৰাজিত।।৭৬২।।

চিৰকাল তপ কৰি চিন্তিলা সূৰ্য্যক।

তুষ্ট হুয়া দিলা ৰবি এই স্যমন্তক।।

কৃষ্ণৰ বচনে সৱে গুণিল মনত।

কোন বস্তু স্যমন্তক কৃষ্ণৰ আগত।।৭৬৩।।

সকল ভুকুতি গতি যাহাৰ চৰণে।

তাঙ্ক তেজি আন বৰ সাধে কোনজনে।।

নাহি আৰো সিদ্ধি সত্ৰাজিত ভিন্ন বুদ্ধি।

কৃষ্ণ এৰি ফুৰে আন দেৱতা আৰাধি।।৭৬৪।।

এহি বুলি চাহি সৱে আছে নৰনাৰী।

মণি পিন্ধি সত্ৰাজিত চলে চটি কৰি।।

কৃষ্ণৰ সমীপ দিয়া গৈল দুৰাচাৰ।

তথাপি কৃষ্ণক নকৰিলা নমস্কাৰ।।৭৬৫।।

কতোবেলি পাইলা যাই আপোনাৰ ঘৰ।

কৰাইলা মঙ্গল ৰঙ্গ বাদ্য বহুতৰ।।

দেৱৰ মন্দিৰে নিয়া মণিক থাপিলা।

বিপ্ৰগণে মাতি আনি মণিক পূজিলা।।৭৬৬।।

মণিৰ প্ৰভাৱ আৰো শুনা পৰীক্ষিত।

অষ্ট ভাৰ সুৱৰ্ণ স্ৰৱয় প্ৰতিনিত।।

দুৰ্ভিক্ষ মৰক সৰ্প আদি ব্যাধিচয়।

কিঞ্চিতেকো নাহি যথা মণিক থাকয়।।৭৬৭।।

সেহি মণি পূজি যেৱে আচা সত্ৰাজিত।

অসংখ্যাত অৰ্থ ভৈলা গৰ্ব্ব বিপৰীত।।

মহন্তক দেখি আৰ নকৰে আদৰ।

অৰ্থে অন্ধ কৰিলে নেদেখে পূৰ্ব্বাপৰ।।৭৬৮।।

কতোদিন অনন্তৰে ৰঙ্গে সত্ৰাজিত।

কৃষ্ণৰ পাশক চলি গৈলা কদাচিত।।

তাক দেখি হাসি হৰি বুলিলা বুজাই।

পৰম যুগুতি হিত অমৃত পৰায়।।৭৬৯।।

স্যমন্তক মণি হুনু পাইলা সত্ৰাজিত।

কিন্তু মণি নুহি জানা বোলোহো উচিত।।

কালে দুখ পাইবা সেহি মণিৰ কাৰণে।

জানি হিত বাক্য বোলো ধৰিয়ো যতনে।।৭৭০।।

যত লাগে মানে তযু বৈল মহাধন।

আৰ কিবা মণিত আছয় প্ৰয়োজন।।

উগ্ৰসেন ৰাজাক দিয়োক ইটো মণি।

মহা ছটি কৰি সুখে থাকিয়ো আপুনি।।৭৭১।।

যাদৱ বংশৰ ৰাজা মহেন্দ্ৰ পৰায়।

ইটো স্যমন্তক মণি তাহাঙ্ক জুৱাই।।

যত সিদ্ধি সাধা সৱে দিবে উগ্ৰসেনে।

হেন জানি মণি তুমি দিয়ো ৰঙ্গমনে।।৭৭২।।

শুনি সত্ৰাজিত কোপে নিদিলে উত্তৰ।

অধোমুখ হুয়া চলি গৈলা নিজ ঘৰ।।

কৃষ্ণৰ বচন নকৰিলা দুষ্ট চিত্ত।

দুৰ্গতি আসিয়া তাৰ ভৈলা সন্নিহিত।।৭৭৩।।

বহু ধন পায়া সিটো কৃষ্ণক নৰ্পিল।

পৰম লুবুধ আগে আপুনি ভুঞ্জিল।।

সৰ্ব্ববিঘ্নি হৰে যিটো স্যমন্তক মণি।

কৃষ্ণত বিমুখ সিটো মিলাৱে বিঘিনি।।৭৭৪।।

সুমহ্গলে অমঙ্গল হৱে কৃষ্ণ বিনে।

অমহ্গলে সুমঙ্গল কৃষ্ণৰ কীৰ্ত্তনে।।

সৰ্ব্ব বিঘ্নি চূড় কৰে কৃষ্ণৰ কীৰ্ত্তনে।

তাক নমানিয়া দুখ ভুঞ্জে মূঢ়জনে।।৭৭৫।।

শুনিয়োক কহো সত্ৰাজিতৰ বিলায়।

নামত প্ৰসেন তাৰ আছে কুল ভাই।।

একদিনা সেহি মণি পিন্ধি ৰঙ্গমনে।

একেশ্বৰ মৃগ মাৰিবাক গৈল বনে।।৭৭৬।।

ঘোটকত চৰি গলে পিন্ধি সেহি মণি।

মৃগ মাৰি প্ৰসেন ফুৰন্ত সূৰ্য্য যেনি।।

নিৰ্ভয়ে ফুৰন্তে মহা সিংহে লাগ পাইল।

ঘোটকে সহিত তাক মাৰিয়া পেলাইল।।৭৭৭।।

তাৰ মণি লৈয়া সিংহে শিৰত পিন্ধিল।

সিংহৰ শিৰত যেন আদিত্য জ্বলিল।।

পৰ্ব্বতত চড়ি সিংহ চলে ৰঙ্গমন।

জাম্বুৱন্তে আসি তাক পাইল দৰিশন।।৭৭৮।।

মহামণি দেখি জাম্বুৱন্ত বাঞ্ছা ভৈল।

সিংহক মাৰিয়া তাৰ মণি কাঢ়ি লৈল।।

সূৰ্যসম জ্বলে মণি দেখি মনোহৰ।

লৈয়া গৈল মণি ৰঙ্গে আপোনা বিৱৰ।।৭৭৯।।

সুকুমাৰ নামে তাৰ আছে পুত্ৰখানি।

তাক ওমলাইতে নিয়া দিলা সেহি মণি।।

পাচে প্ৰসেনক নেকেধিয়া সত্ৰাজিত।

পৰম সন্তাপে আতি ভৈলা আকুলিত।।৭৮০।।

মণি পিন্ধি ভাই মৃগ মাৰিবাক গৈল।

দিন বহি গৈল তভো আসিয়া নভৈল।।

জানিলো কল্যাণে আৰ নাহিবে ভৈয়াই।

কান্দে সত্ৰাজিতে শোকে প্ৰাণ ফুটি যাই।।৭৮১।।

কতোবেলি সত্ৰাজিতে মাতিলেক গুণি।

মোৰ ভাই প্ৰসেনক মাৰিলেক কোনি।।

কণ্ঠত আছয় তাৰ স্যমন্তক মণি।

যাক দৰশনে বিঘ্নি পলাই আপুনি।।৭৮২।।

আন একোজনে মাৰিবাক নপাৰয়।

কৃষ্ণে মাৰি মণি নিল জানিলো নিশ্চয়।।

কৃষ্ণকেসে লাগি কিছু নাহিকে উপায়।

নিষ্ঠে নিষ্ঠে কৃষ্ণে মাৰিলেক মোৰ ভাই।।৭৮৩।।

পূৰ্ব্বে মণি খুজিলা নপাই বৰ খঙ্গে।

ছলে বলে পাই মণি নিলে সঙ্গে পাঙ্গে।।

কৃষ্ণৰ সমান আউৰ নাহি একো থানে।

ইহাক প্ৰশংসা আৰো কৰে সাধুজনে।।৭৮৪।।

ভাল বস্তু পাইলে তাক ৰাখিতে নপাৰি।

ভাল কন্যা ভৈল তাক ছলে নেই হৰি।।

নাহিকে কুটুম্ব আৰো বন্ধু মিত্ৰগণ।

ছলে বলে মাৰি সৱাহাৰে লৱে ধন।।৭৮৫।।

খুজিলেক মণি মঞি যাচিয়া নিদিলো।

তাৰ দোষে ভাতৃ মণি দুইকো হৰাইলো।।

স্যামন্তক মণি মোৰ ভৈলা যমকাল।

প্ৰাণ ভাই মৰিল খণ্ডিল মোৰ ভাল।।৭৮৬।।

সংক্ষেপ পদত আৰ কহিবো কতেক।।

নজানি কৃষ্ণক পাপী দেয় অপবাদ।

শুনি মহন্তৰ মনে মিলিল বিষাদ।।৭৮৭।।

অন্যোঅন্যে শুনি লোকে কহে কাণে কাণে।

প্ৰসেনক মাৰি মণি নিলা নাৰায়ণে।।

বেকত বুলিতে নপাৰয় একোজনে।

এহি কথা দিনকে শুনিলা নাৰায়ণে।।৭৮৮।।

নাকত আঙ্গুলি দিয়া গুণন্ত মুৰাৰি।

মোক হেন দুৰ্যশে পাইলেক কেন কৰি।।

যাতো হেন মণি দিবে বুলিলো ৰাজাক।

এতেকে কলঙ্গ হেন দিলেক আহ্মাক।।৭৮৯।।

এহি গুণি দুৰ্যশ এৰাইতে যদুৰায়।

নগৰৰ প্ৰজা বাছি লৈলে ভাল চাই।।

তেসম্বে সহিতে চলি গৈলা বনমালী।

প্ৰসেনৰ ঘোটকৰ খোজক নিহালি।।৭৯০।।

সৱাৰো আগত চলি যান্ত দেৱৰাজ।

খোজে খোজে গৈয়া প্ৰৱেশিলা বনমাজ।।

কতো দূৰে দেখিলন্ত ঘোড়া আছে মৰি।

প্ৰসেন মৰিয়া পৰি আছে দান্ত তড়ি।।৭৯১।।

বিগুটিয়া মাৰি মণি নিলেক কেশৰী।

দেখি প্ৰজাগণে সৱে বোলে হৰি হৰি।।

দেখি সিংহে মণি নিলা মাৰি প্ৰসেনক।

দুষ্ট সত্ৰাজিতে বাদ দেয় মাধৱক।।৭৯২।।

মিছা অপবাদ প্ৰভু পাইলা হৃষীকেশ।

এহি বুলি প্ৰজাগণে কৰে মনে ক্লেশ।।

হাসিয়া মাতিলা প্ৰভু আসা সৱে বুলি।

পুনৰপি গৈল সিংহ খোজক নিহালি।।৭৯৩।।

পৰ্ব্বত মূলত পাচে দেখিলন্ত যাই।

সিংহো মৰি পৰি আছে দান্ত নিকটাই।।

ভালুকে মাৰিয়া মণি নিলা হেন জানি।

তাৰ খোজে চলি গৈলা প্ৰভু চক্ৰপাণি।।৭৯৪।।

অনন্তৰে পাইলা যাই গৰ্ত্ত ভয়ঙ্কৰ।

অন্ধকাৰে ঢাকি আছে আতি ঘোৰতৰ।।

জাম্বৱন্ত নামে যিটো ৰাজা ভালুকৰ।

তাহাৰ আৱাস সিটো গৰ্ত্তৰ ভিতৰ।।৭৯৫।।

আনভিতি খোজ নাহি চাহিল নিহালি।

সৱাকে সম্বোন্ধি বুলিলন্ত বনমালী।।

সৱে ঐত থাকা মঞি চলো বিৱৰক।

ভালুকক জিনি গৈয়া আনো স্যমন্তক।।৭৯৬।।

আপোনাৰ কলঙ্কক গুচাঞো আপুনি।

এহি বুলি ভিতৰ পশিলা চক্ৰপাণি।।

জাম্বৱন্ত গৃহে গৈয়া ভৈলা উপসন্ন।

মণিময় কাঞ্চন প্ৰকাশে থানে থান।।৭৯৭।।

দেকিল তহিতে গৈয়া মণি স্যমন্তক।

ললিতা নামত ধাই ওমলে বালক।।

নাকান্দা নাকান্দা বাপু শুনা মোৰ বাণী।

প্ৰসেনক মাৰি সিংহে লৈলে ইটো মণি।।৭৯৮।।

তোৰ বাপে সিংহক পেশিলা যমলোক।

দেখ স্যমন্তক কেনে আনি দিলা তোক।।

শুনি মণি হৰিতে কৃষ্ণৰ ভৈলা চিত্ত।

কুমাৰৰ পাশে যাই ভৈলা উপস্থিত।।৭৯৯।।

দেখিলেক ধাই মাধৱক আচম্বিত।

অপূৰ্ব্ব পুৰুষ সৰ্ব্বগুণে গুণাম্বিত।।

মণি হৰি নিবে খুজে দেখি ভৈলা ত্ৰাস।

হেৰ মণি নেয় বুলি দিলেক আটাস।।৮০০।।

তাক শুনি জাম্বৱন্ত বীৰ মহাবলী।

আতি আথে বেথে মহাক্ৰোধে গৈলা জ্বলি।।

কোন মণি নেয় বুলি ক্ৰোধে পাৰে গালি।

দেখি মহাৰঙ্গে চাহিলন্ত বনমালী।।৮০১।।

আপোনাৰ স্বামী হৰি নিচিনি ক্ৰোধত।

সামান্য পুৰুষ হেন মানিয়া মনত।।

লগাইলা কন্দল জাম্বৱন্ত ভয়ঙ্কৰ।

মিলিল তুমুল যুদ্ধ স্বামী কিঙ্কৰৰ।।৮০২।।

দুইকো  দুই ক্ৰোধে ধৰিলন্ত মালবান্ধে।

বাহুৱে বাহুৱে ভিড়ি পাৱে পাৱে ছান্দে।।

বুকে বুকে মুণ্ডে মুণ্ডে হানে ঠাত ঠাত।

বজ্ৰৰ উপৰে যেন পৰে বজ্ৰপাত।।৮০৩।।

মাল বান্ধ এৰি পাচে অস্ত্ৰ শস্ত্ৰ ধৰি।

দুইকো দুই প্ৰহাৰ কৰন্ত কোপ কৰি।।

অস্ত্ৰ ছন্ন ভৈল দুইৰো নোম নলড়িল।

অনন্তৰে দুইকো দুই শিলা বৰিষিল।।৮০৪।।

দুইৰো বজ্ৰগেহা শিলা কৰিবেক কিস।

বৃক্ষ বৰষিয়া সব চাইল দশোদিশ।।

কৃষ্ণ পূৰ্ণব্ৰহ্ম জাম্বৱন্ত তান দাস।

ছন্ন ভৈল বৃক্ষমানে নুছুইলেক পাশ।।৮০৫।।

পুনৰপি দুইকো দুই ধৰি মালবান্ধে।

কৰিলে দুৰ্ঘোৰ যুদ্ধ অনেক প্ৰবন্ধে।।

মাংসৰ নিদানে যেন শেন পক্ষী দুই।

প্ৰাণক টঙ্কিয়া যুজে জোটাজুটি হুই।।৮০৬।।

মণিৰ নিমিত্তে দুইৰো নাভাঙ্গে সংগ্ৰাম।

এহিমতে আঠাইশ দিৱস অবিশ্ৰাম।।

অন্যোঅন্যে প্ৰহাৰয় অসংখ্যাত মুঠি।

বজ্ৰসম চোটে যেন প্ৰাণ যায় ফুটি।।৮০৭।।

কৃষ্ণৰ মুষ্টিৰ চোটে জাম্বৱন্ত বীৰ।

লড়িল সকলে যোড়া কাম্পে কলেৱৰ।।

ভৈলেক নিৰ্ব্বল তনু বহে ঘৰ্ম্মজল।

যুদ্ধ এৰি বিস্ময়ে গুণন্ত মহাবল।।৮০৮।।

ত্ৰৈলোক্য প্ৰখ্যাত মঞি জাম্বৱন্ত বীৰ।

শ্ৰীৰামৰ অনুচৰ দুৰ্জ্জয় শৰীৰ।

মোক জিনিলন্ত ইটো নুহি আন জন।।

জানিলো অৱশ্যে প্ৰভু এন্তে নাৰায়ণ।।৮০৯।।

এহি বুলি জাম্বৱন্ত আতি তুষ্ট চিতে।

কৃষ্ণৰ চৰণে পৰিলন্ত দণ্ডৱতে।।

অষ্টাঙ্গে প্ৰণাম কৰিলন্ত মহামতি।

কৃতাঞ্জলি হুয়া পাছে আৰম্ভিল স্তুতি।।৮১০।।

শুনা সভাসদ পদ মহা ভাগৱত।

ঈশ্বৰ কৃষ্ণৰ লীলা দেখা কেনমত।।

পাষণ্ডৰ অপবাদে ভৃত্যক যুজন্ত।

মনুষ্যৰ লীলা কৰি জগত মোহন্ত।।৮১১।।

কৃষ্ণক কলঙ্ক দুষ্টে দিলা কেনে দেখা।

আনক নিন্দিলে মনে তাৰ খোন লেখা।।

হেন জানি মন থিৰ কৰা নাৰীনৰ।

নিন্দিলেও ভকতি নেৰিবা মাধৱৰ।।৮১২।।

কলিৰ প্ৰভাৱ আৰো দেখা কেনে আতি।

সন্তৰেসে অপবাদ শুনি দিনে ৰাতি।।

পৃথিৱীৰ দোষ কৰিলেও হানি নাই।

হৰি ভজিবাৰ বাদ শুনি সৰ্ব্বদায়।।৮১৩।।

ইটো পাপীজন জানা দৈৱে হোৱে হত।

কৃষ্ণৰ অমৃত কথা নপশে কাণত।।

পাষণ্ড কৰ্ম্মৰ কথা কহে সৰ্ব্বদায়।

শূকৰে কেৱলে জানা ফুৰে বিষ্ঠা খাই।।৮১৪।।

হেন জানি কৃষ্ণকথা কৰা সৱে পান।

দুষ্টৰ নিন্দাত নকৰিবা অপমাণ।।

কৃষ্ণৰ চৰণ চিন্তি সাধা মন কাম।

অনন্ত কন্দলি ভণে বোলা ৰাম ৰাম।।৮১৫।।

.......................

 

।।কৃষ্ণ-জাম্বৱতীৰ বিবাহ।।

।।দুলড়ী।।

 

অৱনত শিৰে      জাম্বৱন্ত বীৰে

কৃষ্ণক কৰন্ত স্তুতি।

অৱেসে চিনিলো      পৰম ঈশ্বৰ

তুমি জগতৰ পতি।।

তুমিসে সৱাৰে     তেজ বল প্ৰাণ

তুমিসে বিষ্ণু পুৰাণ।

স্ৰষ্টাৰেসে স্ৰষ্টা     তুমি সৰ্ব্বদ্ৰষ্টা

তুমিসে কাল ঈশান।।৮১৬।।

তুমি পৰমাত্মা     পৰম পুৰুষ

জীৱৰো তুমিসে গতি।

হেৱা প্ৰভু তুমি         নজানি যুজিলো

পশুজাতি মন্দমতি।।

যৈসানি শ্ৰীৰাম         ৰূপে অৱতৰি

আছিলা তুমি মুৰাৰি।

তোহ্মাৰ পদৰ        মঞি অনুচৰ

আছিলোহো সেৱা কৰি।।৮১৭।।

যাৰ অল্পকোপে        কটাক্ষ ছটাত

কম্পিয়া ঘোৰ সাগৰ।

মাজে দিলা পথ         কুম্ভীৰ মগৰ

কম্পি গৈলা জলচৰ।।

অগাধ সাগৰে       সেতু বন্ধ কৰি

প্ৰকাশিলা যশৰাশি।

যাহাৰ শ্ৰৱণে         জগতত সৱে

মহাপাপ যায় নাশি।।৮১৮।।

যাৰ শৰে কাটি         ভূমিত পেলাইল

ৰাৱণৰ দশ শিৰ।

লঙ্কাকো দহিলা     দেৱকো তাড়িলা

হৰিলা ভাৰ ভূমিৰ।।

সেহি প্ৰভু তুমি         মোৰ ইষ্টদেৱ

ক্ষমিয়ো দোষসকল।

ৰাতুল চৰণে      পশিলো শৰণে

ৰাখিয়ো ভৃত্যু বৎসল।।৮১৯।।

পৰম ভকত      জাম্বৱন্ত হেন

শুনিয়া স্তুতি বচন।

মহাতুষ্ট ভৈলা     দৈৱকীনন্দন

সজ্জন মনোৰঞ্জন।।

জাম্বৱন্তৰ সৱে     শৰীৰ মাজিলে

পঙ্কজ অমৃত কৰে।

মেঘৰ গম্ভীৰ      মধুৰ বচনে

মাতিলন্ত দায়াতৰে।।৮২০।।

মাধৱৰ বদতি     শুনা ঋক্ষপতি

ভকত তুমি সুজান।

এহি স্যমন্তক      মণিৰ কাৰণে

আসিলো তোহ্মাৰ থান।।

মিছা অপবাদ     দিয়া আছে মোক

কৃষ্ণে নিলে মণি বুলি।

সেহি আপোনাৰ         কলঙ্ক গুচাইতে

আসিলো গৰ্ত্তক চলি।।৮২১।।

কৃষ্ণৰ বচন       শুনি ৰঙ্গমন

ভৈল ঋক্ষ মহাজ্ঞানী।

জাম্বৱতী নামে     সৰ্ব্ব সুলক্ষিণী

আছে তান কন্যাখানি।।

মাধৱতে আতি     পৰম উৎসৱে

বিহা দিলা বিধিৱতে।

মণি স্যমন্তক      দিলন্ত যৌতুক

কৃষ্ণে লৈলা হাতে হাতে।।৮২২।।

কন্যা মণি লৈয়া        দ্বাৰকাক লাগি

চলি গৈলা দেৱহৰি।

পৰম আনন্দে      জাম্বৱন্ত বীৰে

থৈলা নিয়া আগ কৰি।।

শুক নিগদতি      শুনা পৰীক্ষিত

কহো আৰ আগকথা।

যেহি দিনা কৃষ্ণ        গৰ্ত্তক চলিল

সৱাহাঙ্কে থৈয়া তথা।।৮২৩।।

বাৰ দিন মানে    সৱে সেহি থানে

আছিলেক বাট চাই।

গৰ্ত্তৰ ভিতৰ      গৈলা দামোদৰ

নাসিলা আৰু দুনাই।।

নাসিবাৰ দেখি         গৰ্ত্তক উপেক্ষি

প্ৰজাগণ যতমানে।

দ্বাৰকাক তেৱে         চলি গৈলা সৱে

কান্দি আতি দুঃখ মনে।।৮২৪।।

কৃষ্ণৰ মন্দিৰে          কান্দি ধীৰে ধীৰে

বাৰ্ত্তা কহিলেক যায়।

মণিক নপাই          গৰ্ত্তক পশিলা

নাসিলন্ত যদুৰায়।।

বাৰ দিন মানে         সৱে সেহি থানে

আছিলোহো বাট চাই।

কিবা অথন্তৰে          নাসিলা মুৰাৰি

কৰিয়ো যেন যুৱাই।।৮২৫।।

হেন কথা শুনি         দৈৱকী ৰুক্মিণী

বসুদেৱ আদি কৰি।

জ্ঞাতি মিত্ৰ বন্ধু        সৱেয়ো কান্দয়

পৃথিৱীত লুটি পাৰি।।

হা প্ৰাণকৃষ্ণ       ভৈলো আৱে নষ্ট

পাইলেক বৰ প্ৰমাদে।

সকল নগৰী           ক্ৰন্দন গেৰি

জুৰিল আতি বিষাদে।।৮২৬।।

সত্ৰাজিতক            প্ৰসেনৰ নাৰী

কৰে আতি তিৰস্কাৰ।

তোহোৰ কাৰণে         মণিৰ নিদানে

নাসিলা প্ৰাণ আহ্মাৰ।।

হতলক্ষ্মী ভৈলি     পুত্ৰ মুণ্ড খাইলি

ঝাণ্টে মৰ সত্ৰাজিত।

কেনমতে পাপী         কৃষ্ণক কলঙ্ক

দিলা হেন বিপৰীত।।৮২৭।।

ৰুক্মিণীৰ আতি         পৰম সন্তাপ

নয়নে নছাড়ে নীৰ।

হা কৃষ্ণ বুলি          ফুঙ্কিতে কান্দন্ত

স্বস্থ নাহি দৈৱকীৰ।।

চিন্তায়ে আকুল     ভৈল বসুদেৱ

মনে কিছু স্বস্থ নাই।

কেনমতে হৰি          আসিবন্ত বুলি

নপান্ত একো উপায়।।৮২৮।।

 ঘৰে ঘৰে সৱে        দুৰ্গাক পূজন্ত

কৃষ্ণক পাইবাক প্ৰতি।

নানা উপহাৰে     ভকতি কৰিয়া

দেৱীত বিনাৱে স্তুতি।।

মনো মহামায়া     কৰিয়োক দায়া

দিয়া দেৱী প্ৰাণ দান।।৮২৯।।

এহিমতে সৱে      ষোল দিন মানে

মহাকষ্টে নৰ নাৰী।

কৃষ্ণক সুমৰি          দণ্ডে যুগ যায়

কান্দে অন্ন পান এৰি।।

দুৰ্গাৰ মন্দিৰে     আসি বিপ্ৰগণ

বেদ পঢ়ে স্বৰ তুলি।

নৰ নাৰী সৱে         আশংসা কৰন্ত

আসন্তোক কৃষ্ণ বুলি।।৮৩০।।

হেন সময়ত           ত্ৰৈলোক্য ঈশ্বৰ

পাইলা আসি দেৱ হৰি।

সৰ্ব্ব কাৰ্য্য সাধি        কণ্ঠে মণি পিন্ধি

কন্যাখানি আগ কৰি।

কৃষ্ণ আসিবাৰ     শুনি মহোৎসৱ

মিলি গৈল তেতিক্ষণে।

আগবাঢ়ি গৈয়া     যদুবংশে সৱে

আনিলেক ৰঙ্গমনে।।৮৩১।।

দেখিলেক সৱে     সদায়ে হসিত

কৃষ্ণৰ কমল মুখ।

দ্বাৰকাবাসীৰ      ভৈল মহোৎসৱ

খণ্ডিল সমস্ত দুখ।।

দৈৱকী ৰোহিণী         বসুদেৱ আদি

এৰাইল শোক অপাৰ।

মৰা যেন আইল    হৰাইবাৰ পাইল

হৰিষ ভৈল সৱাৰ।।৮৩২।।

জাম্বৱতী সমে          গৃহত প্ৰৱেশ

ভৈলা ৰঙ্গে দেৱহৰি।

নাচয় গাৱয়      খেড়ি খেলাৱয়

মহাৰঙ্গে নৰ নাৰী।।

শুনা নৰলোক       ইটো দুখঃ শোক

মহন্তৰ কেনে দেখা।

কৃষ্ণত বিমুখ           পাতকীৰ দুখ

কোনে কৰে তাৰ লেখা।।৮৩৩।।

হেন জানি ঘোৰ        সংসাৰ দুঃখত

নমৰিবা আৰ য়েৱে।

কৃষ্ণৰ অৰুণ            চৰণ যুগল

সাৱটি ধৰিয়ো তেৱে।।

আন দেৱ দেৱী     সেৱিবাৰ আউৰ

দূৰ কৰা পৰিশ্ৰম।

ওচৰতে আসি         গিলিবাক লাগি

চুম্পি আছে কাল যম।।৮৩৪।।

যমৰ যাতনা          আছে নতু শুনা

আতেসে নোপজে ভয়।

পিঠি হাত বান্ধি        নৰকে পেহ্লাইবে

কৰিবেক শাস্তিচয়।।

যিটো মুখে হৰি         নাম নুসুমৰে

বৃথা বোলে আন বাণী।

চৱৰৰ চোণ্টে     দান্ত সৰাই আছে

জিহ্বা কাটিবেক টানি।।৮৩৫।।

তপ্তশলা বাই      কাণত বিন্ধিবে

নুশুনিলে হৰিকথা।

আনো যত শাস্তি        কৰিবেক তাক

কৰিবে কোন ব্যৱস্থা।।

হেন যমপুৰ            মনত সুমৰি

কেনমতে যাস নিন্দ।

আনক নোৱাৰা         প্ৰবন্ধ কৰিয়া

নোবোলা কেনে গোৱিন্দ।।৮৩৬।।

গোৱিন্দে নামেসে        নৰক তাড়িবে

জানি ধৰা একচিত্তে।

অনন্ত কন্দলি         কহে নৰ নাৰী

হৰি বোলা ভালমতে।।৮৩৭।।

.............

 

।।কৃষ্ণ সত্যভামাৰ বিৱাহ আৰু শতধনু বধ।।

                    ।।পদ।।

অনন্তৰে সভাত বসিল নাৰায়ণ।

উগ্ৰসেন আদি যত আছে মহাজন।।

সত্ৰাজিতক তথা নিয়াইল আপুনি।

সৱাতে কহিলা কৃষ্ণে মণিৰ কাহিণী।।৮৩৮।।

সিংহে আগে মণি নিলে প্ৰসেনক মাৰি।

জাম্বৱন্তে নিলে পাচে সিংহক সংহাৰি।।

পাচে তাৰ খোজগুৰি পশিলো বিৱৰ।

আঠইশ দিৱস যুদ্ধ বৈল ভয়ঙ্কৰ।।৮৩৯।।

পাচে যুদ্ধ হাৰি বুলিলেক তুতি বাক।

মণিসমে কন্যা বিহা দিলেক আহ্মাক।।

সৰ্ব্বজনে আহ্মাক বুলিলা হেন কৰি।

মণি নিলে নাৰায়ণে প্ৰসেনক মাৰি।।৮৪০।।

আপোনাৰ কলঙ্কক গুচাইলো আপুনি।

হেৰা সত্ৰাজিত আৱে লৈয়ো তযু মণি।।

সৱাক দেখাই মণি দিল তাৰ হাতে।

মহালাজে আধোমুখে লৈলা সত্ৰাজিতে।।৮৪১।।

সকল সমাজে সুমৰন্ত হৰি হৰি।

মিছা অপবাদ প্ৰভু পাইলা কেন কৰি।।

মণি লৈয়া সত্ৰাজিত গৈলা নিজঘৰ।

মনত মিলিল অনুতাপ নিৰন্তৰ।।৮৪২।।

আপোনাৰ দোষে পাপী পাইলা মহাকষ্ট।

মনত গুণয় আৱে ভৈলা সৱে নষ্ট।।

মিছা কাৰ্য্যে কৃষ্ণক বুলিলো অপবাদ।

মহন্তজনৰ মনে মিলিল বিষাদ।।৮৪৩।।

কোন কৰ্ম্ম কৰিয়া গুচাইবো ইটো দোষ।

কেনমতে কৃষ্ণ মোত হৈৱন্ত সন্তোষ।।

কি কৰ্ম্ম কৰিলে ভাল হৈবন্ত আহ্মাৰ।

কিমতে এৰাঞো ইটো লোকৰ ধিক্কাৰ।।৮৪৪।।

অদীৰ্ঘদৰশী মঞি আতি ক্ষুদ্ৰ জন।

মহা মূঢ়মতি মঞি পৰম কৃপণ।।

যাৱে জীৱো তাৱে নিন্দিবেক নৰ নাৰী।

কৃষ্ণৰ কলঙ্ক পাপী দিলো কেন কৰি।।৮৪৫।।

লোকৰ শপনি আৱে কিমতে এৰাঞো।

কৃষ্ণৰ হাতত কেনমতে ৰক্ষা যাঞো।।

এহিমতে ৰাত্ৰি দিনে গুণে সত্ৰাজিত।

শয়নে ভোজনে তাৰ স্বস্থ নাহি চিত্ত।।৮৪৬।।

মনে গুণে বোলে আছে কন্যা একখানি।

স্ত্ৰীৰত্ন মধ্যে আতি ত্ৰৈলোক্যমোহিনী।।

আঙ্কে নিয়া যাচি বিহা দেঞো মাধৱক।

যৌতুক কৰিয়া দেঞো মণি স্যমন্তক।।৮৪৭।।

কন্যা মণি পাইলে কোপ পাসৰিব হৰি।

এহিসে উপায়ে তাঙ্ক তোষিবাক পাৰি।।

আন একোমতে তান নুহিবৈক শান্তি।

এহি মনে নিষ্ট কৰিলেক গুণি গান্থি।।৮৪৮।।

অভতক পাপী তাৰ শুদ্ধ নাহি হিয়া।

কৃষ্ণক তোষিব খোজে কন্যা মণি দিয়া।।

একচিত্তে মাধৱত নলৱে শৰণ।

কেনমতে তুষ্ট তাত হৈব নাৰায়ণ।।৮৪৯।।

অনন্তৰে সত্ৰাজিতে নিজ জীউ খানি।

মাধৱক যাচি নিয়া দিলেক আপুনি।।

যৌতুক কৰিয়া দিল মণি স্যমন্তক।

অনেক মিনতি বাক বুলিলা কৃষ্ণক।।৮৫০।।

ত্ৰৈলোক্যমোহিনী কন্যা দেখিলা মুৰাৰি।

নামে সত্যভামা ৰূপে নাই পটন্তৰি।।

কৃতবৰ্ম্মা অক্ৰূৰ প্ৰমুখ্যে বীৰগণে।

খুজি আছে তাঙ্ক আতি অনেক যতনে।।৮৫১।।

মহাশান্তী কন্যা সৰ্ব্বগুণে গুণৱতী।

দেথি তুষ্ট ভৈলা আতি ত্ৰিজগতপতি।।

বিধিমতে কৃষ্ণে তাঙ্ক কৰিলা বিৱাহ।

মিলিল পৰম ৰঙ্গ অনেক উৎসাহ।।৮৫২।।

পাচে সত্ৰাজিতক বুলিলা হৰি বাণী।

নলৈবো তোহ্মাৰ মঞি স্যমন্তক মণি।।

সূৰ্য্যত ভকত তুমি পৰম ধাৰ্মিক।

কিমতে ধৰিবো ইটো দেৱৰ মণিক।।৮৫৩।।

কটাক্ষে বোলন্ত কৃষ্ণে নুবুজয় আনে।

তোহ্মাতে থাকোক মণি ধৰিয়ো আপোন।।

থাকোক তোহ্মাত মণি কিছু নাহি ভয়।

আমি পুনু ফলভাগী জানিবা নিশ্চয়।।৮৫৪।।

বিশেষত পুত্ৰ আৰু নাহিকে তোহ্মাৰ।

তযু যত ধন মানে সকলে আহ্মাৰ।।

গূঢ় অভিপ্ৰায় হেন বুলিল মাধৱে।

মণি লৈয়া সত্ৰাজিত গৈল নিজ ঠাৱে।।৮৫৫।।

শুক নিগদতি আৰো শুনা পৰীক্ষিত।

মাধৱৰ আজ্ঞা বাধি আছে সত্ৰাজিত।।

তাৰ যেন গতি ভৈল শুনা সাৱধানে।

কৃষ্ণবিমুখৰ সুখ নাহি কোনে থানে।।৮৫৬।।

একদিনা হেন শুনিলন্ত নাৰায়ণে।

পাণ্ডৱক দাহ কৰাইলেক দুৰ্য্যোধনে।।

কুন্তীয়ো মৰিল সেই অগনিত পুৰি।

শুনি মহা বিষাদ কৰিল ৰাম হৰি।।৮৫৭।।

যদ্যপি জান্ত প্ৰভু আপুনি সমস্তে।

গৰ্ত্ত খানি পাণ্ডৱ পলাইল অব্যহিতে।।

তভো কুল ব্যৱহাৰ জানিতে উচিত।

হস্তিনাপুৰক গৈলা ৰামে সমন্বিত।।৮৫৮।।

ভীষ্ম দ্ৰোণ কৰ্ণ বিদূৰৰ পাশে যাই।

গান্ধাৰীকো যাই বুলিলন্ত দুয়ো ভাই।।

তুমি সৱে আছন্তে কিসক হেন ভৈল।

কুন্তী পেশীসমে পাঞ্চ ভাই দাহ গৈল।।৮৫৯।।

হা কুন্তী পেসী যুধিষ্ঠিৰ ধৰ্ম্মময়।

হা ভীম ধনঞ্জয় মাদ্ৰীৰ তনয়।।

হুমহুমি অনেক কান্দিলা ৰাম হৰি।

লগতে কান্দন্ত ভীষ্ম বিদুৰ গান্ধাৰী।।৮৬০।।

হস্তিনাপুৰত যেৱে আছা কৃষ্ণ ৰাম।

শুনা দ্বাৰকাত পাচে ভৈলা যেন কাম।।

সত্যভামাক বিহা কৰাইতে নপাই।

কৃতবৰ্মা অক্ৰূৰৰ নযায় নুপুহায়।।৮৬১।।

ছিদ্ৰ পাইল মাধৱ নাহিকে দ্বাৰকাত।

এক্ষণে কৰায়ো সত্ৰাজিতক নিপাত।।

শতধনু নামে এক আছে দুষ্টজন।

মাতি আনি দুয়ো তাক বুলিলা বচন।।৮৬২।।

দেখ শতধনু কেনে দুষ্ট সত্ৰাজিত।

আতপৰে কপটী নাহিকে পৃথিৱীত।।

আগে কন্যা দিবো বুলি কদাৰ্থি আহ্মাক।

যাচি নিয়া মাদৱক দিলেক কন্যাক।।৮৬৩।।

স্যমন্ত মণিৰ গৰ্ব্বে কাহাকো নগণে।

সিটো মণি তুমি নোলোৱাহা কি কাৰণে।।

জানো বোলা জীৱন্তে দিবেক কিয় মণি।

প্ৰসেনৰ পাচে যাউক নপঠোৱা কেনি।।৮৬৪।।

হেনয় বচনে তাৰ মতিভেদ ভৈল।

মণিৰ লোভত ধৰ্ম্মজ্ঞান নষ্ট কৈল।।

আয়ুক্ষীণ ভৈল পাপী পাচ নুগুণিল।

শয়নত যায়া সত্ৰাজিতক বধিল।।৮৬৫।।

নাৰীগণে আৰ্ত্তৰাৱে কান্দে গেৰি পাৰি।

অনাথীৰ মতে আতি পৃথিৱীৰ পৰি।।

মণি লৈয়া শতধনু পলাই আথে বেথে।

পগুগণ মাৰি নিদাৰুণ ব্যাধ মতে।।৮৬৬।।

সত্যভামা আসি পাচে দেখিলন্ত পুনু।

পিতৃক বধিয়া মণি নিলৈ শতধনু।।

শোকো ব্যাপিলেক আতি ভৈলা বিমোহিত।

হা মৰিলোহো বুলি পৰিল ভূমিত।।৮৬৭।।

হা বাপ বাপ বুলি কান্দিল বিস্তৰ।

মণিৰ কাৰণে তুমি গৈলা যমঘৰ।।

খুড়াও মৰিল এহি মণিৰ কাৰণ।

বংশচ্ছেদ ভৈলো মঞি জীউ কি কাৰণে।।৮৬৮।।

বিহা দেন্তে বাপে মণি দিলন্ত স্বামীত।

মণি থৈলা নাৰায়ণে মৰাইল পিতৃক।।

মোৰ স্বামী চলি গৈলা হস্তিনাপুৰক।

কোনে আসি মাৰিবেক পিতৃৰ বৈৰীক।।৮৬৯।।

কোনে গৈয়া জনাইবেক আসিৱন্ত হৰি।

প্ৰেতকাৰ্য্য পিতৃৰো সাধিবো কেনে কৰি।।

এহি বুলি সোণাৰ জঙ্কাতে তৈল ভৰি।

পিতৃৰ শৱক তাতে থৈলা যত্ন কৰি।।৮৭০।।

হস্তীনাপুৰক পাচে গৈলা মহাশান্তী।

কান্দি কান্দি সতী পিতৃবধ কহিলন্তি।।

আপুনি ঈশ্বৰ হৰি সমস্তে জানন্ত।

মনুষ্যৰ লীলা কৰি জগত মোহন্ত।।৮৭১।।

হেন শুনি পৰম ঈশ্বৰ ৰাম হৰি।

মনুষ্য চেষ্টায়ে মাতিলন্ত শোক কৰি।।

হৰি হৰি মোহোৰ শশুৰ সত্ৰাজিত।

তযু শোক অগ্নি মোক দহে বিপৰীত।।৮৭২।।

দেখিতে আহ্মাৰ অদভূত কেনে কষ্ট।

পৰম সুহৃদ সত্ৰাজিত ভৈল নষ্ট।।

চক্ষুৰ লোতক দুইৰো পৰে সৰসৰ।

কৰিলা বিলাপ তাপ নিশ্বাস ফোকাৰি।।৮৭৩।।

একে পাণ্ডৱৰ শোকে দহে কলেৱৰ।

আৰো শশুৰৰ শোক ভৈল গুৰুতৰ।।

এথা কিবা কৰো ঝাণ্টে দ্বাৰকাক যাঞো।

গুৰু বৈৰী মাৰি শোক সন্তাপ এৰাঞো।।৮৭৪।।

এহি বুলি সত্যবামা সমে ৰাম হৰি।

মহাবেগে পাইল আসি দ্বাৰকা নগৰী।।

শতধনু বধিলে কৰিল অঙ্গীকাৰ।

তাৰ হাতে স্যমন্তক মণি আপোনাৰ।।৮৭৫।।

কৃষ্ণৰ উদ্যোগ হেন শুনি শতধনু।

মহাভয় ভৈল তাৰ কাম্পে সৰ্ব্বতনু।।

গৈল পাচে পাপী কৃতবৰ্ম্মাৰ মন্দিৰে।

মাতিবে লাগিলা আতি প্ৰণতি কাতৰে।।৮৭৬।।

মোক বধিবাক লাগি আইলা ৰাম হৰি।

হুয়োক সহায় আৰু মৰো যুদ্ধ কৰি।।

শুনি কৃতকাৰ্ম্মৰ খলকি গৈল বুক।

কোন জন হৈব ৰাম কৃষ্ণৰ সমুখ।।৮৭৭।।

বোলন্ত হুইবেক মঞি নপাৰো সহায়।

পৰম ঈশ্বৰ ৰাম কৃষ্ণ দুই ভাই।।

সিটো দুইৰ অপৰাধ কৰি কোন জনে।

কল্যাণে থাকিব সিটো ইতিনি ভুৱনে।।৮৭৮।।

যাক দ্বেষ কৰি কংস হতলক্ষ্মী ভৈলা।

সবন্ধু বান্ধৱে মৰি যমপুৰে গৈলা।।

জৰাসন্ধ হাৰি গৈল সপ্তদশ বাৰ।

তোহোৰ বচনে মন্দ চিন্তিবো তাহাৰ।।৮৭৯।।

কৃতবৰ্ম্মা বীৰ যেৱে নভৈল সহায়।

পাচে বুলিলেক যাঞো অক্ৰূৰৰ ঠাই।।

মোৰ আৱে অনুকুল হুয়ো দানপতি।

শুনিয়া অক্ৰূৰে তাক বুলিল যুগুতি।।৮৮০।।

যিটো জানি আছে ৰাম মাধৱৰ বল।

সিটো কেনমতে তাঙ্ক কৰিবে কন্দল।।

যিটো দেৱে লীলা কৰি সমস্ত জগত।

স্ৰজন্ত পালন্ত সংহাৰন্ত নানা মত।।৮৮১।।

যাহাৰ মায়ায় সৱে হুয়া বিমোহিত।

ব্ৰহ্মা মহেশ্বৰ যাৰ নুবুজে চৰিত।।

ভকতত পৰে যাক নজানয় আনে।

তাহঙ্ক যুজিবো মঞি তোহোৰ বচনে।।৮৮২।।

সাত বৎসৰতে যিটো গোৱৰ্দ্ধন গিৰি।

উভাৰিয়া এক হাতে আছিলেক ধৰি।।

লীলা কৰি সাতদিন আছিলেক ধৰি।

বেঙ্গৰ চটাক শিশুসৱে যেন কৰি।।৮৮৩।।

নমো নমো ভগৱন্ত হেন কৃষ্ণ দেৱ।

অদভুত কৰ্ম্ম যাৰ নুবুজন্ত কেৱ।।

প্ৰণামো অনন্ত পৰমাত্মা নাৰায়ণয

কৰিয়ো নিস্তাৰ প্ৰভু পশিলো শৰণ।।৮৮৪।।

শুনি শতধনু হেন অক্ৰূৰৰ বাণী।

তান্তে থাপি থৈলা পাচে স্যমন্তক মণি।।

অন্তৰ্য্যামী কৃষ্ণ তাৰ থাকিয়া মনত।

থোৱাইলন্ত মণি আপোনাৰ ভকতত।।৮৮৫।।

পাচে শতধৰা মহা ঘোটকত উঠি।

শতেক যোজন পথ গৈল একে ছুটি।।

শতেক যোজন পথ চলে সমুদায়।

বৰদত্ত ঘোৰা আৰ খোজকো নাযায়।।৮৮৬।।

অনন্তৰে ৰাম নাৰায়ণ ভৈলা সাজ।

ৰথৰ উপৰে তুলি গৰুড়ৰ ধ্বজ।।

দুয়ো ভাই জানি খেদি গৈলা সেহি ছেগে।

পাচে পাচে যত ৰছ চলে মহা বেগে।।৮৮৭।।

মেঘৰ গৰ্জ্জন যেন গৰ্জ্জে ৰথখান।

ক্ষণিকতে গৈয়া তাক ভৈলা দৰিশণ।।

মিথিলাৰ উবপনে একলে পলাই।

তহিতে পাৰিল ঘোৰা হামুকাৰি খাই।।৮৮৮।।

ঘোৰাক এডিয়া লড় দিলে ভূমিপাৱে।

হেন দেখি চক্ৰধৰি নামিলা মাধৱে।।

মাহাত্ৰাসে শতধৰা পলাই ভূমিপাৱে।

চক্ৰ ধৰি কৃষ্ণে খেদি যান্ত ক্ৰোধভাৱে।।৮৮৯।।

পাচে ছেগ চাই চক্ৰ কৰিলা প্ৰহাৰ।

আগলতে শিৰ কাটি পেলাইলা তাহাৰ।।

ৰামক বঞ্চিবে প্ৰতি দেৱ চক্ৰপাণি।

বস্ত্ৰ গুচাই নিৰন্তৰে বিচাৰিলা মণি।।৮৯০।।

মণি নাপাই আসি পাচে ৰথত চড়িল।

সজল নয়নে বলভ্ৰদক বুলিল।।

বৃথা কাৰ্য্যে আসি শতধন্বাক বধিলো।

বিচাৰি চাহিয়া আত মণিক নপাইলো।।৮৯১।।

হেন শুনি বলভদ্ৰে বুলিলন্ত গুণি।

কোনোবা ৰাজ্যত ইটো থৈয়া আছে মণি।।

অৱশ্যে মণিক পাইবা এৰিয়ো কষ্টক।

মণিক জিজ্ঞাসি তুমি যায়ো নগৰক।।৮৯২।।

মনত বোলন্ত মোক ভাণ্ডিলা মুৰাৰি।

ইহাৰ লগত মঞি যাঞো কেন কৰি।।

মাধৱে বোলন্ত দাদা আশা যাঞো ঘৰ।

ছলচিত্ত কৃষ্ণক মাতন্ত হলধৰ।।৮৯৩।।

মোৰ মহামিত্ৰ আছে মিথিলাৰ পতি।

তাঙ্ক দেখিবাক মোৰ ইচ্ছা আছে আতি।।

তুমি ৰথে চড়ি দ্বাৰকাক যায়ো বুলি।

ৰথৰ নামিয়া বলভদ্ৰ গৈলা চলি।।৮৯৪।।

মিথিলাত বলভদ্ৰ ভৈলন্ত প্ৰৱেশ।

শুন বিদেহৰ ভৈলা উৎসৱ অশেষ।।

শুনিলা মাত্ৰকে উঠি সকল বান্ধৱে।

আগবাঢ়ি বলোক নিলন্ত মহোৎসৱে।।৮৯৫।।

মহা সতকাৰে পূজিলন্ত বিধিৱতে।

তুষ্ট হুয়া বলৰাম ৰহিলা তহিতে।।

কতিপয় বৎসৰ থাকিলা সেহি থানে।

তথাতে শিখিল গদা আসি দুৰ্য্যোধনে।।৮৯৬।।

নিতে মহা সতকাৰে পূজন্ত জনকে।

থাকিলন্ত ৰাম তৈত পৰম কৌতুকে।।

অনন্তৰে কেশৱ আসিল দ্বাৰকাক।

সত্যভামাত যত কহিলা কথাক।।৮৯৭।।

তযু পিতৃবৈৰী শতধন্বাক বধিলো।

কিন্তু তাত স্যমন্তক মণিক নপাইলো।।

আউৰ প্ৰিয়া সন্তাপ নকৰা তুমি মনে।

এহি বুলি তাহাঙ্ক ভাণ্ডিল নাৰায়ণে।।৮৯৮

পাচে সত্ৰাজিতৰ কৰাইলা ক্ৰিয় কাজ।

সুহৃদ বান্ধৱগণ সমে যদুৰাজ।।

কৰিল অনেক বৃষোৎসৰ্গ কুতুহলে।

পৰলোক ক্ৰিয়াক কৰাইলা যদুৰাজে।।৮৯৯।।

প্ৰিয়া সত্যভামাৰ পূৰিলা মনোৰথ।

ভকতৰ বশ্য হেন দেখায়া লোতক।।

শশুৰৰ ক্ৰিয়া কাৰ্য্য কৰালা মুৰাৰি।

হৰিষে আছন্ত ভকতৰ ভয়হাৰী।।৯০০।।

অনন্তৰে কৃতবৰ্ম্মা অক্ৰূৰ দুয়োজন।

শতধন্বা বধ শুনি ভৈল ভয় মন।।

দুয়ো প্ৰযোজক জানি  মনে স্বস্ব নাই।

দ্বাৰকাৰ পৰা দুয়ো গৈল আন ঠাই।।৯০১।।

অক্ৰূৰ পলাইল কৃষ্ণৰেসে অনুমতি।

কৃতবৰ্ম্মা বীৰ ভকতৰ পক্ষপাতি।

এতেকে এৰাইল দুয়ো কৃষ্ণৰ হাতত।

নুহি সৰ্ব্বস্বক ভাণ্ডিবেক কেনমত।।৯০২।।

তাতেসে অক্ৰূৰে বাৰাণসী ক্ষেত্ৰে গৈয়া।

কৰিলন্ত যজ্ঞচয় সুৱৰ্ণে মণ্ডিয়া।।

সুৱৰ্ণৰ বেদী যত সুৱৰ্ণৰ দান।

তাতেসে জানিবা দানপতি নাম তান।।৯০৩।।

হেন শুনি কাণাকণি কৰে নৰ নাৰী।

মণি দিয়া অক্ৰূৰক পঠাইলা মুৰাৰি।।

এতেক সুৱৰ্ণ তেহো পাইল কোন থানে।

কলক মণ্ডপে যজ্ঞ কৰে ৰাত্ৰি দিনে।।৯০৪।।

সত্যভামা বলভদ্ৰ আদি বান্ধৱৰ।

সৱাৰে মনক জানি বন্ধু দামোদৰ।।

কেহো বন্ধুজন মোত নযায় প্ৰত্যয়।

পাচে অক্ৰূৰক নিয়া কৰাইলা নিশ্চয়।।৯০৫।।

ঈশ্বৰৰ মত ইটো সকল ঘটয়।

শুনা পৰীক্ষিত আত নকৰা সংশয়।।

যেনমতে অক্ৰূৰক নিয়াইলা মুৰাৰি।

প্ৰপঞ্চি কহিবো তাক শুনা ৰঙ্গ কৰি।।৯০৬।।

যেহি দিনা অক্ৰূৰ গুচিল দ্বাৰকাৰ।

সেহি দিন ধৰি ভৈল অনিষ্ট অপাৰ।।

শৰীৰৰ পীড়া ভৈল সকলো লোকৰ।

মনৰ নুগুচে সৰ্ব্বক্ষণে চিন্তাজ্বৰ।।৯০৭।।

কাম্পে বামবাহু উৰু স্পন্দন নয়ন।

ভূমি কম্পে বজ্ৰপাত হয় ঘনে ঘন।।

হেন দেখি এহি কথা কহে বৃদ্ধগণে।

কৃষ্ণৰ মহিমা নজানয় একোজনে।।৯০৮।।

মণিমন্ত মহন্তৰ নিৱাস ইটো হৰি।

তাহানে নিৱাস ইটো দ্বাৰকা নগৰী।।

অক্ৰূৰ গুচিল কাজে অনিষ্ট মিলয়।

তান ইচ্ছা বিনে ইটো কথা নঘটয়।।৯০৯।।

কেহো বৃদ্ধে বোলে হেন কথা আছো শুনি।

কাশী দেশত বৃষ্টি নভৈল যৈসানি।।

অক্ৰূৰৰ জনক শ্বফল্ক যাক বুলি।

তেহো পাচে গৈল কাশী নগৰক চলি।।৯১০।।

ৰাজাৰ মন্দিৰে পাচে ভৈলন্ত অতিথি।

ৰাজাৰ দুহিতা আছে আতি ৰূপৱতী।।

সিটো কন্যাখানি গৰ্ভে আছিলেক মানে।

ধেনু একশত দান দিল প্ৰতিদিনে।।৯১১।।

উপজিল কন্যা নাম থৈলন্ত গান্দিনী।

তাক শ্বফল্ককে ৰাজা বিহা দিল আনি।।

অনেক বৎসৰ নাছিলেক বৰিষণ।

কন্যা দিল মানে বৃষ্টি ভৈল ঘনে ঘন।।৯১২।।

দখি কাশীপতিৰ হৰিষ ভৈল মন।

হেনয় শ্বফল্ক আছিলেক মহাজন।।

তান পুত্ৰ অক্ৰূৰৰ তেহ্নয় স্বভাৱ।

সম্প্ৰতি দ্বাৰকা ছাড়ি গৈলা ভিন্ন ঠাৱ।।৯১৩।।

যেহি যোহি থানে থাকি শ্বফল্কতনয়।

নাহি তাপ মাৰী মৰ্ক দেৱৰ বিষয়।।

বৃদ্ধৰ মুখত হেন শুনি সত্যবাণী।

তথাপিতো কতো সিটো বোলে মনেগুণি।।৯১৪।।

স্যমন্তক মণি লৈয়া পলাইল অক্ৰূৰ।

এতেকেসে উতপাত মিলয় প্ৰচুৰ।।

মহামণি স্যমন্তক যথাত থাকয়

নাহি তাত তাপ মাৰী ব্যাদি দুঃখচয়।।৯১৫।।

শুনা নৰ নাৰীগণ একমন কৰি।

কৃষ্ণৰ চেষ্টাক কেহো বুজিবো নপাৰি।।

আপোনাৰ শশুৰক মৰাইল অক্ৰূৰে।

তভো তাঙ্ক কিছু নুবুলিল দামোদৰে।।৯১৬।।

আৰো তান্তে থৈলা প্ৰভু মণি স্যমন্তক।

নভজিয়া মৰো যেন বান্ধৱ কৃষ্ণক।।

পিতৃয়ে পুত্ৰক যেন পালন্ত সততে।

হেনয় বন্ধুক তেজিবোহো কেনমতে।।৯১৭।।

অন্য ভক্তি এৰি যিটো ভজে মাধৱক।

যদি তাৰ প্ৰমাদত সিজিল পাতক।।

তথাপি ভৃত্যক নছাড়ন্ত নাৰায়ণে।

হৃদয়ত থাকি তাপ গুচান্ত তেখনে।।৯১৮।।

হেন জানি একচিত্তে ভজিয়ো কৃষ্ণক।

কণতো নানিবা আন দেৱৰ মন্ত্ৰক।।

কৃষ্ণৰ কিঙ্কৰ কহে অনন্ত কন্দলি।

বৈকুণ্ঠক সাজা ঝাণ্টে ডাকি হৰি বুলি।।৯১৯।।

............................

।।কৃষ্ণৰ দ্বাৰা অক্ৰূৰৰ হাতত স্যমন্তক মণি অৰ্পণ।।

।।ছবি।।

অনন্তৰে দামোদৰ        জ্ঞাতি বন্ধু বান্ধৱৰ

সৱাৰো বুজিয়া অভিপ্ৰায়।

দূত পঠাই দ্বাৰকাক      মাতি আনি অক্ৰূৰক

সভাতে বুলিলা যদুৰায়।।

প্ৰথমতে পূজি তথা  কহি নানা প্ৰিয় কথা

অক্ৰূৰত পুছিয়া চাহন্ত।

সৱাৰে চিত্তৰ সাক্ষী     সমস্তে আছন্ত দেখি

হাসি নিজ মনে আলোচন্ত।।৯২০।।

পৰম বৈষ্ণৱ আতি    অক্ৰূৰৰ জানো মতি

নাহি বাঞ্ছা মণিত ইহান।

যেৱে ইচ্ছা আছে মানে    মাতিল মাত্ৰকে কেনে

শীঘ্ৰে আসি ভৈলা মোৰ থান।।

মই যেৱে দেঞো যাচি    তভো তান বাঞ্ছা নাই

তাক মঞি জানো স্বৰূপতে।

মণিকো থৈবাৰ ঠাই    এহো বিনে আন নাই

ব্যক্ত কৰি থঞো আন হাতে।।৯২১।।

এহি বুলি হাস্য কৰি    প্ৰসন্ন বদনে হৰি

বোলন্ত শুনিয়ো দানপতি।

শতধনু দুষ্টে আনি     তোহ্মাত থৈ আছে মণি

হেন মঞি শুনিছো সম্প্ৰতি।।

আগধৰি আছো জানি    লোক কৰে কাণাকাণি

অক্ৰূৰত আছে মহামাণি।

মণিৰ গুচনে আত    ভৈল মহা উতপাত

দ্বাৰকাত অনেক বিঘিনি।।৯২২।।

সত্ৰাজিত অপুত্ৰক        তাৰ মণি স্যমন্তক

আনে আক লৈবাক নপাৰি।

সত্যভামায়েসে আৰ     স্বৰূপত অধিকাৰ

তান পুত্ৰে আছে ক্ৰিয়া কৰি।।

জল পিণ্ড দিয়া তাৰ    শুজিল সকলে ধাৰ

সত্যভামানেৰেসে পুত্ৰগণে।

আন ধন যতমানে  তেৱেসে পাইলেক সৱে

মণিকেসে খোজো ৰাত্ৰ দিনে।।৯২৩।।

তথাপিতো ইটো মণি    আৰু ধৰিবেক কোনি

নজানিয়া বাঞ্ছয় ইহাক।

স্বৰূপে বুলিল বাণী      তোহ্মাতে থাকোক মণি

মঞি প্ৰবোধিবো তাসম্বাক।।

দাদা বলভদ্ৰে দেখা      নযান্ত প্ৰত্যয় মোত

মণি পায়া ভাণ্ডিল মুৰাৰি।

একেশ্বৰে মোক এৰি     মিথিলাক যাঞো বুলি

গৃহক নাসিলা ৰোষ কৰি।।৯২৪।।

হেন জানি মহামানী   দেখায়ো স্যমন্ত মণি

বান্ধৱৰ সাধিয়ো কল্যাণ।

খণ্ডি যাওক দুখভয়      দেখায়োক মহশয়

কলঙ্কত কৰা মোক ত্ৰাণ।।

বেকতে ধৰিয়ো মণি    যজ্ঞ কৰা প্ৰতিদিন

আৰ তযু আছে কাক ভয়।

কনক মণ্ডপ মাজে      সুৱৰ্ণৰ সৱ সাজে

কৰিয়ো অনেক যজ্ঞচয়।।৯২৫।।

পূৰি নিজ মনোৰথ    কৰিয়ো উৎসৱ যত

বৈষ্ণৱ বিপ্ৰক দিয়ো দান।

নাহি মোত কিছু ভয়   দেখায়োক কৃপাময়

সৱাৰো গুচোক অপমান।।৯২৬।।

...........

।।দুলড়ী।।

হেন সাম্য বাণী             মাধৱৰ শুনি

অক্ৰূৰ হৰিষ ভৈলা।

বস্ত্ৰৰ মেলিয়া          হাতে মণি লৈয়া

কৃষ্ণৰ হাতত দিলা।।

মণি মনোৰম          জ্বলে সূৰ্য্য সম

দেখি কৃষ্ণ ৰঙ্গ ভৈলা।

সৱাকো দেখাই         কলঙ্ক গুচাই

পুনু অক্ৰূৰতে থৈলা।।৯২৭।।

বন্ধু বান্ধৱৰ          দুখ দূৰ গৈল

হৰিষ ভৈল অপাৰ।

সেহি দিন ধৰি         যত তাপ মাৰী

দূৰ ভৈল দ্বাৰকাৰ।।

কৃষ্ণৰ আদেশে         মণি লৈয়া পাচে

অক্ৰূৰ গৃহক গৈলা।

আতি মনোৰমে         থাকি নিজাশ্ৰমে

অনেক যজ্ঞ যজিলা।।৯২৮।।

নিতে অষ্টভাৰ         সুৱৰ্ণ উপজে

মহামণি স্যমন্তক।

অক্ৰূৰৰ তাত          কিছু মোহ নাই

সমস্তে দেন্ত কৃষ্ণক।।

মাধৱৰ যাত্ৰা          উৎসৱ মঙ্গল

কৰন্ত প্ৰতি দিৱসে।

দেন্ত বৈষ্ণৱক          দুখী দৰিদ্ৰক

বিপ্ৰক আতি হৰিষে।।৯২৯।।

কৃষ্ণৰ চৰিত          আতি বিপৰীত

বুজিবেক কোনজনে।।

সৱাকে বঞ্চিয়া         ভক্ত অক্ৰূৰত

থৈলন্ত মণি আপুনে।।

ভকতৰ পৰে          মাধৱৰ আন

মিত্ৰ বন্ধু আৰ নাই।

হেন ভগৱন্ত           ঈশ্বৰ কৃষ্ণক

ভজিয়োক সমুদায়।।৯৩০।।

হেন ভগৱন্ত           ঈশ্বৰ কৃষ্ণৰ

মহিমা ইটো প্ৰধান।

সৰ্ব্ব সুমঙ্গল           পাপৰ অনল

স্যমন্তক উপাখ্যান।।

যিবাজনে আক         শুনে ভক্তিভাৱে

মনে স্মৰে যিটোজন।

কলঙ্ক দুস্কৃতি          তড়িয়া দুৰ্গতি

চলয় বিষ্ণুভুৱন।।৯৩১।।

শুনা সভাসদ          ভাগৱত পদ

ঈশ্বৰ কৃষ্ণৰ লীলা।

মহাভাগ্যে আসি         ভাৰত ভূমিত

মনুষ্য তনুক পাইলা।

আৱে আন কথা        শুনি আক বৃথা

জানি কৰা কি কৰাণে।

কৃষ্ণনাম বিনে          ঘোৰ যাতনাত

তড়াইবেক আন কোনে।।৯৩২।।

বেদতে প্ৰমাণ          হৰি বিনে আন

নাম জপে দিনে ৰাতি।।

তাসম্বাক দেখি         নাথাকা উপেক্ষি

ঝাণ্টে লোৱা কৃষ্ণ নাম।

কহে কৃষ্ণ গতি         অনন্ত কন্দলি

ডাকি বোলা ৰাম ৰাম।।৯৩৩।।

....................

।।কৃষ্ণৰ লগত কালিন্দী আৰু মিত্ৰবিন্দাৰ বিবাহ।।

                         ।।পদ।।

 

শুক নিগদতি শুনিয়োক পৰীক্ষিত।

কহো আৰ মাধৱৰ বিৱাহ চৰিত্ৰ।।

একদিনা পাণ্ডৱক দেখিবাক প্ৰতি।

ইন্দ্ৰপ্ৰস্থ নগৰক গৈলা যদুপতি।।৯৩৪।।

জতুগৃহ দাহে পলাই ফুৰিল পাণ্ডৱে।

কুন্তী মাতৃসমে আতি অলক্ষিত ভাৱে।।

পাচে গৈয়া দ্ৰৌপদীৰ স্বয়ম্বৰ শালা।

মৎস্য ভেদি ধনঞ্জয়ে দ্ৰৌপদীক পাইলা।।৯৩৫।।

লক্ষেক নৃপতি যুজিলেক সেহি ঠাৱে।

কৃষ্ণৰ প্ৰসাদে তাক জিনিল পাণ্ডৱে।।

পাঞ্চভাই বিহা কৰিলন্ত এক নাৰী।

ব্যাসৰসন্মতে মাতৃ বচনে আদৰি।।৯৩৬।।

কতোদিনে আসি আছে দ্ৰুপদৰ থানে।

পাছে নিজৰাজ্যে আসি ভৈলা ৰঙ্গমনে।।

ইন্দ্ৰপ্ৰস্থে পাণ্ডৱক আসিবাৰ শুনি।

বন্ধুগণ সমে ৰঙ্গে গৈলা চক্ৰপাণি।।৯৩৭।।

নষ্ট ভৈল পাণ্ডৱক শুনিলোহো আগে।

হেন বান্ধৱক দেখিবোহো কত ভাগে।।

আপুনি ঈশ্বৰ হৰি জানন্ত যদ্যপি।

ভকতক স্নেহে প্ৰভু চলিলা তথাপি।।৯৩৮।।

উদ্ধৱ সাত্যকি সমে চতুৰঙ্গ দলে।

পাণ্ডৱৰ ৰাজ্য গৈয়া পাইলা কৌতুহলে।।

যুধিষ্ঠৰ আদি বসিয়াছা পাঞ্চফাই।

শুনিলন্ত আসি ভৈল দেৱ যদুৰায়।।৯৩৯।।

পাঞ্চভাই আসনত উঠি একেবাৰে।

আগবাঢ়ি মাধৱক আনিলা সাদৰে।।

প্ৰাণ যেন মুখ্য সাৰ ইন্দ্ৰিয়ত কৰি।

সেহিমতে প্ৰাণবন্ধু আসিল শ্ৰীহৰি।।৯৪০।।

হেন দেখি পৰম পুৰুষ মুকুন্দক।

আলঙ্গিয়া পাঞ্চভাই পাইলা আনন্দক।।

নষ্ট ভৈল পাতক কৃষ্ণৰ অঙ্গ সঙ্গে।

সপ্ৰেম সহিতে মুখ চান্ত মহাৰঙ্গে।।৯৪১।।

যুধিষ্ঠৰ ভীমক নমিলা বনমালী।

অৰ্জ্জুনক সাৱটি ধৰিলা সখি বুলি।।

সহদেৱ নকুলক আশ্বাসিলা হৰি।

সিয়ো দুই মাধৱক নমিলন্ত পৰি।।৯৪২।।

ৰত্নৰ আসনে বসি প্ৰকাশন্ত হৰি।

দেখিলা সুন্দৰী আসি দ্ৰুপদ জীয়াৰী।।

অভিনৱ কন্যা লাজে গৈয়া ধীৰে ধীৰে।

মাদৱৰ চৰণ নমিলা জানু শিৰে।।৯৪৩।।

সাত্যকিক যুধিষ্ঠৰে কৰিলা সন্মান।

বিচিত্ৰ আসনে বসিলন্ত থানে থান।।

অনন্তৰে কুন্তী আসি ভৈলা সেহি ঠাই।

তাঙ্ক দেখি উঠি প্ৰণামিলা যদুৰায়।।৯৪৪।।

কৃষ্ণ দৰশনে আনন্দিত ভৈলা কুন্তী।

ভ্ৰাতৃপুত্ৰ বুলিয়া সাৱটি ধৰিলন্তি।।

চিৰঞ্জীৱ হোৱা বুলি দিলন্ত আশিস।

আনন্দে লোতক ধাৰা বহে আসৰিষ।।৯৪৫।।

কুন্তীক সম্বোধি বাৰ্ত্তা পুছন্ত মুৰাৰি।

ইটো দুখ পেসী সহিলাহা কেন কৰি।।

পঞ্চপুত্ৰ থৈয়া পেসা গৈল পৰলোক।

তযু দুঃখ শুনি মোৰ নুগুচয় শোক।।৯৪৬।।

পুৰি মাৰিলেক শুনিলোহো দুৰ্য্যোধনে।

মহাশোকো আসি মই দেখিলো আপুনে।।

ভীষ্ম বিদুৰক আমি নিন্দিলো বিস্তৰ।

কি কহিবো দুঃখ যত পাইলো নিৰন্তৰ।।৯৪৭।।

কৃষ্ণৰ বচন হেন শুনি মহাশান্তি।

গদগদ ভাৱে আতি মাতিলন্ত কুন্তী।।

বহুতৰ ক্লেশক সুমৰি মহাশান্তি।

দুখৰ বিলাপ মাধৱত বিনাৱন্তি।।৯৪৮।।

তৈসানি যে প্ৰভু মোৰ হৈলেক কল্যাণ।

ভাই অক্ৰূৰক পাঞ্চি পঠাইলা যৈসান।।

তৈসানি জানিলো মোক সুমৰন্ত কৃষ্ণে।

তড়িবো দুৰ্গতি মঞি জানো নিষ্টে নিষ্টে।।৯৪৯।।

তোহ্মাক সুমৰি আছো সেহিকাল ধৰি।

নুহিতো অনাথা মঞি নাথ আছে হৰি।।

এতেকে দুঃখত মঞি ভৈলো পৰিত্ৰাণ।

তোহ্মাত অপৰ মোৰ বন্ধু নাহি আন।।৯৫০।।

সমস্তৰে আত্মা প্ৰভু তুমি নাৰায়ণ।

নাহিকে তোহ্মাত শত্ৰু মিত্ৰ উদাসীন।

তথাপি সুমৰে যিটো তোহ্মাৰ চৰণ।

হৃদয়ত থাকি তাৰ হৰা দুখগণ।।৯৫১।।

সুহৃদৰ বাৰ্ত্তা কহিয়োক যদুৰায়।

সুখে কি আছয় পিতৃ বসুদেৱ ভাই।।

আনো জ্ঞাতি মিত্ৰ কিবা আছন্ত কল্যাণে।

সৱাৰে কুশল কহিলন্ত নাৰায়ণে।।৯৫২।।

অনন্তৰে যুধিষ্ঠিৰে মাতিলন্ত হাসি।

জানিলো আহ্মাৰ কত আছে পুণ্যৰাশি।।

যোগেশ্বৰগণো দুঃখে নপাৱন্ত যাক।

হেন কৃষ্ণ তুমি আমি দেখোহো তোহ্মাক।।৯৫৩।।

সদায়ে আহ্মাৰ থাকে বিষয়ত মতি।

তথাপি কৃষ্ণক দেখো কিনো ভাগ্যৱতী।।

হেন শুনি নাৰায়ণে মহাৰঙ্গ চিত্তে।

বাৰিষাৰ চতুৰ্ম্মাহ বঞ্চিলা তহিতে।।৯৫৪।।

ৰাজা যুধিষ্ঠিৰে ৰাখিলাহা ভক্তি কৰি।

কতোদিন মোৰ ৰাজ্যে ৰহিও শ্ৰীহৰি।।

ইন্দ্ৰপ্ৰস্থ নগৰৰ যত নৰনাৰী।

সৱাৰো নয়নানন্দ জানয় মুৰাৰি।।৯৫৫।।

পাণ্ডৱক লাগি কৃষ্ণে সজাইলা নগৰ।

বিশ্বকৰ্ম্মা বুলি আদেশিলা যোগশ্বৰ।।

যেতিক্ষণে কৃষ্ণে মাত্ৰ কৰিলা আদেশ।

তাৱক্ষণে নিৰ্ম্মিলন্ত নগৰ বিশেষ।।৯৫৬।।

বহল নগৰ ভৈল দেখি বিপৰীত।

নানাবিধ চিত্ৰ তাত দেখিয় বহুত।।

মধ্যত নৰ্ম্মিলা মহাৰাজৰ আৱাস।

ইন্দ্ৰৰ মন্দিৰ যেন হৰৰ কৈলাস।।৯৫৭।।

ভকতজনৰ বন্ধু দেৱ হৃষীকেশ।

তাতে নিয়া পাণ্ডৱক কৰাইলা প্ৰৱেশ।।

পৃথিৱীৰ ইন্দ্ৰ ভৈল যুধিষ্ঠিৰ ৰাজা।

পৰম উৎসৱে নৃত্য কৰে যত প্ৰজা।।৯৫৮।।

সেহি বোলা অগ্নি আসি অৰ্জ্জুনৰ থান।

ইন্দ্ৰৰ খাণ্ডৱ বন মাগিলন্ত দান।।

দিবেক খাণ্ডৱ বন অগনিক প্ৰতি।

কৃষণ ভৈলা অৰ্জ্জুনৰ ৰথৰ সাৰথি।।৯৫৯।।

ইন্দ্ৰ আসি যুদ্ধ কৰিলন্ত বৰ টানে।

কৃষ্ণৰ প্ৰসাদে সুখে জিনিলা অৰ্জ্জুনে।।

শৰ ছায়ে খাণ্ডৱক ঢাকিল সমুলে।

মহাসুখে অগ্নি তাক দহিল সকলে।।৯৬০।।

তুষ্ট ভৈল বহ্নি সৱে এড়াইলা ৰোগক।

ভুঞ্জিল অনেক মাংস তোষিয়া মনক।।

আদৰিয়া অৰ্জ্জুনক প্ৰশংসি বিস্তৰ।

গাণ্ডীৱ ধনুক দিলা মহামনোহৰ।।৯৬১।।

শৰে পুনু অক্ষয় দিলন্ত তূণ দুই।

কৱচেক দিলা তাক অস্ত্ৰে নেভেদয়।।

ৰথ এক দিল আনো শুক্ল চাৰি হয়।

ধ্বজ এক দিল তিনি ভুৱন বিজয়।।৯৬২।।

অসুৰৰ বিশ্বকৰ্ম্মা বুলি যাক ময়।

অগনিত পোড়ন্তে ৰাখিল ধনঞ্জয়।।

সিয়ো পাচে সাজি দিল দিব্য সভাখান।

আত জল থল নিচিনিল দুৰ্য্যোধন।।৯৬৩।।

এহিমতে তহিতে আছন্ত যদুপতি।

পাণ্ডৱৰ সম্পত্তি বঢ়ান্ত দিনে ৰাতি।।

একদিনা কৃষ্ণ ধনঞ্জয় ৰঙ্গমনে।

মৃগ মাৰিবাক গৈলা যজ্ঞৰ কাৰণে।।৯৬৪।।

কপিধ্বজ ৰথত চড়িয়া ধনঞ্জয়।

হাতত গাণ্ডীৱগোট লৈলন্ত অক্ষয়।।

কৃষ্ণ সমন্বিতে ফুৰিবাক ৰঙ্গমনে।

মৃগ মাৰিবাক মনে প্ৰৱেশিলা বনে।।৯৬৫।।

নানাবিধ পশু তাতে পৰি যূথে যূথে।

বৰ বৰ সৰ্পচয় পৰি আছে তাতে।।

ভয়ঙ্কৰ বন আতি দেকি লাগে ভয়।

মৃগ মাৰিফুৰন্ত মাধৱ ধনঞ্জয়।।৯৬৬।।

শৰ হানি মাৰিলা অনেক ব্ৰ্যাঘ্ৰচয়।

অসংখ্যাত বৰাহ মাৰিলা ধনঞ্জয়।।

মহিষ সৰভ গণ্ড হৰিণ গৱয়।

মাৰিলন্ত অনেক কটলা পশুচয়।।৯৬৭।।

ভাল ভাল বিচিত্ৰ পৱিত্ৰ পশু চাই।

অসংখ্য কিঙ্কৰে সাঙ্গি বান্ধি লৈয়া যায়।।

পৰ্ব্ব মিলি আছে জানি পঠাই দিলা বীৰে।

মাংস যজ্ঞে হৰিক যজিলা যুধিষ্ঠিৰে।।৯৬৮।।

পশু মাৰি শ্ৰান্ত হুয়া আছে ধনঞ্জয়।

তৃষায়ে পীড়িল মুখ শুখাইল হৃদয়।।

যমুনাক লাগি দুয়ো গৈয়া তাৱক্ষণে।

দুয়ো সখি স্নান কৰিলন্ত ৰঙ্গমনে।।৯৬৯।।

দুয়ো পাচে কৰিলন্ত দিব্য জলপান।

কন্যা এক ফুৰে দেখিলন্ত বিদ্যমান।।

ত্ৰৈলোক্যমোহিনী কন্যা সৰ্ব্বাঙ্গে সুন্দৰী।

দেখি অৰ্জ্জুনক হাসি বুলিলন্ত হৰি।।৯৭০।।

পুছিয়োক সখি কন্যা ফুৰে কিবা কাৰ্য্যে।

কাহাৰ নন্দিনী কেনে আছে জলমাজে।।

আপুনি সমস্তে জানা যিটো তান পতি।

পুছাৱন্ত তানে বাক্যে শুনিবাক প্ৰতি।।৯৭১।।

কৃষ্ণৰ বচনে ধনঞ্জয় মহাবীৰ।

আগবাঢ়ি কন্যাত পুছন্ত ধীৰে ধীৰ।।

কোন তুমি কমললোচনী সুলক্ষণী।

কৈৰ হন্তে আসি আছা কাহাৰ নন্দিনী।।৯৭২।।

কিবা কাৰ্য্যে জলমাজে ফুৰা একেশ্বৰী।

মঞি হেন জানো ফুৰা স্বামী বাঞ্ছা কৰি।।

স্বৰূপ কৰিয়া মোত কহিয়ো সুন্দৰী।

আমি কৃষ্ণ ধনঞ্জয় জানা নিষ্ঠ কৰি।।৯৭৩।।

কালিন্দী বদতি অৰ্জ্জুনৰ বাক্য শুনি।

জানিয়োক মঞি সূৰ্যদেৱৰ নন্দিনী।।

ভকত বৎসল কৃষ্ণ যাক বুলি হৰি।

তাহাঙ্কেসে স্বামী বাঞ্ছি আছো তপ কৰি।।৯৭৪।।

যাহাক বুলিয় কৃষ্ণদেৱ শ্ৰীনিবাস।

যাহাক স্মৰণে কৰ্ম্মবন্ধ হৱৈ নাশ।।

তাহানেসে পদ ধৰি আছোহো হৃদিত।

আন পুৰুষক নবৰিবো কদাচিত।।৯৭৫।।

অনাথৰ নাথ যিটো মুকুন্দ অনন্ত।

মোত তুষ্ট হোৱন্তোক প্ৰভু ভগৱন্ত।।

তাহান চৰণ দুই থাকিবো ধিয়াই।

এহি কাজে জলে এথা আছো তপসাই।।৯৭৬।।

নাম মোৰ কালিন্দী জানিবা মহামতি।

যমুনা জলত মঞি থাকো দিনে ৰাতি।।

জলৰ মধ্যত পিতৃ সাজি দিল ঘৰ।

বোলন্ত কৃষ্ণক চিন্তি থাকা নিৰন্তৰ।।৯৭৭।।

যাৱদেকে অচ্যুতক নপাঞো দৰশন।

তাৱদেকে তান মঞি চিন্তিবো চৰণ।।

এহিমতে কালিন্দী বুলিলা হেন ঠান।

অৰ্জ্জুনে কৃষ্ণত গৈয়া সৱে দিলা জান।।৯৭৮।।

শুনি অল্প কৰি হাস্য কৰিলা মুৰাৰি।

আসিয়োক কালিন্দীক মাতিলা সাদৰি।।

ৰঙ্গ ভৈল কালিন্দীৰ পূৰ্ণ ভৈল কাম।

কৃষ্ণৰ চৰণে গৈয়া কৰিল প্ৰণাম।।৯৭৯।।

কৰে ধৰি ৰথ মাজে তুলিলা মুৰাৰি।

যুধিষ্ঠিৰ পাশক চলিলা ৰঙ্গ কৰি।।

সূৰ্য্যৰ নন্দিনী কালিন্দীক পাইলা হৰি।

দেখি মহাৰঙ্গ ভৈল সকল নগৰী।।৯৮০।।

কুন্তীক দ্ৰৌপদীৰ আনন্দৰ সীমা নাই।

কতো দিন কৃষ্ণ আচিলন্ত সেই ঠাই।।

পাঞ্চভাই অনেক কৰন্ত সতকাৰ।

কৃষ্ণমুখ দেখি আনন্দৰ নাহি পাৰ।।৯৮১।।

অনন্তৰে বান্ধৱত কৰিয়া মেলানি।

দ্বাৰকাক চলি গৈলা দেৱ যদুমণি।।

সাত্যাকি প্ৰমুখ্যে বীৰগণে যায় বেঢ়ি।

মহাৰঙ্গে পাইলা গৈয়া দ্বাৰকা নগৰী।।৯৮২।।

দ্বাৰকাত ভৈলা মহা পৰম উৎসৱ।

সূৰ্য্যৰ নন্দিনী কন্যা পাইলন্ত মাধৱ।।

বন্ধু বান্ধৱৰ আনন্দৰ সীমা নাই।

পাঞ্চশব্দ ৰাৱে নৃত্য কৰি গীত গাই।।৯৮৩।।

পূণ্য ঋক্ষ চাহি বিধিৱতে নাৰায়ণে।

কালিন্দীক বিহা কৰিলন্ত ৰঙ্গমনে।।

মিলিল অনেক মহোৎসৱ কৌতূহল।

কৰিলন্ত বিহা হৰি পৰম মঙ্গল।।৯৮৪।।

পঞ্চম বিৱাহ আৱে শুনা মাধৱৰ।

শ্ৰৱণতে হৰে পাপ অনেক জন্মৰ।।

হাতত মিলয় আসি পৰম মুকুতি।

হেন কৃষ্ণকথাত নোপজে কাৰ ৰতি।।৯৮৫।।

ৰাজ পটেশ্বৰী বসুদেৱৰ ভগিনী।

মিত্ৰবিন্দা নামে কন্যা তাহান নন্দিনী।।

ত্ৰৈলোক্যমোহিনী কন্যা সৰ্ব্বাঙ্গ সুন্দৰী।

মাধৱক স্বামী বৰি আছে শিশু ধৰি।।৮৯৬।।

পিতৃৰ মাতৃৰ মাধৱত দিবে মতি।

দুই গোটা ভাই তান আছে দুষ্টমতি।।

বিন্দ অনুবিন্দ নামে দুই মহাবাৰী।

পৰম দুৰ্জ্জন বাক্য নুশুনে পিতৃৰ।।৯৮৭।।

মাধৱত বিহা দিবে নেদয় কন্যাক।

কদৰ্থিয়া নিন্দা বাক্য বোলে মাধৱক।।

দুৰ্য্যোধন নৃপতিৰ থাকে আজ্ঞা পালি।

পাতিলেক স্বয়ম্বৰ মাধৱক হেলি।।৯৮৮।।

পৃথিৱীৰ ৰাজাৰ যত ভৈল এক ঠাই।

এহি কথা শুনি খেদি গৈলা যদুৰায়।।

এক চাম্প দিয়া কন্যা আনিলন্ত হৰি।

যতেক নৃপতি থাকিলেক দান্ত তৰি।।৯৮৯।।

বিধিৱতে আনি পাচে কৰিলা বিৱাহ।

দ্বাৰকাত ভৈলা মহা আনন্দ উৎসাহ।।

ষষ্ঠ বিৱাহক শুনা কৃষ্ণৰ সম্প্ৰতি।

নগ্নজিত নামে ৰজা অয্যোধাৰ পতি।।৯৯০।।

বিষ্ণুত ভকত ৰাজা আনি দানী মানী।

সত্যা নামে কন্যা ভৈল তাহান নন্দিনী।।

ৰূপে মহালক্ষ্মী পাৰ্ব্বতীৰ সৰিবৰি।

অগ্নিক পূজন্ত শিশু হন্তে ব্ৰত ধৰি।।৯৯১।।

মাধৱৰ ৰূপ গুণ শুনি মহাশান্তি।

তাঙ্ক স্বামী পাইবাক চিন্তন্ত দিনে ৰতি।।

কৃষ্ণৰেসে গুণ নাম গাৱন্ত সঘনে।

কৃষ্ণকেসে হৃদয়ত চিন্তে ৰাত্ৰি দিনে।।৯৯২।।

পৰমান্নে অগনিত কৰন্ত আহুতি।

মোৰ স্বামী হোৱন্তোক দ্বাৰকাৰ পতি।।

জীউৰ ইঙ্গিত ৰাজা জানিল পূজিত।

শুনি আছে মাধৱৰ যতেক চৰিত।।৯৯৩।।

কৃষ্ণকেসে দিবাক ৰাজাৰ ভৈল মতি।

পৰম ঈশ্বৰ হুয়া আছে উতপতি।।

কেনমতে পাইবো হেন কৃষ্ণক জামাই।

মনে গুণি ৰাজা পাচে চিন্তিল উপায়।।৯৯৪।।

মত্ত সাত বৃষক আনিল বাল চাই।

অতি তীক্ষ্ণ শৃঙ্গ দেখি অন্তক পলায়।

এহি সাত বৃষ যিটো পাৰে জিনিবাক।

কৰিলো নিশ্চয় কন্যা বিহা দিবো তাক।।৯৯৫।।

হেন শুনি গৈল যত ৰাজাগণ মানে।

বৃষক জিনিবে নোৱাৰিলা একোজনে।।

সাত গোট বৃষ তাক দেখি লাগে ভয়।

ত্ৰিশূল সদৃশ তীক্ষ্ণ দেখি শৃঙ্গচয়।।৯৯৬।।

আতিচণ্ড বীৰৰ গন্ধক নসহয়।

নুহি নাক বিন্দা সৱে প্ৰচণ্ড দুৰ্জ্জয়।।

যেহি ৰাজা আসে কন্যা খুজিবাক মনে।

গন্ধমাত্ৰ পাইলে খেদি যায় তাৱক্ষণে।।৯৯৭।।

দেখ নেদেখ বেহে মাৰে ব্ৰজ দিয়া।

ভাঙ্গে ঘাড় হাড় পৰে বিমূৰ্চ্ছিত হুয়া।।

অস্ত্ৰ শস্ত্ৰ মাৰিবাক নপৰায় তাক।

বাহুবলে একেশ্বৰ লাগে জিনাবক।।৯৯৮।।

যত মহাৰাজা মানে নিৰন্তেৰ গৈল।

বৃষক জিনিতে কাৰো শকতি নভৈল।।

কাৰো তুণ্ড মুণ্ড গণ্ড ভাঙ্গিল ঢকাত।

কাৰো উৰু কটি পিঠি ভাঙ্গে ভৰি হাত।।৯৯৯।।

কতো ৰাজা মৰি পৰি গৈল সেহি থানে।

বৃষতে হাৰিল পৃথিৱীৰ ৰাজামানে।।

নগ্নজিত ৰাজাৰ মনত মহাৰঙ্গ।

আৱে জানো পাইবো মাধৱৰ পদসঙ্গ।।১০০০।।

আপুনি মাধৱ আসিবন্ত মোৰ ঠানে।

ইটো সাত বৃষক জিনিবে অকেক্ষণে।।

কৃষ্ণক বিৱাহ দিবো জীয়াই সত্যাক।

এহি কৃপা কৃষ্ণ আসি কৰন্ত আহ্মাক।।১০০১।।

এহি বুলি নিতে ৰাজা হৰিক চিন্তন্ত।

ঘনে ঘনে কৃষ্ণৰ যেন নাম উচ্চাৰন্ত।।

সত্যায়ো চিন্তন্ত মাধৱক দিনে ৰাতি।

বাপে জীয়ে গোৱিন্দত কৰয় ভকতি।।১০০২।।

মাধৱত বিহা দিতে কৰে সাজপাৰ।

হৰিষে আছন্ত ৰাজা আনন্দ অপাৰ।।

দেখা নৰ নাৰী হৰিভক্তৰ স্বভাৱ।

ছলে ছন্দে পাষণ্ডক বঞ্চে সৰ্ব্বঠাৱ।।১০০৩।।

সৱাক তেজিয়া কৰে কৃষ্ণতেসে ৰতি।

হেন জানি মাধৱত হোৱা একমতি।।

তান পদ ৰাতুল হৃদয়ে ধৰা তুলি।

ডাকি হৰি বোলা ভণে অনন্ত কন্দলি।।১০০৪।।

.....................

।।কৃষ্ণৰ সৈতে সত্যাৰ বিৱাহ প্ৰস্তুতি।।

।।দুলড়ী।।

অনন্তৰে কৃষ্ণ          ভকত-বৎসল

শুনিল এহি কথাক।

সাত গোট বৃষ         জিনিবে পাৰিলে

লভয় দিব্য কন্যাক।।

আপুনি জানন্ত     প্ৰভু ভগৱন্ত

ভকতৰ যেন মতি।

তাকে সাম্ফলিত         অৰ্জ্জুন সহিত

চলি গৈলা যদুপতি।।১০০৫।।

অনেক কটক      হস্তী হয় ৰথ

চলিল কৃষ্ণক বেঢ়ি।

দ্বাৰকাৰে হন্তে     অয্যোধ্যা নগৰী

পাইলা গৈয়া দেৱ হৰি।।

ত্ৰৈলোক্য ঈশ্বৰ     কৃষ্ণ আসি ভৈল

শুনা ৰাজা নগ্নজিত।

ভৈল মহাতুষ্টি     আসনৰ উঠি

চলি গৈল সচকিত।।১০০৬।।

আগবাঢ়ি আসি     নিলন্ত হৰিষি

অনেক উৎসৱ কৰি।

বিচিত্ৰ মন্দিৰে     ৰত্ন সিংহাসনে

বসিলন্ত যায়া হৰি।।

মহা অৰিহণে      কৃষ্ণৰ চৰণে

পূজিয়া অয্যোধ্যাপতি।

নিস্তৰিলো বুলি     দণ্ডৱতে পৰি

প্ৰণামিলা মহামতি।।১০০৭।।

ত্ৰৈলোক্য মোহন         কমললোচন

আসিল দেৱ মুৰাৰি।

শুনা আথেবেথে         অন্তেষপুৰৰ

ওলাইলা সত্যা কুমাৰী।।

কৃষ্ণক দেখিত     চিত্ত উল্লাসিত

গৈলা সমজ্যাৰ মাজে।

কুন্দৰুখ জালে     নয়ন বলাই

কৃষ্ণ দখিলা পাছে।।১০০৮।।

সৰ্ব্বাঙ্গ সুন্দৰ          শ্যাম কলেৱৰ

জ্বলে তাত পীতবাস।

প্ৰফুল্ল কমল      বদন মণ্ডল

সদায় নুগুচে হাস।।

নাসা তিলফুল     অধৰ ৰাতুল

ভ্ৰৱযুগ কাম চাপ।

বহল হৃদয়       দেখি মনোময়

যুৱতীৰ মিলে তাপ।।১০০৯।।

গলে বনমালা      কটিত মেখলা

হৃদয়ে শ্ৰীবৎস পান্তি।

ললাত মধ্যত      চন্দন তিলক

উপৰে অলকা পান্তি।।

কণ্ঠত কৌস্তুভ     শিৰত কিৰীটি

শ্ৰৱণে জ্বলে কুণ্ডল।

কেয়ূৰ কঙ্কণে      জ্বলে ভুজদণ্ড

দেখি আতি জলমল।।১০১০।।

কনক পিঠিত      চৰণ তুলিয়া

ৰত্ন সিংহাসনে বসি।

সকলে সভাক     প্ৰকাশি আছন্ত

যেন পূৰ্ণিমাৰ শশী।।

অৰুণ কমল       চৰণ যুগল

জ্বলে আতি কান্তি কৰি।

ধ্বজ বজ্ৰ যৱ     অঙ্কুশে ৰঞ্জিত

সুমৰণে যাক তড়ি।।১০১১।।

কমলনয়ন        জগতমোহন

হেন মাধৱক দেখি।

ৰাজাৰ কুমাৰী     চান্ত দৃষ্টি ভৰি

আনক নভাসে আখি।।

মনত বোলন্ত      মোৰ সম তেৱে

ভাগ্যৱতী নাহি কেৱ।

স্বামী কৰি যৱে         ইহান চৰণ

কৰিবাক পাও সেৱ।।১০১২।।

যেৱে শিশু ধৰি        আছো ব্ৰত ধৰি

অগনিত হোম কৰি।

তেৱে আসি মোক       দায়া কৰন্তোক

স্বামী হোন্ত দেৱহৰি।।

স্বপনতো মঞি     বৰিয়া আছোহো

স্বামী হুইবা দামোদৰ।।

এহি মোৰ বাঞ্ছা        সাধন্তোক কৃষ্ণে

নলাগয় আন বৰ।।১০১৩।।

এহি বুলি সতী     দেৱী নাগ্নজিতী

কৃষ্ণক আছন্ত চাই।

ভৈল প্ৰেমভাৱ     শিহৰিল গাৱ

আনন্দৰ সীমা নাই।।

কোটি কামদেৱো        ওচৰ নপাৱে

সাক্ষাতে লক্ষ্মীৰ পতি।

হেন মাধৱক      ভাগ্যো লাগ পাই

প্ৰণাম কৰিলা সতী।।১০১৪।।

অন্তেষপুৰত       যত মহাদই

সৱেও চাৱে নিৰেক্ষি।

অন্যোঅন্যে কহে        হেনতো সুন্দৰ

পুৰুষক নতু দেখি।।

যেৱে সত্যা সতী        হোৱে ভাগ্যৱতী

তেৱে তাঙ্ক পাইবা স্বামী।

ইহান চৰিত্ৰ       আতি বিপৰীত

শুনি আছো সৱে আমি।।১০১৫।।

....................

।।ছবি।।

অনন্তৰে অৰ্চ্চা কৰি      কৃষ্ণক আঞ্জলি ধৰি

নগ্নজিতে বুলিলা বিনয়।

শুনিয়োক নাৰায়ণ       জগত কাৰণ প্ৰভু

ভকত বৎসল কৃপাময়।।

আপোন আনন্দে তুমি     সদায় সম্পূৰ্ণ স্বামি

আসি ভৈলা গৃহক আহ্মাৰ।

আমি মহা অল্পতৰ       তুমি মহা মহেশ্বৰ

কিবা আৱে সাধিবো তোহ্মাৰ।।১০১৬।।

যাৰ পাদপদ্ম ধূলি       শিৰত বহন্ত তুলি

ব্ৰহ্ম হৰ লক্ষ্মী দিগপালে।

হেন পূৰ্ণব্ৰহ্মা কৃষ্ণ আসিলা মোহোৰ ঘৰে

নজানো কমন পূণ্যফলে।।

কালে কালে যিটো প্ৰভু    ভকতক পালিবাক

নানা লীলা তনুক ধৰন্ত।

মোৰ আৱে কোন কৰ্ম্মে   তুষ্ট ভৈলা সেহি তুমি

পৰম ঈশ্বৰ ভগৱন্ত।।১০১৭।।

শুকমুনি নিগদতি        শুনিয়োক পৰীক্ষিত

ৰাজাৰ বচন শুনি হৰি।

মেঘৰ গম্ভীৰ ধ্বনি       কৃষ্ণে বুলিলন্ত বাণী

অমৃত বচনে হাস্য কৰি।।

গোৱিন্দ বদতি ৰাজা     ক্ষত্ৰিয়ৰ চাচনাক

মহাজনে কৰে গৰিহিত।

উত্তম ক্ষত্ৰিয়ৰ          যাচনাত দোশ বৰ

অধমকো নুহিকে উচিত।।১০১৮।।

তথাপিতো তুমি সমে     কুটুম্বিতা কৰিবাক

হেৰা আসি আছো মাগিবাক।

আছে তযু কন্যাখানি   মাগো মোক দিয়া জানি

ধন দিবে নপাৰো তোহ্মাক।

কৃষ্ণৰ বচন শুনি     মনত আছন্ত গুণি

সিটো মহাৰাজ নগ্নজিত।

পৰম অমৃত সম    শুনি আতি মনোৰম

ভৈল আনন্দত কৃতকৃত্য।।১০১৯।।

মনে ভৈল অনুৰাগ       আনন্দত মহাভাগ

সম্বোধিয়া দিলন্ত উত্তৰ।

হে প্ৰভু দামোদৰ   ই তিনি ভুৱনে সাৰ

তোহ্মাৰ সদৃশ আছে বৰ।।

তুমি দেৱ দেহৰি        ভকতৰ প্ৰিয়কাৰী

তোহ্মাৰ মহিমা কৈবো কিক।

ব্ৰহ্মা হৰে সৱে যাক     কোনে সম হৈব তাক

তুমি দেৱ সৱাতো অধিক।।১০২০।।

...............

 

।।দুলড়ী।।

মুকুন্দৰ হেন      বচন শুনিয়া

নগ্নজিত মহাভাগ।

ভৈলা আনন্দিত         যেন কৃতকৃত্য

মনে ভৈলা অনুৰাগ।।

সম্বোধি বোলন্ত     হে নাথ কৃষ্ণ

কি দিবো মঞি উত্তৰ।

তোহ্মাত অধিক    কন্যাৰ বাঞ্ছিত

আছে আৰ কোন বৰ।।১০২১।।

যাৰ হৃদিমধ্যে     থাকা মহালক্ষ্মী

সকল গুণ মন্দিৰ।

তুমি কৃষ্ণ বিনে    ই তিনি ভুৱনে

কোন ধিক আছে আউৰ।।

কিন্তু এক হেন     শঙ্কা এক আগে

থৈয়া আছো বিপৰীত।

পুৰুষৰ বীৰ্য্য      পৰীক্ষা কৰিত

কন্যাৰ বৰ উচিত।।১০২২।।

দেখিয়োক ইটো    সাতগোটা বৃষ

আসৰিশ দুৰাশয়।

ত্ৰিশূল সদৃশ       তীক্ষ্ণ শৃঙ্গচয়

দেখন্তে লাগয় ভয়।।

বিনা অস্ত্ৰে জিনি        বান্ধিয়া থৈবাক

যিটো পাৰে আসম্বাক।

শুনা প্ৰভু হৰি     আছো প্ৰজ্ঞা কৰি

তাকেসে দিবো কন্যাক।।১০২৩।।

এহি সাত বৃষে     অনেক ৰাজাৰ

ভাঙ্গিলেক হাড় ঘাৰ।

কেহোৱে নোৱাৰি        সৱে গৈলা হাৰি

কতো গৈল যমদ্বাৰ।।

যদি এহি সাত     বৃষক জিনিয়া

বান্ধিয়া থোৱা মুৰাৰি।

তেৱে মোৰ বাক্য   সত্য হৱে প্ৰভু

কন্যা দিবো ৰঙ্গ কৰি।।১০২৪।।

কৰিয়ো সকাল     জনম সাফল

ভকতবৎসল হৰি।

লীলায়ে বৃষক     জিনিয়া কন্যাক

লৈয়ো প্ৰভু দাসী কৰি।।১০২৫।।

 

।।ছবি।।

শুনিয়োক সভাসদ       মহাভাগৱত পদ

কৃষ্ণৰ চৰিত্ৰ অনুপাম।

ত্ৰৈলোক্য ঈশ্বৰ হুই  কন্যাক মাগন্ত গই

ভকতৰ সাধি মনকাম।।

ভকতৰ দ্ৰব্য জানি       আপুনিও চক্ৰপাণি

দেখা খুজি লৱন্ত আপুনে।

ধৰ্ম্ম অৰ্থ কাম মোক্ষ   হাততে আনিয়া দেন্ত

দেখিয়ো নেদেখে মূঢ় জনে।।১০২৬।।

অকামেবা সকামেবা     মোক্ষকামে অনুক্ষণে

কৃষ্ণকেসে ভজিয়োক জানি।

সুদৃঢ় ভকতি কৰি       শ্ৰৱণ কীৰ্ত্তন কৰি

হৃদয়তে পাইবা চক্ৰপাণি।।

আন দেৱ দেৱী সেৱা    জানিবা সকলে মায়া

জন্ম মৃত্যু নুগুচে সঘনে।

শ্ৰীকৃষ্ণ বিনে ইষ্ট   নাই জানা নিষ্ঠে নিষ্ঠ

ধৰা তান ৰাতুল চৰণে।।১০২৭।।

ভকতৰ দ্ৰব্য যত    মাধৱৰ আশা তাত

নিদিলেও খোজন্ত আপুনি।

হেন জানি শাক অন্ন   যিবা মিলে ৰঙ্গমনে

কৃষ্ণত অৰ্পিয়ো মনে জানি।।

যত ধন ধন জায়া    সকলে জানিবা মায়া

আৰ লোভ কৰা উপশাম।

অনন্ত কন্দলি ভণে    গতি নাই কৃষ্ণ বিনে

নিৰন্তৰে বোলা ৰম ৰাম।।১০২৮।।

..................

।।কৃষ্ণৰ লগত সত্যা আৰু ভদ্ৰাৰ বিৱাহ।।

                      ।।পদ।।

ৰাজাৰ বচনে হেন শুনি নাৰায়ণে।

কঙ্কালত বস্তৰ কাছি উঠি তাৱক্ষণে।।

ভকতৰ বাক্য সাধিবাক প্ৰভু হৰি।

আসনৰ উঠি গৈয়া বাহু ডাম্ভি মাৰি।।১০২৯।।

পৰম বিস্ময়ে সামৰাজে আছে চাই।

কৃষ্ণক দেখিয়া সাতো বৃষ গৈলা ধাই।।

চৰণে বিদাৰে মহী গৰ্জ্জয় অপাৰ।

তীক্ষ্ণ শৃঙ্গ আগে মাথি হোৱয় দোহাৰ।।১০৩০।।

বৃষসৱে কৃষ্ণক বেঢ়িল চাৰি পাশে।

হেন দেখি নাৰায়ণ জগত নিৱাসে।।

আপুনাক সাতৰূপ কৰি তাৱক্ষণে।

সাতগোটা বৃষক ধৰিলা ৰঙ্গমনে।।১০৩১।।

মহালীলা কৰি হৰি ধৰিয়ো শৃঙ্গত।

সাত মহা বৃষ যেন দেখি ময়মত্ত।।

ধৰিল মাত্ৰকে হৰি গৈল বল দৰ্প।

গৰুড়ৰ হাতে যেন বন্দী ভৈল সৰ্প।।১০৩২।।

সাতৰো গলত পাচে দিলা পাশ জৰী।

বসাই আন্ত কৃষ্ণে মহালীলা কৰি।।

দাৰুময় বৃষক বালেক যেনমতে।

টানিনিয়া কৃষ্ণে বান্ধি থৈলা গোহালিত।।১০৩৩।।

দেখি নগ্নজিত ৰাজা ভৈল ৰঙ্গমন।

সকল সমাজে প্ৰশংসন্ত ঘনে ঘনে।

সকল নগৰে ভৈল মঙ্গল অপাৰ।

মিলাইল তেখনে যত বিৱাহ সম্ভাৰ।।১০৩৪।।

বিধিৱতে ৰাজা কৰিলন্ত স্নান দান।

মাধৱক সঅৰ্ঘ্যে পূজিলা যত মান।।

কৃষ্ণৰ হাতত আনি দিলা কন্যাখানি।

বিধিৱতে বিৱাহ কৰিলা চক্ৰপাণি।।১০৩৫।।

সৰ্ব্বাঙ্গে সুন্দৰী কন্যা ৰাজাৰ জীয়াৰী।

কৃষ্ণৰ সদৃশ কোনে বৰ্ণাইবাক পাৰি।।

কৃষ্ণ হেন ঈশ্বৰক পাইল স্বামী কৰি।

ভকতিত বশ্য জানা ঈশ্বৰ মুৰাৰি।।১০৩৬।।

ৰাজপত্নীগণৰ পৰম মন ৰঙ্গ।

পাইলন্ত জীয়াই সত্যা মাধৱৰ সঙ্গ।।

সাক্ষাতে লক্ষ্মীৰ পতি পাইলন্ত জমাই।

কিনো সত্যাশান্তী আই আছে তপসাই।।১০৩৭।।

শঙ্খ ভেড়ী মৃদঙ্গ বাৱয় বাদ্যচয়।

নৃত্য গীত অনেক উৎসৱ জয় জয়।।

বেদ পঢ়ি বিপ্ৰগণে কৰয় আশিস।

জয় জয় কৰে প্ৰজা শুনি দশো দিশ।।১০৩৮।।

কৃষ্ণৰ যৌতুক ৰাজা দিলন্ত অনেক।

বৎস সমে অলঙ্কৃক ধেনু অযুতেক।।

ত্ৰিতয় হাজাৰ দাসী দিলা মহাসতী।

বস্ত্ৰে অলঙ্কাৰে মণ্ড সমস্তে যুৱতী।।১০৩৯।।

হস্তী নৱ হাজাৰ দিলন্ত ময়মত্ত।

তাতো শতহুণে নৱলক্ষ দিলা মহাশয়।।১০৪০।।

পৰম বৈষ্ণৱ মহাৰাজ নগ্নজিত।

কৃষ্ণৰ প্ৰসাদে আতি ভৈল কৃতকৃত্য।।

যজ্ঞৰ মধ্যত যাক পূজে বিধিৱতে।

হেন ঈশ্বৰক দান দিয়া হাতে হাতে।।১০৪১।।

 পাচে বৰ কন্যাক তুলিল দিব্য ৰথে।

যাত্ৰাৰ মঙ্গল যত কৰি বিধিৱতে।।

সবন্ধু বান্ধৱে বেঢ়ি চতুৰঙ্গ দলে।

আগবঢ়াই কৃষ্ণক পঠাইলা কৌতুহলে।।১০৪২।।

স্নেহত নৃপতি আতি আনন্দ হৃদয়।

কৃষ্ণক স্মৰন্তে নয়নৰ নীৰ বয়।।

আউৰ কি দেখিবো প্ৰভু কমলয়নে।

কৃষ্ণক চিন্তিয়া ৰাজা ৰহিলা সিঠানে।।১০৪৩।।

সত্যা বিহা কৰি চলি যান্ত দেৱহৰি।

অসংখ্য কটক চলে চতুষ্পাশে বেঢ়ি।।

মহা কোলাহল কৰি বাৱে বাদ্য ভণ্ড।

তুলি তুলি নচুৱাৱে চিহ্ন চৌণ্ডা দণ্ড।।১০৪৪।।

এহি কথা পাচে শুনিলন্ত ৰাজাগণ।

বৃষ জিনি সত্যাক লৈ যান্ত নাৰায়ণে।।

তেতিক্ষণে সাজি হস্তী হয় সেনা ৰথ।

খেদি গৈয়া মাধৱৰ ভেণ্টিলন্ত পথ।।১০৪৫।।

নিলাজ নিস্খল সৱে দুৰ্ব্বাৰ প্ৰচণ্ড।

পুৰ্ব্বতে যাদৱে কৰি আছে লণ্ড ভণ্ড।।

আৰো সেহি বৃষে ভাঙ্গি আছে হাড় ঘাড়।

তভো লাজ নাহি মাধৱক দেয় ধাৰ।।১০৪৬।

দশোদিশ বেঢ়ি বোলে ধৰ ধৰ মাৰ।

কৰে শৰবৃষ্টি ঘোৰ ধনুক টঙ্কাৰ।।

হাড় ভাঙ্গি আছো এই কন্যাৰ নিদানে।

কৃষ্ণকে কন্যাকে আজি নিবো যমথানে।।১০৪৭।।

হেন দেখি মাধৱৰ মহা প্ৰিয়কাৰী।

মহাবীৰ অৰ্জ্জুন গৈলন্ত আগবাঢ়ি।।

মহাৰথে চড়িয়া গাণ্ডীৱ ধনু ধৰি।

মুণ্ড ঝঙ্কাৰন্তে যান্ত থাক থাক কৰি।।১০৪৮।।

গৰুতে হাৰিলি সৱে তভো লাজ নাই।

কৃষ্ণক জোঙ্কাস আসি দুই চক্ষু খাই।।

এহি বুলি বীৰে মাৰিলন্ত শৰজাক।

একেবাৰে ভেদিলেক সকল ৰাজাক।।১০৪৯।।

অৰ্জ্জুনৰ পৰাক্ৰম দেখি ভয়ঙ্কৰ।

মহাভয়ে ৰাজাগণে দিলেক লৱড়।।

যেন ক্ষুদ্ৰ মৃগগণ খেদি নেয় সিংহে।

অৰ্জ্জুনক কৃষ্ণে প্ৰসংশিল মহাস্নেহে।।১০৫০

জয় কৃষ্ণ বুলি সৱে বাৱে ঢাক ঢোল।

স্বৰ্গকো লঙ্ঘিল মহা আন্দোলৰ ৰোল।।

দুষ্ট ৰাজাগণক জিনিয়া অবিকলে।

দ্বাৰকাত প্ৰভু প্ৰৱেশিলা কৌতুহলে।।১০৫১।।

পৰম উৎসৱ ভৈল সকল নগৰী।

বৃষ জিনি সত্যাক পাইলন্ত দেৱহৰি।।

অনেক যৌতুক পাইল কমল নয়নে।

দেখি আতি আনন্দ কৰয় বন্ধুগণে।।১০৫২।।

সত্যাসমে বিচিত্ৰ মন্দিৰে দেৱহৰি।

কৰিল অনেক ক্ৰীড়া মনোৰথ পূৰি।।

ভকতৰ বাঞ্ছিত পূৰন্ত দামোদৰ।

সপ্তম বিৱাহ আৱে শুনা মাধৱৰ।।১০৫৩।।

কৈকেয় দশৰ ৰাজা দ্বিতী ইন্দ্ৰ যেনি।

তানে পটেশ্বৰী বসুদেৱৰ ভগিনী।।

নাম শ্ৰুতকীৰ্ত্তি ৰূপে গুণে মহাসতী।

ৰাজাতো বল্লভা মাধৱতো শুদ্ধমতি।।১০৫৪।।

সন্তৰ্দ্দন আদি তান ভৈল পুত্ৰচয়।

সৱেয়ো বৈষ্ণৱ বলৱন্ত আতিশয়।।

সৱাৰো কনিষ্ঠা কন্যা ভৈল ভদ্ৰা নাম।

ত্ৰৈলোক্যমোহিনী সৰ্ব্বগুণে অনুপাম।।১০৫৫।।

কৃষ্ণৰ সুন্দৰ ৰূপ গুণ নাম শুনি।

শিশু ধৰি কৃষ্ণক চিন্তন্ত ৰাত্ৰি দিনি।।

কৃষ্ণগুণ গাৱন্ত শুনন্ত কষ্ণকথা।

কৃষ্ণৰেসে বাৰ্ত্তাক পুছন্ত যথা তথা।।১০৫৬।।

কৃষ্ণকেসে স্বামী বৰি আছো শিশুধৰি।

ইন্দ্ৰকো নালাগে মোক মাধৱক ছাড়ি।।

মাধৱেসে জীৱ মোৰ মাধৱেসে প্ৰাণ।

তাঙ্ক ছাড়ি কদাচিতো নবৰিবো আন।।১০৫৭।।

বসুদেৱ মামা মোৰ পৰম দায়াকৰ।

তাহান নন্দন কৃষ্ণ জগত আধাৰ।।

শুনি আছো জগততে নাহি তাঙ্ক সম।

পৰম ঈশ্বৰ হৰি পুৰুষ উত্তম।।১০৫৮।।

তোহেন্তেসে স্বামী মোৰ হৈবা সাঙ্গে সাঙ্গে।

এহিমতে চিন্তি কন্যা আছে মহাৰঙ্গে।।

পিতৃ মাতৃ ভ্ৰাতৃ তান বুজিল ইঙ্গিত।

সৱাৰো ভৈলেক মাধৱক দিবে চিত্ত।।১০৫৯।।

ত্ৰৈলোক্যত নাহি আন কৃষ্ণৰ সমান।

নাহি একো দোষ আন্ত কৰো কন্যাদান।।

সকুটুম্বে আলোচিয়া কৰিল নিশ্চয়।

মাধৱ জমাই ভৈলে কাক আছে ভয়।।১০৬০।।

পাচে সন্তৰ্দ্দন আদি পুত্ৰক পঠাই।

কৃষ্ণক আপুনি বীৰে নিলন্ত মতাই।।

উভয় বংশৰ ভৈল পৰম উৎসাহ।

বিধিৱতে মাধৱত দিলন্ত বিৱাহ।।১০৬১।।

সৰ্ব্বাঙ্গে সুন্দৰী সুলক্ষণী আতি ভদ্ৰা।

কৃষ্ণত ভকতি আতি কৰিলন্ত সদা।।

এতেকেসে পাইল স্বামী ত্ৰিজগতপতি।

কিনো সিদ্ধি নসাধয় কৃষ্ণত ভকতি।।১০৬২।।

শ্ৰুতকীৰ্ত্তি দেৱী বসুদেৱৰ ভগিনী।

পাইলন্ত জমাই ভ্ৰাতৃপুত্ৰ যদুমণি।।

এক অক্ষৌহিণী কন্যা সৰ্ব্বাঙ্গ সুন্দৰী।

জীউৰ লগতে সৱে দিল দাসী কৰি।।১০৬৩।।

আৰো যত যৌতুক দিলন্ত ৰঙ্গমনে।

তাৰ সংখ্যা কৰি কহিবেক কোন জনে।।

জয় জয় মঙ্গল কৰিল অসংখ্যাত।

সামৰাজে গৈয়া পাচে থৈল দ্বাৰকাত।।১০৬৪।।

আনন্দে পাইলন্ত সৱে দ্বাৰকা নগৰী।

ভদ্ৰা কুমাৰীক পাই আসিলা মুৰাৰি।।

বিচিত্ৰ আৱাসে কৃষ্ণ ভৈলন্ত প্ৰৱেশ।

ভদ্ৰা সমন্বিতে ভৈল আনন্দ অশেষ।।১০৬৫।।

অষ্টম বিৱাহ সৱে শুনিয়ো কৃষ্ণৰ।

শ্ৰৱণে মুকুতি আতি মিলে মনোহৰ।।

মদ্ৰ নামে দেশৰ নৃপতি বৃহৎসেন।

কৃষ্ণৰ ভকত তপোবনে ইন্দ্ৰ যেন।।১০৬৬।।

তান এক কন্যা ভৈল ত্ৰৈলোক্যমোহিনী।

নামত লক্ষণা সৰ্ব্বগুণে সুলক্ষণী।।

কৃষ্ণৰ চৰিত্ৰ গুণ যেন বাহুবল।

নাৰদৰ মুখে কন্যা শুনিল সকল।।১০৬৭।।

কথাতে হিয়াত পশিলন্ত চক্ৰপাণি।

স্বামী বুলি মাধৱক বৰিল আপুনি।।

স্বপনে সচিতে তান নাহি আন মন।

কৃষ্ণক চিন্তন্ত গান্ত কৃষ্ণৰে কীৰ্ত্তন।।১০৬৮।।

সৰ্ব্বদায়ে এহি বৰ মাগন্ত সুন্দৰী।

মোৰ প্ৰাণস্বামি হোৱন্তোক দেৱহৰি।।

যেৱে মাধৱক মঞি নপাঞো স্বামী কৰি।

প্ৰাণ ছাড়ি মাৰিবোহো কৃষ্ণক সুমৰি।।১০৬৯।।

জীউৰ নিশ্চয় হেন জানি বৃহৎসেন।

শুনি আছে মাধৱৰ ৰূপ গুণ যেন।।

সাক্ষাতে ঈশ্বৰ হৰি ত্ৰিগজতপতি।

কৃষ্ণক বিৱাহ দিতে তান ভৈল মতি।।১০৭০।।

অনন্তৰে ৰাজা পাচে চিন্তিল উপায়।

কেনমতে পাইবো কৃষ্ণদেৱক জমাই।।

স্বয়ম্বৰ শুনি ৰাজা আসিৱ সমস্তে।

কিমতে কৃষ্ণক কন্যা দিবো বিধিৱতে।।১০৭১।।

কিন্তু এক মৎস্যচক্ৰ সাজো লক্ষ্য কৰি।

কৃষ্ণ বিনে আন কেহো ভেদিবে নপাৰি।।

হেন মনে গুণি ৰাজা কৰিয়া যুগুত।

সজাইলন্ত মৎস্যচক্ৰ অতি অদভুত।।১০৭২।।

কনকে খচিত দিব্য মৎস এক বৰ।

সুসঞ্চে থাপিয়া থৈল স্তম্ৰ উপৰ।।

অলাগতে ভ্ৰমে যেন কুমাৰৰ চাক।

বাহিৰে ঢাকিয়া আছে নমনিয় তাক।।১০৭৩।।

অধোমুখে জলত দেখিয় তাৰ ছায়া।

তাকে যিটো ভেদিবাক পাৰে লক্ষ্য দিয়া।।

তাকেসে লক্ষণা দেৱী বৰিবে অৱশ্যে।

এহি কথা কহি পঠাইলন্ত দেশেদেশে।।১০৭৪।।

শুনি মহাৰাজাগণ মিলিল সকলে।

নাৰায়ণো গৈলা সাজি মহা কৌতূহলে।।

মাধৱক আসি ৰাজা নিল আগবাঢ়ি।

সৱাকো অৰ্চ্চিলা যথোচিত মান্য কৰি।।১০৭৫।।

অনন্তৰে আসি ভৈল বিপুল সমাজ।

সখী সমে লক্ষণা সুন্দৰী ভৈলা বাজ।।

প্ৰৱেশিলা কন্যা গৈয়া স্বয়ম্বৰশালা।

নিৰ্ম্মল গগনে যেন জ্বলে শশীকলা।।১০৭৬।।

লক্ষণাক দেখি সৰ্ব্বজনে মোহ ভৈল।

জীউক সম্বোধি ৰাজা বুলিবাক লৈল।

এহি মৎসগোট যিটো পাৰে ভেদিবাক।

ৰত্নমালা দিয়া তুমি বৰিবা তাহাক।।১০৭৭।।

শুনি ৰাজাগণ উঠিলেক তাৱক্ষণে।

কন্যাক দেখিয়া মন দহয় সঘনে।।

কেহো ধনু ধৰে কেহো ধৰিতে নপাৰে।

কেহো আলগায় মাত্ৰ পেলাৱে সত্বাৰে।।১০৭৮।।

কেহো টানি জোৰক লগাইতে নপাৰে।

কেহো বল দিয়া আতি ধনু সৈতে পৰে।।

দেখি লক্ষণাৰ আতি ভৈল ৰঙ্গমন।

কেহো নপাৰিবি পাৰিৱন্ত নাৰায়ণ।।১০৭৯।।

কতো মহাৰাজাগণে গুণক লগাইলা।

কিমতে ভেদিব তাৰ উপায় নপাইলা।।

জৰাসন্ধ শিশুপাল প্ৰভৃতি নৃপতি।

ভীষ্ম দুৰ্য্যোধন কৰ্ণে নুবুজিল থিতি।।১০৮০।।

অনন্তৰে অৰ্জ্জুনে উঠিল ধনু ধৰি।

কুম্ভজলে ছায়াক চাহিল লক্ষ্য কৰি।।

অধোমুখ কৰি বীৰে হানিল মৎস্যক।

নেভেদিল চক্ৰ তভো চুইলেক মাত্ৰক।।১০৮১।।

হেন দেখি লাজ হুই বসিল অৰ্জ্জুন।

দেখি সৱে বোলে আৰ ভেদিবাক কোন।।

পূৰ্ব্বে ৰাধাচক্ৰ ভেদি পাইলা দ্ৰৌপদীক।

ইটোযন্ত্ৰ দেখো আৱে তাহাতো অধিক।।১০৮২।।

নাহি বাদ্য ভণ্ড ৰোল গুচিল তুমুল।

লক্ষণাৰ মুখ দেখি সৱেয়ো আকুল।।

অন্তৰে ভকতবৎসল নাৰায়ণে।

চক্ৰ ভেদিবাক উঠি গৈলা ৰঙ্গমনে।।১০৮৩।।

চৰণে নূপুৰ ৰুণঝুণ কৰে ঘোষ।

দেখি লক্ষণাৰ মনে পৰম সন্তোষ।।

তৱধ নয়নে ৰাজাগণ আছে চাই।

চক্ৰ ভেদিবাক চলি যান্ত যদুৰায়।।১০৮৪।।

বিক্ৰমে মাধৱে গৈয়া স্তম্ভমূল পাইলা।

তিলেকো নভৈল গুণ ধনুত লগাইলা।।

স্তম্ভমূলে কুম্ভজলে থৈয়া আছে ভৰি।

একেবাৰে ছায়া তাৰ চাহিলন্ত হৰি।।১০৮৫।।

বায়ুবেগে ফুৰে মৎস্য লক্ষিতে নপাৰি।

টঙ্কাৰিয়া ধনুবাণ ধৰিলা মুৰাৰি।।

অধোমুখ হুয়া মাৰলন্ত নাৰায়ণে।

চটাত কৰিয়া মৎস্য ছেদিল তেখনে।।১০৮৬।।

দুই খণ্ড হুয়া পৰি গৈল সভামাজে।

দেখি জয় জয় ঝোকাৰন্ত সামৰাজে।।

তুমুল কৰিয়া আতি বাবে বাদ্য ভণ্দ।

জয় জয় কৃষ্ণ বুলি নচুৱাৱে দণ্ড।।১০৮৭।।

দুন্দুভি মৃদঙ্গ ভেৰী ধ্বনি আকাশত।

আতি মহা আনন্দে আসিল দেৱ যত।।

পাৰিজাত মালতী শিৰত বৰিষন্ত।

জয় জয় কৃষ্ণ বুলি ঝোকাৰ পাড়ন্ত।।১০৮৮।।

শুনা নৰ নাৰী কৃষ্ণ চৰিত্ৰ বিচিত্ৰ।

সাক্ষাতে অমৃত যেন পৰম পৱিত্ৰ।।

কৃষ্ণৰ চৰণে কহে অনন্ত কন্দলি।

ডাকি হৰি বোলা পলাই যাওক পাপ কলি।১০৮৯।।

................

।।কৃষ্ণৰ সৈতে লক্ষণাৰ বিৱাহ।।

।।দুলড়ী।।

 

ৰাজাৰ কুমাৰী         লক্ষণা সুন্দৰী

চালিলন্ত পাচে গাৱ।

মহাৰত্ন মালা      ধৰি বৰবালা

চলি গৈলা ভূমিপাৱ।।

অভিনৱ পট্ট      বস্ত্ৰ দুই খানি

পিন্ধি আছে বৰনাৰী।

পুষ্পে ভৰি পূৰি        চাৰু উচ্চ কৰি

বান্ধিয়া আছে কবৰী।।১০৯০।।

উচ্চ কুচ ভৰে     নানা অলঙ্কাৰে

অৱনত কৰি যায়।

চাৰু মধ্যক্ষীণী     বতাহতে যেন

হালন্ত লতা পৰায়।।

ৰত্ন মণি মালা     কটিত মেখলা

ঝণকে বাজে কিঙ্কিণী।

ৰাজহংস যেনি     চলন্ত শিথিলে

চৰণে মূপুৰ ধ্বনি।।১০৯১।।

বদন কমল       জ্বলে নিৰমল

মকৰ কুণ্ডল দোলে।

লাজে অল্প হাসি         বদন প্ৰকাশি

ঢাকন্ত বস্ত্ৰ আঞ্চোলে।।

মহাবীৰগণে       চাহিয়া আছন্ত

লক্ষণাক একদৃষ্টি।

কামে ভৈলা ভোল       নাহি মাত বোল

কাৰো নাহি মনতুষ্টি।।১০৯২।।

কতোক্ষণে পাচে         মহালয়লাসে

মাধৱৰ পাশ পাইল।

স্বামী বুলি বালা        কাঞ্চনৰ মালা

কৃষ্ণৰ চৰণে দিল।।

লাজে অল্প হাসি         বদন প্ৰকাসি

কৃষ্ণৰ মুখক চাই।

চৰণত ধৰি      প্ৰণামি সুন্দৰী

ৰহিলন্ত সেহি ঠাই।।১০৯৩।।

হেন দেখি মহা         উৎসৱ মিলিল

পৃথিৱী আকাশ ছানি।

বাৱে শঙ্খ ভেৰী        দুন্দুভি মৃদঙ্গ

অসংখ্যা বাদ্যৰ ধ্বনি।।

অপেশ্বৰা নাচে     গন্ধৰ্ব্বে গাৱয়

পঞ্চম স্বৰক তুলি।

আকাশথ দেৱে     পুষ্প বৰিষন্ত

জয় জয় কৃষ্ণ বুলি।।১০৯৪।।

দেখি ৰাজাগণে     মৰিল যেহেন

আকাশী স্বৰগ পৰি।

কৃষ্ণক যুজিতে     উঠিল ত্বৰিত

হাতে অস্ত্ৰ শস্ত্ৰ ধৰি।।

সকলে কন্যাক     কৃষ্ণে আসি হৰে

গোটেক কেহো নপাঞো।

আজি যুদ্ধ কৰি         কৃষ্ণক নমাৰি

গৃহক সুখে নযাঞো।।১০৯৫।।

হেন শুনি হৰি     লক্ষণাক ধৰি

তুলিল ৰথ উপৰে।

কৃষ্ণৰ ইঙ্গিতে      দাৰুক সাৰথি

ডাকিলন্ত ৰথবৰে।।

নিজভাগ লৈয়া     সিংহ যেন যায়

চাহি আছে মৃগগণে।

পাছে ৰাজাগণে     আগ ভেণ্টিলেক

কৃষ্ণক যুঁজিব মনে।।১০৯৬।।

ধনু ভিৰি ভিৰি        মাতে দৰ্প কৰি

আৰ কৃষ্ণ থাক থাক।

প্ৰমত্ত সিংহক      বেঢ়িয়া ভুকয়

যেন গ্ৰাম শ্বানজাক।।

হেন দেখি হৰি         শাৰঙ্গ টঙ্কাৰি

চতুৰ্ভুজ নাৰায়ণ।

অসংখ্য প্ৰমাণ     মহাতীক্ষ্ণ বাণ

বৰিষল ঘনে ঘন।।১০৯৭।।

অনেক বীৰৰ      হাত পাৱ শিৱ

কাটিলন্ত নানাভাৱে।

কতো গৈল মৰি        কতো পৰি পৰি

থাকিলেক সেহি ঠাৱে।।

কতো প্ৰাণ ৰাখি        পলাইলা নৃপতি

পায়া মহা পৰাভৱ।

লক্ষণাক লৈয়া     দ্বাৰকাত পাচে

প্ৰৱেশ ভৈলা মাধৱ।।১০৯৮।।

পাচে মদ্ৰৰাজ      দ্বাৰকাক যাই

কৃষ্ণক দিলা বিৱাহ।

লক্ষণাক দেখি     সকল নগৰী

মিলিল ৰঙ্গ উৎসাহ।।

অনেক যৌতুক     দিলেক কৃষ্ণক

কহিবেক তাক কোনে।

এহিমতে কৃষ্ণে     লক্ষণাক বিহা

কৰিলন্ত ৰঙ্গমনে।।১০৯৯।।

শতাধিক আৰ     ষোড়শ হাজাৰ

যুৱতী আতি সুন্দৰী।

নৰকক মাৰি      দ্বাৰকাক আনি

কৰিলা বিহা মুৰাৰি।।১১০০।।

..................

।।ছবি।।

কৃষ্ণৰ চৰিত্ৰচয়         সাক্ষতে অমৃতময়

শুনা মহাৰজা পৰীক্ষিত।

পুনু কৃতাঞ্জলি ধৰি  চৰণে প্ৰণাম কৰি

শুদ্ধভাৱে পুছিলা ঋষিত।।

যেনমতে নৰকক        বধিলন্ত নাৰায়ণে

বিহা কৰিলন্ত কন্যাগণ।

ইটো কথা গুৰু মোত   কহিয়োক শুনিবাক

পৰম আনন্দ কৰে মন।।১১০১।।

শুক মুনি নিগদতি    শুনিয়োক কুৰুপতি

দেৱ সমে আসি পুৰন্দৰ।

কৃষ্ণৰ চৰণে পৰি     প্ৰণামি কাতৰ কৰি

কৃতাঞ্জলি কৰিল গোচৰ।।

শুনিয়োক যদুৰাজ     কহিবাক লাগে লাজ

কেনমতে আছো জীৱ ধৰি।

অদিতি মাতৃৰ মোৰ      কৰ্ণৰ কুণ্ডল দুই

দাৰুণ নৰকে নিলে হৰি।।১২০২।।

বৰুণৰ ছত্ৰবৰ     হৰি নিলে দুৰাচৰ

আৰো মণি পৰ্ব্বত দেৱৰ।

যতেক সুন্দৰী নাৰী    সৱে নিয়া আছে হৰি

প্ৰতিকাৰ কৰা দামোদৰ।।

তুমিসে দেৱৰ প্ৰাণ  বাৰে বাৰে কৰা ত্ৰাণ

তুমি বিনে নাথ নাহি আৰ।

হেন শুনি নাৰায়ণে    বাসৱক বুলিলন্ত

যায়োক কৰিবো প্ৰতিকাৰ।।১১০৩।।

কৃষ্ণৰ প্ৰণাম কৰি    পুৰন্দৰ গৈল লড়ি

কৃষ্ণৰ বচনে ৰঙ্গমনে।

সত্যভামা সমন্বিতে    নৰক বধিবে প্ৰতি

পাচে চলি গৈল নাৰায়ণ।।

শুনা সবে বন্ধুজনে   দেৱ দেৱ জনাৰ্দ্দন

ভকতৰ হেতু অৱতাৰ।।

ছিণ্ডোক পাতক জৰী   ডাকি বোলা হৰি হৰি

অনন্ত কন্দলি কহে সাৰ।।১১০৪।।

...............

।।কৃষ্ণৰ প্ৰাগজ্যোতিষপুৰ আগমন আৰু মুৰ দানৱ                                             নৰকাসুৰ বধ।।

                       ।।পদ।।

সত্যভামা সমে আৰোহিলা গৰুড়ক।

চলিল মাধৱ প্ৰাগজ্যোতিষপুৰক।।

গোচৰিলে ইন্দ্ৰে সত্যভামাৰ মন্দিৰে।

এতেকে কৌতুকে তাঙ্ক নিলা দামোদৰে।।১১০৫।।

আৰো হেন ইতিহাস কথা আছি শুনি।

যৈসানি বৰাহে তুলি আনিলা ধৰণী।।

সিকালত অশুচি আছিল বসুন্ধৰী।

তাহাৰ পৰশে কামাতুৰ ভৈলা হৰি।।১১০৬।।

তেখনে বৰাহে তাঙ্ক কৰিলা শৃঙ্গাৰ।

কৃষ্ণবীৰ্য্যে পৃথিৱীৰ ভৈলেক কুমাৰ।।

সেহিসে নৰকাসুৰ ভৈলেক দুৰ্জ্জয়।

সেহিবেলা বসুমতী বুলিলা বিনয়।।১১০৭।।

ৰাজস্বলা কালে প্ৰভু কৰিলা শৃঙ্গাৰ।

সেহি দোষে পুত্ৰ মোৰ হৈবে দুৰাচাৰ।।

তথাপিতো তাক নবধিবা নাৰায়ণ।

মোক যেৱে দায়া আছে কমলনয়ন।।১১০৮।।

হেন শুনি হাসি হৰি বুলিলা বচন।

নবধিবো ইটো যেৱে ৰাখে সাধুজন।।

নুহি যেৱে মহন্তক কৰে অপকাৰ।

তোহ্মাক কহিয়া তেৱে কৰিবো সংহাৰ।।১১০৯।।

সেহি বৰ ছিদ্ৰ আসি ভৈল উপসন্ন।

নৰকক মাৰিবাক কৰিলা যতন।।

পৃথিৱীৰ অংশে সত্যভামা উতপতি।

এতেকেসে লগে লৈয়া গৈলা লক্ষ্মীপতি।।১১১০।।

আৰো হৰিবংশে হেন কথা আছি শুনি।

পাৰিজাত পুষ্পগোট আনি দেৱ মুণি।।

কৃষ্ণক দিলন্ত নিয়া পৰম উৎসৱে।

সেহি পুষ্প ৰুক্মিণীক পিন্ধাইলা মাধৱে।।১১১১।।

হেন শুনি সত্যভামা ভৈলা কষ্ট মন।

মাধৱত ৰোষে আতি কৰিল ক্ৰন্দন।।

সেহিবেলা প্ৰবোধ বুলিলা চক্ৰপাণি।

নাকান্দিবা পাৰিজাত গাছ দিবো আনি।।১১১২।।

সেহি অঙ্গীকাৰ পালিবাক দেৱহৰি।

তাতে সত্যভামাক আনিলা সঙ্গে কৰি।।

নৰকৰ গড় আতিশয় বৰ টান।

তাতেসে গৰুড় চড়ি কৰিলা পয়াণ।।১১১৩।।

গৰুড়ৰ স্কন্ধে প্ৰকাশন্ত দেৱহৰি।

বামে সত্যভামা দেৱী পৰমা সুন্দৰী।।

পাঞ্চজন্য শঙ্খ ফুঙ্কিলন্ত নাৰায়ণে।

আকাশত জয় জয় কৰে দেৱগণে।।১১১৪।।

নৰকৰ ৰাজ্য যাই পাইল দামোদৰ।

পৰম সঙ্কট তাৰ দুৰ্গম নগৰ।।

পৰ্ব্বতৰ গড়ে চতুষ্পাশে আছে জুৰি।

তাহাৰ ভিতৰে অস্ত্ৰ গড়ে আছে বেঢ়ি।।১১১৫।।

তাহাৰো ভিতৰে আৰো জলে আছে জুৰি।

অগনিৰ গড়ে চতুম্পাশে আছে বেঢ়ি।।

অগনিৰ ভিতৰে বায়ুৰ আৰো গড়।

আছোক মনুষ্য দেখি অৱতাৰো ডৰ।।১১১৬।।

বায়ুক ছড়াই আৰো আছে এক গড়।

চাৰি পাশে জাল গান্থি আছে দৃঢ়তৰ।।

তাহাৰ ভিতৰে থাকে নৰক দুৰ্জ্জয়।

দেখি সত্যভামাক বুলিলা কৃপাময়।।১১১৭।।

দেকিয়ো সু্নদৰী কেনে নৰকৰ গড়।

আতে থাকি পাপী কাকো নকৰয় ডৰ।।

অদিতি মাৱৰ কাঢ়ি আনিল কুণ্ডল।

জগতৰে অপকাৰ কৰিল নিষ্খল।।১১১৮।।

মাতৃৰ কুণ্ডল নিবো বধিয়া ইহাক।

পাৰজাত পুষ্প আনি দিবোহো তোহ্মাক।।

হেন শুনি সত্যভামা বুলিলা বচন।

বধিয়ো দুষ্টক সন্ত কৰিয়ো ৰক্ষণ।।১১১৯।।

সাম্ফলিলা হৰি পৃথিৱীৰ বচনক।

তযু আজ্ঞাতেসে বধিবোহো নৰকক।।

ভকতবৎসল প্ৰভু দেৱ নাৰায়ণ।

কোন কালে নসাধয় ভকত বচন।।১১২০।।

সত্যভামা বসুমতী দিলা অনুমতি।

গদা ধৰি যুদ্ধক সন্মুখ যদুপতি।।

গদাৰ প্ৰহাৰ ভাঙ্গি পৰ্ব্বতৰ গড়।

অস্ত্ৰৰ যন্ত্ৰক অস্ত্ৰে নিলা যমঘৰ।।১১২১।।

চক্ৰহানি অগ্নি জল বায়ুক শুষিলা।

খড়্গৰ প্ৰহাৰে চাৰি পাশক ছেদিলা।।

পাঞ্চজন্য শঙ্খধ্বনি কৰি আতিশয়।

ভেদিলা সকল আনো গড় যন্ত্ৰচয়।।১১২২।।

গদাৰ প্ৰহাৰে ভাঙ্গিলন্ত গড়দ্বাৰ।

শঙ্কৰ ধ্বনিত চিত্ত কম্পিল সৱাৰ।।

যুগান্ত কালৰ যেন বজ্ৰৰ প্ৰহাৰ।

শুনি মুৰ দানৱৰ কম্পিল শৰীৰ।।১১২৩।।

পৰিখা জলত সিটো আছিলেক শুই।

চখখায়া উঠি বসিলন্ত গিৰিসাই।

কোনে জগাইলেক বুলি গৰ্জ্জয় অপাৰ।

তাহাঙ্ক মাৰিয়া মঞি কৰিবো সংহাৰ।।১১২৪।।

প্ৰলয় কালৰ সূৰ্য্য অগনি পৰায়।

শূলপাত ধৰি আছে চাহন নযায়।।

পাঞ্চগোটা শিৰ তান অনল পৰায়।

তিনিয়ো লোকক যেন গিলে সমুদায়।।১১২৫।।

গৰ্জ্জন্তে খেদিয়া আসি পাইলা মাধৱক।

যেন সৰ্পগোট ধাই পাইলা গৰুড়ক।।

গৰুড়ক লাগি কোপে প্ৰহাৰিল শূলে।

পাঞ্চমুখে আটাসেক দিল কৌতুহলে।।১১২৬।।

দশোদিশ বসুমতী আকাশ পূৰিল।

চণ্ডনাদে ব্ৰহ্মাণ্ডৰ কটাহ লড়িল।।

জগত কম্পিল তাৰ শুনি মহানাদ।

বিস্ময়ে গুণন্ত কিনো মিলিল প্ৰমাদ।।১১২৭।।

মাধৱে দেখন্ত খেদি আসয় ত্ৰিশূল।

প্ৰলয়ৰ বহ্নি যেন জ্বলে আগমূল।।

গৰুড়ত পৰে হেন দেখি আথে বেথে।

দুই শৰে তিনি খণ্ড কৰিলা বাটতে।।১১২৮।।

পাঞ্চগোটা মুখ মেলি আসে দুৰাচাৰ।

একশত শৰ হানি কৰিল প্ৰহাৰ।ষ।

কুড়ি কুড়ি শৰে প্ৰহাৰিলা পাঞ্চমুখে।

পাচে মূৰ গদা হানিলেক বৰ দুঃখে।।১১২২৯।।

খেদি আসে গদা দেখিলন্ত গদাধৰে।

নিজ গদা ধৰি তাড়িলন্ত দৃঢ়তাৰে।।

সহস্ৰেক খণ্ড হুয়া গদা চূৰ ভৈল।

দেখি মুৰ দানৱৰ ক্ৰোধ জ্বলি গৈল।।১১৩০।।

চাৱে আগে পাচ কিছু অস্ত্ৰ শস্ত্ৰ নাই।

দশখান হাত মেলি ধৰিবাক যায়।।

খেদি আসে দেখি চক্ৰ মাৰিলা মুৰাৰি।

পাঞ্চগোট শিৰ ছেদিলন্ত লীলা কৰি।।১১৩১।।

গিৰি শৃঙ্গ ভাঙ্গিলেক বজ্ৰে যেনমত।

গৈল প্ৰাণ ছাড়ি বীৰ পৰিল জলত।।

পৰ্ব্বত আকাৰ দেহা পৰিল নিঢালে।

স্থলস্থূল লাগি গৈল পৃথিৱী পাতালে।।১১৩২।।

কৃষ্ণৰ চক্ৰত মূৰ পৰিলেক যেৱে।

সাতগোটা পুত্ৰ তাৰ শুনিলেক তেৱে।।

পিতৃবধ শুনি শোকে দগধ হৃদয়।

কৃষ্ণক যুজিবে সৱে কৰিল নিশ্চয়।।১১৩৩।।

তাম্ৰ অন্তৰীক্ষ বসু নভস্বান শ্ৰৱণ।

বিভাৱসু বৰুণ অসুৰ সাতোজন।।

পীঠ নামে সেনাপতি তাক আগ কৰি।

নৰকৰ আদেশে লড়িল দৰাদৰি।।১১৩৪।।

অস্ত্ৰ ধৰি যুদ্ধত ভৈলেক পয়োসাৰ।

কৃষ্ণক বেঢ়িয়া কৰে শৰৰ প্ৰহাৰৰ।

মহাক্ৰোধ কৰি সৱে কৰে শৰবৃষ্টি।

শূল শক্তি গদা ষাঠি হানে দৃঢ়মুষ্টি।।১১৩৫।।

ঢাকিলেক শৰে নেদেখিয় নিৰন্তৰ।

দেখিয়া শাৰঙ্গ কৰে ধৰি দামোদৰ।।

নিজ শৰজাকে অসুৰৰ শৰমান।

তিল সম কৰি কাটিলন্ত তেতিক্ষণে।।১১৩৬।।

পীঠ আদি কৰি যত যুজে বীৰগণ।

একেবাৰে সৱাকো তাড়িলা নাৰায়ণে।।

হাত পাৱ শিৰ স্কন্ধ ভেদিলা শৰীৰ।

সৱেয়ো মৰিয়া গৈল যমম মন্দিৰ।।১১৩৭।।

নৰকে দেখিল মোৰ সেনাপতি মানে।

মাধৱৰ শৰে সৱে গৈল যমথানে।।

কোপে অপমানে তাৰ নসহে শৰীৰ।

কৃষ্ণক যুজিবে চলি গৈলা মহাবীৰ।।১১৩৮।।

ঐৰাৱত হস্তীৰ বীৰ্য্যত ভৈল জাত।

চন্দ্ৰ সম শুক্ল সৱে পৰ্ব্বত সাক্ষাত।।

সৱে চতুৰ্দ্দন্ত হৃষ্ট পুষ্ট মহাবলী।

চাৰিধিক ষষ্ঠিগোট হস্তী গৈল চলি।।১১৩৯।।

সৱে ময়মত্ত মদজলে নহী বহে।

চলিলা নৰকাসুৰ যুদ্ধক উৎসাহে।।

আনো অসংখ্যাত হয় হস্তী সেনা ৰথ।

নৰকক বেঢ়ি সৱে চলিলা লগত।।১১৪০।।

মাদৱক যাই সৱে দেখিলা ৰণত।

চড়িয়া আছন্ত মহাপক্ষী গৰুড়ত।।

বামে সত্যভামা সতী কৰন্ত প্ৰকাশ।

হাতত শাৰঙ্গ গদা মুখে অল্পহাস।।১১৪১।।

সূৰ্য্য সম কৰে যেন দেখিয় শোভন।

থিৰ বিদ্যুতিকা সমে যেন মেঘগণ।।

ত্ৰৈলোক্যমোহন হৰি মূৰতি মধুৰ।

দেখি ক্ৰোধে কাম্পে আতি অধিকে অসুৰ।১১৪২।।

দান্ত কামুৰিয়া মহাগজ স্কন্ধে উঠি।

মাধৱক শকতি হানিল দৃঢ়মুষ্টি।।

তাৰ লগে বীৰ যত আইল যুজিবাক।

সৱে একেজাপে কৰিলেক শৰজাক।।১১৪৩।।

দেখিয়া ঈষৎ হাসি দেৱ দামোদৰে।

সমস্তে অস্ত্ৰক ছেদিলন্ত নিৰন্তৰে।।

নৰকক লগে সেনা আসি আছে মানে।

একেবাৰে সৱহাকো কৰিলা সন্ধানে।।১১৪৪।।

চিত্ৰ বিচিত্ৰ সৱে মাধৱৰ শৰ।

বিচিত্ৰ পখাই চাই আছে মনোহৰ।।

ক্ষুৰতো অধিক শৰ বায়ুবেগে ছুটি।

উৰু কৰ শিৰ কাটি কাটে চট চটি।।১১৪৫।।

গাত পাৱ গাৱ সৱ পেহ্লাইলেক ছেদি।

সেনাৰ শোণিতে যেন বহি যায় নদী।।

তিলেকতে হয় হস্তী ৰথ সেনা যত।

চূৰ্ণাকৃত ভৈল সৱে কৃষ্ণৰ শৰত।।১১৪৬।।

যত অস্ত্ৰ শস্ত্ৰ প্ৰহাৰয় বীৰগণে।

আপোনাৰ তীক্ষ্ণ শৰ হানি নাৰায়ণে।।

একো একো শৰক কৰিল তিনিখান।

দেখি নৰকৰ আতি কম্পি গৈলা প্ৰাণ।।১১৪৭।।

চাৰিধিক ষাঠি গোটা হস্তী ময়মত্ত।

নৰকক বেঢ়ি সৱে যুজয় আগত।।

খেদি গৈয়া গৰুড়ে দিলন্ত পখা ছাট।

স্মৃতিহত হুয়া বায়ু ভাঙি দিলে ফাট।।১১৪৮।।

চণ্ডতুণ্ডে তীক্ষ্ণ নখে কৰিল বিদাৰ।

চিহৰিয়া হস্তীগণে দেখি অন্ধকাৰ।।

মাহুতক পেহ্লাই সৱে পশিল নগৰ।

যুদ্ধত নৰক থাকিল গৈল একেশ্বৰ।।১১৪৯।।

আপুনাৰ সেনা যত পলাইল সকল।

গৰুড়ৰ চোটে হস্তী তেখনে পলাইল।।

দেখি নৰকৰ ক্ৰোধ জ্বলি গৈলা আতি।

গৰুড়ক মাৰিলেক প্ৰচণ্ড শকতি।।১১৫০।।

ইন্দ্ৰৰ বজ্ৰকো যিটো কৰিযাছে হত।

হেনয় শকতি পৰি গৈল গৰুড়ত।।

কৃষ্ণৰ বাহন পক্ষী তভো নকম্পিল।

প্ৰমত্ত হস্তীক যেন হানিলেক ফাল।।১১৫১।।

কিছুৱে নভৈল দেখি নৰক আগুল।

ক্ৰোধে মাধৱক লাগি হানিলেক শূল।।

নতু শূল প্ৰহাৰন্তে প্ৰভু নাৰায়ণে।

চক্ৰ হানি শিৰ ছেদিলন্ত তেতিক্ষণে।।১১৫২।।

কিৰীটি কুণ্ডলে সুমঞ্জিত যিটো শিৰ।

পৃথিৱীত পৰি আতি প্ৰকাশে ৰুচিৰ।।

হাহাকাৰ শবদ উঠিল নিজ পুৰে।

দেৱগণে আনন্দ কৰন্ত স্বৰ্গপুৰে।।১১৫৩।।

মৃদঙ্গ দুন্দুভি শঙ্খ শবদ তুমুল।

জয় কৃষ্ণ বুলিয়া সিঞ্চৰে দেৱে ফুল।।

ইন্দ্ৰ আদি দেৱগণে কৰিলন্ত স্তুতি।

তোহ্মাৰ প্ৰসাদে প্ৰভু গুচিল দুৰ্গতি।।১১৫৪।।

পুত্ৰৰ মৰণ পাছে দেখিয়া ধৰণী।

নকৰিলা শোক মাধৱৰ ইচ্ছা জানি।।

ভগদত্ত নামে তান আছে নাতিখানি।

কৃষ্ণক ভেণ্টাইতে তাক আসিল আপুনি।।১১৫৫।।

অদিতিৰ দুতয় কুণ্ডল লৈয়া শান্তি।

মহাৰত্নে জম্বুনদে কৰে আতি কান্তি।।

মাধৱক লাগি লৈলা দিব্য বনমালা।

নাতি আগ কৰি ধীৰে ধীৰে চলি গৈলা।।১১৫৬।।

কতো দূৰে কৃষ্ণক দেখিয়া মহাসতী।

দণ্ডৱতে পৰি আতি কৰিলা কাকূতি।।

ধীৰে ধীৰে কৃষ্ণৰ পাশক গৈলা চলি।

দিলন্ত কুণ্ডল দুই কৃতাঞ্জলি কৰি।।১১৫৭।।

পুনু প্ৰণামিয়া ভেণ্টিলেক বনমালা।

অনন্তৰে বৰুণৰ ছত্ৰ নিৱেদিলা।।

দেৱৰ ক্ৰিয়াৰ দান মন্দৰ শিখৰ।

নিৱেদিলা আৰো মহামণি মনোহৰ।।১১৫৮।।

মাধৱক দেখি সঙ্কোচিত কৰি কায়।

আৰম্ভিলা স্তুতি কেশৱৰ পদ চাই।।

একান্তে ভকতিভাৱে মন কৰি থিৰ।

আঞ্জলি কৰিয়া বিনাৱন্ত ধীৰে ধীৰ।।১১৫৯।।

শুনা সভাসদ মহাভাগৱত পদ।

এৰা মদগৰ্ব্ব সৱে হুয়া নিশবদ।।

কৃষ্ণৰ চেষ্টাক শুনিয়োক সাৱধানে।

দুষ্ট ভৈলে পুত্ৰকো মাৰন্ত নাৰায়ণে।।১১৬০।।

হেন জানি দুষ্টক নকৰা ভয় মন।

দুষ্টৰ উপৰে শাস্তা আচে নাৰায়ণ।।

কৃষ্ণৰ চৰণে মাত্ৰ কৰিয়ো ভকতি।

কৃষ্ণ বিনে আছে কোন অগতিৰ গতি।।১১৬১।।

পৰমাত্মা কৃষ্ণ আছা সৱাৰো হৃদিত।

কৃষ্ণ বিনে আন কেহো নপাৰে খণ্ডিত।।

অনন্ত কন্দলি ভণে তেজা সৱে ভয়।

ডাকি ৰাম হৰি বোলা পাপ হৌক ক্ষয়।।১১৬২।।

.......................

 

।।বসুমতীৰ স্তুতি।।

।।ছবি।।

পৃথিৱী বদতি দেৱ       দেৱে যাক কৰে সেৱ

নমো শঙ্খ চক্ৰ গদাধৰ।

প্ৰণামো পঙ্কজনাভ       জগত কাৰণ প্ৰভু

সংসাৰৰ তাপ ভয়হৰ।।

প্ৰণামো পঙ্কজ নেত্ৰ       প্ৰণামো পঙ্কজ সম

চৰণ যুগল ৰুচিকৰ।

প্ৰণামো পৰমানন্দ        জগত কাৰণ প্ৰভু

প্ৰণামো পঙ্কজমালাধৰ।।১১৬৩।।

নমো দেৱ ভগৱন্ত       সমস্ত ঐশ্বৰ্যমন্ত

নমো বাসুদেৱ সৰ্ব্বাশ্ৰয়।

নমো বিষ্ণুপুৰুষ যে      আদি অন্ত নাই যাৰ

নমো পূৰ্ণবোধ সত্যময়।।

মনো অজ নিৰঞ্জন       জনক জগতাত্মন

মনো ব্ৰহ্ম অনন্ত শকতি।

কাৰ্য্য কাৰণৰ মন       অন্তৰ্য্যামী নিৰঞ্জন

নমো ভকতৰ মুখ্যগতি।।১১৬৪।।

তুমিসে ঈশ্বৰ কাল       প্ৰকৃতি পুৰুষ ৰূপ

ৰজো গুণে ধৰাহা হৃদিত।

সংহৰিত তমো গুণ      ধৰা তুমি বাৰে বাৰ

সত্ত্ব ধৰা জগত পালিত।।

মহা মহী জল জ্যোতি     আনিল কাশ আদি

ইন্দ্ৰিয় দেৱতা বুদ্ধি মন।

অহঙ্কাৰ মহত্তত্ত্ব         এহি চৰাচৰ যত

তোহ্মাকেসে দেখি সৰ্ব্বক্ষণ।।১১৬৫।।

একে ব্ৰহ্ম মাত্ৰ তুমি      ভকতজনৰ স্বামী

অনাথৰ নাথ নাৰায়ণ।।

নজানো ভকতি স্তুতি     কেৱলে কৰোহো নতি

জানি মোক দিয়োক শৰণ।।

পুত্ৰকো বধিলা হৰি       সিটো দুষ্ট গৈল মৰি

তাত মোৰ নাহি কিছু শোক।

তাৰে এহি পুত্ৰখানি   তোহ্মাত ভেণ্টাইলো আনি

প্ৰভু আৱে আক পালিয়োক।।১১৬৬।।

চৰণ পঙ্কজে পৰি        হেৰা প্ৰাণনাথ হৰি

নাতি এবে পশিল শৰণ।

নকৰিয়ো বুদ্ধিভেদ       গুচায়োক হৃদিখেদ

পালিয়োক কমলনয়ন।।

ইহাৰ শিৰত নাথ       দিয়োক পঙ্কজ হাত

তেৱেসে জুৰায় মোৰ প্ৰাণ।

কটাক্ষ নয়নে চায়া       কৰিয়ো আহ্মাক দায়া

গুচোক ইহাৰ দুখ মন।।১১৬৭।।

......................

 

 

।।শতাধিক ষোড়শ হাজাৰ যুৱতী উদ্ধাৰ।।

।।দুলড়ী।।

 

শুক নিগদতি      সুভদ্ৰাৰ নাতি

শুনিয়োক পৰীক্ষিত।

পৃথিৱীৰ হেন      কাৰুণ্য শুনিয়া

কৃষ্ণৰ দ্ৰবিল চিত্ত।।

নাহি ভয় বুলি     হাসি বনমালী

কৰিলা বহু আশ্বাস।।

ভগদত্ত মাথে      দিয়া নিজ হাতে

আশ্বাসি জগনিৱাস।।১১৬৮।।

ভূমিক অভয়      দিলা কৃপাময়

পশিলা অন্তেষপুৰ।

নৰক ৰাজাৰ      গৃহ জাতিষ্কাৰ

সকল ৰত্ন প্ৰচুৰ।।

দেৱাসুৰ সিদ্ধ     গন্ধৰ্ব্ব ৰাজাৰ

নবীন দিব্য কুমাৰী।

শতাধিক ষোল     হাজাৰ ৰমণী

নৰকে আনিছা হৰি।।১১৬৯।।

অন্তেষপুৰত       থৈয়া আছে তাক

অনেক আতি যতনে।।

সিটো কন্যাগণে         কৃষ্ণকেসে মনে

বৰি আছি সৰ্ব্বক্ষণে।।

তাসম্বাৰ এক      ভকতি জানিয়া

ভকতবৎসল হৰি।

নিজ কৃপাগুণে     প্ৰৱেশ ভৈলন্ত

মধুৰ মূৰতি ধৰি।।১১৭০।।

দেখি কন্যাগণে     চকিত নয়নে

উঠিলন্ত তাৱক্ষণে।

দণ্ডৱতে পৰি      নমস্কাৰ কৰি

চাহি আছে ৰঙ্গমনে।।

সজল জলদ       তনু মনোহৰ

শোভে চাৰু পীতবাস।

 

কমল নয়ন       প্ৰসন্ন বদন

প্ৰকাসে ঈষদ হাস।।১১৭১।।

কিৰীটীকুণ্ডল      কৰে জলমল

চৰণে নূপুৰ ঘোষ।

জগতমোহন       ভুৱন বন্দন

দেখন্তে মিলে সন্তোষ।।

কৃষ্ণৰ স্বৰূপ      চৰিত্ৰ দখিয়া

মনে গুণে কন্যাগণে।

কিনো পুণ্য হেন    আহ্মাৰ মিলিল

আসিল কৃষ্ণ আপুনে।।১১৭২।।

মনৰ অভীষ্ট      প্ৰাণদেৱ কৃষ্ণ

মিলাইল বিধি আনিয়া।

হেন কৃষ্ণ আৱে         স্বামী হোৱন্তোক

কৰিয়োক বিধি দায়া।।

স্বপ্নে জ্ঞান যেৱে        ইহাঙ্কেসে আমি

বৰি আছো স্বামী কৰি।

তেৱে দাসী কৰি        আহ্মাক এক্ষণে

নেহন্তোক প্ৰাণহৰি।।১১৭৩

কৃষ্ণ হৈয়ো স্বামী    কৃষ্ণ হৈয়ো স্বামী

এহি বুলি গাৱে গাৱে।

সকল সুন্দৰী      হৃদয়ত ধৰি

পৰিলন্ত প্ৰেমভাৱে।।

তাসম্বাৰ হেন      বিনয় দেখিয়া

তুষ্ট ভৈলা শ্ৰীনিৱাস।

কটাক্ষ নয়নে      হষিত বদনে

কৰিলা প্ৰভু আশ্বাস।।১১৭৪।।

নানা দিব্য বস্ত্ৰ         অলঙ্কাৰ যত

দিলন্ত কৃষ্ণে সৱাক।

মহা চতুৰ্দ্দোল      মাধৱে সৱাকো

পঠাইলন্ত দ্বাৰকাক।।

শতাধিক ষোল     হাজাৰ কুমাৰী

চলি গৈল চতুৰ্দ্দোল।

দিব্য অলঙ্কাৰে     তনু জাতিষ্কাৰ

তাৰাগণ যেন চলে।।১১৭৫।।

 

মহাৰত্ন যত      ধন অসংখ্যাত

ভণ্ডাৰৰ চাই চাই।

ৰথ গজ বাজী     দ্বাৰকাক লাগি

দিলন্ত কৃষ্ণে পঠাই।।

ঐৰাৱত বংসে     উপজিল যিটো

সৰ্ব্ব শুক্লচতুৰ্দ্দন্ত।

চাৰিধিক ষাঠি     ময়মত্ত হস্তী

তাকো কৃষ্ণে পঠাইলন্ত।।১১৭৬।।

..................

 

।।কৃষ্ণৰ অস্ৰাৱতী গমন।।

।।ছবি।।

 

অনন্তৰে দেৱহৰি        গৰুড়স্কন্ধত চড়ি

সত্যভামা দেৱী সমন্বিত।

কুণ্ডল দিবাক প্ৰতি     চলি গৈলা অম্ৰাৱতী

ইন্দ্ৰৰ মন্দিৰে উপস্থিত।।

দেখি দেৱগণ সঙ্গে       ইন্দ্ৰ আতি মহাৰঙ্গে

কৃষ্ণক পূজিলা বিধিৱতে।

কৰিল অনেক স্তুতি      নিস্তাৰিলা যদুপতি

চৰণত পৰি দণ্ডৱতে।।১১৭৭।।

ইন্দ্ৰক আশ্বাসি হৰি       অদিতিৰ গৃহে চলি

গৈলা দেৱগণ সমন্বিত।।

মাতৃক প্ৰণাম কৰি    কণ্ডল দিলন্ত হৰি

দেখি দেৱী ভৈল সচকিত।।

আতি আথবেথ কৰি      কৃষ্ণক সাৱটি ধৰি

প্ৰেমে আকুলিত হুয়া মন।

নয়নৰ বহে নীৰ        মাতিলন্ত ধীৰে ধীৰ

মহাস্নেহে স্ৰৱে দুই স্তন।।১১৭৮।।

কিনো তুমি কৃপাসিন্ধু     অনাথ জগতবন্ধু

কোনেনো বুজিবে তযু গুণ।

নৰক দৈত্যক বধি     কুণ্ডল দিবেক আনি

হেন মোৰ পুত্ৰ আছো কোন।।

 

তোহ্মাৰ প্ৰসাদে প্ৰভু   দুনাই কুণ্ডল পাইলো

দেৱে সমে তাড়িলা ইন্দ্ৰক।

দেখি তযু পদ্মমুখ      খণ্ডিল সকল দুখ

আজিসে লভিলো আনন্দক।।১১৭৯।।

এহিমতে প্ৰেমভাৱে       শশী সমে অদিতিয়ে

কৰি সত্যভামাক আদৰ।

স্বৰ্গৰ বিচিত্ৰ পুষ্প       দিব্য বস্ত্ৰ অলঙ্কাৰ

মাধৱক দিলা নিৰন্তৰ।।

মাতৃক আশ্বাস কৰি      গৰুড় স্কন্ধত চড়ি

দ্বাৰকাক চলিল মুৰাৰি।

দেৱতাৰ যত নাৰী     বেঢ়ি চাৱে শাৰী শাৰী

যতেক সুন্দৰী অপেশ্বৰী।।১১৮০।।

কিনো ৰূপ কিনো গুণ     হেন দেখি আছে কোন

কৃষ্ণৰ সমান মনোহৰ।

অম্ৰাৱতী পুৰ ছানি     কৰে জয় কৃষ্ণ ধ্বনি

বাৱে শঙ্খ দুন্দুভি বিস্তৰ।।

সত্যভামা সমন্বিতি    আসি যেৱে যদুপতি

ইন্দ্ৰৰ ওৱাৰি সীমা পাইল।

সেহিবেলা সত্যভামা    প্ৰণামি স্বামীৰ পাৱে

পূৰ্ব্বৰ বচন সুমৰাইল।।১১৮১।।

.......................

।।পাৰিজিতা হৰণ।।

।।দুলড়ী।।

 

দেখা প্ৰাণনাথ     পু্ষ্প পাৰিজাত

ইন্দ্ৰৰ শোভে ওৱাৰি।

দিবো বুলি মোক        আনি আছা প্ৰভু

পাসৰিলা কেনে কৰি।।

তোহ্মাৰ কিঙ্কৰী        ইন্দ্ৰৰ ঘৰিণী

পিন্ধে ইটো পাৰিজাত।

মঞি তযু প্ৰিয়া         দিবো বুলি আছা

তুলি লোৱা প্ৰাণনাথ।।১১৮২।।

পৃথিৱীৰ লোকে         নতু দেখে আক

মহাপুষ্প পাৰিজাত।

তযু প্ৰসাদত           পূৰো মনোৰথ

থাপো নিয়া দ্বাৰকাত।।

ভাৰ্য্যাৰ বচনে          কমলনয়নে

লৈলন্ত পুষ্প উভাৰি।

গৰুড়ৰ স্কন্ধে          থাপিয়া প্ৰবন্ধে

চলি গৈলা লীলাকৰি।।১১৮৩।।

শুনি শশী সতী         ইন্দ্ৰক নিন্দিল

ধিক তুমি দেৱৰাজ।

মোৰ পাৰিজাত         নেয় যদুনাথ

যুদ্ধক নাহিকে কাজ।।

শশীৰ বচনে      সহস্ৰ লোচনে

পৰম লজ্জাক পাই।

ক্ৰোধে মোহ হুয়া        দেৱগণে সমে

কৃষ্ণক ভেণ্টিল যাই।।১১৮৪।।

ঐৰাৱতে চড়ি     হাজে বজ্ৰ ধৰি

কৰয় আতি গৰ্জ্জন।

ৰহ ৰহ কৃষ্ণ      মোৰ পাৰিজাত

নেস তুমি কি কৰাণ।।

স্বামীৰ বল্লভা     থাকি সত্যভামা

ইন্দ্ৰক বুলিলা হাসি।

কেনমতে তুমি     মোৰ পুষ্প বুলি

কৃষ্ণক বোলা উল্লাসি।।১১৮৫।।

সমুদ্ৰত জাত      ইটো পাৰিজাত।

আহ্মাৰো অছয় ভাগ।

এতকাল তোৰা         পিন্ধিয়া আছস

নকৰিবা আত বাদ।।

হেন শুনি শশী         লগতে আছয়

মাতিলেক বৰ ৰাগে।

শুনৰে মানুষী          মিছা ধসমসি

কৰ আসি কাৰ আগে।।১১৮৬।।

সকল দেৱৰ      স্বামী পুৰন্দৰ

তাহান মঞি সুন্দৰী।

মোৰ পাৰিজাত         পিন্ধিবাক চাস

তঞি মানুষৰ নাৰী।।

 

শুনি সত্যভামা         হাসিয়া বোলন্ত

মুখতো নলাগে লাজ।

মোহোৰ স্বামীৰ         চৰণ নৱাপে

তোৰ স্বামী দেৱৰাজ।।১১৮৭।।

বাৰে বৈৰে দৈত্যে       স্বৰ্গক নিকালে

ফুৰস মাগনী হুই।

কৃষ্ণেসে পালন্ত     কৃষ্ণেসে ৰাখন্ত

গৰ্ব্ব কৰ কোন মই।।

ব্ৰহ্মা মহাদেৱ      যাৰ পদ চিন্তে

তাহানে মঞি কামিনী।

তই ভৈলি দেৱী         মঞি ভৈলো মানৱী

হাসি উঠে এহি শুনি।।১১৮৮।।

সত্যভামা হেন     বোলন্ত আছয়

ইন্দ্ৰৰ উঠিল কোপ।

মাৰো কৃষ্ণ বুলি        কৰে বজ্ৰ ধৰি

কৰয় আতি আটোপ।।

ইন্দ্ৰৰ আদেশে     দেৱতা নিঃশেশে

কৰে আতি শৰবৃষ্টি।

খেদি নাৰায়ণে     শাৰঙ্গ ধৰিয়া

টঙ্কাৰিলা দৃঢ়মুষ্টি।।১১৮৯।।

অসংখ্য প্ৰমাণ     প্ৰহাৰিলা বাণ

লঘু হস্তে অল্প কৰি।

হাৰি দেৱগণে     পশিল শৰণে

ত্ৰাহি কৃষ্ণ ৰাৱ কাঢ়ি।।

লাজে শশীপতি     শশী সমন্বিতি

কৃষ্ণক কৰিল স্তুতি।

কৰিলোহো দোষ        ক্ষমিয়ো ৰোষ

আমি মহা মূঢ়মতি।।১১৯০।।

পাচে দেৱ হৰি         ইন্দ্ৰক আশ্বাসি

সত্যভামা সমন্বিত।

পাৰিজাত লৈয়া         দ্বাৰকাক গৈয়া

ভৈলা প্ৰভু উপস্থিত।।

দ্বাৰকাত মহা     উৎসৱ মিলিল

আসিলন্ত যদুনাথ।

ইন্দ্ৰক জিনিয়া     স্বৰ্গৰ মাধৱে

আনিলন্ত পাৰিজাত।।১১৯১।।

.....................

।।ছবি।।

 

শুনা অভিমন্যু সুত      দেখা কেনে অদভুত

ইন্দ্ৰ আদি দেৱৰ অন্যায়।

কিৰীটিৰ অগ্ৰে যাৰ      চৰণ পৰশি আসি

গোচৰ কৰয় সৰ্ব্বদায়।।

হেন দেৱ যদুৰায়       ইন্দ্ৰৰো সাধন্ত কাজ

দেৱকো ৰাখন্ত দিনে ৰাতি।

কোন বস্তু পাৰিজাত      তাহাৰ কাৰণে তাঙ্ক

দেৱ সমে যুজে শশীপতি।।১১৯২।।

শুনা শুদ্ধ বুদ্ধজন       নিজবন্ধু নাৰায়ণ

ভজিয়োক তাহান চৰণে।

ধনগৰ্ব্বে মত্ত হুয়া       মহন্তজনৰ দায়া

দেখিয়ো নেদেখে মূঢ়জনে।।

মহন্তৰ মুখে যত        শুনয় পৰম তত্ত্ব

ভুকুতি মুকুতি যাত পায়।

তথাপিতো মহন্তক        প্ৰসন্ন বদন কৰি

সাদৰে নামাতে মুখ চাই।।১১৯৩।।

হেন জানি নৰলোক      অহম্মম এৰিয়োক

ইটো গৰ্ব্বে নকৰে কল্যাণ।

অনন্ত কন্দলি ভণে       হৰি বোলা ঘনে ঘনে

কেতিক্ষণে পৰে ইটো প্ৰাণ।।১১৯৪।।

.............

 

।।কৃষ্ণৰ দ্বাৰা ৰুক্মিণীৰ দৰ্পচূৰ্ণ।।

                  ।।পদ।।

পাচে সত্যবামাৰ গৃহৰ সন্নিহিত।

ক্ৰীড়াৰ উদ্যান বন আছে সুশোভিত।।

তাতে নিয়া মাধৱে ৰুইলন্ত পাৰিজাত।

দেখি সত্যভামাৰ আনন্দ অসংখ্যাত।।১১৯৫।।

স্বৰ্গৰ ভ্ৰমৰা মানে লগতে আসিল।

গুঞ্জ গুঞ্জ ধ্বনি কৰি উদ্যান ভৰিল।।

পৃথিৱীক আসিল স্বৰ্গৰ পাৰিজাত।

পৰম উৎসৱে ৰঙ্গ ভৈল দ্বাৰকাত।।১১৯৬।।

পাচে শুভলগ্ন দিন চাই নাৰায়ণ।

কৰিলেক বিহা আনিবাৰ কন্যাগণ।।

শতাধিক ষোড়শ হাজাৰ দিব্য নাৰী

আপুনি ততেক ৰূপ ভৈলেক মুৰাৰি।।১১৯৭।।

ততেক সমাজ ৰঙ্গ বৈলে ভিন্নে ভিন্নে।

একলগ্নে বিহা কৰিলন্ত একে দিনে।।

দেখিয়ো আশ্চৰ্য্য ইটো কৃষ্ণৰ মহিমা।

কোন জনে বুজে কোন কৰিবেক সীমা।।১১৯৮।।

ৰুক্মিণীক আদি যত প্ৰিয় বন্ধুগণ।

সৱাৰো গৃহত প্ৰভু এক নাৰায়ণ।।

সদায়ে থাকন্ত নিজানন্দ ৰূপ ধৰি।

কৃষ্ণৰ মহিমা কিছু বুজিতে নপাৰি।।১১৯৯।।

যতেক সুন্দৰী কন্যা বিহাইলা ঈশ্বৰ।

পৃথকে পৃথকে সৱাহাৰে ৰত্নঘৰ।।

সৱাৰো গৃহত হৰি থাকন্ত সতত।

বিশ্বৰূপে কৃষ্ণে কেহো নুবুজয় তত্ত্ব।।১২০০।।

সৱেয়ো বোলন্ত আতি মঞিসে সুন্দৰী।

মোহোৰেসে সঙ্গত থাকন্ত দেৱহৰি।।

কিনো মহাপূণ্য কৰি আছে নাৰীগণে।

পূৰ্ণব্ৰহ্ম কৃষ্ণ এৰে থাকে সৰ্ব্বক্ষণে।।১২০১।।

যাৰ সম উত্তম ঈশ্বৰ নাহি দেৱ।

যাহাৰ অতৰ্ক কৰ্ম্ম নুবুজয় কেৱ।।

আনন্দে সম্পূৰ্ণ সৰ্ব্বগুণৰ ভাজন।

নাৰী সমে ক্ৰীড়া কৰে হেন নাৰায়ণ।।১২০২।।

লক্ষ্মীৰেসে অংশ সিটো যতেক ৰমণী।

তাসম্বাৰ সমে কৃষ্ণ থাকা ৰাত্ৰি দিনি।।

গৃহস্থৰ ধৰ্ম্ম আচৰিলা প্ৰভু ৰঙ্গে।

সামান্য পুৰুষ যেন থাকি নাৰীসঙ্গে।।১২০৩।।

ব্ৰহ্মা মহশ্বৰ যাৰ স্বৰূপ নজানে।

হেনয় দেৱক স্বামী পায়া নাৰীগণে।।

পৰম আনন্দ বাঢ়ি যায় অনুদিনে।

প্ৰেমভাৱে ভজিল কৃষ্ণক নাৰীগণে।।১২০৪।।

প্ৰথম সঙ্গমে লাজে নোলাই বচন।

কটাক্ষ নয়নে হাসি চান্ত ঘনে ঘন।।

কৃষ্ণ আসিবাৰ দেখি উঠি তাৱক্ষণে।

বিচিত্ৰ আসন আনি দেন্ত ৰঙ্গমনে।।১২০৫।।

সুৱৰ্ণ ডাৱৰ ধৰি ধুৱান্ত চৰণ।

কৰ্পূৰ তাম্বুল লাজি দেন্ত ঘনে ঘন।

আপোন উৰুত তুলি কৃষ্ণৰ চৰণ।

বিচিত্ৰ সুগন্ধ তৈলে কৰন্ত মৰ্দ্দন।।১২০৬।।

সুগন্ধ চন্দন আনি পিন্ধান্ত তিলক।

বিচিত্ৰ চামৰ ধৰি বিঞ্চন্ত কৃষ্ণক।।

বান্ধন্ত বিচিত্ৰ কৰি কেশ কাঙ্কয়াই।

পিন্ধান্ত সুগন্ধ পুষ্প মালতী মধাই।।১২০৭।।

বিচিত্ৰ সুগন্ধ জলে কৰাৱন্ত স্নান।

পঞ্চামৃতে সাজি আনি দেন্ত অন্নপান।।

এহিমতে যতেক সুন্দৰী ভিন্নে ভিন্নে।

গৃহে গৃহে কৃষ্ণক সেৱন্ত সৰ্ব্বক্ষণে।।১২০৮।।

সহস্ৰ সংখ্যাত দাসী আছে গাৱে গাৱে।

আপুনিসে কৃষ্ণক সেৱন্তদাসী ভাৱে।।

কোন জন্মে স্বামী পাইবো হেন বান্ধৱক।

এহি বুলি নিৰন্তৰে সেৱয় কৃষ্ণক।।১২০৯।।

শুক নিগদতি শুনিয়োক কুৰুৰায়।

তাসম্বাৰ ভাগ্য আৰ কহন নযায়।।

কোটি কোটি দাসী যদি আছয় সৱাতে।

তভো আপুনিসে সেৱা কৰন্ত সততে।।১২১০।।

।।কৃষ্ণ-ৰুক্মিণীৰ কথোপকথন।।

আৱে শুনা ৰুক্মিণীক যেনমতে হৰি।

কৰিল আনন্দ গ্ৰাম্য পৰিহাস কৰি।।

যিটো দেৱে লীলা কৰি ই তিনি ভুৱন।

স্ৰজন্ত পালন্ত সংহাৰন্ত ঘনে ঘন।।১২১১।।

নিজ ভকতিৰ পথ জানিবাক প্ৰতি।

যদুবংশে প্ৰভু আসি ভৈল উতপতি।।

তাহান মনুষ্য লীলা শ্ৰৱণ অমৃত।

ভুকুতি মুকুতি পদ শুনা পৰীক্ষিত।।১২১২।।

একদিনা জগতৰ গুৰু নাৰায়ণে।

আপোন শৰ্য্যাত বসি আৰু ৰঙ্গমনে।।

সখীগণ সমন্বিত ৰুক্মিণী সুন্দৰী।

স্বামীক সেৱন্ত সতী নানা ভাৱ ধৰি।।১২১৩।।

অসংখ্যাত ৰত্ন জ্বলে গৃহৰ ভিতৰ।

কৃষ্ণৰ কান্তিয়ো আতি প্ৰকাশে সুন্দৰ।।

মহা নৱ ছত্ৰ চন্দ্ৰতাপ আছে তৰি।

মুকুতা মুৰাৰি থোপা হালে শাৰী শাৰী।।১২১৪।।

মণিময় দীপে কৰে চৌপাশে প্ৰকাস।

অগৰু সুৰভি গোন্ধে চন্দনে সুৱাস।।

মালতীৰ মালাচয় হালে শাৰী শাৰী।

ভ্ৰমৰাৰ পংক্তি ফুৰে চৌপাশে গুঞ্জৰি।।১২১৫।।

তৰুণ অৰুণ বৰ্ণ চন্দ্ৰৰশ্মিচয়।

কুন্দ্ৰাক্ষৰ জালে আতি প্ৰকাশ কৰয়।।

পাৰিজাত উদ্যানৰ সুগন্ধ সমীৰ।

কুন্দ্ৰাক্ষৰ জালে পশি বহন্ত সুথিৰ।।১২১৬।।

অগৰু ধূপৰ ধূম গাৱক্ষ বজাই।

নগৰীক সুগন্ধিত কৰে সমুদায়।।

হেনয় বিচিত্ৰ ৰত্ন মন্দিৰত হৰি।

বসি আছা ভুৱনমোহন ৰূপ ধৰি।।১২১৭।।

দুগ্ধফেন যেন আতি জ্বলে হংস তুলি।

ৰত্নময় খাটত কৰন্ত আতি কেলি।।

শীতল বতাস বয় হালে চাৰি পাশ।

তাতে বসি লক্ষ্মীনাথ কৰন্ত প্ৰকাশ।।১২১৮।।

সমান বয়সী দাসীগণ সঙ্গে কৰি।

ৰুক্মিণী কৃষ্ণক সেৱা কৰন্ত সাদৰি।।

মনত বোলন্ত মঞি আতিসে সুন্দৰী।

মোহোৰসে স্বামী জগতৰ দেৱহৰি।।১২১৯।।

সৱাতো অধিক স্নেহ কৰন্ত আহ্মাক।

ইসে সৰ্ব্বক্ষণে সেৱা কৰোহো ইহাক।।

জন্মে জন্মে মোহোৰ কৃষ্ণেসে হৈবা স্বামী।

ইহানেসে চৰণৰ দাসী হৈবো আমি।।১২২০।।

এহি গুণি মনত মিলিল প্ৰমভাৱ।

মাধৱক বিঞ্চন্তে আছন্ত এক সখী।

মনত ঈৰিষা কিছু ভৈলা তাইক দেখি।।১২২১।।

মোৰ স্বামী কৃষ্ণক বিঞ্চন্ত কোন জন।

চাম্প দিয়া চামৰ ধৰিল জাৱক্ষণ।।

কাঢ়ি লৈয়া বিঞ্চিবাক লাগিল ৰুক্মিণী।

কৰন্ত কৃষ্ণক সেৱা জগত জননী।।১২২২।

কৃষ্ণৰ সমীপে সতী কৰন্ত প্ৰকাশ।

বিঞ্চন্তে চামৰ ধৰি কৰি লয়লাস।।

অভিনৱ কমল চৰণ দুইখানি।

ৰত্নৰ নূপুৰ মণি কৰে ৰিণিঝিনি।।১২২৩।।

বিশাল বলয়াচয় জ্বলে দুয়ো কৰ।য

কৰতল অৰুণ পল্লৱ মনোহৰ।।

ৰত্নৰ পাকৰি যেন আঙ্গুলিৰ শাৰী।

তাতে নখচন্দ্ৰচয় জ্বলে ভঙ্গি কৰি।।১২২৪।।

ললিত চামৰ সৰ্ব্ব শুক্ল মনোহৰ।

সুৱৰ্ণৰ দণ্ডে ৰত্ন জ্বলে ৰুচিকৰ।।

মুঠি কৰি ধৰি তাক বিঞ্চন্ত সাদৰি।

কৃষ্ণক কটাক্ষে চান্ত অল্পহাস্য কৰি।।১২২৫।।

স্তনৰ উপৰে বস্ত্ৰ জ্বলে দিব্য জালি।

কুঙ্কুমে অঙ্কিত কুচ প্ৰকাশে সমূলি।।

মুকুতাৰ হাৰ তাতে কৰয় প্ৰকাশ।

কুঙ্কুমৰ চটা তাতে অৰুণ আভাস।।১২২৬।।

ডম্বৰু কঙ্কালি হালি পৰন্ত পৰায়।

ৰত্নৰ মেখলা তাতে অধিকে সুহাই।।

কৰ্ণত কুণ্ডল দুই কৰে জলমল।

পূৰ্ণচন্দ্ৰ নিন্দে চাৰু বদন কমল।।১২২৭।।

কণ্ঠে কণ্ঠাভৰণ প্ৰকাশে ৰুচিকৰ।

চাৰিদিশ প্ৰসন্ন বদন মনোহৰ।।

সাক্ষাতে অমৃত তাতে শোভে মৃদুহাস।

হেনমতে ৰুক্মিণী বিঞ্চয় লয়লাস।।১২২৮।।

ৰুক্মিণীৰ একান্ত ভকতি দেখি হৰি।

প্ৰেমভাৱে কটাক্ষে চাহন্ত হাস্য কৰি।।

ত্ৰৈলোক্যত নাহি হেন সম ৰূপৱতী।

কৃষ্ণ বিনে ৰুক্মিণীৰ নাহি আন মতি।।১২২৯।।

যেহি যেহি ৰূপে হৰি ধৰা অৱতাৰ।

সেহিৰূপে লক্ষ্মী উপজন্ত বাৰে বাৰ।।

মাধৱৰ প্ৰিয় নাহি ৰুক্মিণীত পৰে।

পাচে তাঙ্ক সম্বোধি মাতিল দামোদৰে।।১২৩০।।

মাধৱ বদতি ওৱা শুনিয়ো ৰুক্মিণী।

মোত এতমান সেৱা কৰা কোন গুণি।।

ৰাজাৰ নন্দিনী তুমি মহা গুণৱতী।

মোক বিঞ্চিবাক তযু নাহিকে যুগুতি।।১২৩১।।

থৈয়োক চামৰ বসিয়োক আসনত।

কা এক পুছো মোত কহিয়ো সাম্প্ৰত।।

খুজিলেক তোহ্মাক অনেক ৰাজাগণে।

তাক তেজি মোক বৰিলাহা কোন গুণে।।১২৩২।।

একো একো ৰাজা যেন একো দিগপাল।

ৰূপে গুণে বলে বীৰ্য্যে সৱেয়ো বিশাল।।

আপোন থানতে লাগ পাইলাহা সৱাক।

তভো কি কাৰণে দূত পঠাইলা আহ্মাক।।১২৩৩।।

শিশুপাল নৃপতি সৱাতো কৰি বৰ।

তাহাকেসে দেয় পিতৃ ভ্ৰাতৃয়ে তোহ্মাৰ।।

বিশেষত নাৰী ভৈলে নুহি স্বতন্তৰী।

তাক তেজি মোক ভজিলাহা কেন কৰি।।১২৩৪।।

যোনো বোলা তোহ্মাক ভজিলে কিবা দোষ।

শুনিলে এখনে কৰিবাবা অসন্তোষ।।

ৰাজাৰ নন্দিনী তুনি সৰ্ব্ব সুলক্ষণী।

মই অল্প জানি বৰিলাহা কোন গুণী।।১২৩৫।।

মোত পৰে অল্প বুলি নাহি আন জন।

দেখাহা চন্দ্ৰত আমি পশিছো শৰণ।।

জৰাসন্ধ আদি ৰাজাগণৰ ভয়ত।

তেজি পূণ্য দেশ আসি পশিলো জলত।।১২৩৬।।

বলৱন্ত ৰাজাগণে কৰে মোক দ্বেষ।

পলাইবাৰ থান মোৰ নাহিকে বিশেষ।।

স্বৰূপতো নোহো মঞি ৰাজাৰ নন্দন।

নাহি ৰাজচিহ্ন মোৰ ছত্ৰ সিংহাসন।।১২৩৭।।

উগ্ৰসেন ৰাজাকেসে থাকো সেৱা কৰি।

কোন গুণ দেখি মোক বৰিলা সুন্দৰী।।

আৰো মঞি নকৰো লোকৰ সদাচাৰ।

নাৰীত বিস্তৰ মোৰ নাহি সতকাৰ।।১২৩৮।।

যিসৱৰ আছাৰ নুবুজে একো জন।

স্ত্ৰীৰ অধীন নোহো যিটো নৰগণ।।

তাহাক ভজিলে দুখ পাৱে নাৰীগণে।

মঞি সেহিমত বৰিলাহা কি কাৰণে।।১২৩৯।।

মঞি নিষ্কিঞ্চন জানিবাহা দৃঢ়তৰ।

নিষ্কিঞ্চন জনেসে মোহোৰ প্ৰিয়বৰ।।

দেখি আছা মোক নভজয় আঢ্যজনে।

তুমি মহা আঢ্য মোক বৰিলাহা কেনে।।১২৪০।।

যেৱে দুইৰো হোৱে তুল্য ধন জন কৰ্ম্ম।

অতুল ঐশ্বৰ্য্য গুণ ৰূপ বল ধৰ্ম্ম।।

সিসি দুইৰ হৱে মিত্ৰ বিৱাদ বিহিত।

উত্তমে অধমে যোগ্য নুহি কদাচিত।।১২৪১।।

এতেকে ৰুক্মিণী নুগুণিলা চিৰকাল।

বিশেষ নুবুজি বিচাৰিলা গুণ ভাল।।

সৰ্ব্বগুণহীন মোক বৰিলা সুন্দৰী।

তোহ্মাৰ সদৃশ মঞি হৈবো কেন কৰি।।১২৪২।।

ভিক্ষুকে যেহেন অমৃতক প্ৰশংসয়।

যেহি মোক নেদেখয় সেহি বখানয়।।

দেশান্তৰী মুখে মোৰ গুণ নাম শুনি।

তাকে সত্য মানি মোক বৰিলা নাজানি।।১২৪৩।।

কি কৰি বৰিলা আগ পাচ নুগুণিলা।

পিতৃ-মাতৃ ভ্ৰাতৃৰ বচন নুশুনিলা।।

শিশুপাল হেন নৃপতিক পৰিহৰি।

কোন গুণে যাচি মোক বৰিলা সুন্দৰী।।১২৪৪।।

এভো হেন কৰা আত নাহি অসন্তোষ।

কন্যা ভৈলে ৰত্ন আত কোনে দিবে দোষ।।

আপোনাৰ অনুৰূপ মতি দেখা যাক।

দিলোহো বিদায় যাই ভজিয়ো তাহাক।।১২৪৫।।

ইবেলি বিচাৰি ভাল বৰিবাহা স্বামী।

তৱে ইজন্মত সুখে থাকিবাহা তুমি।।

অনেক আশ্বৰ্য ভুঞ্জিবাহা পূৰি মন।

মৰিলেও পাইবা দিব্য দেৱৰ ভুৱণ।।১২৪৬।।

এতেকে সুন্দৰী তুমি এৰিয়ো বিলম্ব।

আমি অল্প জন আথ নকৰোহো দম্ভ।।

দিলোহো বিদায় তুমি যাইয়ো যথা মন।

তোহ্মাৰ অধিক মোৰ নাহি প্ৰয়োজন।।১২৪৭।।

যোনো বোলা মোত যেৱে নাহি প্ৰয়োজন।

বাৰ্ত্তা পাই মোৰ তান গৈলা কি কাৰণ।।

ভ্ৰাতৃক মুণ্ডিয়া যিনি নৃপতিগণক।

এতেক প্ৰকাৰে মোক আনিলা কিসক।।১২৪৮।।

তাহাৰ নিদান কহো শুনিয়ো সুন্দৰী।

শাল্ব শিশুপাল জৰাসন্ধ আদি কৰি।।

মোক মহা দ্বেষ কৰে দুষ্ট ৰাজাগণ।

তযু ভাই ৰুক্ময়ো নিন্দয় ৰাত্ৰি দিন।।১২৪৯।।

একঠাই হুয়া কৰিলেক আলোচন।

কৃষ্ণ যেৱে আসে নিদিবাহা সিংহাসন।।

এহি কথা শুনি মোৰ উপজিল কোপ।

আথে বেথে খেদি গৈলো কৰিয়া আটোপ।।১২৫০।।

তাসম্বাৰ মদগৰ্ব্ব দৰ্প চূৰ কৰি।

এতেকেসে তোহ্মাক আনিলো মঞি হৰি।।

আন সৱ দোষ মঞি ক্ষমিবাক পাৰো।।

দম্ভ দৰ্প অহঙ্কাৰ সহিতে নপাৰো।।১২৫১।।

দুষ্টৰ তেজক মঞি হৰো দিনে ৰাতি।

তোহ্মাক আনিলো হৰি এহিসে যুগুতি।।

নুহি মঞি কোন কাৰ্য্যে আনিবো তোহ্মাক।

স্বৰূপত উদাসীন জানিবা আহ্মাক।।১২৫২।।

স্ত্ৰীৰ উদাসীন সেৱা আতি বৰ টান।

আমি উদাসীন আত নলাগে প্ৰমাণ।।

স্ত্ৰী পুত্ৰ অৰ্থত নাহিকে মোৰ কাম।

আপোন ঐশ্বৰ্য মোৰ মন অভিৰাম।।১২৫৩।।

দেহে গেহে দুইটো মঞি উদাসীন আতি।

সাক্ষীৰূপে প্ৰৱৰ্ত্তোহো যেন দীপজ্যোতি।।

এতেকে তোহ্মাত মোৰ কিছু কাৰ্য্য নাই।

যাকে ইচ্ছা তাকে স্বামী বৰিয়োক যাই।।১২৫৪।।

শুক নিগদতি ৰাজা শুনা পৰীক্ষিত।

কৃষ্ণৰ চৰিত্ৰ কেনে দেখা বিপৰীত।।

আপোনাৰ তনু যিটো ৰুক্মিণী সুন্দৰী।

তাহাঙ্ক এতেকে বাক্য বুলিলা মুৰাৰি।।১২৫৫।।

ক্ষণেকো নেৰন্ত যাক হৃদয়ত হৰি।

যাক নিজ ভাৰ্য্যা বুলি মানিচা মুৰাৰি।।

হেনয় ৰুক্মিণী দৰ্প কৰিলন্ত গুণি।

তাক চুৰ কৰি মৌন ভৈলা চক্ৰপাণি।।১২৫৬।।

শুনা সভাসদ পদ দশম স্কন্ধৰ।

শ্ৰৱণতে হৰে পাপ সকলো জন্মৰ।।

মহাৰঙ্গ কথা কৃষ্ণ ৰুক্মিণী সম্বাদ।

শান্ত মনে শুনা গৰ্ব্ব কৰিয়া উচ্ছাদ।।১২৫৭।।

কিঞ্চিতেক গৰ্ব্ব মানে কৰিলা ৰুক্মিণী।

তাতে কেন দেখা কৰিলন্ত চক্ৰপাণি।।

আন সামান্যৰ কথা সোধে কোনজনে।

হেন জানি দম্ভ দৰ্প এৰিয়ো যতনে।।১২৫৮।।

মঞিসে বৈষ্ণৱ মঞি উত্তম ভকত।

হেন মানি দম্ভ ভাৱ উপজে মনত।।

কিন্তু বৈষ্ণৱৰ মঞি চৰণৰ দাস।

হেনসে মনত সদা কৰিবা বিশ্বাস।।১২৫৯।।

বিশেষত ধন জন দেখা যতমানে।

কালৰ হাতত চূৰ হৈব একক্ষণে।।

তাৰ আশা তেজি ভকতিৰ কৰা কাম।

অনন্ত কন্দলি ভণে ভোলা ৰাম ৰাম।।১২৬০।।

...........................

।।কৃষ্ণৰ ৰুক্মিণীৰ প্ৰতি আশ্বাস।।

।।দুলড়ী।।

কৃষ্ণৰ মুখৰ      এতেক নিষ্ঠৰ

বচন শুনি ৰুক্মিণী।

ভৈলা মহাভয়     কাম্পয় হৃদয়

মুখৰো হৰিল বাণী।।

কোনো যুগে হেন        বাক্য নিদাৰুণ

নতু শুনি মাধৱৰ।

এতেক অশ্ৰুত     শুনি অদভুত

ৰুক্মিণীৰ ভৈল ডৰ।।১২৬১।।

ত্ৰৈলোক্য ঈশ্বৰ         আতি দৃঢ়তৰ

বুলিলন্ত যিটো হৰি।

এৰিৱন্ত বুলি      ডৰিল সমূলি

কান্দন্ত শোকে সুন্দৰী।।

অপাৰ চিন্তাত     পৰিল গোসামী

শুণিয়া পাৰ নপান্ত।

পঙ্কজ চৰণে      চন্দ্ৰ সম নখে

পৃথিৱী ঘনে লিখন্ত।।১২৬২।।

 

অধোমুখ হুয়া     থিয়ে আছন্ত

কৃষ্ণৰ চৰণ চাই।

দেখন্ত যমক      চক্ষুৰ লোতক

সৰসৰি বহি যায়।।

কাজল মিসল      নয়নৰ জল

সিঞ্চন্ত আতি সঘনে।

কুঙ্কুমে ৰঞ্জিত      চাৰু দুই স্তন

মলিন ভৈল তখনে।।১২৬৩।।

হেন মহাশোকে     মহা ভয় দুখে

বুদ্ধি গৈল তান নাশ।

ক্ষীণ ভৈল কায়া        হস্তৰ বলয়া

চামৰো পৰিল থাস।।

পাচে ৰুক্মিণীৰ     শৰীৰ পৰিল

পৃথিৱীত ঢাত কৰি।

প্ৰচণ্ড বতাসে      তৰুণ কদলী

পৰিল যেন উভৰি।।১২৬৪।।

হাত ভৰি তৰি         পৰিল সুন্দৰী

মুক্ত ভৈল কেশচয়।

দেখি নাৰায়ণে     আকুলিত মনে

সদয় ভৈল হৃদয়।।

কি কৰিলো বুলি        হাসি বনমালী

মাতন্ত সৱাকো চায়া।

পৰিহাস বাণী     নুবুজি ৰুক্মিণী

পৰিলন্ত মুচ্ছা গৈয়া।।১২৬৫।।

এহি বুলি হৰি     আথ বেথ কৰি

নামিল শীঘ্ৰে খাটৰ।

চাৰিহাত মেলি     ধৰি বনমালী

কোলাত লৈলা ঈশ্বৰ।।

দুই হাতে হৰি     আঙ্কোৱালি ধৰি

আৰো দুই পদ্ম হাতে।

বান্ধি কেশচয়     চক্ষুৰ লোতক

মুচিলন্ত জগন্নাথে।।১২৬৬।।

দিব্য কুচ দুই     নয়নৰ লুই

কান্তি আছে হীন কৰি।

মুচি পদ্ম হাতে     সাৱটি ধৰিয়া

প্ৰসন্ন কৰিলা হৰি।।

হাস্যৰ প্ৰৌঢ়িতে    স্মিৰিতি হৰাইল

এৰিলন্ত কৃষ্ণে বুলি

চমকি চমকি      উঠন্ত ৰুক্মিণী

দেখি হেন বনমালী।।১২৬৭।।

শান্ত কৰিবাক     জানন্ত মুৰাৰি

সকল গুণে চতুৰ।

পৰম কৃপায়ে      ৰুক্মিণীক পাচে

বুলিলা বাক্য মধুৰ।।

শুনিয়োক প্ৰিয়া         আছো মঞি জানি

তুমি হেন মহা শান্তি।

মঞি যে তোহ্মাৰ       পৰম আশ্ৰয়

নাই আন তযু মতি।।১২৬৮।।

শুনিয়োক প্ৰিয়া         নোহোক অসূয়া

নকৰিবা কিছু তুমি।

হেন পতি হুয়া     তোহ্মাক ত্যজিয়া

জীৱন ধৰিবো আমি।।

তোহ্মাৰ মুখৰ         বচন সুন্দৰ

শুনিবাক ৰঙ্গ মনে।

এতেকে তোহ্মাৰ        হেন পৰিহাস

কৰিলো মঞি আপোনে।।১২৬৯।।

মোৰ বাণী শুনি        তঙ্কিবা ৰুক্মিণী

দিবা মোক প্ৰত্যুত্তৰ।

দেখিবো ভ্ৰূকুটি         কটাক্ষ তৰুণ

কম্পিত চাৰু অধৰ।।

এহি মহালাভ      গৃহস্থ জনৰ

জানিবাহা প্ৰাণেশ্বৰী।

হাস পৰিহাসে      কালক গোৱাইবো

প্ৰয়িা সমে ৰঙ্গ কৰি।।১২৭০।।

..............

 

 

 

 

 

।।ৰুক্মিণী ভক্তি-নিৱেদন।।

।।ছবি।।

মহামুণি নিগদতি        শুনিয়োক কুৰুপতি

কৃষ্ণৰ স্বৰূপ বাক্য শুনি।

তেজিৱন্ত কৃষ্ণ বুলি      যিটো ভয় আছিলেক

তেৱে তাক তেজিলা ৰুক্মিণী।।

কৰিলন্ত হৰি শা্নত      পাচে চক্ষু মেলি চান্ত

লাজে হাসিলন্ত মুচুকাই।

পৰিহাস বাক্য জানি      বুলিলা মধুৰ বাণী

কটাক্ষে স্বামীৰ মুখ চাই।।১২৭১।।

আপোনাৰ ষোল দোষ     ৰুক্মিণীৰ দুই মাত্ৰ

বহু গুণে নৃপতি সৱাৰ।

কৃষ্ণে যত বুলিলন্তি  তাকে ওলটায়া সতী

বুলিবে লাগিলা মনোহৰ।।

ৰুক্মিণী বদতি প্ৰভু    কমললোচন হেৰা

সম নোহো বুলিলাহা যত।

তুমি ব্ৰহ্ম নিৰুপম       মঞি যে নুহিকো সম

ইয়ো অৰ্থ হোৱে স্বৰূপত।।১২৭২।।

তুমি কেন আত্মৰাম      ভগৱন্ত পূৰ্ণকাম

মঞি কেন ত্ৰিগুণ প্ৰকৃতি।

মোৰ পদে অজ্ঞজনে      সেৱে বুলি কোন গুণে

সম হৈবো তোহ্মাক সম্প্ৰতি।।

যোনো বোলা সমুদ্ৰত    পলাই আছো মঞি হেৰা

দ্বেষ কৰে দুষ্ট ৰাজাগণে।

ইয়ো হোৱে স্বৰূপত    আছা হৃদি সমুদ্ৰত

নপাৱয় দুষ্ট ইন্দ্ৰিগণে।।১২৭৩।।

ৰাজপদ সিংহাসন     বুলিলাহা নাহি মোৰ

আত কোন সংশয় আহ্মাৰ।

নৃপ পদ অন্ধ বুলি    ভকতেও তেজে যাক

ব্ৰহ্মৰ কি আত অধিকাৰ।।

নৰকৰ পশুগণে      তযু পদ নেদেখয়

আত কিবা বুলিলো সংশয়।

যিটো সেৱে তযু পদ   পঙ্কজৰ মধু পীয়ে

তাসম্বাৰ চেষ্টা নুবুজয়।।১২৭৪।।

যি বুলিলা লোক ধৰ্ম্ম    নকৰো বেদৰ কৰ্ম্ম

স্ত্ৰীতো নাহিকে মোৰ মন।

নুহি ইটো ছিদ্ৰ বাক    ভকতেও তেজে তাক

তুমিতো ঈশ্বৰ নাৰায়ণ।।

হেন পুৰুষক ভজি     মহাদুঃখ পাৱে নাৰী

মিছা তুমি বুলিলা মুৰাৰি।

শুনন্তেয়ো অদভুত    কিনো তুমি নিদাৰুণ

কটাক্ষে মাতন্ত কোপ কৰি।।১২৭৫।।

যাৰ ভকতিক মনে   চূড়ামণি ৰাজাগণে

অঙ্গ পৃথু ভৰত যযাতি।

গয় আদি ৰাজাগণে   ৰাজ্য তেজি গৈল বনে

তেসম্বেত্ত দুঃখ পাৱে আতি।।

কিন্তু সৱে নিস্তৰিল      পৰম দুখক পাইল

তোহ্মাৰ চৰণ হিয়ে ধৰি।

হেন তুমি দেৱ হুই    কদৰ্থিয়া মাৰা মোক

আক নুবুজিলো ভাল কৰি।।১২৭৬।।

যি বুলিলা নিষ্কিঞ্চন    দুখী মঞি নাহি ধন

ইটো অৰ্থ নঘটে সাক্ষাত।

কিন্তু তুমি বিনে প্ৰভু     সংসাৰত কিছু নাই

সৱে প্ৰভু আছয় তোহ্মাত।।

নিষ্কিঞ্চন জন প্ৰিয়    কেৱলে নুহিকা প্ৰভু

কিন্তু গৃহস্থৰ প্ৰিয়া তুমি।

ব্ৰহ্মা ইন্দ্ৰ চন্দ্ৰ আদি    সৱেয়ো তোহ্মাৰ প্ৰিয়

তাসম্বাৰ প্ৰিয় তুমি স্বামী।।১২৭৭।।

যি বুলিলা আঢ্যজনে     মোৰ পদ নভজয়

ইটো প্ৰভু স্বৰূপ নিশ্চয়।

ধনমদে অন্ধ হুয়া    তুমিসে কালৰো কাল

দেখিয়ো যেহেন নেদেখয়।।

যিটো হৈবে সমসৰ    তাহাৰেসে মিত্ৰৱতি

যিটো প্ৰভু কৰিলা যুগুতি।।

সিটো নৰ নাৰীগণ       নিজকৰ্ম্মে দুখ পাৱে

তোহ্মাক ভজিবে নাহি মতি।।১২৭৮।।

....................

 

 

।।দুলড়ী।।

তুমিসে সমস্তে          মহা পুৰুষাৰ্থ

সদায়ে আনন্দময়।

তেজি বন্ধুগণ     যিটো বুদ্ধজন

তযু ভৃত্য বোলাৱয়।।

অমৃতকো যিটো         ভিক্ষুকে প্ৰশংসে

বুলিলাহা যদুৰায়।

হেৰা স্বৰূপত      তুমিসে অমৃত

মুনিগণে ফুৰে গায়।।১২৭৯।।

যি বুলিলা মোক        অবোধ ৰুক্মিণী

ভজিলা মোক নজানি।

নুহি ইটো অৰ্থ         জানিসে তোহ্মাক

বৰিলো মঞি আপুনি।।

আপোনাৰ ৰূপ     ভকতৰ দিয়া

জগতৰে আত্মা তুমি।

এতেকে সৱাকে         তেজিয়া তোহ্মাক

বৰিলোহো প্ৰাণস্বামী।।১২৮০।।

তোহ্মাৰ কটাক্ষে        কালে সংহৰয়

ব্ৰহ্মাদিৰো সম্পদক।

ব্ৰহ্মা শিৱ আদি        দেৱক তেজিলো

কোন গুণে সামান্যক।।

শাৰঙ্গ ধনুৰ      টঙ্কাৰতে যিটো

সমস্তে ৰাজাক জিনি।

সিংহে যেন খেদি        শৃগালগণক

হৰিলা মোক আপুনি।।১২৮১।।

কেনমতে বোলা         ভয়ে সমুদ্ৰত

পশিছো মঞি শৰণ।

মূৰুখৰ যেন      বচন তোহ্মাৰ

বুজিবেক কোন জন।।

অনুৰূপ চাই      ভজিয়োক যাই

বুলিলা যিটো বচন।

তেৱেসে বৰিবো         তোহ্মাত অধিক

আছে যেৱে একোজন।।১২৮২।।

লক্ষ্মীৰ আশ্ৰয়     সৰ্ব্ব গুণালয়

তোহ্মাক নভজি যাই।

মৰণ ধাৰ্ম্মিক      তয়া পুৰুষক

ভজিবেক চক্ষু খাই।।

মহন্তৰ মুখে       তযু পদ যুগ

পঙ্কজৰ গন্ধ পাই।

মহামোক্ষ পদ      পায়া কোন নাৰী

আনক ভজিবে যাই।।১২৮৩।।

...............

।।ছবি।।

সৰ্ব্বগুণ অনুপাম        তোহ্মাক জানিয়া প্ৰভু

এতেকে ভজিলো নিষ্ঠ কৰি।

ইহকাল পৰকালে        মহামোক্ষ পদদাতা

তুমিসে ঈশ্বৰ দেৱহৰি।।

ভজন্তা জনক যিটো      সংসাৰ বন্ধন ছোড়ি

ধৰা নিজ আপোন মুৰুতি।

হেন দেৱ তযু পদে      মোহোৰ সৰণ হৌক

আনক নযায়োক মোৰ মতি।।১২৮৪।।

যি বুলিলা শিশুপাল      সদৃশ অনেক ৰাজা

তোহ্মাক খুজিলা যত্ন কৰি।

তাসম্বাক তেজি কেনে     মোহোক ভজিলা তুমি

শুনি ঘিণ লাগে প্ৰভু হৰি।।

স্ত্ৰীৰ অধীন ইটো        যতেক নৃপতি মানে

যেন গৰু গৰ্দ্দভ পৰায়।

ৰাত্ৰি দিনে বহে ভাৰ     কুকুৰতে তিৰস্কাৰ

ভৃত্যতো অধিক সমুদায়।।১২৮৫।।

বিড়ালতো ধিক আতি     নিদাৰুণ ক্ৰূৰমতি

সদায়ে ভাৰ্যাৰ সৱে চেড়।

যিটো মোৰ শত্ৰু বৈৰী    তাইৰেসে হোক পতি

নেউচিয়া হেৰা দেঞো খেৰ।।

ব্ৰহ্মা দেৱ শঙ্কৰৰ       সভাতো গাৱয় যিটো

তোহ্মাৰ চৰিত্ৰ পূণ্যকথা।

যি সৱ নাৰীৰ কৰ্ণে      নতু হেন কথা শুনে

আন কথা শুনয় সৰ্ব্বথা।।১২৮৬।।

দুই হাতে আঙ্গুলি ভাঙ্গি    বোলন্ত ৰুক্মিণী খঙ্গি

যি জনী কৃষ্ণক নুশুনয়।

 

তাইৰেসে হোক পতি   যিটো ৰাজা দুষ্টমতি

সত্যে সত্যে বুলিলো নিশ্চয়।।১২৮৭।।

............

।।দুলড়ী।।

তোহ্মাৰ চৰণ     কমলৰ ঘ্ৰাণ

নপাৱয় যিটো নাৰী।

সেই মূঢ়মতি      জীৱেন্দ্ৰসৱক

ভজে স্বামীবুদ্ধি কৰি।।

চৰ্ম্ম ৰোম দাড়ি        নখ কেশ জুৰি

ব্যাপি আছে বাহ্যকায়া।

অভ্যন্তৰে মাংস     অস্তি তেজ মল

ক্ৰমিয়ে আছে জুৰিয়া।।১২৮৮।।

কফ বাত পিত্ত         আছে অসংখ্যাত

জীৱন্তে শৱ পৰাই।

তাকে স্বামী কৰি        ভজে দুষ্টা নাৰী

তোহ্মাত ভকতি নাই।।

যদি উদাসীন      তুমি নাৰায়ণ

মোত নাহি তযু মতি।

তথাপি তোহ্মাৰ        চৰণত মোৰ

সদায়ে থাকোক ৰতি।।১২৮৯।।

যৈ সানি জগত         শ্ৰজিবাক লাগি

কটাক্ষে চাইলা আহ্মাকত।

সেহি মহালাভ     কৰিলাহা দয়া

এতেকে ভজো তোহ্মাক।।

তোহ্মাৰ চৰণ     নেদেখো কপট

ঘটে ইটো নাৰায়ণ।

কন্যা থাকে যাৱে       অনুৰুপ তাৱে

স্বামী বাঞ্ছে নাৰীগণ।।১২৯০।।

বিহা ভৈল যেৱে        আন স্বামী চাৱে

তাকে বুলি বেশ্যানাৰী।

তাহাৰেসে মনে     নৱ নৱ স্বামী

সদায়ে ফুৰে বিচাৰি।।

তাইসে অসতী     দুখ পাৱে আতি

ইজন্মত স্বস্থ নাই।

মৰিলেও ঘোৰ     নৰকত পৰি

থাকে বিষ্ঠা মূত্ৰ খায়।।১২৯১।।

হেন অসতীক      দুৰ্জন নাৰীক

তেজোক মহন্তগণে।।

তাইৰ সঙ্গ লৈলে        ইহ পৰলোক

ভ্ৰষ্ট হোৱে তেতিক্ষণে।।

ৰুক্মিণীৰ হেন      বচন শুনিয়া

তুষ্ট ভৈল দেৱহৰি।

পৰম কৃপায়ে      সদয় হৃদয়ে

মাতিলন্ত হাস্য কৰি।।১২৯২।।

শুনা নৰ নাৰী         এক চিত্ত কৰি

পদ মহা ভাগৱত।

আন ভাৱ তেজা        মাধৱক ভজা

এহিসে শাস্ত্ৰৰ তত্ত্ব।।

ৰুক্মিণীৰ বাণী     শুনিলাহা যেন

তাকে ধৰা দৃঢ় কৰি।

শুনিয়ো অমৃত     কৃষ্ণৰ চৰিত্ৰ

ৰাত্ৰি দিনে কৰ্ণ ভৰি।।১২৯৩।।

শ্ৰৱণত পৰে           ভকতি নাহিকে

জানা আক নিষ্ট কৰি।

কহে কৃষ্ণ গতি         অনন্ত কন্দলি

ডাকি বোলা হৰি হৰি।।১২৯৪।।

..............

                      ।।পদ।।

মাধৱক বদতি সাধু সাধু মহাসতী।

যতেক বুলিলা মানে স্বৰূপ যুগুতি।।

এহি তযু বচন শুনিতে অভিলাষ।

এতেকেসে তোহ্মাক কৰিলো পৰিহাস।।১২৯৫।।

একান্ত ভকত তুমি শুনিয়ো কল্যাণী।

যেন যেন কাম মোত বাঞ্ছিলা কামিনী।।

সকলে তোহ্মাত আছে নাহিকে সংশয়।

কিন্তু মোক্ষ হেতু হৌক বুলিলো নিশ্চয়।।১২৯৬।।

তোহ্মাৰ স্বামীত প্ৰেম জানিলো আপুনি।

আৱে তযু সম পতিব্ৰতা আছে কোনি।।

এতেক বচনে তযু চাহিলো মনক।

তভো মোক তেজি মন নগৈল আনক।।১২৯৭।।

ধন্য ধন্য ৰুক্মিণী তুমিসে পতিব্ৰতা।

পৰম সুন্দৰী সৰ্ব্বগুণে অনিন্দিতা।।

সৰ্ব্বক্ষণে কৰা মোত একান্ত ভকতি।

তোহ্মাৰ সমান কোন আছে ভাগ্যৱতী।।১২৯৮।।

একান্ত ভক্তিক প্ৰশংসিয়া দেৱহৰি।

সকামী ভক্তক নিন্দা কৰন্ত মুৰাৰি।।

পুত্ৰ পত্নী কামে যিটো ভজয় আহ্মাক।

মোহোৰ মায়ায়ে জানা মোহি আছে তাক।১২৯৯।।

তপ ব্ৰত কৰি দুখ পাৱে বৃথা শ্ৰমে।

মোহ মোক্ষদাতা মোক ভজে আন কামে।।

নৰকত মিলে বিষয়ৰ যত সুখ।

তাকে লাগি হোৱে লোক মোহোত বিমুখ।১৩০০।।

কিনো মহাৰঙ্গ মোৰ শুনা গৃহেশ্বৰী।

সদায়ে মোহোৰ সেৱা কৰা ৰঙ্গ কৰি।।

সংসাৰ মোচনি আকে বুলিয়ো ভকতি।

অভকত জনে আৰ নুবুজয় গতি।।১৩০১।।

প্ৰাণকেসে পোষে মাত্ৰ যিটো নৰগণে।

মোহোৰ চৰিত্ৰ নাম গুণকো নুশুনে।।

ধন জন পুত্ৰ বুলি সদায়ে ৰময়।

মোহোৰ ভকতি কৰিবাক নপৰায়।।১৩০২।।

তোহ্মাৰ সদৃশ মোৰ নেদেখো ঘৰিণী।

স্বামীত ভকত সৰ্ব্বগুণে সুলক্ষণী।।

আৰো তযু চৰিত্ৰ সুমৰি মোৰ মনে।

আনন্দে আকুল মঞি হঞো ঘনে ঘনে।।১৩০৩।।

যতেক নৃপতি পাই সৱাকো উপেক্ষি।

মোক লাগি বিপ্ৰক পঠাইলা পত্ৰ লেখি।।

পিতৃ-মাতৃ ভ্ৰাতৃৰ বচন নুশুনিলা।

সঙ্কেত কৰিয়া মোক আপুনি নিয়াইলা।।১৩০৪।।

তযু ভাই ৰুক্মকো মুণ্ডিলো মঞি ধৰি।

তভো মোক চান্তে তুমি সহিলা সুন্দৰী।।

মঞি এৰিবাৰ দৰে একো নুবুলিলা।

এতেকে ৰুক্মিণী মোক তুমিসে জিনিলা।।১৩০৫।।

যেতিক্ষণে মোক লাগি দূতক পঠাই।

আসিবন্ত কৃষ্ণ বুলি আছা বাট চাই।।

চিৰকাল দেখি মোক নাসিবন্ত বুলি।

জগতকে শূন্য যেন দেখিলা সমূলি।।১৩০৬।।

প্ৰাণকো তেজিবে তুমি কৰিলা নিশ্চয়।

হেনসে আহ্মাত তযু স্নেহ আতিশয়।।

তোহ্মাৰ গুণক মঞি নোৱাৰো সুজিত।

কেৱলে তোহ্মাক সুমৰোহো প্ৰতিনিত।।১৩০৭।।

.......................

 

।।প্ৰদ্যুম্নৰ জন্মকথা।।

শুক নিগদতি শুনা পৰীক্ষিত বাপ।

এহিমতে কৰি কৃষ্ণে সুৰত আলাপ।।

নৰৰূপ ধৰি হৰি দেৱ আত্মাৰাম।

ৰুক্মিণী সহিতে বহিলন্ত অনুপাম।।১৩০৮।।

আনো সৱ ভাৰ্য্যাৰ গৃহত থাকি হৰি।

গৃহস্থৰ মতে ক্ৰীড়া কৰন্ত মুৰাৰি।।

কৰিল সমস্ত গৃহস্থৰ ধৰ্ম্ম যত।

ভকতৰ বশ্য হেন দেখায়া লোতক।।১৩০৯।।

আৱে শুনিয়োক প্ৰদ্যুম্নৰ জন্ম কৰ্ম্ম।

কুটুম্বী লোকৰ যেন সুখ যেন মৰ্ম্ম।।

ৰুদ্ৰৰ কোপত যিটো কাম দগ্ধ ভৈল।

পুনু সেহি কাম কৃষ্ণবীৰ্যে উপজিল।।১৩১০।।

বাসুদেৱ বলভদ্ৰ কাম অনিৰূদ্ধ।

একে কৃষ্ণ চাৰি ৰূপ জানিবা বিশুদ্ধ।।

চিত্ত মন বুদ্ধি অহঙ্কাৰৰ দেৱতা।

চাৰি ৰূপে একে কৃষ্ণ জগত বিধাতা।।১৩১১।।

চিত্তৰ দেৱতা বাসুদেৱ যাৰ নাম।

তানে অংশে হুয়া উপজন্ত যিটো কাম।।

এতেকে কষ্ণৰ বীৰ্যে সেহি ৰতিকান্ত।

ৰুক্মিণীৰ গৰ্ভে আসি বেকত ভৈলন্ত।।১৩১২।।

মাধৱৰ পুত্ৰ ভৈলা শুনিয়া লোকৰ।

মিলিল উৎসৱ মহাৰঙ্গ বহুতৰ।।

কৃষ্ণৰ সদৃশ শ্যামবৰ্ণ পদ্মমুখ।

কমলনয়ন দেখি মিলে মহাসুখ।।১৩১৩।।

কৃষ্ণৰ সদৃশ ৰূপে গুণে মনোহৰ।

জানিয়া প্ৰদ্যুম্ন নাম থৈলা দামোদৰ।।

বিধিৱতে মাধৱে কৰাইলা জাতকৰ্ম্ম।

মিলিল অনেক ৰঙ্গ কুলাচাৰ ধৰ্ম্ম।।১৩১৪।।

ৰুক্মিণীৰ মনত আনন্দ বহুতৰ।

আনন্দৰ পাৰ নাহি যাদৱ বংশৰ।।

অন্তেষপুৰৰ জুমাজুমি নাৰীগণে।

প্ৰদ্যুম্নক চাহিবাক চলে ৰঙ্গ মনে।।১৩১৫।।

আনন্দে পূৰিলা সৱে দ্বাৰকা নগৰী।

সিসৱ আনন্দ কোনে কহিবাক পাৰি।।

সকলো বান্ধৱে হুইয়া আছে আনন্দিত।

আতপৰে ভৈল যেন শুনা বিপৰীত।।১৩১৬।।

মহা দুষ্ট অসুৰ সম্বৰ বুলি যাক।

সেহি হৰি নিয়া আছে কামৰ ভাৰ্যাক।

যি কালে শিৱৰ কোপে কাম গৈল মৰি।

তৈসানিয়ে ৰতিক অসুৰে নিলা হৰি।।১৩১৭।।

অসংখ্যাত মায়াক জানন্ত ৰতি নাৰী।

অসুৰক মোহিয়া থাকন্ত মায়া কৰি।।

আপোন সদৃশ স্ৰজি দেন্ত মায়া নাৰী।

তাকে ৰতি বুলি দুষ্টে থাকে ক্ৰীড়া কৰি।।১৩১৮।।

মহাসতী ৰতিৰ যেন দিনে যুগ যাই।

স্বামী উপজিব জানি আছে বাট চাই।।

হা কাম বোলন্ত চক্ষুৰ পৰে লোই।

অসুৰৰ গৃহত আছন্তে দুখ পাই।।১৩১৯।।

অনন্তৰে কামদেৱ ভৈলৈ উতপতি।

শুনিলেক অসুৰ পৰম ক্ৰূড়মতি।।

মোৰ প্ৰাণ বৈৰী কাম উপজিল বুলি।

চোটতে মাৰোহো আক খেদি গৈল জ্বলি।।১৩২০।।

কামৰূপী মায়া জানে অসূৰ দুৰ্ব্বাৰ।

মায়া কৰি পশিল কৃষ্ণৰ অন্তেষপুৰ।।

দশদিশ পূৰ্ণ নতু হৱে বালকৰ।

বিচিত্ৰ শয্যাত শুতি আছে ৰুচিকৰ।।১৩২১।।

ৰুক্মিণী প্ৰমুখ্যে বেঢ়ি আছে নাৰীনৰে।

কেহো নমনিলে হৰি নিলেক অসুৰে।।

সমুদ্ৰ মধ্যত নিয়া পেলাই সেহি ছেগে।

মহাৰঙ্গে গৃহক চলিল আতি বেগে।।১৩২২।।

কন্যাগণ সমে চাহি আছন্ত ৰুক্মিণী।

শয্যাত নাহিকে পুত্ৰ হৰি নিলে কোনি।।

সৱেয়ো বিস্ময় দেখি পাৰে হাত লোৰ।

এখনে আছিল হৰ নিলে কোন চোৰ।।১৩২৩।।

ৰুক্মিণী কান্দন্ত পৃথিৱীত লুটি পাৰি।

হা পুত্ৰ প্ৰদ্যুম্ন তোক কোন নিলে হৰি।।

প্ৰথমৰ পুত্ৰ মোৰ আতি সুকুমাৰ।

কোনে আসি দিলা মোৰ বুকুত কুঠাৰ।।১৩২৪।।

অন্তেষপুৰক ছানি ক্ৰন্দনৰ ধ্বনি।

একঠাই ভৈল সৱে যদুবংশে শুনি।।

সৱেয়ো কান্দন্ত দেখি পৰম বিস্ময়।

লগতে কান্দন্ত দেৱ দৈৱকী তনয়।।১৩২৫।।

সকলে জানন্ত যদি দৈৱকীনন্দন।

তথাপি কাহাকো নকহিল নাৰায়ণ।।

বিষয়ী লোকৰ দুখ সুখ দেখাৱন্ত।

ভকত জনৰ হাত বিৰাগ জনান্ত।।১৩২৬।।

নুহিকে কৃষ্ণৰ গৃহে অসুৰ প্ৰৱেশ।

যাৰ নাম ধ্বনিতে পলাই দশোদিশ।।

তান কি পুত্ৰক হৰি লৈ যায় অসুৰ।

জানিবা সকলে ইটো ইচ্ছা মাদৱৰ।।১৩২৭।।

যাদৱ বংশৰ শোক কাহিনী থাকোক।

প্ৰদ্যুম্নৰ যেন ভৈল তাকো শুনিয়োক।।

দাৰুণ সুৰে নিয়া সমুদ্ৰে ক্ষেপিল।

বলৱন্ত মৎস্য পাই তেখনে গিলিল।।১৩২৮।।

নভৈলন্ত জীৰ্ণ থাকে মৎস্যৰ গৰ্ভত।

ঈশ্বৰৰ বীৰ্য নষ্ট হৈব কেনমত।।

মৎস্যৰ গৰ্ভত যেৱে আছা কতো কাল।

তাত পাচে কৈৱৰ্ত্তে মেলিল মহাজাল।।১৩২৯।।

আন মৎস্য সমে পাচে তাক লাগ পাইল।

মহা মৎস্য দেখি পাচে ৰাজাত যোগাইল।।

দেখিয়া সম্বাৰাসুৰ মহা ৰঙ্গমনে।

ৰন্ধন মন্দিৰে মৎস্য পঠাইলা তেখনে।।১৩৩০।।

মৎস্য কাটিবাৰ খড়্গ আছে তীক্ষ্ণতৰ।

কাটিলেক মৎস্যৰ মস্তক থূলন্তৰ।।

দেখিলেক তাতে সুপকাৰ নাৰীচয়।

অদ্ভুত বালক গুটি গৰ্ভত আছয়।।১৩৩১।।

পেট ছিড়িদাসীগণে কাটিল যতনে।

ৰতিৰ আগত নিয়া দিলা ৰঙ্গমনে।।

দেখি মায়া ৰতিৰ পৰম ৰঙ্গমন।

ধূৱাই কোলাত লৈয়া পিয়াইলন্ত স্তন।।১৩৩২।।

সৰ্ব্বাঙ্গে সু্ন্দৰ তনু শ্যাম কলেৱৰ।

কমলনয়ন মুখ ৰাতুল অধৰ।।

অৰুণ চৰণ কৰ কমল দীপিতি।

নীল আকুঞ্চিত কেশ কুণ্ডল পঙ্কতি।।১৩৩৩।।

সৱাকো সম্বোধি ৰতি বুলিলন্ত বাক।

তোলনীয়া পুত্ৰ কৰি তুলিবো ইহাক।।

এহি বুলি পৰম আনন্দে মহাসতী।

পুত্ৰবুদ্ধি কামক তোলন্ত দিনে ৰাতি।।১৩৩৪।।

অনন্তৰে গৈলন্ত নাৰদ মহামুনি।

ৰতিৰ আগত সৱে কহিলা কাহিনী।।

পুত্ৰ নুবুলিবা তযু এহে নিজনাথ।

মাদৱৰ বীৰ্যে ৰুক্মিণীত ভৈল জাত।।১৩৩৫।।

মায়া কৰি অসুৰেসে হৰি আনিলেক।

সমুদ্ৰত পেলাইলে মৎস্যে গিলিলেক।।

মৎস্যৰ গৰ্ভত তুমি দেখিলা সুন্দৰী।

স্বামীকেসে পুত্ৰ বুলি আছা বৰনাৰী।।১৩৩৬।।

ইহান সন্তাপ আতি পাইলেক ৰুক্মিণী।

তুমি তাঙ্ক ভালমতে ৰাখিবা আপুনি।।

বৰ ভৈলে কাল বধিৱেক অসুৰক।

মহাৰঙ্গে যাইবা দুয়ো দ্বাৰকাপুৰক।।১৩৩৭।।

তেৱেসে গুচিবে ৰুক্মিণীৰ ইটো শোক।

ভালমতে ৰাথি তযু বৈৰী মাৰিয়োক।।

নাৰদৰ এতেক বচন শুনি শান্তি।

আনন্দে ব্যাপিল তনু বিস্ময়ে গুণন্তি।।১৩৩৮।।

দণ্ডৱতে নাৰদক কৰিলা প্ৰণাম।

আংশসি নাৰদক চলি গৈলা পূৰ্ণকাম।।

মহাৰঙ্গে কামক তোলন্ত ৰতি নাৰী।

এদিনাতো কৰ দশগুণ স্নেহ কৰি।।১৩৩৯।।

দেখন্ত কমলমুখ হাসিত বদন।

সাৱটিয়া সতী আলিঙ্গত ঘনে ঘন।।

ৰাত্ৰি দিনে ৰতি সতী গুণন্ত মনত।

কেতিক্ষণে মোৰ স্বামী হৈৱন্ত যুৱত।।১৩৪০।।

নিতে এক কলা বাঢ়ে মদনৰ কায়।

মাতৃ বুলি উঠন্ত ৰতিৰ কোলে যাই।।

আই আই বুলিয়া মাতন্ত কোলে চড়ি।

হাসি সতী কিছু নোবোলন্ত চুমা পাৰি।।১৩৪১।।

এহিমতে অন্তেষপুৰত কামদেৱ।

গুপুতে বাঢ়ন্ত তাক নজানন্ত কেৱ।।

অলপ কালতে কৃষ্ণদেৱৰ নন্দন।

ভৈলন্ত যুৱত সৰ্ব্ব জগতমোহন।।১৩৪২।।

অন্তেষপুৰত যত আছে নাৰীচয়।

লাগাইলা সৱাৰে মোহ ৰুক্মিণী তনয়।।

মধুৰ মুৰুতি দেখি চাহে ঘনে ঘনে।

সাৱটি আলিঙ্গি ধৰো কৰে হেন মনে।।১৩৪৩।।

শুনা নৰ নাৰী বিপৰীত ইটো কথা।

বিষয়ৰ সুখ দুখ আছয় সৰ্ব্বথা।।

ৰুক্মিণীয়ো দেখা কেন পাইল পুত্ৰশোক।

আন সামান্যৰ হেন কেন গতি হোক।।১৩৪৪।।

এতেকে ইহাক মিছা কৰা অপমান।

বিষয়ৰ সুখ দুখ আছে সৰ্ব্বথান।।

ৰতি হেন পতিব্ৰতা অসুৰৰ ঘৰে।

স্বামীৰ বিয়োগ দুখ পাৱে নিৰন্তৰে।।১৩৪৫।।

আনো সৱ নাৰীৰ দুখক লেখে কোনি।

হেন জানি কৃষ্ণক ভজিয়ো মনে জানি।।

কৃষ্ণেসে কৰন্ত বিষয়ৰ উপশম।

অনন্ত কন্দলি ভণে বোলা ৰাম ৰাম।।১৩৪৬।।

.................

 

।।প্ৰদ্যুম্নৰ লগত ৰতিৰ পূৰ্ণমিলন।।

।।দুলড়ী।।

 

এহিমতে কাম     গুণে অনুপাম

বাঢ়ন্ত অন্তেষপুৰে।

দেখিয়া ৰতিৰ     মনে নোহো থিৰ

মদনে আকুল কৰে।।

কৃষ্ণৰ নন্দন      সাক্ষাতে মদন

ৰূপে নাহি সমসৰ।

প্ৰসন্ন বদন       কমলনয়ন

সৰ্ব্বলোক মনোহৰ।।১৩৪৭।।

সৰ্ব্বাঙ্গ সুন্দৰ     শ্যাম কলেৱৰ

পীতবস্ত্ৰ পৰিধান।

আজানুলম্বিত      জ্বলে ভুজ দুই

চৰণ যুগ সুঠান।।

মুখে অল্পহাস      কৰি লয়লাস

ফুৰন্ত ৰতিৰ আগে।

ক্ষণে আই বুলি     ওচৰ চাপিয়া

বিনাৱন্ত অনুৰাগে।।১৩৪৮।।

শুনি ৰতি নাৰী    বিষ্ণু বিষ্ণ স্মৰি

নেদন্ত কিছু সিদ্ধান্ত।

লাজে অল্প হাসি    বদন প্ৰকাশি

কটাক্ষে মুখ চাহন্ত।।

ত্ৰৈলোক্য মোহন    ৰূপ দেখি তান

আকুল ভৈলন্ত ৰতি।

হেৰ স্বামী বুলি    মাতো মাতো কৰে

থাকন্ত লাজে নমাতি।।১৩৪৯।।

তেজি লাজ ভাৱ   দৰশান্ত গাৱ

স্বামীক নানান ছলে।

হেৰা আইস বুলি   ধৰি আঙ্কোৱালি

চুম্বন্ত মুখ কমলে।।

কৰ্পূৰ তাম্বুল      মুখে তুলি দেন্ত

পঞ্চামৃত ধুপান।

নঢাকন্ত স্তন      উৰু সুশোভন

দেখাৱন্ত ঘনে ঘন।।১৩৫০।।

হেন দেখি কাম    লাজে অধোমুখে

গুচি যান্ত শীঘ্ৰ কৰি।

পাচে পাচে ৰতি    লগতে ফুৰন্ত

লাজ-কাজ পৰিহৰি।।

হেন দেখি কাম    বিস্ময়ে মনত

মাতিল ৰতিক চাই।

মাতৃভাৱ তেজি    কামিনী যেহেন

ফুৰা তুমি কেনে আই।।১৩৫১।।

ইটো মন্দমতি     নুহি হোক তযু

সৰ্ব্বজন গৰিহিত।

ছাড়ি মাতৃভাৱ     ভাৰ্যাৰ স্বৰূপ

নধৰিবা কদাচিত।।

কামৰ বচনে      লাজ দূৰ গৈল

বিষ্ণু বিষ্ণু সুমৰিয়া।।

ভুমি ছুই কৰ্ণে     পৰশিয়া সতী

মাতিল স্বামীক চায়া।।১৩৫২।।

..............

 

।।ছবি।।

 

নিগদতি ৰতি সতী      কৃষ্ণৰেসে পুত্ৰ তুমি

ৰুক্মিণীত হন্তে ভৈলা জাত।

মঞি তযু বিৱাহিতা      ৰতি নামে অনিন্দিতা

তুমি কাৱদেৱ প্ৰাণনাথ।।

শঙ্কৰৰ কোপে তুমি      দাহ ভৈলা প্ৰাণস্বামী

লগচে চাহিলো মাৰিবাক।

পুনু উপজিব বুলি       ত্ৰিদশ দেৱতা মিলি

সকৰুণে বাধিলে আহ্মাক।।১৩৫৩।।

দুৰ্জন সম্বৰাসুৰে         হৰি আনি এহি ঘৰে

ৰন্ধন কৰ্ম্মক দিলে মোক।

তোহ্মাকেসে বাট চাই     আছো দণ্ডে যুগ যাই

কতনো সহিবো সিটো শোক।।

 

আছো আক মায়া কৰি    ছায়াত নেদোহো ভৰি

তোহ্মাকেসে আছো প্ৰাণ ধৰি।

তুমি উপজিবা শুনি      তোহ্মাক আনিলা হৰি

এহিটো সম্বৰে মায়া কৰি।।১৩৫৪।।

দশ দিন নতুন হন্তে      সমুদ্ৰতপেলাইলেক

তোহ্মাক গিলিলে মৎস্য পাই।

মোৰ মহাভাগ্য আছে     মৎস্যৰ গৰ্ভত পাচে

তোহ্মাক পাইলোহো এহি ঠাই।।

নাৰদে কহিল আসি      এহি কামদৱ বুলি

তেহে প্ৰাণ দিলন্ত আহ্মাক।

পুত্ৰৱতে ছল ধৰি        মহাযত্নে গোপ্য কৰি

প্ৰভু মঞি তুলিলো তোহ্মাক।।১৩৫৫।।

যুৱত ভৈলাহৈ স্বামী      ত্ৰৈলোক্যমোহন তুমি

আৰ কি সহয় মোৰ চিত্ত।

প্ৰেসে দেখাঞো জানি      লাজেসে নোলাই বাণী

স্বপ্নতো আলিঙ্গো প্ৰতিনিত।।

হেন জানি প্ৰভু আগে     সত্বৰে বধিয়ো আক

আৰ ক্ষমিবাক নুযুৱাই।

প্ৰাণবৈৰ ভাৰ্যাবৈৰ       দুৰ্জন সম্বৰাসুৰ

আতপৰে নিদাৰুণ নাই।।১৩৫৬।।

তোহ্মাৰ জননী শান্তী     ৰুক্মিণী মৰন্ত কান্দি

সদায়ে নয়নে বহে লুই।

পুত্ৰৰ মৰণে যেন        সদায় কুঁৱৰী কান্দে

চেঞ্চাই আকুল আতি হুই।।

হা হা প্ৰদ্যুম্ন বুলি   শোকে আতি বিয়াকুলি

ফুৰন্ত কান্দন্তে শাহু আই।

পুত্ৰশোকে দহে মন       নিশ্বাস কাঢ়ন্ত গন

ধেনু যেন বৎস হৰুৱাই।।১৩৫৭।।

হেন জানি প্ৰভু ইটো     মহাবৈৰী সম্বৰক

ঝাণ্টে বধিয়োক হেলা এৰি।

দুষ্ট ইটো বাৰদত্ত        মায়া জানে একশত

আক মাৰিয়োক মায়া কৰি।।

জৃম্বন মোহন আদি       সকল মায়াক জানো

তোহ্মাক শিখাঞো এতিক্ষণে।

হেলায় বধিয়ো আক      চলা প্ৰভু দ্বাৰকাক

বন্ধুজন দেখো ৰঙ্গমনে্।।১৩৫৮।।

ৰতিৰ বচন শুনি       প্ৰদ্যুম্ন মনত গুণি

বুজিলন্ত স্বৰূপ সকলে।

মিলি গৈলা প্ৰেমভাৱ      দুইৰো শিহৰিল গাৱ

আলিঙ্গি ধৰিল কৌতূহলে।।

পাচে মায়াৱতী ৰতি      যাক মহাবিদ্যা বুলি

প্ৰদ্যুম্ন স্বামীক দিলা দান।

যিটো সৰ্ব্বমায়া হৰে      সকলে দুখক তড়ে

লীলালে শত্ৰুৰ লৱে প্ৰাণ।।১৩৫৯ষ।।

শুনিয়ো সজজ্ন জন      তেজিয়োক আন মন

কৃষ্ণৰ কথাত দিয়া চিত্ত।

মহন্তৰ দুখ দেখা        সামান্যৰ কোন লেখা

অসাৰ সংসাৰৰ বিপৰীত।।

তথাপি আকেসে ইচ্ছা      স্বৰূপত সৱে মিছা

কৃষ্ণত ভকতি নুহি যাৱে।

অন্নত কন্দলি ভণে       হেন জানি সৰ্ব্বজনে

ৰাম কৃষ্ণ বোলা প্ৰেমভাৱে।।১৩৬০।।

........................

 

         ।।সম্বৰাসুৰ বধ।।

              ।।পদ।।

 

অনন্তৰে প্ৰদ্যুম্ন পৰম বিদ্যা পাই।

পৰম বিক্ৰমে অসুৰক গৈলা ধাই।।

ভয়ঙ্কৰ গদাগোট দুই হাতে ধৰি।

যুদ্ধ দেহ বুলিয়া মাতিল গালি পাৰি।।১৩৬১।।

অৰে অৰে অসুৰ পৰম ক্ৰূৰমতি।

স্ত্ৰীচোৰ পাপিষ্ঠ পৰম দুষ্টমতি।।

গদাৰ প্ৰহাৰে তোক মাৰো শিৰ খুলি।

তেৱেসে পলাই হৃদয়ৰ গুলগুলি।।১৩৬২।।

মঞি কামদেৱ মোৰ ভাৰ্যাক হৰস।

সিংহৰ ভাৰ্যাক যেন শৃগালে আনস।।

মোক আনি সাগৰত পেলাইলি দাৰুণ।

তোহোৰ সদৃশ মোৰ শত্ৰু আছে কোন।।১৩৬৩।।

বিগুটিয়া আজি তোক মাৰো খুলি ছিড়ি।

শৃগালে শগুণে তোক খাওক লাৰি চাৰি।।

সহন নযায় আৰো পাৰিলন্ত গালি।

লগাইল কন্দল কামদেৱ মহাবলী।।১৩৬৪।।

শুনিয়া অসুৰ আতি ভৈলেক বিস্ময়।

দুৰ্ব্বাৰ বচনে আতি ভেদিল হৃদয়।।

লাথি পাই সৰ্পে যেন অধিক ফোপাই।

ক্ৰোধে গদা ধৰি প্ৰদ্যুম্নক গৈলা ধাই।।১৩৬৫।।

ক্ৰোধে আৰকত চক্ষু যেন ওৰ কৰি।

ভয়ঙ্কৰ গদাগোট দুইহাতে ধৰি।।

প্ৰদ্যুম্নক লাগি ক্ৰোধে হানিল অসুৰ।

দিলেক আটাস বজ্ৰ নিৰ্ঘোৰ নিষ্ঠুৰ।।১৩৬৬।।

ভগৱন্ত প্ৰদ্যুম্নয়ে দেখন্ত পৰে গদা।

আপোনাৰ গদা ধৰি নিবাৰিলা তদা।।

পাচে গদা ধৰি নাদ কৰিয়া আস্ফোট।

অসুৰক বীৰে তাড়িলন্ত এক চোট।।১৩৬৭।।

চোট পাই অসুৰ ভৈলন্ত অন্তৰ্দ্ধান।

মায়া কৰি দুষ্ট গৈল আকাশৰ থান।।

ময় দানৱৰ মায়া কৰিয়া নিৰ্ভয়।

প্ৰদ্যুম্নক ঢাকি বৰিষিল শিলাচয়।।১৩৬৮।।

হেন দেখি ৰুক্মিণী নন্দন মহাৰথ।

শিলাবৃষ্টি কৰে নেদেখিয় দৃষ্টপাথ।।

সৰ্ব্ববিঘ্ন হৰে বিষ্ণুময় যিটো মায়া।

সেহি মায়া কৰি তাৰ বিনাশিল মায়া।।১৩৬৯।।

পাচে যক্ষ ৰাক্ষস গন্ধৰ্ব পিশাচৰ।

কৰিল অসুৰে মায়া চল ভয়ঙ্কৰ।।

নিজমায়া কৰি কৃষ্ণদেৱৰ নন্দনে।

শতেক মায়াক বিনাশিল তেতিক্ষণে।।১৩৭০।।

মায়া নষ্ট কৈল অসুৰক ভেণ্ট পাইলা।

মহা তীক্ষ্ণ খড়্গ ধৰি অসুৰক ধাইলা।।

কিৰীটি কুণ্ডল সৱে জ্বলে তাৰ শিৰ।

এক ঘাৱে ছেদিল প্ৰদ্যুম্ন মহাবীৰ।।১৩৭১।।

তাম্ৰশলা সম তাৰ দাড়ি গোম্ফচয়।

পৃথিৱীত পৰি শিৰ প্ৰকাশ কৰয়।।

অন্তেষপুৰৰ জনে কৰে হাহাকাৰ।

মৰিল অসুৰ মহাবৈৰী দেৱতাৰ।।১৩৭২।।

আকাশ ঢাকিয়া দেৱে কৰে জয় জয়।

প্ৰদ্যুম্নৰ শিৰে বৰিষিল পুষ্পচয়।।

ৰতিৰ মনত মহা আনন্দ মিলিল।

মহাবৈৰী দুৰাচয় অসুৰ মৰিল।।১৩৭৩।।

ৰতি সমে প্ৰদ্যুম্ন কৰিল ৰঙ্গ আতি।

চলিল আকাশ পন্থে দ্বাৰকাক প্ৰতি।।

অন্তেষপুৰত গৈয়া ভৈলন্ত প্ৰৱেশ।

কৃষ্ণৰ আৱাস দেখি হৰিষ অশেশ।।১৩৭৪।।

অনেক সুন্দৰীগণ আছে সেহি ঠাই।

ৰতি সমে কামদৱে প্ৰৱেশিলা যাই।।

যেন শ্যাম মেঘখণ্ড বিদ্যুত সহিতে।

আকাশৰ হন্তে আসি পৰিল ভূমিতে।।১৩৭৫।।

দেখি তাঙ্ক অন্তেষপুৰৰ নাৰীগণে।

কৃষ্ণ বুলি লাজে আৰ ভৈল থানে থানে।।

সজল জলদ মুখ শ্যাম কলেৱৰ।

পীতবস্ত্ৰে শোভে আতি দেখি মনোহৰ।।১৩৭৬।।

আজানুলম্বিত দুই বাহু সুশোভন।

অৰুণ লোচন চাৰু হসিত বদন।।

নীল আকুঞ্চিত চাৰু কুণ্ডল পঙ্কতি।

মণ্ডি আছে মুখপদ্ম চন্দ্ৰ দীপিতি।।১৩৭৭।।

চাহিয়া আচন্ত মাধৱৰ ভাৰ্যাগণ।

নুহিকন্ত কৃষ্ণ কিছু দেখি বিলক্ষণ।।

শ্ৰীবৎস কৌস্তু মাত্ৰ নাহিকে ইহাত।

সকলে কৃষ্ণৰ ৰূপ দেখিয়া সাক্ষাত।।১৩৭৮।।

লগতে আছয় এক পৰম সুন্দৰী।

নুহিকন্ত কৃষ্ণ সৱে জানা নিষ্ঠ কৰি।।

মনত হৰিষে আসি চাপিল ওচৰ।

পৰম বিস্ময় ইটো কোন নৰবৰ।।১৩৭৯।।

অনন্তৰে এহি শুনি মধুৰভাষিণী।

ৰুক্মিণীয়ো সেহি থানে গৈলন্ত আপুনি।।

স্ৰৱে দুই স্তন তান দেখি প্ৰদ্যুম্নক।

সুমৰিল হৰাইবাৰ আপোন পুত্ৰক।।১৩৮০।।

পৰম আনন্দে জিজ্ঞাসন্ত ঘনে ঘন।

পৰম সুন্দৰ ইটো কাহাৰ নন্দন।।

কমল নয়ন ইটো কোন নৰবৰ।

কেনমতে আইল মোৰ আৱাস ভিতৰ।।১৩৮১।।

কোন পূণ্যৱতী গৰ্ভে ধৰিলেক ৰঙ্গে।

ইটো কোন দিব্য নাৰী আসি আছে সঙ্গে।।

এই বুলি আপোনাৰ পুত্ৰক সুমৰি।

মহাস্নেহে চাহি চাহি গুণন্ত সুন্দৰী।।১৩৮২।।

হৰি হৰি মোহোৰ আছিল পুত্ৰ গুটি।

ইয়াক দেখন্ত আতি প্ৰাণ যায় ফুটি।।

সূতিকা গৃহৰহন্তে তাক নিল হৰি।

নাজানোহো বাপু আছে কিবা গৈল মৰি।।১৩৮৩।।

যদিবা জীৱন্তে বাপু আছে কোন থান।

ৰূপে বয়সে হৈব ইহাৰ সমান।

এহি বুলি প্ৰেমত আকুল মহাশান্তি।

নিজপুত্ৰ ৰূপে প্ৰদ্যুম্নক সম্ভাষন্তি।।১৩৮৪।।

কেনমতে পাইলে ইটো কৃষ্ণৰ ৰূপক।

নতু দেখো হেন সুকুমাৰ পুৰুষক।।

কৃষ্ণৰ সদৃশ আখি মুখহাত পাৱ।

ঈষত কটাক্ষ হাসি গম্ভীৰ সম্ভাৱ।।১৩৮৫।।

মধুৰ বচন  চাৰু কমল নয়ন।

জানিলো অৱশ্যে এন্তে কৃষ্ণৰ নন্দন।।

মঞিসে গৰ্ভত যাক ধৰিলো হৰিষে।

সেহি মোৰ পুত্ৰ মঞি জানিলো আৱেসে।।১৩৮৬।।

ইহাক দেখিয়া স্নেহ লাগে বহুতৰ।

মিলিল মঙ্গল মোৰ স্পন্দে বামকৰ।।

হৰিষে আপুনি মোৰ স্ৰৱে দুই স্তন।

হৰাইবাৰ পুত্ৰ জানো পাইলো দৰশন।।১৩৮৭।।

হেনয় মীমাংসা কৰি আছন্ত ৰুক্মিণী।

বাসুদেৱ দৈৱকী সহিতে চক্ৰপাণি।।

শুনি আতেবেথে চলি গৈলা সেহি ঠাই।

ৰতি সমে প্ৰদ্যুম্নক দেখিলন্ত যাই।।১৩৮৮।।

আপুনি সমস্তে যদি জানা জনাৰ্দ্দন।

মৌনে ৰহিলন্ত তভো ছাড়ি ৰঙ্গ মন।।

নাৰদ আসিয়া প্ৰৱেশিলা সেহি বেলা।

প্ৰদ্যুম্নৰ যত কথা কৃষ্ণত কহিলা।।১৩৮৯।।

কিসক নিচিনি যেন আছা মৌন ধৰি।

আপোনাৰ পুত্ৰবধূ চিনিয়ো মুৰাৰি।।

দাৰুণ সম্বৰে হৰি নিলেক ইহাঙ্ক।

সমুদ্ৰত ক্ষেপিলেক মৎস্যে গিলিলেক।।১৩৯০।।

মৎস্যৰ গৰ্ভত পাচে পাইলা ৰতি নাৰী।

স্বামী জানি পুত্ৰৱতে তুলিলে সুন্দৰী।।

অসুৰক বধি আসিলেক তযু ঠাই

তোহ্মাৰ অংশৰ একো থানে হানি নাই।।১৩৯১।।

পৰম আশ্বৰ্য কথা শুনি নাৰায়ণ।

অন্তেষপুৰত যত আছে কন্যাগণ।।

হৰাইবাৰ প্ৰদ্যুম্নক পুনৰপি পাই।

বহুতৰ আনন্দ কৰন্ত ঠাই ঠাই।।১৩৯২।।

বসুদেৱ বলভদ্ৰ দৈৱকী সুন্দৰী।

কেশৱ ৰুক্মিণী আদি কৰি যত নাৰী।।

প্ৰদ্যুম্নক সৱে আলিঙ্গিয়া ৰঙ্গমনে।

আনন্দে আকুল আতি ভৈল সৰ্ব্বজনে।।১৩৯৩।।

নষ্ট ভৈল কৃষ্ণ পুত্ৰ পুনশ্চ আসিল।

দ্বাৰাকাৰ প্ৰজা যত সমস্তে জানি।।

সৱেয়ো বোলয় কিনো আনন্দ অদ্ভুত।

মৰি যেন আসি ভৈল মাদৱৰ সুত।।১৩৯৪।।

সকল নগৰে ভৈল আনন্দ অপাৰ।

প্ৰদ্যুম্নক দেখি আতি হৰিষ বিস্তৰ।।

কৃষ্ণৰ সদৃশ তনু ভুৱনমোহন।

দেখিল মাত্ৰকে মোহ পাৱে নাৰীগণ।।১৩৯৫।।

কৃষ্ণৰ স্বৰূপ ৰূপ দেখি মাতৃগণে।

কৃষ্ণ বুলি মোহ হুয়া ভজিলন্ত মনে।।

নুহি ইটো চিত্ৰ যিটো লক্ষ্মীৰ আশ্ৰয়।

তানে বিশ্মকাম যিটো ৰুক্মিণীতনয়।।১৩৯৬।।

আন কোন নাৰী নভজিব তাক পাই।

সাক্ষাতে মাধৱ যেন চিনন নযায়।।

......................

 

।।কৃষ্ণৰ বংশাৱলী কথন।।

 

শুক নিগদতি শুনিয়োক মহীপতি।

কহিলো তোহ্মাত কামদেৱৰ উতপতি।।১৩৯৭।।

আনো পুত্ৰ পৌত্ৰ যত ভৈলক কৃষ্ণৰ।

তাৰ কথা কহো আৱে শুনা নৰেশ্বৰ।।

ষোড়ষ হাজাৰ অষ্টাধিক একশত।

এতেক ভাৰ্যাক কৃষ্ণে ৰমন্ত সতত।।১৩৯৮।।

গৃহৰ নোলান্ত হেন দেখি কন্যাগণে।

আপোনাৰ শ্ৰেষ্ঠ সৱে মানিলন্ত মনে।।

মঞিসে সুন্দৰী বশ্য কৰিলো কৃষ্ণক।

আত্মাৰাম কৃষ্ণ কেহো নাজানে তত্ত্বক।।১৩৯৯।।

পদ্মকোষ সম চাৰু মুখ মাদৱৰ।

সুদীৰ্ঘ ললিত বাহু জ্বলা মনোহৰ।।

প্ৰেম হাস্য নিৰীক্ষণ মধুৰ বচনে।

আপুনিসে বিমোহিত হুয়া কন্যাগণে।।১৪০০।।

কৃষ্ণক মোহিতে নানা ভঙ্গিমা ধৰিলা।

তভো কৃষ্ণ মন জিনিবাক নপাৰিলা।।

যিটো আত্মাৰাম পূৰ্ণব্ৰহ্ম লক্ষ্মীপতি।

কেনমতে হৈবৈ তান বিষয়ত ৰতি।।১৪০১।।

ত্ৰৈলোক্য মোহিনী সৱে জানে সৰ্ব্বকলা।

কৃষ্ণক মোহিবে ছল চাৱে সৰ্ব্ববেলা।।

অল্পহাস্য সহিত কটাক্ষদৃষ্টিচয়।

তাৰ অভিপ্ৰায় ঘন কামক পূৰয়।।১৪০২।।

মহা মনোহৰ সূচঞ্চল ভ্ৰমণ্ডলে।

থাপি আছে মহাকাম মন্ত্ৰক সকলে।।

তাহাৰ প্ৰগলভ কন্দৰ্পৰ শৰজাকে।

মাধৱক নাৰীগণে হানিল আথাকে।।১৪০৩।।

আনো কাম শাস্ত্ৰত প্ৰসিদ্ধ নানা ভাৱে।

চাৰু উৰু উচ্চকুচ দৃষ্টি গোপ্যঠাৱ।।

হেনমতে ষোড়শী হাজাৰ পত্নী সতী।

মন টলাইবাক যাৰ নভৈল শকতি।।১৪০৪।।

ব্ৰহ্মা আদি কৰি যাৰ পদবী নজানে।

হেন লক্ষ্মীপতি পতি পায়া পত্নীগণে।।

ভজিলন্ত প্ৰেমভাৱে শান্তি লক্ষ্য মনে।

তাসম্বাৰ ভাগ্যক বৰ্ণাইবে কোন জনে।।১৪০৫।।

অনুদিনে আনন্দ বাঢ়য় নৱ নৱ।

তাসম্বাৰ মুখ চাই হাসন্ত মাধৱ।।

কটাক্ষে চাহন্ত সঙ্গে থাকি নিৰন্তৰ।

অভিনৱ সঙ্গম তৰঙ্গ বহুতৰ।।১৪০৬।।

দূৰতে আসন্ত কৃষ্ণ দখি নাৰীগণে।

কৰ্ম্ এৰি আগবাঢ়ি যান্ত তেতিক্ষণে।।

ৰত্নৰ আসন আনি বৈসান্ত সাদৰি।

ধুৱান্ত চৰণ দুই আতি মৃদু কৰি।।১৪০৭।।

সুগন্ধিত তৈল অঙ্গে মৰ্দন্ত সকলে।

কৰাৱন্ত স্নান আনি সুৱাসিত জলে।।

কেশচয় বিছাই বান্ধন্ত কেশ-বেশ।

দিব্য বস্ত্ৰ অলঙ্কাৰে কৰন্ত সুবেশ।।১৪০৮।।

সিন্দুৰে চন্দেন চাৰু পিন্ধান্ত তিলক।

বিচিত্ৰ পুষ্পৰ মালা পিন্ধান্ত কৃষ্ণক।

নান উপায়ন বহুবিধ মধুপান।

পঞ্চামৃত ভোজন কৰন্ত বহুমান।।১৪০৯।।

বিচিত্ৰ শয্যাত বিছাই দেন্ত হংস তুলি।

জান্টন্ত চৰণ ধীৰে ধীৰে আঙ্কোৱালি।।

বিঞ্চন্ত চামৰে আতি আনন্দে আকুল।

হাতে তুলি মুখে দেন্ত কৰ্পূৰ তাম্বুল।।১৪১০।।

এহিমতে ষোড়শ সহস্ৰ ভাৰ্যাগনে।

স্বামীভাৱে কৃষ্ণক সেৱন্ত ৰাত্ৰি-দিনে।।

অসংখ্যাত দাসী যদি আছে গাৱে-গাৱে।

আপুনিসে তথাপি সেৱন্ত প্ৰেমভাৱে।।১৪১১।।

কৃষ্ণ অঙ্গে শৃঙ্গাৰে তুষিলা ৰতিপতি।

মাধৱৰ বীৰ্যে সৱে ভৈলা গৰ্ভৱতী।।

দশ দশ পুত্ৰ উপজিলা গাৱে গাৱে।

সৱেও কৃষ্ণ সম ৰূপ গুণভাৱে।।১৪১২।।

সৱাহাতে শ্ৰেষ্ঠ অষ্ট মহিষী কৃষ্ণৰ।

কহো শুনা নাম তাসম্বাৰ তনয়ৰ।।

সমস্তৰে নাম গুণ কহিবেক কোনে।

কৃষ্ণৰ বীৰ্যৰ সীমা ব্ৰহ্মায়ো নজানে।।১৪১৩।।

প্ৰদ্যুম্ন প্ৰথম চাৰুদেষ্ণ তাত পৰ।

কনিষ্ঠ সুদেষ্ণ আৰো চাৰু কলেৱৰ।

সুচাৰু চাৰুগুপ্ত ভদ্ৰচাৰু অনন্তৰ।

চাৰু চন্দ্ৰ বিচাৰু যেন চাৰু তাত পৰ।১৪১৪।।

এহি দশ পুত্ৰ ৰুক্মিণীত ভৈল জাত।

পৰম সুন্দৰ সৱে জগত প্ৰখ্যাত।।

পিতৃত মাতৃত সৱে পৰম ভকত।

অস্ত্ৰ শস্ত্ৰ শাস্ত্ৰ যত সৱাতো পাৰ্গত।।১৪১৫।।

ভানু সুভানু আৰো স্বৰ্ভানু প্ৰভানু।

ভানুমান চন্দ্ৰভানু ভৈল তাত অনু।।

বৃহদ্ভানু প্ৰতিভানু বিভানু অপৰ।

অতিভানু সমে সৱে সূৰ্য্য সমসৰ।।১৪১৬।।

এহি দশ ভৈল সত্যভামাৰ নন্দন।

পিতৃত ভকত সৰ্ব্ব গুণৰ ভাজন।।

শুনা জাম্বৱতীৰ পুত্ৰৰ কহো নাম।

কৃষ্ণত বৎসল সৰ্ব্বগুণে অনুপাম।।১৪১৭।।

সাম্ব সুমিত্ৰ পুৰুজিত শতজতি।

আউৰ সহস্ৰজিত জগতে বিদিত।।

তাত পাচে বিজয় অপৰ চিত্ৰকেতু।

বসুমান দ্ৰৱিণ অপৰ চিত্ৰক্ৰতু।।১৪১৮।।

ধীৰ তন্দ্ৰ অশ্বসেন চিত্ৰগু অপৰ।

বেগৱান বৃষ আম শঙ্কু অনন্তৰ।।

বসু কুন্তি নামে দশ সত্যাৰ তনয়।

কৃষ্ণত ভকত সৱে মহা শুভনয়।।১৪১৯।।

শুককবি বৃষ বীৰ সুবাহু একল।

ভদ্ৰ শান্তি দশপূৰ্ণমাস যে সকল।।

সোমক সহিতে দশ কালিন্দীৰ সুত।

মাদৱৰ প্ৰিয় সৰ্ব্ব লক্ষণে যুগুত।।১৪২০।।

লক্ষণাৰ তনয় প্ৰঘোষ গাত্ৰবাণ।

সিংহবল প্ৰবল মহাশক্তিমান।।

ঊৰ্দ্ধগ যে সহ ওজ মহা বলবান।

অপৰাজিত সমে সৱে সৰ্ব্ব সুলক্ষণ।।১৪২১।।

মিত্ৰবিন্দা মহিষীত এহি দশ জাত।

বৃক হৰ্ষ অনিল গৃধ্ৰ বৰ্দ্ধন উন্নাদ।।

মহাংস পৱন বহ্নি আৰো ক্ষুধি সম।

পিতৃত ভকত আৰো গুণৰ আশ্ৰম।।১৪২২।।

ভদ্ৰাৰ যেন তনয় সংগ্ৰামজিত হিত।

বৃহসেন শূৰ প্ৰহৰণ অৰিজিত।।

ভৈল উদয় সুভদ্ৰ বাম যে অন্তৰ।

আয়ু সত্যক দশ কৃষ্ণৰ কুমাৰ।।১৪২৩।।

এসম্বাৰ পুত্ৰ নাতি ভৈল কোটি কোটি।

তাৰ গুণ নাম কোনে কহিবে প্ৰকটি।।

যিটো বিশ্বৰূপ কৃষ্ণ দেৱ ভগৱন্ত।

তাহাৰ লীলাৰ কোন জনে পাৱে অন্ত।।১৪২৪।।

ৰুক্মিণীৰ ভাই তাৰ নাম ৰুক্মবীৰ।

ৰুক্মৱতী নামে তাৰ দুহিতা ৰুচিৰ।।

ভোজকটপুৰে তাক প্ৰদ্যুম্নে বিহাইলা।

তাহান সন্ততি অনিৰুদ্ধ উপজিলা।।১৪২৫।।

শুনা নৰ নাৰী গোপালৰ বংশাৱলী।

যাহাক শুনিলে নষ্ট হোৱে পাপকলি।।

অনন্ত কন্দলি ভণে কৃষ্ণৰ চৰণে।

হৰি হৰি বোলা ঝাণ্টে প্ৰাণ থাকে মানে।।১৪২৬।।

........................

 

।।প্ৰদ্যুম্ন-ৰুক্মৱতীৰ বিৱাহ।।

।।দুলড়ী।।

হেন শুনি ৰাজা        পুছন্ত ঋষিত

মনত আতি উৎসাহ।

কেনমতে ৰুক্মে     শত্ৰুৰ পুত্ৰক

জীউক দিলা বিৱাহ।।

যুদ্ধত মাধৱে      মুণ্ডক মুণ্ডিলা

গৈলা মহালাজ পাই।

কৃষ্ণক বধিত      প্ৰতিজ্ঞা কৰিয়া

সিটো আছে বাট চাই।।১৪২৭।।

আৱে কেনমতে         উভয় শত্ৰুৰ

ভৈল মিত্ৰৱতি ধৰ্ম্ম।

ইহাক শুনিতে     মোৰ হৰষিত

কহিয়োক গুৰু মৰ্ম্ম।।

ভুত ভৱিষ্যত     বৰ্ত্তমান যত

ইন্দ্ৰিয়ৰ অগোচৰ।

সমস্তে জানয়      যিটো যোগী হয়

তুমি মহা যোগেশ্বৰ।।১৪২৮।।

শুক নিগদতি      শুনা পৰীক্ষিত

ৰুক্ম মহাবীৰবৰ।

ভোজকটপুৰে      মহাচমৎকাৰে

পাতিলন্ত স্বয়ম্বৰ।।

তাহান নন্দিনী     নামে ৰুক্মৱতী

সক্ষাতে লক্ষ্মী উৎপন্ন।

তান স্বয়ম্বৰ      শুনি ৰাজাগণ

আসি ভৈল একথান।।১৪২৯।।

সাক্ষাতে মদন     প্ৰদ্যুম্নক দেখি

আপুনি বৰিল বালা।

সমস্তে ৰাজাক     জিনি একেশ্বৰে

প্ৰদ্যুম্ন তাঙ্ক বিহালা।।

এতেকে যদ্যপি     পূৰ্ব্ব বৈৰী স্মৰি

আছে ৰুক্ম মহা খল।

তথাপি ৰুক্মিণী     বহিনীক স্নেহে

সহিলেক মহাবল।।১৪৩০।।

কন্যায়ো বৰিল     সৱাকো জিনিল

জানি নিজ ভাগিনীক।

এতেকেস কন্যা         বিহা দলবীৰে

তেজিয়া শত্ৰু ভাৱক।।

ৰুক্মৱতী সুত      ভৈল অনিৰুদ্ধ

সাক্ষাতে মাধৱ যেনি।

ৰুক্মিণীত স্নেহে     তাঙ্ক বিহা দিলে

ৰুক্মেও নিজ নাতিনী।।১৪৩১।।

নামত ৰোচনা     কমললোচনা

সাক্ষাতে লক্ষ্মী পৰায়।

ৰুক্ম মহাবীৰে      বিহা দিলে তাঙ্ক

মাতি নিয়া নিজ ঠাই।।

জানিয়া সম্বন্ধ     অধৰ্ম্মক ভয়

নকৰিলা মহাবীৰ।

স্নেহপাশে বন্দী     হুয়া মূঢ়মতি

প্ৰীতি সাধি ৰুক্মিণীৰ।।১৪৩২।।

শত্ৰুৰ অন্নক      ভোজন নকৰি

নুভুঞ্জয় কদাচিত।

সম্বন্ধি কন্যাক     নেদিয়া বিৱাহ

বিৰোধ লোক বিদিত।।

তথাপিতো ৰুক্মে         কৃষ্ণ শত্ৰু সমে

কৰিলন্ত মিত্ৰৱতি।

পাইল যেন ফল        শুনা মহাবল

পৰিক্ষীত মহামতি।।১৪৩৩।।

শুনা জ্ঞানীগণ     আপোন জীৱন

নাৰায়ণ প্ৰাণ দেৱ।

অকপট মনে      তাহান চৰণে

নিৰন্তৰে কৰা সেৱ।।

প্ৰাণ বুদ্ধি মন     পুত্ৰ ভাৰ্যা ধন

শৰীৰক আদি যত।

কৃষ্ণ আছা যাতো       হৃদয়ে কমলে

তাতেসে প্ৰিয় সমস্ত।।১৪৩৪।।

এতেকে কৃষ্ণত     অপৰ সুহৃদ

কোন জন আছে আৰ।

যাৰ কৃপা বিনে         হৱে একক্ষণে

সকল লোক আন্ধাৰ।।

হেনয় বান্ধৱ      মাধৱক লোকে

ভকতিক নকৰয়।

আনক দেখিয়া     বিঘিন পাতয়

পাতকক নগণয়।।১৪৩৫।।

তাৰ বাক্যে পুনু        ভকতি তেজিয়া

নকৰা আন বিশ্বাস।

দুষ্টক বঞ্চিয়া      হৃদয়ত দিয়া

ভকতিৰ নিজ বাস।।

মনে মনে লোৱা        মাধৱৰ নাম

দুৰ্জনে নুশুনি যেনি।

ভকতি নেৰিল     ভকত বৎসলে

গুচাইব সৱ বিঘিনি।।১৪৩৬।।

বেদত অশুদ্ধ      লোকত বিৰোধ

কৰ্ম্ম পুনু নাচৰিবা।

কুকুৰক লাগি     সিংহ নেমেলিবা

ভকতি যেৱে ৰাখিবা।।

সি কালত দেখা        কৃষ্ণ নমানে

বৰ বৰ ৰাজাগণে।

সৱে জানে শাস্ত্ৰ         তত্ত্বক আপুনি

মূৰ্খক গণয় কোনে।।১৪৩৭।।

ইটো কলিকাল     কৰে যিটো ভাল

তাকেসে কৰে বিঘিনি।

বুজি অভিপ্ৰায়     অধৰ্ম্ম এৰিবা

কৃষ্ণক ঈশ্বৰ মানি।।

অনন্ত কন্দলি      কাৰ্যক আকলি

বদতি আতি কাকূতি।

যাৱে থাকে প্ৰাণ        বোলা ৰাম ৰাম

আত কিছু নাহি ক্ষতি।।১৪৩৮।।

.................

 

।।ৰুক্ম বধ আৰু বাণৰ যুদ্ধাকাঙ্খা।।

                  ।।পদ।।

যি বেলাত ভৈলা অনিৰুদ্ধৰ বিৱাহ।

ভৈল সুমঙ্গল আতি পৰম উৎসাহ।।

সেহিবেলা ভোজকট নগৰক প্ৰতি।

নাতিৰ বিৱাহ কৰাইবাক যদুপতি।।১৪৩৯।।

ৰুক্মিণী সহিতে কৃষ্ণ গৈল মহাৰঙ্গে।

বলভদ্ৰ আদি গৈল মাধৱৰ সঙ্গে।।

সাম কামদেৱ আদি আনোবীৰগণে।

মহা চমৎকাৰে সৱে গৈলা ৰঙ্গমনে।।১৪৪০।।

ৰুক্মৰ নাতিনী বিহাইলন্ত অনিৰুদ্ধে।

সৱাহাঙ্কে ৰুক্মবীৰে অৰ্চিল প্ৰৱন্ধে।।

কলিঙ্গ প্ৰমুখ্যে তথা গৈল ৰাজাগণ।

বলিষ্ঠ দৰ্পিষ্ঠ সৱে পাপিষ্ঠ দুৰ্জন।।১৪৪১।।

বিহা অবসানে ৰুক্মবীৰক মতাই।

বুলিলেক সৱে যদুগণক হিংসায়।।

দেখা বলভদ্ৰ ইটো সমৰে দুৰ্জয়।

পাশা খেলি আক জিনিয়োক মহাশয়।।১৪৪২।।

পাশা খেলিবাক নজনানয় সমুদায়।

পাওক লাজ আমিসৱ হৈবোহো সহায়।।

এহি শুনি ৰুক্মবীৰে মনে কৰি সাস।

বলোক বোলন্ত আশা খেলিয়োক পাশ।।১৪৪৩।।

শুনি বলভদ্ৰ হাম্ফি গৈল হৰিষতে।

পাতিল পাশাৰ খেলা ৰুক্মৰ সহিতে।।

একশত টঙ্কা ৰামে আৰিল প্ৰথমে।

তাক ৰুক্মবীৰে আতি জিনিল বিক্ৰমে।।১৪৪৪।।

সহস্ৰেক আৰিলেক তাকো জিনিলেক।

পুনু বলভদ্ৰ আৰিলেক অযুতেক।।

তাকো পুপুৰপি যেৱে ৰুক্ময়ে জিনিল।

দেখিয়া কলিঙ্গে বলভদ্ৰক হাসিল।।১৪৪৫।।

দান্তক দেখাই হাসি বোলে উচ্চ কৰি।

তিনিবাৰ হেৰা হাৰিলেক হলধাৰী।।

শুনি বলভদ্ৰৰ ভ্ৰূভঙ্গ তাত নাই।

এক লক্ষ কোটি বীৰে আৰিল দুনাই।।১৪৪৬।।

সেহিবেলা বলভদ্ৰে জিনিলেক খেড়ি।

মঞিসে জিনিলো ৰুক্মে বোলে চল কৰি।।

মিছা জানি কোপে জ্বলি গৈলা হলধৰ।

পূৰ্ণিমাত বৃদ্ধি যেন ভৈলক সাগৰ।।১৪৪৭।।

ক্ৰোধে ৰঙা চক্ষু যেন চাহন নযায়।

অৰ্বুদেক টকা ৰামে আৰিল দুনাই।।

জিনিলেক ধৰ্ম্মে ৰামে তাকো পুনৰপি।

মিছা বাণী ৰুক্মবীৰে বোলত তথাপি।।১৪৪৮।।

জিনিলো জিনিলো ৰাম দুনাই হাৰিলি।

কলিঙ্গেও লগত হাসয় খলখলি।।

মোহোৰ বচনে যেৱে নযা পতিয়ান।

পুছো সমাজত তেৱে বোলোক প্ৰমাণ।।১৪৪৯।।

আকাশী বচন পৰি গৈল সেহিবেলা।

নুহি নুহি ইটো পাশা বলোসে জিনিলা।।

দুয়োবাৰ ধৰ্ম্মৰূপে জিনিলন্ত বলে।

পুনৰপি ৰুক্মবীৰে মিঠা মাতে ছলে।।১৪৫০।।

শুনি ৰুক্ম তভো নমানিলা দেৱবাক।

দুষ্ট ৰাজাগণে সৱে খুম্পিলেক তাক।।

কালে গ্ৰাসিলেক জ্ঞান হৰিল সমূলি।

বলোক বুলিলা পাপী পৰিহাস গালি।।১৪৫১।।

নজানস পাশা তোৰা বনৰ গোৱাল।

ইটো সৱ ৰঙ্গ দেখি আছা কোন কাল।।

পাশা খেলি ক্ৰীড়া কৰে মহাৰাজাগণে।

নুহিকস ৰাজা তোৰা জিনিবে কেমনে।।১৪৫২।।

তই সমে পাশা খেলিবাৰ কোন ৰঙ্গ।

হাৰিলেও তঞি দখো নমানস ভঙ্গ।।

বালকতোধিক হাৰিলেও নাহি লাজ।

তোৰ পাশা দেখি হাসে নৃপতি সমাজ।।১৪৫৩।।

এহিমতে উপলম্ভ অধিক্ষেপ বাণী।

শুনি বলভদ্ৰ কোপে জ্বলিল অগনি।।

জিনিলোহো পাশা দেৱ বুলিলেক সাক্ষী।

তভো মোক লপ পাপী খাইলি দুয়ো আখি।।১৪৫৪।।

এহি বুলি পৰিঘ উচ্ছায়া হলায়ুধে।

সভাৰ মধ্যত তাক প্ৰহাৰিল ক্ৰোধে।।

কৰিলেক অহঙ্কাৰ তাৰ পাইলে ফল।

প্ৰচণ্ড প্ৰহাৰে পাপী গৈল ৰসাতল।।১৪৫৫।।

হেন দেখি কলিঙ্গ নৃপতি দিলে লড়।

দশ খোজে আন্তে লাগ পাইলা হলধৰ।।

যাতো দান্ত দেখাই হাসিল দুৰাচাৰ।

সেহি ক্ৰোধে ধৰি দান্ত সাৰিলেক তাৰ।।১৪৫৬।।

আনো সৱ ৰাজা অনুমতি দিলা মানে।

সৱাকো পৰিঘ ধৰি তাড়িলা সন্ধানে।।

উৰু শিৰ বাহু কটি পৃষ্ঠ ভগ্ন ভৈল।

ৰুধিৰ দগধ হুয়া ভয়ে পলাই গৈল।।১৪৫৭।।

ৰুক্মিণীৰ ভাই ৰুক্ম মাধৱৰ শ্যাল।

জ্যেষ্ঠ বলভদ্ৰে তাৰ চিন্তিলেক কাল।।

ৰুক্মিণী ৰামৰ স্নেহভঙ্গ ভয়ে হৰ।

ভাল মন্দ কিছু নুবুলিল ব্যক্ত কৰ।।১৪৫৮।।

প্ৰাণৰ সমান জ্যেষ্ঠ বলভদ্ৰ ভাই।

ৰুক্মিণীয়ো নিজ ভাৰ্যা কহন নযায়।।

ভাল ভৈল বুলিলে ৰুক্মিণী পাইবে শোক।

বলোক নিন্দিলে ক্ৰোধ কৰিবন্ত মোক।।১৪৫৯।।

সুমঙ্গল বেলাভৈল কুটুম্বৰ বধে।

এহি চিন্তি নাৰায়ণ ৰহিল তবধে।।

ৰুক্মিণীয়ো শ্ৰেষ্ঠ ভাক নকৰিল শোক।

জয় জয় কৰে আনো সৱ যদু লোক।।১৪৬০।।

পাচে অনিৰুদ্ধক কন্যায়ে সমন্বিতে।

মহাৰঙ্গে যদুগণে তুলি দিব্য ৰথে।।

বলভদ্ৰ আদি চলি গৈলা কুশস্থলী।

কৃষ্ণৰ প্ৰসাদে সৱে কাৰ্যক সঙ্কালি।।১৪৬১।।

.................

 

।।ঊষা অনিৰুদ্ধৰ বিৱাহঃ হৰিহৰ যুদ্ধ।।

 

শুক নিগদতি অভিমন্যুৰ নন্দন।

শুনা আৰো কহো অনিৰুদ্ধৰ বন্ধন।।

হৰিহৰ যুদ্ধ যেন ভৈল বিপৰীত।

কহিবো তোহ্মাত কৃষ্ণদেৱৰ চৰিত।।১৪৬২।।

বলিৰ শতেক পুত্ৰ সৱাহাতে বৰ।

ভৈল মহাবীৰ বাণ নাম বীৰবৰ।।

হাজাৰেকে বাহু তাৰ দেখি চমৎকাৰ।

শিৱত ভকত আতি বলে অনিৰ্ব্বাৰ।।১৪৬৩।।

সহস্ৰেক হাতে নিতে ধৰি কৰতালি।

বাহু বাদ্য কৰি নাচে শিৱ শিৱ বুলি।।

ত্ৰৈলোক্য ঈশ্বৰ হৰ ভকতবৎসল।

বাহু বাদ্য নৃত্যে তুষিলেক মহাবল।।১৪৬৪।।

তুষ্ট হুয়া বচন বুলিলা ত্ৰিলোচন।

লৈয়ো বৰ বাণাসুৰ তোৰ যেন মন।।

শুনি বাণাসুৰে বৰ লৈল পুৰপাল।

শঙ্কৰক পূঁজি সুখে আছা কতকাল।।১৪৬৫।।

শৌণিতপুৰত পাচে ভৈলা বাণ ৰাজা।

পুত্ৰৱতে স্বধৰ্ম্মে পালয় সৱে প্ৰজা।।

তপে জপে বলে বীৰ্যে ভৈল মহাশয়।

সন্মুখ সংগ্ৰামে ত্ৰিদশকো নগণয়।।১৪৬৬।।

নগৰত আছে হৰ ত্ৰৈলোক্য ঈশ্বৰ।

সাজি আছে দৌল যেন কৈলাশ শিকৰ।।

সৰ্ব্বঘণে শিৱ শিৱ ভাষে মহাভাগ।

য়েখনে খোজয় শঙ্কৰক পাৱে লাগ।।১৪৬৭।।

আপোন সমান বীৰ ত্ৰৈলোক্য নপাই।

মদগৰ্ব্বে ফুৰে সিটো যুদ্ধক ইচ্ছাই।।

একদিন দেৱ শঙ্কৰৰ পাশে গৈলা।

সমীপতে আছে হৰ দৰশন পাইলা।।১৪৬৮।।

শিৰৰ কিৰীটি যেন নৱ সূৰ্য জ্বলে।

পৰশিয়া শঙ্কৰৰ চৰণকমলে।।

দণ্ডৱতে প্ৰণামিয়া বুলিলেক স্তুতি।

নমো নমো মহাদেৱ জগতৰ পতি।।১৪৬৯।।

নমো হৰ দিগম্বৰ জগতৰ গুৰু।

অপূৰ্ণ কামীৰ কাম পূৰা কল্পতৰু।।

হাজাৰেক বাহু মোৰ দিলা জাতিষ্কাৰ।

কিছু ফল নাহি হৈল ভৈলা মহাভাৰ।।১৪৭০।।

মোৰ সম বীৰ প্ৰভু নপাইলোহো ৰণে।

তুমি বিনে বিচাৰি চাহিলো ত্ৰিভুৱনে।।

হস্তৰ কণ্ডুতি আৰ নাপাৰি সহিত।

দিগ্গজনক যুজিবাক ভৈল চিত্ত।।১৪৭১।।

বাহুৰ আস্ফালেগিৰি কৰি চূৰ্ণীকৃত।

দিগ্গজনক খেদি গৈলো কদাচিত।।

মোৰ পৰাক্ৰম দেখি আখি কাতি কৰি।

মহাভয়ে পলাই গৈল দূৰক অন্তৰি।।১৪৭২।।

এৱে তুমি সম যেৱে বীৰ আছে ধাৰে।

তেৱে হাজাৰেক বাহু সাম্ফল আহ্মাৰে।।

হেন দৰ্প শুনি ক্ৰোধে কিটাইলেক হৰ।

বাণক সম্বোধি পাচে দিলন্ত উত্তৰ।।১৪৭৩।।

দেখ তোৰ ময়ূৰধ্বজ ভাগয় যৈসানি।

মোৰ সম বীৰ তঞি লভিবি তৈসান।।

তোৰ দৰ্প চূৰ ৰণে হৈব সেহি সমে।

এতিক্ষণে মূঢ় তই কৰ পৰাক্ৰমে।।১৪৭৪।।

এহি বাণী হৰে যেৱে বুলিলন্ত খঙ্গে।

নুবুজিয়া দুৰ্ম্মতি গৃহক গৈলা ৰঙ্গে।।

শিৱৰ বাক্যৰ নিতে চাহে পৰিমাণ।

মোহৰ ময়ূৰধ্বজ ভাঙ্গিবে কৈসান।।১৪৭৫।।

পৰম কুবুদ্ধি তাৰ মন স্বস্থ নাই।

নিজ বীৰ্যে বিনাশকে আছে বাট চাই।।

এহিমতে ভৈল যেৱে বাণৰ ব্যৱস্থা।

শুনা আৱে তাত পাচে ভৈল যেন কথা।।১৪৭৬।।

বাণৰ নন্দিনী ঊষা নামে সুলক্ষিণী।

ৰূপে গুণে লক্ষ্মী যেন জগতমোহিনী।।

তান ৰূপ দেখি লোক লঙ্ঘিবাক ডৰে।

অনেক প্ৰৱন্ধে তাঙ্ক ৰাখে বাণাসুৰে।।১৪৭৭।।

একোৱে পুৰুষে তাঙ্ক দেখিবে নপাই।

অন্তেষপুৰত থাকা নিৰ্বাস পৰাই।।

বাণৰ সুমন্ত্ৰী কুভাণ্ডক নাম যাৰ।

চিত্ৰলেখা নামে আছে কন্যা এক তাৰ।।১৪৭৮।।

শঙ্কৰক পূজি তাই পাইল ইষ্ট বৰ।

জানে যত যোগমায়া আতি গুৰুতৰ।।

চিত্ৰতে লেখয় সৱে নুশুনি নেদেখি।

এহি মহাগুণে তাইৰ নাম চিত্ৰলেখি।।১৪৭৯।।

ৰূপে গুণে বয়সে ঊষাৰ সম দেখি।

ঊষা চিত্ৰলেখা দুয়ো প্ৰাণ সম সখী।।

শয়নে ভোজনে পাশ নেৰয় সতত।

অন্তেষপুৰত থাকে ঊষাৰ লগত।।১৪৮০।।

প্ৰদ্যুম্নৰ পুত্ৰ দেৱ গোৱিন্দৰ নাতি।

তাঙ্ক স্বপনত দেখিলন্ত ঊষা সতী।।

পূৰ্ব্বে নতুন দেখা নতু শুনা নাম যাৰ।

তেহো সমে স্বপনত লভিল শৃঙ্গাৰ।।১৪৮১।।

কামৰ নন্দন তিনি ভুৱনমোহন।

জাগি তাঙ্ক নেদেখিয়া ভৈল অচেতন।।

শয্যাত বুলান্ত হাত বাতুল পৰায়।

কহি গৈলা প্ৰাণনাথ আছা ৰঙ্গচাই।।১৪৮২।।

শৰীৰ দগধ কৰে মদনৰ শৰে।

লাজ এড়ি প্ৰভু প্ৰভু বুলি গেৰি পাৰে।

সখীগণ দেখি উঠি পাৰে হাতলোৰ।

কহি গৈল প্ৰাণনাথ প্ৰাণ যায় মোৰ।।১৪৮৩।।

শুনি চিত্ৰলেখি উঠিলেক সেহি তালে।

দেখে প্ৰাণসখা ঊষা ফুৰে বিয়াকুলে।।

প্ৰভু প্ৰভু বুলি গেৰি পাৰে ঘনে ঘনে।

ধৰি চিত্ৰলেখি পুছিলন্ত ৰঙ্গমনে।।১৪৮৪।।

সখীগণে সমে পাচে বসি মহাসতী।

জ্ঞান ভৈল মহালাজে থাকিল নমাতি।।

মদনে তাপিত তনু উত্ৰাৱল কৰে।

অধোমুখে নিশ্বাস কাঢ়ন্ত খৰতৰে।।১৪৮৫।।

চিত্ৰলেখি বোলে সখি তেজিয়ো হতাশ।

তোৰ মনোৰথ কোন পুৰুষক চাস।

অদ্যাপিয়ো দেখো তই পাৰ হাতলোৰ।

স্বামীকেসে চাহ হেন মতি লৱে মোৰ।।১৪৮৬।।

ৰাজাৰ কুমাৰী তঞি সুন্দৰী যুৱতী।

স্বামী খুজিবাক তোৰ হোৱয় যুগুতি।।

কিন্তু আৰু শুনি হাসিবেক লঘুজনে।

গোপ্য কৰি কহ মোত স্বৰূপ বচনে।।১৪৮৭।।

চিত্ৰলেখি সখী হেন পুছিলেক যেৱে।

ধীৰে ধীৰে ঊষা সতী মাতিলেক তেৱে।।

সুমৰি সুমৰি আতি পুলকে শৰীৰ।

গদ গদ বাণী নয়নৰ ঝৰে নীৰ।।১৪৮৮।।

শুনা নৰনাৰী ঊষা সতীৰ চৰিত্ৰ।

মহাভাগৱত কথা সাক্ষাতে অমৃত।।

অনিৰুদ্ধ কুমাৰৰ নাহি বিলক্ষণ।

কৃষ্ণ ৰাম কাম অনিৰুদ্ধ একেজন।।১৪৮৯।।

সকল পূণ্যৰ হৰিকথাত বিশ্বাস।

অপ্ৰয়াসে সকল দুখকে কৰে নাশ।।

মিলে সুমঙ্গল ৰঙ্গ মুকুতি ভুকুতি।

কোন পাপীজনে আত নকৰিব ৰতি।।১৪৯০।।

একে মহাজন হৰি কিঙ্কৰত বাজে।

হৰিকথা শুনন্তা নাহিকে একো ৰাজে।।

কতো পাপীগণে শুনে ঐশ্বৰ্য্য গৰ্ব্বত।

স্বৰূপত অৰ্থ তাৰ নপশে কাণত।।১৪৯১।।

কীৰ্ত্তিক ফটায়ে হৰিকথা শুনো বুলি।

ভক্তিক বাধিয়া নিন্দে কৃষ্ণক সমুলি।।

আছে কোন কৰ্ম্ম হৰিকীৰ্ত্তনত বিনে।

তেৱে তত্ত্ব বুজি তাক নিন্দে কোন গুণে।।১৪৯২।।

হেন জানি জ্ঞানীগণ তেজিয়ো বিকল।

নিন্দে মন্দজনে যদি পাইব তাৰ ফল।।

মাধৱৰ পাদপদ্ম হৃদয়ত দৰি।

কৰা হৰিভকতি একান্ত যত্ন কৰি।।১৪৯৩।।

ধন জন জীৱন নৰহে চিৰকাল।

কৃষ্ণৰ কথাত চিত্ত কৰিয়োক ভাল।।

অনন্ত কন্দলি কহে এহি মাত্ৰ সাৰ।

ডাকি হৰি বোলা হৌক পুৰুষ উদ্ধাৰ।।১৪৯৪।।

.......................

।।ঊষাৰ সপোন।।

।।ছবি।।

 

ঊষা বোলে প্ৰাণসখী    স্বপ্নত আছিলো দেখি

পুৰুষেক ত্ৰৈলোক্যমোহন।

চাৰু শ্যাম কলেৱৰ     দিব্য পীতবস্ত্ৰধৰ

ৰুচিকৰ কমললোচন।।

মহাবাহু মহাবল       সুচৰিত্ৰ সুমঙ্গল

একো অঙ্গে নাহি ক্ষতি খুন।

কামিনী মোহন বেশ    দৰশনে হৰে ক্লেশ

কতনো কহিবো ৰূপ গুণ।।১৪৯৫।।

লয়লাস বেশে আসি     মোৰ মুখ চাই হাসি

মহাৰঙ্গে আলিঙ্গি ধৰিল।

মুখে দিয় ঘনে চুম্ব     মৰ্দ্দিলেক কুচকুম্ভ

ৰতিৰস ভাৱ দৰশিল।।

পিয়াই অধৰ মধু      মনক হৰিয়া মোৰ

নজানো লুকাই কোথা যাই।

তাঙ্কে মঞি প্ৰভু বুলি    বিচাৰোহো বিয়াকুলি

সখী মোক দিয়োক দেখাই।।১৪৯৬।।

পেহ্লাই কাম সমুদ্ৰত      কিবা দোষ দখি মোত

তেজি গৈল সিটো প্ৰাণনাথ।

নপাঞো যেৱে তাঙ্ক স্বামী   নিশ্চয়ে মৰিবো আমি

সখী সত্য কহিলো তোহ্মাত।।

হেন শুনি চিত্ৰলেখি     বোলে নমৰিবা সখী

দুখ তোৰ গুচাইবো এখনে।

স্বপনত তোৰ মন      হৰিলেক যিটোজন

তাঙ্ক আনিদিবো এহি থানে।।১৪৯৭।।

কিন্তু ইটো ত্ৰৈলোক্যত    থাকে যদি ইটোজন

মায়া কৰি আনি দিবো হৰি।

চাহি তই কহা মোত    লিখিয়া দেখাঞো তোত

দেৱ গন্ধৰ্ব্বক আদি কৰি।।

এহি বুলি বৰনাৰী     হাতে চিত্ৰপত ধৰি

প্ৰথম লিখিলা দেৱগণ।

সখীক দেখাইলা তাই    ঊষা বুলিলেক চাই

নাহি সিটো পুৰুষ শোভন।।১৪৯৮।।

সুন্দৰ গন্ধৰ্ব্ব যত      লিখি তাকো দেখাইলেক

আৰো সিদ্ধ বিদ্যাধৰ যত।

সুন্দৰ চাৰণগণ       নাগগণ সুশোভন

যক্ষ ৰক্ষ কিন্নৰ সমস্ত।।

সুন্দৰ পুৰুষ যত     মনুষ্যক লিখিলেক

ঊষা বোলে আতো স্বামী নাই।

পাচে মনে গুণি চাই   বৃষ্ণিবংশ লিখিলেক

ঊষা মনৰঙ্গে আছে চাই।।১৪৯৯।।

গোপালৰ পিতামহ     শ্বশুৰক লিখি আগে

পাচে বসুদেৱক লিখিল।

ৰাম কৃষ্ণ দুই ভাই    লিখিলেক এক ঠাই

দেখি ঊষা মনে চমকিল।।

প্ৰদ্যুম্ন লিখিল যেৱে     শ্বশুৰ বুলিয়া লাজে

মাথে ঊষা বস্ত্ৰ লৈলা তুলি।

অনিৰুদ্ধ লিখিবাৰ      দেখি ঊষা বৰনাৰী

ধৰিবাক চাহে আঙ্কোৱালি।।১৫০০।।

লাজে মুখ বস্ত্ৰে ঢাকি   বোলে শুনা প্ৰাণসখী

মোৰ প্ৰাণনাথ এহিজন।

দেখা কেনে মূৰ্ত্তিমন্ত    ভুৱনমোহন কান্ত

কোন নাৰী ধৰিবেক মন।।

চিত্ৰলেখী বোলে সখী    ভালেতো স্বপ্নত দেখি

ভোল ভৈলি তই ভাগ্যৱতী।

প্ৰদ্যুম্নৰ প্ৰিয় পুত্ৰ     আন নাম অনিৰুদ্ধ

কেশৱদেৱৰ প্ৰিয় নাতি।।১৫০১।।

থাক তই মহাশান্তি    ইহান চৰণ চিন্তি

মঞি হেৰ চলিলো এখনে।

পশিয়া দ্বাৰকাপুৰী     কুমাৰ আনিবো হৰি

দিবো তই থাক ৰঙ্গমনে।।

এহি বুলি বৰনাৰী      সখীক আশ্বাস কৰি

চলি গৈল আকাশ গমনে।

শিৱৰ চৰণ চিন্তি      মহাৰঙ্গে চলে শান্তি

দ্বাৰকা পুৰীক ৰঙ্গমনে।।১৫০২।।

কতো দূৰ যান্তে তই    নাৰদক লাগ পাই

প্ৰণাম কৰিলে কৌতূহলে।

ঋষিয়ো পুছিলা কাজ   চলি যাস কোন ৰাজ

চিত্ৰলেখী কহিল সকলে।

নাৰদে কহন্ত হাসি      কৃষ্ণৰ পুৰত পশি

কুমাৰক হৰিবাক মনে।

জান কত মায়া তই   দেখো বল বুজো মঞি

তেৱে পতিয়াইব মোৰ মনে।।১৫০৩।।

যাৰ সম নাহি কেৱ   মহাবীৰ বাসুদেৱ

তান প্ৰিয় নাতি অনিৰুদ্ধ।

হেন তোৰ স্ত্ৰীৰ সাস    তাঙ্ক হৰিবাক চাস

কিনো তই মায়াত প্ৰবুদ্ধ।।

শুনা শুদ্ধ বুদ্ধজন      ইটো কথা বিতোপন

দেখিয়ো সকলে মায়াময়।

মায়াতেসে দেখি সুখ   জীৱন মৰণ দুখ

মায়া বিনে কিছু নভাসয়।।১৫০৪।।

মায়াতে দেখিয়ো মায়া     ধনজন পুত্ৰ জায়া

স্বপনতো স্বপন পৰায়।

স্বৰূপতে সৱে মিছা     তড়িবাক যাৰ ইচ্ছা

কৃষ্ণক ভজিয়ো সমুদায়।।

ঈশ্বৰ নিচিনে যাৱে     নানা যোনি ফুৰে তাৱে

জীৱৰ লগত কৰ্ম্মজৰী।

কিঞ্চিতক মায়া সুখ  সততে নিকাৰ দুখ

নৰকত পৰে মৰি মৰি।।১৫০৫।।

ক্ষুধায়ে তাপিত কায়    যেন ঘৰে ঘৰে যায়

কুকুৰ ফুৰয় নিৰন্তৰে।

ক্ষণে বা অন্নক পাৱে    ক্ষণে বা টাঙোনে খাৱে

মহাদুঃখে পলাই লৱড়ে।।

এহিমতে জীৱচয়       নিচিনিয়া কৃপাময়

শ্ৰীকৃষ্ণ ইষ্ট বান্ধৱক।

মায়ায়ে আছয় ঢাকি   দেখিয়ো নেদেখি আখি

ধৰে ধন জন সম্পদক।।১৫০৬।।

অনন্ত কন্দলি কহে    জানা কিছু সাৰ নোহো

ধন জন ৰাজ্য নিজ গ্ৰাম।

মায়াময় বুদ্ধি ছাড়ি    তৃষ্ণা আদি পৰিহৰি

নিৰন্তৰে বোলা ৰাম ৰাম।।১৫০৭।।

....................

।।ঊষা-অনিৰুদ্ধৰ মিলন।।

               ।।পদ।।

আনো পূৰাতন শুনি আছে শিষ্টমুখী।

হৰলুকী মায়া ধৰিলেক চিত্ৰলেখী।।

অনিৰুদ্ধ কুমাৰক আনিলেক হৰি।

শুনা তাৰ তত্ত্ব কিছু কহিবো উদ্ধাৰি।।১৫০৮।।

নাৰদৰ বোলে তাই মায়া দেখাইলেক।

পশু পক্ষী আদি কৰি জানয় যতেক।।

দেখিয়া নাৰদে বুলিলেক উপহাস।

এহি মায়া ধৰি তই হৰিবাক যাস।।১৫০৯।।

দেখিলোহো আন তই ৰূপক ধৰিবি।

কুমাৰক পাইলে তঞি কিৰূপ ধৰিবি।।

আন ৰূপ ধৰিবাক নজানস যেৱে।

নপাৰিবি হৰিবাক ঘৰে যাস তেৱে।।১৫১০।।

শুন তই জান যেৱে হৰলুকী মায়া।

আপোন পৰক কৰিবেক ভিন্ন কায়া।।

তেৱেসে অন্তেষপুৰ পশিৱে পাৰিবি।

কেহো নমনিবে হৰি কুমাৰ আনিবি।।১৫১১।।

হেন শুনি চিত্ৰলেখী কম্পি গৈল মনে।

মাতিলে কাকূতি কৰি ঋষিৰ চৰণে।।

সখীৰ মৰণ জানো ভৈল উপগত।

মঞি হেৰা মৰো গুৰু তোহ্মাৰ আগত।।১৫১২।।

আসিলোহো সত্য কৰি যাইবো কোন লাজে।

এহি বুলি তাই মৰিবাক মনে সাজে।।

হেন দেখি দয়ালু নাৰদ মুনিবৰ।

বুলিলন্ত চিত্ৰলেখী নমৰ নমৰ।।১৫১৩।।

কহো হৰলুকীক জীয়োক তোৰ সখী।

মোৰ আশীৰ্ব্বাদত জানিবি চিত্ৰলেখী।।

ভাদ্ৰমাসত আসি দোভাগ নিশাক।

চন্দ্ৰগ্ৰহণ যেৱে মিলে সিবেলাত।।১৫১৪।।

খঞ্জৰীত পক্ষী তেতিক্ষণে যাইবে উৰি।

তাকে ধৰি বড়ি তই সাজিবি সুন্দৰী।।

তিলক পিন্ধিবি তই গুৰুক সুমৰি।

নিজৰূপ তেজি হৈবি তেখনে ভ্ৰমৰী।।১৫১৫।।

কুন্দ্ৰাক্ষৰ জালে যাইবি গৃহৰ ভিতৰ।

কুমাৰক ফোট দিলে হৈবেক ভ্ৰমৰ।।

পৃষ্ঠভাগে তাঙ্ক লৈয়া গৃহৰ বজায়া।

তিলক মুচিয়া পাচে হৈবি নিজ কায়া।।১৫১৬।।

মুনিৰ বচন হেন শুনি চিত্ৰলেখী।

হৰক সুমৰি আৰম্ভিলা হৰলুকী।।

তেতিক্ষণে ভৈল ভাদ্ৰ পূৰ্ণিমাৰ শশী।

দোভাগ ৰজনী বাহু গ্ৰাসিলেক আসি।।১৫১৭।।

খঞ্জৰীতে উৰি গৈল ধৰিলেক তাই।

সাজিলেক বড়ি ঋষি ৰঙ্গে আছে চাই।।

তিলক দিলেক মাত্ৰ ভৈলেক ভ্ৰমৰী।

পুন নিজ ৰপ ভৈল ফোট দূৰ কৰি।।১৬১৮।।

হৰলুকী শিখি ৰঙ্গে বোলে চিত্ৰলেখী।

তোহ্মাৰ প্ৰসাদে গুৰু জীলো দুয়ো সখী।।

চলিয়োক গুৰু মঞি যাঞো কৃষ্ণপুৰী।

এহি বুলি প্ৰণামিয়া গৈলা বেগ ধৰি।।১৫১৯।।

পশিল অন্তেষপুৰ ধৰি হৰলুকী।

ভৈল আতি বিস্ময় কৃষ্ণৰ স্থান দেখি।।

আপোন শয্যাত অনিৰুদ্ধ আছে শুতি।

ঋষি উপদেশে হৰিলেক মায়াৱতী।।১৫২০।।

শোণিতপুৰক গৈয়া তেখনে আণ্টাইল।

সখীৰ আগত নিয়া কুমাৰ ভেণ্টাইল।।

আনিলেক প্ৰিয়স্বামী সখী চিত্ৰলেখী।

দেখি ঊষা উঠিলেক ক্ষণিকো নাপেক্ষি।।১৫২১।।

স্বপ্নত দেখিলো যিটো ত্ৰৈলোক্যমোহন।

সেহিসে সুন্দৰ বৰ ভৈল উপসন্ন।।

আনন্দে দ্ৰৱিল তনু প্ৰসন্নবদন।

ভৰি সাত পাঞ্চ আগবাঢ়ি ৰঙ্গ মন।।১৫২২।।

প্ৰাণতে অধিক স্নেহে গলে বান্ধি ধৰি।

বিচিত্ৰ আসনে নিয়া বৈসাইলা সুন্দৰী।।

হৰিষে বসিলা দেৱ প্ৰদ্যুম্ন নন্দন।

ঊষাৰ মুখক মাত্ৰ চান্ত ঘনে ঘন।।১৫২৩।।

প্ৰথম বয়স ঊষা ত্ৰৈলোক্যমোহিনী।

জাতিত পদ্মিণী সতী দ্যুতি লক্ষ্মী যেনি।।

জানে ৰতিৰঙ্গ যত চতুঃষষ্টি কলা।

তান ৰূপ দেখি অনিৰুদ্ধ মোহ ভৈলা।।১৫২৪।।

ধুৱাইলা চৰণ পদ্ম ঊষায়ে আপুনি।

পাদ্য অৰ্ঘ্য মধুপৰ্ক দিলা আচমনি।।

দিব্য গন্ধ ধূপ দীপ পুষ্প সুচন্দন।

দিলা দিব্য বিভুষণ অমূল্য বসন।।১৫২৫।।

দিব্য পঞ্চামৃত্যে সতী কৰাইলা ভোজন।

দিলা নানা বিধ মধুপান উপায়ন।

কৰ্পূৰ তাম্বুল সাজি দেন্ত ঘনে ঘনে।

মাতন্ত শুশ্ৰূষা কৰি মধুৰ বচনে।।১৫২৬।।

ত্ৰৈলোক্যমোহন তুমি গোৱিন্দৰ নাতি।

স্বপ্নত তুমি সমে লভিলো সুৰতি।।

তোহ্মাক নেদেখি জাগি মৰিতে চাহিলো।

চিত্ৰলেখী সখীৰ কাৰণে প্ৰভু জীলো।।১৫২৭।।

তোহ্মাক চাহিতে দাসী কোনো নোহে যোগ।

তথাপি অনাইলো প্ৰভু প্ৰাণ উদ্যোগ।।

ই দোষ ক্ষমিয়ো মোক লৈয়ো দাসী কৰি।

তোহ্মাকেসে চিন্তি প্ৰভু আছো প্ৰাণধৰি।।১৫২৮।।

বুলিলন্ত ঊষা আৰো অনেক কাকূতি।

সংক্ষেপে পদত কত কহিবো সম্প্ৰতি।।

এহিমতে কুমাৰক অৰ্চ্চি বৰবালা।

আপুনি বৰিলা শিৰে দিয়া পুষ্পমালা।।১৫২৯।।

প্ৰণামিলা জানু পাৰি স্বামী ভৈলা বুলি।

অনিৰুদ্ধ আশ্বাসি ধৰিলা হাত মেলি।।

কোলাত বৈসায়া মুখে দিলন্ত চুম্বন।

শুনা প্ৰাণেশ্বৰী ঊষা ভৈলো তুষ্টমন।।১৫৩০।।

তোহ্মাৰ ভকতি বশ্য কৰিল আহ্মাক।

কোন সতে তোক তেজি যাইবো দ্বাৰকাক।।

এহিমতে ভৈল দুইৰো গন্ধৰ্ব্ব বিৱাহ।

চিত্ৰলেখী সতী যত সৱাৰো উৎসাহ।।১৫৩১।।

দুখেয়ো দেখিতে নপাৱয় একোজনে।

হেন নিৰঞ্জনপুৰে থাকে কন্যাগণে।।

কৰন্ত সুৰতি ৰতি ঊষায়ে সহিত।

অভিনৱ স্নেহ বাঢ়ি যাত নিতে নিত।।১৫৩২।।

গুপ্তৰূপে থাক্নত নোলান্ত আৱাসৰ।

মুহূৰ্ত্তেক নছাড়ন্ত ঊষাৰ ওচৰ।।

ঊষাৰ ক্ৰীড়াত আতি চিত্ত ভৈল লীন।

নজানন্ত মনে এথা আছা কত দিন।।১৫৩৩।।

ঊষায়ে সহিতে কতো থাকে পাশা খেলি।

কোলে কৰি আঙ্কোৱালি থাকে কতো বলি।।

ঊষাক মাতন্ত কতো আইস আিস বুলি।

দেখি সখীগণে বেঢ়ি হাসে খলখলি।।১৫৩৪।।

ঊষা সমে ৰতি ৰসে থাকা মনোময়।

শৃঙ্গাৰত ভোল গৈলা কামৰ তনয়।।

ঊষায়ে হৰিল চিত্ত মনত নভৈল।

এহিমতে অনেক দিৱস বহি গৈল।।১৫৩৫।।

ঊষাৰ গুচিল সৱ পূৰ্ব্ব লাজ ভাৱ।

শৃঙ্গাৰৰ চিহ্ন সৱে উজ্জ্বলিল গাৱ।।

ৰাখিবাক বীৰগণ দিয়া আছে বাণে।

ঊষাক দেখিয়া সৱে চাহে এক মনে।।১৫৩৬।।

এদিনাত কৰি শতভাগ ৰঙ্গ মন।

হাসলাস বেশ কৰি পুৰুষমোহন।।

ছেগ চাই মুখ চাই হাসি মুচুকাই।

ঘনে ঘনে অন্তেষপুৰক চলি যাই।।১৫৩৭।।

স্তনে ঘন নখ ক্ষত উঠে দন্ত ঘাৱে।

চুম্বনৰ ছটা মুখে জ্বলে ঠাৱে ঠাৱে।।

শিথিল মেখলা ছিণ্ডি লুলে সাতসৰি।

নিতে সখীগণ হাতে গন্থাৱে সু্নৰী।।১৫৩৮।।

কঙ্কন নূপুৰ মণি থৈল সোলোকাই।

ঘৰ্ম্মজলে কুচৰ কুঙ্কুম বহি যায়।।

মুকুতা কাঞ্চলি ফোট আছে ঠাই ঠাই।

সঘনে সোলকে খোপা লোটাই মধাই।।১৫৩৯।।

এহিমতে শৃঙ্গাৰৰ লক্ষণ যতেক।

নপাৰন্ত একো মনে ঊষা ঢাকিবাক।।

বস্ত্ৰে গাৱ ঢাকি যেৱে ফুৰন্ত সুন্দৰী।

তথাপি লক্ষিল বীৰগণে হেতু কৰি।।১৫৪০।।

নিশ্চয়ে জানিলো ঊষৈ ভৈল জলধূষি।

নৃপতিক ভয়ে সৱে গৈলেক তড়সি।।

নকহিলে আহ্মাক কাটিবে ৰাজা বাণ।

এহি গুণি সৱে তেতিক্ষণে দিলা জান।।১৫৪১।।

শুনিয়োক ৰাজা কথা তযু দুহিতাৰ।

লক্ষিলোহো ঊষা ভৈল কুল খিলিঙ্কাৰ।।

কোন বা পুৰুষ আসি আছে তান ঠাৱে।

শৃঙ্গাৰৰ ছটাচয় দেখি সৰ্ব্বগাৱে।।১৫৪২।।

অন্তেষপুৰত থাকে তোহ্মাৰ কুমাৰী।

গড় বাজে আমি সৱে থাকো ৰক্ষা কৰি।।

ক্ষণেকো নযাঞো ছাড়ি থাকোহো সততে।

নজানো পুৰুষ আসি পশিলা কিমতে।।১৫৪৩।।

পুৰুষ দোখিবে যাক নপাৱে কেৱলে।

তাতে আসি কিমতে পশিল মায়াবলে।।

ভালমতে লক্ষি আক কহিলোহো আমি।

হেন জানি যেন যুৱাই কৰিয়োক তুমি।।১৫৪৪।।

হেন কথা শুনিয়া ব্যথিত ভৈলা বাণ।

মহালাজে কিছু নেদিলেক সমিধান।।

জীউৰ দোষণ শুনি ক্ৰোধে মত্ত ভৈল।

মহাবেগে ঊষাৰ অন্তেষপুৰে গৈল।।১৫৪৫।।

শুনা সভাসদ অনিৰুদ্ধ নিৰোধন।

নাৰীৰ নিমিত্তে সুখে আছে কোনজন।।

নাৰীৰ সঙ্কক যিটো কৰে অভিলাষ।

জানিবা আপুনি সিটো হৱে সৰ্ব্বনাশ।।১৫৪৬।।

আন ধন জন সঙ্গে নকৰাৱে দূৰ।

স্ত্ৰীৰ সঙ্গী সঙ্গো যেনে মষিমূৰ।।

দুৰ্গতিৰ মন্দিৰ জানিবা নাৰীসঙ্গ।

হেন জানি তেজিয়ো ইহাৰ যত ৰঙ্গন।।১৫৪৭।।

জানা স্বৰূপত ইটো নুহিকে শাশ্বত।

সুখভোগ ধন জন দেখা শুনা যত।।

একেশ্বৰে আসিলাহা যাইবা একেশ্বৰে।

কৈত শুনি আছা পুত্ৰ ভাৰ্য্যা ৰক্ষা কৰে।।১৫৪৮।।

হেন জানি ইটো আশা বাসা মনে ছাড়ি।

কৃষ্ণত ভকতি কৰা একবুদ্ধি কৰি।।

আপদৰ বান্ধৱ মাধৱ বুলি যাক।

হিয়ে তাঙ্ক ধৰি হৰি হৰি ছাড়া ডাক।।১৫৪৯।।

.....................

।।বাণ-অনিৰুদ্ধ যুদ্ধ।।

।।দুলড়ী।।

ঊষাৰে সহিতে     বসিয়া শয্যাতে

কুমাৰে খেলন্ত পাশ।

দেখি বাণে যাই         ৰহিলন্ত ধাই

মুখত খৰ উশাস।।

কামৰ কুমাৰ      পৰম সুন্দৰ

শ্যামবৰ্ণ কলেৱৰ।

পীত বসন       কমল নয়ন

দেখি যেন মনোহৰ।।১৫৫০।।

কটাক্ষে লক্ষিত     ঈষদ হসিত

প্ৰকাশে মুখ কমল।

কুণ্ডলৰ কান্তি      অলকা পঙ্কতি

জ্বলে আতি নিৰমল।।

ঊষাৰ সম্ভোগ     ৰঙ্গ সময়ত

ৰুচিৰ কুচ-কুঙ্কুম।।

লাগি আছে ভালা   হিয়ে জ্বলে মালা

গ্ৰন্থিত চাৰু কুসুম।।১৫৫১।।

মালতী মধাই      তাৰ গন্ধ পাই

ভ্ৰমৰে নছাড়ে পাশ।

ঊষাৰ বদন      নিৰীক্ষ সঘন

তোলন্ত মধুৰ হাস।।

মহাবাহু দুই       দেখি ভয় হুই

শত্ৰুৰ কাম্পে হৃদয়।

হেন পুৰুষক      দেখি বাণাসুৰ

ভৈলম্ত আতি বিস্ময়।।১৫৫২।।

মহাবীৰগণে       অস্ত্ৰ শস্ত্ৰ ধৰি

বেঢ়ি আসি ভৈল বাণ।

দেখি অনিৰুদ্ধে     আতি মহাক্ৰোধে

জ্বলিল বহ্নি সমান।।

বজ্ৰ সম লোহা     পৰিঘা ধৰিয়া

হাম্ফুলিলা তেতিক্ষণে।

যেন দণ্ড ধৰি     যম ভৈল থিয়

প্ৰজা সংহাৰিবে মনে।।১৫৫৩।।

হেন দেখি সৱে    বাণ নৃপতিৰ

কটক গৈল কিটাই।

ধৰ মাৰ বুলি    খাণ্ডা লৈল তুলি

ধৰিবাক খেদি যাই।।

একেশ্বৰে বীৰে   কামৰ কুমাৰে

দুইহাতে পৰিঘা ধৰি।

কুকুৰগণক     প্ৰচণ্ড বৰাহে

যুজে যেন দান্ত তাড়ি।।১৫৫৪।।

সেহিমতে বীৰে     সৱাকে তাড়িলা

ঘোৰ পৰিঘাৰ বাৰি।

উৰু শিৰ বাহু   ভাগিলন্ত গ্ৰীবা

ওলাই পলাইল ঝৰি।।

আপোন সৈন্যক    মাৰিবাক দেখি

কোপে বাণ জ্বলি গৈল।

মহাবীৰ জানি    নাগপাশ হানি

কুমাৰকবান্ধি থৈল।।১৫৫৫।।

স্বামীৰ বন্ধন   শুনিয়া ক্ৰন্দন

কৰন্ত ঊষা সুন্দৰী।

ভৈলন্ত বিহ্বল     নয়নৰ জল

পৰে আতি সৰসৰি।।

তেজিল ভূষণ   দেৱাঙ্গ বসন

নুভুঞ্জন্ত অন্ন পান।

হা স্বামী বুলি   ফুঙ্কিত কান্দন্ত

শোকে দহে মৰ্ম্মস্থান।।১৫৫৬।।

কিনো কুলক্ষিণী    মঞি অভাগিনী

জীউ আৱে কোন লাজে।

স্বামীৰ বন্ধন    দুখ দেখি হেন

নমৰো কমন কাজে।।

ঊষাৰ সন্তাপ   কহিতে নপাৰি

স্বামীৰ অপাৰ বেথা।

আছোক এখন     শুনিয়োক যেন

ভৈল দ্বাৰকাৰ কথা।।১৫৫৭।।

কুমাৰক হৰি    আনিলে যৈসানি

চিত্ৰলেখী ময়াৱতী।

নেদেখি তাহাঙ্ক     সবন্ধু বান্ধৱে

সন্তাপ লভিল আতি।।

কোনে নিল হেন        নিৰ্ণয় নজানি

কাহাৰো সুখ নভৈল।

হা অনিৰুদ্ধ       বোলন্তে বাৰিষা

চাৰি মাস বহি গৈল।।১৫৫৮।।

পাছে নাৰদত      শুনিলেক বাৰ্ত্তা

চিত্ৰলেখী নিলে হৰি।

শোণিতপুৰত      বাণৰ নন্দিনী

আছে ঊষা বৰনাৰী।।

তেহে সমন্বিতে     অন্তেষপুৰত

বাণে দেখিলেক যাই।

সৈন্য বধিবাৰ     দেখি নাগপাশে

বান্ধি থৈলা সেহি ঠাই।।১৫৫৯।।

....................

 

।।যদুবীৰগণ সহ কৃষ্ণৰ শোণিতপুৰ গমন।।

 

এহি শুনি সৱে     ক্ৰোধে জ্বলি গৈল

যদুবংশ বীৰচয়।

কৃষ্ণেসে দেৱতা         ভৈলন্ত যাহাৰ

তাৰ কাছে কাক ভয়।।

কৃষ্ণ ৰাম কাম         শাম্ব যেন শাৰণ

সাত্যকি গদ প্ৰমুখ্যে।

শোণিতপুৰক      বাণক যুজিতে

চলি গৈলা জাকে জাকে।।১৫৬০।।

ৰাম মাধৱৰ      যত অনুচৰ

মহাবীৰগণ মানে।

নন্দ উপনন্দ      যদু আদি কৰি

চলিল যুদ্ধক মনে।

বাৰ অক্ষৌহিণী         সেনায়ে সহিতে

সাজি গজ বাজী ৰথে।

দশোদিশ জুৰি     বাণৰ নগৰী

বেঢ়িলন্ত জগন্নাথে।।১৫৬১।।

ভাঙ্গি সিংহদ্বাৰ     গড়ৰ প্ৰাকাৰ

উপবন কৰে ছন্ন।

দেখি ক্ৰোধে বাণ   তুল্য সেনা সাজি

বাজ ভৈলা তেতিক্ষণ।।

বাণৰ সপক্ষ      হুয়া মহেশ্বৰ

পুত্ৰ ভৃত্য সমন্বিত।

ৰাম মাধৱক      সাজিলা যুদ্ধক

ভকতৰ চিন্তি হিত।।১৫৬২।।

বৃষভত উঠি      বেগে দিলে ছুটি

ভুতগণে যাই বেঢ়ি।

পলাই যাই লাগ    ভৈলা সাতো আগ

সবান্ধৱে সাজি পাৰি।।

শুনা বুধজন      দেখা কেন ঠান

ভকতৰ স্নেহ আতি।

আপোন শৰীৰ     হৰিক যুজিতে

সাজি যায় পশুপতি।।১৫৬৩।।

এতেকে ভকতি     সমান শকতি

দেৱক ভূষিত নাই।

হেন জানি হৰি    চৰণে ভজিয়ো

ভকতি কৰি সদায়।।

যদি দুষ্টে নিন্দে    ভকতীয়া বুলি

কৰে নানা উপহাস।

তাত অসন্তোষ     নকৰিবা ৰোষ

সিটো হৈবে সৰ্ব্বনাশ।।১৫৬৪।।

ভকতক নিন্দি     কৃষ্ণক দূষিত

কৰে যিটো দুৰাচাৰ।

উপজি উপজি     পৰে নৰকৰত

নিস্তাৰ নাহিকে তাৰ।।

নামতে যাহাৰ     পুৰুষ উদ্ধাৰ

নিন্দে তান দাস বুলি

নিদিবাহা সাক্ষী    খাইলে দুয়ো অখি

সেহিসে জানিবা কলি।।১৫৬৫।।

নমো ৰমাকান্ত    অচ্যুত অনন্ত

কৰিয়ো মোক নিস্তাৰ।।

পাষণ্ড সঙ্গত      হৱে দোষ যত

ক্ষমিয়ো সৱে আহ্মাৰ।।

গৃহৃশ্ৰমে যাৱে      থাকে মানে তাৱে

পাপৰ নাহি বিৰাম।

অনন্ত কন্দলি      কহে কৃতাঞ্জলি

ডাকি বোলা ৰাম ৰাম।।১৫৬৬।।

.............

 

          ।।হৰি হৰৰ যুদ্ধ।।

                 ।।পদ।।

 

মিলিল তুমুল যুদ্ধ হৰি শঙ্কৰৰ।

দেখন্তে আশ্বৰ্য্য লোম শিহৰে গাৱৰ।।

প্ৰদ্যুম্নৰ কাৰ্ত্তিকৰে লাগিল সংগ্ৰাম।

কুভাণ্ডক কূপকৰ্ণ সমে হলিৰাম।।১৫৬৭।।

বাণ পুত্ৰ সমে শাম্ব জাম্বৱতী সুত।

বাণ সাত্যাকিয়ে যুদ্ধ ভৈলা বিপৰীত।।

দেৱৰ নায়ক যত ব্ৰহ্মা আদি কৰি।

যুদ্ধ চাহিবাক আসি ভৈলা চড়ি।।১৫৬৮।।

আনো যত সিদ্ধ মুনি গন্ধৰ্ব্ব চাৰণ।

অপেস্বৰা বিদ্যাধৰ যক্ষ ৰক্ষগণ।।

সবান্ধৱে মাধৱক যুজন্ত শঙ্কৰ।

অদ্ভুত দেখিয়া চাহি আছে সুৰাসুৰ।।১৫৬৯।।

শঙ্কৰৰ কটক বিকট আতিশয়।

ভূত প্ৰমথ প্ৰেত গুহ্যক দুৰ্জ্জয়।।

ডাকিনী যোগিনী যাতুধান বিনায়ক।

ভূত মাতৃ পিশাচ কুষ্মাণ্ড বেতালক।।১৫৭০।।

যশ ৰাক্ষস কতো যুজিবাক ধাৱে।

ধৰিয়া শাৰঙ্গ ৰঙ্গে ধাইলন্ত মাধৱে।।

ধনুক টঙ্কাৰি তীক্ষ্ণ মাৰি শৰজাল।

ছেদি ভেদি তেতিক্ষণে খেদাইলা সকল।।১৫৭১।।

সৈন্য পলাইবাৰ দেখি মনত আতুষ্টি।

পিণাক কৰ্ম্মুক হৰে ধৰি দৃঢ়মুষ্টি।।

দিব্য অস্ত্ৰ আছে যত ধৰি বাৰ বাৰ।

কৃষ্ণক লাগিয়া প্ৰহাৰিলা দৃঢ়তৰ।।১৫৭২।।

নভৈল বিস্ময় হৰি সাৰঙ্গ যে পাণি।

নিবাৰিলা সকল অস্ত্ৰক অস্ত্ৰে হানি।।

ব্ৰহ্ম অস্ত্ৰ ধৰি যেৱে প্ৰহাৰন্তে হৰে।

পুনু ব্ৰহ্ম অস্ত্ৰে নিবাৰিলা দামোদৰে।।১৫৭৩।।

বায়ু শৰ হানি হৰে মেলন্ত বতাস।

পৰ্ব্বত যে অস্ত্ৰে হৰি কৰন্ত নৈৰাশ।।

অগ্নিবাণ হানি হৰে জালন্ত অগণি।

মেঘশৰ জলে নিবাৰন্ত চক্ৰপাণি।।১৫৭৪।।

পাশুপাত অস্ত্ৰ যেৱে হানন্ত শঙ্কৰে।

নাৰায়ণ অস্ত্ৰে সংহাৰন্ত চক্ৰধৰে।।

এহিমতে যতেক হানিল শূলপাণি।

সৱে নিবাৰিলা হৰি নিজ অস্ত্ৰ হানি।।১৫৭৫।।

জৃম্ভন শৰক যেৱে হানিলা মুৰাৰি।

মোহ হুয়া শঙ্কৰ ৰহিল দান্ত তৰি।।

ঘনে ঘনে হামি উঠে ভেদিলেক শৰে।

লঠাপিঠা ভৈলা হৰ ঢলো পলো কৰে।।১৫৭৬।।

হৰক মোহিয়া হৰি গদা খড়্গ শৰে।

বাণৰ সেনাক তাড়িলন্ত নিৰন্তৰে।।

মাধৱৰ শৰে ফুটি গৈল মুখ আসি।

কতোহো মৰিল কতো পলাই প্ৰাণ ৰাখি।।১৫৭৭।।

প্ৰদ্যুম্নৰ শৰ চোটে কাৰ্ত্তিক কুমাৰ।

পীড়িল শৰীৰ থিৰ নোহে কলেৱৰ।।

সকল শৰীৰ ধাৰে তেজ বহি যায়।

ময়ূৰত ছুটি দিয়া গৈলেক পলাই।।১৫৭৮।।

বলোৰ মুষলে আতি ভেদিল শৰীৰ।

কূপকৰ্ণ কুভাণ্ড পৰিল দুয়ো বীৰ।।

নায়ক পৰিল দেখি যত সেনাগণ।

দশোদিশ পলাইল ছাড়িয়া ঘোৰ ৰণ।।১৫৭৯।।

ভাগিল আপোন সৈন্য দেখি ৰাজা বাণে।

সাত্যকিক এৰি মাধৱক ধাইলা ৰণে।।

হাজাৰেক বাহুক জঙ্কাৰি বীৰবৰে।

পাঞ্চশত ধনু আজুৰিয়া একেবাৰে।।১৫৮০।।

একো একো ধনুত দুৰিয়া দোধো বাণ।

মহা মদগৰ্ব্বে চাহে কৰিতে সন্ধান।।

হেন দেখি হৰি হাসি ধনু ধৰি ডাটি।

পঞ্চাশত শৰ তাৰ পেলাইলন্ত কাটি।।১৫৮১।।

একেবাৰে মাৰি ৰথ সাৰথি তুৰঙ্গ।

ৰঙ্গে নাৰায়ণে আতি ফুঙ্কিলন্ত শঙ্খ।।

ভূমিত পৰিলা বাণ হৰিল প্ৰভাৱ।

হেন দেখি সন্তাপিত ভৈল তাৰ মাৱ।।১৫৮২।।

নামত কোট্টাৰী তাই চিন্তিল মনত।

মাদৱৰ হাতে হেৰা পুত্ৰ হোৱে হত।।

পুত্ৰ প্ৰাণৰক্ষা কৰিবাক একমনে।।

পুত্ৰ স্নেহে লাজ কাজ এৰি তাৱক্ষণে।।১৫৮৩।।

ভৈলেক লাঙ্গট চুল মেলি আউল বাউল।

কৃষ্ণৰ আগত গৈয়া বহিল নিশ্চল।।

নগ্ননাৰী দেখি হৰি অধোমুখ হুয়া।

যুদ্ধ এৰি বহিলন্ত আন ভিতি চায়া।।১৫৮৪।।

সেহিবেলা ভয়ে বাণাসুৰে ছেগ পাই।

লৱড়িয়া নগৰত পশিলেক যাই।।

শঙ্কৰৰো ভুতগণ সকলে পলাইল।

কেৱলে ত্ৰিশিৰা জ্বৰে মাধৱক ধাইল।।১৫৮৫।।

অনন্তৰে নাৰায়ণে আছে তাক দেখি।

হানিল বৈষ্ণৱ জ্বৰ খানিকো নাপেক্ষি।।

দুয়ো জ্বৰে খেদি যাই দুয়ো দুইকো পাই।

কৰিল দুৰ্ঘোৰ ৰণ কহন নযায়।।১৫৮৬।।

বৈষ্ণৱ জ্বৰৰ বল আতি গুৰুত্বৰ।

মহেশ্বৰ জ্বৰক পীড়িল নিৰন্তৰ।।

জানিয়া ত্ৰিশিৰা বিষ্ণুজ্বৰে লৱে প্ৰাণ।

চিন্তিয়া নপাইলা সিটো অভয়ৰ স্থান।।১৫৮৭।।

কৃষ্ণত শৰণ লৈলা মহাভয় মনে।

কৃতাঞ্জলি কৰি তুতি বুলিলা বচনে।।

আপোনাত ভিন্ন হেন মাদৱক মানি।

কৃষ্ণত মাৰিতে আগে ধাইলকে আপুনি।।১৫৮৮।।

পাচে কৃষ্ণতেজে সন্তাপিত হুয়া আতি।

পৰম ঈশ্বৰ হেন জানি কৰে স্তুতি।।

ত্ৰিশিৰা বদতি কৃষ্ণ প্ৰণামো তোহ্মাক।

অনন্ত শকতি মহেশ্বৰ বুলি যাক।।১৫৮৯।।

সমস্তৰে জীৱন কেৱলে জ্ঞান ঘন।

জগতৰে সৃষ্টি স্থিতি সংহাৰ কাৰণ।।

যেহি ব্ৰহ্মা সেহি তুমি বেদেসে প্ৰমাণ।

সৰ্ব্বক্ৰিয়া ৰহিত কহিতো নাহি থান।।১৫৯০।।

সবিশেষ বস্তু যত আছে সংসাৰত।

আমি তাৰ প্ৰভু হেন মনোহো মনত।।

সৱাতে অভিন্ন তুমি দেৱ নিৰঞ্জন।

তোহ্মাত প্ৰভুত্ব কৰিবেক কোনজন।।১৫৯১।।

তুমিসে সৱাৰে প্ৰভু কৰো নমস্কাৰ।

শৰণে পশিলো প্ৰাণ ৰাখিয়ো আহ্মাৰ।।

তোমাত অপৰ ৰক্ষা স্থান নাহি আন।

ত্ৰাহি ত্ৰাহি মহাকৃষ্ণ কৰা পৰিত্ৰাণ।।১৫৯২।।

কাল কৰ্ম্ম দেৱ দ্বিজ আৰো সংস্কাৰ।

তন্মাত্ৰ প্ৰকৃতি সমে প্ৰাণ অহঙ্কাৰ।।

পঞ্চমহাভুত ইন্দ্ৰিগণ নিৰন্তৰ।

ইহাৰ সঙ্গতে যাক বুলি কলেৱৰ।।১৫৯৩।।

আৰ বীজ অঙ্কুৰে কৰ্ম্মেসে তাৰ তনু।

এহিমতে কৰ্ম্মে বীজ হৱে পুনু পুনু।।

এহি তযু মায়া অতি তুমিসে নিস্তাৰ।

পশিলো শৰণ দোষ ক্ষমিয়ো আহ্মাৰ।।১৫৯৪।।

যদি বোলা দৈৱকীৰ পুত্ৰ মঞি হৰি।

মোৰ হেন মহিমা হৈবেক কেন কৰি।।

নুহিকে কাহাৰো পুত্ৰ জানা সাৰে সাৰ।

ভূমিভাৰ সংহৰিতে ইটো অৱতাৰ।।১৫৯৫।।

বাৰে বাৰে লীলা কৰি নানা তনু ধৰি।

জগতৰ ধৰ্ম্মসেতু ৰাখা তুমি হৰি।।

হিংসায়ে প্ৰৱৰ্ত্ত্ যিটো দুষ্ট দৈত্য গণ।

তাক মাৰি ৰক্ষা কৰা দেৱ সাধুজন।।১৫৯৬।।

ভকতৰ কাৰ্য্যেসে তোহ্মাৰ অৱতাৰ।

নাম কৰ্ম্ম শুনি লোক তড়িবে সংসাৰ।।

নজানিসে তোহ্মাক আসিলো মঞি ধাই।

হেন জানি ৰক্ষা কৰিয়োক কৃপাময়।।১৫৯৭।।

তোহ্মাৰ আদেশ ইটো ঘোৰ শীত জ্বৰ।

ভৈলোহো তাপিত আতি কাম্পে কলেৱৰ।।

যদি মঞি সন্তাপি পৰম ক্ৰূৰ জন।

মোৰ তাপ হৈবেক উচিত নাৰায়ণ।।১৬৯৮।।

তথাপি তোহ্মাত প্ৰভু পশিলো শৰণ।

গুচায়োক তাপ বাপ কৰিয়ো ৰক্ষণ।।

তযু পাদপদ্মক নভজে লোকে যাৱে।

সংসাৰৰ মহাতাপ নেৰাৱয় তেৱে।।১৫৯৯।।

ধন জন আশা বাদে বন্দী যিটোজন।

তোহ্মাক নভজে তাৰ পাপ সৰ্ব্বক্ষণ।।

কিন্তু তযু সেৱাত প্ৰৱৰ্ত্তে যাৰ চিত।

তাৰ তাপ পাইবে প্ৰভু নুহিকে উচিত।।১৬০০।।

এহিমতে ত্ৰিশিৰা জ্বৰৰ স্তুতি শুনি।

হাসি কৃপাময় হৰি বুলিলন্ত বাণী।।

শুনৰে ত্ৰিশিৰা তোত ভৈলোহো সদয়।

মোহোৰ জ্বৰত তোৰ খণ্ডি যাওক ভয়।।১৬০১।।

কিন্তু তই মোৰ আজ্ঞা পালিবি সতত।

ভকতি কৰিয়া যিটো মোৰ চৰণত।।

যেই মোৰ সম্বাদক সদায়ে সুমৰে।

তোৰ তাত ভয় নুহিবেক মোৰ বৰে।।১৬০২।।

কৃষ্ণক প্ৰণামি জ্বৰে এহি হৌক বুলি।

কৃষ্ণ আজ্ঞা শিৰে ধৰি বেগে গৈলা চলি।।

অনন্তৰে বাণাসুৰে সাজি মহাৰথ।

কৃষ্ণক যুজিতে আসি ভৈলা উপগত।।১৬০৩।।

হাজাৰেক হাতে নানাবিধ অস্ত্ৰচয়।

ক্ৰোধে মাধৱক প্ৰহাৰিল দুৰাশয়।।

তীক্ষ্ণতৰ চক্ৰ হৰি মাৰে বাৰে বাৰে।

যত অস্ত্ৰ হানিলে ছেদিল নিৰন্তৰে।।১৬০৪।।

হাজাৰেক বাহু তাৰ দেখি জাতিষ্কাৰ।

তাক লাগি চক্ৰ হৰি কৰিলা প্ৰহাৰ।।

চাৰিখান ৰাখি তাক কাটিল নিডলি।

বৃক্ষৰ যেহেন ডাল পৰে সৰি সৰি।।১৬০৫।।

বাহু ছেদ ভৈল দেখি ডৰিল শঙ্কৰ।

বোলন্ত ভকত মোৰ যায় যমঘৰ।।

সঙ্কট বেলাত আক ৰাখিবাক লাগে।

এহি বুলি গৈল হৰ মাধৱৰ আগে।।১৬০৬।।

দুই বাহু মেলি যায় ভকতক ৰাখি।

মাধৱক স্তুতিবাক বুলিলন্ত ডাকি।।

ৰাখা ৰাখা প্ৰভু মোৰ ভকতৰ প্ৰাণ।

তুমিসে ঈশ্বৰ মোৰ গতি নাহি আন।।১৬০৭।।

নজানি তোহ্মাক ইটো যুজে মন্দ কৰ্ম্ম।

বেদত গুপুত তুমি যাতো পূৰ্ণব্ৰহ্ম।।

নিৰ্ম্মল ভকতি যাতে দেখয় প্ৰকাশ।

সদানন্দ শুদ্ধ তুমি যেহেন আকাশ।।১৬০৮।।

আছোক জানিবে তযু নিৰ্গুণৰ গতি।

বিৰাট ৰূপৰ তযু নজানয় স্থিতি।।

ডম্বৰু ফলৰ ভিতৰৰ মশগণে।

ডম্বৰু ফলক সিটো নজানয় যেন।।১৬০৯।।

গগনেসে নাভি যাৰ মুখ হুতাশন।

জলেসে ৰেতস শিৰ ব্ৰহ্মৰ ভূৱন।।

দশোদিশ কৰ্ণ যাৰ পৃথিৱী চৰণ।

চন্দ্ৰসে যাহাৰ মন সূৰ্য্যে নিৰীক্ষণ।।১৬১০।।

আতমা তোহ্মাৰ মঞি সাগৰ জঠৰ।

বাহু যাৰ ইন্দ্ৰ আদি দেৱ নিৰন্তৰ।।

সোম ঔষধিগণ মেঘে যাৰ কেশ।

বুদ্ধি ব্ৰহ্মা প্ৰজাপতি উপস্থ বিশেষ।।১৬১১।।

অধৰ্ম্মেসে পৃষ্ঠি যাৰ ধৰ্ম্মেসে হৃদয়।

হেনয় পুৰুষ তুমি ত্ৰিভুৱনময়।।

যদি বোলা মোৰ সাত বিতস্থি প্ৰমাণ।

এহি শৰীৰৰ কি মহিমা হেন ঠান।।১৬১২।।

ভকত কল্যাণ হেতু ধৰ্ম্মক ৰাখিত।

ধৰি আছা ইটো তনু কৰিয়া বিদিত।।

হেন পূৰ্ণ ৰূপ তযু নজানি প্ৰমাণ।

তুমিসে আহ্মাক প্ৰতিপালা সৰ্ব্বক্ষণ।।১৬১৩।।

তোহ্মাৰেসে তেজে ইটো সপত ভুৱন।

স্ৰজো পালো আমিয়ো কৰোহা সংহৰণ।।

যতেক দেৱতা আমি সৱে তযু দাস।

তুমিসে পুৰুষোত্তম বৱাৰো নিৱাস।।১৬১৪।।

যদি বোলা জগত পালক তুমি সৱে।

পালিবাক লাগিয়া জগত আছা যেৱে।।

ব্ৰহ্ম বুলি স্তুতি কেন কৰিলা পূৰ্ব্বতে।

স্বজাতি বিজাতি মোত ভেদ কেনমতে।।১৬১৫।।

নাহি ভেদ প্ৰভু তমি সদানন্দ এক।

প্ৰকৃতিৰ আদ্য যাতো পুৰুষ প্ৰত্যেক।।

তোহ্মাৰ সদৃশ নাহি পুৰুষ অপৰ।

শুদ্ধ সুপ্ৰকাশ হেতু অহেতু ঈশ্বৰ।।১৬১৬।।

তথাপি আপোন গুণ প্ৰসিদ্ধিক প্ৰতি।

মায়ায়ে দেখাৱে যেন অনেক বিকৃতি।।

যেৱে মঞি হেন কেন বোলয় সংহাৰী।

নুহি নুহি প্ৰভু তুমি সৰ্ব্বসাক্ষী হৰি।।১৬১৭।।

যেন মেঘ ছায়া ঢাকি থাকে দিৱাকৰ।

ছায়াকো প্ৰকাশি প্ৰকাশয় চৰাচৰ।।

সেহিমতে তোহ্মাক নেদেখে অহঙ্কাৰে।

গুণক প্ৰকাশি জীৱচয় নিৰন্তৰে।।১৬১৮।।

মায়াৰ আশ্ৰয় তুমি সমস্ত মোহন।

কেনমতে আছে তযু সংসাৰ বন্ধন।।

তোহ্মাৰ মায়ায়ে বিমোহিত বুদ্ধি হুয়া।

মৰে মোৰ গৃহ পুত্ৰ কলত্ৰ বুলিয়া।।১৬১৯।।

ধন জন সুখ বুলি চিন্তয় সতত।

তল যায় ওপঙ্গয় ঘোৰ সংসাৰত।।

ব্ৰহ্মপদ পায়া আহি স্থাৱৰ হোৱয়।

কি কহিবো তোহ্মাৰ মায়াৰ বিপৰ্য্যয়।।১৬২০।।

এহিমতে জীৱেশ্বৰে অৱস্থা বৰ্ণাই।

দেখাইলা সংসাৰে হৰি বিনে বস্তু নাই।।

হেন ঈশ্বৰক নভজয় যিটো নৰে।

তাঙ্ক নিন্দি স্তুতি বাণী বুলিলা শঙ্কৰে।।১৬২১।।

শুনা নৰ নাৰী ইটো মহাভাগৱত।

শিৱৰ ভকতি কেনে দেখিয়ো কৃষ্ণত।।

মহন্তেসে জানে মহা মহন্তৰ মান।

দুষ্ট দুৰ্ম্মুখেসে নিন্দে নুবুজি প্ৰমাণ।।১৬২২।।

কৃষ্ণেসে পৰম ইষ্ট দেৱ জগতৰ।

ব্ৰহ্মা মহেশ্বৰো দেখা যাহাৰ কিঙ্কৰ।।

ধন জন গৰ্ব্বত বৰ্ব্বৰ কিনো জন।

হেন কথা শুনি তভো নোপজে চেতন।।১৬২৩।।

কৈৰ ধন জন মৰে তাহাৰ জঞ্জালে।

তেতিক্ষণে ঘণ্টা লাড়ি নিবে পৰকালে।।

মাধৱৰ চৰণ নধৰে আঙ্কোৱালি।

বুৰে অনুনাৱ গিলিল আসে পাপকলি।।১৬২৪।।

যেৱে জানা সাধু জন তড়িবা সম্প্ৰতি।

দৃঢ় কৰি ধৰা হৰিচৰণ ভকতি।।

কৃষ্ণৰ কিঙ্কৰে কহে অনন্ত কন্দলি।

ছাড়া পাপ ৰাম ৰাম বোলা গল মেলি।।১৬২৫।।

....................

 

।।হৰিৰ প্ৰতি হৰৰ প্ৰণতি।।

।।দুলড়ী।।

 

বদতি শঙ্কৰ      তুমিসে ঈশ্বৰ

দিলা যিটো নৰকায়।

আক পাই যিটো    সদায়ে নভজে

তোহ্মাৰ এ দুই পায়।।

আপোনাক সিটো    বঞ্ছিলেক পাপী

শোক কৰো তাকে লাগি।

গৈল অধোগতি    তোহ্মাৰ ভকতি

তেজিয়া সিটো অভাগী।।১৬২৬।।

তুমিসে ঈশ্বৰ   আত্মা প্ৰিয়তৰ

তোহ্মাক তেজে যিজনে।

মিচা ধন জন    সুখৰ কাৰণ

আনক ভজে যতনে।।

যেন মূঢ় জনে    অমৃতক তেজি

যাচি মৰে বিষ খাই।

হৰি হৰি সিটো    সেহি নয় ভৈল

আত্মঘাতী সমুদায়।।১৬২৭।।

সকল প্ৰকাৰে   মঞি তযু দাস

তুমিসে প্ৰভু ঈশ্বৰ।

তোহ্মাকেসে চিন্তো    তযু নাম বিনে

নাজানো ধৰ্ম্ম অপৰ।।

ব্ৰহ্মাও সদায়    তোহ্মাৰেসে দাস

নজানন্ত দেৱ আন।

তোহ্মাকেসে যজে    শুদ্ধ মন যিটো

দেৱতা মুনি প্ৰধান।।১৬২৮।।

ভজনীয়া দেৱ   তুমিসে শাশ্বত

জানিয়া কৰো প্ৰণতি।

সৰ্ব্বক্ষণে মোৰ     তোহ্মাৰ চৰণে

বাঢ়োক প্ৰেম ভকতি।।

তোহ্মাৰ সদৃশ     নাহিকে পুৰুষ

ভজিবাক একোজন।

দুস্তৰ সংসাৰ    তড়িতে এতেকে

ভজোহো তযু চৰণ।।১৬২৯।।

ইটো বাণাসুৰ     মোৰ অনুচৰ

প্ৰিয়তৰ আতিশয়।

ইহাক অভয়    দিয়া আছো মঞি

জানিয়োক কৃপাময়।।

হেন জানি আক    প্ৰাণে নমাৰিয়ো

কৰিয়ো মোক সদয়।

দিলাহা প্ৰসাদ    প্ৰহ্লাদক যেন

আকো দিয়া সেহি নয়।।১৬৩০।।

শিৱৰ বচন    শুনি নাৰায়ণ

বুলিলা মধুৰ বাণী।

তযু মন প্ৰীতি    সাধিবো সম্প্ৰতি

বুলিলা যেন আপুনি।।

শুনিয়ো শঙ্কৰ    তোহ্মাৰ কিঙ্কৰ

জানিলো ইটো বিদিত।

ভকতৰ অৰ্থে    যতেক বুলিলা

সকলে সাধু উচিত।।১৬৩১।।

মোহোৰ অবধ্য    ইটো বাণাসুৰ

বলিৰ জাত নন্দন।

প্ৰহ্লাদক বৰ     দিয়া আছো তযু

নকৰিবো বংশ ছন্ন।।

তোহ্মাৰ বচন     সৱাতো অধিক

এতেকে প্ৰাণ ৰাখিলো।

প্ৰতাপক চূৰ    কৰিবাক প্ৰতি

অনেক বাহু ছেদিলো।।১৬৩২।।

বহুতৰ সৈন্য   বধিলো ইহাৰ

পৃথিৱীৰ যাতো ভাৰ।

তোহ্মাৰ কৃপায়ে    চাৰিখান হস্ত

থাকোক আৱে ইহাৰ।।

অজৰ অমৰ    হৌক বাণাসুৰ

দিলো আৰো মঞি বৰ।

মুখ্য পাৰিষদ    হউক তোহ্মাৰ

কহিতো নহৌক ডৰ।।১৬৩৩।।

হেনয় অভয়     বৰক লভিয়া

বাণাসুৰ মহাবীৰ।

দণ্ডৱতে পৰি   কৃষ্ণক নমিল

পৃথিৱীত দিয়া শিৰ।।

পাচে অনিৰুদ্ধ   কুমাৰক আনি

ঊষা সতী সমন্বিতে।

দিব্য ৰথে তুলি    কৃষ্ণৰ আগত

দিলা আনি সালঙ্কৃতে।।১৬৩৪।।

জীউৰ লগত   অনেক যৌতুক

দিলা মনোৰথ পূৰি।

শঙ্কৰৰ প্ৰীতি    সাধি যদুপতি

চলি গৈলা যাত্ৰা কৰি।।

অসংখ্যাত সৈন্য    দশোদিশ জুৰি

বৰ কন্যা আগ কৰি।।

অনেক মঙ্গলে   মহা কৌতূহলে

পাইল যাই নিজ পুৰী।।১৬২৫।।

সিটো ৰাজধানী    ত্ৰৈলোক্য মোহিনী

কৃষ্ণৰ দ্বাৰকাপুৰী।

কদলী তোৰণ   ধ্বজ সুশোভন

পুতি আছে শাৰী শাৰী।।

ৰাজপথ যত চোতাল পদূলি

ভূষিত আতি বিশেষ।

কৃষ্ণ আইল শুনি    সকল নগৰী

মিলিল ৰঙ্গ অশেষ।।১৬৩৬।।

ব্ৰাহ্মণ সজ্জন    বন্ধুগণ যাই

আনিলন্ত আগবাঢ়ি।

অসংখ্য দুন্দুভি    বাৱে ঢাক ঢোল

গাৱা সুমঙ্গল ৰড়ি।।

সবন্ধু বান্ধৱে    শিৱক জিনিয়া

নাতিক আনিলা হৰি।

কৃষ্ণক অনেক     প্ৰশংসা কৰয়

নিৰন্তৰে নৰনাৰী।।১৬৩৭।।

পৰম সুন্দৰী    ঊষাক দেখিয়া

সৱাৰো আতি হৰিষ।

সকল নগৰী      জয় কৃষ্ণ ধ্বনি

শুনি মাত্ৰ দশোদিশ।।

শঙ্কৰে সহিতে    যুদ্ধ বিপৰীত

কৃষ্ণৰ যেন বিজয়।

প্ৰভাতে উঠিয়া    ভকতি কৰিয়া

আক যিটো সুমৰয়।।১৬৩৮।।

কৃষ্ণ সুপ্ৰসন্নে   তাৰো একো থানে

নুহিবেক পৰাজয়।

হৰি সুমৰণ    মুকুতি কাৰণ

সমস্তে সুখ মিলয়।।

শুনা নৰনাৰী    এক চিত্ত কৰি

ভাগৱত কথা সাৰ।

লাম্ভা নাহি আত    অমৃত সাক্ষাত

ইসে মুকুতিৰ দ্বাৰ।।১৬৩৯।।

তথাপি ইহাত    মতি নাহি যাৰ

সি সি জন যমদূত।

শিৱৰ উত্তৰ   আপুনি শুনিলা

কহিবো কিবা বহুত।।

অমৃতক তেজে    বিষয়ক ভুঞ্জে

ইঠাইতে দেখি তাক।

জানি তাক তেজি   হৰিপদে ভজি

ঘনে ছাড়া হৰি ডাক।।১৬৪০।।

.................

 

     ।।নৃগ ৰজাৰ কাহিনী।।

             ।।পদ।।

 

ব্যাসসুত বদতি শুনিয়ো পৰীক্ষিত।

কহিবো তোহ্মাত আৰো কৃষ্ণৰ চৰিত।।

একদিনা যদুবংশ কুমাৰসকলে।

উপবনে ক্ৰীড়িবাক গৈলা কৌতুহলে।।১৬৪১।।

শাম্ব কাম চাৰু ভানু গদক প্ৰমুখ্যে।

নানা ক্ৰীড়া কৰি সৱে ফুৰন্ত উৎসুকে।।

বহুতৰ ক্ৰীড়া কৰি আছে সেহি ঠাই।

তৃষ্ণায়ে পীড়িল সৱে ফুৰে জল চাই।।১৬৪২।।

কূপ এক পাইল তাত চাৱে জল নাই।

পৰি আছে জন্তু এক অদভুত কায়।।

দেখিয়া বিস্ময়ে সৱে চাপিলেক পাশ।

দেখৈ ঘোৰ কৃকলাশ পৰ্ব্বত সঙ্কাশ।।১৬৪৩।।

দুখ দেখি তাক উদ্ধাৰিতে ভৈলা দায়া।

কৰিলেক যত্ন সৱে একসাজু হুয়া।।

চৰ্ম্মময় তন্তুপাশে বান্ধি বীৰগণে।

আজুৰি আজুৰি তাক টানিল সন্ধানে।।১৬৪৪।।

তভো তাক যতনে তুলিবে নপাৰিল।

যাই পাচে উৎসুকে কৃষ্ণক জান দিল।।

তাৰ কথা শুনি হাসি কমলনয়নে।

সেহি থানে যাই পাচে চাহিল আপুনে।।১৬৪৫।।

বামহাতে লীলায়ে তুলিলা বনমালী।

প্ৰশংসিল বীৰগণে জয় কৃষ্ণ বুলি।।

সিটো কৃষ্ণ কৰপঙ্কজৰ পৰশনে।

কৃকলাশ স্বৰূপক তেজি তেতিক্ষণে।।১৬৪৬।।

ভৈল দিব্য ৰূপ তপ্ত সুৱৰ্ণৰ কান্তি।

অদভুত জ্বলে দিব্য অলকাৰ পান্তি।।

দিব্য পুষ্পমালা জ্বলে চাৰু কলেৱৰ।

দেখি তাক আপুনি পুছন্ত দামোদৰ।।১৬৪৭।।

যদ্যপি আপুনি তাক জানে নাৰায়ণ।

তথাপি লোতক ভাল জনাইল কাৰণ।।

বদতি মুকুন্দ তুমি কোন মহাজন।

দেৱতো উত্তম তুমি লৱৈ মোৰ মন।।১৬৪৮।।

কৃকলাশ ৰূপে অন্ধকূপে আছা পৰি।

কোন কৰ্ম্মফল ভুঞ্জা লক্ষিতে নপাৰি।।

ৰূপ চান্তে তযু নুযুৱাই মন্দমতি।

কহিয়ো আহ্মাত যেৱে জানাহা সম্প্ৰতি।।১৬৪৯।।

শুক নিগদতি পৰীক্ষিত শান্তমতি।

এহিমতে কৃষ্ণে যেৱে পুছিলা মিনতি।।

সূৰ্য্যবৰ্ণ কিৰীটিয়ে নমি কৃষ্ণপাৱে।

কৃতাঞ্জলি কৰি ৰাজা বুলিলা বিনয়ে।।১৬৫০।।

নৃগ নামে ৰাজা মঞি ঈক্ষ্বাকু তনয়।

দানী জন প্ৰশংসন্তে মোক বখানয়।।

প্ৰভু তযু কৰ্ণপথে নতু যাঞো যেৱে।

অসংশয় কাৰ্য্যতে সংশয় হোৱে তেৱে।।১৬৫১।।

যদি বেদ প্ৰমাণ হোৱয় যেনমত।

মোৰ কথা সেহিমত তোহ্মাৰ আগত।।

কিন্তু কিঞ্চিতেক নাহি তযু অবিদিত।

সমস্তে ভুতৰ প্ৰভু জানা তুমি চিত্ত।।১৬৫২।।

কালেও যাহাৰ জ্ঞান নপাৰে চালিত।

তোহ্মাৰ আজ্ঞায়ে তভো কহিবো নিশ্চিত।।

শুনিয়োক প্ৰভু মোৰ দানৰ কাহিনী।

যিহেতু মিলিল মোৰ এদূৰ বিঘিনি।।১৬৫৩।।

পৃথিৱীৰ ধূলা যত আকাশৰ তাৰা।

আউৰ যে যতেক বৃষ্টিৰ জলধাৰা।।

এহি সংখ্যা হুই যত দিলোহো গোদান।

শুনিয়োক প্ৰভু মোৰ গৰু যেন ঠান।।১৬৫৪।।

সৱে নৱসূতা সুৱৎসা পয়স্বিনী।

ৰূপে গুণে অনিন্দিতা সমস্তে তৰুণী।।

চম্ফল কপিলা দেখি ভৈল মহাৰঙ্গ।

ৰজতৰ খুড়াচয় সুৱৰ্ণৰ শৃঙ্গ।।১৬৫৫।।

ন্যায়ে আৰ্জ্জিলো সৱ নানিলোহো বলে।

বস্ত্ৰমানে অলঙ্কাৰে কৰি সুমঙ্গলে।।

দিলো যেন ব্ৰাহ্মণক কৰি বেদবাক।

তোহ্মাৰ চৰণে প্ৰভু শুনাঞো তাহাক।।১৬৫৬।।

পুত্ৰ কলত্ৰ আছে যিসৱ বিপ্ৰৰ।

ধনে আতি অঢ্য নোহো বিষ্ণুতত্ত্বপৰ।।

ব্ৰাহ্মণৰ গুণ যত আছয় সকলে।

শব্দব্ৰহ্ম পৰব্ৰহ্ম দুইতো কুশলে।।১৬৫৭।।

বয়সতো যুৱা সৱে নাহি দুষ্টাচাৰ।

পঢ়ন্ত পঢ়ান্ত তত্ত্ব কৰিয়া বিচাৰ।।

হেন দ্বিজশ্ৰেষ্ঠ সৱে কৰি সুসম্ভৃত।

দিলো দান তাসম্বাক কৰি অলঙ্কৃত।।১৬৫৮।।

গো ভূমি সুৱৰ্ণ আৰো বিপুল মন্দিৰ।

হয় হস্তী কন্যা দাসী সহিতে ৰুচিৰ।।

তিল ৰৌপ্য শয্যা নানা বস্ত্ৰ নানা ৰত্ন।

নানা পৰিচ্ছদ জাৰি খুড়ি বড় ৰথ।।১৬৫৯।।

পুষ্কৰিণী আৰাম মণ্ডপে গো প্ৰচাৰ।

আনো যজ্ঞ যাগচয় কৰিলো অপাৰ।।

হেনমতে আছো কৃষ্ণ কৰি তযু বাক।

শুনা যেনমতে আসি মিলিল বিপাক।।১৬৬০।।

এক মুখ্য ব্ৰাহ্মণক দিলো ধেনুদান।

তান গৃহ ছাড়িয়া আসিল মোৰ ঠান।।

নজানিয়া আন ব্ৰাহ্মণক দিলো দান।

ধেনু লৈয়া ব্ৰাহ্মণ চলন্ত নিজস্থান।।১৬৬১।।

পূৰ্ব্বৰ ব্ৰাহ্মণে আসি তাঙ্ক লাগ পাই।

বোলে মোৰ ধেনু তঞি নেস কোন ঠাই।।

প্ৰতিগ্ৰাহী দ্বিজে বোলে দেখ বিদ্যামান।

ইটো মোৰ ধেনু নৃগৰাজা দিলে দান।।১৬৬২ষষ

পূৰ্ব্বস্বামী বোলে নৃগে আগে দিলে মোক।

মোৰ ধেনু মিছা বোল কেনে দিবো তোক।।

আপোন অৰ্থক সাধি দুয়ো মোৰ বুলি।

কন্দল কৰন্তে মোৰ পাশে গৈল চলি।।১৬৬৩।।

ক্ৰোধ কৰি খঙ্গে দুয়ো বোলন্ত আথাক।

প্ৰতিগ্ৰাহী বোলে ৰাজা দিলাহা আহ্মাক।।

ইটো ধেনু নেঞো আৱে বাধে কি কাৰণে।

পূৰ্ব্বস্বামী বোলে কাঢ়ি লোৱা কোন গুণে।।১৬৬৪।।

দিয়া কাঢ়ি লোৱা হেন শুনিয়া বচন।

ভৈলোহো ব্যাকুল মঞি শুনা নাৰায়ণ।।

দুয়ো ব্ৰাহ্মণৰ পাচে চৰণত পৰি।

বুলিলো কাকূতি স্তুতি বাণী হেন কৰি।।১৬৬৫।।

এগুটিক একজনে এৰিয়ো আক্ৰোশ।

ধৰ্ম্ম সঙ্কটত মোৰ মৰষিয়ো দোষ।।

এক লক্ষ ধেনু দেঞো ভাল বাছি নিয়া।

পূৰ্ব্বে যাক দিলো আঙ্ক তাঙ্ক এৰি দিয়া।।১৬৬৬।।

এহি দায়া মোক কৰিয়োক দুয়োজনে।

অজ্ঞান দোষক মোৰ মৰিষিয়ো মনে।।

নৰকত পৰো হেৰা নাহিকে নিস্তাৰ।

জানিয়া দুখত হন্তে কৰিয়ো উদ্ধাৰ।।১৬৬৭।।

হেন শুনি পূৰ্ব্ববিপ্ৰ দিলা সমিধান।

নলৈবো নলৈবো আউৰ নৃপতিৰ দান।।

আগে দিয়া লৱে কিনো নৃপতি বৰ্ব্বৰ।

এহি বুলি ধেনু এৰি গৈলা নিজঘৰ।।১৬৬৮।।

আউৰ বিপ্ৰে বোলে একলক্ষ আনা তুমি।

আৰো অযুতেক ধেনু পাঞো যেৱে আমি।।

তভো তাক নিনিবোহো এহি গুটি ছাড়ি।

এহি বুলি ধেনু লৈয়া তেহো গৈলা লড়ি।।১৬৬৯।।

আগে মোৰ কিঞ্চিতেকো পাতক নাচিল।

তাত মোক যমদূতে নিবে নপাৰিল।।

ব্ৰহ্মস্ব পাতক মোত ভৈল আতপৰে।

জানি যমদূতে মোক নিল যমঘৰে।।১৬৭০।।

শুনা প্ৰভুদেৱ দেৱ জগতৰ পতি।

যমে মোক দখি পাচে বুলিল মিনতি।।

দানৰ ধৰ্ম্মৰ তযু উত্তম স্বৰ্গৰ।

নেদেখোহো অন্ত তভো শুনা নৰেশ্বৰ।।১৬৭১।।

ব্ৰহ্মস্ব পাতক কিছু আছয় তোহ্মাত।

তাক কিবা আগে ভুঞ্জিবাহা যাতনাত।।

নুহি কিবা শুভফল ভুঞ্জিবা নৃপতি।

হেন গুণি প্ৰভু মঞি বুলিলো কাকূতি।।১৬৭২।।

অল্পপাপ বাপ মঞি ভুঞ্জিবো প্ৰথমে।

পৰিয়োক যাই পাচে বুলিললন্ত যমে।।

আসি এহি অন্ধকূপে পৰো যেহিক্ষণে।

কৃকলাশ শৰীৰক দেখিলো তেখনে।।১৬৭৩।।

প্ৰভু মঞি ব্ৰাহ্মণ্য তোহ্মাৰ পদ দাস।

অদ্যাপিয়ো জ্ঞান মোৰ নতুন হোৱে নাশ।।

কেতিয়া সাক্ষাত পাইবো তযু দৰশন।

আকে চিন্তি আছো কিনো ভৈলা সুপ্ৰসন্ন।।১৬৭৪।।

আক যোগেশবৰগণে আপুনি হিয়াত।

বেদদৃষ্টি পাৱে চিন্তি নপাৱ সাক্ষাত।।

সেই পৰমাত্মা তুমি পৰম ঈশ্বৰ।

কেনমতে ভৈল মোৰ চক্ষুৰ গোচৰ।।১৬৭৫।।

অনেক যাতনা দুখ ভৈল হত বুদ্ধি।

তযু দৰশনে প্ৰভু ভৈল সৰ্ব্বসিদ্ধি।।

তুমি যাৰ দৃশ্য তাৰ গুচিবে সংসাৰ।

এতেকে আশ্বৰ্য্য দৃশ্য ভৈলাহা আহ্মাৰ।।১৬৭৬।।

এতেকে বোলন্তে আতি বাঢ়িল ভকতি।

বহু সম্বোধনে ৰাজা খোজো অনুমতি।।

দেৱৰো দেৱতা জগন্নাথ নাৰায়ণ।

গোৱিন্দ পুৰুষোত্তম বিমল কীৰ্ত্তন।।১৬৭৭।।

অচ্যুত অনন্ত সদানন্দ হৃষীকেশ।

তোহ্মাৰ কিঙ্কৰ মোক কৰিয়ো আদেশ।।

যাঞো দেৱলোকে মঞি সাধো একবাৰ।

যথা তথা থাকো মঞি তোহ্মাৰ কিঙ্কৰ।।১৬৭৮।।

মোহোৰ চিত্তৰ হৌক তযু পদে থান।

তুমি বিনা কদাচিত নিচিন্তোক আন।।

নমো সৰ্ব্ব নমো আত্মা অনন্ত শকতি।

নমো কৃষ্ণ বাসুদেৱ নমো যদুপতি।।১৬৭৯।।

এহি বুলি প্ৰদক্ষিণ কৰিয়া কৃষ্ণক।

নিজশিৰে পৰশিয়া চৰণপদ্মক।।

প্ৰণামি অনুজ্ঞা লইয়া চড়ি দিব্য ৰথে।

চাহি আছে সৱে চলি গৈলা স্বৰ্গপথে।।১৬৮০।।

সেহি বেলা কৃষ্ণ প্ৰভু দৈৱকী নন্দন।

আপোন জনক মাতি বুলিলা বচন।।

ব্ৰাহ্মণ পালক ধৰ্ম্মময় ভগৱন্ত।

ক্ষতিৰ্য় প্ৰমুখ্যে সমস্তক শিক্ষা দেন্ত।।১৬৮১।।

দেখা কেনে ব্ৰহ্মস্বৰ অল্পৰে মহত।

অগনিৰ অল্পে যেন বিনাশে জগত।।

নৃগ হেন ৰাজা নোৱাৰিলে জানিবাক।

অজ্ঞানী ৰাজাৰ কিবা কহিবো কথাক।।১৬৮২।।

অল্প পাপ ভুঞ্জি ইটো মহা বিপৰীত।

জানিয়া ব্ৰহ্মস্ব নুভুঞ্জিবা কদাচিত।।

আপোনাকে ঈশ্বৰ মানয় যিটো জনে।

আক ভুঞ্জি সিটো ৰাজা জানিবে কেমনে।।১৬৮৩।।

হলাহল বিষক নমানে বিষ কৰি।

যাহাক ভুঞ্জিলে পুনু জানিবাক পাৰি।।

ব্ৰহ্মস্বেসে বিষ কৰি মানো সমুদায়।

যাক জানিবাক লাগি একো বুদ্ধি নাই।।১৬৮৪।।

বিষয়ো অগ্নিতো কৰি ব্ৰহ্মস্বসে টান।

খাই যিটো বিষয় তাৰ মাত্ৰ লৱে প্ৰাণ।।

অগনিয়ো সাম্য হৱে যেৱে পাৱে পানী।

সমূলে কুলক দহে ব্ৰহ্মস্ব অগনি।।১৬৮৫।।

আপোন সহিতে পুত্ৰ নাতি তিনি জন।

অজ্ঞান ব্ৰহ্মস্বে অচিৰতে কৰে ছন্ন।।

বলে কাঢ়ি আনি যিটো ভুঞ্জয় ব্ৰহ্মস্ব।

পূৰ্ব্বে দশ পুৰুষ পাচৰো আৰো দশ।।১৬৮৬।।

ৰাজাসৱে ৰাজ্যলক্ষ্মী সুখৰ গৰ্ব্বত।

আপোন পৰক কেহো নেদেখে মনত।।

নৰকত বসিবাক বাঞ্ছে যাৰ মনে।

ব্ৰহ্মস্বক সাধু মানে সেহি মূৰ্খজনে।।১৬৮৭।।

পণ্ডিত ব্ৰাহ্মণ যাৰ বহু পৰিয়াৰ।

যিটো বৃত্তিছেদ খেদ দেয় তাসম্বাৰ।।

কান্দন্ত ব্ৰাহ্মণ হুই আতি বিয়াকুলি।

নেত্ৰৰ লোতকে তিতে যত গুটি ধূলি।।১৬৮৮।।

ততেক বছৰ মানে কুম্ভীপাকে পৰি।

পচিবেক কেহো তাক তুলিবে নপাৰি।।

নিৰঙ্কুশ ৰাজা ৰাজবংসী আছে যত।

বিপ্ৰধন হৰি সৱে পৰে নৰকত।।১৬৮৯।।

আপুনি দিলেক নুহি দিয়া আছে পৰে।

বিপ্ৰৰ জীৱিকা যেৱে হৰে যিটো নৰে।।

জানি নিষ্টে সিটো ষাঠি হাজাৰ বছৰ।

বিষ্ঠাৰেসে পলু হুয়া পচে নিৰন্তৰ।।১৬৯০।।

বিপ্ৰধন কদাচিতো মোৰ নুহিয়োক।

যাক ভুঞ্জি অল্পআয়ু হোৱো ৰাজালোক।।

নিজৰাজ্য হৰুৱাই হাৰিয়া শত্ৰুত।

নৰকত পৰি দুখ ভুঞ্জে অদভুত।।১৬৯১।।

যদি মহা অপৰাধ কৰয় ব্ৰাহ্মণে।

তভো কিছু নুবুলিবা মোহোৰ বচনে।।

মাৰন্ত ভৰ্ৎসন্ত যদি কৰি অহঙ্কাৰ।

তভো নিতে বিপ্ৰক কৰিবা নমস্কাৰ।।১৬৯২।।

যিমতে বিপ্ৰক মঞি নমো প্ৰতিনিতে।

তুমিসৱো প্ৰণাম কৰিবা সেহিমতে।।

মোহোৰ বছন নমানয় যিটো জনে।

মোহোৰ দ্ৰোহিয়া তাক দণ্ডিবে আপুনে।।১৬৯৩।।

জানো বোলা ভয় মাত্ৰ জনাৱ্ন্ত হৰি।

শুনা পুত্ৰগণ মঞি কহো নিষ্ঠ কৰি।।

ব্ৰাহ্মণৰ অৰ্থ জানা হৰন্তা জনক।

অজ্ঞানত নিষ্ঠে পেলাৱয় নৰকত।।১৬৯৪।।

দেখিয়ো নৃগৰ অজ্ঞানৰ যেনমত।

ব্ৰাহ্মণৰ ধেনুৱে পেলাইলে নৰকত।।

হেন জানি কেহো নহৰিবা বিপ্ৰধন।

মোৰ জন হোৱা যেৱে পালিবা বচন।।১৬৯৫।।

শুনা নৰ নাৰী কেনে পূণ্যৰ বিপাক।

নৃগ হেন ৰাজায়ো ভুঞ্জিলা যাতনাক।।

পাপ কৰি সাৰিবেক আন কোন জনে।

যাৱে নভজয় নিষ্ঠে কৃষ্ণৰ চৰণে।।১৬৯৬।।

কৰোক সকলে ক্লেশ তপ আছে মানে।

পৰোক পৰ্ব্বতে চঢ়ি মহাপূণ্যবামে।।

যত তীৰ্থ আছে মানে ফুৰোক পৰ্য্যাটি।

যতেক আগম মানে পঢ়োক প্ৰকটি।।১৬৯৭।।

পূজোক সকলে যজ্ঞ যজিয়া দেৱক।

বেদক বিচাৰি মানে জানোক জ্ঞানক।।

তভো মৃত্যু তড়িবেক হৰি বিনে কোনি।

একচিত্তে কৃষ্ণক ভজিয়ো হেন জানি।।১৬৯৮।।

কৃষ্ণৰ চৰণে কহে অনন্ত কন্দলি।

কৃষ্ণ বিনে ইষ্ট জন নাহিকে সমূহলি।।

পৰম আনন্দ মুকুন্দৰ যাৰ কাম।

শুনা তান কথা নিৰন্তৰে বোলা ৰাম।।১৬৯৯।।

..................

।।বলভদ্ৰৰ গোকুল আগমন।।

।।ছবি।।

 

শুক মুনি নিগদতি       পৰীক্ষিত কৃষ্ণমতি

শুনা ৰামচৰিত্ৰ সম্প্ৰতি।

ৰথে চড়ি বলভদ্ৰ        সুহৃদক দেখিবাক

গৈল নন্দ গোকুলক প্ৰতি।।

চিৰকালে আইলা ৰাম     দেখি গোপ গোপীগণ

আলিঙ্গিয়া মহা প্ৰেমভাৱে।

ৰামে নন্দ যশোদাক      কৰিলন্ত নমস্কাৰ

পিতৃ মাতৃ বুলি পৰি পাৱে।।১৭০০।।

নন্দ যশোদা দুই        আতি আনন্দিত হুই

আশংসি বুলিলা মৃদু বাক।

চিৰকাল প্ৰতিপাল        কৰিলাহা দুই ভাই

কোনসতে পাসৰিবো তাক।।

জগত ঈশ্বৰ তুমি   তোহ্মাকেশে চিন্তো আমি

এতেকসে আসিলা গোকুল।

এহি বুলি কোলে লৈয়া     আলিঙ্গি ৰামক ৰঙ্গে

সিঞ্চিলন্ত নয়নৰ জল।।১৭০১।।

আনো যত গোপবৃদ্ধ      কৃষ্ণত বিশিষ্ট শুদ্ধ

ৰামে নমিলন্ত বিধিৱতে।

কনিষ্ঠ গোৱাল মানে      ৰামক নমিলা প্ৰেমে

সখা সখীগণে যথোচিতে।।

ৰামে কাকো স্নেহে চাহি    বচনে আশ্বাসি হাসি

কাকো আলিঙ্গিলা হাতে ধৰি।

দূৰ ভৈল শ্ৰমমানে       ভকতক দৰশনে

মহাৰঙ্গ ভৈলা হলধাৰী।।১৭০২।।

সুখে সুখাসনে বসি       মুখ জ্বলে পূৰ্ণশশী

বান্ধৱৰ পুছিলা কুশল।

গদ গদ প্ৰেমবাক্যে       বন্ধু জনো পুছিলন্ত

প্ৰেমে স্ৰৱে নয়নৰ জল।।

কৃষ্ণক পাইবাক প্ৰতি     আনন্দে আকুল আতি

তেজি নিজ কাৰ্যক সকল।

কৃষ্ণো আসিলন্ত বুলি      ৰামক চৌপাশে বেঢ়ি

পুছিলন্ত কৃষ্ণৰ কুশল।।১৭০৩।।

শুনিয়োক প্ৰাণ ৰাম      সুহৃদয় অনুপাম

ৰাম কৃষ্ণ তোৰা দুই ভাই।

আনো যত সৱে বন্ধু     কুশলে কি আছে সৱে

আহ্মাক কি সুমৰে সি ঠাই।।

দুয়ো আসি ভৈলা বৰ     সকলে কাৰ্যত দৰ

ভৈলা বন্ধু পুত্ৰ ভাৰ্যাগণ।

মহাসুখে আছে জানি      দেখিবাক ৰাত্ৰি দিনি

আহ্মাৰ আকুল কৰে মন।।১৭০৪।।

পাপী কংস ভৈলা হত     শুনিবাক ৰঙ্গ যত

কহিবাক তাক পাৰে কোনে।

কৃষ্ণ ৰাম নিস্তাৰিলা      বন্ধুগণো মুক্ত ভৈলা

তাতো ৰঙ্গ ভৈল দশগুণে।।

সমুদ্ৰৰ মাজে হৰি       পাতিলা দ্বাৰকাপুৰী

শত্ৰুগণে লঙ্ঘন নযায়।

শত্ৰুগণ চিনি মাৰি       বন্ধু সমে আছে হৰি

শুনি আনন্দৰ সীমা নাই।।১৭০৫।।

বলভদ্ৰ দৰশনে         আনন্দিত হুয়া মনে

কৃষ্ণৰ সদয় আছে জানি।

গোপীগণে বেঢ়ি আসি     ৰামত পুছিলা হাসি

গোপ্য কৰি কৃষ্ণৰ কাহিনী।।

সুখে কি আচন্ত কৃষ্ণ      মথুৰা নাৰীৰ পতি

ৰমণী ৰমন্ত তযু ভাই।

পিতৃ-মাতৃ বান্ধৱক      এথা কিবা সুমৰন্ত

আহ্মাত কি আছে তান দাই।।১৭০৬।।

আমি সৱে তান দাসী   যেন সেৱা কিৰ আছো

তাক কি সুমৰে যদুৰায়।।

পতি পুত্ৰ পিতৃ মাতৃ      দুস্ত্যাজ বান্ধৱ জাতি

সমস্ত তেজিলো যাক পাই।।

হেন তেজিলেক হৰি      কুটুম্বিতা ছেদ কৰি

আহ্মাক ছাড়িয়া গৈল হৰি।

কৃষ্ণ হেন পুৰুষত       বিশ্বাস কৰিব হেন

আউৰ নাৰীগণে কেন কৰি।।১৭০৭।।

আমিসৱে ধৰি তাঙ্ক      বলে নৰখাইলো যেৱে

বোলে মঞি আসিবো আপুনি।

সিটো তযু ভাইৰ বাণী    নৃপতিয়াইবে কোনি

হেন নাৰী আছে কোন জনী।।

কেহো বোলে দ্বাৰকাৰ     সকলে নাগৰী নাৰী

জানে শাস্ত্ৰ নকয় আপুনি।

ধূৰ্ত্ত মাধৱৰ বাণী       পতিয়াইবে কোনজনী

কি কাৰণে ভজে স্বামী মানি।।১৭০৮।।

কথাৰো নাহিকে থিৰ     বুদ্ধিতো নুহিকে ধীৰ

নুসুমৰে পৰ উপকাৰ।

হেন কৃষ্ণ কপটীত       কিমতে বলাইৰ চিত্ত

নুসমৰে সুৰত শৃঙ্গাৰ।।

কতো বোলে মহা চিত্ৰ     কথাত পণ্ডিত কৃষ্ণ

কথাতে চিত্তক হৰে হৰি।

সুন্দৰ ঈষত হাসি       কটাক্ষতে কামাতুৰ

হুয়া নিৰন্তৰে ভজে নাৰী।।১৭০৯।।

কেহো বোলে পুৰনাৰী     ভজোক বা নভজোক

তাহাত আহ্মাৰ দায় কি।

কৃষ্ণৰ কথায়ে আৰ      দুগুণে সন্তাপ জ্বলে

শুনো আন কথা কহ সখী।।

আমি হেন দাসি বিনে     যেৱে তান কাল যায়

কৃষ্ণৰ নিমিলে অসন্তোষ।

তেৱে জানা কৃষ্ণ বিনে    আহ্মাৰ যাইবেক কাল

ইহাত তেজিয়ো আৱে-ৰোষ।।১৭১০।।

...............

 

।।বলৰাম আৰু গোপীসকলৰ ৰাস।।

।।দুলড়ী।।

 

এহিমতে কথা     কহি গোপীগণে

সুমৰি কৃষ্ণৰ বাণী।

আতি বিয়াকুলে         কান্দল সকলে

নয়নৰ ঝড়ে পানী।।

সদয় সহিত       কটাক্ষ ৰুচিৰ

কৃষ্ণৰ সিটো বচন।

প্ৰেমভংগী গতি     সুমৰি কান্দয়

কৃষ্ণ অঙ্গ আলিঙ্গন।।১৭১১।।

প্ৰবোধ বচনে      পৰম পণ্ডিত

বলভদ্ৰ ৰতিকান্ত।

কৃষ্ণৰ বিৰহে      দহে গোপীগণে

আশ্বাসি কৰিলা শান্ত।।

হৃদয় গমিয়া      কৃষ্ণৰ সন্দেশ

বচনে মধু বৰষি।

জীয়াইলা গোপীক        দূৰ ভৈল শোক

বলভদ্ৰ মহাযশী।।১৭১২।।

তহিতে দুই মাস    চৈত্ৰ যে বৈশাখ

আছিলন্ত বলৰাম।

দুয়ো মাস ৰাতি    ৰাসক্ৰীড়া পাতি

গোপীৰ পূৰিল কাম।।

কৃষ্ণৰ ক্ৰীড়াৰ     সময় যত

গোপসতী আতি বালা।

তাহাৰো পাচত     উপজিল যত

তাকেসে ৰামে ৰমিলা।।১৭১৩।।

সম্পূৰ্ণ চন্দ্ৰৰ      ৰশ্মিয়ে ৰঞ্জিত

যমুনাৰ উপবন।

সুগন্ধ কুমুদ       পৱন সেৱিত

সঙ্গে লৈয়া গোপীগণ।।

বৰুণে পশিল      বাৰুণী দেৱীএ

বৃক্ষৰ কোটৰে থাকি।

মধুৰ মদিৰা      শ্ৰৱিবে লাগিলা

বনক সুগন্ধে ঢাকি।।১৭১৪।।

মদিৰাৰ গন্ধ      বায়ুৱে যোগাইলা

ঘ্ৰাণ পায়া তাৰ বলে।

সন্নিতে নপাই      নাঙ্গল ভেজাই

আজুৰিল কৌতুহলে।।

গোপীগণে সৱে     বাৰুণীক আনি

কৰিলেক বীৰে পাণ।

আকাশত গীত     গন্ধৰ্ব্বে যোগাৱে

ৰামৰ গুণ প্ৰধান।।১৭১৫।।

হস্তিনীগণৰ       মধ্যত যেহেন

ৰাম মত্ত ঐৰাৱত।

সু্ন্দৰীগণৰ       মধ্যে হলধৰ

ক্ৰীড়া কৰে সেহিমত।।

গন্ধৰ্ব্বে দু্ন্দুভি     বাৱে আকাশত

দেৱে পুষ্প বৰিষন্ত।

ৰামৰ মহিমা      কহি তুতি বাণী
মুণিগণে প্ৰশংসন্ত।।১৭১৬।।

গোপীগণে নিজ     চৰিত্ৰ বৰ্ণাই

গাৱে সুললিত গীত।

মদে উনমদ      ভ্ৰমন্ত বনত

দেখিতে আতি বিচিত্ৰ।।

মদনে বিহ্বল      নয়ন যুগল

ৰাতুল যেন কমল।

আজানুলম্বিত      বৈজয়ন্তীমালা

শ্ৰৱণে এক কুণ্ডল।।১৭১৭।।

স্ৰম ঘৰ্ম্মবিন্দু      মণ্ডিত বদন

সদৃশ যেন কমল।

জলক্ৰীড়া মনে     যমুনাক পাচে

ডাকিলন্ত মহাবল।।

কৰো জলক্ৰীড়া    আসিয়ো যমুনা

মোৰ ইঠানক ভেদি।

উনমত বুলি      বাক্য অৱহেলি

নাসিল যমুনা নদী।।১৭১৮।।

নাসন্ত যমুনা      অবগৰ্ব্ব কৰি

জানি হেন হলপাণি।

কোপাবিষ্ট হুয়া     নাঙ্গল ভেজায়া

আজুৰি পাৰন্ত গালি।।

শুনৰে পাপিনী     যমুনা অজ্ঞানী

মোক তোৰ অনাদৰ।

মাতিলো আপুনি    যাতো অৱহেলি

নাসিলি মোৰ ওচৰ।।১৭১৯।।

শুনৰে স্বৈৰণী     তোহোক আপুনি

কৰিবো উচিত দণ্ড।

নাঙ্গলৰ আগে     বিদাৰিয়া তোক

কৰিবোহো শতখণ্ড।।

হেন বিৰ্ভৎসনি     যমুনায়ে শুনি

ভৈলা ভয়ে সচকিত।

ৰামৰ দুই পাৱে    পৰি দণ্ডৱতে

বুলিল স্তুতি ললিত।।১৭২০।।

হে ৰাম ৰাম      মহাপ্ৰভু বাহু

নজানো তযু বলক।

যিটো এক অংশে   অনন্ত স্বৰূপে

ধৰি আছা জগতক।।

পৰম ভাৱক      নজানো তোহ্মাৰ

পাপমতি তিৰী জাতি।

ভকতবৎসল      পশিলো শৰণ

ক্ষমিয়ো হোৱা যুগুতি।।১৭২১।।

যমুনাৰ হেন      কাৰুণ্য শুনিয়া

এৰিলন্ত বলশালী।

গোপী সমে পাচে     নামি যমুনাত

কৰিলন্ত জলকেলি।।

যেন মত্ত হস্তী        কৰিণী মণ্ডলে

কৰিলন্ত জললীলা।

আপোন ইচ্ছায়ে    ক্ৰীড়া কৰি আসি

জলৰ হন্তে উঠিলা।।১৭২২।।

লক্ষ্মীদেৱী আনি        দিলন্ত সাদৰি

নীলবস্ত্ৰ দুইখানি।

সুৱৰ্ণৰ মালা          অমূল্য ভূষণ

লৈলন্ত ৰামে আপুনি।।

সুৱৰ্ণৰ মালা         পিন্ধিলন্ত গলে

গাৱত নীলবসন।

চন্দনে লেপিত     জ্বলন্তে অধিক

ইন্দ্ৰৰ যেন বৰণ।।১৭২৩।।

অদ্যাপি যমুনা     দেখিয়ো সাক্ষাত

বলোৰ নাঙ্গল ঘাই।

বক্ৰগতি হুয়া     বহন্তে আছয়

ৰামৰ বীৰ্য্য সূচাই।।

দুই মাস নিশা     এহিমতে ক্ৰীড়া

কৰিলন্ত হলিৰাম।

গোৱালীৰ মনে     এক নিশা যেন

নভৈল মন বিৰাম।।১৭২৪।।

ৰামৰ মধুৰ      চৰিত্ৰে আকুল

সকল গোপকুমাৰী।

ভকত বৎসল     দেৱ মহাবল

তুষিলন্ত ক্ৰীড়া কৰি।।

শুনিয়ো বিচিত্ৰ     ৰামৰ চৰিত্ৰ

পৰম পৱিত্ৰ আতি।

গুচে মহাপাপ      হৰে কোপ তাপ

ৰামত মিলাৱে ৰতি।।১৭২৫।।

এহিসে সাফল      জীৱন কুশল

কৃষ্ণত মিলে ভকতি।

দেৱৰ বাঞ্চনি      নৰতনু জানি

তোজিয়ো পাষণ্ড মতি।।

হৰিৰ চৰিত্ৰ      শ্ৰৱণত পৰে

মুকুটিৰ নাহি দ্বাৰ।

শুনা অৱিশ্ৰাম     বোলা ৰাম ৰাম

তড়িবা যেৱে সংসাৰ।।১৭২৬।।

................

।।কৃষ্ণৰ দ্বাৰা পৌন্ড্ৰক আৰু সুদক্ষিণ বধ।।

                           ।।পদ।।

 

শুক নিগদতি পৰীক্ষিত শুনা আৱে।

গোকুলত গৈয়া বলভদ্ৰ আছে যেৱে।।

কৰুষ দেশৰ ৰাজা পৌন্ড্ৰক বুলি যাক।

মূঢ় সিটো বাসুদেৱৰ মানি আপোনাক।।১৭২৭।।

বাসুদেৱ চিহ্ন যত সাজি দুষ্টাশয়।

কৃষ্ণক লাগিয়া দূত পাঞ্চি দিলা তয়।।

মূৰ্খজনে স্তুতি তাক বোলে চাটুকাৰ।

তুমি আসি বাসুদেৱ ভৈলা অৱতাৰ।।১৭২৮।।

তুমি দেৱ ভগৱন্ত জগতৰ পতি।

অজ্ঞজনে এহি বুলি বঢ়াইলেক আতি।।

ভৈল গৰ্ব্ব বাসুদেৱ আপুনাক মানি।

দ্বাৰকাক লাগি দূত পঠাইলা আপুনি।।১৭২৯।।

যেন ক্ৰীড়া কৰিবাক লাগি কৌতূহলে।

বালকক ৰাজা পাতে বালকসকলে।।

সেহিমতে অবোধ পৌন্ড্ৰক দুৰাচাৰ।

কৃষ্ণক জোঙ্কাৱে তত্ত্ব নজানে তাহাৰ।।১৭৩০।।

পৌন্ড্ৰকৰ দূত গৈয়া দ্বাৰকা আণ্টাইল।

সভাত আছন্ত মাধৱক ভেট পাইল।।

কমলনয়ন কৃষ্ণ পুৰুষ বিশেষ।

সম্বোধিয়া দূতে কহে ৰাজাৰ সন্দেশ।।১৭৩১।।

পৌন্ড্ৰক নৃপতি হেন বুলিলা বচন।

মঞি আসি বাসুদেৱ ভৈলো উতপন।।

একমাত্ৰ বাসুদেৱ নাহি আৰ দুই।

তুমি বাসুদেৱ বোলাৱস কোন মুই।।১৭৩২।।

লোকক দায়ায়ে মঞি ভৈলো অৱতাৰ।

তুমি আৱে মিছা নাম তেজা আপোনাৰ।।

মঞিসে বাসুদেৱ মোৰ চিহ্ন যত যত।

বৃথা তাক ধৰি তুমি আছা অজ্ঞানত।।১৭৩৩।।

তাক তেজি ঝাণ্টে মোত লয়োৰে শৰণ।

হেন নকৰস যেৱে দেহ মোক ৰণ।।

মন্দমতি পৌন্ড্ৰকৰ হেন বিকৰ্থনা।

শুনি হাসি তুলিলেক সামাজিক জনা।।১৭৩৪।।

উগ্ৰসেন আদি কৰি হাসি উচ্চ কৰি।

দূতক সম্বোধি হাসি বুলিলন্ত হৰি।।

উপহাস কথায়ে বোলন্ত নাৰায়ণে।

তেজিবোহো মূঢ় চিহ্ন আছে যতমানে।।১৭৩৫।।

যিটো মিছা চিহ্ন সাজি কদৰ্থয় মোক।

তেজিবো সকলে তাক দেখিবেক লোক।।

সুখে শুয়া থাক মূঢ় পৃথিৱীত পৰি।

কাকে শগুণে কঙ্কে থাকিবে আৱৰি।।১৭৩৬।।

শ্বানৰ আস্ৰয় তই হৈবি দুৰাচাৰ।

কহ গৈয়া দূত ঝাণ্টে হোক কাছপাৰ।।

কৃষ্ণৰ আক্ষেপ হেন শুনি অদভূত।

পৌন্ড্ৰকৰ দূতে গৈয়া কহিল প্ৰস্তুত।।১৭৩৭।।

কৃষ্ণ পাচে বীৰকাছে কাছি চড়ি ৰথে।

কাশীদেশ প্ৰৱেশিলা পৌন্ড্ৰক বধিতে।।

পৌন্ড্ৰকৰ মিত্ৰ আছে কাশী দেশপতি।

তাহাৰ দেশত গৈয়া আছে পাপমতি।।১৭৩৮।।

এতেকেসে হৃষীকেশ কাশী প্ৰৱেশিলা।

পৌন্ড্ৰকো জানিলা হৰি যুদ্ধক আসিলা।

দুই অক্ষৌহিণী সেনা ৰথ গজ ৰাজী।

নগৰৰ বাজ ভৈলা অবিলম্বে সাজি।।১৭৩৯।।

পাচে প্ৰিয় হুয়া তাৰ মিত্ৰ কাশীৰায়।

তিনি অক্ষৌহিণী লৈয়া সিয়ো আসে ধাই।।

পৌন্ড্ৰক ৰাজাক দেখিলেক দেৱহৰি।

আপোনাৰ ৰূপ ধৰি আছে ক্ৰীড়া কৰি।।১৭৪০।।

শ্ৰীবৎস কৌস্তুভ বনমালা বিভূষিত।

শঙ্খচক্ৰ গদা পদ্ম শাৰঙ্গ লক্ষিত।।

নীল কলেৱৰ পীত বস্ত্ৰ পৰিধান।

গৰুড়ৰ ধ্বজে জ্বলে ৰথ বিদ্যামান।।১৭৪১।।

অমূল্য মুকুট মণি মকৰ কুণ্ডল।

কৃষ্ণৰ যতেক বেশ প্ৰকাশে সকল।।

নাচিবাক নটে যেন ধৰি কৃষ্ণবেশ।

ৰঙ্গশালে গৈয়া পাচে ভৈলেক প্ৰৱেশ।।১৭৪২।।

তেনয় কৃত্ৰিম ৰূপ দেখি পৌন্ড্ৰকৰ।

পৰম হৰিষে হৰি হাসিলা বিস্তৰ।।

পৌন্ড্ৰকৰ পাষণ্ড প্ৰচণ্ড সেনাগণে।

চতুষ্পাষে বেঢ়ি মাধৱক ধাই ৰণে।।১৭৪৩।।

শূল শকতি গদা পৰিঘ তোমৰে।

প্ৰাস পট্ৰিশ অসি প্ৰহাৰিল শৰে।।

অৰিগণে হৰিক হানিল যতমানে।

সমস্তকে কৃষ্ণে সহিলন্ত ৰঙ্গমনে।।১৭৪৪।।

কাশীৰজা পৌন্ড্ৰকৰ আছে যত বল।

গজ বাজী ৰথ যত পদাতিসকল।।

একেক্ষণে কৃষ্ণে গদা চক্ৰ শৰঘাৱে।

চেদি ভেদি খেদি মৰ্দ্দিলন্ত নানা ভাৱে।।১৭৪৫।।

প্ৰলয় কালৰ যেন ঘোৰ হুতাশন।

ক্ষণেকে দহন্ত চতুৰ্ব্বিধ ভূতগণ।।

সেহিমতে চতুৰঙ্গ সেনাক সংহাৰি।

দুৰ্ব্বাৰ ভূভাৰ দূৰ কৰিলা মুৰাৰি।।১৭৪৬।।

জ্বলে যুদ্ধস্থলীখান দেখন্তে চমক।

যশস্বী সৱাকে তেভো দেখাই আনন্দক।।

হস্তী হয় উট খৰ ৰথ অসংখ্যাত।

কাটি ছিঙ্গি হৰিচক্ৰে পেলাইলা তথাত।।১৭৪৭।।

কুণ্ডলে মণ্ডিত মুণ্ডমালা শাৰী শাৰী।

পৃথিৱীক মণ্ডি মুণ্ডচয় আছে পৰি।।

প্ৰলয় কালৰ যেন মহা ভয়ঙ্কৰ।

ক্ৰীড়াস্থলীখান যেন জ্বলে শঙ্কৰৰ।।১৭৪৮।।

লীলায়ে সকল সেনা সংহৰি শ্ৰীহৰি।

পাচে পৌন্ড্ৰেকক ডাকি মাতিলা মুৰাৰি।।

শুনৰে পৌন্ড্ৰক চণ্ড আৱে মোৰ বাক।

যেন বাক্য বুলি দূত পঠাইলি আহ্মাক।।১৭৪৯।।

যিটো মোৰ চিহ্ন অস্ত্ৰ শস্ত্ৰ আছ ধৰি।

তাকেতো জেতিবো সৱে জানা নিষ্ট কৰি।।

মোৰ বাসুদেৱ নাম তঞি বোলাৱস।

সম্প্ৰতি ছোড়াইবো তাক বুলিলো আশ্বাস।১৭৫০।।

কিন্তু তোক ইচ্ছা কৰি যেৱে নেদো ৰণ।

তেৱে আজি তোত মঞি পশিবো সৰণ।।

এতেকে আক্ষেপ তাক বুলি যদুপতি।

তীক্ষ্ণবাণ হানি তাক কৰিলা বিৰথী।।১৭৫১।।

পাচে চক্ৰ হানি তাৰ শিৰক ছেদিল।

ইন্দ্ৰে যেন বজ্ৰে গিৰিশৃঙ্গ নিপাতিল।।

সেহিমতে কাশী নৃপতিক লক্ষ্য কৰি।

তিনিগোটা শৰ প্ৰহাৰিলা দেৱহৰি।।১৭৫২।।

কোনে সহিবেক মাধৱৰ শৰচোট।

শৰীৰৰ পৰা ছিণ্ডি নিয়া মুণ্ডগোট।।

মহাবেগে তাক কাশীপুৰত পেলাইলা।

পদ্মগোট ছিণ্ডি যেন বায়ু উৰুৱাইলা।।১৭৫৩।।

এহিমতে পৌন্ড্ৰক নৃপতি অপকাৰী।

সৈন্য সমন্বিতে তাক সংহাৰিলা হৰি।।

অমৃত সমান কথা সিদ্ধ মুনি গাৱে।

দ্বাৰকাত আসি প্ৰৱেশিলা মহোৎসৱে।।১৭৫৪।।

সি পুনু পৌন্ড্ৰক নিতে কৃষ্ণক চিন্তিল।

কৰ্ম্মৰ বন্ধন মানে সমস্তে খসিল।।

শত্ৰুভাৱে আৰো কৃষ্ণৰূপ ধৰিলেক।

মৰি সেহি কৃষ্ণৰূপ মুকুতি পাইলেক।।১৭৫৫।।

দেখিলেক সৱে কাশী ৰাজাৰ দুৱৰী।

কুণ্ডলে মণ্ডিত মুণ্ডগোট আছে পৰি।।

ইটো কিবা কাৰ মুণ্ড সৱহি বোলয়।

মনত বিস্ময় আতি পাইলেক সংশয়।।১৭৫৬।।

কাশী নৃপতিৰ পুত্ৰ ভাৰ্য্যা বন্ধুগণে।

দেখি আসি মুণ্ডগোট জানিল তেখনে।।

পৌন্ড্ৰকৰ সখা হুয়া যুজিবাক গৈলা।

মাধৱৰ শৰচোটে এথা আসি পাইলা।।১৭৫৭।।

হা নাথ নাথ বুলি দিলেক আটাস।

প্ৰজাগণে বেঢ়ি কান্দি বোলে ভৈলো নাশ।।

ইহেন নৃপতি আৰ পাইবো কোন ঠাই।

অনেক কান্দিল সৱে গুণক বৰ্ণাই।।১৭৫৮।।

সুদক্ষিণ নামে কাশীৰাজাৰ তনয়।

বাপেকৰ প্ৰেতকাৰ্য্য কৰিল দুৰ্জ্জয়।।

পাচে হেন সিটো কৰিলেক অঙ্গীকাৰ।

পিতৃবৈৰী মাৰি সুজিবোহো পিতৃধাৰা।।১৭৫৯।।

হেন বুদ্ধি আলোচিয়া উপাধ্যায় সমে।

শঙ্কৰক আৰাধিলা পৰম নিয়মে।।

তুষ্ট হুয়া বৰ লৈয়ো শঙ্কৰে বুলিলা।

পিতৃ বৈৰী মাৰিবাৰ উপায় প্ৰাৰ্থিলা।।১৭৬০।।

তাৰ মনোৰথ বুজি বুলিলা শঙ্কৰ।

দক্ষিণাগ্নি জ্বালি অভিচাৰ পূজা কৰ।।

ব্ৰাহ্মণে সহিতে ভাল ঋত্বিজক বৰ।

অভিচাৰ বিধানে বহ্নিক হোম কৰ।।১৭৬১।।

সেহি অগ্নি আপুনি জ্বলিব মূৰ্ত্তি ধৰি।

প্ৰচণ্ড প্ৰমথগণে চতুষ্পাশে বেঢ়ি।।

ব্ৰাহ্মাণৰ হিত নিচিন্তয় যিটো জনে।

নিয়োজিলে তাক সংহৰিব সেহিক্ষণে।।১৭৬২।।

কিন্তু সদা চিন্তে যিটো ব্ৰাহ্মণৰ হিত।

তাক বিনাশিবে নপাৰিবি কদাচিত।।

তাহাক পেশিলে পুনু মিলিবে বিঘিনি।

সাধকক নাশি সিটো আসিব আপুনি।।১৭৬৩।।

তাৰ মনোৰথ সাধিলন্ত যেন ঠান।

বৰ ছিদ্ৰ কৰ হৰি ভৈলা অন্তৰ্দ্ধান।।

এতেকে কৃষ্ণক নপাৰিবে বধিবাক।

শঙ্কৰে সূচাইল পাপী নুবুজিলে তাক।।১৭৬৪।।

পৰম ব্ৰাহ্মণ্য কোন আছে কৃষ্ণ বিনে।

তাঙ্ক বধিবাৰ বৰ পাইল সুদক্ষিণে।।

শিৱৰ আদেসে নানা সাজিল সম্ভাৰ।

আৰম্ভিলা কৃষ্ণক বধিতে অভিচাৰ।।১৭৬৫।।

মহাকায়কষ্ট নিষ্ঠ নিয়ম আচৰি।

কৰাইল আহুতি আতি ঋত্বিজক বৰি।।

পাচে কুণ্ড হন্তে চণ্ডৰূপ মূৰ্ত্তিমন্ত।

মহা ভয়ঙ্কৰ ৰূপে অগ্নি উঠিলন্ত।।১৭৬৬।।

তপ্ত তাম্ৰশালা সম দাড়ি গোম্ফ দেখি।

জ্বলন্ত আঙ্গাৰসম ঢেলা তিনি আখি।।

উগ্ৰ অগ্ৰদন্ত মুখ দেখি ভয়ঙ্কৰ।

ভ্ৰূকুটি কুটিল চণ্ড গণ্ড দিগম্বৰ।।১৭৬৭।।

ওঠৰ দুই কোণ চেলেকয় জিহ্বা মেলি।

জ্বলন্ত ত্ৰিশূলপাত ফুৰাৱয় তুলি।।

তালৰ প্ৰমাণ দুইখান স্থূল ভৰি।

প্ৰতিপদে কম্পাৱে সকল বসুন্ধৰী।।১৭৬৮।।

ভয়ঙ্কৰ আৰো ভূত প্ৰেত সেনা সমে।

দ্বাৰকাক ধাই গৈল পৰম বিক্ৰমে।।

খেদি আসে কৃত্যা বহ্নি দহি দশোদিশ।

তাক দেখি দ্বাৰকাত ভৈল উসমিশ।।১৭৬৯।।

যেনে বনদাহে হৰিণৰ মহাত্ৰাস।

দ্বাৰকাবাসীৰ ভৈল তেহ্নয় হাপাস।।

দশোদিশে কৰে প্ৰজা লৱড়া লৱড়ি।

নজানে কোঠেৰ অগ্নি আসে ৰাজ্য পুৰি।।১৭৭০।।

পাশা কেলি সভাত আছন্ত ভগৱন্ত।

নলৰিল অনুসৰি জগত ৰমন্ত।।

প্ৰজাগণে দেখে একোমতে ৰক্ষা নাই।

ত্ৰাহি হৰি বুলি গৈল গোৱিন্দৰ ঠাই।।১৭৭১।।

পাশা তেজি প্ৰজাক চাহিলা বনমালী।

আৰ্ত্তৰাৱ পাৰে সৱে ত্ৰাহি হৰি বুলি।।

মহাবহ্নি দহে হেৰা সমস্ত নগৰ।

ৰক্ষা কৰা ত্ৰাহি হৰি জগত ঈশ্বৰ।।১৭৭২।।

লোকৰ বিনয় বাণী শুনি কৃপাময়।

দেখিলন্ত ভকতসকলে কৰে ভয়।।

আশ্বাসিয়া হাস্য কৰি বুলিলা সদয়।

নকৰিবা ভয় মঞি ৰাখিবো নিশ্চয়।।১৭৭৩।।

বাহ্য অভ্যন্তৰ সমস্তৰে সাক্ষী হৰি।

তেখনে জানিলা সিটো কৃত্যা মহেশ্বৰী।।

কাষতে আছন্ত নিজ চক্ৰ সুদৰ্শন।

তাক বিনাশিবে আদেসিল জনাৰ্দ্দন।।১৭৭৪।।

কোটি সূৰ্য্য সম সিটো জাজ্বল্য সমান।

প্ৰভুৰ আদেশে চক্ৰ কৰিলা পয়াণ।।

প্ৰলয় কালৰ যেন জ্বলন্ত হুতাশ।

নিজতেজে দশোদিশ কৰন্ত প্ৰকাশ।।১৭৭৫।।

বায়ুবেগে খেদি পাইলা মুকুন্দৰ অস্ত্ৰ।

দেখি কৃত্যানল ভৈলা ভয়ে মহাত্ৰষ্ট।

বৰ চোটে চক্ৰতেজে কৃত্যাক মৰ্দ্দিল।

ভগ্নমুখ হুয়া মহাত্ৰাসে নিৱৰ্ত্তিল।।১৭৭৬।।

দৰদৰি পলাই পশিল বাৰাণসী।

শঙ্কৰক জপি কাশীপুত্ৰ আছে বসি।।

ভঙ্গ হুয়া খঙ্গে আসি সেহি কৃত্যানলে।

ঋত্বিজ সহিতে তাক দহিলা সমূলে।।১৭৭৭।।

অভিচাৰ কৰ্ম্মৰ জানিবা সেহি নয়।

পৰক নপাৰি আপোনাক বিনাশয়।।

অভিচাৰ দোষে সুদক্ষিণ গৈল নাশি।

পাচে বিষ্ণুচক্ৰ পশিলন্ত বাৰাণসী।।১৭৭৮।।

নিজতেজে নিমজ্জিল কৃত্যাহত ভৈল।

শঙ্কৰক প্ৰতি চক্ৰে গৰ্জ্জিবাক লৈল।।

আহ্মাৰ স্বামীক দেহ দহিবাক প্ৰতি।

হেন যেন বৰ আউৰ নেদা ভূতপতি।।১৭৭৯।।

কৰো প্ৰতিকাৰ আজি পোৰোহো নগৰ।

কেনে হেন পাষণ্ডক দেয় চণ্ড বৰ।।

শিৱৰ নগৰীখান মহামনোহৰ।

আছে উচ্চ প্ৰাঞ্চি শত মহা মনোহৰ।।১৭৮০।।

দৃঢ় গঢ় দৌল মঠ মহা সিংহদ্বাৰ।

হস্তী ৰথ অশ্বশালা বিবিধি ভাণ্ডাৰ।।

গোষ্ঠ গোকুল অশ্বশালা সালঙ্কৃত।

বিষ্ণুচক্ৰ সুদৰ্শন দহিল সমস্ত।।১৭৮১।।

শিৱৰ নগৰীখান কৰি ছাৰখাৰ।

কৃষ্ণৰ পাশক চক্ৰ গৈল পুনৰ্ব্বাৰ।।

কৃষ্ণৰ অক্লেশ কৰ্ম্ম কি কহিতে পাৰি।

উপাসি থাকিল চক্ৰ কৃষ্ণ আজ্ঞা ধৰি।।১৭৮২।।

প্ৰচণ্ড পৌন্ড্ৰক কাশীপতি নিপাতন।

কৃত্যানল হত সুদক্ষিণ বিনাশন।।

বাৰাণসী দাহ হৰিচক্ৰৰ বিজয়।

কৃষ্ণৰ চৰিত্ৰ আক যিলোকে শুনায়।।১৭৮৩।।

কৃষ্ণৰ সৰণ মনে শুনাৱে যিজনে।

সমস্ত পাতকে তাক তেজ তেতিক্ষণে।।

ইলোকে ভুকুতি পৰলোকত মুকুতি।

কৃষ্ণৰ চৰণে নিতে বাঢ়য় ভকতি।।১৭৮৪।।

হেন জানি শুদ্ধমনে শুনা সভাসদ।

হৃদয়ৰ নিধি ধৰা মাধৱৰ পদ।।

দুৰ্জ্জন জনৰ সঙ্গ তেজিয়ো যতনে।

সাধুসঙ্গে ৰঙ্গ কৰিয়োক হৰিগুণে।।১৭৮৫।।

দেখা দেখা তীক্ষ্ণ কেনে দুৰ্জ্জনৰ মন।

মাধৱক বধিবাক কৰয় যতন।

মহাজনে শঙ্কৰেসে বৰছিদ্ৰ থৈল।

তাতেসে পাতকী কৰ্ম্মদোষে নাশ ভৈল।।১৭৮৬।।

সি কালতো হেন থানে আছে দুষ্টগণ।

ইকালতো দুষ্ট হৈব কমন দূষণ।।

বিষ্ণুক নভজে আক জানিবা দুৰ্জ্জনে।

আন দেৱ পূজে শত্ৰু বধিবাক মনে।।১৭৮৭।।

কতো ভূত দেয় কতো দানৱক পোষে।

আনক নাশন্তে পাচে বংশেয়ো বিনাশে।।

আন সামান্যক সেই উপদ্ৰৱ কৰে।

নিষ্ঠে বৈষ্ণৱক কিছু কৰিতে নপাৰে।।১৭৮৮।।

মাধৱৰ চক্ৰে ৰক্ষা কৰে সৰ্ব্বক্ষণে।

তান আগে কি কৰিব আল্প দেৱগণে।।

দেখা শুৱপুৰীক কৰিলে কেন ঠান।

চক্ৰৰ আগত ইন্দ্ৰ চন্দ্ৰ কোন আন।।১৭৮৯।।

হেন জানি নিষ্টে ইষ্ট কৃষ্ণক ভজিয়ো।

নিত্য নৱ কৰি হৰি চৰিত্ৰ শুনিয়ো।।

কৃষ্ণ কথা শুনন্তে সকল মিলে সিদ্ধি।

অনন্ত কন্দলি কহে এহি মূল বিধি।।১৭৯০।।

সৰ্ব্ব অপৰাধৰ বাধক কৃষ্ণনাম।

এহিসে মঙ্গল স্মৰিয়োক অৱিশ্ৰম।।

নকৰিবা ভয় হৰি কৰিবন্ত ৰক্ষা।

ডাকি হৰি বোলা ভাগি যাওক পাপকক্ষা।১৭৯১।।

............................

।।বলদেৱৰ দ্বিবিদ বধ।।

।।দুলড়ী।।

 

নৃপ পৰিক্ষীত      পুছন্ত ঋষিত

শুনিয়োক গুৰু শুক।

পুনৰপি ৰাম      চৰিত্ৰ শুনিতে

মোহোৰ আছে উৎসুক।।

নামতে অনন্ত      অদ্ভূত কৰ্ম্মৰ

প্ৰমাণ নপাই যাৰ।

হেন প্ৰভু ৰামে         কৰিলন্ত যত

কহিয়ো তাক বিস্তাৰ।।১৭৯২।।

শুক নিগদতি      শুনিয়ো নৃপতি

চৰিত্ৰ কহো ৰামৰ।

নৰকৰ এক      সখা আছিলেক

দ্বিৱিদ নামে বানৰ।

মন্ত্ৰী সুগ্ৰীৱৰ      মৈন্দৰ সোদৰ

ৰামায়ণে বীৰ সাৰ।

কৃষ্ণৰ হাতত      নৰক পৰিল

চৰিল কোপ তাহাৰ।।১৭৯৩।।

সাজি ধাৰ সুজো        যুজো যাদৱক

মনে চিন্তি দুৰাচাৰ।

মাধৱৰ খঙ্গ      উপজাইবে প্ৰতি

সন্তৰ চিন্তিলে মাৰ।।

পুৰ গ্ৰাম ব্ৰজ     নগৰ আকাৰ

দহে মহাবহ্নি জালি।

ক্ষণো ক্ষণো বৰ    পৰ্ব্বত উপাৰি

দলিয়াৱে তুলি তুলি।।১৭৯৪।।

পৰ্ব্বত বৃষ্টিত      ভৈল চূৰ্ণাকৃত

কতো কতো ভাল দেশ।

দ্বাৰকা ভাগৰ     লোকৰ অনেক

লগাইলেক মহাক্লেশ।।

তাৰ মিত্ৰঘাতী     যত আছা হৰি

ভকতৰ ভয়হাৰী।

তৈত আতিশয়     কৰে উপদ্ৰৱ

মিত্ৰৰ সন্তাপে পুৰি।।১৭৯৫।।

অযুতেক মত্ত      দ্বগ্গজৰ বল

দ্বিৱিদ বীৰ বিনাশ।

ক্ষণো সমুদ্ৰৰ      মাজত পৰিয়া

দুই হাতে কৰে আস্ফাল।।

বাহুৰ আস্ফালে    ঢউ থলয়

উঠে সাগৰৰ জল।

তীৰক যতেক     দেশ আছে তাক

সমূলে নিয়াইল তল।।১৭৯৬।।

মুখ্য মুখ্য যত     ঋষিৰ আশ্ৰম

আৰাম সকল ভাঙ্গি।

কুণ্ডৰ অগ্নিক      কৰয় দূষিত

দলিয়াৱে মূত্ৰে হাগি।।

যুৱত পুৰুষ       তৰুণীক পাই

ধৰি নিয়া দুৰাচাৰ।

পৰ্ব্বতৰ মাজে     গহ্বৰত থৈয়া

শিলাৰ মাৰে দুৱাৰ।।১১৯৭।।

ভ্ৰমৰে যেহেন      কীটগোট নিয়া

থৱে মাৰি তাৰ দ্বাৰ।

সেহিমতে সিটো         যুৱক যুৱতী

ধৰি নিয়ে বহুবাৰ।।

এহিমতে দেশ      বিনাশ কৰয়

শুনিয়োক মহাৰাজ।

শান্তি কন্যাগণ     দূষিত কৰিল

বাণৰ আতি নিলাজ।।১৭৯৮।।

ৰাম অৱতাৰে     সামান্য ভকত

আছিল ইটো বানৰ।

দুৰ্জ্জনৰ সঙ্গে      পুনু মন্দ ভৈল

জানি আছা দামোদৰ।।

এতেকে মাধৱে     নবধিলে তাক

শুনা যেন অভিপ্ৰায়।

সজ্জনৰ তাপে      পূ্ণ্যক্ষয় ভৈলে

বধিবন্ত ৰামে পাই।।১৭৯৯।।

সেহি সময়ত      ৰৈৱত গিৰিত

কন্যাগণ লৈয়া সঙ্গে।

দেৱ হলিৰাম      পূৰি মনকাম

ক্ৰীড়া কৰি আছে ৰঙ্গে।

সুললিত গীত      শুনিয়া দ্বিৱিদ

খেদি গৈল সেহি ঠাই।

কন্যাগণ মাজে     ক্ৰীড়া কৰি আছে

ৰামক দেখিলে যাই।।১৮০০।।

সৰ্ব্বাঙ্গে সুন্দৰ     স্থূল শুক্ল কায়

চন্দ্ৰতো অধিক জ্বলে।

আজানুলম্বিত      প্ৰফুল্ল পদ্মৰ

মহামালা শোভে গলে।।

বাৰুণী মদিৰা     কৰি আছা পান

ঢুলে ৰঙ্গা আখি দুই।

হস্তিণী মধ্যত      যেন ঐৰাৱত

ক্ৰীড়ে মহামত্ত হই।।১৮০১।।

উচ্চাৰি পঞ্চম      গাৱন্ত উত্তম

ধ্বনি শুনি মনোহৰ।

হেনয় নিৰ্ভয়      ৰামক দেখিয়া

দ্বিবিদ দুষ্ট  বানৰ।।

বৃক্ষৰ শাখাত      চড়ি মহাক্ৰোধে

কম্পাতে আতি লাগিল

দেখায় আপোনাক       বলোক বিগুটি

শব্দ কৰে কিলকিল।।১৮০২।।

তাৰ উকি লুকি    ভাবুকি দেখিয়া

ৰামৰ যত ৰমণী।

ৰামক চাহিয়া     মহা উচ্চ কৰি

হাসন্তে সৱে তৰুণী।।

একে হাস্য ক্ৰিয়া        স্বভাৱে চঞ্চল

কপিক পাৰন্ত গালি।

বান্ধি আন ধৰি        নচুৱাওঁ বুলি

হাস্য কৰি খলখলি।।১৮০৩।।

তৰুণীগণৰ       ৰ্ভৎসনি শুনিয়া

নাদৰিল তাসম্বাক।

ভ্ৰূকুটি কৰিয়া     মুখ চাহি চাহি

বানৰো পাৰয় পাক।।

চাহি আছা ৰাম        পৰম পুৰুষ

তাঙ্ক দুষ্টে নগণয়।

তৰুণীগণক       মাৰ্গ দৰশাই

অণ্ডযুগ নচাৱয়।।১৮০৪।।

আক্ষেপে বিক্ষেপ    কৰয় অনেক

দেখি মহাবলশালী।

মহাক্ৰোধে জ্বলি         শিলা এক তুলি

হানিলন্ত তাক দলি।।

বেগে ডেৱ দিয়া        শিলাক বঞ্চিয়া

পুনৰপি আগে গৈল।

মদ্যৰ কলস      ধৰিয়া তাহাঙ্ক

অৱহেলি বাকি লৈল।।১৮০৫।।

বিগুটি হাসয়      কোপ তোলৱয়

নিৰ্ভয় ভাবুকি পাৰি।

মদ্যৰ কলস    আম্পালি ভাঙ্গিয়া

নাদে তুলি লাঞ্জ বাৰি।।

তৰুণীগণৰ       বস্ত্ৰ কাঢ়ি আনি

ছিড়ি ফাৰি পেলাইলেক।

বলৰ গৰ্ব্বত      কদৰ্থি বলোক

উপদ্ৰৱ কৰিলেক।।১৮০৬।।

................

 

।।ছবি।।

 

দেখি তাৰ অৰি নয়   দেশকো কৰিলে ক্ষয়

ক্ৰোধে খেদি গৈল দেৱ বল।

দ্বিবিদ বধক প্ৰতি    বলভদ্ৰ মহামতি

হাতে তুলি ধৰিল মুষল।।

মহাবীৰ দ্বিবিদেয়ো    একতাহে উপাৰিয়া

খেদি গৈল শাল বৃক্ষ ধৰি।

লাগ পাই মহাবেগে    বলোৰ মস্তক লাগি

প্ৰহাৰিলা শাল বৃক্ষ বাৰি।।১৮০৭।।

ত্ৰিশূল সদৃশ শাল   শিৰত পৰয় জানি

আলগতে ধৰিলন্ত বলে।

পেলাই তাক সেহিক্ষণে   অনন্ত শঙ্কৰ্ষণে

দ্বিৱিদকো হানিল মুষলে।।

মুষলৰ চোটে শিৰ   ভৈল তাৰ দুই ছিৰ

নিকলি জ্বলিল তেজ ধাৰ।

গেৰুধাৰা সমে যেন   প্ৰকাশয় গিৰিবৰ

তভো নকম্পিল দুৰাচাৰ।।১৮০৮।।

আন শাল উৎপাৰিয়া   ডাল পাত নিডলিয়া

পুনৰপি হানিলেক বলে।

ক্ৰোধে বলভদ্ৰে পাই    একশত খণ্ড কৰি

ভাঙ্গি তাক পেলাইলে মুষলে।।

পুনৰপি আউৰ শালে   দ্বিৱিদে হানিলে বলে

বলভদ্ৰো মুষল ক্ষেপিল।

ভৈল সিয়ো শতখণ্ড    বলভদ্ৰ মহাচণ্ড

দেখি দেৱলোক প্ৰশংসিল।।১৮০৯।।

এহিমতে শাল যত      দ্বিবিদে হানিল মানে

বলো সৱে কৰিলন্ত চূৰ্ণ।

সমস্তকে আনি আনি    হানিলেক বাৰম্বাৰ

বৃক্ষশূন্য ভৈল সিটো বন।।

পাচে শিলাচয় আনি      বলোৰ উপৰে হানি

ঘনে ঘনে ক্ৰোধে বৰিষিল।

প্ৰৱল মূষল ধৰি    সমস্তকে চূৰ্ণ কৰি

বলভদ্ৰে লীলায়ে নাশিল।।১৮১০।।

তাল বৃক্ষ সম দুই  বাহু জুৰি মুঠি ধৰি

ক্ৰোধে খেদি গৈল কপিবৰ।

ৰোহিণীপুত্ৰক পাই        হৃদয়ত হানিলেক

মুঠিৰ প্ৰহাৰ গুৰুতৰ।।

যদুইন্দ্ৰ বলভদ্ৰে     লাঙ্গল মুষল পেলাই

দুইহাতে ধৰি ছল কৰি।

কাণশঠা তলে ধৰি    মুঠি এক বৈসাইলেক

পৰিল ৰুধিৰে বান্তি কৰি।।১৮১১।।

দ্বিৱিদৰ নিপাতনে       পৃথিৱী পাতাল জল

বনস্পতি কম্পিল সকলে।

শুনিয়োক কুৰুবৰ   প্ৰচণ্ড বায়ুৰ বেগে

নাৱ যেন থিৰ নহে জলে।।

আকাশত থাকি যেৱে     সিদ্ধ মহামুনিগণে

কৰিল মঙ্গল পুষ্পবৃষ্টি।

জয়ধ্বনি নাদ শুনি     সাধু সাধু বৈল বাণী।

তিনিয়ো লোকৰ মনতুষ্টি।।১৮১২।।

এহিমতে দ্বিৱিদক     সংহৰিয়া বলদেৱে

জগতৰে খণ্ডিলন্ত ক্লেশ।

নিজ জনো কৰে স্তুতি   ৰঙ্গে ৰাম যদুপতি

দ্বাৰকাত ভৈলন্ত প্ৰৱেশ।।

শুনা সাধু সভাসদ  মহাভাগৱত পদ

ৰামৰ চৰিত্ৰ সুধাধাৰ।

দ্বিৱিদ বানৰ বধ       বলভদ্ৰ জয় যুদ্ধ

ইসে সাৰ মুকুতিৰ দ্বাৰ।।১৮১৩।।

আৰো শুনা মন কৰি     অসাধুৰ সঙ্গ ধৰি

বৈষ্ণৱৰ হোৱে মতিনাশ।

দ্বিৱিদতে দেঞো সাক্ষী   আনো থানে আছা দেখি

জানি তেজা দুৰ্জ্জনৰ পাশ।।

নমো কৃষ্ণ কৃপাকৰ    সঙ্গ নৌক দুৰ্জ্জনৰ

নিদিবাহা প্ৰভু জন্মে জন্মে।

শুনা সৱে নৰ-নাৰী   উচ্চ কৰি বোলা হৰি

তেৱে কিছু নকৰিব যমে।।১৮১৪।।

................

 

।।বলদেৱৰ পৰাক্ৰম শাম্ব-লক্ষ্মণাৰ বিবাহ।।

                       ।।পদ।।

 

শুক নিগদতি সাধু সুভদ্ৰাৰ নাতি।

শুনা আৰো আতি হলিৰামৰ খিয়াতি।।

দুৰ্য্যোধন ৰাজাৰ দুহিতা মহাসতী।

নামত লক্ষ্মণা লক্ষ্মীপতি ৰূপৱতী।।১৮১৫।।

তান যোগ্য সুন্দৰ নেদেকি একো বৰ।

জানি কুৰুবৰে পাতিলন্ত স্বয়ম্বৰ।।

যতেক নৃপতি পাত্ৰ পুত্ৰ সমন্বিতে।

স্বয়ম্বৰ চাহিবাক মিলিল তহিতে।।১৮১৬।।

আপুনি কন্যায়ে ভাল দেখি বৰে যাক।

ৰাজাৰ মনত ইচ্ছা বিহা দিবে তাক।।

হেনয় যুগুতি চিন্তি কৌৰৱ নৃপতি।

সৱাকে অৰ্চ্চিলা যত আছিল ভূপতি।।১৮১৭।।

বিৰোধক ডৰে গোৱিন্দৰ নমাতিল।

হস্তিনাপুৰত মহা উৎসৱ মিলিল।।

কুৰুবংশী বীৰ যত সৱহি মিলিল।

ভৈল মহাসভা কন্যা স্বয়ম্বৰী ভৈল।।১৮১৮।।

জাম্বৱতীসুত শাম্ব কৃষ্ণৰ তনয়।

কন্যাৰ কাহিনী শুনি আনন্দ হৃদয়।।

একেশ্বৰে ৰথ সাজি সংগ্ৰাম বিজয়।

কন্যাহৰিবাক প্ৰতি গৈল মহাশয়।।১৮১৯।।

চতুৰ্দ্দিশে ৰাখি আছে মহাবীৰগণে।

মাজ পশি কন্যাক হৰিলা সেহিক্ষণে।।

সিংহে যেন চাম্প দিয়া নিলে নিজভাগ।

দেখি সৱে কৌৰৱৰ জ্বলি গৈল ৰাগ।।১৮২০।।

কোপে কম্পমান সৱে বোলয় বচন।

দেখন কেন দুষ্ট ইটো কৃষ্ণৰ নন্দন।।

আহ্মাক কদৰ্থি হেন মুনিষ বোলয়।

নবৰিলে কন্যা বলে হৰি লৈয়া যায়।।১৮২১।।

আক যদি সহিবাক কৰা কৌতূহল।

জানা তেৱে গৈল তাৰ মাৰ্গৰ য়ে তল।।

বৰ দুৰ্ব্বিনীত ইটো বাপেকৰ নয়।

যদুবংশ নিলাজ জানিবা সমস্তয়।।১৮২২।।

আনো কন্যা কাঢ়ি আক থঞো বান্ধি ধৰি।

কি কৰিবে পাৰে বৃষ্ণিবংশ কষ্ট কৰি।।

যদি যুজিবাক আসে প্ৰণতি নকৰি।

হৈবে দৰ্পচূৰ লাজে যাইব প্ৰাণ ধৰি।।১৮২৩।।

প্ৰাণায়ম আদি যেন যোগৰ সাধনে।

দমিলে ইন্দ্ৰিগণ থাকে নিজথানে।।

সেহিমতে দমিবো যাদৱ বীৰমানে।

এহি জিজ্ঞাসিয়া নিয়োজিল দুৰ্য্যোধনে।।১৮২৪।।

কৰ্ণ শৈল ভূৰিশ্ৰৱা আৰো যজ্ঞধ্বজ।

শাম্বক ধৰিবে প্ৰতি সৱে বৈল সাজ।।

কুৰুবৃদ্ধসৱো দিলা এহি অনুমতি।

ধাই গৈল কৌৰৱৰ যত মহাৰথী।।১৮২৫।।

দেখিলন্ত শাম্বে ধাই আসে কুৰুগণে।

উলটি সন্মুখে ভৈলা যুজিবাক মনে।।

হাতে দিব্য ধনু ধৰি বীৰ মহাৰথ।

একলে ৰহিল যেন সিংহ ময়মত্ত।।১৮২৬।।

শাম্বক বধিবে বৰ ইচ্ছা কৌৱৰৰ।

সৱাৰো আগত বীৰ কৰ্ণ ধনুৰ্দ্ধৰ।।

ক্ৰোধে ডাক ছাড়ি বোলে সাম্ব থাক থাক।

দশোদিশে ঢাকি বৰিষয় শৰজাক।।১৮২৭।।

বৰ ছোটে শাম্বক তাড়িল কুৰুগণে।

কটাক্ষো নকৰে তাক কৃষ্ণৰ নন্দনে।।

ক্ষুদ্ৰ মৃগগণে যেন বেঢ়িল সিংহক।

সিংহৰ কি ভয় আছে ক্ষুদ্ৰ হৰিণক।।১৮২৮।।

অচিন্ত্য ঈশ্বৰ হৰি তাহান নন্দনে।

দিব্য ধনু ধৰি বীৰ কৰিল সন্ধানে।।

পাচে কৰ্ণ আদি বীৰ আছে যতমানে।

একেবাৰে সৱাকো ঝাকিল তুল্য বাণে।।১৮২৯।।

চাৰি চাৰি ঘোৰা আছে সৱাৰো ৰথৰ।

চাৰি চাৰি শৰে তাক ভেদিল কুমাৰ।।

যতেক সাৰথি মানে আছে তাসম্বাৰ।

একে একে শৰে তাক কৰিল বিদাৰ।।১৮৩০।।

শাম্বৰ প্ৰাৰম্ভ দেখি মহাৰথীগণে

সাধু সাধু বুলি প্ৰশংসন্ত মনে মনে।।

শুণি বোলে ন্যায়যুদ্ধে ইহাক নপাৰি।

অন্যায়ে লাগিল সৱে যুজিবাক বেঢ়ি।।১৮৩১।।

কতো শৰে শাম্বৰ ৰথক নিপাতিল।

কতো বীৰে শাম্ব ছাৰি ঘোৰা নিডলিল।।

কতো শৰে মাৰি সাৰথিৰ লৈলা প্ৰাণ।

কতো বীৰে কাটিল হাতৰ ধনুথান।।১৮৩২।।

ভৈলন্ত বিৰথী শাম্ব ধনু নাই হাতে।

দেখি কুৰুগণে বেঢ়িলেক আথেবেথে।।

তভো ধৰিবাক কেহো নকৰয় সাস।।

যেনে তেনে দুখেসে চাপিল তান পাশ।।১৮৩৩।।

দুষ্ট দুৰ্য্যোধন সদা মাধৱৰ দ্বন্দ্বি।

অন্যায়ে শাম্বক ধৰি কৰিলে বন্দী।।

আপোন কন্যাক লক্ষ্মণাক ৰথে তুলি।

জয় বাদ্য কৰি নগৰক গৈল চলি।।১৮৩৪।।

কুমাৰক বন্দী কৰি থৈল নিজঘৰে।

হেন কথা শুনিয়া নাৰদ মুনিবৰে।।

শীঘ্ৰে বেগে আসি ঋষি কৃষ্ণত কহিল।

শুনি যদুবংশ যত ক্ৰোধতে জ্বলিল।।১৮৩৫।।

ক্ৰোধে আদেশিল উগ্ৰসেন মহাৰাজ।

কৌৰৱক যুজিবে যাদৱ ভৈল সাজ।।

বলে বন্দী কৰি নিলে আহ্মাৰ কুমাৰ।

নিলাজ কৌৰৱ আজি কৰো বুন্দামাৰ।।১৮৩৬।।

হেনয় উদ্যম দেখি ৰাম মহাবল।

যাৰ নাম স্মৰণতে হৰে কলিমল।।

কুৰুগণ সমে সমৰক নাই মন।

যাদৱগণক মাতি বুলিলা বচন।।১৮৩৭।

কুৰুগণ সমে আছে আহ্মাৰ সম্বন্ধ।

কেনমনে তাক কৰিবোহো ঘোৰ দ্বন্দ্ব।।

যদি কুৰুবৰ্গে কৰিলেক এক দোষ।

মোহোক চাহন্তে ক্ষমিয়োক ইটো ৰোষ।।১৮৩৮।।

আপুনি চালোহো মঞি তাসম্বাৰ ঠাই।

কন্যায়ে সহিতে কুমাৰক আনো যাই।।

এহি বুলি শান্ত কৰি যাদৱ বংশক।

ৰথে চড়ি গৈলা ৰাম হস্তিনাপুৰক।।১৮৩৯।।

উদ্ধৱক আদি কুলবৃদ্ধ আছে যত।

চলিল ব্ৰাহ্মণগণ ৰামৰ লগত।।

সম্পূৰ্ণ চন্দ্ৰক যেন গ্ৰহে যাই বেঢ়ি।

সূৰ্য্য সম জ্বলে ৰথ চলে বেগ ধৰি।।১৮৪০।।

হস্তিনাপুৰত ৰাম ভৈল উপসন্ন।

নগৰৰ বাজে আছে দিব্য উপবন।।

নগৰ নপশি ৰথ ৰখাইল তথাত।

বৃক্ষৰ ছায়াত বসিলন্ত যদুনাথ।।১৮৪১।।

ধৃতৰাষ্ট্ৰ নৃপতিৰ চেষ্টা বুজিবাক।

উদ্ধৱক পঠাইলন্ত বাৰ্ত্তা কহিবাক।।

উদ্ধৱ চলিলা ৰামৰ আজ্ঞা পাই।

কৌৰৱবৰ্গৰ সভা প্ৰৱেশিলা যাই।।১৮৪২।।

ধৃতৰাষ্ট্ৰ নৃপতিক নমিয়া প্ৰথমে।

ভীষ্ম দ্ৰোণ বাহ্লিকক প্ৰণামিলা ক্ৰমে।।

দুৰ্য্যোধন নৃপতিক কৰি নমস্কাৰ।

কহিলন্ত বাৰ্ত্তা তেৱে ৰাম আসিবাৰ।।১৮৪৩।।

মহামিত্ৰ হিত হলিৰাম আসি ভৈল।

শুনি কুৰুগণ সৱে মহাৰঙ্গ ভৈল।।

উদ্ধৱক অৰ্চ্চি সৱে কৰে সতকাৰ।

আগবাঢ়িবাক লাগি ভৈল সাজপাৰ।।১৮৪৪।।

দীপ ঘট ধৰি চলি ভৈল কন্যাগণ।

বেদধ্বনি কৰি সৱে চলিল ব্ৰাহ্মণ।।

হস্তী হয় ৰথে চৰি দণ্ড ছত্ৰ ধৰি।

চলি গৈল সূমঙ্গল গীত বাদ্য কৰি।।১৮৪৫।।

কতোক্ষণে পাইল যাই ৰামৰ সন্নিত।

কৰিল সাদৰে পূজা অতিথি বিহিত।।

পাদ্য অৰ্ঘ্য মধুপৰ্ক দিলা ধেনুদান।

সুগন্ধ চন্দন পুষ্পে কৰিলা সন্মান।।১৮৪৬।।

তাসম্বাৰ মাজে যত আছে শিষ্টচয়।

ঈশ্বৰ ৰামৰ প্ৰেম মহিমা জানয়।।

ৰামৰ চৰণে শিৰ দিয়া প্ৰেমমনে।

পৰি পৰি প্ৰণাম কৰিল ঘনে ঘনে।।১৮৪৭।।

বলভদ্ৰো সাদৰে সৱাকো আশ্বাসিলা।

অন্যোঅন্যে সুহৃদৰ কুশল পুছিলা।।

সৱাকো সম্বোধি ৰাম কমললোচনে।

কহিবে লাগিলা সৱ নিৰ্ভয় বচনে।।১৮৪৮।।

শুনা ভীষ্ম গুৰু দ্ৰোণ কৰ্ণ দুৰ্য্যোধন।

উগ্ৰসেন ৰাজা যেন বুলিলা বচন।।

মোৰ মুখে তাক একমনে শুনিয়োক।

বিলম্ব নকৰি সিটো কাৰ্য্য কৰিয়োক।।১৮৪৯।।

ক্ষেত্ৰি ভৈলে কন্যা জিনি নিবাক যুৱাই।

তাত তুমিসৱে বৰ কৰিলা অন্যায়।।

একল শাম্বক সৱে বেঢ়িয়া যুজিলা।

নভৈল বিমুখ শাম্ব চম্বু ৰণ দিলা।।১৮৫০।।

ধাৰ্ম্মিক পুত্ৰক মোৰ অধৰ্ম্মে জিনিলা।

কোন সতে বান্ধি নিয়া বন্দী কৰি থৈলা।।

আমি হেন কুটুম্বৰ মুখ নচাহিলা।

হৰি হৰি কিনো নিদাৰুণ মতি ভৈলা।।১৮৫১।।

উগ্ৰসেন ৰাজা জানা মহাচক্ৰৱৰ্ত্তী।

ৰাম কৃষ্ণ দুই ভাই বীৰ পাৰ্শ্বৱৰ্ত্তী।

যাদৱবংশৰ দেখি আছা তেজ বল।

কিসক অন্যায় হেন লগোৱা কন্দল।।১৮৫২।।

যি দোষ কৰিলা তাক সকলো ক্ষমিলো।

এহিসে কাৰণে মঞি আপুনি আসিলো।।

তোহ্মাৰ আহ্মাৰ সুহৃদতা নুগুচোক।

উগ্ৰসেন নৃপতিৰ আজ্ঞা মানিয়োক।।১৮৫৩।।

নকৰি বিলম্ব আসম্বাক লগে লৈয়ো।

কন্যা সমন্বিতে নিয়া আপুনি অৰ্পিয়ো।।

আপোন শকতি বল বীৰ্য্যক সূচায়।

বলদেৱ মহাশয়ে বুলিল বুজায়।।১৮৫৪।।

শুনি দুৰ্য্যোধন আদি কৌৰৱে কোপিল।

আন দিকি চাই সৱে বুলিবে লাগিল।।

শুনা কেন অদভুত দুৰ্ব্বাৰ বচন।

দুৰাত্ময় কালে আসি কৰাৱে প্ৰসন্ন।।১৮৫৫।।

যি পুনু শিৰক সেৱা কৰে কিৰীটিয়ে।

পদ ৰক্ষা পানে তাত চড়িবাক চাৱে।।

সেহিমতে আজ্ঞা উগ্ৰসেনৰ আহ্মাক।

ডৰে নিয়া আমি তাক অৰ্পিবো কন্যাক।১৮৫৬।।

পাণ্ডু যাতো কুন্তীক আনিল বিহা কৰি।

বৃষ্ণি এৰে আহ্মাৰ সম্বন্ধ সেহি ধৰি।।

এতেকে আহ্মাৰ ঘৰে আসি বৃষ্ণিগণ।

একেলগে শোৱে সৱে কৰয় ভোজন।।১৮৫৭।।

আহ্মাৰ সমান তাক আমিসে কৰিলো।

সিংহাসন দিয়া আমি নৃপতি পাতিলো।।

আৰো দিলো শ্বেতছত্ৰ বিচিত্ৰ চামৰ।

ৰাজাক উচিত ৰত্ন কিৰীটি সুন্দৰ।।১৮৫৮।।

দিলো ভাল বস্তু আৰো নৃপতিৰ যোগ।

আহ্মাৰেসে কৃপায়ে যাদৱে কৰে ভোগ।।

যতখানি পৃথিৱী কৌৰৱে দিলা ছাড়ি।

যদুবংশ আজিও তাৰেসে অধিকাৰী।।১৮৫৯।।

নাহি ডৰ যাদৱক বোলো আজি ধৰি।

আগে যিটো দিয়া আছো সৱে লৈবো কাঢ়ি।।

সৰ্পক অমৃত দিলে কিছু ফল নাই।

পোষন্তাকে খাই যদুবংশ সেহি প্ৰায়।।১৮৬০।।

যাহাৰ প্ৰসাদে ৰাজা নামক পাৱয়।

কোন লাজে আসি তাক আজ্ঞা বোলাৱয়।।

নিলাজ যাদৱ সুহৃদক যোগ্য নয়।

নৃপতিৰ বেশ ধৰি কিসক পাৰয়।।১৮৬১।।

ভীষ্ম দ্ৰোণ কৰ্ণ অৰ্জ্জুনক আদি কৰি।

আমি কুৰুবীৰগণে যাক নেদো ছাড়ি।।

ইন্দ্ৰে আনিবাক তাক পাৰিবে কেমনে।

মেষক প্ৰমত্ত সিংহ গিলি আছে যেনে।।১৮৬২।।

নিদিবো নিদিবো যাদৱক কন্যা ছাড়ি।

বুজো কেনমতে আসি নেয় যুদ্ধ কৰি।।

দেশ ছাড়ি সাগৰত আছয় পলাই।

আহ্মাক লাগিয়া পঠাৱয় বুলি চাই।।১৮৬৩।।

আহ্মাৰেসে দোষ আৰু ক্ষেমে উগ্ৰসেনে।

ইটো অহঙ্কাৰ শুনিবাক পাৰে কোনে।।

বোলে মোৰ কুমাৰক নিলে বান্ধি ধৰি।

প্ৰাণে নমাৰিলো কাৰ্য্যে বোলে হেন কৰি।১৮৬৪।।

শুক নিগদতি ৰাজা শুনা পৰীক্ষিত।

কুৰুবংশে প্ৰগলভে বল্কিলা বিপৰীত।।

জন্ম কৰ্ম্ম ধন জন গৰ্ব্বে মত্ত হুয়া।

বুলিল দুৰ্ব্বাচ্য বলদেৱক শুনায়া।।১৮৬৫।।

দুৰ্ব্বোধ কৌৰৱ আৰ তথাত নৰৈল।

ঝাণ্ট কৰি উঠি নগৰক সৱে গৈলা।

কৌৰৱৰ ক্ৰূৰ ভাৱ দেখি যদুনাথে।

দুৰ্ব্বাৰ বচন যত শুনিল সাক্ষাতে।।১৮৬৬।।

ক্ৰোধত জ্বলিল ৰাম চাহন নযায়।

হাস্য কৰি বচন বুলিল সেহি ঠাই।।

নানা ধন জন মদে অন্ধ দুষ্টচয়।

নভজে কল্যাণ পথ জানিলো নিশ্চয়।।১৮৬৭।।

দণ্ডিলেসে তাসম্বাক শিখাইবাক পাৰে।

পশুক দমাৱে যেন লগুড় প্ৰহাৰে।।

যুদ্ধক প্ৰৱন্ধে সাজিলেক যদুগণে।

কৃষ্ণ সাজ ভৈল কোপে কৌৰৱক ৰণে।।১৮৬৮।।

প্ৰীতি বাক্য বুলি শান্ত কৰি তাসম্বাক।

মঞি আসি ভৈলো এথা দ্বন্দ্ব ভাঙ্গিবাক।।

দুষ্ট কুৰুগণৰ বুজিলো অভিপ্ৰায়।

দ্বন্দ্বকেসে ৰতি মন্দমতি সমুদায়।।১৮৬৯।।

মহামানী বুলি গৰ্ব্ব কৰে আপোনাক।

কিঞ্চিতেকো মানো নৰাখিলে মোৰ বাক।।

কৃষ্ণ উগ্ৰসেনকো কৰিলে তিৰস্কাৰ।

যাদৱবংশৰ অনাইলোহো খিলিঙ্কাৰ।।১৮৭০।।

বুলিল দুৰ্ব্বাচ্য যত সহন নযায়।

শুনি ভাল বুলিলন্ত মোৰ কৃ্ষ্ণ ভাই।।

ভোজ বৃষ্ণি অন্ধক বংশৰ অধিকাৰী।

হেন উগ্ৰসেনে আজ্ঞা কৰিতে নপাৰি।।১৮৭১।।

যত লোকপালমানে ইন্দ্ৰ আদি কৰি।

অনুৱৰ্ত্তী থাকে যাৰ আজ্ঞা শিৰে ধৰি।।

কৃষ্ণ হেন দেৱ যাত থাকন্ত বিনয়।

হেন উগ্ৰসেনৰ আদেশ নমানয়।।১৮৭২।।

মহাক্ৰোধে পুনু বলো বুলিল বচন।

কৃষ্ণক নমানে কিনো দুষ্ট কুৰুগণ।।

সুধৰ্ম্মা সভাত যিটো ফুৰে চটি কৰি।

সুৰতৰু পাৰিজাত শোভে যাৰ বাৰী।।১৮৭৩।।

যাৰ বলে স্বৰ্গসুখ ভুঞ্জে যদুগণে।

হেন কি কৃষ্ণ যোগ্য নুহি সিংহাসনে।।

যাৰ দুই চৰণকমল লক্ষ্য কৰি।

উপাসি থাকন্ত লক্ষ্মী ত্ৰৈলোক্য ঈশ্বৰী।।১৮৭৪।।

হেন লক্ষ্মীপতি কৌৰৱে বোলে ধিক।

কৃষ্ণ যোগ্য নুহিকন্ত ৰাজ বিভূষিত।।

যাৰ পদপঙ্কজৰ ধূলাক আদৰি।

ধৰে লোকপালে মুকুটৰ উৰ্দ্ধ কৰি।।১৮৭৫।।

গঙ্গাকো পৱিত্ৰ কৰি আছে যিটো ধূলি।

ব্ৰহ্মা হৰ মঞি য়াক বন্দো সিৰে তুলি।।

লক্ষ্মীয়ো বহন্ত শিৰে ধৰি ৰঙ্গ মন।

হেনয় কৃষ্ণক কোন বস্তু সিংহাসন।।১৮৭৬।।

কৌৰৱত মাগি ভূমি যদুবংশে খায়।

ইটো কথা কহন্তে মুখত লাজ নাই।।

বৃষ্ণিবংশ পালে কুৰুবংশ ভৈল শিৰ।

ই কি দুষ্টবাক্য সহে কাহাৰ শৰীৰ।।১৮৭৭।।

ই কিনো আশ্চৰ্য্য ঐশ্বৰ্য্য হেন জাল।

কুৰুবংশ ভৈলেক কেৱলে মাতোৱাল।।

আপোনাক বীৰ যেন দেখি মদ্য পিৱে।

আঙ্গুলিয়ে পৃথিৱীক ওলাটাইবে চাৱে।।১৮৭৮।

যি পুনু আপুনি তাক পাৰে দণ্ডিবাক।

দুষ্টৰ নিষ্ঠুৰ বাণী কোনে সহে তাক।।

এতেকে বিহিবো দুৰ্জ্জনৰ প্ৰায়শ্চিত্ত।

কৰিবো পৃথিৱী আজি কৌৰৱ বৰ্জ্জিত।।১৮৭৯।।

ঈশ্বৰ হৈবাৰ এহি মুখ্য প্ৰয়োজন।

দমি দুষ্ট দুৰ্জ্জন পালিবো সাধুজন।।

এহি বুলি হলিৰামে মহাক্ৰোধ কৰি।

থিয় ভৈল প্ৰচণ্ড লাঙ্গল বাণ ধৰি।।১৮৮০।।

তিনিয়ো ভুৱন যেন দহিবাক বুলি।

মহাকাল ৰুদ্ৰ আসি ভৈল শূল তুলি।।

গড়ৰ মূলত নিয়া লাঙ্গল ভেজাইল।

বিদাৰি হস্তিনাপুৰ খানিবে লগাইল।।১৮৮১।।

টানিবাক ধৰিল গঙ্গাত পেলাওঁ বুলি।

মহাক্ৰোধ মনে বলভদ্ৰ মহাবলী।।

টলবল কৰে সৱে হস্তিনা নগৰ।

নাৱ খান ফুৰে যেন জলৰ উপৰ।।১৮৮২।।

গঙ্গাত পৰয় হেন দেখিয়া নগৰ।

স্মৃতি বুদ্ধি হত ভৈল সৱে কৌৰৱৰ।।

বলভদ্ৰে লাঙ্গলে আজুৰি নেয় টানি।

তাত একো উপায় নপাইল মনে গুণি।।১৮৮৩।।

প্ৰাণৰ কাতৰে সবান্ধৱে কুৰুগণ।

ত্ৰাহি বলভদ্ৰ বুলি পশিলা শৰণ।।

লক্ষ্মণাক সহিতে শাম্বক আগ কৰি।

স্তুতি কৰিবাক লৈলা পুষ্পাঞ্জলি কৰি।।১৮৮৪।।

ত্ৰাহি ৰাম ত্ৰাহি ৰাম জগত আধাৰ।

নজানিলো প্ৰভু আমি মহিমা তোহ্মাৰ।।

মহা মূঢ়মতি আমি কুবুদ্ধি সদায়।

এতেকে আহ্মাক প্ৰভু ক্ষমিবে যুৱাই।।১৮৮৫।।

সৃষ্টি স্থিতি বিনাশৰ তুমিসে ঈশ্বৰ।

নিজাশ্ৰয় দেৱ নাহি তোহ্মাত অপৰ।।

তোহ্মাৰেসে ক্ৰীডা় বস্তু সমস্তে ভুৱন।

লীলাময় দেৱ তুমি কহে বেদগণ।।১৮৮৬।।

তুমিসে অনন্ত সহস্ৰেক শিৰধাৰী।

লীলায়ে পৃথিৱীখণ্ড মুণ্ডে আছা ধৰি।।

প্ৰলয়তো আপোনাতে লয় বেদদণ।

শেষ নামে একেশ্বৰে থাকা নাৰায়ণ।।১৮৮৭।।

হেনয় অনন্ত নাম তুমি হলিৰাম।

ক্ষমিয়ো আহ্মাক বলদেৱ পূৰ্ণকাম।।

তযু কোপ দুৰ্জ্জনক শিক্ষা দিতে প্ৰতি।

নাহি কিছু তোহ্মাত মৎসৰ দ্বেষমতি।।১৮৮৮।।

সত্ত্বগুণে তনু ধৰা জগত পালিত।

কোপ কৰিবাক তযু নুহিকে উচিত।।

নমো সমস্তৰে আত্মা সৰ্ব্বশক্তিধৰ।

নমো বিশ্বকৰ্ম্মা ধৰ্ম্মময় মহেশ্বৰ।।১৮৮৯।।

তোহ্মাৰ চৰণে প্ৰভু পশিলো শৰণ।

নকৰিয়ো প্ৰভু কুৰুকুল সংহৰণ।।

শুক নিগদতি শুনা পাণ্ডৱনন্দন।

এহিমতে কুৰুগণে পশিলা শৰণ।।১৮৯০।।

নগৰ পৰন্তে সৱে কাম্পে তৰতিৰ।

কৰিল কাতৰ তুষ্ট ভৈল হলধাৰী।।

ভকতবৎসল বলদেৱ দয়াময়।

নকৰিবা ভয় বুলি দিলন্ত অভয়।।১৮৯১।।

তুলিল লাঙ্গল নগৰক তথা থৈল।

বলোৰ কৃপায়ে কুৰুবংশ ৰক্ষা ভৈল।।

তেৱে কৌৰৱৰ মহা উৎসৱ মিলিল।

দুৰ্য্যোধনে শাম্বক যৌতুক আনি দিল।।১৮৯২।।

ষষ্টি বৰেষীয়া সৱ প্ৰমত্ত দন্তাল।

বাহ্ৰয় হাজাৰ দিল গলে হেমহাৰ।।

বাহ্ৰয় অয়ুত বাছি দিল বৰ বাজী।

সুৱৰ্ণৰ নানাবিধ অলঙ্কাৰ সাজি।।১৮৯৩।।

সুৱৰ্ণৰ অলঙ্কাৰ জ্বলে সূৰ্য্য সম।

ছয় সহস্ৰেক ৰথ দিলেক উত্তম।।

সুৱৰ্ণৰ অলঙ্কাৰে মণ্ডি ভালমতে।

হাজাৰেক দাসী দিল জীউৰ লগতে।।১৯৭৪।।

দুৰ্য্যোধন ৰাজা বৰ দুহিতাবৎসল।

আনো বৰ বস্তু ৰত্ন দিলেক সকল।।

সমস্ত লৈলন্ত বলভদ্ৰ ভগৱন্ত।

পুত্ৰবধু দুইকে দিব্য ৰথে তুলিলন্ত।।১৮৯৫।।

সুহৃদসকলে আসি কৰিল মঙ্গল।

মহোৎসৱে দ্বাৰকাক চলি গৈল বল।।

পুত্ৰবধু আগ কৰি পশিল নগৰ।

দেখি মহা হৰিষ মিলিল যাদৱৰ।।১৮৯৬।।

শাম্ব লক্ষ্মণাক আসি আগবাঢ়ি নিল।

বলোক আশ্বাসি যদুবংশ প্ৰশংসিল।।

উদ্ৰসেন কৃষ্ণ মুখ্যে যাদৱ সভাত।

কৌৰৱৰ কথা বলো কহিল সৱাত।।১৮৯৭।।

যিমতে লাঙ্গল হানি পুৰি বিদাৰিল।

তেৱেসে কৌৰৱে আসি শৰণ পশিল।।

কৌৰৱৰ বিচেষ্টাক শুনি যদুগণে।

হাসিয়া ৰামক প্ৰশংসিলা ঘনে ঘে।।১৮৯৮।।

অদ্যাপিয়ো জ্বলে বলদেৱৰ বিক্ৰম।

স্বভাৱে হস্তিনাপুৰ পৱিত্ৰ উত্তম।।

গঙ্গাৰ দক্ষিণ ভাগে দেখি উচ্চতৰ।

আছে পাঞ্চগোট অদভুত লাঙ্গলৰ।।১৮৯৯।।

যাক দৰশনে মহাপাপৰ প্ৰলয়।

ভকত জনৰ মহা বৰিষ মিলয়।।

শাম্বৰ বিৱাহ কৌৰৱৰ পৰাভৱ।

ৰামৰ বিক্ৰম শুনা সমস্তে মানৱ।।১৯০০।।

সৰ্ব্বশত্ৰু সংহৰি তড়িয়ো ভৱভয়।

ভজা নিজ জীৱন মাধৱ কৃপাময়।।

দেখা কেন কুৰুগণে অপৰাধ কৰি।

শৰণ পশিল মাত্ৰে ক্ষমিলা মুৰাৰি।।১৯০১।।

এহি জানি একচিত্তে চিন্তিয়ো শ্ৰীহৰি।

পশিয়ো শৰণ ধন জন গৰ্ব্ব এৰি।।

দণ্ডৱতে পৰি নিতে কৰিয়ো কাকূতি।

সহস্ৰে সহস্ৰে দোষ কৰো দিনে ৰাতি।।১৯০২।।

তোহ্মাৰ শৰণ প্ৰভু পসিলো সমূলি।

মোক মধূসূদন ক্ষমিয়ো দাস বুলি।।

অনন্ত কন্দলি কহে হৰি সুপ্ৰসন্নে।

ডাকি হৰি বোলা যত সমজ্যাৰ জনে।।১৯০৩।।

..................

।।নাৰদৰ কৃষ্ণ-ৰহস্য দৰ্শন।।

।।ছবি।।

 

শুক মুণি নিগদতি       পৰীক্ষিত মহামতি

শুনা সাধু কৃষ্ণৰ উৎসাহ।

নাৰদে শুনিল হৰি       নৰকাসুৰক মাৰি

কন্যাগণ কৰিল বিৱাহ।।

দেখিবাক বাঞ্চা ভৈল     বিস্ময়ে চিন্তিবে লৈল

কিনো অদভুত কৃষ্ণলীলা।

একগোট কলেৱৰে   একলগ্নে প্ৰতি ঘৰে

বহুতৰ কন্যাক বিহাইলা।।১৯০৪।।

সম্প্ৰতি বা কেন কৰি    এক কৃষণ বহুনাৰী

ঘৰে ঘৰে কৰন্ত ৰমণ।

ৰঙ্গে তাক দেখো যাই   এহি বুলি দেৱ ঋষি

দ্বাৰকাক কৰিলা গমন।।

ত্ৰৈলোক্যত সাৰতৰ  কৃষ্ণৰ দ্বাৰকাপুৰী

দেখিলা নাৰদ মুনিবৰ।

শাৰী শাৰী সুশোভন      পুষ্পিত ৰাম বন

নাদে পক্ষী গুঞ্জৰে ভ্ৰমৰ।।১৯০৫।।

ৰুচিৰ নিৰ্ম্মল জল       শাৰী শাৰী সৰোবৰ

প্ৰফুল্ল কমল মনোহৰে।

হংস সাৰস পক্ষী        নাদে পদ্মমূল ভক্ষি

কুমুদ কুসুমে কান্তি কৰে।।

মহাধনী গৃহস্থৰ    নৱ লক্ষ দেৱ ঘৰ

শাৰী শাৰী কৰয় প্ৰকাশ।

ফটিকৰ যত হীৰা       হেন মহা মৰকত

যেন চন্দ্ৰ সূৰ্য্যৰ প্ৰকাশ।।১৯০৬।।

চন্দনে লেপিত যত  পদুলি চোতাল পথ

বহল নিৰ্ম্মল ৰাজবাট।

থানে থানে শোভে সভা    মহাজনে কৰে প্ৰভা

পদূলি পদূলি কৰে হাট।।

কতো মহা মণ্ডপত       পঢ়ে গীতা ভাগৱত

তৰ্ক ব্যাকৰণ বখানয়।

ঘৰে ঘৰে দেৱ ঘৰ  জ্বলে মহা মনোহৰ

হৰিৰ কীৰ্ত্তন জয় জয়।।১৯০৭।।

ঘৰে ঘৰে মনোময়  পুতি আছে ধ্বজচয়

বায়ু লাগি পতাকা হালয়।।

তাহাৰ ছায়াত লোকে     গতি কৰে মহাসুখে

কিঞ্চিতেকো তাপে নপাৱয়।।

হস্তী ঘোৰা দোলে চড়ি    মাধৱক সেৱা কৰি

আসে নৰ-নাৰী শাৰী শাৰী।

ৰুদ্ৰক বিলাস বাই   মাধৱৰ গুণ গাই

নানা ৰঙ্গে কতো কৰে খেড়ি।।১৯০৮।।

হেনয় দ্বাৰকাপুৰী   কোনে বৰ্ণাইবাক পাৰি

যাহাত আনন্দ সৰ্ব্বকলে

তাৰ মাজে নগৰত  কৃষ্ণৰ আৱাস জ্বলে

অৰ্চ্চে যাক সৱ দিগপালে।।

মাধৱৰ পুৰীখান    বিশ্বকৰ্ম্মা মহাজন

শিল্প কৰ্ম্ম জানে যতমানে।

মহা যত্ন মনে ধৰি  নিৰ্ম্মিয়া কৃষ্ণৰ পুৰী

সৱে সাজি থৈল একথানে।।১৯০৯।।

কৃষ্ণৰ ৰমণী যত   অষ্টাধিক একশত

আৰো আছে ষোড়শ হাজাৰ।

ভিন্নে ভিন্নে বিশ্বকৰ্ম্মে   আৱাস নিৰ্ম্মিয়া দিল

নানা ৰত্নে জ্বলে জাতিষ্কাৰ।।

তাৰ এক মুখ্য চাই    ৰত্ন মন্দিৰে যাই

নাৰদ পশিল অভ্যন্তৰ।

ষোড়শ সহস্ৰ গৃহে       অলঙ্কৃত হুয়া আছে

সৱাতো উত্তম-মনোহৰ।।১৯১০।।

...........................

 

।।দুলড়ী।।

প্ৰৱালৰ স্তম্ভ      কৰিল আৰম্ভ

বৈদুৰ্য্যে নিৰ্ম্মল মালা।

ইন্দ্ৰনীলে বাৰ     জ্বলে জাতিষ্কাৰ

কণক কুন্দ্ৰাক্ষ জ্বালা।।

ইন্দ্ৰনীলময়       পৃথিৱী জ্বলয়

নাহি যাত মাটি ধুলি।

মুকুতাৰ মালা     হালে চন্দ্ৰতাপ

ৰত্নময় ঝিলি মিলি।।১৯১১।।

হস্তী দন্তময়       পৰ্য্যাঙ্কসকল

ৰত্নে কৰি আছে কাম।

সুখাসনচয়        জ্বলে মণিময়

গৃহ দেখি অনুপান।।

দাসী অসংখ্যাত         প্ৰাকশে তাহাত

ৰত্নে বস্ত্ৰে অলঙ্কৃত।

গলে হেমহাৰ      দেখি জাতিষ্কাৰ

গৃহকো কৰে শোভিত।।১৯১২।।

কেশৱ দাস       পুৰুষসকল

প্ৰকাশে গৃহ ভিতৰ।

কিৰীটি কুণ্ডল     দেৱাঙ্গ বসনে

জ্বলে আতি মনোহৰ।।

ৰত্নদীপচয়        গৃহ প্ৰকাসয়

অন্ধকাৰ যাত নাই।

অগৰু ধূপৰ       ধুম্ৰ মনোহৰ

কুন্দ্ৰাক্ষ জ্বালে বজায়।।১৯১৩।।

গৃহৰ উপৰে      সুৱৰ্ণৰ শৃঙ্গে

মৈৰা থাকে তাত পৰি।

মেঘ বুলি তাক         অগৰু ধুম্ৰক

নাদে আদি নৃত্য কৰি।।

আপোন সমান     গুণ ৰূপ বেশ

সহস্ৰেক দাসী লৈয়া।

মুখাগৃহে থাকি     ৰুক্মিণী গোসানী

কৃষ্ণক কৰন্ত সেৱা।।১৯১৪।।

সুৱৰ্ণৰ দণ্ড       চামৰ ধৰিয়া

বিষ্ণুন্তে আছা ৰুক্মিণী।

অভ্যন্তৰে পশি     দেখিলন্ত ঋষি

বসি আছে চক্ৰপাণি।।

নাৰদ আসিল      দূৰতে দেখিল

পৰম ধৰ্ম্মজ্ঞ হৰি।

শ্ৰী আসনৰ       উঠি তাৱক্ষণে

গৈল প্ৰভু আগবাঢ়ি।।১৯১৫।।

কিৰীটিয়ে সমে     শিৰে প্ৰণামিলা

ঋষিৰ দুই চৰণে।

কৃতাঞ্জলি হুয়া     সাদৰ কৰিয়া

বৈসাইল নিজ আসনে।।

নাৰদৰ দুই       চৰণ ধুৱাইল

পদোদক শিৰে লৈলা।

জগতৰ গুৰু      হেন দেৱহৰি

ধৰ্ম্মপথ দৰশিলা।।১৯১৬।।

যাহাৰ চৰণ      প্ৰক্ষালন জলে

গঙ্গা সৰ্ব্ব তীৰ্থেশ্বৰী।

ধৰ্ম্মৰ ঈশ্বৰ      হেন দেৱহৰি

ব্ৰাহ্মণক সেৱা কৰি।।

যিহেতু ব্ৰাহ্মণ্য     দেৱ হেন নাম

গুণে তাক ব্যক্ত কৰি।

এতেকে যুগুচি     বিপ্ৰক ভকতি

আপুনি কৰা মুৰাৰি।।১৯১৭।।

বিধিমতে কৃষ্ণে     ঋষিক অৰ্চ্চিয়া

পুনু কৃতাঞ্জলি ধৰি।

অমৃত সমান      সংক্ষেপ বচনে

হৰিষে বুলিল হৰি।।

তযু আগমনে      পৱিত্ৰ ভৈলোহো

হৰিষ ভৈলো আশেষ।

কিবা কাৰ্য্য প্ৰভু    কৰিবো তোহ্মাৰ

সত্বৰে কৰা আদেশ।।১৯১৮।।

...............

।।ছবি।।

কৃষ্ণৰ বচন শুনি       হাসি বিনাৱন্ত মুনি

ইটো প্ৰভু নুহি অদভুত।

জগতৰে মিত্ৰ তুমি       সমস্ত লোকৰ স্বামী

মোক মান কৰিবে যুগুত।।

জগতৰে মিত্ৰ হুই        দুষ্টক বিনাশ কৰা

তভো নোহে তোহ্মাৰ অবিধি।

জগতৰে স্থিতি ৰক্ষা      কৰিবাক লাগে প্ৰভু

দুষ্ট দমিলেসে হোৱো সিদ্ধি।।১৯১৯।।

তযু নাম গুণ গাই       তড়িবে সকল লোকে

আমি আক জানো সাৰে সাৰ।

ভকতৰ পূৰ্ণকাম        সাধিবাক প্ৰতি তুমি

ধৰি আছা শেষ অৱতাৰ।।

যি বুলিলা প্ৰভু তুমি কি কৰিবো আদেশিয়ো

মঞি তাক বোলো এতিক্ষণ।

দেখিলোহো আজি যিটো      তোহ্মাৰ চৰণ দুই

জগতৰ মুকুতি কাৰণ।।১৯২০।।

ব্ৰহ্মা আদি মহাজনে      হৃদয়ত চিন্তে যাক

একমন কৰি সৰ্ব্বক্ষণে।

সংসাৰ কূপত পৰি       যাত অৱলম্ব কৰি

অপ্ৰয়াসে তড়ি প্ৰাণীগণে।।

হেন তযু পাদপদ্ম       হৃদয়ত বান্ধি মঞি

ফুৰিবো তোহ্মাৰ গুণ গাই।

এহি কাৰ্য্য কৰিয়োক      ভকতৰ বন্ধু মোক

যেৱে দয়া আছে তযু পায়া।।১৯২১।।

লক্ষ্মীৰ শৰ্য্যাৰ হন্তে      অনন্তৰে উঠি ঋষি

মাধৱক বুলিলা সাদৰি।

আসিয়োক প্ৰভু দেৱ আমি হেৰা চলি গৈলো

তোহ্মাৰ চৰণ হিয়ে ধৰি।।

এহি শুনি হাসি হৰি      থৈলা নিয়া আগবাঢ়ি

লক্ষ্মীৰ গৃহৰ ভৈল বাজ।

নমনিল একো নৰে       প্ৰৱেশিলা আউৰ ঘৰে

কৃষ্ণৰ কিঙ্কৰ মুনিৰাজ।।১৯২২।।

শুনা শুদ্ধবুদ্ধি নৰ       দেখা কেন মহন্তৰ

কৃষ্ণৰ চৰণে অনুৰাগ।

মুকুতিকো আছা পায়া তভো কৃষ্ণ গুণ গায়া

ভকতিৰ নছাড়ন্ত লাগ।।

হৰিপদ চিন্তনত         হৰিগুণ কথনত

হৰিৰ চৰিত্ৰ শ্ৰৱৰণত।

যতেক আনন্দ আছে      ভজিলে জানিবা পাচে

কিবা তাৰ কহিবো মহত।।১৯২৩।।

কিন্তু আগে প্ৰথমত      মহাশাস্ত্ৰ ভাগৱত

শুনিয়োক মহাযত্ন কৰি।

বিষয়ৰ দোষ যত       সকলে কৰিবে হত

হৰি ভকতৰ সঙ্গ ধৰি।।

যিবা কিছু আছে ধন     ত্যজা তাৰ মোহ মন

কিছু ব্যয় কৰা হৰি অৰ্থে।

তেৱেসে ভকতি বাঢ়ে মাধৱত প্ৰেম চড়ে

তেৱে ধন নাযায় তাৰ ব্যৰ্থে।।১৯২৪।।

ভক্ষ্য ভোজ্য বস্তু যত     গৃহে হোৱে উপগত

তাতো মোহ তেজিয়োক আতি।

মাধৱত নিৱেদিয়া       দুখী দৰিদ্ৰক দিয়া

বৈষ্ণৱত কৰিয়ো মিনতি।।

নেৰিবা বেদৰ পথ       সজ্জন জনৰ মত

ব্ৰাহ্মণত কৰিবা ভকতি।

আপুনি ঈশ্বৰে দেখা      ব্ৰাহ্মণক মান্য কৰি

জগতকে দেন্ত অনুমতি।।১৯২৫।।

কৃষ্ণক ভজিবো বুলি      দুৰ্জ্জনত নকহিবা

নিন্দা নুবুলিবা গৰ্ব্ব কৰি।

নকৰিবা হেতু বাদ       প্ৰমাদক নলঙ্ঘিবা

কৃষ্ণত শৰণ মনে ধৰি।।

তেৱেসে তড়িবা ঘোৰ     দোষ নধৰিবা মোৰ

যি কিছু বুলিলো শিক্ষা বাণী।

শুনা সৱে নৰ নাৰী      ডাকি বোলা হৰি হৰি

যাৱদেকে থাকে প্ৰণামি।।১৯২৬।।

...........

                   ।।পদ।।

শুক নিগদতি শুনিয়োক নৃপবৰ।

যোগৰ ঈশ্বৰ যিটো ব্ৰহ্মা মহেশ্বৰ।।

তাহাৰ ঈশ্বৰ যিটো দেৱ নাৰায়ণ।

তান মায়া বুজিবাক নাৰদৰ মন।।১৯২৭।।

ৰুক্মিণীৰ গৃহ হন্তে গৈল আউৰ ঘৰ।

সিয়ো সেহিমতে মহা জ্বলা মনোহৰ।।

সত্যভামা সমে কৃষ্ণ আছে পাশা খেলি।

কাছতে উদ্ধৱ বসি আছে কৃতাঞ্জলি।।১৯২৮।।

দড়দড়ি নাৰদ পশিল অভ্যন্তৰ।

দেখি কৃষ্ণ তেখনে উঠিল আসনৰ।।

বিধিৱতে পূজিল ভকতি আতি কৰি।

আপোন আসনে নিয়া বৈসাইলন্ত ধৰি।।১৯২৯।।

নজানন্ত যেন পুনু পুছন্ত বিনয়।

কেতিয়া আসিলা প্ৰভু আহ্মাৰ নিলয়।।

সৰ্ব্বকালে পূৰ্ণ তুমি মহা মুনিৰাজ।

আমিসৱ অপূৰ্ণ সাধিবো কোন কাজ।।১৯৩০।।

তথাপি আহ্মাৰ জন্ম সাম্ফল কৰিয়ো।

যি কাৰ্য্য কৰিবো তাক শীঘ্ৰ আদেশিয়ো।।

হেন শুনি মহামুনি বিস্ময়ে উঠিল।

কিছু নুবুলিয়া আউৰ গৃহত পশিল।।১৯৩১।।

সিয়ো গৃহ ৰত্নময় জ্বলে আতিশয়।

অভ্যন্তৰে পশিলন্ত ব্ৰহ্মাৰ তনয়।।

শিশুপুত্ৰগণ কোলে লৈয়া নাৰায়ণ।

দেখন্ত গোৱিন্দ ৰঙ্গে কৰন্ত লালন।।১৯৩২।।

নাৰদক দেখি পুত্ৰগণক উপেক্ষি।

পূৰ্ব্বৱতে পূজিলন্ত দেৱ সৰ্ব্ব সাক্ষী।।

কেতিয়া আসিলা বুলি তহিতো পুছিলা।

নামাতি বিস্ময়ে ঋষি আউৰ গৃহে গৈলা।১৯৩৩।।

সিয়ো গৃহে পশি ঋষি দেখন্ত উত্তম।

স্নান কৰিবাক হৰি কৰন্ত উদ্যম।।

তিল কুশ তুলসী কুসুম শঙ্খ ধৰি।।

কৰন্ত তৰ্পণ ঋষি চান্ত দৃষ্টিভৰি।।১৯৩৪।।

তৈৰ হন্তে আউৰ গৃহে পশিলন্ত মুনি।

দেখন্ত মাধৱে হোম কৰন্ত আপুনি।।

পঞ্ছ মহাযজ্ঞ যে যজন্ত আউৰ ঠাই।

তাক দেখি আউৰ গৃহে পশিলন্ত যাই।।১৯৩৫।।

অনেক বৈষ্ণৱ ভাল ব্ৰাহ্মণক আনি।

পঞ্চামৃতে ভোজন কৰান্ত চক্ৰপাণি।।

আপুনি ভুজন্ত ব্ৰাহ্মণৰ অৱশেষ।

তাক দেখি মুনি আউৰ গৃহত প্ৰৱেশ।।১৯৩৬।।

সন্ধ্যাক উপাসি কৃষ্ণে আছে তৈত বসি।

মৌনব্ৰত কৰন্ত দেখিলা পাচে ঋষি।।

আউৰ গৃহে দেখে হৰি খড়্গ চৰ্ম্ম ধৰি।

ছাড়ন্ত জগত গুৰু নানা ভঙ্গি ধৰি।।১৯৩৭।।

কতো ঘোড়ে চৰি হৰি ফুৰন্ত আনন্দে।

আউৰ থানে দেখে কৃষ্ণ ফুৰে হস্তীস্কন্ধে।।

কতো গৃহ পশি ঋষি দেখন্ত প্ৰকটে।

শুতি আছে লক্ষ্মীপতি সুৱৰ্ণৰ খাটে।।১৯৩৮।।

চাটু পটু বোলে নট ভাট দাসগণে।

ৰুচিৰ চামৰ ধৰি বিঞ্চে দাসীগণে।।

উদ্ধৱক আদি মন্ত্ৰীগণক মতায়।

মন্ত্ৰ তন্ত্ৰ আলোচন্ত কৃষ্ণে কতো ঠাই।।১৯৩৯।।

কতো গৃহে দেখে জলক্ৰীড়া কৰা হৰি।

পৰম সুন্দৰী বেশ্যাগণে আছে বেঢ়ি।।

কতো গৃহে মুখ্য ব্ৰাহ্মণক মাতি আনি।

সালঙ্কৃত ধেনুচয় দেন্ত চক্ৰপাণি।।১৯৪০।।

কতো গৃহে ইতিহাস পুৰাণ শুনন্ত।

নাৰদে দেখন্তে বসি আছে ভগৱন্ত।।

যতেক পুৰাণ শাস্ত্ৰ ভাগৱত আদি।

শুনন্ত মাধৱে মহা তন্ত্ৰ মন্ত্ৰ বিধি।।১৯৪১।।

কতো সৱে গৃহে নিজভাৰ্য্যায়ে সহিতি।

পৰিহাস কথা কহি হাসন্ত শ্ৰীপতি।।

কতো গৃহে ধৰ্ম্মসেৱা কৰন্ত যাদৱ।

কৈতো অৰ্থ কামশাস্ত্ৰ সাধন্ত মাধৱ।।১৯৪২।।

কতো মন্দিৰত পৰমাত্মাক চিন্তন্ত।

প্ৰকৃতিতো পৰ যিটো ব্ৰহ্ম ভগৱন্ত।।

কতো সৱ মন্দিৰে দেখন্ত ঋষি যাই।

গুৰুক শুশ্ৰূষা কৰি আছে যদুৰায়।।১৯৪৩।।

মনোৰথ পুৰি নানা ভোগ্য বস্তু দেন্ত।

পিতৃ মাতৃ গুৰুত বৎসল ভগৱন্ত।।

কৈতো বীৰগণ সমে যুজা যদুপতি।

কৈতো সন্ধি কৰা শত্ৰু মাৰিবাক প্ৰতি।।১৯৪৪।।

কৈতো ৰাম সমে বসি ভকতৰ প্ৰাণ।

গুণন্ত কিমতে হৈবে সন্তৰ কল্যাণ।।

কতো গৃহে পশি ঋষি দেখে মহোৎসাহ।

কৰাৱন্ত কৃষ্ণ পুত্ৰগণৰ বিবাহ।।১৯৪৫।।

কতো জীউগণ বিহা দেন্ত চক্ৰপাণি।

জীউৰ সদৃশ ভাল বৰ বাছি আনি।।

শুভকাল কৰি হৰি বিধি অনুসৰি।

অনেক যৌতুক দেন্ত মনোৰথ পূৰি।।১৯৪৬।।

পুত্ৰসকলৰো কন্যা বাছি যদুৰায়।

কৰাৱে বিবাহ যাক যতেক যুৱাই।।

যত লাগে গ্ৰাম ভূমি দিয়া ভিন্নে ভিন্নে।

থাপন্ত সৱাকে বিশ্বৰূপ নাৰায়ণে।।১৯৪৭।।

দেখন্ত নাৰদ কতোসৱ গৃহে যাই।

পুত্ৰবধূগণ কৃষ্ণে আনন্ত দুনাই।।

মিলে মহামঙ্গল পৰম মহোদয়।

যাক দেখি চতুৰ্দ্দশ লোকৰ বিস্ময়।।১৯৪৮।।

কতোসৱ গৃহে নিজ দুহিতৃসৱক।

পঠাৱন্ত যদুপতি জমাইৰ গৃহক।

দুহিতৃক স্নেহে যেৱে কান্দন্ত মাদৱ।

পুনৰপি অনাইলে মিলয় মহোৎসৱ।।১৯৪৯।।

অষ্টাধিক শত আৰো ষোড়শ হাজাৰ।

এতেক কৃষ্ণৰ ভাৰ্যা নাৰী মধ্যে সাৰ।।

দশ দশ পুত্ৰ জন্মি আছে একৈকৰ।

তাসম্বাৰ মহোৎসৱ দেখি বিৱাহৰ।।১৯৫০।।

তিনিয়ো লোকৰ মহা মনত বিস্ময়।

তাক চাহি ফুৰা ঋষি ব্ৰহ্মাৰ তনয়।।

যতেক দেখন্ত আনন্দৰ সীমা নাই।

আউৰ মহা গৃহে ঋষি পশিলন্ত যাই।।১৯৫১।।

মহা মহা যজ্ঞ যত কৰন্ত সকলে।

সমস্তে দেৱক আৰাধন্ত কৌতূহলে।।

কতো গৃহে প্ৰতিষ্ঠা কৰন্ত পূৰ্ণকাম।

দীঘী সৰোবৰ কূপ মণ্ডপ আৰাম।।১৯৫২।।

কতো স্থানে দেখন্ত নাৰদে দৃষ্টিভৰি।

মৃগ চাহি ফুৰে হৰি বাজী ঘোৰে চৰি।।

সেহি থানে যদুবীৰগণ সমন্বিতে।

মাৰন্ত পৱিত্ৰ পশু যজ্ঞৰ নিমিত্তে।।১৯৫৩।।

কেহো যেন নিচিনয় হেন ৰূপ ধৰি।

ঘৰে ঘৰে চুম্পি কতো ফুৰে দেৱহৰি।।

অন্তেষপুৰত ফুৰা  ভাৰ্য্যাৰ সমাজে।

ক্ষণো মনে মনে ফুৰা নগৰৰ বাজে।।১৯৫৪।।

ৰাজা প্ৰজা ভাৰ্য্যা পাত্ৰ পন্তী লোক যত।

কোনে কেনে চৰ্চ্চা কৰে চৰিত্ৰ কিমত।।

তাকো জিজ্ঞাসন্ত কৃ্ণে দেখিল নাৰদ।

মনত বিস্ময়ে মুনি ভৈলন্ত তবধ।।১৯৫৫।।

যোগমায়া মহোদয় দেখি মহামুনি।

মনুষ্য উচিত মতি মাধৱক মানি।।

কতোক্ষণে পাচে মাধৱক পাশে যাই।

হাস্য কৰি কৃতাঞ্জলি বুলিলা বিনয়।।১৯৫৬।।

তযু যোগমায়া আজি জানিলো নিশ্চয়।

যোগীজনো যাক দুঃখ ৰূপে নজানয়।।

তযু পাদপদ্মে যাতো কৰিলাহা দায়া।

এতেকেসে যোগেশ্বৰ জানিলোহো মায়া।।১৯৫৭।।

তোহ্মাৰ মনুষ্য লীলা দেখি আতিশয়।

ভৈলো মহামোহ আশ্বাসিয়ো কৃপাময়।

তোহ্মাৰ স্বৰূপ প্ৰভু নজানো সমূলি।

মোক দাস বুলি জানিয়োক বনমালী।।১৯৫৮।।

ব্যাপি আছে তযু যসে সকল সংসাৰ।।

তাক দেখি মিলে মোৰ হৰিষ অপাৰ।।

ভুৱন পাৱন তযু লীলা গুণ গাই।

জগত পৰ্য্যিটি মঞি ফুৰো সৰ্ব্বদায়।।১৯৫৯।।

ঋষিক আশ্বাসি হৰি বুলিলন্ত হাসি।

কহো তত্ত্ব কথা তাঙ্ক শুনা দেৱঋষি।।

দেখা যাতো কৰো মঞি ধৰ্ম্মৰ মহত্ত্ব।

আপুনি প্ৰশংসি তাক কৰন্ত বেকত।।

তেৱে প্ৰৱৰ্ত্তিৱ ধৰ্ম্মজ্ঞান শাস্ত্ৰ বেদ।

হেন জানি মুনি তুমি নকৰিবা খেদ।।১৯৬১।।

শুক মুনি বদতি শুনিয়ো পৰীক্ষিত।

কৃষ্ণৰ বচনে ঋষি ভৈলৈ হৰিষিত।।

ভুৱন পাৱন সজ্জনৰ ধৰ্ম্ম যত।

ঘৰে ঘৰে হৰি তাক কৰন্ত বেকত।।১৯৬২।।

সৱাৰো গৃহত সেই এক ভগৱন্ত।

মহামুনি নাৰদে প্ৰত্যেক দেখিলন্ত।।

অনন্ত বীৰ্য্যৰ যোগমায়া মহোদয়।

বাৰে বাৰে দেখি মুনি আনন্দে বিস্ময়।।১৯৬৩।।

আশ্বাসিয়া কৃষ্ণে পাচে দিলন্ত বিদায়।

মাধৱক স্মৰি ঋষি গৈলা বীণা বায়।।

ধৰ্ম্ম অৰ্থ কাম যেন সাধন্ত মুৰাৰি।

গাইবাক লাগিলা ঋষি তাকে গীত কৰি।১৯৬৪।।

হেনয় মনুষ্য মূৰ্ত্তি ধৰি নাৰায়ণ।

পূৰ্ণকাম হুয়া তভো কৰন্ত ৰমণ।।

ষোড়শ সহস্ৰ নিজ ভাৰ্য্যাৰ মন্দিৰে।

বিশ্বৰূপ প্ৰকাশিয়া দেৱ দামোদৰে।।১৯৬৫।।

সজ্জন সুন্দৰ হাস্য কটাক্ষে ললিত।

কৃষ্ণমুখ দেখি যত ৰমণী মোহিত।।

মাধৱে সাধিল ভকতৰ মনোৰথ।

প্ৰকাশিল নিজকীৰ্ত্তি মুকুতিৰ পথ।।১৯৬৬।।

সমস্তে সিদ্ধিৰ বৃদ্ধিকাৰী দেৱহৰি।

যত কৰ্ম্ম কৰিল মনুষ্য তনু ধৰি।।

একোজনে যাক কৰিবাক নপাৰয়।

হেন কৃষ্ণ কৰ্ম্ম যিটো শুনয় গাৱয়।।১৯৬৭।।

যিটোজনে প্ৰশংসয় প্ৰসন্ন বদনে।

সমস্ত পাতক তাৰ দহে সহিক্ষণে।।

সপ্ৰেম ভকতি তাৰ মিলে মাধৱত।

ভগৱন্ত দেৱ যিটো মুকুতিৰ পথ।।১৯৬৮।।

হেন জানি নৰ-নাৰী শুনা সাৱধানে।

কৰ্ণ শুদ্ধ হৌক হৰি কথা পৰশনে।।

পৰম শোভন মহামুনি বিমোহন।

মাধৱৰ গৃহ মধ্যে ধৰ্ম্ম প্ৰৱৰ্ত্তন।।১৯৬৯।।

সজ্জন জনক শিক্ষা দিলা যদুপতি।

গৃহস্থ ধৰ্ম্মত মিলে কৃষ্ণৰ ভকতি।।

আদৰিয়া মাধৱৰ বচন যুগুতি।

যদিবা কৰিবে তাক নুহিকে শকতি।।১৯৭০।।

কৃষ্ণবাক্য নমানিলে মিলে মহাপাপ।

ভকতি কৰন্তে তাৰ হৰৈ মনতাপ।।

এতেকে মানিবা যত্নে কৃষ্ণৰ বচন।

সুখে দুখে লৈবা সৱে কৃষ্ণতে শৰণ।।১৯৭১।।

অনন্ত কন্দলি কহে কৃষ্ণৰ চৰণে।

মোৰ আন গতি নাই নাৰায়ণ বিনে।।

সাধুজনে এহি মোক কৃপা কৰিয়োক।

আষাৰেক ডাকি ছাড়ি ৰাম ঘোষিয়োক।।১৯৭২।।

.......................

।।দুলড়ী।।

 

নিগদতি শুক      শুনা পৰীক্ষিত

গৃহস্থৰ মহাধৰ্ম্ম।

কৃষ্ণে যেনমত     জগত মঙ্গল

আচৰিলা নিত্য কৰ্ম্ম।।

প্ৰত্যেক গৃহত      ৰমণী সহিতে

কৌতুহল ক্ৰীড়া কৰি।

সামান্যৰ মতে     ভাৰ্য্যাৰ লগতে

শুতিয়া থাকন্ত হৰি।।১৯৭৩।।

নিশি অৱসানে     শয়ন জানিয়া

কুক্কুটে কৰে আৰৱ।

ধ্বনি শুনি তাৰ        কৃষ্ণৰ ভাৰ্য্যাৰ

কাহাৰো নসহে গাৱ।।

কামে উনমত্ত      কৃষ্ণৰ কণ্ঠত

সাৱটি থাকন্ত ধৰি।

পাপিষ্ঠ কুক্কুট      কিসক ৰটস

জাগিৱন্ত প্ৰাণ হৰি।।১৯৭৪।।

কৃষ্ণক তেজিবে     ক্ষেণিতেকো মন

ইচ্ছা নাহি তাসম্বাৰ।

কুক্কুট পক্ষীক      শাপন্ত অধিক

শীঘ্ৰে হৌক তোৰ মাৰ।।

কুক্কুটৰ নাদ      শুনিয়া উন্মাদ

আনো যত পক্ষী আছে।

নিদ্ৰা পৰিহৰি      ৰাৱ আতিকাঢ়ি

উদ্যানৰ কাছে কাছে।।১৯৭৫।।

পাৰিজাত বনে     সুৰভি পৱনে

ভ্ৰমৰ নিদ্ৰা নযায়।

সঘনে মধুৰ      গুঞ্জৰে প্ৰচুৰ

যেন হৰি গুণ গাই।।

বাজনীয়া যত     সেৱক আছয়

নিসি অৱসান জানি।

নানা বাদ্য বায়    কৃষ্ণৰ জগাৱে

প্ৰকটিয়া চাটুবাণী।।১৯৭৬।।

তাসম্বাক গালি পাৰন্ত বিকলে

কৃষ্ণৰ কামিনী জন।

প্ৰভাত নৌহন্তে     প্ৰভুক জগাৱে

ভঙ্গ কৰে আলিঙ্গন।।

সিটো দুইদণ্ড      অৱসান নিশি

সৱাৰো ভৈল দুৰ্গম।

ভীষ্মক নন্দিনী     ৰুক্মিণীয়ো তাক

দেখিলা অতি বিষম।।১৯৭৭।।

কৃষ্ণৰ বাহুৰ      মধ্যত থাকিয়া

প্ৰভাত সময় জানি।

আলিঙ্গন ভঙ্গ      ভয়ে মহা দুখ

দেখন্ত নিতে ৰুক্মিণী।।

লক্ষ্মীৰূপে যদি     হৃদয়তে থাকা

মুকুন্দৰ মুখ চাই।

তভো মাধৱৰ     প্ৰেম আলিঙ্গন

তেজিবেক ৰঙ্গ নাই।।১৯৭৮।।

দুই দণ্ড নিশি     আছন্ত গোসাঞি

উঠন্ত শৰ্য্যাক ছাড়ি।

শুগি শৌচ হুয়া    আচান্ত কৰিয়া

বৈসন্ত আসন ভিৰি।।

নিৰ্ব্বিষয় ৰূপ     হুয়া আপোনাক

প্ৰকৃতিত পৰ কৰি।

অখণ্ড মণ্ডল      পৰম নিৰ্ম্মল

পৰমাত্মা ধ্যান ধৰি।।১৯৭৯।।

অবিদ্যা বৰ্জ্জিত্য         উপাধি ৰহিত

ব্যয় নাহি সু্প্ৰকাশ।

সৃষ্টি স্থিতি নাশ    শকতি লক্ষণ

দেখিয়া যাৰ আভাস।।

হেন পূৰ্ণানন্দ      আপোনাকে চিন্তি

থাকা মুহূৰ্ত্তেক মান।

ভকতক এহি      চিন্তিবাক প্ৰতি

শিক্ষা দেন্ত নাৰায়ণ।।১৯৮০।।

...............

।।ছবি।।

অনন্তৰে বিধৱতে        পূণ্যজলে প্ৰতিনিতে

কৰন্ত মাধৱে মহাস্নান।

সন্ধ্যা কৰি ব্ৰহ্ম জপি     দেৱ পিতৃগণ তৰ্পি

আদিত্যক দেন্ত অৰ্ঘ্য দান।।

ধৌত বস্ত্ৰ যুগ পিন্ধি    তিন্তা বস্ত্ৰ পৰিহৰি

দেৱগৃহে কৰন্ত গমন।

দেৱগণ পূজা কৰি     আপুনিয়ো স্ৰুৱ ধৰি

আহুতি কৰন্ত সনাতন।।১৯৮১।।

প্ৰভাৱতে হোম দিয়া   আদিত্যক আৱাহিয়া

আপুনাৰ অঙ্গ যত দেৱ।

তাসম্বাক ষড়ৰ্ঘিয়া     ঋষিগণ বিসৰ্জ্জিয়া

পিতৃক মাতৃক কৰা সেৱ।।

যাদৱ বংশৰ যত       জ্ঞানবৃদ্ধ আছে মানে

কৃষ্ণে তাক কৰন্ত সন্মান।

অভ্যাগত পূজা কৰি    সৱাহাকে মনপূৰি

বসন ভূষণ দেন্ত দান।।১৯৮২।।

প্ৰথম প্ৰসূতা বাছি     বৎস সমন্বিতে আনি

মুকুতাৰ মালা দিয়া গলে।

হেমশৃঙ্গী ৰৌপ্যখুড়া       বস্ত্ৰে মণ্ডি ঘটস্ৰৱা

ধেনুচয় আনি কৌতুহলে।।

বৈষ্ণৱ বিপ্ৰক আনি      বিধিৱতে চক্ৰপাণি

মণ্ডি ভাল বস্ত্ৰ অলঙ্কাৰ।

ঘৰে ঘৰে প্ৰতিদিনে      ধেনুদান কৰা প্ৰভু

চতুৰাশী তেহ্ৰয় হাজাৰ।।১৯৮৩।।

গো বিপ্ৰ গুৰুদেৱ        বৈষ্ণৱক কৰি সেৱ

সমস্ত ভূতকে নমে মনে।

নিজ মূৰ্ত্তি সুমঙ্গল   দ্ৰব্য সৱ পৰশিয়া

পাচে যান্ত অন্নৰ ভৱনে।।

অভ্যাগত গুৰুজন     ভোজন কৰায়া পাচে

পুত্ৰ মিত্ৰ ভ্ৰাতৃ সমন্বিতে।

ষড়ৰস পঞ্চামৃত         অন্ন সৰ্ব্ব গুণান্বিত

ভুঞ্জন্ত মাধৱ বিধিৱতে।।১৯৮৪।।

ভোজন সময়ে হৰি       মহাভাগৱত শুনি

একচিত্তে থাকা মৌন ধৰি।

পাচে আচমান হুয়া       মুখে হৰিতকী দিয়া

সুখাসনে বসন্ত মুৰাৰি।।

কৰ্পূৰ তাম্বুল সাজি       ভাৰ্য্যাগণে যোগাৱন্ত

ভুঞ্জত মাধৱে সুখবাস।

পাচে ভক্তজনে জানি      দিব্য বস্ত্ৰচয় আনি

প্ৰভুক কৰায়ে মহালাষ।।১৯৮৫।।

নৰলোক বিভূষণ   ত্ৰিভূৱনে বিমোহন

পৰমাত্মা তনু মূৰ্ত্তিধৰ।

হেন শৰীৰক হৰি       আপুনি ভূষিত কৰি

মনক ৰমিয়া ভকতৰ।।

ত্ৰৈলোক্যত অত্যাচাৰ      মাধৱৰ অলঙ্কাৰ

শ্ৰীবৎস কৌস্তভ পীতবাস।

বনমালা শোভে গলে      মকৰ কুণ্ডল দোলে

সদায়ে মুখত অল্পহাস।।১৯৮৬।।

অমূল্য কিৰীটি শিৰে      অঙ্গদ কঙ্কণ কৰে

গলে জ্বলে মুকুতাৰ হাৰ।

কস্তুৰী চন্দন গন্ধে       বিলোপিত কলেৱৰ

জ্বলে ৰুচিকৰ সুকুমাৰ।।

এহিমতে মণ্ডি কায়       দৰ্পণত ছায়া চাই

সভাক বজান্ত যাত্ৰা কৰি।

বৃদ্ধ বিপ্ৰ দেৱতাক       প্ৰদক্ষিণ কৰি আছে

জয় জয় কৃষ্ণৰ উচ্চৰি।।১৯৮৭।।

পূৰ্ণকুম্ভ দীপ ধৰি   আগে সুকোমল নাৰী

ব্ৰাহ্মণে পঢ়ন্ত বেদধ্বনি।

নিজ সভা মাজে যাই     ৰত্নময় আসনত

আনন্দে বৈসন্ত যদুমণি।।

সেৱকসকলে আসি       চতুষ্পাশে উপাসয়

সেৱাৰ সম্ভাৰ কৰে ধৰি।

ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য      শিষ্ট শূদ্ৰ জনো আসি

বসিলা কৃষ্ণক মান্য কৰি।।১৯৮৮।।

...........

।।দুলড়ী।।

 

হৰিয়ো সদায়     মধুৰ বচনে

সৱাকো কৰি আশ্বাস।

যাৰ যেন কাম         সাধি আতি ৰাম

সৱাৰে পূৰন্ত আশ।।

পুৰোহিত পাত্ৰ     পুত্ৰ মন্ত্ৰী যত

সৱাকো কৰি আদৰ।

বসনে ভূষণে      তুষিয়া সজ্জনে

শিক্ষা দেন্ত মহন্তৰ।।১৯৮৯।।

কস্তুৰী কুঙ্কুমে     মণ্ডিত চন্দনে

দিব্য পুষ্প মালাচয়।

অন্তেষপুৰৰ       সেৱকে আনিয়া

মাধৱত নিৱেদয়।।

প্ৰথমে বিপ্ৰক      দিয়া কৃষ্ণদেৱ

আনো জাতি যত আছে।

সুহৃদ বান্ধৱ      সৱাকে মণ্ডিয়া

আনিয়া পিন্ধন্ত পাচে।।১৯৯০।।

দুৰ্ল্লভ তাম্বুল      কৰ্পূৰ প্ৰচুৰ

বিহ্লাৱন্ত গাৱে গাৱে।

দুখী দৰিদ্ৰক      সাদৰ কৰন্ত

ভকত বন্ধু মাধৱে।।

অন্তেষপুৰৰ       সুন্দৰীগণকো

মুকুন্দৰ আছে দয়া।

কুসুম চন্দন      তাম্বুলৰ ভাগ

পঠান্ত সাদৰে দিয়া।।১৯৯১।।

নগৰত যত       কৃষ্ণত ভকত

কন্যাগণ আছে মানে।

সৱাৰো উৎসৱ         সাধন্ত মাধৱ

আনন্দে প্ৰসাদ দানে।।

বস্ত্ৰ অলঙ্কাৰে      কুসুম চন্দনে

জ্বলৈ সমজ্যাৰ জন।

কতোক্ষণ পাচে     ৰাজাৰ সেৱাক

মাদৱৰ হোৱে মন।।১৯৯২।।

সেহি সময়ত      কৃষ্ণৰ ইঙ্গিত

সাৰথি জানি দাৰুকে।

সুগ্ৰীৱক আদি     চাৰি মহাশয়

সজান্ত ৰথ উৎসুকে।।

সুৱৰ্ণে ৰচিত      পৰম বিচিত্ৰ

জ্বলে সিটো মহাৰথ।

প্ৰণাম কৰিয়া      কৃতাঞ্জলি হুয়া

যোগান্ত নিয়া আগত।।১৯৯৩।।

দেখি নাৰায়ণে     উঠি সেহিক্ষণে

সাৰথিৰ কৰে ধৰি।

উদ্ধৱ সাত্যকি     দুই পাশে ধৰি

মধ্যত চলিলা হৰি।।

উদয়গিৰিত       আদিত্য যেহেন

প্ৰকাশ কৰন্ত চড়ি।

অন্তেষপুৰৰ       ৰমণীসকলে

প্ৰেমে চান্ত দৃষ্টি ভৰি।।১৯৯৪।।

তাসম্বাৰ প্ৰেম     কটাক্ষ দেখিয়া

স্তুম্ভি তাত কতোক্ষণ।

হসিত বদনে      চাহি ঘনে ঘনে

সৱাৰো হৰিয়া মন।।

সুধৰ্ম্মা সভাক     চলন্ত গোসাঞি

মধুৰ মূৰতি ধৰি।

বৃষ্ণিবীৰগণ       যোগানে চলয়

বেঢ়ি চাৱে নৰনাৰী।।১৯৯৫।।

প্ৰত্যেক ভাৰ্য্যাৰ    গৃহে এহিমতে

নিত্যকৰ্ম্ম কৰি হৰি।

গৃহৰ বজায়      ৰাজাৰ সেৱাক

চলা একৰূপ ধৰি।।

ভকতৰ প্ৰিয়      সাধন্ত মাধৱে

ধৰিয়া মনুষ্য বেশ।

দেৱ যদুনাথ      সুধৰ্ম্মা সভাত

হোৱন্ত যায় প্ৰৱেশ।।১৯৯৬।।

সিপুনু সভাত      যিসৱ থাকয়

মিলে তাৰ মহোদয়।

ক্ষুধা তৃষ্ণ শোক    জৰা মৃত্যু মোহ

ছয়ো যাত নলঙ্ঘয়।।

মহা ৰত্নময়     জ্বলে আতিশয়

নিৰ্ম্মি আছা বিশ্বকৰ্ম্মে

স্বৰূপে গুণয়      প্ৰকাশ কৰয়

সাক্ষাতে শোভন ধৰ্ম্মে।।১৯৯৭।।

এতেকে সুধৰ্ম্মা     নামে নিৰুপমা

সত্য মহাপ্ৰভাৱতী।

কৃষ্ণৰ প্ৰসাদে      উগ্ৰসেন ৰাজা

কৰন্ত যাত দীপিতি।।

সিংহাসনে বসি     আছা উগ্ৰসেন

জপি গোৱিন্দৰ নাম।

কৃতাঞ্জলি হুয়া     আদেশ বুলিয়া

কৰিল কৃষ্ণে প্ৰণাম।।১৯৯৮।।

উঠি উগ্ৰসেন      সাৱটি ধৰিয়া

পৰম আনন্দ মনে।

মহা ৰত্নময়       আসনতে নিয়া

বৈসাইলা নিয়া আপুনে।।

মহা মনোহৰ      আসনে বসিয়া

কৰন্ত কৃষ্ণে প্ৰকাশ।

শৰীৰ কান্তি      জ্বলে দশোদিশ

মুখে শোভো আল্পহাস।।১৯৯৯।।

যদুবীৰগণে       চৌপাশে উপাসে

কৃষ্ণ আছা মাজে বসি।

তাৰাগণ মাজে     গগণমণ্ডলে

জ্বলে যেন পূৰ্ণশশী।।

উপমন্ত্ৰীসৱে       কৃষ্ণক চাহিয়া

বোলে নানা পৰিহাস।

ক্ষণেকো তেজিবে        নোৱাৰা গোসাই

জানিলো ভাৰ্য্যাৰ পাশ।।২০০০।।

ৰাজকাৰ্য্য তযু     কৰিবো নলাগে

আসিলা সৱাতো পাচে।

ৰাত্ৰি দিন কিছু    নজানো গোসাঞি

থাকা কামিনীৰ কাছে॥

তোহ্মাৰ ভাৰ্য্যাৰ    ঘৰে ঢাকিলেক

দ্বাৰকাৰ আদৰাজ্য।

আৰো লক্ষ্য দুই         কন্যা বিহা কৰা

তেৱে সিজে ৰাজকাৰ্য্য॥২০০১॥

তোহ্মাৰ সমান         কামাতুৰ নৰ

নতু দেখো শুনো আমি

বালক কালতে     গোৱালৰ ভাৰ্য্যা

সকল হৰিলা তুমি।।

ভাল বৈদ্য তুমি        কংসৰ কি্কৰী

কুঁজীৰ কুঁজ খণ্ডিলা।

তাইৰেসে পদে     সোদৰ মাতুল

কংসৰ কন্ধ পড়িলা।।২০০২।।

গোপিকাৰ ভাগ         চাহিলা গোপাল

বালক কালতে তুমি।

তোহ্মাৰ আগত         নজানো কিমতে

ভাৰ্য্যাক ৰাখিবো আমি।।

আনো নানা ৰস        কৰি পৰিহাস

সেৱা কৰে মন্ত্ৰীগণে।

ভকতবৎসল      কমলনয়ন

হাসি থাকা ৰঙ্গ মনে।।২০০৩।।

.............

 

।।পদ।।

পটুতৰ নটগণে     নৰ্ত্তকী সহিতে কাছি

কৃষ্ণৰ আগত কৰে নৃত্য।

পদতাল কৰতাল        মৃদঙ্গ বজাৱে ভাল

পঞ্চম উচ্চৰি গাৱে গীত।।

কেহো কৰে শঙ্খধ্বনি    বোলে কতো তুতি বাণী

কতো বেণু মুৰুজ বজাৱে।

প্ৰকটিয়া ভাটগণে        ভটিমা ৰটয় মনে

ৰুদ্ৰকবিলাস কতো বাৱে।।২০০৪।।

সেহি দিব্য সমজ্যাত      আছয় ব্ৰাহ্মণ যত

পৰম পণ্ডিত শুদ্ধমতি।

কৃষ্ণক সম্বোধি পাচে      ব্ৰহ্মতত্ত্ব বখানয়

গুণন্ত আনন্দে যদুপতি।।

পূৰ্ব্বৰ বৈষ্ণৱ যত       ৰাজাসৱ আছিলেক

তাসম্বাৰ চৰিত্ৰ কহন্ত।

এহিমতে প্ৰতিদিনে       সমজ্যাত বসি হৰি

সজ্জনৰ ধৰ্ম্ম দৰশান্ত।।২০০৫।।

শুনিয়োক শিষ্টলোক      এক মন কৰিয়োক

ভজিয়োক জগতজীৱন।

পূৰ্ণ হৌক মনোৰথ       ধৰা ভকতিৰ পথ

কেশৱত পশিয়ো শৰণ।।

গোৱিন্দৰ গৃহাশ্ৰম        নিত্যকৰ্ম্ম দানধৰ্ম্ম

সজ্জ্ন ৰঞ্জন গুণ যত।

যিটো মন দেয় আত     নুহি তাৰ কৰ্ম্মপাত

সৱে পূৰ্ণ হোৱে নিত্যাগত।।২০০৬।।

দেৱ ঋষি পিতৃ ধাৰ      সৱে সুজা যায় তাৰ

নুহি সিটো বিধিৰ কিঙ্কৰ।

সকল প্ৰকাৰে যিটো ভজিলেক মুকুন্দক

নিস্তৰিল জানা সিটো নৰ।।

হেন জানি ধন জন      জীৱন যৌৱন যত

তাৰ গৰ্ব্ব তেজিয়ো সকলে।

নজানিবা কেতিক্ষণ       চাম্প দিয়া চিলে যেন

চুলি ধৰি নেয় ঘোৰ কালে।।২০০৭।।

জানো বোলা হেন বাণী  কাল এৰাইবেক কোনি

শুনা তাৰ কহো উপদেশ।

কৃষ্ণক ভজিয়া নৰে      লগতে মুকুতি পাৱে

এৰাই যম যাতনাৰ ক্লেশ।।

এতেকে নপাৱে কাল      মৰণ জানিবা ভাল

কৃষ্ণক স্মৰিয়ো যত্ন কৰি।

অনন্ত কন্দলি কহে       যাৱদেকে প্ৰাণ ৰহে

তাৱে নৰে বোলা ৰাম হৰি।।২০০৮।।

..................

 

।।কৃষ্ণৰ ওচৰলৈ বন্দী ৰাজসৱৰ দূত প্ৰেৰণ।।

                          ।।পদ।।

 

শুক নিগদতি শুনিয়োক বিষ্ণুৰাত।

মহাৰঙ্গে সভাত আছন্ত জগন্নাথ।।

চতুষ্পাৰ্শ্বে উপাসি আছন্ত শিষ্ট জনে।

অনন্তৰে যেন ভৈলা শুনা সাৱধানে।।২০০৯।।

মহামন্দ জৰাসন্ধ মগধৰ পতি।

অযুত হস্তীৰ বল বিপুল শকতি।।

কৰি দিগবিজয় জিনিলা বসুমতী।

ভয়তে বৰিল তাক যতেক নৃপতি।।২০১০।।

যিবা বন্দী কৰ ধৰি নিলে তাসম্বাক।।

অষ্ট শতাধিক দুই অযুত ৰাজাক।

বন্দী কৰি থৈলা শঙ্কৰক পূজিবাক।।২০১১।।

চতুষ্পাশে পৰ্ব্বতৰ গড় ভয়ঙ্কৰ।

পোতাশাল বান্ধি আছে তাহাৰ গহ্বৰ।।

তাহাৰ ভিতৰে থৈয়া আছে বন্দী কৰি।

দণ্ডে যুগ যায় সুমৰন্ত হৰি হৰি।।২০১২।।

ফাল্গুন মাসৰ কৃষ্ণাৰ সিৱ চতুৰ্দ্দশী।

সেহি দিনা শঙ্কৰক পূজিব হৰিষি।।

বাট চাই আছে জৰাসন্ধ মন্দমতি।

এহি জানি ৰাজাগণে গুণে দিনে ৰাতি।।২০১৩।।

কৃষ্ণ বিনে ইষ্টদেৱ নাহিকে আহ্মাৰ।

ইটো ঘোৰ আপদত কৰিবে নিস্তাৰ।।

ভকতৰ ভয়হৰ তুমিসে ঈশ্বৰ।

পতিত পাৱন প্ৰভু কৰুণাসাগৰ।।২০১৪।।

এহি বুলি ভাল এক মনুষ্যক মাতি।

পঠাইলন্ত দূতসৱে মাধৱক প্ৰতি।।

অনেক কাকূতি তুতি প্ৰণতি বুলিল।

অলক্ষিতে আসি দূত দ্বাৰকা পশিল।।২০১৫।।

অপূৰ্ব্ব মনুষ্য আসি সিংহদ্বাৰ পাইল।

শীঘ্ৰে দ্বাৰপালে নিয়া কৃষ্ণত ভেণ্টাইল।।

সমজ্যাক ৰঞ্জি বসি আছা কৃষ্ণদেৱ।

দণ্ডৱতে পাৰি দূত কৰিলেক সেৱ।।২০১৬।।

কৃষ্ণৰ সদয় জানি কৃতাঞ্জলি ধৰি।

কহিবে লাগিলা আতি সুকোমল কৰি।।

জৰাসন্ধে বন্দী কৰি আছে ৰাজাগণ।

দূত ৰূপে আসি আছো তোহ্মাৰ চৰণ।।২০১৭।।

শুনিয়োক প্ৰভু ৰাজাগণৰ বচন।

আৰ্ত্তৰাৱে তযু পাৱে পশিলো শৰণ।।

ত্ৰাহি কৃষ্ণ ত্ৰাহি কৃষ্ণ দুষ্টবিনাশন।

ভকত জনৰ মহাভয় বিভঞ্জন।।২০১৮।।

বলৰ বীৰ্য্যৰ যাৰ নজানি প্ৰমাণ।

শৰণ পশিলো প্ৰভু কৰা পৰিত্ৰাণ।।

ভিন্নবুদ্ধি প্ৰভু আমি নিচিনো তোহ্মাক।

এতেকে সংসাৰ তাপে নছাড়ে আহ্মাক।।২০১৯।।

মূৰ্খ ইটো লোক বিকৰ্ম্মত কৰে ৰতি।

তযু সেৱা কুশল কৰ্ম্মত নাই মতি।।

কাম্যকৰ্ম্ম অনিত্য বিৰোধ ধৰ্ম্ম ধৰে।

তুমি কহি আছা মোক্ষ পথক নচাৰে।।২০২০।।

কালৰ ঈশ্বৰ প্ৰভু নগণি তোহ্মাক।

ৰাখিবেক  বুলি ভজে ক্ষুদ্ৰ দেৱতাক।।

জীৱো বুলি যতেক বস্তুক কৰে আশ।

নমো কাল ৰূপে এক তিলে কৰা নাশ।।২০২১।।

অভকত লোকৰ কহিলো এহি গতি।

আমি পুনো তোহ্মাকেসে ভজো দিনে ৰাতি।।

কিসক আহ্মাক তভো পাৱে ইটো দুখ।

ত্ৰাহি ত্ৰাহি হুয়ো ঝান্তে আহ্মাক সন্মুখ।।২০২২।।

সজ্জন পাতিলে দুষ্টজন বিনাশিত।

যদি অৱতৰি প্ৰভু আছা পৃথিৱীত।।

তেৱে আমি বন্ধন দুখক পাঞো কেনে।

তোহ্মাৰ আজ্ঞাক প্ৰভু লঙ্ঘে আন জনে।।২০২৩।।

কিবা তুমি ৰাখিলাতো ভুঞ্জে নিজকৰ্ম্ম।

একো শাস্ত্ৰে আমি নতু শুনো হেন ধৰ্ম্ম।।

নুহিকে উচিত ইটো বোলো আমি ডৰে।

তুমি তুষ্ট হৈলে দুখ পাৱে কোন নৰে।।২০২৪।।

শুনা প্ৰভু আমি যেন পাঞো মহা দুঃখ।

স্বপ্ন সম পৰাধীন নৃপতিৰ সুখ।।

ভয়ে গৰ্ভ গলে সদা মৃতক পৰায়।

পুত্ৰ দাৰা মহাভাৰ বহো সৰ্ব্বদাই।।২০২৫।।

পূৰ্ব্বতে সকামী হুয়া ভজিলো তোহ্মাক।

তেজিলো পৰম সুখ তোহ্মাৰ কথাক।।

নিষ্কাম ভকতে যাক পাৱে হৃদয়তে।

হেন সুখ তেজি মৰো বিষয় ক্লেশতে।।২০২৬।।

ভৈলো মহা কৃপণ বঞ্চিলে তৱ মায়া।

এহি জানি কৃষ্ণ প্ৰভু কৰিয়োক দায়া।।

ভকতৰ দুখ হৰে যাৰ দুই পাৱে।

কৰিয়োক কৃপা হেন ঈশ্বৰ মাধৱে।।২০২৭।।

বান্ধি আছে জৰাসন্ধ নাগ কৰ্ম্মপাশ।

কৰিয়ো মোচন চতুৰ্ভুজ ভয়নাশ।।

আপুনি বিক্ৰম কৰি হুয়োক মেলান।

যদি হেন বোলা প্ৰভু শুনা কোন ঠান।।২০২৮।।

প্ৰমত্ত মাতঙ্গ দশ হাজাৰৰ বল।

জৰাসন্ধ ৰাজা প্ৰভু জানিবা নিষ্ফল।।

তোহ্মাতেসে গহে আমি নবৰিলো তাক।

এতেকে একলে জিনি আনিলে আহ্মাক।।২০২৯।।

আপোন মন্দিৰে বন্দী কৰি আছে থৈয়া।

মহা সিংহে আছে যেন ছাগক ৰাখিয়া।।

শিৱ চতুৰ্দ্দশী হৈলে কাটিবে সৱাক।

প্ৰাণবন্ধু আহি যেৱে নাৰাখা আহ্মাক।।২০৩০।।

তোহ্মাকো যুজিলে প্ৰভু দুই নৱ বাৰ।

হাৰিলে সোতৰ বাৰ লাজ নাই তাৰ।।

মনুষ্য শৰীৰ ধৰি লীলা কৰা তুমি।

আপুনি বাৰেক তাক জিনাইলাহা স্বামী।।২০৩১।।

তাতেসে অধিক দৰ্প বাঢ়িল তাহাৰ।

তোহ্মাৰ প্ৰজাক পীড়া কৰে দুৰাচাৰ।।

নামতে অজিত কোনে জিনিবে তোহ্মাক।

হেন জানি প্ৰভু ঝাণ্টে তড়িয়ো আহ্মাক।।২০৩২।।

অষ্টাধিক শত কুৰি হাজাৰ নৃপতি।

মোক পঠাইলেক এহি কৰিয়া কাকূতি।।

জৰাসন্ধ বন্ধন বিকল এৰাইবাক।

কৰন্ত আক্ষেপ সৱে দেখিবে তোহ্মাক।।২০৩৩।।

তৱ দুই চৰণ সুমৰে দিনে ৰাতি।

দুখিতৰ দুখ দূৰ কৰা যদুপতি।।

.......................

 

।।নাৰদৰ আগমন।।

 

এহিমতে ৰাজদূতে কহন্তে আছয়।

সেহি মেলা মিলিল নাৰদ কৃপাময়।।২০৩৪।।

শৰত চন্দ্ৰৰ কান্তি জ্বলে কলেৱৰ।

চিত্ৰ মৃগচৰ্ম্ম পিন্ধি আছা মনোহৰ।।

প্ৰকট পিঙ্গট জটা মাথে প্ৰকাশয়।

কমল কেশৰচয় জ্বলে যেন নয়।।২০৩৫।।

সুদীৰ্ঘ তিলক শোভে ললিত কপালে।

কৃষ্ণদত্ত তুলসীৰ মালা দুলে গলে।।

বিমল মৃণাল ভুজ যুগল ললিত।

ৰুদ্ৰক টোকাৰি ধৰি বোলাৱন্ত গীত।।২০৩৬।।

প্ৰিয়বন্ধু মাধৱৰ গুণ কৰ্ম্ম যত।

মধুৰ সুস্বৰ কৰি গাৱন্ত সতত।।

সকল লোকৰ মহাপাতক ডকাই।

জগতকে ৰমি ফুৰে হৰিগুণ গাই।।২০৩৭।।

হেন দেৱঋষি আসি মিলিলা সভাত।

উদয় ভৈলন্ত যেন আদিত্য প্ৰভাত।।

সৰ্ব্বলোক মহেশ্বৰ কৃষ্ণে দেখিলন্ত।

উঠি আথে বেথে নমস্কাৰ কৰিলন্ত।।২০৩৮।।

সমস্ত সমাজ সমে নমস্কাৰ কৰি।

তুষিলা ঋষিক বিধিমতে পূজি হৰি।।

কৃষ্ণৰ সন্মুখে ঋষি বসিল আসনে।

বিনাইবে লাগিলা হৰি মধুৰ বচনে।।২০৩৯।।

জগত পৰ্য্যাটি ফুৰা ঈশ্বৰ সূচাই।

তিনিয়ো লোকৰ শোক দুৰ্গতি গুচাই।।

এহি মহালাভ প্ৰভু জানিবা আহ্মাৰ।

পৰম নিৰ্ভয়ে কৰা পাপীক নিস্তাৰ।।২০৪০।।

ঈশ্বৰ নিৰ্ম্মিত যত আছয় সংসাৰ।

তাত অবিদিত প্ৰভু নাহিকে তোহ্মাৰ।।

জগতৰে সাক্ষী সমস্তকে জানা তুমি।

এতেকে তোহ্মাৰ আজি বাৰ্ত্তা পুছো আমি।২০৪১।।

আহ্মাৰ সুহৃদ যুধিষ্ঠিৰ মহীপতি।

সুখে আছন্ত ভাতৃগণ সমন্বিতি।।

আন কিবা বাঞ্ছা আছে তাসম্বাৰ মনে।

সাধিবাক লাগি তাক কহিয়ো আপুনে।।২০৪২।।

বদতি নাৰদ মাধৱৰ পদ চাই।

ব্ৰহ্মাদিকো মুহি আছা তুমি যদুৰায়।।

তোহ্মাৰ মায়াক দেখি আছো বহুবাৰ।

পৰম দুস্তৰ যাৰ নাহি কুল পাৰ।।২০৪৩।।

অন্তৰ্য্যামী ৰূপে আছা সমস্তে ভুতত।

কাষ্ঠমধ্যে হুতাশন আছে যেন মত।।

নিজ শকতিৰে ঢাকি আপুন প্ৰকাশ।

আছা প্ৰভু কেহো তযু নুবুজে আভাস।।২০৪৪।।

এতেকে আহ্মাক প্ৰভু পূজিবে যুগুত।

অনুমানি বোলো প্ৰশ্ন নুহি অদভূত।।

স্বৰূপত তৱ চেষ্টা বুজিবেক কোনে।

মায়া কৰি জগতকে স্ৰজিলা আপুনে।।২০৪৫।।

সত্য হেন জানে যাত মহা বিশ্বখান।

কেৱলে প্ৰণামো যাৰ অচিন্ত লক্ষণ।।

মায়া শৰীৰত জীৱ বন্দী হুয়াছয়।

ঈশ্বৰক নজানিয়া মৰে উপজয়।।২০৪৬।।

তাক তাড়িবাক তযু লীলা অৱতাৰ।

কৰা নিজনাম গুণ মহিমা বিস্তাৰ।।

তাকে শুনি হোৱে জীৱ সংসাৰ মোক্ষণ।

নমো হেন দেৱ দিয়ো আহ্মাক শৰণ।।২০৪৭।।

আপুনি সমস্তে জানা পুছিলা তথাপি।

ময়ো আৱে নিৱেদোহো শুনা জগব্যাপী।।

লোকক দেখায়া তুমি মনুষ্য চৰিত্ৰ।

এতেকে তোহ্মাক মোৰ শুনাইতে উচিত।।২০৪৮।।

তোহ্মাৰ ভকত যুধিষ্ঠিৰ নিষ্ঠচিত্ত।

তাহান বাঞ্ছিত তযু সাধিতে উচিত।।

তোহ্মাৰেসে প্ৰসাদে ভৈলন্ত মহাৰাজা।

তযু আজ্ঞা কৰিয়া পালন্ত সৱে প্ৰজা।।২০৪৯।।

ভীমসেন নকুল অৰ্জ্জুন সহদেৱ।

তোহ্মাত অপৰ দেৱ নজান্ত কেৱ।।

কুন্তীয়ো পৰম শান্তি দ্ৰৌপদী সুন্দৰী।

সবান্ধৱে পাণ্ডৱে তোহ্মাক সেৱা কৰি।।২০৫০।।

ত্ৰৈলোক্য পৰ্য্যটি ফুৰো তযু গুণ গাই।

পাণ্ডৱৰ শুদ্ধ যশ শুনো সৰ্ব্বদাই।।

ত্ৰৈলোক্য ঈশ্বৰ হৰি তুমি সখা ভৈলা।

অৰ্জ্জুনে খাণ্ডৱ দহি অগ্নিক তুষিলা।।২০৫১।।

শ্বেতবাহন দান দিলা হুতাশন।

অক্ষয় দুই তূণ গাণ্ডীৱ ধনুখান।।

বনক দহন্তে দৈত ময়ক ৰাখিলা।

তাৰ হাতে পাণ্ডৱক সভা সজাই দিলা।।২০৫২।।

মেৰুৰ উপৰে দেখি আছো ব্ৰহ্ম সভা।

কুবেৰৰো সভাৰ দেখিলো মহা প্ৰভা।।

ইন্দ্ৰৰো সভাক দেখি আছো চিত্ৰতৰ।

বৰুণৰো সবা ভাল দেখি মনোহৰ।।২০৫৩।।

যমৰো সবাৰ ভাল দেখয়াছো প্ৰভা।

সৱতো অধিক জ্বলে পাণ্ডৱৰ সভা।।

যত সভা দেখি আছো সৱে ৰত্নময়।

যথা মন বাঞ্ছে সৱে তথাকে চলয়।।২০৫৪।।

সৱাকে উপাসে দেৱসিদ্ধ মুনিগণে।

পাণ্ডৱৰ সভা সম নাহি একো ঠানে।।

পাণ্ডুক দেখিলো ধৰ্ম্ম ৰাজাৰ সভাত।

মিনতি কৰিয়া বাৰ্ত্তা পুছিলা সাক্ষাত।।২০৫৫।।

ৰাজসূয় কৰি হৰিশ্চন্দ্ৰ নৰপতি।

ইন্দ্ৰৰ লগত বসি কৰন্ত দীপিতি।।

যুধিষ্ঠিৰে পুত্ৰে যেৱে কৰে ৰাজসূয়।

তাহানো উপৰে তেৱে মোৰ স্থান হুই।।২০৫৬।।

আছন্ত সহায় হৰি কহিবাক মুনি।

যুধিষ্ঠিৰে ৰাজসূয়ে কৰন্তোক জানি।।

এহি বাৰ্ত্তা আনি মঞি ৰাজাত জনাইলো।

সভা দেখি পাণ্ডৱৰ মহা ৰঙ্গ ভৈলো।।২০৫৭।।

অযুতেক হস্ত সিটো সভাৰ প্ৰমাণ।

মাজে মাজে সৰোবৰ পুষ্পিত উদ্যান।।

চৰি চক্ৰবাক হংস গুঞ্জৰে ভ্ৰমৰ।

উৎপল কমল ফুলি আছে মনোহৰ।।২০৫৮।।

জল স্থল নিচিনয় ৰত্নৰ প্ৰভাৱে।

স্থানে স্থানে বিদ্যাধৰে মৃদঙ্গ বজাৱে।

অস্পৰা নাচয় গন্ধৰ্ব্বে গাৱে গীত।

দৰশনে হৰে মহা মহন্তৰো চিত্ত।।২০৫৯।।

সভাৰ মধ্যত ৰত্ন সিহাসনে বসি।

প্ৰকাশন্ত যুধিষ্ঠিৰ যেন পূৰ্ণশশী।।

পাণ্ডুৰ বচন শুনি ভৈল ৰোমাঞ্চিত।

তোহ্মাকেসে স্তুতি বাণী বুলিলা তহিত।।২০৬০।।

জয় জয় কৃষ্ণ প্ৰভু ভকতবৎসল।

তাহানেসে প্ৰসাদত আহ্মাৰ কুশল।।

আহ্মাৰ শকতি ইটো কাৰ্য্য সিদ্ধ নুই।

কৃষ্ণৰ ঈঙ্গিত হৈলে সিজে ৰাজসুয়।।২০৬১।।

চৰণত ধৰো গুৰু কৰোহো কাকূতি।

কহিবা কৃষ্ণত এহি আহ্মাৰ মিনতি।।

এতেকে কহিলো প্ৰভু পুছিলা আপুনে।

যুধিষ্ঠিৰ নৃপতিৰো আছে এহি মনে।।২০৬২।।

তোহ্মাকেসে পূজিবন্ত কৰি ৰাজসূয়।

এহিমাত্ৰ চিন্তি আছে উত্ৰাৱল হুই।।

তোহ্মাৰেসে যশ ভকতৰ মহোদয়।

হেন জানি অনুমোদ কৰা কৃপাময়।।২০৬৩।।

নুহি এথা থাকি প্ৰভু দিয়ো অনুমতি।

কিন্তু তথা চলিবাক লাগে প্ৰাণপতি।।

সেহি মহা ৰাজসূচয় সভাৰ মাজত।

যুধিষ্ঠিৰে অচ্চিৱন্ত তোহ্মাৰ পাৱত।।২০৬৪।।

তাক দেখিবাক আতি কৰে ৰঙ্গমন।

ব্ৰহ্মা আদি কৰি যত আছে দেৱগণ।।

যতেক ভকত তযু ৰাজা আছে মানে।

আক দেখিবাক বাঞ্ছা কৰে ৰাত্ৰিদিনে।।২০৬৫।।

যাহাৰ শ্ৰৱণ দৰশন চিন্তনত।

অন্ত্যজাতি পৱিত্ৰ হোৱয় ভালমত।।

হেন ব্ৰহ্ম ঘন মূৰ্ত্তি তোহ্মাক দেখিত।

কৰিবেক বাঞ্ছা সিটো কোন বিপৰীত।।২০৬৬।।

ইটো ব্ৰহ্ম শৰীৰত সাক্ষাতে দেখিব।

নমস্কাৰ কৰন্তে চৰণ পৰশিৱ।।

তান কি ভাগ্যৰ গতি জানে কোন জনে।

থাকিবেক মহাশয় তযু আগমনে।।২০৬৭।।

যাৰ পাদ পদ্ম প্ৰক্ষালন জলচয়।

হুয়া মহাতীৰ্থ ত্ৰৈলোক্যক উদ্ধাৰয়।।

স্বৰ্গ মন্দাকিনী পাতালত ভগৱতী।

পৃথিৱীত গঙ্গা হেন যাহাৰ খিয়াতি।।২০৬৮।।

হেনয় নিৰ্ম্মল যাৰ কীৰ্ত্তি চন্দ্ৰতাপ।

দশোদিশ ঢাকি জ্বলে হৰে মহাপাপ।।

হেন সৰ্ব্ব মঙ্গল তোহ্মাৰ আগমনে।

কি কহিবো তাক তড়িবেক মহাজনে।।২০৬৯।।

হেন জানি সবান্ধৱে চলিয়ো মাধৱ।

পূৰ্ণ কৰিয়োক ভকতৰ মহোৎসৱ।।

আহ্মাৰ হৰিষ হৰি কৰিয়ো বিস্তাৰ।

থৈবো মহা যশৰাশি তড়োক সংসাৰ।।২০৭০।।

শুনা সভাসদ দেখা নাৰদৰ মতি।

পৰ উপকাৰ চিন্তি ফুৰা দিনে ৰাতি।।

ভকতৰ বাৰ্ত্তা হৰি পুছন্ত আপুনি।

কৃষ্ণসম কৃপালু দেৱতা আছে কোনি।।২০৭১।।

বৈষ্ণৱেসে সাধে বৈষ্ণৱৰ প্ৰিয় কাজ।

এহি জানি কৃষ্ণক ধৰিয়ো হৃদি মাজ।।

যতমানে পাৰা বৈষ্ণৱক কৰা দায়া।

লভিবা ভকতি হৰি তড়াইবন্ত মায়া।।২০৭২।।

বিষয়ৰ দোষসৱে এৰাইবে নপাৰি।

তথাপি কৃষ্ণৰ কথা শুনা আগবাঢ়ি।।

তেৱে কলিমল পাপে নপাইবে উদাস।

নিতে হৰিকথা যেৱে কৰয় অভ্যাস।।২০৭৩।।

আপুনি প্ৰমাণ পাইবা শুনা মাত্ৰ নিতে।

সপ্ৰেম ভকতি ৰতি মিলিব অল্পতে।।

অনন্ত কন্দলি কহে কৃষ্ণৰ কিঙ্কৰ।

ডাক ছাড়ি ৰাম হৰি বোলা নিৰন্তৰ।।২০৭৪।।

...................

 

।।জৰাসন্ধ বধৰ প্ৰস্তুতি।।

।।ছবি।।

 

কৃষ্ণপক্ষ লোক যত      আছে বসি সমাজত

ঋষিৰ বিশিষ্ট বাণী শুনি।

জৰাসন্ধ বধিবাক        সৱাৰে অধিক ৰঙ্গ

অন্যোঅন্যে কৰে কাণাকাণি।।

আগে দূত আছে আসি    পাচে আইলা দেৱঋষি

দুয়ো মহা কাৰ্য্য ভকতৰ।

কোন কাৰ্য্য কৰো বুলি    উদ্ধৱক চাহি হাসি

পুছিলন্ত পৰম ঈশ্বৰ।।২০৭৫।।

শুনিয়ো উদ্ধৱ সখি    তুমিসে আহ্মাৰ আখি

মন্ত্ৰ তন্ত্ৰ জানাহা সকলে।

জানি তুমি বোলা নিষ্ঠ    সিজে যেন সৱ ইষ্ট

তাকেসে কৰিবো কৌতূহলে।।

কৃষ্ণৰ উত্তৰ শুনি   সমজ্যায়ে মনে জানি

উদ্ধৱে চিন্তিয়া নিজ ভাৱে।

শুনিছা দূতৰ বাণী       বুলিলন্ত যেন গুণি

সৱে সিদ্ধ হোৱে যেন ঠাৱে।।২০৭৬।।

শুনি তাক থিৰ কৰি    শুনিয়োক যদুৰাজ

মনে কৰিয়োক মহাজনে।।

যি বুলিলা দেৱঋষি    যুধিষ্ঠিৰ মহাযশী

কৰিবাক চান্ত ৰাজসূয়।

সহায় হৈবাক প্ৰতি    তোহ্মাক পঠাইলে মাতি

তুমি চলিলেসে যজ্ঞ হুই।।২০৭৭।।

জৰাসন্ধ বন্ধনত        বন্দী আছে ৰাজা যত

তোহ্মাতেসে পশিয়া শৰণ।

দূত আসিয়াছে আগে   তাক মেলাইবাক লাগে

ভকতৰ তুমিসে জীৱন।।

পৃতিৱীৰ ৰাজাগণ        সমস্তে জিনিলা যেৱে

তেৱে যজ্ঞ কৰিব নৃপতি।

এতেকেসে দুয়ো কাৰ্য   জৰাসন্ধ বধিবাক

লাগে হেন মোহোৰ যুগুতি।।২০৭৮।।

অষ্ট শতাধিক কুড়ি    হাজাৰ নৃপতি মুক্ত

এক জৰাসন্ধ বধ কৰি।

পাণ্ডৱৰ ৰাজসূয়        অপ্ৰয়াসে সিদ্ধি হুই

অকণ্টকা হোৱে বসুন্ধৰী।।

তোহ্মাৰো নিৰ্ম্মল যশ   থাকিবেক সংসাৰত

ৰাজাগণ বন্ধন মোচনে।

আমিসৱ ভকতৰো       মহালাভ মিলিবেক

তযু গুণ শুনিবো সঘনে।।২০৭৯।।

প্ৰথমতে ইনদ্ৰ প্ৰস্থ       নগৰক গৈয়া তুমি

নৃপতিত লৈয়ো অনুমতি।

ভীম অৰ্জ্জুনক লই       জৰাসন্ধ বধিবাক

যাবা প্ৰভু মগধক প্ৰতি।।

অযুত হস্তীৰ বল        জৰাসন্ধ মহাবল

জিনিবে নপাৰে কেহো যাক।

মহাবলী আছে মানে   এক ভীমসেন বিনে

বলে সম নাহি কেহো তাক।।২০৮০।।

সৈন্যেয়ো নাটয় যাক    অক্ষৌহিণী আছে যত

দ্বন্দ্ব যুদ্ধে লাগি জিনিবাক।

এক একি যুদ্ধ পাতি   আপুনি উপায় দিয়া

ভীমসেনে বধিবন্ত তাক।।

যেৱে বোলা একা একি    কেনে সিটো যুজিবেক

অক্ষৌহিণী সেনা পৰিহৰি।

তাহাৰো উপায় দেঞো    প্ৰভুদেৱ শুনিয়োক

ছলে বলে শত্ৰুক সংহৰি।।২০৮১।।

ভীম ধনঞ্জয় তুমি     ব্ৰাহ্মণৰ বেশ ধৰি

যায়ো জৰাসন্ধ ৰাজথান।

সময় বুজিয়া তাত    ভীমসেন মাগিবেক

একা একি সম যুদ্ধ দান।।

সিয়ো ধৰ্ম্মপথ ৰাখি     নেদো বাক্য নুবুলিব

একলে দিবন্ত সম ৰণ।

তৱ পদ প্ৰসাদত     ভীমে তাক নিপাতিব

নিশ্চয় জানোহো জনাৰ্দ্দন।।২০৮২।।

..............

 

।।দুলড়ী।।

 

যেৱে বোলা প্ৰভু        ভীমেসে বধিব

মোৰ যাইবে কোন কাজ।

নিমিত্তসে ভীম          তুমিসে বধিবা

জানো মঞি যদুৰাজ।।

ব্ৰহ্মাক কেৱল     নিমিত্ত কৰিয়া

সমস্তকে স্ৰজা তুমি।

লোক বিনাশিত         ৰুদ্ৰক নিমিত্ত

কৰা তুমি সৰ্ব্ব স্বামী।।২০৮৩।।

হে প্ৰভু তুমি      আহ্মাত পুছিলা

কহিলো এহি উপায়।

বধি জৰাসন্ধ      সাধিয়ো আনন্দ

নৃপতিগণ মেলায়।।

জৰাসন্ধে বান্ধি         আছে ৰাজা যত

তাসম্বাৰ ভাৰ্য্যাগণে।

তোহ্মাৰ নিৰ্ম্মল         যশ গুণ গায়

ঘৰে বসি ৰাত্ৰি দিনে।।২০৮৪।।

পিতৃক নেদেখি     পুত্ৰসৱে কান্দৈ

তাক দেয় সমিধান।

নাকান্দিবি পুত্ৰ     কৃষ্ণে কৰিবন্ত

আহ্মাৰ সৱ কল্যাণ।।

তোৰ পিতৃ বৈৰী     জৰাসন্ধ বধি

খণ্ডিৱন্ত সৱ তাপ।

কৃষ্ণে মেলাৱন্ত     অল্পতে আসিব

দেখিব তোহোৰ বাপ।।২০৮৫।।

গোপীসৱে যেন         গাৱয় তোহ্মাৰ

পৰম ৰম্য চৰিত।

শঙ্খচূড় বধ       আপোন ৰক্ষণ

প্ৰেমে তনু পুলকিত।।

গজেন্দ্ৰ তোহ্মাত        শৰণে পশিয়া

ৰচিলেক গুণ গীত।

গ্ৰাহস তড়িল      মুকুতি লভিল

সুমৰেন্ত দ্ৰৱে চিত্ত।।২০৮৬।।

ৰাৱণক বধি      মোক নিয়া বুলি

সীতায়ো গাইলা তোহ্মাক।

কৰি সেতুবন্ধ     বধি দশস্কন্ধ

আনিলে প্ৰভু সীতাক।।

বসুদেৱে নিতে     দৈৱকী সহিতে

গাইৱন্ত প্ৰভু তোহ্মাক।

কংসক বধিয়া     আমাক মেলাইয়া

সকলো সাধিলা তাক।।২০৮৭।।

মুনিসৱো এই      গাৱন্ত সদায়

জগত পৱিত্ৰ কৰি।

আমিসৱ তযু      ভকতসকলে

আক শুনো কৰ্ণভৰি।।

এতেকে নৃপতি     পত্নীসকলৰ

মনোৰথ কৰা পুৰ।

দেখি স্বামী মুখ    পাউক মহাসুখ

দুখসৱ যাউক দূৰ।।২০৮৮।।

বহুতৰ কৰ্ম্ম      সিজে জগন্নাথ

জৰাসন্ধ নিপাতিলে।

তেৱে অপ্ৰয়াসে     শিশুপাল আদি

সৱাকো বধিবা হেলে।।

আনো ৰাজা তেৱে  আপুনি বৰিবে

ভয়ে কম্পমান হুই।

তুমি তথা গৈলে    সকলো কুশলে

সিজে যজ্ঞ ৰাসসূয়।।২০৮৯।।

নিগদতি শুক      শুনা মহাৰাজ

শুনা মহা কৌতূহলে।

উদ্ধৱৰ এহি      পৱিত্ৰ বচন

সকল গুণ কুশলে।।

শুনিয়া নাৰদ     যদুবৃদ্ধ যত

পূজিলা সাধু বচনে।

কৃষ্ণৰ পৰম      হৰিষ মিলিল

প্ৰশংসিলা ঘনে ঘনে।।২০৯০।।

সাধু সাদু বাক্য    বুলিলা উদ্ধৱ

মন্ত্ৰী মোৰ প্ৰিয়তৰ।

এহিসে উপায়ে     সাধিবে পাৰিবো

কাৰ্যসৱ ভকতৰ।।

এহি বুলি প্ৰভু     প্ৰয়াণক প্ৰতি

আদেশিলা সেহিক্ষণে।।

ভকতৰ কাৰ্য্যে     দৈৱকীনন্দন

উত্ৰাৱল ভৈল মনে।।২০৯১।।

কহিলা দাৰুকে     অস্ত্ৰ আদি যত

সেৱক আছে আহ্মাৰ।

যাবো ইন্দ্ৰ প্ৰস্থ         গজ বাজী ৰথ

সাজা সৱে জাতিষ্কাৰ।।

যদুবীৰ যত      চলিব লগত

ঝাণ্টে হুয়ো কাছ পাৰ।

পুত্ৰ দাৰা যত     সৱেয়ো চলোক

পিন্ধি নানা অলঙ্কাৰ।।২০৯২।।

..............

 

।।কৃষ্ণৰ সপৰিবাৰে ইন্দ্ৰপ্ৰস্থ যাত্ৰা।।

।।লেছাৰী।।

 

কৃষ্ণৰ বচন শিৰে ধৰি    যদুবীৰগণে শীঘ্ৰ কৰি

সাজিলেক ৰথ গজ বাজী অসংখ্যাত।

কনক মুকুতা ৰত্নময়    জ্বলে যেন নৱ সূৰ্য্যচয়

দৰশনে কৰে শত্ৰুৰ বল নিপাত।।

পদাতি যতেক ভৈল সাজ  নানা অস্ত্ৰ ধৰি ভৈল বাজ

কাঞ্চন কৱচে শৰীৰ মণ্ডিত কৰি।

কিৰীটি কুণ্ডল তাৰ হাৰ  পিন্ধি কান্তি কৰে জাতিষ্কাৰ

দেখি তুষ্ট ভৈলা কমললোচন হৰি।।২০৯৩।।

পিতৃমাতৃ গুৰুজন যত   নমি তাসম্বাক বিধিৱত

বিদায় কৰিলা সৱাকো সাদৰি হৰি।

দাদা বলভদ্ৰ থাকা তুমি ভকতৰ অৰ্থে চলো আমি

আপুনি পালিবা দ্বাৰকাৰ নৰনাৰী।।

কৃষ্ণৰ বচন হেন শুনি   বুলিলন্ত সৱে প্ৰিয়বাণী

সুমঙ্গলে প্ৰভু চলিয়ো পাণ্ডৱ ৰাজ্য।

দুষ্ট বধি শিষ্ট পালিয়োক অবিলম্বে পুনু আসিয়োক

সাধিয়া সকলো ভকতৰ প্ৰিয়কাজ।।২০৯৪।।

পাচে নিজগৃহ পশি হৰি নিজ ভাৰ্য্যাগণ সঙ্গে কৰি

পিন্ধি নানা বিধ ৰত্নময় অলঙ্কাৰ।

শিশুপুত্ৰসৱ কোলে ধৰি   শুভক্ষণে মহাযাত্ৰা কৰি

গৃহৰ বজাই বাজ ভৈল পয়োসাৰ।।

ৰুক্মিণী সুন্দৰী আদি কৰি সৱাকো চলাইলা দেৱহৰি

বিভুষিত কৰি ছত্ৰে বস্ত্ৰে অলঙ্কাৰ।

সুৱৰ্ণ ৰচিত চতুৰ্দ্দোলে  চলিলন্ত কতো কৌতূহলে

কেহো চলি গৈলা বিচিত্ৰ ৰথ উপৰে।।২০৯৫।।

পিঠিৰ উপৰ হস্থিনীত   নানা ৰত্ন জলে উল্লসিত

চলি গৈল কেহো ৰত্ন পালঙ্কত বসি।

উপৰত শোভে বস্ত্ৰ ঘৰ  সুৱৰ্ণৰ ঘট মনোহৰ

জাকে জাকে চলে যেন পূৰ্ণিমাৰ শশী।।

চৌদোলৰ জ্বলে উপৰত   শ্বেত পীত নীল সকলত

ছত্ৰৰ উপৰে বস্ত্ৰ ঘৰ সাজিয়াছে।

হালে জিলিমিলি মুকুতাৰ  কাঞ্চনে ৰচিত জাতিষ্কাৰ

দাৰীগণ চলে গীত গায় আগে পাচে।।২০৯৬।।

কতো ৰত্নময় জ্বলে ঘৰ  বতাস বৃষ্টিত নাই ডৰ

ধৱল চামৰ ঢুলি যায় দাসীগণে।

মাধৱৰ পদ প্ৰসাদত   চড়ি ৰত্নময় বিমানত

কৃষ্ণগুণ গায় চলে সৱে ৰঙ্গমনে।।

দাৰুকে যোগাইল মহাৰথ   গৰুড়ৰ ধ্বজ উপৰত

চড়ি তাতেত ৰঙ্গ চলিলা দেৱ শ্ৰীহৰি।

জয় জয় কৃষ্ণ ভৈল ধ্বনি আশীৰ্ব্বাদ দিলা দেৱ মুনি

কৃষ্ণৰ আগত যান্ত ৰুদ্ৰ বাদ্য কৰি।।২০৯৭।।

অসংখ্য প্ৰমাণ হস্তীচয়  অস্ত্ৰে শস্ত্ৰে কাছি ভালমতে

কৃষ্ণৰ আগত চলিলা যোগান ধৰি।।

মৃদঙ্গ গোমুখ শঙ্খ ভেৰী  দুন্দুভি বজাৱে উচ্চ কৰি

তাৰ মহাধ্বনি লঙ্ঘিলেক দিশ-পাশ।

সাজি নিজ চতুৰঙ্গ দলে  দ্বাৰকাৰ হন্তে কৌতূহলে

পাণ্ডৱ দেশকে চলিলা জগ নিবাস।।২০৯৮।।

ষোড়শ সহস্ৰ পত্নীগণে  পুত্ৰ সমন্বিতে ৰঙ্গমনে

চলি যান্ত সৱে স্বামীকেসে লক্ষ্য কৰি।

কটাক্ষ নয়নে ক্ষণে ক্ষণে  চাহন্ত কৃষ্ণক প্ৰেম মনে

হৃদয়ত যেন আলিঙ্গি চলন্ত ধৰি।।

সুগন্ধ কুসুমে কেশ ভৰি  বান্ধিলা কবৰী উচ্চ কৰি

কস্তুৰী চন্দনে কুঙ্কুমে লেপিত কায়।

জাতিত পদ্মিনী সৱ নাৰী  দেৱাঙ্গ বসনে লাস কৰি

স্বামী সঙ্গে যান্ত উপমাৰ নাই ঠাই।।২০৯৯।।

গন্ধে সুবাসিত বহুদূৰ  মধুকৰ কুল বিয়াকুল

মুখপদ্ম বুলি পৰিবাক যায় ধাই।

নৱ কিশলয় কৰতলে  নিবাৰন্ত তাক কৌতূহলে

দেখি সুৰ নৰ মুনিয়ো মোহক যায়।।

অৰুণ অধৰে শোভে হাস  জ্বলে তাম্বুলৰ অনুভাস

শিৰত সিন্দূৰ কৰ্ণত কুণ্ডল ডোলে।

কণক কিঙ্কিণী ৰিণি ঝিণি চৰণে নূপুৰ কৰে ধ্বনি

কৃষ্ণে ঘনে ঘনে চাই যান্ত কৌতূহল।।২১০০।।

পদাতি কটকে চটি কৰি  ধনু কাণ্ড খাণ্ডা বাৰু ধৰি

চতুষ্পাৰ্শ্বে বেঢ়ি চলে সৱে বাজু ধৰি।

আগুৱাৱে মাৰি বাৰু ছাট  ছালি কৰি চলে ৰাজবাট

প্ৰকটি ৰটয় জয় জয় কৃষ্ণ হৰি।।

সুৱৰ্ণৰ ঝাৰি খুলি আদি আনো আনো বস্তু সাঙ্গি বান্ধি

কিঙ্কৰ সকলে বৱে অপ্ৰয়াস কৰি।

বলদে মহিষে উটে খৰে  জাকে জাকে চলে চপকৰে

ভক্ষ্য ভোজ্য বস্তু সৱে দড়দড়ি।।২০০১।।

শ্বেত নেত পাট বস্ত্ৰ যত  মুকুতা মাণিক ভালমত

শকটতে চলে মহাৰত্ন বস্ত্ৰচয়।

যাৰ যত দাস দাসী আছে চলি গৈলা সৱ আগ পাচে

দণ্ড ছত্ৰ চিহ্ন ধৰি নানা মনোময়।।

জ্বলে আতি মহা সেনাবল  ছত্ৰে বস্ত্ৰে অস্ত্ৰে জলমল

কিৰীটি কুণ্ডল অনেক শুক্ল চামৰে।

তাতে আদিত্যৰ কান্ত লাগি শোভে দীপগোট পূণ্যভাগী

দৰশণে তিনি ভুৱনৰ মন হৰে।।২১০২।।

ৰথৰ চক্ৰৰ ঘৰিষণি   ঘুঙ্গুৰা কিঙ্কিণী কৰে ধ্বনি

সেনাৰ আৰাৱ শবদ বাজে তুমুল।

অগাধ সাগৰে যেন চলে  মগৰ কুম্ভীৰ পালে পালে

উৰ্ম্মিগণ সৱে কৰি আতি হুলস্থূল।।

হেন মহা সেনা সাজি হৰি  পুত্ৰ দাৰাসৱ সঙ্গে কৰি

চলি গৈলা সৱে ভকতৰ প্ৰিয় কাজে।

জয় কৃষ্ণ জয় কৃষ্ণ বুলি  কৃতাঞ্জলি কৰি শিৰে তুলি

এক দৃষ্টি কৰি বেঢ়ি চায় সামৰাজে।।২১০৩।।

...............

।।দুলড়ী।।

পাচে দেৱঋষি     নাৰদে জানিলা

নিশ্চয় কৃষ্ণে চলিলা।

পাণ্ডৱৰ কাৰ্য্য     সাধিলো বুলিয়া

আনন্দে আকুল ভৈলা।।

প্ৰণামি বোলন্ত          চলিয়ো গোসাই

কৰো হেৰা নমস্কাৰ।

দিয়োক বিদায়     তযু গুণ গায়

পৱিত্ৰ কৰো সংসাৰ।।২১০৪।।

হেন শুনি হৰি    হাসিয়া সাদৰি

প্ৰশংসি দিলা বিদায়।

কৃষ্ণৰ চৰণ       হৃদয়ে ধৰিয়া

চলি গৈলা মুনিৰায়।।

আকাশ গমনে     কৃষ্ণগুণ গাই

যান্ত ৰুদ্ৰ বীণা বাই।

কৃষ্ণ দৰশন      পৰম দুৰ্ল্লভ

হৰিষৰ সীমা নাই।।২১০৫।।

নাৰদ চলিলা      ৰাজাৰ দূতক

আশ্বাসি বুলিলা হৰি।

কহা ৰাজদূত      ভয় ত্যজন্তোক

ৰাজাগণে নিষ্ঠ কিৰ।।

বধি জৰাসন্ধ      সাধিবো আনন্দ

বুলিলাহা সাৰে সাৰ।

ইঠাৱৰে পৰা      কৰো আশীৰ্ব্বাদ

শুভ হৌক তাসম্বাৰ।।২১০৬।।

হেন শুনি দূতে    কৃষ্ণক প্ৰণামি

গৈলা তাসম্বাৰ ঠাই।

কৃষ্ণে যেন নয়         বুলিলা নিৰ্ভয়

কহিলেক শীঘ্ৰে যাই।।

শুনি ৰাজাগণ     ভৈল ৰঙ্গমন

চিন্তিবে লাগিলা মনে।

কেতিয়া কৃষ্ণৰ     চৰণ দেখিবো

ছাড়িব দুখ বন্ধনে।।২১০৭।।

ঘনে ঘনে মন     আকুল কৰয়

কেতিয়া দেখিবো হৰি।

কৃষ্ণক আপেক্ষি    জীৱনক ৰাখি

থাকিল কৃষ্ণক স্মৰি।।

অনন্তৰে হৰি      দ্বাৰকা নিকট

আনৰ্ত্ত দেশ এৰাই।

সৌৱীৰ ছড়াই     মৰু ৰাজ্য ত্যজি

কুৰুক্ষেত্ৰ পাইলা যাই।।২১০৮।।

পৰ্ব্বতৰ পথ      নদী নদ যত

সসৈন্যে সহিতে তড়ি।।

ৰাজাৰো নগৰ     গ্ৰাম ব্ৰজা কৰ

তাহাকো ছড়াইলা হৰি।।

পাচে দৃষদ্বতী      নদী সৰস্বতী

কৃষ্ণ ভৈল দুইৰো পাৰ।

পাঞ্চাল ছড়াই      মৎস্যৰ দেশক

বৈলা প্ৰভু পয়োসাৰ।।২১০৯।।

পথত যতেক      নৃপতি আছয়

দুন্দুভিৰ শুনি নাদ।

আগবাঢ়ি যাই     কৃষ্ণক ভেণ্টিলে

ৰঙ্গে মন উনমাদ।।

ব্ৰাহ্মণ ক্ষত্ৰিয়      আদি প্ৰজা যত

দীপ ঘট ফল ধৰি।

জয় জয় কৃষ্ণ     শবদ উচ্চাৰি

প্ৰণামিলা পৰি পৰি।।২১১০।।

মুকুন্দৰ মহা      মহিমা দেকিয়া

সৱাৰো বিস্ময় চিত্ত।

ষোড়শ সহস্ৰ      ভাৰ্য্যাক দেখিয়া

নাৰীগণো বিমোহিত।।

হৰিয়ো হসিত     বদনে সৱাকো

কটাক্ষে নয়নে চাই।

পুৰি মনোৰথ      সসৈন্য সহিত

ইন্দ্ৰপ্ৰস্থ পাইলা যাই।।২১১১।।

..............

 

।।কৃষ্ণৰ পাণ্ডৱৰ আদৰণি।।

।।ছবি।।

 

শ্ৰীকৃষ্ণ আসি ভৈলা      যুধিষ্ঠিৰে বাৰ্ত্তা পাইলা

মহাৰঙ্গ ভৈলা সবান্ধৱে।।

গুৰু পুৰোহিত সমে       উঠি শীঘ্ৰে সমদলে

আগবাড়ি গৈলা মহোৎসৱে।।

মহাদুঃখে লোকে যাক     দেখিবাক নপাৱয়

হেন কৃষ্ণ আসিলা আপুনি।

পাণ্ডৱৰ পাঞ্চ ভাই       আনন্দৰ সীমা নাই

কৃষ্ণ আসিবাৰ বাৰ্ত্তা শুনি।।২১১২।।

প্ৰাণ আসি ভৈলা যেন   আনন্দে ইন্দ্ৰিয়গণে

চলি গৈলা পৰম সাদৰে।

নানা দিব্য বাদ্য গীত    সুমঙ্গল বেদধ্বনি

জয় কৃষ্ণ ঘোষে নিৰন্তৰে।।

অনেক যোগান ধৰি      সবান্ধৱে আগবাঢ়ি

কৃষ্ণক দেখিলা পাচে যাই।

ভাৰ্য্যা পুত্ৰ সমন্বিতে   সসৈন্যে আসিলা প্ৰভু

দেখি তুষ্ট ভৈলা পাঞ্চভাই।।২১১৩।।

স্নেহত আকুলচিত্ত   তনু ভৈলা ৰোমাঞ্চিত

কৃষ্ণক দেখিয়া যুধিষ্ঠিৰ।

মাতুলৰ পুত্ৰ হৰি   মোৰ প্ৰাণ ভাই বুলি

সাৱটি ধৰিলা মহাবীৰ।।

ভীমৰো পৰম প্ৰেম       মিলিল চক্ষুৰ জল

নিকলি কণ্ঠক বহি যাই।

প্ৰাণ ভাই কৃষ্ণ বুলি আলিঙ্গিলা মহাসুখে

থাকিলা কৃষ্ণৰ মুখ ছাই।।২১১৪।।

সহদেৱ নকুলৰ     অৰ্জ্জুনৰ নয়নৰ

হৰিষে লোতক বহে ধাৰে।

কেহো হাতে কেহো ভৰি   কৃষ্ণক সাৱটি ধৰি

হৰিষ লভিলা বাৰে বাৰে।।

অনেক দুৰ্গতি তাড়ি   আছে মহাবন্ধু হৰি

সাধি আছে সকলো কল্যাণ।

সিসৱ সুমৰি গুণ        পাণ্ডৱ জুৰায় মন

কৃষ্ণবিনে বন্ধু নাই আন।।২১১৫।।

কৃষ্ণয়ো সাদৰ কৰি    নৃপতিক প্ৰাণিমিয়া

বৰ ভাই ভীমকো নমিলা।

অৰ্জ্জুনকো আলিঙ্গিলা    সহদেৱ নকুলেয়ো

শ্ৰেষ্ঠ জানি কৃষ্ণক বন্দিলা।।

বৈষ্ণৱ ব্ৰাহ্মণ যত       প্ৰণাম কৰিয়া তাঙ্ক

কুলবৃদ্ধ সাধুগণ যত।

যথোচিত প্ৰভু হৰি   সৱাকো সন্মান কৰি

সৱাৰো সাধুলা মনোৰথ।।২১১৬।।

গায়ক বায়কগণ        নট ভাট মন্ত্ৰীজন

সৱাকো তুষিলা প্ৰভু হৰি।

মৃদঙ্গ গোমুখ শঙ্খ       কৃষ্ণৰ ৰঞ্জিয়া মন

বীণা বেণু বাৱে কেহো বেৰী।।

বিপ্ৰ মন্ত্ৰ বেদ পঢ়ি      হাতে ফুল পুষ্প ধৰি

কৰন্ত মাঙ্গল্য আশীৰ্ব্বাদ।

নটীগণ কৰে নৃত্য   গন্ধৰ্ব্বে যোগায়ে গীত

মাধৱৰ লভিয়া প্ৰসাদ।।২১১৭।।

এহিমতে বন্ধুগণ         চৌপাশে উপাসি চলে

নটে ভাটে ৰটে স্তুতিবাণী।

অলঙ্কৃত নগৰীত        প্ৰৱেশিলা যদুপতি

ভকত লোকৰ শিৰোমণি।।

নাম যাৰ ইন্দ্ৰপ্ৰস্থ     সৰ্ব্বজন মনোৰথ

ইন্দ্ৰে যাক দেকে বাঞ্ছা কৰি।

চৌখুটি মণ্ডিত কৰি      গৃহচয় শাৰী শাৰী

জ্বলে অম্ৰাৱতী নুহি সৰি।।২১১৮।।

................

 

।।লেছাৰী।।

 

পাচে মহামত্ত হস্তীচয়      গন্ধযুত মদজল ৰয়

লিপি আছে ভালে ৰাজবাট সেহি জলে।

ধ্বজচয় সৱ চিত্ৰ কৰি  কনক তোৰণ শাৰী শাৰী

পূৰ্ণকুম্ভ পাতি থই আছে ফল ফুলে।।

পিন্ধি নানা ৰত্নবৰ বাস নানা অলঙ্কাৰে কৰি লাস

সুগন্ধ চন্দনে কুসুমে মণ্ডিত কায়।

নৰ নাৰীগণ ফুৰে ৰঙ্গে প্ৰকাশে নগৰ তাৰ সঙ্গে

নিৰন্তৰে যায় মাধৱৰ গুণ গায়।।২১১৯।।

চামৰে মণ্ডিত দন্তপান্তি   ঘৃতৰ প্ৰদীপ কৰে কান্তি

শাৰী শাৰী আতি জ্বলে প্ৰতি ঘৰে ঘৰে।

অগৰু ধূপৰ ধূম্ৰচয়   কুন্দ্ৰাক্ষৰ জালে বাজ হয়

বতাকা পংক্তি তাতে আতি কান্তি কৰে।।

গৃহৰ উপৰে হেম ঘট  শাৰী শাৰী শোভৈ ফটফট

ৰজতৰ শৃঙ্গ জ্বলে তাৰ দুই পাশে।

যুধিষ্ঠিৰ নৃপতিৰ পুৰ  সুমৰণে পাপ হোৱে দূৰ

দেখি তুষ্ট ভৈলা ভকতৰ ভয়নাশ।।২১২০।।

মনুষ্যৰ দুয়ো নয়নৰ    অমৃতৰ পাত্ৰ প্ৰিয়তৰ

কৃষ্ণ আসি ভৈলা শুনিলা যুৱতীগণ।

গৃহ কৰ্ম্ম মানে পৰিহৰি কৃষ্ণে দেখিবাক ৰঙ্গ কৰি

আতি আথেবেথে চলি গৈলা সেহি থানে।।

হেৰা ৰথে যান্ত যদুপতিশুনিয়া আকুল ভৈলা আতি

কতো নাৰীগণে লৱড় দিলেক ভিৰে।

হেৰ কৃষ্ণ যাই কৃষ্ণ যাই  ৰাজবাটে চলে গেৰিয়াই

শৰীৰৰো সূক্ষ্ম বসন খসিয়া পৰে।।২১২১।।

চলে মুকুলিত বেশ হুই    হল ফল কৰে স্তন দুই

কনক কঙ্কন কৰ্ণত কুণ্ডল দোলে।

চৰণে নূপুৰ কে ধ্বনি  ঝামাক ঝুমুক আতি শুনি

যুৱতীসকলে কৃষ্ণক চাহিবে চলে।।

কেহো স্বামীসঙ্গে আছে শুভি শুনৈ আসিলন্ত লক্ষ্মীপতি

উঠি লৰ দিলা শৰ্য্যাতে স্বামীক এৰি।

ত্যাজিলেক সৱে লাজ কাজ  কৃষ্ণক চাহিবে ভৈলা বাজ

জাকে জাকে যত নগৰৰ নৰনাৰী।।২১২২।।

কেহোজনী বোলে আই বাই   কি কৰস ঝাণ্টে আসা ধাই

দেখা সখী হেৰা সভাৰ্য্যে আসিলা হৰি।

কেহো বোলে ঝাণ্টে চল সখী জনম সফল কৰো আমি

সভাৰ্য্যে কৃষ্ণকে দেখোহে নয়ন ভৰি।।

কেহোজনী বোলে শাশু আইআহা পেহী মাসী বাপু বাই

যেন তেন কৰি গৃহৰ বজাও ঝাণ্টে।

ত্ৰৈলোক্যমোহন কৃষ্ণুমখ   দেখি পাইবো আজি মহাসুখ

মহোৎসৱে হেৰা হৰি যান্ত ৰাজবাটে।।২১২৩।।

অসংখ্যাত হয় হস্তী ৰথ   পাইকে ঢাকি যায় ৰাজপথ

সমুখে দেখিবে নপাৱয় কতো নাৰী।।

বড় বড় উচ্চ গৃহে চৰি কটাক্ষে কৃষ্ণক হাস্য কৰি

নিৰীক্ষি নিৰীক্ষি চাৱে দুয়ো নেত্ৰ ভৰি।।

তনু আতি নৱ ঘনশ্যাম  পীতবস্ত্ৰে শোভে অনুপাম

শ্ৰীবৎস কৌস্তভ বনমালা শোভে গলে।

কিৰীটি কুণ্ডল ৰত্নহাৰ   নানা অলঙ্কাৰে জাতিষ্কাৰ

সুমৰণে তিনি ত্ৰৈলোক্যৰ মন ভুলে।।২১২৪।।

লৱঙ্গ মালতী পুষ্পচয়    জয় কৃষ্ণ বুলি বৰিষয়

আলিঙ্গিয়া মনে চুম্বে যেন নাৰীগণে।

বাৰ্ত্তা পুছে কেহো বৰবালা   সভাৰ্য্যে কুশলে আশি ভৈলা

তযু দৰশনে হৰিষ লভিলো মনে।।

কৃষ্ণৰ যতেক পত্নীগণে   ৰছে চতুৰ্দ্দোল ৰঙ্গমনে

চলি যান্ত সৱে মাধৱক মধ্য কৰি।

পূৰ্ণ চন্দ্ৰমাক যেন বেঢ়ি   তাৰাগণ শোভে শাৰী শাৰী

দেখি অন্যো অন্যে চাহে নগৰৰ নাৰী।।২১২৫।।

ইটো পুণ্যৱতী সৱ নাৰী  কিনো মহাপূৰ্ণ্য আছে কৰি

কৃ্ষ্ণ হেন স্বামী সঙ্গে ফুৰে ৰঙ্গ কৰি।

কৃষ্ণৰ কটাক্ষ হাস্য দেখি  আনন্দে যতেক পাইল আসি

তাৰ ভাগ্য আজি বৰ্ণাইবাক কোনে পাৰি।।

পুৰুষ মুকুত যদুপতি তাঙ্ক স্বামী পালে যিটো সতী

তাহাৰ ভাগ্যক বৰ্ণাইবাক পাৰে কোনে।

এহিমতে সৱ নাৰীগণে   কৃষ্ণৰ বৰ্ণাৱে ৰঙ্গ মনে

কটাক্ষে হাসিয়া চাহি যান্ত নাৰায়ণে।।২১২৬।।

শুনিয়োক সাধু সভাসদ   দশম স্কন্ধৰ কৃত পদ

মহাভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ।

নাহি আত লম্ভা অন্য কথা কৃষ্ণ উত্তম লীলা কথা

বৈকুণ্ঠৰ শাস্ত্ৰ ভাগ্যেসে ভৈল প্ৰচাৰ।।

ভকতিত তুষ্ট প্ৰভু কৃষ্ণ  অৱেশ্য জানিলো নিষ্ঠে নিষ্ঠ

দেখিয়োক সৱে মন কৰি নৰনাৰী।।

কোটি ব্ৰহ্মাণ্ডৰ নাথ হুই   ঋষিৰ বচনে ৰাজসূয়

সাধিবাক প্ৰতি সভাৰ্য্যে চলিলা হৰি।।২১২৭।।

হেন দেৱ কিনো কৃপাময়  স্মৰণ মাত্ৰকে হৰে ভয়

নৃপতিগণকো পঠাইলা বুলি আশ্বাস।

বুজি মহাজনে ভজিয়োক   কৃষ্ণপদ হৃদে ধৰিয়োক

কৰিয়ো কৃষ্ণত সুহৃদ প্ৰেম বিশ্বাস।।

ধন জন পুত্ৰ ভাৰ্য্যা সুখ  তেজা তাৰ কাৰ্য্য মিছা দুখ

সকলে স্বপন তিলেক লগ নাপায়।

কৃষ্ণ কথা মাত্ৰ শুনা সুখে   ডাকি ৰাম কৃষ্ণ বোলা সুখে

কৃষ্ণৰ কিঙ্কৰ অনন্ত কন্দলি গায়।।২১২৮।।

..............

  ।।যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞৰ প্ৰস্তুতি।।

                   ।।পদ।।

দূৰ ভৈল পাতক মুকুন্দৰ দৰশনে।

থানে থানে শাৰী হুই পুৰবাসী জনে।।

নানা সুমঙ্গলে ভেট বস্তু হাতে ধৰি।

অৰ্চ্চিলা কৃষ্ণক সৱে জয় ধ্বনি কৰি।।২১২৯।।

অনন্তৰে অন্তেষপুৰ যত নাৰী।

কৃষ্ণ আসিলন্ত শুনি মহাৰঙ্গ কৰি।।

প্ৰফুল্ল নয়নে সৱে দীপ ঘট ধৰি।

আগবাঢ়ি মাধৱক নিলা মধ্য কৰি।।২১৩০।।

প্ৰৱেশিলা হৰি ধৰ্ম্মৰাজাৰ মন্দিৰ।

ইন্দ্ৰৰ মন্দিৰ যেন প্ৰকাশে ৰুচিৰ।।

ভ্ৰাতৃৰ তনয় কৃষ্ণ ত্ৰৈলোক্য ঈশ্বৰ।

দেখি কুন্তী শান্তি ৰঙ্গ লভিলা বিস্তৰ।।২১৩১।।

ৰত্নময় পৰ্য্যঙ্কত উঠি শীঘ্ৰ কৰি।

সুভদ্ৰা দ্ৰৌপদী সমে গৈল আগবাঢ়ি।।

কুলৰ প্ৰদীপ বাপ আসিলাহা বুলি।

আলিঙ্গিয়া সাৱটি কৃষ্ণক বাহু মেলি।।২১৩২।।

দেৱতাৰো দেৱতা ঈশ্বৰ বুদ্ধি কৰি।

সবান্ধৱে মাধৱক নিলন্ত সাদৰি।।

আনন্দে বিহ্বল যুধিষ্ঠিৰ মহাৰাজা।

নজানন্ত কৃষ্ণৰ উচিত যেন পূজা।।২১৩৩।।

ত্ৰৈলোক্য ঈশ্বৰ মহালক্ষ্মীৰ নায়ক।

হেন কৃষ্ণ আসিলন্ত আহ্মাৰ গৃহক।।

পৰম উৎসৱ লভিলন্ত পাঞ্চ ফাই।

সাদৰে পূজিলা মাধৱৰ দুই পাৱ।।২১৩৪।।

পৰম বৈষ্ণৱ কুন্তী পিতৃৰ ভগিনী।

পেশী বুলি হৰিষে নমিলা চক্ৰপাণি।।

আনো মহাশান্তি যত গুৰুপত্নীগণ।

তাসম্বাকো যদুপতি কৰিলা বন্ধন।।২১৩৫।।

সুভদ্ৰা দ্ৰোপদী দুয়ো জানু শিৰ কৰি।

প্ৰণামিলা কৃষ্ণৰ পঙ্কজ পাৱে পৰি।।

আশ্বাসিলা নাৰায়ণে মধুৰ বচনে।

স্বামীত বল্লভা থাকা আয়তা লক্ষণে।।২১৩৬।।

কুন্তী নিগদিত শুনা শুভদ্ৰা দ্ৰোপদী।

কৃষ্ণ পত্নীগণ মানে আনিয়ো সম্বোধি।।

ভালমতে যথোচিতে অৰ্চ্চিয়ো সৱাক।

কত ভাগ্যে লগ পালা কৃষ্ণৰ ভাৰ্য্যাক।।২১৩৭।।

শাশুৰ বচনে দুয়ো সতী চলি গৈলা।

মধুৰ বচনে যাই মিনতি ভাষিলা।।

আসিয়ো ৰুক্মিণী সত্যভামা জাম্বৱতী।

মিত্ৰবিন্দা কালিন্দী লক্ষণা নাগ্নজিতী।।২১৩৮।।

যত কৃষ্ণপত্নী আছা সৱেও আসিয়ো।

আহ্মাৰ জনম আজি সাল কৰিয়ো।।

জানিলো কৃষ্ণৰ দায়া আছয় আহ্মাক।

শুনিয়াছো যেন আজি দেখিলোহো তাক।।২১৩৯।।

ৰুক্মিণী প্ৰমুখ্যে যত কৃষ্ণৰ মহিষী।

দ্ৰৌপদীক সুভদ্ৰাক প্ৰশংসিলা হাসি।।

পশিলা অন্তেষপুৰ হৰিষে প্ৰচুৰ।

অন্যো অন্যে প্ৰিয় বাৰ্ত্তা পুছিলা মধুৰ।।২১৪০।।

সুৱৰ্ণৰ খাট পাৰি দিলা শাৰী শাৰী।

বসিলা হৰিষে যত কৃষ্ণৰ সুন্দৰী।।

সুভদ্ৰ দ্ৰৌপদী সঙ্গে লই দাসীগণ।

ধুৱাইলা সুগন্ধ জলে সৱাৰো চৰণ।।২১৪১।।

দিব্য বস্ত্ৰ অলঙ্কাৰে দিব্য পুষ্পমালা।

সিন্দূৰ চন্দন গন্ধে সৱাকো মণ্ডিলা।।

ভক্ষ্য ভোজ্য বস্তু যত দিলা অনুপাম।

এহিমতে সৱাকো কৰিলা বহুমান।।২১৪২।।

সভাৰ্য্যে সসৈন্যে ভ্ৰাতৃপুত্ৰ সমন্বিতে।

যুধিষ্ঠিৰে কৃষ্ণক তুষিলা ভালমতে।।

মহাসুখে হৰি তথা কৰিলা নিৱাস।

ভকত জনৰ মহা মনত উল্লাস।।২১৪৩।।

নিতে অভিনৱ স্নেহ বাঢ়ে পাণ্ডৱৰ।

সবান্ধৱে হৰিষ সাধন্ত মাধৱৰ।।

কতো দিন তহিত আছন্ত যদুপতি।

পৰম হৰিষে পুত্ৰ ভাৰ্য্যা সমন্বিতি।।২১৪৪।।

ভীম ধনঞ্জয় সমে ক্ষণো ৰথে চড়ি।

ফুৰন্ত মাধৱে মনোহৰ লীলা কৰি।।

ময়ে নিৰ্ম্মি আছে সভা মহা অদভুত।

কতো তাকে চাই ফুৰে দৈৱকীৰ সুত।।২১৪৫।।

পাণ্ডৱক প্ৰশংসা কৰন্ত ঘনে ঘনে।

যুধিষ্ঠিৰ সম ৰাজা নাই ত্ৰিভুৱনে।।

পাণ্ডৱৰ স্নেহ নিতে বাঢ়ন্তেসে যায়।

স্বপনতো কৃষ্ণ বিনে আন চিন্তা নাই।।২১৪৬।।

ব্যাসসত বদতি নৃপতি পৰীক্ষিত।

শুনা কৃষ্ণকথা নকৰিবা আন চিত্ত।।

তযু পিতামহ যত হৰিত ভকত।

আপুনি ঈশ্বৰ যাৰ ভৈলা গৃহাগত।।২১৪৭।।

তাসম্বাৰ যেনমত ভকতি কৃষ্ণত।

শুনা সাৱধানে কিছু কৰিবো বেকত।।

ভকতিসে বশ্য কৰে জানিবা কৃষ্ণক।

আতপৰে কিবা আৰো কহিবো অধিক।।২১৪৮।।

একদিনা সভামাজে ৰজা যুধিষ্ঠিৰ।

সিংহাসনে বসি প্ৰকাশন্ত মহাবীৰ।।

হৃদয়ত সদায় জপন্ত কৃষ্ণ নাম।

আনন্দে প্ৰসন্ন মুখ দেখি অভিৰাম।।২১৪৯।।

ৰত্নময় আসনে বসিয়া ঋষিগণে।

কৃষ্ণৰ ৰহস্য কথা কন্ত ৰঙ্গমনে।।

অনেক ব্ৰাহ্মণ ক্ষেত্ৰি বৈশ্য জাতিচয়।

চৌপাশে উপাসি হৰি চৰিত্ৰ শুনয়।।২১৫০।।

মহন্ত বৈষ্ণৱ নিষ্ঠ কৃষ্ণত প্ৰধান।

কৃষ্ণকথা কহি বসি আছে সেহি থান।।

কুলবৃদ্ধ সাধু শিষ্ট ইষ্ট বন্ধু যত।

পুত্ৰ মিত্ৰ জ্ঞাতি যত সুহৃদ সমস্ত।।২১৫১।।

ৰাজাক উপাসি বসি আছে শাৰী শাৰী।

সৱাকো প্ৰকাশি বসি আছন্ত মুৰাৰি।।

বৃকোদৰ ফাল্গুনী নকুল সহদেৱ।

চাৰিও পৰম বীৰ সম নাই কেৱ।।২১৫২।।

কৃষ্ণ যুধিষ্ঠিৰ সমন্বিতে চাৰি বসি।

প্ৰকাশন্ত চাৰি দিশে যেন চাৰি শশী।।

হেন পৰিচ্ছেদে যুধিষ্ঠৰ কৃষ্ণমতি।

দিব্য সবামাজে বসি কৰন্ত দীপিতি।।২১৫৩।।

আগতে আছন্ত বসি ঈশ্বৰ মুৰাৰি।।

একদৃষ্টি নৃপতি চাহন্ত নেত্ৰভৰি।।

কৃষ্ণৰেসে তেজে আতি জ্বলে সভাখান।

সূৰ্য্যৰ কান্তিত যেন জ্বলে ৰত্নগণ।।২১৫৪।।

নিশ্চয়ে জানিলা ৰাজা কৃষ্ণৰ প্ৰভাৱ।

আনন্দে দ্ৰৱিল মন শিহৰিল গাৱ।।

মোৰ মনোৰথ সিন্ধি সাধিব মাধৱে।

এহি বুলি কৃতাঞ্জলি বুলিলা গৌৰৱে।।২১৫৫।।

সকল সমাজে শুনি আছে মৌন হুয়া।

মাতিলা নৃপতি মাধৱক সম্বোধিয়া।।

হে কৃষ্ণ কৃষ্ণ প্ৰভু ভকত বৎসৱ।

সাধিয়ো মাধৱ ভকতৰ কুতুহল।।২১৫৬।।

তোহ্মাৰেসে অংশ ব্ৰহ্মা আদি দেৱগণ।

জগত ৰক্ষণ সৱ জগত পালন।।

ৰাজসূয় যজ্ঞে যজিবোহো তাসম্বাক।

হুয়োক সহায় প্ৰভ সাধিয়োক তাক।।২১৫৭।।

চক্ৰৱৰ্ত্তী ৰাজায়েসে বাঞ্ছে যাক মনে।

হেন ৰাজসূয় তুমি কৰিবা কেমনে।।

হেন কি বুলিবা প্ৰভু ভকতৰ নিধি।

তোহ্মাক ভজিলে কেনে কাৰ্য্য নহে সিদ্ধি।।২১৫৮।।

সমস্ত পাতক হৰে তৱ দুই পদে।

দেহ পৰাক্ৰমে তাক যিসৱে আৰাধে।।

মনে ধ্যান কৰে যিবা বচনে বৰ্ণাৱে।

অপ্ৰসায়ে তেসম্বে দুৰ্ল্লভ মোক্ষ পাৱে।।২১৫৯।।

আন সব ঐশ্বৰ্য্যক যদি বাঞ্ছা কৰে।

তাকো তেসম্বেসে পাৱে জানা নিৰন্তৰে।।

চক্ৰৱৰ্ত্তী ৰাজা সৱে নপাৱয় তাক।

হেন জানি প্ৰভু দয়া কৰিয়ো আহ্মাক।।২১৬০।।

তযু পাদপদ্ম সেৱিবাৰ মহাফল।

সাক্ষাতে দেখোক এই জগতে সকল।।

কৌৰৱ পাণ্ডৱ বংশ আহ্মাৰ উভয়।

যিসৱে তোহ্মাক ভজে যিবা নভজয়।।২১৬১।।

তাসম্বাৰ নিষ্ঠা কৃষ্ণ দেখিয়ো আপুনে।

এতেকে কাকূতি কৰো তোহ্মাৰ চৰণে।।

আহ্মাৰ তোহ্মাত পৰে গতি আন নাই।

দাস বুলি কৰা কৃপা বাপ যদুৰায়।।২১৬২।।

কৰ্ম্মকেসে শ্ৰেষ্ঠ কৰি যিসৱে জানয়।

তযু ভকতিক নিষ্ঠ কৰি নমানয়।।

তাসম্বাৰ মোহ নিৱৰ্ত্তয়ো কৃপাময়।

দেখায়ো আপোন ভকতৰ মহোদয়।।২১৬৩।।

যদি বোলা ৰাগ দ্বেষ লোভ নাহি যাত।

কিমতে বিষম বুদ্ধি জানিবা আহ্মাত।।

ইটো সত্য কথা প্ৰভু তুমি পৰব্ৰহ্ম।

সমস্তৰে আত্মা সম দৃষ্টি নিৰুপম।।২১৬৪।।

আপোন আনন্দে পৰিপূৰ্ণ সৰ্ব্বক্ষণে।

তোহ্মাৰ বিষম বুদ্ধি হৈবে কোন গুণে।।

তথাপিতো যটো ভজে তোহ্মাৰ চৰণ।

সেৱা অনুৰূপ ফল পাৱে সুশোভন।।২১৬৫।।

তোহ্মাৰ বিষম বুদ্ধি কিঞ্চিতেকো নাই।

যেন কল্পতৰু উপাসিলে ফল পাই।।

নবাঞ্ছিলে কল্পতৰু কাকো নেদে বৰ।

সেহিমতে সম তুমি পৰম ঈশ্বৰ।।২১৬৬।।

এতেকে সাধিয়ো ভকতৰ প্ৰিয়কাজ।

তোহ্মাৰ প্ৰসাদে সিদ্ধি হোক ক্ৰতুৰাজ।।

ইন্দ্ৰৰ আসন পাণ্ডু পিতৃ লভন্তোক।

জগৎ পৱিত্ৰ তযু যশস্যা থাকোক।।২১৬৭।।

পৰম বৈষ্ণৱ যুধিষ্ঠিৰ মহাশয়।

তান বাক্যে তুষ্ট ভৈলা কৃষ্ণ কৃপাময়।।

হাসিয়া বোলন্ত সাধু সাধু মহাৰাজ।

নিশ্চয় কৰিলা সিদ্ধি হব তযু কাজ।।২১৬৮।।

তোহ্মাৰ পৰম কীৰ্ত্তি ঢাকিব সংসাৰ।

শ্ৰৱণ মাত্ৰকে লোক হৈবেক নিস্তাৰ।।

দেৱ ঋষি পিতৃগণ সুহৃদ জনৰ।

আহ্মাৰো বাঞ্ছনি আছে শুনা নৃপবৰ।।২১৬৯।।

মহাযজ্ঞ ৰাজসূয় কৰিবা নৃপতি।

সমস্তৰে বাঞ্ছা আছে দেখিবাক প্ৰতি।।

এতেকে জিনিয়ো আগে নৃপতিসকল।

কৰিয়োক বশ্য যত পৃথিৱী মণ্ডল।।২১৭০।।

সমস্তে সম্ভাৰ কৰিয়োক ভালমতে।

কৰিয়োক ৰাজসূয় যজ্ঞ বিধিৱতে।।

জানো বোলা ৰাজাগণ জিনিবো কিমতে।

দেখা তযু ভাই চাৰি আচন্ত লগতে।।২১৭১।।

দেৱতাৰ অংশে সৱে ভৈলা অৱতাৰ।

এতেকে জিনিতে পাৰে সমস্ত সংসাৰ।।

প্ৰেম ভকতিতেত মোক জনি আছা তুমি।

ভকতি নভৈলে মোক লগ পাৱে কোনি।।২১৭২।।

যিজনে জানিব মোক ভৈল এক পৰ।

দৃঢ় কৰি বোলো তাৰ আছে কাক ডৰ।।

তেজে শ্ৰীয়ে যশে বলে ঐশ্বৰ্য্যে বিস্তৰে।

দেৱতাকো নাটে কি কৰিব অল্প নৰে।।২১৭৩।।

শুক নিগদতি শুনা অৰ্জ্জুনৰ নাতি।

কৃষ্ণৰ বচনে যুধিষ্ঠিৰ মহামতি।।

প্ৰফুল্ল কমল মুখ আনন্দে উজ্জ্বল।

মনে মহা কৌতূহল নয়ন সজল।।২১৭৪।।

কৃষ্ণৰ প্ৰসাদে যজ্ঞ সিদ্ধি ভৈল বুলি।

চাৰি ভাইক চাই আদেশিলা মহাবলী।।

পৰম বৈষ্ণৱ সৱে ধীৰ মহাবীৰ।

বিষ্ণুতেজ ব্যাপি আছে সৱাৰো শৰীৰ।।২১৭৫।।

নৃপতি বদতি ওবা বীৰ ধনঞ্জয়।

চলিয়ো নকুল সহদেৱ মহাশয়।।

কৃষ্ণৰ চৰণ সৱে ধৰিয়া হৃদয়।

কৰি দিগ্বিজয় জিনি যত ৰাজাচয়।।২১৭৬।।

জ্যেষ্ঠ ভাইৰ বচন শুনিয়া চাৰি বীৰে।

উঠিলন্ত কাছি ৰাজ আজ্ঞা ধৰি শিৰে।।

কৃষ্ণক সাৱটি ধৰি হইলা বিদায়।

সুমঙ্গলে চলি গৈলা নিশান কোবাই।।২১৭৭।।

দক্ষিণ দিশক সহদেৱ গৈলা চলি।

লগতে সঞ্জয় সেনাগণ মহাবলী।।

হয় হস্তী ৰথচয় পদাতি বিস্তৰ।

জয় কৃষ্ণ ধ্বনি কৰি চলে নিৰন্তৰ।।২১৭৮।।

পশ্চিমক চলিলা নকুল মহাবলী।

উত্তৰ দিশক ধনঞ্জয় জয়শালী।।

পূৰ্ব্ব দিশে চলি গৈলা বীৰ বৃকোদৰ।

নামতে প্ৰমত্ত বীৰ আতি ভয়ঙ্কৰ।।২১৭৯।।

মৎস্য যে কেকয় মদ্ৰক সেনা তিনি।

তিনিৰো লগতে চলি গৈলা ভিন্নে ভিন্নি।।

হয় হস্তী ৰথ যত পদাতি অপাৰ।

মাধৱৰ বৰে আতি দেখি চমৎকাৰ।।২১৮০।।

দক্ষিণ দিশত যত আছে ৰাজাগণ।

নামতে বৰিলে কতো দিয়া বহুধন।।

কৃষ্ণক নামানে যিটো দুষ্ট ৰাজাগণ।

সহদেৱ সমে তাৰ ভৈল ঘোৰ ৰণ।।২১৮১।।

মাধৱৰ প্ৰসাদত মাদ্ৰীৰ তনয়।

অপ্ৰয়াসে সৱাতে ভৈলন্ত ৰণ জয়।।

পশ্চিম দিশত ৰাজাগণ আছে মানে।

নকুলেও সৱাকো জিনিলা চণ্ড ৰণে।।২১৮২।।

উত্তৰ দিশত যত আছে ৰাজাচয়।

অপ্ৰয়াসে সৱাকো জিনিলা ধনঞ্জয়।।

পূৰ্ব্বৰ দিশত যত আছিল নৃপতি।

সৱাকো জিনিলা বৃকোদৰ মহামতী।।২১৮৩।।

বিষ্ণুত ভকত ৰাজা আছিলেক মানে।

আগবাঢ়ি আপুনি ভেণ্টিলা ৰঙ্গমনে।।

যুধিষ্ঠিৰ ৰাজা কৰিবন্ত ৰাজসূয়।

কৃষ্ণক দেখিবো তথা মহাৰঙ্গ শুই।।২১৮৪।।

মুকুতা মাণিক মণি সুৱৰ্ণ অসংখ্য।

প্ৰতি প্ৰতি ৰাজা আনি দিলা লক্ষে লক্ষ।।

কতো ৰাজাগণে মহা কৰে কুতূহল।

আহ্মাৰ বিত্তৰ ভৈল অৱেসে সাফল।।২১৮৫।।

কৃষ্ণক পূজিবে যুধিষ্ঠিৰ মহাযশী।

বিলাব বান্ধৱগণে হোমিৱন্ত আসি।।

কৃষ্ণৰ প্ৰসাদে অপ্ৰয়াসে চাৰি ভাই।

চাৰিয়ো দিশক জিনিলন্ত সমুদায়।।২১৮৬।।

ওলমালা লৈয়া হস্তী ৰথ অসংখ্যাত।

ভেণ্টিলন্ত যাই জ্যেষ্ঠ ভাইৰ চৰণত।।২১৮৭।।

যুধিষ্ঠিৰ ৰাজাৰ সন্তোষ ভৈল মন।

যজ্ঞ কৰিবাক পাইলা অসংখ্যাত ধন।।

অনন্তৰে কুন্তিসুত চিন্তিলা মনতে।

জৰাসন্ধ ৰাজাক জিনিবো কেনমতে।।২১৮৮।।

কৃষ্ণক দিলেক ধাৰ অষ্টাদশ বাৰ।

জৰাসন্ধ ৰাজা সম নাই বলীয়াৰ।।

অনেক ৰাজাক থই আছে বন্দী কৰি।

তাক নিজিনিলে যজ্ঞ কৰিতে নপাৰি।।২১৮৯।।

মোৰ মহা ইষ্ট কৃষ্ণ বিনে আন নাই।

এহি চিন্তি মাধৱত পুছিলা বিনাই।।

যুধিষ্ঠিৰ বদতি শুনিয়ো কৃষ্ণ দেৱ।

জৰাসন্ধ সদৃশ দুৰ্জ্জয় নাই কেৱ।।২১৯০।।

কিনো বীৰ্য্য পৰাক্ৰম কহিবো তাহাৰ।

কিবাত তপ ফলে ভৈল হেন অনিৰ্ব্বাৰ।।

তোহ্মাক দিলেক ধাৰ বহুতৰ বাৰ।

জিনিলো যাদৱ বুলি কৰে অহঙ্কাৰ।।২১৯১।।

প্ৰচণ্ড অগনি তুমি দুৰ্জ্জন জনৰ।

জৰাসন্ধ নৃপতি পতঙ্গ সমাসৰ।।

তথাপি তোহ্মাত পৰি নভৈল দগধ।

ইহাক সুমৰি মোৰ নখণ্ডে স্তবধ।।২১৯২।।

কহিয়ো কৰুণাময় ইহাক সম্প্ৰতি।

কিমতে জিনিবো জৰাসন্ধ মন্দমতি।।

কৃষ্ণ নগদতি সাধু শুনা যুধিষ্ঠিৰ।

যেনমতে উপজিল জৰাসন্ধ বীৰ।।২১৯৩।।

.......................

।।জৰাসন্ধৰ জন্ম কথা।।

 

অনেক বিগ্ৰহ সিটো কৰিলে আহ্মাক।

নবধিলো যিহেতু শুনিয়ো কহো তাক।।

বৃহদ্ৰথ নামে ৰাজা মগধৰ পতি

সৰ্ব্বগুণে যুগুত আছিল মহামতি।।২১৯৪।।

কাশী নৃপতিৰ দুই যমজা কুমাৰী।

সৰ্ব্ব গুণৱতী দুয়ো পৰম সুন্দৰী।।

বিধিৱতে দুইকো বিহাইলন্ত বৃহদ্ৰথে।

কৰিলা প্ৰতিজ্ঞা ৰাজা ভাৰ্য্যাৰ স্নেহতে।।২১৯৫।।

দুয়ো বহিনীত প্ৰৱৰ্ত্তিবো সম ভাৱে।

সেহিমতে কতো কাল নিলন্ত উৎসৱে।।

যেতিক্ষণে বসি থাকে সভাৰ মধ্যত।

দুয়ো পাশে দুয়ো ভাৰ্য্যা থাকন্ত লগত।।২১৯৬।।

বিষয় সুখত মগ্ন ভৈলা মহীপতি।

যুৱা কাল বহি গৈলা নভৈল সন্ততি।।

পুত্ৰকামে নানাবিধ দেৱক যজিলা।

একোমতে বংশধৰ পুত্ৰক নপাইলা।।২১৯৭।।

চিন্তাম্বিত ভৈল ৰাজা মনে নাই সুখ।

হৰি হৰি পাপী নেদেখিলো পুত্ৰমুখ।।

গৌতম নন্দন কৌশিক মুনিবৰ।

তীব্ৰ তাপে শ্ৰান্ত তান ভৈল কলেৱৰ।।২১৯৮।।

আপোন ইচ্ছায় ঋষি গৈল তান ঠাই।

বৃক্ষমূলে বসিলা শীতল ছায়া পায়।।

বৃহদ্ৰথ ৰাজা দুয়ো পত্নী সমন্বিতে।

আগবাঢ়ি ঋষিক পূজিলা বিধিৱতে।।২১৯৯।।

দিব্য পঞ্চামৃতে ৰাজা কৰাইলা ভোজন।

তুষ্ট হুয়া ঋষি পাচে বুলিলা বচন।।

তুষ্ট ভৈলো ইষ্ট বৰ লৈয়ো নৰপতি।

সভাৰ্য্যে নৃপতি পাচে কৰিলা কাকূতি।।২২০০।।

অপুত্ৰক ৰাজা মঞি শুনা তপোধন।

ৰাজ্য এৰি চলিবাক খোজো তপোবন।।

কি কৰয় ৰাজ্যসুখ ঐশ্বৰ্য্য সকল।

অপুত্ৰক প্ৰাণী ভৈলে জীৱন নিষ্ফল।।২২০১।।

এহি শুনি মহামুনি চিন্তন্ত মনত।

পকি আছে আম্ৰফল ভৃক্ষৰ অগ্ৰত।।

ভুঞ্জিবাক প্ৰতি শুকপক্ষী মুখ দিল।

ঋষিৰ কোলাত আসি সৰিয়া পৰিল।।২২০২।।

দেখিয়া হৰিষে মুনি ধৰিলা আপুনি।

ৰাজাক প্ৰশংসি হাসি বুলিলন্ত বাণী।।

সিদ্ধ ভৈল কাৰ্য্য ৰাজা গৃহক চলিয়ো।

এই ফলগুটি নিয়া ভাৰ্য্যাক ভুঞ্জয়ো।।২২০৩।।

লভিবা পুত্ৰেক মহাৰাজ বংশধৰ।

হেন শুনি অৱনতে লৈলা নৃপবৰ।।

কৰিলা প্ৰণাম ৰঙ্গে ঋষি চলি গৈলা।

নৃপতিয়ো হৰিষে আৱাস প্ৰৱেশিলা।।২২০৪।।

পূৰ্ব্বৰ প্ৰতিজ্ঞা ৰাজা মনত সুমৰি।

সেহি আম্ৰফল গুটি দুই ভাগ কৰি।।

দিল দুই ভাৰ্য্যাক ভুঞ্জিলা দুয়োজনে।

দুইৰে গৰ্ভ ভৈলা সেহি ফলৰ প্ৰমাণে।।২২০৫।।

নৃপতিৰ মনত কৌতূক অসংখ্যাত।

পাচে একদিনা দুইৰো গৰ্ভ ভৈল জাত।।

একবাহু একপদ একৈক নয়ন।

অৰ্দ্ধ মুখ অৰ্দ্ধ নাসা দেখি বিলক্ষণ।।২২০৬।।

হেন দুই খণ্ড চণ্ড তনু উপজিলা।

দেখি দুয়ো মাৱে মহা বিস্ময়ে কম্পিলা।।

জীৱন্তে আছয় সৱ লৰে হাত পাৱ।

অদভুত দেখ আলোচিলা দুয়ো মাৱ।।২২০৭।।

ধাইক সম্বোধি দুয়ো বুলিলা সত্তৰ।

কেৱে নতু জানন্তে গৃহৰ বাজ কৰ।।

ইটো অদভুত আতি দেখে যেৱে লোক।

কুলক্ষিণী বুলি সৱে নিন্দিবে আহ্মাক।।২২০৮।।

এহি শুনি দুয়ো ধাই বস্ত্ৰে ঢাকি লৈল।

অন্তেষপুৰৰ মাজে চৌপন্থাত থৈলা।।

জৰা নামে ৰাক্ষসী ফুৰয় সেহি স্থান।

মাংস যাৰ ভোজন শোণিত যাৰ পান।।২২০৯।।

শোণিতৰ গন্ধ পাই দেখিলেক যাই।

দুই খণ্ড শৰীৰ পৰিয়া সেহি যঠাই।।

দুই খণ্ড শৰীৰক দুই হাতে ধৰি।

দৈৱে নিয়োজিল ধৰিলেক এক কৰি।।২২১০।।

ধৰিলেক মাত্ৰকে তেতিক্ষণে যোৰা গৈল।

একপিণ্ড হুয়া দিব্য কুমাৰেক ভৈল।।

দেখিয়া ৰাক্ষসী জৰা ভৈলন্ত বিস্ময়।

বহিবে নোৱাৰি শিশু যেন বজ্ৰময়।।২২১১।।

তাম্ৰবৰ্ণ কৰ মুঠি কৰিয়া বালকে।

কান্দিবে লাগিলা যেন গৰ্জ্জে বলাহকে।।

অন্তেষপুৰৰ জনে শুনি ভীত ভৈলা।

ৰাজায়ে সহিতে পাচে চাহিবাক গৈলা।।২২১২।।

দুয়ো পত্নী চাহিবাক গৈলা সেহি স্থানে।

পৰিপূৰ্ণ স্তন দুইৰো শ্ৰৱে ঘনে ঘনে।।

চিন্তন্ত ৰাক্ষসী কুমাৰক কোলে ধৰি।

নৃপতিৰ পুত্ৰক ভুঞ্জিবো কেন কৰি।।২২১৩।।

চিৰকাল পুত্ৰবৰ সাধে নৰপতি।

ইহাৰ দেশত মঞি আছোহো সম্প্ৰতি।।

এহি চিন্তি ৰাক্ষসী মানুষ ৰূপ ধৰি।

ৰাজাক বুলিবে লৈলা পুত্ৰ কোলে কৰি।।২২১৪।।

হৈৰ বৃহদ্ৰথ লৈয়ো তোহ্মাৰ নন্দন।

তোহ্মাৰ দুই পত্নী গৰ্ভৈ ভৈল উতপন্ন।।

দুই খণ্ড দেখি নিয়া পেলাইলেক ধাই।

মঞি এক কৰিয়া ৰাখিলো লাগ পাই।।২২১৫।।

হেন শুনি মহাৰাজ লৈলন্ত সাদৰি।

ভাৰ্য্যাৰ কোলাত নিয়া থৈল ৰঙ্গ কৰি।।

দুয়ো বাহিনীয়ে লৈয়া পিয়াইলেক স্তন।

হৃষ্ট পুষ্ট কুমাৰ দেখন্তে ৰঙ্গমন।।২২১৬।।

শুনা সভাসদ পূণ্যকথা কুতূহলে।

ৰাক্ষসৰো মুখৰ এৰাই পূণ্যবলে।।

শত্ৰু যে এৰাৱে মিত্ৰৰো হাতে মাৰি।

বিষ্ণুৰ চেষ্টাক কেহো বুজিবে নোৱাৰি।।২২১৭।।

এতেকে ইহাত কিছু নকৰি বিস্ময়।

ভজিয়ো কৃষ্ণৰ পাদপদ্ম পূণ্যময়।।

মৰাকো জীয়ান্ত হৰি জীয়াকো মাৰন্ত।

কালৰো ঈশ্বৰ মহেশ্বৰ ভগৱন্ত।।২২১৮।।

তান কথা শুনা তান লোৱা গুণ নাম।

ধৰ্ম্ম অৰ্থ কাম মোক্ষ সাধা অনুপাম।।

মিছা বস্তু সত্য হৱৈ কৃষ্ণক ভজিলি।

কৃষ্ণৰ কিঙ্কৰে কহে অনন্ত কন্দলি।।২২১৯।।

বিষয়ত থাকন্তো মুকুতি সুখ ধৰে।

যেৱে কৃষ্ণকথা নিতে কৰ্ণ মন পূৰে।।

আপুনি প্ৰমাণ পাবা শুনা নৰনাৰী।

দুঃখ দূৰ হৌক ডাকি বোলা হৰি হৰি।।২২২০।।

....................

 

।।জৰাসন্ধ বধৰ উদ্যোগ।।

।।দুলড়ী।।

 

বৃহদ্ৰথে পাচে      পুছিলা কন্যাত

কোন তুমি বৰনাৰী।

মোক পুত্ৰদান     দিলাহা কল্যাণী

দেৱাও বুলিবে পাৰি।।

হেন শুনি হাসি    বোলন্ত ৰাক্ষসী

কল্যাণ হোক তোহ্মাৰ।

জৰা নামে মোক   ৰাক্ষসী বোলয়

শোণিত মোৰ আহাৰ।।২২২১।।

যেহিমানে ৰূপ     ধৰিবাক পাৰো

শুনা ৰাজা ৰাজেশ্বৰ।।

তোহ্মাৰ গৃহত   সদায়ে থাকোহো

পূজা খাই প্ৰিয়তৰ।।

গৃহদেৱী বুলি    মোহোৰ খিয়াতি

থাকো প্ৰতি ঘৰে ঘৰে।

দানৱ নাসিতে    মানৱ পালিতে

স্ৰজিলন্ত সৃষ্টকৰে।।২২২২।।

যিটো ভক্তিভাৱে    পুত্ৰগণ সমে

বেৰত লিখৈ হ্মাক।

তাহাৰ গৃহত      বাঢ়ৈ মহালক্ষ্মী

বিঘ্নিও নলঙ্ঘে তাক।।

তোহ্মাৰ গৃহত     লিখি আছা মোক

পুত্ৰগণ সমন্বিতে।

গন্ধে পুষ্পে ধূপে    ভক্ষ্য ভোগ্য মহা

পূজা কৰা প্ৰতিনিতে।।২২২৩।।

এতেকে তোহ্মাৰ    কল্যাণ চিন্তিয়া

ৰাখিলো তযু পুত্ৰক।

মেৰুকো গিলিবে    পাৰো মোক জানা

ই পুনু কোন বালক।।

এহি বুলি দেৱী    অন্তৰ্দ্ধান ভৈলা

হৰিষ ভৈল নৃপতি।

পাচে জাত কৰ্ম্ম    কৰিলা পুত্ৰৰ

মহা মহোৎসৱে আতি।।২২২৪।।

দুইখান তনু    সংযোগ কৰিয়া

জৰা যাতো ৰাখিলন্ত।

এতেকে তাহাৰ     জৰাসন্ধ হেন

প্ৰসিদ্ধ নাম থৈলন্ত।।

অল্পকালে সিটো    মহাবলী ভৈল

কৌশিক ঋষিৰ বৰে।

অনেক ৰাজাক     বশ্য কৰিলেক

ধনু ধৰি নিজকৰে।।২২২৫।।

ৰাজ্য অভিষেক    কৰি পাচে তাক

বৃহদ্ৰথ স্বস্থ ভৈলা।

দুই পত্নী সমে     তপোবনে গই

বিষ্ণু চিন্তি গতি পালা।।

কৃষ্ণ নিগদতি      শুনা যুধিষ্ঠিৰ

কহিলো তাৰ কাহিনী।

অষ্টাদশ বাৰ      সৈন্য সাজিলেক

তেইশ তেইশ অক্ষৌহিণী।।২২২৬।।

সৱাকে বধিলো     তাকো উপেক্ষিলো

বাৰে বাৰে লগ পাই।

ব্ৰাহ্মণৰ তেজ     অল্পদোষে তাক

বধিবাক নুযুৱাই।।

পৰম বৈষ্ণৱ      ৰাজাগণ যত

ধৰি নিয়া তাক বলে।

হৰক পূজিতে      বান্ধি থৈয়া আছে

অধম সিটো নিষ্খলে।।২২২৭।।

এহি দোষে তাৰ    যি কিছু আছিল

পূণ্যসৱ ভৈল ক্ষয়।

এৱেসে জানিবা     বধিবো দুষ্টক

কহিলো জানা নিশ্চয়।।

মোহোৰ লগত     দিয়ো দুই ভাই

ভীম আৰু ধনঞ্জয়।

যেৱে মোৰ চিত্ত    জানা যুধিষ্ঠিৰ

নকৰিবা আত ভয়।।২২২৮।।

বিপ্ৰৰূপ ধৰি      তিনি মাত্ৰ যাবো

অলক্ষিতে তাৰ থান।

সৈন্য যুদ্ধ এৰি    একাএকি কৰি

মাগিবোহো যুদ্ধদান।।

মহামানী সিটো     নেদো নুবুলিব

জানো বীৰ জৰাসন্ধ।

ভীম সমে তাৰ    গদা যুদ্ধ পাতি

বিনাশিবো তাৰ স্কন্ধ।।২২২৯।।

মোৰ শিক্ষা বুদ্ধি   ভীমৰ বলত

অৰ্জ্জুৰ হৈব সহায়।

বধি জৰাসন্ধ      সাধো তযু কাৰ্য্য

সত্বৰে দিয়া বিদায়।।

কৃষ্ণৰ বচন       শুনি যুধিষ্ঠিৰ

আনন্দে ভৈলা বিহ্বল।

কৃষ্ণ কৃষ্ণ বুলি     আলিঙ্গি ধৰিল

নেত্ৰে ঝড়ে প্ৰেম জল।।২২৩০।।

সম্বোধি বোলন্ত     তোহ্মাৰ চিত্তক

সমস্তে জানো মুৰাৰি।

তোহ্মাৰেসে বুদ্ধি    সকলো দুৰ্গতি

তড়াই আছা প্ৰাণ হৰি।।

পাণ্ডৱৰ নাথ      তুমিসে অচ্যুত

আশ্ৰয় আছো তোহ্মাত।

আহ্মাৰ কল্যাণ         সাধিবা গোসাঞি

বিস্ময় কোন ইহাত।।২২৩১।।

আজি হেন জানো   তোহ্মাৰ বচনে

বধ ভৈল জৰাসন্ধ।

ৰাজসূয় যজ্ঞ      সিজিল আহ্মাৰ

লভিলো পৰমানন্দ।।

কিন্তু তুমি ভীম    অৰ্জ্জুনক ত্যজি

জীৱো মঞি কেন কৰি।

এতেকে সত্বৰে     আসিবাহা প্ৰভু

জৰাসন্ধ বধ কৰি।।২২৩২।।

হেন শুনি কৃষ্ণ    ভীম ধনঞ্জয়

নৃপতিক নতি কৰি।

মহা সুমঙ্গলে      চলি গৈলা তিনি

মাগধ ৰাজাৰ পুৰী।।

উদ্ধৱৰ মত      চিন্তি জগন্নাথে

যান্ত জৰাসন্ধ দেশ।

ভক্তক মেলাইবো    দুষ্টক বধিবো

মনত ৰঙ্গ আশেষ।।২২৩৩।।

শুনা নৰমাৰী     একচিত্ত কৰি

কৃষ্ণৰ কেনে আশ্ৰয়।

শিষ্টক পীড়িলে     বলিষ্ঠ জনক

মাধৱে কৰন্ত ক্ষয়।।

হেন জানি পৰ     পীড়া পৰিহৰি

কৰিয়ো হৰি ভকতি।

যি কিছু পাৰাহা    পৰ উপকাৰ

চিন্তিয়োক দিনে ৰাতি।।২২৩৪।।

সজ্জন ৰঞ্জন       দেৱ নিৰঞ্জন

কৃষ্ণেসে কুৰুণাসিন্ধু।

শুণি চাহা মনে    নাৰায়ণ বিনে

আছে কোন প্ৰাণবন্ধু।।

জানা যেৱে নিষ্ঠ   মুখ্য দেৱ কৃষ্ণ

শুনা তাৰ গুণ নাম।

তড়িয়ো দুৰ্গতি     শুদ্ধ হৌক মতি

ডাকি বোলা ৰাম ৰাম।।২২৩৫।।

...............

        ।।ভীম জৰাসন্ধৰ যুদ্ধ।।

                   ।।পদ।।

আগে ভীম কৃষ্ণ মাজে পাচে ধনঞ্জয়।

যেন ৰবি শশী অগ্নি একত্ৰে চলয়।।

পথত চলন্তে যত দেখে নৰনাৰী।

মোহ হুই তিনিকো চাহয় নেত্ৰভৰি।।২২৩৬।।

নদী নদ পৰ্ব্বত ছাড়িল বহু দেশ।

মগধ দেশত যাই ভৈলন্ত প্ৰৱেশ।।

ধনে জনে নানা ৰত্নে প্ৰকাশে উত্তম।

হাটী বাটী নগৰী দেখন্ত নিৰুপম।।২২৩৭।।

পাঞ্চগোটা মহা গিৰি আছে তাক বেঢ়ি।

তাহাৰ ভিতৰে আছে ৰাজাৰ নগৰী।।

বৰাহ ঋষভ গিৰি বিহাৰ বিমল।

চিত্ৰক সহিতে পাঞ্চো প্ৰকাশে উজ্জ্বল।।২২৩৮।।

এতেকেসে গিৰিব্ৰজ তাহাৰ খিয়াতি।

যাক লঙ্ঘিবাক নাহি দেৱৰ শকতি।।

দেখি কৃষ্ণ ধনঞ্জয় ভীম মহাবলী।

ভাল ৰাজ্য বুলি হাসিলন্ত খলখলি।।২২৩৯।।

ভালেতো কাহাকো ডৰ নকৰে দন্দুৰ।

আজি সৱ ভাৱনা ইহাৰ কৰো চূৰ।।

বিপ্ৰবেশে হৰিষে চলন্ত তিনি জন।

মালাকৰে পুষ্প লই পালা দৰিশণ।।২২৪০।।

বলে কাঢ়ি লই তাক পিন্ধিলন্ত ৰঙ্গে।

অগৰু চন্দনে বিলেপিত সৰ্ব্ব অঙ্গে।।

সুদৃষ্ট কুণ্ডলে মুখ মণ্ডল জ্বলয়।

দেখি নগৰৰ প্ৰজা ভৈলেক বিস্ময়।।২২৪১।।

হেনতো ব্ৰাহ্মণ নতো দেখি একো থান।

তপৰ প্ৰভাৱে জ্বলে সূৰ্য্যৰ সমান।।

মহা ভয়ঙ্কৰ তাৰ পাইলা গই দ্বাৰ।

অনেক কটকে ৰাখে দেখি চমৎকাৰ।।২২৪২।।

একেশাৰী তিনি গড় ঘোৰ তিনি দ্বাৰ।

ডেৱ দিয়া তিনি বীৰে ভৈলা তাৰ পাৰ।।

কেহো নবাধিল পশিলন্ত অভ্যন্তৰ।

দেৱগৃহে আছে জৰাসন্ধ নৰেশ্বৰ।।২২৪৩।।

অতিথি পূজাৰ বেলা মধ্যাহ্ন সময়ে।

বুলিবে লাগিলা ভীম কৃষ্ণ ধনঞ্জয়ে।।

অহঙ্কাৰ কৰিয়া বোলন্ত খৰ্ব্ব বাণী।

কৈত জৰাসন্ধ আসিয়াছো দ্বিজ তিনি।।২২৪৪।।

আহ্মাৰ কামনা পূৰ্ণ কৰা নৰপতি।

অনেক দূৰৰ হন্তে ভৈলোহো অতিথি।।

হোক তোৰ কল্যাণ বিলম্ব পৰিহৰ।

শুনিয়াছো বিপ্ৰত ভকত তই বৰ।।২২৪৫।।

যদি বোলা কিবা বাঞ্ছা কৰা তুমি তিনি।

হঠাতে প্ৰতিজ্ঞা কেনে কৰিবো নজানি।।

ইটো চিন্তা কৰিবাক তোৰ নুযুৱাই।

শুনা ধৰ্ম্মপথ কথা কহঞো বুজাই।।২২৪৬।।

কোননো দুঃসহ আছে ক্ষমীয় পুৰুষৰ।

কোনবা অকাৰ্য্য আছে দুৰ্জ্জন জনৰ।।

নেদে যেন কোন বস্তু আছয় দাতাৰ।

কোন তাৰ পৰম সুদৃষ্টি আছে যাৰ।।২২৪৭।।

অনিত্য শৰীৰে যিটো নিচিন্তে ধৰ্ম্মক।

জগতে গাইবেক হেন সাধয় যশক।।

তাত পৰে পাতকী নাহিকে পৃথিৱীত।

হেন জানি জৰাসন্ধ নকৰি বিচিত্ত।।২২৪৮।।

হৰিশ্চন্দ্ৰ ৰন্তিদেৱ উষ্ণবৃত্তি শিৱি।

বলি ব্যাধ কপোত অতিথি ধৰ্ম্মসেৱি।।

আনো সৱ যতেক ধৰ্ম্মত দিল মতি।

অধ্ৰুৱ শৰীৰে সৱে পাইলা ধ্ৰুৱ গতি।।২২৪৯।।

তাসম্বাৰ কীৰ্ত্তি দেখা অদ্যাপিও জ্বলে।

মহাজন সৱে যাক গাৱে কৌতূহলে।।

হেন জানি জৰাসন্ধ নুগুণিয়ো মনে।

আমি যেন বাঞ্ছো তাক সাধিয়ো এক্ষণে।।২২৫০।।

শুক মুনি বদতি শুনিয়ো পৰীক্ষিত।

এহি শুনি জৰাসন্ধ ধৰ্ম্মত বিনীত।।

অৰিহণা ধৰিয়া গৃহৰ ভৈল বাজ।

ব্ৰাহ্মণত ভকত পৰম মদ্ৰৰাজ।।২২৫১।।

তিনিকো দেখিলা মহা বিপ্ৰৰ আকাৰ।

বচনতে নিষ্ঠুৰ কটুৰ অহঙ্কাৰ।।

ধনুৰ্গুণ টানিবাৰ কৰ জ্বলে হাতে।

ক্ষত্ৰি হেন দেখি ৰাজা চিন্তিলা মনতে।।২২৫২।।

পূৰ্ব্বতে দেখিয়া সিটো আছে বহুবাৰ।

ধৰি মাত্ৰ আছে সৱে বিপ্ৰৰ আকাৰ।।

মনে গুণি বোলে জানিলোহো নিষ্ঠ কৰি।

তিনিয়ো ক্ষত্ৰিয় বীৰ বেশ আছে ধৰি।।২২৫৩।।

ছল কৰি মাগিবাক আসিয়াছে দান।

দিবো আজি দুস্ত্যজ খোজয় যদি প্ৰাণ।।

নেদো বুলি কোন কাৰ্য্যে কৰিবো বিমুখ।

কীৰ্ত্তি মাত্ৰ হৌক মৰিলেও নাই দুঃখ।।২২৫৪।।

কীৰ্ত্তি তেৱে নুশুনয় বলি নৃপতিৰ।

জগত পৱিত্ৰ কৰি প্ৰকাশে ৰুচিৰ।।

বামনো ব্ৰাহ্মণ ৰূপে বিষ্ণু ছল কৰি।

মাগিল ত্ৰিপদ দান বলিক সাদৰি।।২২৫৫।।

দিবো বুলি বলিয়ো লৈলন্ত জল তুলি।

শুক্ৰে হাক দিলে জানি নেদ নেদ বুলি।।

তোৰ যত ঐশ্বৰ্য্য ইন্দ্ৰক দিব কাঢ়ি।

কপটে আসিছা বিষ্ণু বিপ্ৰৰূপ ধৰি।।২২৫৬।।

হেনয় জানিয়া বলি নাদৰি গুৰুক।

সত্য বাক্য নেৰি দান দিলেক বিষ্ণুক।।

অদ্যাপিয়ো দশোদিশে কীৰ্ত্তি শুনি তান।

আশ্বৰ্য্যসে গুচিল লভিল দিব্যস্থান।।২২৫৭।।

ক্ষত্ৰিয়ৰ ইটো জীৱনত কোন ফল।

ব্ৰাহ্মণৰ প্ৰিয় যেনে নসাধে সকল।।

কোতিক্ষণে পৰে প্ৰাণ অথিৰ শৰীৰ।

যশৰাশি থাকে যেৱে সেহিসে সুথিৰ।।২২৫৮।।

হেনয় উদাৰমতি চিন্তিয়া ধৰ্ম্মক।

সম্বোধি বুলিলা কৃষ্ণ ভীম অৰ্জ্জুনক।।

জৰাসন্ধ বদতি শুনিয়ো বিপ্ৰচয়।

লেয়ো অৰিহণা মোত হুয়োক সদয়।।২২৫৯।।

কহিয়ো কামনা যেন মনত আছয়।

যদি শিৰ খোজা তাক দিবোহো নিশ্চয়।।

হেন শুনি হাসি হৰি বুলিলন্ত বাণী।

নলাগে আহ্মাক পাদ্য অৰ্ঘ্য আচমনি।।২২৬০।।

তোৰ সতকাৰে বৰ নকৰে আহ্মাক।

য়ি কাৰ্য্যে আসিলো আমি সুনা কহো তাক।.

জৰাসন্ধ বোলে ইটো শুনা বিপৰীত।

যি বোল বুলিলা নুহি বিপ্ৰৰ বিহিত।।২২৬১।।

বেশ মাত্ৰ ধৰি আছা সৱ ব্ৰাহ্মণৰ।

কিন্তু ছলবাদ মাত্ৰ মন্দ ক্ষত্ৰিয়ৰ।।

দেখি আছো বিশিষ্ট ব্ৰাহ্মণ যিটো হয়।

সৰ্ব্বাঙ্গে চন্দন পুষ্পমালা নিপিন্ধয়।।২২৬২।।

ধনু টানিবাৰ কৰ আছে দেখো হাতে।

কোন তুমিসৱ নিষ্ঠে কহিয়ো আহ্মাত।।

যেৱে দ্বিজ হোৱা কেনে পূজা নেঘেনিলা।

দ্বাৰ এৰি কিসক অদ্ধাৰে আসি ভৈলা।।২২৬৩।।

মৃদুতৰ বচন শুনিয় ব্ৰাহ্মণৰ।

তোহ্মাসাৰ উত্তৰ পৰম তীক্ষ্ণতৰ।।

স্বৰূপে জানোহো কেহো নুহিকা ব্ৰাহ্মণ।

ছদ্ম এৰি কহিয়োক স্বৰূপ বচন।।২২৬৪।।

হাসিয়া বোলন্ত হৰি ঐ জৰাসন্ধ।

বেদৰ বচন কিছু নুবুজস মন্দ।।

ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শুন তিনি জাতি।

দ্বিজ হেন কৰি জানা তিনিৰো খিয়াতি।।২২৬৫।।

তিনিয়ো বেদক পঢ়ে লৱে নৱগুণ।

তিনিৰো আকাৰ একে একমাত্ৰ ন্যূন।।

ক্ষত্ৰি হুই আমি ধৰি আছো বিপ্ৰবেশ।

আত কিছু দোষ নাই জানিবি নিঃশেষ।।২২৬৬।।

পুষ্পৱন্ত জনৰ লক্ষ্মীৰ সদাবাস।

এতেকে পিন্ধিলো পুষ্প চন্দন সুবাস।।

ক্ষত্ৰিয়ৰ বাহু যে পৰম বীৰ্য্য বল।

এতেকে চন্দনে মাল্যে পুজিলো নিৰ্ম্মল।।২২৬৭।।

ব্ৰাহ্মণৰ বাক্য বীৰ্য্য জানি মৃদুতৰ।

খড়খণ্ড উত্তৰ জানিবি ক্ষত্ৰিয়ৰ।।

পট্টচাটু প্ৰকৃতিৰো নুহিকো ব্ৰাহ্মণ।

এতেকে বুলিলো তোক বাক্য নিকৰুণ।।২২৬৮।।

অদ্ধাৰেসে যাই জানা শত্ৰুৰ গৃহক।

দ্বাৰে চলি যায় সুহৃদৰ সদনক।।

শত্ৰু অৰিহণা নেঘেণিয় কদাচিত।

কহিলো স্বৰূপে এই শাস্ত্ৰৰ বিহিত।।২২৬৯।।

হেন শুনি জৰাসন্ধ বোলে বিষ্ণু স্মৰি।

নপাঞো সুমৰি তুমিসৱ কেনে বৈৰী।।

তুমি আমি শত্ৰুভাৱ ভৈলবা কৈসানি।

চিন্তিয়া নপাঞো কেনে বোলা হেন বাণী।।২২৭০।।

অবৈৰক বৈৰ বুলি মানে যিটোজনে।

নৰকক যাই তাক ত্যজে পূণ্যগণে।।

ক্ষত্ৰিয়ৰ মিত্যা বচনত বৰ দোষ।

আন দোষে আহ্মাক কৰায় অসন্তোষ।।২২৭১।।

পুনৰপি হাসি হৰি বুলিলা বচন।

শুনা জৰাসন্ধ মন্দ বৈৰৰ কাৰণ।।

আহ্মাৰ উপৰি যিটো ৰাজা মহামানী।

তান যে আদেসে আমি আসিয়াছো তিনি।।২২৭২।।

অনেক ৰাজাক থই আছা বন্দী কৰি।

তাসম্বাৰ দুখ আৰ শুনিতে নপাৰি।।

তোৰ সম আছো কোন নৃপতি কপটী।

হৰক পূঁজিবে চাস ৰাজাগণ কাটি।।২২৭৩।।

উপজি আছোহো আমি ধৰ্ম্ম ৰাখিবাক।

তোক কাটিবাক কেনে দিবো আসম্বাক।।

জাতিত ক্ষত্ৰিয় সৱে বিষ্ণুত ভকত।

তাক কি কাটিবে চাস দাৰুণ নিৰ্গত।।২২৭৪।।

তোতো কৰি বৰ বৰ নৃপতি আছিল।

ৰাজাগণ কাটি কোনে ৰুদ্ৰক পূজিল।।

হেনকি পাপিষ্ঠ দুষ্ঠ দৰ্পিষ্ঠ দুৰ্জ্জন।

মনুষ্যক কাটি দেৱ পূজিবাক মন।।২২৭৫।।

মনুষ্যক পশু কৰে আপুনি মনুষ্য।

নাহি জৰাসন্ধ কেহো তোহোৰ সদৃশ।।

যেহি সেহি যোনি যাই পাৱে অৱস্থাক।

সেহি মন্দকৰ্ম্মে বাসনাই নেৰে তাক।।২২৭৬।।

সেহি সেহি প্ৰাণী হিংসা নৰ ক্ৰূৰ ফল।

ভুঞ্জয় নৰক ঘোৰ যাতনাসকল।।

হেন কি অধৰ্ম্ম কৰ্ম্ম কৰে ক্ৰূৰগণে

জৰাসন্ধ মন্দমতি নাই তোক বিনে।।২২৭৭।।

যতেক ক্ষত্ৰিয়মানে আহ্মাৰ গিয়াতি।

তাক উদ্ধাৰিতে হয় আহ্মাৰ যুগুতি।।

এতেকে আসিলো আমি তোক বধিবাক।

খণ্ডাবোহো দুখ নিস্তাৰিব তাসমবাক।।২২৭৮।।

দুখিতৰ দুঃখহাৰী আমি কৃপাময়।

কহিলো পাতকী তই নিৰ্দ্দয় হৃদয়।।

কোননো ঐশ্বৰ্য্য পাপী লভিবি সুখক।

জ্ঞাতিদ্ৰোহ কৰি পূজা কৰিবি শিৱক।।২২৭৯।।

এহি পাপে এক্ষণে যাইবি মহামাৰ।

হিত বুদ্ধি দেঞো শুন বচন আহ্মাৰ।।

যেৱে যমপুৰ চলি নযাবি দুৰ্জ্জন।

সতকাৰ কৰি তেৱে মেল ৰাজাগণ।।২২৮০।।

হেন যেৱে নকৰস শুন দুৰাচাৰ।

শিৰ দিবো বুলি কৰি আছা অঙ্গীকাৰ।।

নলাগে শিৰক তোৰ নোকোজোহো প্ৰাণ।

কিন্তু একা একি কৰি দেহ যুদ্ধদান।।২২৮১।।

যদি বোলা নিচিনা যুজিবো কেনমত।

শুন মহাৰাজ মঞি কহো স্বৰূপত।।

জাতিত ৰাজন্য আমি নমাগোহো আন।

দ্বিজ বুলি পূৰ্ব্বতে খুজিলো তোক দান।।২২৮২।।

যুদ্ধ বিনা আন দান নলাগে আহ্মাক।।

এহে ভীম দেশ বৃকোদৰ বুলি যাক।।

চন্দ্ৰসম সুন্দৰ বিপুল বাহুবল।

অয়ুত মাতঙ্গ সম গদাত কুশল।।২২৮৩।।

তান বাই দেখ এই বীৰ ধনঞ্জয়।

যাহাৰ যুদ্ধত ভঙ্গ হৈল হৰিহয়।।

খাণ্ডৱক দহিয়া গাণ্ডীৱ ধনু পাইল।

উত্তৰ দিশৰ যত নৃপতি বৰাইল।।২২৮৪।।

এহি দুইৰ মমাৰ তনয় জানা মোক।

যুদ্ধত সতৰবাৰ জিনি আছো তোক।।

শিষ্টৰ পৰম ইষ্ট দুষ্টৰ অনিষ্ট।

তোৰ মহাবৈৰী হৰি মঞিতো শ্ৰীকৃষ্ণ।।২২৮৫।।

চিনাইলো তিনিকো তই যাকে লাগে বৰ।

নাহিকে অন্যায় কিছো তুল্য যুদ্ধ কৰ।।

যুদ্ধ ছাৰি ক্ষত্ৰিয়ৰ ধৰ্ম্ম নাহি আন।

জিনিলেও যশ মৰিলেও স্বৰ্গথান।।২২৮৬।।

এহি শুনি জৰাসন্ধে হাসে খলখলি।

ইয়াকেসে লাগি ডৰুৱাস বনমালী।।

শুন আৱে মন্দসৱ দিবো আজি যুঁজ।

ভাল বিকৰ্থিলি আজি মোৰ কথা বুজ।।২২৮৭।।

কিন্তু কৃষ্ণ তুমি সমে নকৰো সমৰ।

যুদ্ধ ভৈলে ভঙ্গ দিয়া ভিৰি দেস লড়।।

নিজ ৰাজ্য মথুৰা ছাড়িয়া ভয়মনে।

সবান্ধৱে সাগৰত পশিলি শৰণে।।২২৮৮।।

ভয়াতুৰ সমে যুজিবাক কোন পল।

বয়সে সমান ভীম মোৰ তুল্য বল।।

কিন্তু পৰাক্ৰমে মোৰ ভীমো সম নুই।

অল্পবীৰ্য্য অৰ্জ্জুন কি মোৰ সম হুই।।২২৮৯।।

নুযুজিবো অৰ্জ্জুনক নুহি মোক সময়।

তুল্যবল ভীম সমে কৰিবো সংগ্ৰাম।।

কৃষ্ণ ধনঞ্জয় দুই থাকিয়োক চাই।

ভীম সমে যুজো মোৰ দেখা মুনিষাই।।২২৯০।।

এহি বুলি জৰাসন্ধ ভাণ্ডাৰক গৈল।

ভয়ঙ্কৰ দুই গদা ধৰি আসি ভৈল।।

একগোট দিল নিয়া ভীমৰ হাতত।

আপুনি ধৰিলে এক গদা ভালমত।।২২৯১।।

স্বস্ত্যয়ন কৰি পুৰোহিতে যাত্ৰা দিল।

গদা ধৰি জৰাসন্ধে যুদ্ধক চলিল।।

মহাবলী ভীমো চলিলন্ত গদা ধৰি।

মঙ্গল কৰন্ত ধনঞ্জয় দেৱহৰি।।২২৯২।।

নগৰৰ বাজ ভৈলা চাৰি মহাবীৰ।

সাজি আছে তানখান প্ৰকাসে ৰুচিৰ।।

নাই খাল বাম সিটো ৰাজাৰ মৈদাম।

বেঢ়ি চাৱে প্ৰজা তাত মিলিল সংগ্ৰাম।।২২৯৩।।

জৰাসন্ধে নাদি ভীমসেন আস বুলি।

ভীমো গদা ধৰি ধাই গৈলা বাহু তুলি।।

মদ্ৰৰাজে ধাইল বায়ুবেগে গদা ধৰি।

বলিয়ে ইন্দ্ৰক ধাই গৈলা যেন কৰি।।২২৯৪।।

দুয়ো যুদ্ধে দুৰ্ম্মদ প্ৰমত্ত যেন সিংহ।

প্ৰহাৰন্ত গদা ঘনে ঘনে দেন্ত ৰিঙ্গ।।

বজ্ৰৰ উপৰে যেন পৰে বজ্ৰপাত।

গদাৰ উপৰে গদা পৰে ঠাট ঠাট।।২২৯৫।।

বিচিত্ৰ মণ্ডল কৰি ক্ষণো গদা ধৰি।

ফুৰন্ত দুইহানো দুই ছিদ্ৰ লক্ষ্য কৰি।।

ক্ষণো ক্ষণো দক্ষিণে ভ্ৰমন্ত ক্ষণো বামে।

ছল পালে স্থান বুজি হানন্ত বিক্ৰমে।।২২৯৬।।

যেন ৰঙ্গশালা মাজে নাচে দুই নট।

গদাৰ প্ৰহাৰে শব্দ শুনি চট চট।।

নগৰৰ লোকে বেঢ়ি চায় চতুষ্পাশ।

তৰুণ পুৰুষ দুই কৰন্ত প্ৰকাশ।।২২৯৭।।

ক্ষণো ক্ষণো মুণ্ডে মুণ্ডে প্ৰহাৰে অধিক।

ভেৰা ছাগে যুজে যেন কৰে ঠাক ঠিক।।

ক্ষণো বুকে বুকে পাই হানে ঠাট ঠাট।

য়েন দুই দৈত্য যুজে শুনয় সম্পাত।।২২৯৮।।

বাহুৱে বাহুৱে ক্ষণো লাগে জৰাজৰি।

যেন দুই হস্তী টানে শুণ্ডে মেঢ়াই ধৰি।।

ক্ষণো চল পাই লাঠি হানে পাৱে পাৱে।

দুই গোটা ঘোটক যেন যুজে মত্তবাৱে।।২২৯৯।।

গদায়ে দায়ে কতো লাগে জড়াজড়ি।

যেন দুই হস্তী দন্তে যুজে ভিৰি ভিৰি।।

গদাৰ উপৰে গদা পৰে বাৰ বাৰ।

অগনি কণিকা নিকলয় জাতিষ্কাৰ।।২৩০০।।

চাহি আছে যত নগৰৰ নৰনাৰী।

জৰাসন্ধে জিনিবাক সাধে উচ্চ কৰি।।

দেৱগণে আকাশত চাহিয়া আছন্ত।

ভীমসেনে জিনন্তোক সমস্তে সাধন্ত।।২৩০১।।

কৃষ্ণনাম জপি আসিলন্ত সিদ্ধগণে।

জৰাসন্ধ বধন্তোক সুখে ভীমসেনে।।

তেৱেসে সিজিব মহাযজ্ঞ ৰাজসূয়।

বুঞ্জিবো বিচিত্ৰ পূজা মহা সুখী হুই।।২৩০২।।

বন্দী আছে ৰাজাগণ চিন্তি মনে মনে।

মাধৱৰ বৰে ভীমে জিনন্তোক ৰণে।।

আজিসে গুচিব ইটো বন্ধনৰ দুখ।

দেখিবো পৰম বন্ধু বান্ধৱৰ মুখ।।২৩০৩।।

মাধৱে সাধন্ত বীম হুয়ো ৰণজয়।

চাহি চাহি উৎসাহ বঢ়ান্ত ধনঞ্জয়।।

কটাক্ষে অমৃত বৃষ্টি কৰন্ত মাধৱ।

ভীমৰ মনত মহা মিলে মহোৎসৱ।।২৩০৪।।

শুনা নৰনাৰী হৰি চৰিত্ৰ অমৃত।

ভকতৰ ইষ্ট কৃষ্ণ ধৰিয়ো হৃদিত।।

সজ্জনৰ জীৱন জানিবা যদুমণি।

পাতকীয়ো তড়ে যাৰ নাম গুণ শুনি।।২৩০৫।।

ধন জন জীৱনৰ যৌৱন দুঃখ দেখি।

বলিষ্ঠৰো গুচে নিৰ্ব্বলীৰ কোনে লেখি।।

তাতে মোহ হুই হৰি চৰণক ত্যজে।

নাই একো সুখ দুঃখ নৰকত মজে।।২৩০৬।।

ইহেন মনুষ্য জন্ম পাইবাক দুৰ্ল্লভ।

কোনমতে ত্যজে প্ৰভু কমলাবল্লভ।।

কথা মাত্ৰ শুনিলে হৃদয়ে দেন্ত ৰক্ষা।

তথাপি নুশুনি মৰৈ কৰি বাদ কক্ষা।।২৩০৭।।

হেন জানি শুনা নৰ যাত আছে বোধ।

কৃষ্ণক শুনিলে কিছু নাহিকে বিৰোধ।।

অনন্ত কন্দলি কহে তড়িয়ো সংসাৰ।

ডাকি হৰি বোলা হৌক পুৰুষ উদ্ধাৰ।।২৩০৮।।

.............

 

।।ঝুমুৰী।।

 

পাচে ভীম জৰাসন্ধ।

ধৰি দুয়ো মালবন্ধ।।

পাতিলন্ত ঘোৰ যুঁজ।

দুয়ো বীৰ মহাভুজ।।২৩০৯।।

ভুজে ভুজে ছান্দিলন্ত।

পাৱে পাৱে জড়িলন্ত।

আজোৰন্ত ধৰি ধৰি।

লৰে সৱ বসুন্ধৰী।।২৩১০।।

মুণ্ডে মুণ্ডে হানে আতি।

হিয়ে হিয়ে ধৰে ঝান্তি।।

খঙ্গে চোবাৱন্ত দান্ত।

তেলিয়াৰ যেন জান্ত।।২৩১১।।

গণ্ডস্থলে পৰে চোট।

তেজ বয় যেন মোট।।

দুইৰো নাহি ভ্ৰূভঙ্গ।

বাজে গদা ঠঙ্গ ঠঙ্গ।।২৩১২।।

হৃদয়ত হানে মুষ্টি।

যেন যায় প্ৰাণ ফুটি।।

হস্তী যেন ছিহঁৰয়।

সৰ্প যেন ফোপাৱয়।।২৩১৩।।

নানা ছন্দে ধৰে আটি

ছাল ছুড়ি যায় ফাটি।।

ধৰি পকাৱন্ত ঘাৰ।

মৰ মৰি কৰে হাড়।।২৩১৪।।

চৱৰ চপট চোট।

ছাল ভৈলা সোটা সোট।।

দুইকো দুই পাৰে গালি।

আজিসে মৰিলি বুলি।।২৩১৫।।

শিৱ শিৱ বাসুদেৱ।

সুমৰন্ত দুয়ো দেৱ।।

নাহি দুইৰ জয় ভঙ্গ।

বাঢ়ে আৰো মহাৰঙ্গ।।২৩১৬।।

গৰ্জ্জে দুয়ো মেঘ যেন।

নতুন দেখি যুদ্ধ হেন।।

চাই সিদ্ধি মুনিগণে।

প্ৰশংসন্ত ঘনে ঘনে।।২৩১৭।।

পাচে মালয়ুদ্ধ এৰি।

দুয়ো মহা গদা ধৰি।।

হানন্ত প্ৰচণ্ড কোবে।

যেন বস্ত্ৰ ধোৱে ধোবে।।২৩১৮।।

মুণ্ডে মুণ্ডে তুণ্ডে পৰৈ।

বোম্বালে ৰুধিৰ ঝড়ৈ।।

নমনি গদাৰ পাক।

ছিঙে কাণ ভাগে নাক।।২৩১৯।।

স্কন্ধ কটি পদ উৰু।

ভেদে ছোট পৰে গুৰু।।

আতি খৰ থছচোট লাগি।

দুয়ো গদা যায় ভাগি।।২৩২০।।

দুয়ো বীৰ অনুপাম।

ভীম জৰাসন্ধ নাম।।

যেন শাল তাল ধৰি।

য়ুজে দুয়ো মত্ত কৰী।।২৩২১।।

প্ৰহাৰন্তে চূৰ্ণ ভৈল।

দুয়ো গদা ভগ্ন গৈল।।

পুনু দুয়ো মুষ্টি ধৰি।

হানে মহাকোপে কৰি।।২৩২২।।

প্ৰচণ্ড শবদ শুনি।

নিৰ্ঘাত পৰয় যেনি।।

সেহি মতে যুঁজে দুই।

কাৰো ভঙ্গ জয় নুই।।২৩২৩।।

বলে দুয়ো একে সম।

সম শিক্ষা পৰাক্ৰম।।

কাৰো বল ক্ষীণ নুই।

একে সম যুঁজে দুই।।২৩২৪।।

দেখি কৃষ্ণ কৃপাময়।

ভীমৰ সাধিয়া জয়।।

আপোনাৰ তেজে হৰি।

ভীমক সম্পূৰ্ণ কৰি।।২৩২৫।।

স্বচ্ছালন্ত ভগৱন্ত।

ভীমে আক নজানন্ত।।

দুইখণ্ড মাংস হুয়া।

আছে যাতো উপজিয়া।।২৩২৬।।

জৰায়ে জোৰালে পাই।

পাচে ভৈল এক ঠাই।।

ভীমত জনাঞো ছলে।

ধৰন্তোক মহাবলে।।২৩২৭।।

পাৱে ধৰি ছিড়ন্তোক।

মৰি যাউক যমলোক।।

দুৰ্জ্জনক বধিলাত।

দোষ কিছু নাহি আত।।২৩২৮।।

ভকতৰ সাধো কাজ।

মৰাঞো দুষ্ট মদ্ৰ ৰাজ।।

এহি চিন্তি দেৱ হৰি।

এক গাছি তৃণ ধৰি।।২৩২৯।।

ভীমক দেখাইলা ছলে।

ছিড়িলন্ত কৌতূহলে।।

শুনিয়োক নৰ নাৰী।

দেখা কেনে প্ৰভু হৰি।।২৩৩০।।

ভকতৰ প্ৰিয় সাধি।

অন্যায়ে দুষ্টক বধি।।

সজ্জনৰ ইষ্ট কৃষ্ণ।

জানা তাক নিষ্টে নিষ্ট।।২৩৩১।।

তাহান কিঙ্কৰ হোৱা।

সৱ তোষ কৰি থোৱা।।

মাধৱক বন্ধু পাই।

ত্যজে যিটো চক্ষুখাই।।২৩৩২।।

নাহিকে অন্যায় চাৰ।

জানা আক সাৰে সাৰ।।

পিয়া কৰ্ণ কৰি থিৰ।

কৃষ্ণকথা গঙ্গা নীৰ।।২৩৩৩।।

খণ্ডোক পাতক দাম।

শুনিয়োক আৱিশ্ৰম।।

বিষয়ত নেদি মন।

ডাকি বোলা নাৰায়ণ।।২৩৩৪।।

..............

 

।।জৰাসন্ধ বধ।।

।।ছবি।।

ভীমসেনে জানিলন্ত   কৃষ্ণে যেন সূচাইলন্ত

মহাবীৰ ক্ৰোধে খেদি যায়।

চাম্প দিয়া সিংহে যেন    ধৰিলন্ত সেইক্ষণ

মদ্ৰ নৃপতিৰ দুই পাৱ।।

নিঢালে ভূমিত পাৰি একে পাৱে একে ভৰি

দিয়া তাক আক্ৰমিলা চোটে।

আৰো পাৱে দুই হাতে   ধৰি মহা বলশালী

মাৰ্গহন্তে ছিড়িলন্ত গোটে।।২৩৩৫।।

এক পদ এক উৰু        এক মুণ্ড কটিতট

এক পিঠি এক স্তন স্কন্ধ।

এক বাহু চক্ষু কাণ       দেখিলেক সৰ্ব্বজন

দুই খণ্ড ভৈল জৰাসন্ধ।।

যেন মহামত্ত হস্তী        বৃক্ষশাখা ছিড়িলেক

পৃথিৱীত পৰিল সন্ধানে।

সেহিমতে ভৈল ৰাজা     দেখি তাৰ নিজ প্ৰজা

হাহাকাৰ কৰে দুঃখে মনে।।২৩৩৬।।

আকাসত দেৱগণে       জয় ভীমসেন বুলি

পুষ্পবৃষ্টি কৰিল সকলে।

কৃষ্ণ ধনঞ্জয় দুই        ধন্য মহাবীৰ বুলি

আলিঙ্গি ধৰিলা কৌতূহলে।।

জৰাসন্ধ বধ শুনি       অন্তেষপুৰত ভৈল

ক্ৰন্দনৰ উৰ্ম্মি মহা ৰাৱ।

সহদেৱ নামে তাৰ       পুত্ৰে আসি মাধৱৰ

শৰণে  পশিল দুই পাৱে।।২৩৩৭।।

কৃপাময় চক্ৰপাণি        আশ্বাসিয়া প্ৰিয়বাণী

তাকে পাতিলন্ত তাৰ ৰাজা।

জৰাসন্ধ অস্ত গৈল  পুত্ৰ তাৰ ৰাজা ভৈল

দেখি নাচে মগধৰ প্ৰজা।।

বন্দী আছে ৰাজাগণ      কৃষ্ণৰ আকুল মন

সত্বৰে পশিলা পোতাশাল।

পৰ্ব্বতৰ দ্বাৰ ভাঙ্গি      পেলাইলা নিহল কাটি

মুক্ত ভৈলসকল ভুপাল।।২৩৩৮।।

অষ্ট শতাধিক কুৰি       সহস্ৰ নৃপতি সৱ

এৰাইল ৰন্ধন মহাদুখ।

পৰ্ব্বতৰ গহ্বৰৰ    ধীৰে ধীৰে বাজ ভৈল

শুখাই আছে সৱাহান মুখ।।

শৰীৰ ঢাকিল মলে  জটা বান্ধি আছে ছুলে

বাঢ়ি আছে চাপ গোম্ফ দাড়ি।

বস্ত্ৰৰ অৱস্থা নাই        টোপে যেন পৰে ছাই

দেখি প্ৰেত বুলিবাক পাৰি।।২৩৩৯।।

চিৰকালে নিৰাহাৰে       আন্ততে লাগল পেট

অস্থি চৰ্ম্ম আছে মাত্ৰ গাৱে।

ত্ৰাহি ত্ৰাহি কৃষ্ণ বুলি    দূৰতে অঞ্জলি জুৰি

পৰিলা কৃষ্ণৰ আসি পাৱে।।

দেখি তাসম্বাৰ দুঃখ    কৃষ্ণৰ শঙ্কিত বুক

হৰি হৰি স্মৰন্ত মাধৱে।

মোৰ ইটো ভকতৰ    হেনসে বিলাই ভৈল

কেনমতে সহে মোৰ গাৱে।।২৩৪০।।

জৰাসন্ধ অন্ধমতি     সিটো গৈল অধোগতি

মহন্তক দিলা হেন ক্লেশ।

এহি বুলি ভকতৰ   দুঃখ দূৰ কৰিবাক

দৰশিলা প্ৰভু নিজবেশ।।

পাচে ৰাজাগণ উঠি      মনত পৰম তুষ্টি

আনন্দে নয়ন সলোতক।

সৰ্ব্বগুণে ৰুচিকৰ        দুখ শোক ভয়হৰ

দেখিলন্ত কৃষ্ণৰ ৰূপক।।২৩৪১।।

...............

 

।।কৃষ্ণ স্তুতি মুক্ত ৰাজাগণৰ।।

।।দুলড়ী।।

 

মেঘ সম শ্যাম         তনু মনোৰম

পীতবস্ত্ৰ পৰিধান।

অঙ্গদ কঙ্কণ      মণ্ডিত মোহন

মহাভুজ চাৰিখান।।

হৃদয়ে শ্ৰীবৎস     কণ্ঠত কৌস্তুভ

শোভে মহা মণি বৰ।

পদ্মপাসি সম      অৰুণ নয়ন

প্ৰসন্ন মুখ সুন্দৰ।।২৩৪২।।

শ্ৰৱণে উজ্জ্বল      মকৰ কুণ্ডল

কিৰীটি প্ৰকাশে শিৰে।

শঙ্খ চক্ৰ গদা     শাৰঙ্গ শোভিত

পদ্ম ধৰি আছে কৰে।।

গ্ৰীৱে মহা হাৰ     শুদ্ধ মুকুতাৰ

কটিত ৰত্ন মেখলা।

ভ্ৰমৰে চুম্বিত      আজানুলম্বিত

কণ্ঠে শোভে বনমালা।।২৩৪৩।।

হেন মহানন্দ      মুকুন্দক দেখি

সুখী ভৈল ৰাজাচয়।

একান্ত নিৰীক্ষি     আনন্দ মূৰ্ত্তিক

নয়নে যেন পিৱয়।।

জিহ্বা মেলি যেন        অমৃত চেলেক

নাকে লই যেন গন্ধ।

যেন বাহু মেলি    আলিঙ্গি ধৰিলা

লভিল পৰমানন্দ।।২৩৪৪।।

হত ভৈল পাপ     দূৰ ভৈল তাপ

কৃষ্ণৰ চৰণে পৰি।

শিৰে পৰশিয়া     পুনু প্ৰণামিয়া

মাতিলন্ত কৰ জুৰি।।

কৃষ্ণ দৰশনে      হৰিষ অধিক

খণ্ডিল বন্ধন দুখ।

সৱে মহীপতি      আৰম্ভিলা স্তুতি

কৃষ্ণৰ হুই সন্মুখ।।২৩৪৫।।

নমো নমো দেৱ    ঈশ্বৰ অব্যয়

ভকতৰ ভয়হৰ।

ঘোৰ সংসাৰত     তাড়িয়ো আহ্মাক

ভৈলো তযু অনুচৰ।।

জৰাসন্ধে বান্ধি     আনিল আহ্মাক

নোবোলে তাক অসূয়া।।

ৰাজগৰ্ব্ব ইটো     খণ্ডিলাহা যিটো

তোহ্মাৰেসে জানো দয়া।।২৩৪৬।।

ৰাজলক্ষ্মী মদে     অন্ধ হুই ৰাজা

নাজানো তুমি দেৱক।

তোহ্মাৰ মায়ায়ে    মোহ হুইয়া মিছা

সঞ্চা মানে সম্পদক।।

সূৰ্য্যৰ ৰশ্মিত      বালিক যেহেন

জল বোলে অজ্ঞ জনে।

এহিমত সৱ      বিকাৰি মায়াক

মূৰ্খ বস্তু কৰি মনে।।২৩৪৭।।

আমিয়ো পুৰ্ব্বত    শ্ৰীমদে অন্ধ

বুদ্ধি হুই সমুদায়।

পৃথিৱী জিনিতে     অন্যোঅন্যে অতি

কৰিলো যুদ্ধ সদায়।।

নিকৰুণ হুই       মৰাইলো অনেক

আপোন পৰ প্ৰজাক।

আগতে আছয়     ঘোৰ যমকাল

আমি নগণিলো তাক।।২৩৪৮।।

হে প্ৰভু কৃষ্ণ      তোহ্মাৰ শৰীৰে

ঘোৰ কাল বেগ পাইলা।

আহ্মাকো সকলে    স্বকৰ্ম্ম ভুঞ্জাইল

শ্ৰীমদ সৱ গুচাইলা।।

এৱেসে তোহ্মাৰ         চৰণ সুমৰো

সৰ্ব্ব গৰ্ব্ব দূৰ গৈল।

তোহ্মাৰেসে কৃপা    তড়াইলেক প্ৰভু

ভৱ ভয় দুৰ বৈল।।২৩৪৯।।

এৱে আউৰ ৰাজ্য   সুখক নসাধো

মৃগতৃষ্ণ সমসৰ।

ৰোগৰ মন্দিৰ     অনিত্য শৰীৰ

সদায়ে নুগুচে ডৰ।।

পৰকালে স্বৰ্গ      সুখকো নবাঞ্ছো

হুই ফল যত যত।

কৰ্ণৰো ৰোচন     জানা নাৰায়ণ

নুহিকে কিছু শাশ্বত।।২৩৫০।।

তোহ্মাৰেসে দুই    চৰণ কমল

মুকুতি সুখৰ থান।

অপ্ৰয়াসে ঘোৰ     দুৰ্গতি তড়াৱে

বেদেসে আৰ প্ৰমাণ।।

এতেকো তোহ্মাক   সেৱিবাক প্ৰতি

আহ্মাক দিয়া উপায়।

যেনমতে তযু      চৰণ তেজিয়া

আনক মতি নযায়।।২৩৫১।।

উপজি উপজি     মৰিলেও প্ৰভু

নেৰিবো তযু সেৱাক।

কৰা এহি কৃপা    বাপ জগন্নাথ

কিঙ্কৰ বুলি আহ্মাক।।

নমো নমো কৃষ্ণ    প্ৰভু বাসুদেৱ

পৰমাত্মা সনাতন।

প্ৰণামো গোৱিন্দ    ভকত জনৰ

জন্ম মৃত্যু বিনাশন।।২৩৫২।।

................

 

 

 

 

।।ছবি।।

 

শুক মুনি নিগদতি  ৰাজগণে এহি স্তুতি

বুলিল কৃষ্ণক একমনে।

ভকতবৎসল হৰি   হাসি পাচে তাসম্বাক

প্ৰবোধিলা মধুৰ বচনে।।

শুনা সাধু সভাসদ  পদ জৰাসন্ধ বধ

ভাগৱত কথা সাধু সাৰ।

শ্ৰৱণতে মোক্ষ সুখ  হৰে জন্ম মৃত্যু দুঃখ

পুৰুষকো কৰন্ত নিস্তাৰ।।২৩৫৩।।

দেখিয়ো কৃষ্ণৰ দয়া পৰম ঈশ্বৰ হুয়া

ভকতৰ ফুৰে কাৰ্য সাধি।

ব্ৰহ্ম হৰ অনন্তেও   নিৰন্তৰে হৃদয়ত

যাৰ পদ পঙ্কজ আৰাধি।।

ভকতবৎসল দেৱ   কৃষ্ণ বিনে নাহি কেৱ

জানি তান ভজিয়ো চৰণ।

ত্যজিয়ো নিষ্ফল কৰ্ম্ম     কৃষ্ণসে পৰম ধৰ্ম্ম

ভকতিক কৰিয়ো যতন।।২৩৫৪।।

শুনিয়ো কৃষ্ণৰ কথা যত্ন কৰি যতা তথা

বৃথাতেসে যাই ইটো কাল।

নুশুনিয়া শাস্ত্ৰ তত্ত্ব  বুজিবাহা কেনমত

ঢাকি আছে ঘোৰ মায়াজাল।।

কৈৰ ভাৰ্য্যা কৈৰ পুত্ৰ   আপুনি আছিলা কৈত

ধন জন পাইলা কোন ঠাই।

সৱ সঁচা সৱ মিছা  যেন কৰৈ কৃষ্ণ ইচ্ছা

জানি মোহ তেজা সমুদায়।।২৩৫৫।।

নমো যদুকুলচন্দ্ৰ    মুকুন্দ পৰমানন্দ

গোৱিন্দ মাধৱ গদাধৰ।

পতিত পালন প্ৰভু   বাসুদেৱ শিৱ শম্ভু

ভকতবৎসল মহেশ্বৰ।।

ভকতিৰ নোহো পাত্ৰ   সুমৰো নামক মাত্ৰ

পতিতক তাড়িয়ো মুৰাৰি।

অনন্ত কন্দলি ভণে  গতি নাহি কৃষ্ণ বিনে

নিৰন্তৰে বোলা হৰি হৰি।।২৩৫৬।।

...............

।।ৰাজসূয় যজ্ঞাৰম্ভ।।

         ।।পদ।।

 

মাধৱ বদতি সাধু সাধু ৰাজাগণ।

ভৈলো তুষ্ট যেন ইষ্ট সাধিলা শোভন।।

জগতৰো আত্মা মঞি সমস্তৰে পতি।

সৱাহানে হৌক মোত সুদৃঢ় ভকতি।।২৩৫৭।।

আতেসে আনন্দ বৰ বুলিলা নিশ্চয়।

ঐশ্বৰ্য্যৰ গৰ্ব্বে লোকে মোক নেদেখয়।।

ঐশ্বৰ্য্যৰ মদগৰ্ব্বে সমস্তে ত্যজিলা।

মোক ভজিবাক সৱে নিশ্চয় কৰিলা।।২৩৫৮।।

ঐশ্বৰ্যৰ গৰ্ব্বে যিটো হিংসে প্ৰাণীগণ।

নচাঞো সিটো পাততীক বুলিলো বচন।।

শ্ৰীগৰ্ব্বে অন্ধ মহন্তক নগণয়।

শুনা ৰাজাগণ পাচে কলুষে পচয়।।২৩৫৯।।

ঐশ্বৰ্য্যৰ গৰ্ব্বে কীৰ্ত্তবীৰ্য্য মহাবীৰ।

কাঢ়ি নিলা কামধেনু জমদগ্নিৰ।।

কুপিলা পৰশুৰাম তাহান নন্দনে।

সবংশে সহস্ৰাৰ্জ্জুন বিনাশিলা ৰণে।।২৩৬০।

নহুষ নৃপতি ইন্দ্ৰপদ পাই যায়।

শশী সঙ্গে চলিলা বিপ্ৰৰ দোলায়।।

শাপিল ব্ৰাহ্মণগণে ভৈলা অজগৰ।

বেণ নামে আছিল অপৰে নৰেশ্বৰ।।২৩৬১।।

ঐশ্বৰ্য্যৰ গৰ্ব্বে সৱে বিপ্ৰক নিন্দিল।

ব্ৰাহ্মণৰ শাপে পাচে পৰাণে মৰিল।।

ৰাৱণো বলৰ গৰ্ব্বে সীতাক হৰিল।

সবান্ধৱে পাচে ৰামে শৰে বিনাশিল।।২৩৬২।।

ঐশ্বৰ্য্যৰ বলে দুষ্ট নৰক নিষ্খলে।

অদিতিৰ কুণ্ডল হৰিল কৌতুহলে।।

আনো সৱে অকৰ্ম্ম কৰিল দুৰাচাৰ।

মঞি তাৰ আপুনি চিন্তিলো মহামাৰ।।২৩৬৩।।

আনো যত দুষ্ট নষ্ট ভৈল বহুশত।

স্বৰ্গৰো পৰিল খহি ঐশ্বৰ্য্য গৰ্ব্বত।।

দেৱ দৈত্য নৰেশ্বৰ যতেক আছিল।

ঐশ্বৰ্য্যৰ গৰ্ব্বে জানা সৱহি নাশিল।।২৩৬৪।।

তুমিসৱে এহি জানি গৰ্ব্ব নকৰিবা।

দেহ আদি যত বস্তু অনিত্য দেখিবা।।

যজ্ঞ যাপ্য কৰি নিতে ভজিবা আহ্মাক।

পুত্ৰৱতে কৰি সৱে পালিবা প্ৰজাক।।২৩৬৫।।

পুত্ৰ পৌত্ৰ সন্ততি বিভূতি বাৰায়োক।

সুখে দুখে ভয়াভয় নছাড়িবা মোক।।

যেতিক্ষণে যেন মিলে তাকে আদৰিবা।

মোত চিত্ত দিয়া সৰ্ব্বকালে প্ৰৱৰ্ত্তিবা।।২৩৬৬।।

মোক আত্মা জানি মোৰ কথাতে ৰমিবা।

দৃঢ়ভক্তি ব্ৰত ধৰি মোত মন দিবা।।

সমস্ততে উদাসীন আপুনি মানিবা।

অন্তকালে মঞিচ ব্ৰহ্ম মোক সৱে পাইবা।।২৩৬৭।।

শুক নিগদতি ৰাজা শুনা নৃপবৰ।

হেনয় সদয় বুদ্ধি জগত ঈশ্বৰ।।

আদেশিলা সহদেৱ আনায়ো নাপিত।

নৃপতিগণৰ কাম কৰোক বিহিত।।২৩৬৮।।

তৈল কুড় গন্ধ অনায়োক পূণ্যজল।

নৃপতিৰ যোগ্য বস্তু ভুষণসকল।

ভাল ভাল বাছি আদেশিয়ো কন্যাগণ।

নৃপতিগণৰ গাৱ কৰন্ত মৰ্দ্দন।।২৩৬৯।।

তৈল কুড় ঘষন্তোক মল দূৰ হোক।

আসম্বাৰ দুখে আতি দুখী কৰে মোক।।

কৃষ্ণৰ আদেশ মানি জৰাসন্ধসুত।

অনাইল তেখনে ভাল নাপিত বহুত।।২৩৭০।।

নৃপতিগণৰ দীৰ্ঘ খুৰাইলন্ত দাড়ি।

নখ কাটি ইঠাৱে কমাইল ভাল কৰি।।

পাচে আহি কন্যাগণে লৈলা তৈল কুড়।

মৰ্দ্দিল গুচিল মল তনু ভৈল জুৰ।।২৩৭১।।

সুগ্নধ উদকে কৰিলন্ত শিৰ স্নান।

ৰাজযোগ্য ধুতি ভুনি কৰি পৰিধান।।

মলিন বসন পেলাইলন্ত দূৰ কৰি।

লুৰি কৰি নিলে সৱে দুখী দেশান্তৰী।।২৩৭২।।

গঙ্গা মৃত্তিকাৰ ফোট তুলসী পিন্ধিল।

স্নান সাঙ্গ কৰি সৱে কৃষ্ণক বন্দিল।

ক্ষুধায়ে আকুল হেন ৰাজাগণ জানি।

কৰিয়ো ভোজন কৃষ্ণ বুলিলন্ত বাণী।।২৩৭৩।।

নানা ৰাজাযোগ্য বস্তু পঞ্চামৃত অন্ন।

কৃষ্ণৰ আদেশে ৰঙ্গে কৰিলা ভোজন।।

কতো মহাৰাজ ক্ষুধা তৃষ্ণায়ে নিজীৱৈ।

লাজ কাজ এৰি সৱে দুগ্ধ দৈ পিৱৈ।।২৩৭৪।।

জীলো জীলো বুলি সৱে প্ৰশংসে কৃষ্ণক।

কিনো পূণ্যে পাইলো কৃষ্ণ হৈন বান্ধৱক।।

জীৱদান দিলা আসি মেলাইল আপুন।

কোটি জন্মে কিমতে শুজিবো ইটো ঋণ।।২৩৭৫।।

অনন্তৰে আচান্ত কৰিলা নৃপগণ।

অনাইলা মাধৱে ভাল সুগন্ধ চন্দন।।

কৰ্পূৰ তাম্বুল ভাল ভাল পুষ্পমালা।

সমস্তে ৰাজাক কৃষ্ণে ভূষিত কৰিলা।।২৩৭৬।।

দেৱাঙ্গ বসনে কৰিলন্ত জাতিষ্কাৰ।

কিৰীটি কুণ্ডল ৰাজযোগ্য অলঙ্কাৰ।।

মুকুন্দৰ সতকাৰ লভি ৰাজাগণ।

হৃষ্ট পুষ্ট ভৈলা তুষ্ট ভৈলা আতি মন।।২৩৭৭।।

কৰন্ত প্ৰকাশ মহাক্লেশ ভৈল ক্ষয়।

শৰত কালৰ যেন জ্বলে গ্ৰহচয়।।

মাধৱে বোলন্ত পাই আছা বৰ দুখ।

নিজদেশ চলা দেখা পুত্ৰ ভাৰ্য্যা মুখ।।২৩৭৮।।

নানা দিব্য বস্ত্ৰ ৰত্নময় অলঙ্কাৰে।

কৃষ্ণ ভীম অৰ্জ্জুনক তুষিলা বিস্তৰে।।

দণ্ডৱতে প্ৰণাম কৰিলা ঘনে ঘনে।

প্ৰবোধ দিলন্ত হৰি মধুৰ বচনে।।২৩৭৯।।

মহাৰঙ্গে ৰথে পাচে চড়িলা মুৰাৰি।

আপুনি সাৰথি ভৈলা বাঘজৰী ধৰি।।

ভীম ধনঞ্জয় সমে প্ৰকাশন্ত হৰি।

যেন ৰবি শশী অগ্নি যান্ত মূৰ্ত্তি ধৰি।।২৩৮০।।

নগৰৰ বাজ ভৈলা দিব্য ৰথে চৰি।

মদ্ৰৰ দেশত যত আছা নৰনাৰী।।

হেন হৰি যান্ত শুনি বজাইল সকলে।

দেখিল কৃষ্ণক সৱে মহা কৌতূহলে।।২৩৮১।।

কৃষ্ণৰূপ দখি আন নভাসে নয়ন।

অন্যোঅন্যে বোলে আতি সাফল জীৱন।।

অনেক সম্ভাৰ ধৰি পূজিলা কৃষ্ণক।

মহোৎসৱে গৈলা প্ৰভু পাণ্ডৱ দেশক।।২৩৮২।।

শত্ৰু জিনি পাইলা প্ৰভু আপুনাৰ দেশ।

কৰিলন্ত শঙ্খধ্বনি হৰিষ অশেষ।।

সুহৃদসৱৰ মহা হৰিষ জন্মাইল।

দুষ্ট দুৰ্জ্জনৰ সৱে হৃদয় কম্পাইলা।।২৩৮৩।।

শঙ্খধ্বনি শুনি পৰজা তেখনি জানিল।

আসিল মাধৱ বীৰ মাগধ বধিল।।

ধৰ্ম্মৰ পুত্ৰৰ পূৰ্ণ ভৈলা মনোৰথ।

আগবাঢ়ি নিল মহা উৎসৱ মনত।।২৩৮৪।।

কৃষ্ণ ভীম ধনঞ্জয় নমিলা ৰাজাক।

কি কাৰ্য্য কৰিলা সৱে কহিলা তাহাক।।

কৃষ্ণৰেসে কৃপাত মাগধ বধ গৈল।

শুনি যুধিষ্ঠিৰৰ পৰম ৰঙ্গ ভৈল।।২৩৮৫।।

নয়নৰ হৰিষ লোতক পৰৈ ধাৰে।

কিছো নুবুলিলা আনন্দৰ মহাভৰে।।

শুক নিগদতি শুনিয়োক পৰীক্ষিত।

কতোক্ষণে যুধিষ্ঠিৰে থিৰ কৰি চিত্ত।।২৩৮৬।।

জৰাসন্ধ বধ শুনি কৃষ্ণৰ প্ৰভাৱ।

তুষ্ট মনে কৃষ্ণক বুলিলা সেহি ঠাৱ।।

ত্ৰৈলোক্যৰ গুৰু যিটো মহাসিদ্ধচয়।

ব্ৰহ্মা আদি লোকপাল যতেক আছয়।।২৩৮৭।।

যাহাৰ আজ্ঞাক সৱে শিৰত বহন্ত।

ভাগ্যেসে লভিলো বুলি উৎসৱ কৰন্ত।।

সেহি তুমি কমলনয়ন প্ৰভু হৰি।

আমি ক্ষুদ্ৰজন ঈশ মানি অহঙ্কাৰী।।২৩৮৮।।

আহ্মাৰো আদেশ কৰা আপুনি ঈশ্বৰ।

ইটো আতি বৰ বিড়ম্বন গুৰুত্বৰ।।

উত্তম কৰ্ম্মেসে তযু তেজ হোৱে চাৰ।

নীচে কৰ্ম্ম টুটে হেন নঘটে তোহ্মাৰ।।২৩৮৯।।

পৰমাত্মা ব্ৰহ্ম সম বিষম ৰহিত।

যত কৰ্ম্ম কৰা সৱ পৰক পালিত।।

নিতে অস্ত যান্ত সূৰ্য্য হোৱন্ত উদয়।

তান যেন তেজ নবাঢ়য় নটুটয়।।২৩৯০।।

যো নো বোলা পৰ ঈশ্বৰ হঞো যেৱে।

নীচ কৰ্ম্মে মন প্ৰৱৰ্ত্তয় কেনে তেৱে।।

শুনিয়ো অজিত যিটো তোহ্মাত ভকত।

তাসম্বাৰো হেন ভেদ নাহিকে মনত।।২৩৯১।।

অহম্মম বুদ্ধি ইটো নুহিবো তোহ্মাত।

কি বুলিবো কোন প্ৰভু বিস্ময় ইহাত।।

তই মঞি নানা বুদ্ধি ধৰে পশু জনে।

নভজে তোহ্মাক শৰীৰক মাত্ৰ জানে।।২৩৯২।।

যত উপকাৰ প্ৰভু কৰিলা আহ্মাক।

কোটি জন্ম সুজিবাক নপাৰিবো তাক।।

তযু প্ৰসাদতে পাচে পৃথিৱী লভিলো।

ৰাজাগণ জিনি বহু ধনক আৰ্জ্জিলো।।২৩৯৩।।

কৰোহো সাফল এৱে সেহি ধনচয়।

কৰিয়ো আদেশ দেৱ দৈৱকীতনয়।।

দেৱ দ্বিজ বৈষ্ণৱৰ অগ্নিৰ মুখত।

কৰিয়োক আজ্ঞা যজ্ঞ হোৱে কেনমত।।২৩৯৪।।

দিয়ো দীক্ষা শিক্ষা চক্ষু যজ্ঞ ৰাজসূয়।

তোহ্মাকেসে পূজিবো যিমতে শুদ্ধ হুই।।

তুমি তুষ্ট ভৈলে তুষ্ট হোৱে চৰাচৰ।

কৰিয়ো নিষ্পাপ বাপ কৃপা কলেৱৰ।।২৩৯৫।।

হেন শুনি কৃষ্ণ যুধিষ্ঠিৰ প্ৰিয়কাৰী।

বুলিলা বচন অৰ্থ গণিতে নপাৰি।।

সমস্ত ৰাজাত শ্ৰেষ্ঠ যুধিষ্ঠিৰ তুমি।

তযু মন পূৰ্ণে কৃতকৃত্য হৈবো আমি।।২৩৯৬।।

কৰিবেক যজ্ঞ তযু যোগ্য ৰাজসূয়।

চক্ৰৱৰ্ত্তী পদ তোহ্মাকেসে যোগ্য হুই।।

যত কাৰ্য্য বোলা মোক কৰিবো সকল।

সিজিবেক যজ্ঞ মতে কৰা কৌতূহল।।২৩৯৭।।

এহি শুনি ধৰ্ম্মপুত্ৰ ভৈলা সন্তোষিত।

নিয়োজিলে মাধৱে যজ্ঞৰ যত কৃত্য।।

ধৌম্যে সজাইলন্ত যেন যজ্ঞৰ সম্ভাৰ।।

সমস্ত সুৱৰ্ণময় জ্বলে জাতিষ্কাৰ।।২৩৯৮।।

ঘট পট শুম্ভ কুম্ভ পতাকা তোৰণ।

যজ্ঞবেদী নিয়োজিলা জ্বলে সুভোশন।।

ভোক্ষ্য ভোগ্য বস্তু যত সজাইলা অপাৰ।

পিষ্টক মোদক দুগ্ধ গুড়ৰ ধিকাৰ।।২৩৯৯।।

তিল শালি তণ্ডুল বিপুল পঞ্চামৃত।

কোটি এক কলস অনাইলা বাল ঘৃত।।

ব্ৰহ্মভোজ কৰাইতে সজাইলা ৰত্ন ঘৰ।

জাৰি খুৰি থানি যান্তি সৱ সুৱৰ্ণৰ।।২৪০০।।

সোণাৰ চৌখুৰি পিৰা সজাইলা অনেক।

ৰাজাৰ আৱাস ভাল সজইলা লক্ষেক।।

সৱ ৰত্মনয় তাত নাহি বেত বাঁশ।

চন্দ্ৰ সূৰ্য্য সম সৱ কৰ্নত প্ৰকাশ।।২৪০১।।

যতেক ব্ৰাহ্মণ শিষ্ট ভক্ত আছে মানে।

দূত পঠাই সৱাকো অনাইলা নাৰায়ণে।।

ৰাজাগণ আছে যত পৃথিৱীমণ্ডলে।

অন্ন পানে সৱাকো তুষিলা কৌতূহলে।।২৪০২।।

মিত্ৰ বন্ধু বান্ধৱ কুটুম্ব যত বীৰ।

বহিবেক বাসা দিল ৰত্নৰ মন্দিৰ।।

যজ্ঞযোগ্য সুমঙ্গল কাল ভৈল জানি।

আৰম্ভিয়ো যজ্ঞ হৰি বুলিলন্ত বাণী।।২৪০৩।।

মাধৱৰ অনুমতি জানি ধৰ্ম্মসুত।

বৰিলা ব্ৰাহ্মণ বাছি ঋত্বিজ বহুত।।

বিশিষ্ট বৈষ্ণৱ সৰ্ব্ব শাস্ত্ৰত কুশল।

বেদে যেন মূৰ্ত্তি ধৰি প্ৰকাশে নিৰ্ম্মল।।২৪০৪।।

আপুনিয়ো ব্ৰহ্মা ভৈলা ব্যাস মহাঋষি।

মৌনে আচাৰ্য্য কাৰ্য্য কৰন্ত হৰিষি।।

পৈলে পৰাশৰে উচ্চাৰন্ত ঋগ্বেদ।

স্বনামা জৈমিনি সাম গান্ত অবিচ্ছেদ।।২৪০৫।।

যাজ্ঞবল্বে যজুৰ্ব্বেদ পঢ়ন্ত হৰিষি।

অথৰ্ব্ব সংহিতা সুমন্তো নাম ঋষি।।

অসিত গৌতম কণ্ব বশিষ্ঠ চ্যবন।

বিৰহিত বিশ্বামিত্ৰ বৈশম্পায়ন।।২৪০৬।।

বামদেৱ ভৰদ্বাজ সুমন্তো কাশ্যপ।

মৈত্ৰেয়ক ৰথক্ৰুতু অত্ৰি মহাতপ।।

আসুৰি পৰশুৰাম মধুছন্দ মুনি।

আনো মহামুনি আসিলন্ত যজ্ঞ শুনি।।২৪০৭।।

সঅৰ্ঘ্যে অৰ্চ্চিলা যুধিষ্ঠৰ মহাযশী।

ভৈলন্ত ঋত্বিজসৱ মহা মহা ঋষি।।

হস্তিনাপুৰক সহদেৱক পঠাইলা।

যজ্ঞ চাহিবাক সৱ সুহৃদ মতাইলা।।২৪০৮।।

দ্ৰোণ ভীষ্ম কৃপ কৰ্ণ আদি যত জ্ঞাতি।

শতপুত্ৰ সমে ধৃতৰাষ্ট্ৰ মহীপতি।।

বিদুৰ পৰম ইষ্ট কৃষ্ণত ভকত।

যজ্ঞ চাহিবাক সৱে ভৈল উপগত।।২৪০৯।।

যুধিষ্ঠিৰে সৱাকো কৰিলা সতকৰা।

কাৰ্য্যে নিয়োজিলা যাক যেন ব্যৱহাৰ।।

ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শুদ্ধ শূদ্ৰ জন।

যজ্ঞ চাহিবাক সৱে ভৈল উপসন।।২৪১০।।

ৰন্ধনশালৰ কাজি ভীমক পাতিলা।

লক্ষ লক্ষ সুপকাৰ তান লগে দিলা।।

যত মৎস্য মাংস ষড়ৰস পঞ্চমৃত।

ভাণ্ডাৰে ভাণ্ডাৰে থৈলা কৰিয়া সম্ভৃত।।২৪১১।।

ধনৰ উপৰি দুৰ্য্যোধনক পাতিল।

অৰ্থৰ ভণ্ডাৰী যত তান লাগে দিল।।

শত্ৰুধন বুলি নৰাখিবে দুৰাচাৰ।

সৱে ছাড়ি দিব পূণ্য বাঢ়িব আহ্মাৰ।।২৪১২।।

যথোচিতে সমস্তকে কৰিয়া সন্মান।

সহদেৱ যুধিষ্ঠিৰ পূজাত সুজান।।

যত দ্ৰব্য লাগে মানে যোগাইল নকুলে।

সজ্জনক ৰঞ্জিব অৰ্জ্জুন মহাবলে।।২৪১৩।।

মহাদাতা জানি দানে কৰ্ণক থাপিল।

বিপ্ৰ বিচাৰণে অশ্বত্থামাক বুলিল।।

বিপ্ৰপত্নী ৰাজপত্নীগণ তুষিবাক।

দ্ৰৌপদীক নিয়োজিলা আৰো সুভদ্ৰাক।।২৪১৪।।

সাত্যকিক আদি যদুবংশী বীৰ যত।

ভিন্নে ভিন্নে নিয়োজিলা সৱাকো কাৰ্য্যত।।

দ্ৰুপদক আদি দ্ৰৌপদীৰ বন্ধুগণে।

তেসম্বো যজ্ঞৰ কাৰ্য্য সাধৈ ৰঙ্গমনে।।২৪১৫।।

বিপ্ৰত বৎসল পৰমাত্মা যিটো হৰি।

ধুৱান্ত বিপ্ৰৰ পদ আপুনি সাদৰি।।

হেনমতে যুধিষ্ঠিৰ যজ্ঞ আৰম্ভিলা।

ৰাজা ৰাজ পত্নী যত সমস্ত আসিলা।।২৪১৬।।

ময়ে সাজি আছে সভা উচ্ছ্ৰিত বিস্তৰ।

শাৰী শাৰী তাতে বসিলন্ত জাতিষ্কাৰ।।

নাহি তাত শীত উষ্ণ ক্ষুধা তুষ্ণা দুখ।

স্বৰ্গত অধিক তাত মিলে মহাসুখ।।২৪১৭।।

সকল ৰত্নৰ কাম কৰে চিকি মিকি।

যেহি দিকে চাৱে তিৰমিৰি কৰি আখি।।

মাজে মাজে সৰোৱৰ পুষ্পিত কমল।

তাৰ গন্ধে বায়ু বহে সুগন্ধি শীতল।।২৪১৮।।

মধুকৰে মধু ভুঞ্জে গুঞ্জৰি গুঞ্জৰি।

হংস চক্ৰবাত পক্ষী চৰে শাৰী শাৰী।।

নানা জীৱ জন্তু তাত সমস্ত আছয়।

কৃষ্ণৰ প্ৰভাৱে সভা দিব্য আতিশয়।।২৪১৯।।

নানাবিধ অদভুত কৰি আছে কাম।

চাহন্তে চাহন্তে চক্ষু নকৰে বিৰাম।।

হেনয় সভাত বসি শোভে ৰাজাচয়।

যুধিষ্ঠিৰ নৃপতিৰ ভৈল মহোদয়।।২৪২০।।

শুনা নৰনাৰী হৰিভকতৰ সিদ্ধি।

কৃষ্ণৰ চৰণ মাজে আছে নৱনিধি।।

এহি জানি কৰা হৰিচৰণে সেৱন।

পৰম সিদ্ধিক লাগি বাঞ্ছা যদি মন।।২৪২১।।

কিন্তু যেৱে কপট প্ৰকট ৰূপ ত্যাজি।

দৃঢ়বুদ্ধি ধৰি হৰিচৰণত ভজি।।

তেৱেসে লভিবা প্ৰভু দেৱৰ প্ৰসাদ।

মিলে মহানন্দ খণ্ডে বিষয় বিষাদ।।২৪২২।।

যজি জাতি কুল ধৰ্ম্ম কৰ্ম্ম অহঙ্কাৰে।

মাধৱৰ কথা শুনি মনত নাদৰে।।

সিটো নৰে ভৈল জানা নৰকৰ ভাগ।

এতেকে নিমিলে হৰিকথা অনুৰাগ।।২৪২৩।।

শুনা কৃষ্ণকথা বৃথা কথা পৰিহৰি।

ধন জন গৰ্ব্ব যত সৱ দূৰ কৰি।।

কৃষ্ণেসে তাড়িব কৰিবন্ত পূৰ্ণকাম।

দূৰ হৌক দুখ ডাকি বোলা ৰাম ৰাম।।২৪২৪।।

...........

।।দুলড়ী।।

 

অনন্তৰে যজ্ঞ      ভূমি নিৰ্ম্মিলন্ত

ঋত্বিক দ্বজসকলে।

বৃষভ বাহনে      কনক লাঙ্গলে

কৰিলা হেন কোদালে।।

যৱ ধান মগু     মচুৰ কলাই

শ্বেত সৰিষপ আনি।

মাষ তিল কণী    সিঞ্চিলন্ত তাত

কৰি মহা বেদধ্বনি।।২৪২৫।।

গঙ্গাজলে সমে     গোময়ে লিপিল

ঢালিলন্ত পঞ্চামৃত।

বেদীৰ ভিতৰ     জ্বলে ৰুচিকৰ

বহল আতি উচ্ছ্ৰিত।।

অষ্টোত্তৰ শত      হস্ত দীৰ্ঘ প্ৰস্থ

বান্ধিল উচ্ছ্ৰিত ভিণ্ডি।

পঞ্চৰত্নে তাৰ      পাঞ্জৰে উপৰে

মণ্ডল দিলন্ত মণ্ডি।।২৪২৬।।

ৰত্নৰ তোৰণ      পতাকা ছিৰণ

ঘট থৈল শাৰী শাৰী।

উপৰত নৱ       ছত্ৰ চন্দ্ৰতাপ

মুৰাৰি থোপাৰ শাৰী।।

ঘৃতৰ মোদক      বিবিধ পিষ্টক

থালী থালী থৈলা ভৰি।।২৪২৭।।

কদলী তাম্বুল      কণ্টকী শ্ৰীফল

তাল নাৰিকল ফল।

আম্ৰ আমলখি     জৰা হৰিতকী

নৈবেদ্য ভৈল সকল।।

শুভক্ষণে পাচে     যজ্ঞত বসিলা

কুন্তীসুত মহাযসী।

ব্যাস ধৌম্য সুখে   কৃষ্ণক সমুখে

বসিলা সমস্ত ঋষি।।২৪২৮।।

পাঞ্চজন্য শঙ্খ     ফুঙ্কিল মাধৱে

আতি উচ্চ ধ্বনি কৰি।

ঋষিগণে বেদ      পঢ়িবে লাগিল

হস্ত ক্ৰম স্বৰ ধৰি।।

ঘণ্টা আদি যত    বাদ্য আছে মানে

বাৱে বাজনীয়া জনে।

জয় জয় কৃষ্ণ     ধ্বনি এক ভৈল

শুনিলেক ত্ৰিভুৱনে।।২৪২৯।।

সেহিবেল ব্ৰহ্মা     শঙ্কৰ আসিলা

ইন্দ্ৰ চন্দ্ৰ সূৰ্য্য বহ্নি।

কুবেৰ বৰুণ      আনো দেৱগণ

আসিলা সমস্তে শুনি।।

প্ৰহ্লাদ সহিতে      নাৰদ আসিলা

গোৱিন্দৰ গুণ গাই।

কৃষ্ণ ভকতৰ      উৎসৱ দেখিয়া

আনন্দৰ সীমা নাই।।২৪৩০।।

সিদ্ধ বিদ্যাধৰ     গন্ধৰ্ব্ব কিন্নৰ

যক্ষ ৰক্ষা নাগগণ।

গৰুড় প্ৰমুখ্যে      পক্ষীগণ যত

আসি ভৈলা ৰঙ্গমন।।

যুধিষ্ঠিৰ ৰাজা     কৰা ৰাজসূয়

চাহিবে আতি হৰিষি।

হৰিশ্চন্দ্ৰ আদি     আসিলন্ত সৱ

যত মহাৰাজঋষি।।২৪৩১।।

সৱেয়ো দেখিলে    আতি অসম্ভৱ

যজ্ঞৰ মহা সম্ভাৰ।

হেন মহাযজ্ঞ   নতু দেখি শুনি

কহে হেন বাৰম্বাৰ।।

মনতে মানিল     বিষ্ণুত ভকত

নৃপতি আতি পৱিত্ৰ।

এতেকে সৱাতে     অধিক সম্ভাৰে

ইটো আতি কোন চিত্ৰ।।২৪৩২।।

সাক্ষাতে ঈশ্বৰ     যাহাৰ গৃহত

থাকা মহালক্ষ্মীপতি।

সি কি পাণ্ডৱৰ    ঐশ্বৰ্য্যৰ কথা

কহিবে কাৰ শকতি।।

এহি বুলি সৱে     প্ৰশংসা কৰন্ত

সিদ্ধ সাধ্য দেৱ মুনি।

জয় জয় কৃষ্ণ   জয় যুধিষ্ঠিৰ

ঘনে ঘনে এহি ধ্বনি।।২৪৩৩।।

অনন্তৰে ব্যাসে     ঋষিগণ সমে

যুধিষ্ঠিৰ নৃপতিক।

কৰিলা দীক্ষিত     ভৈলা শুদ্ধচিত্ত

পূজিবে লৈলা হৰিক।।

প্ৰথমতে নিয়া     মনক নিয়মি

আতিশয় দৃঢ় কৰি।

সৱ বুদ্ধি ধৰি     পৰমাত্মা হৰি

চিন্তিলন্ত মৌন ধৰি।।২৪৩৪।।

চতুৰ্ভুজ ৰূপ    হৃদয়তে চিন্তি

মণ্ডল মধ্যে থাপিল।

কৰি আৱাহন     দিলন্ত আসন

পাচে পাদ্য নিৱেদিল।।

দেহ মন প্ৰাণ    কৰি সাৱধান

অৰ্পিলন্ত নিষ্ট কৰি।

পৰম সন্তোষে    ত্যজিলা আক্ৰোশ

আতিশয় স্নেহ কৰি।।২৪৩৫।।

অৰ্ঘ্য আচমন      স্নান মধুপৰ্ক

অৰ্পিলন্ত ভক্তভাৱে।

যজ্ঞসূত্ৰ পীত      ত্ৰিপট বসন

নিৱেদিলা কৃষ্ণপাৱে।।

নানা ৰত্নময়      মুকুট কুণ্ডল

শুদ্ধ মুকুতাৰ হাৰ।

মূল মন্ত্ৰ চিন্তি     হৰিত অৰ্পিল

যত আছে অলঙ্কাৰ।।২৪৩৬।।

অগৰু চন্দন      কস্তুৰী কুঙ্কুম

তুলসী কুসুম মালা।

হৃদয়তে চিন্তি      কৃষ্ণ কৃষ্ণ বুলি

হাতে হাতে যেন দিলা।।

সুগন্ধিত ধূপ      ঘৃতৰ প্ৰদীপ

লক্ষে লক্ষে উছৰ্গিলা।

পিষ্টক মোদক     নৈবেদ্য যতেক

মাধৱত নিৱেদিলা।।২৪৩৭।।

কৃতাঞ্জলি ধৰি     নমস্কাৰ কৰি

জপিলা সহস্ৰ নাম।

কৰি আছে স্তুতি        পৰি পৃথিৱীত

কৰিলা বহু প্ৰণাম।।

অনন্তৰে উঠি      মহা মনতুষ্টি

বসিলা পুনু পূজাক।

মাধৱৰ অঙ্গ      উপাঙ্গ যতেক

পূজিলন্ত তাসম্বাক।।২৪৩৮।।

হৃদি শিৰ শিখা         কৱচ নয়ন

অস্ত্ৰ আক বুলি অঙ্ক।

গৰুড় কমলা      বিমলা প্ৰভৃতি

ইহাকে বুলি উপাঙ্গ।।

শঙ্খ চক্ৰ গদা     পঙ্কজ কৌস্তুভ

শ্ৰীবৎস বনমালা।

কাৰ্ম্মুক শাৰঙ্গ     নন্দন খড়্গ

সৱাকো ভিন্নে পূজিলা।।২৪৩৯।।

বসুদেৱ বল       কাম অনিৰুদ্ধ

নাৰায়ণ সৃষ্টিকৰ।

নৃসিংহ বৰাহ      বিষ্ণু অনন্তক

পূজিলন্ত অনন্তৰ।।

মাধৱৰ যত      মুখ্য অৱতাৰ

পূজিলন্ত একঠাই।

যিটো ভগৱন্ত      আগতে আছন্ত

পূজন্ত তাহাঙ্ক চাই।।২৪৪০।।

..............

।।ছবি।।

 

দশ দিগপাল যত        নৱগ্ৰহ অষ্টবসু

ঋষিগণ সিদ্ধ বিদ্যাধৰ।

গিৰি নদী বনস্পতি      সৱে হৰি মনে চিন্তি

সৱাকে পূজিলা নৃপবৰ।।

ত্ৰৈলোক্যৰ যত জন  সৱে ভৈল তুষ্ট মন

পাণ্ডৱৰ প্ৰিয় সতকাৰে।

বিষ্ণু পূজা অৱসানে    কুণ্ড খানি বিপ্ৰগণে

হোম আৰম্ভিলা চমৎকাৰে।।২৪৪১।।

সুৱৰ্ণৰ থালী ভৰি       পঞ্চামৃতে ভৰি পূৰি

স্ৰজিল অনেক পৰমান্ন।

সুৱৰ্ণৰ শ্ৰুৱ ধৰি     ঘৃতে পৰিপূৰ্ণ কৰি

লৈলন্ত কৃষ্ণক কৰি ধ্যান।।

প্ৰজ্জ্বলিত কৰি বহ্নি      উচ্চাৰিয়া বেদধ্বনি

কৰিলন্ত অনেক আহুতি।

হোমৰ আহুতি গন্ধ    মিলিল পৰামানন্দ

দেৱগণ ভৈলন্ত তৃপিতি।।২৪৪২।।

যুধিষ্ঠিৰ তুষ্ট মন     হৃদয়ত সনাতম

জপন্ত পৰম ভক্তি ধৰি।

অনেক ঋত্বিজগণে   আহুতি কৰন্ত ঘনে

প্ৰজায়ে সুমৰে হৰি হৰি।।

বাৱে মহাবাদ্য ৰঙ্গ       গোমুখ মৃদঙ্গ শঙ্খ

দুন্দুভি বজায় ঢাক ঢোল।

যতেক বৈষ্ণৱ নৰে    হৰিৰ কীৰ্ত্তন কৰে

শবদে পাইলেক স্বৰ্গকোল।।২৪৪৩।।

যুধিষ্ঠিৰে যাক যেন    আদেশি আছন্ত আগে

তাক সৱ কৰন্ত হৰিষে।

দুৰ্য্যোধন নৰপতি     বাজ কৰি দেই আতি

কৰ্ণে বিলাৱন্ত দশোদিশে।।

সুৱৰ্ণৰ যত ৰত্ন      আঞ্জলি আঞ্জলি দেন্ত

ব্ৰাহ্মণৰ পুৰি মনোৰথ।

মহাদাতা বীৰ কৰ্ণ    গো ভূমি বিভূষণ

দেন্ত শ্বেত নেত বস্ত্ৰ যত।।২৪৪৪।।

পুষ্প চন্দন গন্ধ        ধনঞ্জয় বিলাৱন্ত

নানা দ্ৰব্য বিলান্ত নুকুলে।

ভোজন সম্ভাৰ যত    বৃকোদৰ নিয়োজন্ত

ব্ৰাহ্মণে ভুজন্ত কৌতূহলে।।

ব্ৰাহ্মণৰ সীমা নাই   কতো আশে কতো যায়

আছিল যতেক আছে মানে।

মাধৱৰ প্ৰসাদত    সৱাৰো সন্তোষ ভৈল

পাণ্ডৱৰ মহা দানে মানে।।২৪৪৫।।

সহদেৱে বিলাৱন্ত      সৱাৰো সন্তোষ কৰি

বচন অমৃত বৰষিয়া।

ত্ৰৈলোক্যৰ যত জন    আনন্দে ভৰিল মন

পাণ্ডৱৰ সতকাৰ পায়া।।

যজ্ঞ মণ্ডপৰ কাছে পত্নীশালা সাজি আছে

সুৱৰ্ণ ৰতনে ৰম্য কৰি।

ৰুক্মিণী প্ৰমুখ্য কৰি       কৃষ্ণৰ কামিনী যত

বসিয়া আছন্ত একশাৰী।।২৪৪৬।।

অন্যো অন্যে ৰঙ্গ কৰি    আতি বৰ উচ্চ কৰি

কৃষ্ণগুণ গান্ত অনুৰাগে।

প্ৰেমৰস যাই চৰি     কতো দণ্ডৱতে পৰি

হাতযোৰ কৰি মহাভাগে।।

কতো হাসে খলখলি    হা প্ৰাণ নাথ বুলি

কৃষ্ণৰ মূৰ্ত্তিক মনে ধৰি।

অন্য ভাৱে সন্ধুকিয়া     মনত সম্ভ্ৰম হুয়া

বসিয়া আছন্ত আউৰ শাৰ।

আউৰ শাৰী নৃপতিৰ     পত্নীগণ বসি আছে

সৱে মহা ৰাজ পটেশ্বৰী।।

ৰুক্মিণীৰ পাশ চাপি  সুভদ্ৰা দ্ৰৌপদী কুন্তী

যজ্ঞক সমুখে আছা বসি।

সৱে কন্যা মহাশান্তি    অলঙ্কাৰে জ্বলে আতি

মুখ জ্বলে যেন পূৰ্ণশশী।।২৪৪৮।।

সৱাতে অধিক জ্যোতি    কৃষ্ণৰ যতেক পত্নী

সভা মাজে কৰন্ত প্ৰকাশ।

অন্যোঅন্যে কৃষ্ণকথা    কহন্ত শুনন্ত ৰঙ্গে

মিলে মহা মনত উল্লাস।।

যজ্ঞৰ মহিমা দেখি    অনেক নভাসে আখি

আঘতে আছন্ত কৃষ্ণ বসি।

যুধিষ্ঠিৰে মন্ত্ৰ পঢ়ি    কৃষ্ণকেসে বুদ্ধি ধৰি

মহা পূজা কৰন্ত হৰিষি।।২৪৪৯।।

সকল সুৱৰ্ণময়     যজ্ঞ আতি প্ৰকাশয়

ঋষিগণে পূজন্ত কৃষ্ণক।

পূৰ্ব্বতে দেৱতাগণে       ৰাজসূয় যজ্ঞ যেন

কৰাইলন্ত দেৱ বৰুণক।।

সেহিমতে মহাযজ্ঞ   যুধিষ্ঠিৰ নৃপতিৰ

সকল সুৱৰ্ণময় জ্বলে।

কৃষ্ণৰেসে প্ৰসাদত   সিদ্ধি ভৈল জানি হেন

প্ৰশংসন্ত মহন্তসকলে।।২৪৫০।।

জয় জয় কৃষ্ণ প্ৰভু       ভকতৰ প্ৰিয়কৰ

পৰম ঈশ্বৰ চক্ৰপাণি।

নাৰদ প্ৰহ্লাদ আদি   সিদ্ধ মুনি মহন্তৰ

ঘনে ঘনে শুনি এহি বাণী।

অপেস্বৰা কৰে নৃত্য  গন্ধৰ্ব্বে যোগাৱে গীত

বিদ্যাধৰে বজাৱে মৃদঙ্গ।

কৃষ্ণৰ ৰঞ্জিয়া চিত্ত    নাৰদে গাৱন্ত গীত

তিনিয়ো জগতে ভৈল ৰঙ্গ।।২৪৫১।।

..........

।।দুলড়ী।।

 

শুনিয়ো সজ্জন     থিৰ কৰি মন

কৃষ্ণ কথা মনোহৰ।

ভজিয়ো জগত     গুৰু গোৱিন্দক

নিজ দেৱ হৃদয়ৰ।।

পৰম সুহৃদ       মুকুন্দ দেৱক

নকৰে যিটো ভকতি।

শুনি আছো কাণে       ই তিনি ভুৱনে

তাৰ আছে কাল গতি।।২৪৫২।।

কৃষ্ণৰ সেৱাত     সৱাতে অধিক

পাণ্ডৱ ভৈল বিজয়।

ৰাজসূয় হেন      যজ্ঞক সাধিলে

বশ্য কৰি ৰাজাচয়।।

অকপটে কৃষ্ণ      চৰণ সেৱিলে

কোন সিদ্ধি নসাধয়।

এহি জানি মনে    কৃষ্ণৰ চৰণে

ভকতি কৰা নিশ্চয়।।২৪৫৩।।

পুত্ৰ দাৰা ধন     বসন ভূষণ

নকৰা আত আক্ৰোশ।

কৃষ্ণৰ ইচ্ছায়ে     যিমানে মিলাৱে

তাহাতে হুয়ো সন্তোষ।।

জীৱন চঞ্চল      কমল দলৰ

জলময় সমসৰ।

ব্যাধিৰ মন্দিৰ     অনিত্য শৰীৰ

জানা আক নিৰন্তৰ।।২৪৫৪।।

শুনা আৰো লোক   নানা চিন্তা শোক

মিলে আত ঘনে ঘনে।

এতেকে বিলম্ব     তেজিয়া যতনে

ভজিয়ো কৃষ্ণচৰণে।।

যাৱ সুখে জীয়া    কৃষ্ণকথা পিয়া

অমৃত কৰ্ণক ভৰি।

তড়িয়ো পাতক    হৰিয়ো দুঃখক

ডাকি বোলা ৰাম হৰি।।২৪৫৫।।

...........

 

।।যুধিষ্ঠিৰৰ দ্বাৰা কৃষ্ণৰ অৰ্চ্চনা।।

 

অনন্তৰে ঋষিগণে হোম সমৰ্পিয়া।

মাধৱত নিৱেদিলা কৃতাঞ্জলি হুয়া।।

শুনিয়োক প্ৰভুদেৱ এক মন হুই।

আপুনি জানাহা যেন ঠান ৰাজসূয়।।২৪৫৬।।

সমস্ত ৰাজাক জিনি এক স্থান কৰি।

তেৱে ৰাজসূয় কৰি পূজিব শ্ৰীহৰি।।

সমস্ত নৃপতি দুৰ্ব্বাক্ষত দেয় শিৰে।

অভিষেক মন্ত্ৰ উচ্চাৰিব দ্বিজবৰে।।২৪৫৭।।

তেৱে অধিৰাজ চক্ৰৱৰ্ত্তী নাম পাই

সৱাৰ উপৰি নিজ আদেশ বোলাই।

যজ্ঞসে কৰায়ে যিটো ৰাজাক প্ৰসূতি।

এতেকেসে ৰাজসূয় ইচ্ছাৰ খিয়াতি।।২৪৫৮।।

সেহিবেলা ভৈলা আৱে জগত ঈশ্বৰ।

তোহ্মাৰ প্ৰসাদে সিদ্ধ ভৈল যজ্ঞবৰ।।

আদেশিয়ো ৰাজাগণ আছন্ত যতেক।

এহি শুভক্ষণে কৰায়োক অভিষেক।।২৪৫৯।।

এহি শুনি নাৰায়ণ ভৈল তুষ্ট মন।

সভামাজে নিয়াইলন্ত ৰত্ন সিংহাসন।।

যুধিষ্ঠিৰ দ্ৰৌপদীক বসাইলন্ত তাতে।

শ্বেত ছত্ৰখান তুলি ধৰিলন্ত মাথে।।২৪৬০।।

নাৰদ প্ৰমুখ্যে উঠিলন্ত দেৱগণ।

যজ্ঞ শেষ অমৃতক কৰাইল প্ৰাশন।।

সমস্ত তীৰ্থৰ জল পঞ্চামৃত আনি।

কৰিলন্ত শান্তি কুশে পঢ়ি বেদধ্বনি।।২৪৬১।।

নৃপতিগণক কৃষ্ণে দিলা হাতবাৱ।

দুৰ্ব্বাক্ষত ধৰি সৱে চালিলেক গাৱ।।

পঞ্চম শবদ জয় ধ্বনি উথলিল।

যুধিষ্ঠিৰ শিৰে সৱে দুৰ্ব্বাক্ষত দিল।।২৪৬২।।

ঋষিপত্নীগণ কৃষ্ণপত্নীগণ যত।

ৰাজপত্নীগণ যত ধৰি দুৰ্ব্বাক্ষত।।

দ্ৰৌপদীৰ শিৰত দিলন্ত কৰ মেলি।

মুখ আৰ কৰি সৱে দিলন্ত উৰুলি।।২৪৬৩।।

যুধিষ্ঠিৰ অধিৰাজ ভৈল সেহি ধৰি।

দ্ৰৌপদী ভৈলন্ত অধিৰাজ পটেশ্বৰী।।

বিষ্ণুতেজে ব্যাপিলেক দুইহানো শৰীৰ।

হৰিষে সুন্দৰ মুখ প্ৰকাশে ৰুচিৰ।।২৪৬৪।।

লক্ষেক নৃপতি একদৃষ্টি আছে চাই।

প্ৰকাশন্ত কুন্তীসুত চাহন নযায়।।

বিষ্ণুত ভকত যত সমস্তৰে ৰঙ্গ।

অভতক ৰাজাৰ মনত মহাখঙ্গ।।২৪৬৫।।

পাচ ভীষ্মে বুলিলন্ত ধৰ্ম্মৰ পুত্ৰক।

কৰা অৰিহণা সৱ নৃপতিগণক।।

বহুদিন আসি আছে যজ্ঞৰ কাৰণে।

অৰ্চ্চিয়া বিদায় দিয়ো যাউক নিজথানে।।২৪৬৬।।

পাচ ভীষ্মে বুলিলন্ত ধৰ্ম্মৰ পুত্ৰক।

কৰা অৰিহণা সৱ নৃপতিগণক।।

বহুদিন আসি আছে যজ্ঞৰ কাৰণে।

অৰ্চ্চিয়া বিদায় দিয়ো যাউক নিজথানে।।২৪৬৬।।

আচাৰ্য্য ঋত্বিজ পিতৃ এহি তিনিজন।

বিদ্যাত স্নাতক আৰো বৈষ্ণৱ ব্ৰাহ্মণে।।

যিটো মহাৰাজ আৰো যিটো প্ৰিয় মিত্ৰ।

এহি ছয়জন জানা অৰ্চ্চিত উচিত।।২৪৬৭।।

এতেকে অৰ্চ্চিয়ো যুধিষ্ঠিৰ মনে জানি।

সৱাতে অধিক শ্ৰেষ্ঠ যিটো মহামানী।।

এহি শুনি যুধিষ্ঠিৰে চিন্তিলা মনত।

কোন মহা শ্ৰেষ্ঠক অৰ্চ্চিবো প্ৰথমত।।২৪৬৮।।

যতেক নৃপতি নিৰন্তৰে আছে আসি।

দেৱ সিদ্ধ মহামুনি সৱে আছে বসি।

কাহাক অৰ্চ্চিবো হেন নপাঞো নিশ্চয়।

সভাসদ লোক যত সমস্ত বিস্ময়।।২৪৬৯।।

যুধিষ্ঠিৰে কাহাক অৰ্চ্চিবে প্ৰথমত।

নিশ্চয় কৰিবে কেহো নপাৰে মনত।।

সেহিবেলা সহদেৱ বুজি অভিপ্ৰায়।

কৃতাঞ্জলি বুলিলন্ত সমজ্যাক চাই।।২৪৭০।।

প্ৰথমতে জানা মহাপূজা কৰিবাক।

কৃষ্ণকেসে উচিত শুনিয়ো সত্যবাক।।

ভকতৰ বৎসল অচ্যুত ভগৱন্ত।

ইহানেসে গুণ বেদশাস্ত্ৰে বখানন্ত।।২৪৭১।।

সকলে দেৱতা মূৰ্ত্তি এহেন্তে শ্ৰীকৃষ্ণ।

এহেন্তেসে কাল দেশ ধন দ্ৰব্য ইষ্ট।।

যাৰ লীলা ৰূপ এহি তিনিয়ো ভুৱন।

যাহাৰ শৰীৰ এহি মহাযজ্ঞগণ।।২৪৭২।।

অগনি আহুতি মন্ত্ৰ আপুনি ঈশ্বৰ।

সাংখ্য যোগ পন্থ যত তত্ত্বৰো গোচৰ।।

যাহাৰ সমান আউৰ নাহিকে ঈশ্বৰ।

নাহি কৃষ্ণ বিনে আৰ কেহো গুৰুতৰ।।২৪৭৩।।

আপোনাৰ আপুনি আশ্ৰয় এন্তে হৰি।

সূজন্ত পালন্ত সংহাৰন্ত লীলা কৰি।।

সংসাৰত বিৱিধ যতেক কৰ্ম্মচয়।

ইহানেসে কটাক্ষে সকল সম্পজয়।।২৪৭৪।।

এহি সৰ্ব্বৰূপ যাতো জগত মঙ্গল।

ধৰ্ম্ম অৰ্থ কাম মোক্ষ দেখান্ত সকল।।

ভকতৰো মহা ইষ্ট দুষ্টৰ অনিষ্ট।

জানা সভাসদ লোক এহে মহাকৃষ্ণ।।২৪৭৫।।

এহি জানি অনুমতি দিয়ো মহাজন।

প্ৰথমে কৃষ্ণক দিয়ো মহা অৰিহণ।।

প্ৰথমে কৃষ্ণক যেৱে কৰিয়ো অৰ্চ্চন।

সমস্ত প্ৰাণীৰ তেৱে তুষ্ট হোনে মন।।২৪৭৬।।

আপোনাৰ জানা তেৱে হৱে অৰিহণ।

সমস্তৰে আত্মা এহি দৈৱকীনন্দন।।

আনন্দ মন্দিৰ হৰি মহাপূৰ্ণ কাম।

নাহি ভেদবুদ্ধি সদা শান্ত আত্মৰাম।।২৪৭৭।।

অল্প বস্তু যদি মাধৱত নিৱেদয়।

অক্ষয় হোৱট সিটো মুকুতি সাধয়।।

হেন জানি দিয়ো মাধৱক অৰিহণ।

কৃষ্ণ বিনে নাই নাই ইষ্ট একোজন।।২৪৭৮।।

সহদেৱে জানন্ত কৃষ্ণৰ অনুভাৱ।

এতেক বুলিয়া মৌন ভৈল সেহি ঠাৱ।।

শুনি সিদ্ধ মুনিগণ ভৈল তুষ্ট মন।

কৃষ্ণত ভকত যত আছে ৰাজাগণ।।২৪৭৯।।

সাধু সাধু বুলি সৱে কৰিলন্ত স্তুতি।

ভাল বুলিলন্ত সহদেৱ মহামতি।।

সেহিবেলা বুলিলন্ত ভীষ্ম মহাবীৰ।

প্ৰথমত কৃষ্ণক অৰ্চ্চিয়ো যুধিষ্ঠিৰ।।২৪৮০।।

সহদেৱে বুলিলন্ত স্বৰূপ বচন।

কৃষ্ণ বিনে ইষ্ট আউৰ আছে কোনজন।।

দেখিয়ো সাঙাথে ইটো সৱাৰ মধ্যত।

প্ৰকাশন্ত কৃষ্ণ মহাসূৰ্য্য যেন মত।।২৪৮১।।

কৃষ্ণৰেসে প্ৰভাৱ প্ৰকাশে সভাখান।

তান আগে প্ৰকাশিত পাৰে কোনজন।।

ত্ৰৈলোক্য ঈশ্বৰ এহে জগত আধাৰ।

অৰ্চ্চিয়ো কৃষ্ণক কিছু নলাগে বিচাৰ।।২৪৮২।।

মাধৱৰ তেজে আছে সৱাকো জন্তাই।

সাক্ষাতে দেখিয়ো কেনে আছা বাট চাই।।

নাহিকে সংশয় কহিলোহো নিষ্টে নিষ্ট।

পূজিয়ো পৰম গুৰু ঈশ্বৰ শ্ৰীকৃষ্ণ।।২৪৮৩।।

হেন শুনি যুধিষ্ঠিৰ মহা তুষ্টমন।

সিদ্ধ মুনি মহন্তৰ শুনিলা বচন।।

সৱাৰো বাঞ্ছিত আছে কৃষ্ণক অৰ্চ্চিত।

ভাতৃবৰ্গ সমে ভৈলা মহা হৰষিত।।২৪৮৪।।

অৰিহণ বস্তু সুৱৰ্ণৰ পাত্ৰে ভৰি।

সহদেৱ নকুল বহিলা শিৰে ধৰি।।

আগতে নৃপতি যুধিষ্ঠিৰ চলি গৈলা।

দুই হাতে ধৰি শুদ্ধ সুৱৰ্ণৰ মালা।।২৪৮৫।।

ভীম ধনঞ্জয় দুই ধৰিয়া চামৰ।

দুই পাসে চলি গৈলা ধৰ্ম্ম নন্দনৰ।।

সভাৰ মধ্যত ৰত্ন সিংহাসনে বসি।

দীপিতি কৰন্ত হৰি যেন পূৰ্ণশশী।।২৪৮৬।।

দুষ্টৰাজাগণে চাহি আছে মুণ্ড খুড়ি।

মৃগৰ মধ্যত যেন মাধৱ কেশৰী।।

ৰাৱ চাৱ নাহি কষ্টমনে আছে চাই।

কৃষ্ণৰ সমীপ যুধিষ্ঠিৰে পাইল যায়।।২৪৮৭।।

প্ৰথমে কৃষ্ণৰ শিৰে দিলা হেমলালা।

পাচে অৰিহণা মাধৱত নিৱেদিলো।

সুৱৰ্ণৰ পাত্ৰ ভৰি সুগন্ধিত জল।

ধুৱাইলন্ত মাধৱৰ চৰণকমল।।২৪৮৮।।

জগত পৱিত্ৰ কৰে হৰিপদজল।

সবান্ধৱে শিৰত ধৰিলা কোতূহল।

পাত্ৰ পুত্ৰ মন্ত্ৰী যত ভাৰ্য্যা পাণ্ডৱৰ।

শিৰত ধৰিলা পদজল মাধৱৰ।।২৪৮৯।।

পীতবস্ত্ৰ ত্ৰিপট পিন্ধাইলা সহদেৱে।

দিব্য গন্ধ চন্দন পিন্ধাইলা ধনঞ্জয়ে।।

নকুলে পিন্ধাইল মাধৱক অলঙ্কাৰ।

কিৰীটি কুণ্ডল জলমল হেমহাৰ।।২৪৯০।।

কেযূৰ কঙ্কণ মণি ৰত্নৰ নূপুৰ।

প্ৰকাসে কমল দুই চৰণ মধুৰ।।

তুলসী কুসুম কিশলয় বনমালা।

ৰঙ্গে ভীমসেনে মাধৱৰ কৰে দিলা।।২৪৯১।।

যুধিষ্ঠিৰে বিঞ্চন্ত চামৰ কৰে ধৰি।

ত্ৰৈলোক্যমহোন মূৰ্ত্তি প্ৰকাশন্ত হৰি।।

আনন্দে বিহ্বল যুধিষ্ঠিৰ মহাৰাজ।

নেত্ৰভৰি হৰিষ লোতক ভৈল বাজ।।২৪৯২।।

কিনো ভাগ্য কিনো ভাগ্য বোলন্ত আহ্মাৰ।

আৱেসে জানিলো ভৈল সবংশে উদ্ধাৰ।।

চিন্তিয়ো নপাৱে যাক ব্ৰহ্মা আদি দেৱে।

সাক্ষাতে পূজিলা যেন মাধৱৰ পাৱে।।২৪৯৩।।

এহি সুমৰন্তে প্ৰেমে নিগৰে লোতক।।

নপাৰন্ত সন্মুখে চাহিবে গোৱিন্তক।।

সবান্ধৱে আনন্দে নাচন্ত বাহু তুলি।

পাৰন্ত জোকাৰ জয় জয় কৃষ্ণ বুলি।।২৪৯৪।।

এহিমতে কৃষ্ণক অৰ্চ্চিলা প্ৰথমতে।।

দেখিলন্ত ৰাজা যত কৃষ্ণত ভকতে।।

আসনৰ উঠি জয় জয় কৃষ্ণ বুলি।

দণ্ডৱতে পৰি সৱে কৰিলা সেৱলি।।২৪৯৫।।

দেৱতাগণৰ মনে ভৈল মহাতুষ্টি।

জয় কৃষ্ণ উচ্চৰি কৰিলা পুষ্পবৃষ্টি।।

দুন্দুভি শবদ শঙ্খ মৃদঙ্গ বজাৱে।

অপেস্বৰা নাচয় গন্ধৰ্ব্বে গীত গাৱে।।২৪৯৬।।

ভকতৰ হৰিষ বঢ়ান্ত নাৰায়ণে।

কটাক্ষ নয়নে হাসি তোলে ঘনে ঘনে।।

নাৰদে গাৱন্ত গীত ৰুদ্ৰ বীণা বাই।

মাধৱৰ ৰূপ ত্ৰিভুৱনে আছে চাই।।২৪৯৭।।

জয় জয় কৃষ্ণ বুলি ৰড়ে নটে ভাটে।

সন্তৰ হৰিষ দুৰ্জ্জনৰ কাণ ফাটে।।

.............

।।শিশুপালৰ কৃষ্ণ নিন্দা।।

 

সেহিবেলা শিশুপাল দমঘোষ সুত।

কৃষ্ণৰ বৰ্ণন দুষ্টে শুনিলা বহুত।।২৪৯৮।।

নসহে শৰীৰ তাৰ কোপে অপমানে।

আসনৰ হন্তে উঠিলন্ত তাৱক্ষণে।।

উপৰক বাহু তুলি ক্ৰোধে অহঙ্কাৰী।

কৃষ্ণকে শুনায়া বুলিলন্ত উচ্চ কৰি।।২৪৯৯।।

নিলাজ নিৰ্ভয় দুষ্ট দৰ্পিষ্ঠ পাপিষ্ঠ।

কৃষ্ণক নিষ্ঠুৰ গালি শপন্ত অনিষ্ট।।

বোলে শিশুপালে কিনো ভৈল কলিকাল।

কালেসে ঈস্বৰ বেদে কহিয়াছে ভাল।।২৫০০।।

ইটো বৰ অন্যায় কালেসে জানা কৰে।

বাকৰো বচনে বৃদ্ধৰো বুদ্ধি লৰে।।

মূ্খ সহদেৱ ইটো মাদ্ৰীৰ তনয়।

ইহাৰে বাক্যক সৱে কৰা জয় জয়।।২৫০১।।

তুমিসৱ হেন শ্ৰেষ্ঠ সভাসদ হুয়া।

কৃষ্ণক অৰ্চ্চিবে হেন অনুমতি দিয়া।।

পাণ্ডৱৰ ইষ্ট কৃষ্ণ জানা সৰ্ব্বকাল।

এতেকে কৃষ্ণক অৰ্চ্চিবাক বোলে ভাল।।২৫০২।।

ভীষ্মৰ বুজিলো মন নাজানে ধৰ্ম্মক।

সৱাতো অধিক বুলি প্ৰশংসে কৃষ্ণক।।

হেন কি অন্যায় দেখি আছা কোন ঠাই।

কৃষ্ণৰে কি অৰিহণা লৈৱেক যুৱাই।।২৫০৩।।

আছন্ত মহন্ত যত ব্ৰহ্ম ঋষিগণ।

ইন্দ্ৰ আদি দেৱে যাক কৰে আৰাধন।।

সৱ সভাপতি তপ ব্ৰত বিদ্যাধাৰী।

পৰম পণ্ডিত জ্ঞানৱন্ত ব্ৰহ্মচাৰী।।২৫০৪।।

এসম্বাক অতিক্ৰমি প্ৰথমে কি ভাল।

পূজা ঘেণিবাক ভাল মাধৱ গোৱাল।।

যজ্ঞ পৰমান্ন ভুঞ্জিবাক চাৱে কাক।

কেনমতে যোগ্য কৃষ্ণ ৰাজাৰ পূজাক।।২৫০৫।।

বৰ্ণাশ্ৰম দান ধৰ্ম্ম সৱাতে বৰ্জ্জিত।

সৰ্ব্বগুণে হীন পূণ্যপথে বিৰহিত।।

যেই মন সেই কৰে আপোন ইচ্ছায়।

হেনয় কৃষ্ণক কেনে পূজিবে যুৱাই।।২৫০৬।।

ইটো যজ্ঞ ৰাজ ৰাজাকেসে যুৱাই পূজা।

কেনে পূজা লোৱে কৃষ্ণ নুহি ইটো ৰাজা।।

যযাতি শাপিয়া আছে ইহাৰ বংশক।

কোন লাজে খোজে আৱে নৃপতি পদক।।২৫০৭।।

মদ্যপানে পতি যদুবংশ অনাচাৰী।

হেনয় কৃষ্ণক শ্ৰেষ্ঠ বোলে কেন কৰি।।

যিটো পূণ্য দেশ সেৱা কৰে ঋষিগণে।

হেন মথুৰাক ত্যজিলেক ভয় মনে।।২৫০৮।।

দুৰ্গম সমুদ্ৰ মাজে পশিল শৰণে।

হেনয় কৃষ্ণক শ্ৰেষ্ঠ বোলে কোন জনে।।

ধিক ধিক আহ্মাৰ জীৱন খিলিঙ্কাৰ।

ৰাজাৰ মাজত গোৱালৰ সতকাৰ।।২৫০৯।।

ওৱা পাণ্ডুপুত্ৰগণ মোৰ বাক্য শুনা।।

সৱে মহামূৰ্খ সূক্ষ্ম ধৰ্ম্মক নাজানা।।

এতমান মহাযজ্ঞ বিফলে কৰিলা।

কৃষ্ণক অৰ্চ্চিয়া হেন ছাইত হুমিলা।।২৫১০।।

শাস্ত্ৰে কহিয়াছে পূজা কৰিবে বৃদ্ধক।

সেহি বুজি বুলি পূজা কৰস কৃষ্ণক।।

তাৰে বাপ বসুদেৱ আছয় আগতে।

পুত্ৰ হুয়া কৃষ্ণে পূজা লৱে কেনমতে।।২৫১১।।

যদি প্ৰিয় বুদ্ধি মাধৱত তোৰ মতি।

ততোধিক প্ৰিয় আছে দ্ৰুপদ নৃপতি।।

পাঞ্চ ভায়েকক এক কন্যা বিহা দিলে।

তাক ছাৰি কোন সতে কৃষ্ণক অৰ্চ্চিলে।।২৫১২।।

যদি শাস্ত্ৰে গুৰু কৰি কৃষ্ণক মানস।

ততোধিক গুৰু দ্ৰোণ দেখি নেদেখস।।

আগতে আছন্ত তভো কৃষ্ণক অৰ্চ্চস।

জানিলো পাণ্ডৱ তোৰা কিছু নজানস।।২৫১৩।।

যদিবা ঋত্বিজ বুলি কৃষ্ণক মানিলে।

তেৱে আন ব্ৰাহ্মণক কিসক বৰিলে।।

মহা ঋষি ব্যাস হেন আচন্ত আগতে।

তাঙ্ক এৰি কৃষ্ণক অৰ্চ্চিলি কেনমতে।।২৫১৪।।

তোৰে পিতামহ ভীষ্ম শান্তনু নন্দন।

স্বতন্ত্ৰ মৰণ যিটো পুৰুষ শোভন।।

আছন্ত আগতে কেনে তাকো অৱহেলি।

অবোধ পাণ্ডৱ তোৰা কৃষ্ণক অৰ্চ্চিলি।।২৫১৫।।

দ্ৰোণৰ নন্দন চিৰঞ্জীৱ অশ্বত্থামা।

অস্ত্ৰে শস্ত্ৰে বীৰ সৰ্ব্বশাস্ত্ৰে নিৰুপমা।।

হেন বীৰ অশ্বত্থামা তাহাঙ্কো নুপূজি।

যুধিষ্ঠিৰে কৃষ্ণক অৰ্চ্চিলা কোন বুজি।।২৫১৬।।

ৰাজা ইন্দ্ৰ দুৰ্য্যোধন আগত বিদিত।

ভৰত বংশৰ কৃপ আছা পুৰোহিত।।

ভীষ্মকৰ পুত্ৰ ৰুক্মো বীৰ মহামতি।

শল্য মহা নৃপতি মদ্ৰৰ অধিপতি।।২৫১৭।।

পৰশুৰামৰ শিষ্য কৰ্ণ মহাৰথ।

সমস্ত ৰাজায়ে যাক প্ৰশংসে ৰণত।।

সূৰ্য্যৰ নন্দন যাক দাতা মধ্যে গণি।

আনো ৰাজাগণ আসিয়াছে অভিমানী।।২৫১৮।।

এতেকক অৱহেলি পাণ্ডৱে কিসক।

ৰাজ অৰিহণা ধৰি অৰ্চ্চে যাদৱক।।

নুহিকে আচাৰ্য্য কৃষ্ণ নুহিকে ঋত্বিজ।

নুহি ৰাজা নুহি প্ৰিয় বেদবিদ দ্বিজ।।২৫১৯।।

একোমতে নুহি কৃষ্ণ পূজিবাক পাত্ৰ।

তাক পূজি পাণ্ডৱে আহ্মাক নিন্দে মাত্ৰ।।

জানিলো পাণ্ডৱ ইটো পাষণ্ড নিলাজ।

কোন কাজে কৃষ্ণক পূজয় সভামাজ।।২৫২০।।

ৰাজ অৰিহণা যেৱে কৰিবে কৃষ্ণক।

লক্ষেক ৰাজাক তেৱে অনাইলে কিসক।।

ভয়ে আমি ইহাক নিদিলো কৰভাৰ।

কিন্তু যজ্ঞ শুনি আমি কৰিলো সৎকাৰ।।২৫২১।।

অসংখ্যাত ৰত্ন ধন দিলো প্ৰতি ৰাজা।

দেব দ্বিজ ব্ৰাহ্মণক কৰিবেক পূজা।।

আহ্মাৰেসে ধনে সিদ্ধি হৈল ৰাজসূয়।

পাণ্ডৱে আহ্মাক হেলা কৰে কোন মুই।।২৫২২।।

জৰাসন্ধ নৃপতিক মৰাইলা অন্যায়।

কৃষ্ণৰ সমান দুষ্ট আছে কোন ঠাই।।

যত ৰাজা আছে মানে তাৰে শত্ৰু কৃষ্ণ।

জানিবি পাণ্ডৱ তোৰ মিলিল অনিষ্ঠ।।২৫২৩।।

কৃষ্ণক অৰ্চ্চিয়া আগে পৰিলা বিপাঙ্গে।

হেন শুনি হাসি কৃষ্ণে তুলিলন্ত ৰঙ্গে।।

হাসিবাৰ দখি জ্বলি গৈল শিশুপাল।

কৃষ্ণক সম্বোধি বোলে শুনৰো গোপাল।।২৫২৪।।

কেনে উপালম্ভ হাস্য কৰস চপটি।

ধিক ধিক গৰ্ব্ব মিছা সৱ চটি মটি।।

আগে নবাধিলো কালে লভিলি পূজাক।

নিলাজ গোৱাল হাস্য কৰক আহ্মাক।।২৫২৫।।

ৰাজপূজা ঘেণিবাক তোৰ কি যুগুতি।

আপুনি কিমত নুগুণস মন্দমতি।।

নজানি পাণ্ডৱে তোক অৰ্চ্চিলা হঠাত।

তাতে কেনে এতেক আনন্দ গোপীনাথ।।২৫২৬।।

ৰাজা নুহিকস তোক ৰাজপূজা ধৰে।

জানিবি পাণ্ডৱে তোক উপালম্ভ কৰে।।

যেন নপুংসক তাক দেই কন্যাগণ।

অন্ধকৰ হাতে যেন দিয়য় দৰ্পণ।।২৫২৭।।

ৰাজা নুহি যিটো তাক ৰাজ সতকাৰ।

এহি পটন্তৰ কৃষ্ণ কি কহিবো আৰ।।

তোত অৰ্চ্চি পাণ্ডৱৰ যশ ভৈল বৰ।

থাক তই এথা আমি চলো নিজঘৰ।।২৫২৮।।

এহি বুলি শিশুপাল ছাড়ি সিংহাসন।

গৃহক চলিবে সাজ ভৈলা তেতিক্ষণ।।

হেন দেখি যুধিষ্ঠিৰ গৈলা আগবাঢ়ি।

মধুৰ বচনে মাতিলন্ত শান্ত কৰি।।২৫২৯।।

শুনা মহীপাল মহাবীৰ শিশুপাল।

ভীষ্মৰ বচন বাধিবাক নোহে ভাল।।

তোহ্মাৰ আহ্মাৰো ইষ্ট কৃষ্ণ শিশুমতি।

অৰ্চ্চিলো তাহাঙ্ক ক্ষমা কৰা নৰপতি।।২৫৩০।।

বয়োবৃদ্ধ শুদ্ধ বুদ্ধি ভীষ্ম গুৰুজন।

জানন্ত বেদৰো তত্ত্ব মহন্ত লক্ষণ।।

তানে বচনক আদৰিলে সভাসদে।

আতেসে অচ্চিলো আগে মাধৱৰ পদে।।২৫৩১।।

হেন জানি শিশুপাল তেজা অসন্তোষ।

আসনে বসিয়ো মোৰ মৰিষিয়ো দোষ।।

কৰো ৰাজপূজা যেন বিহিয়ো ইহাক।

এহি শুনি ক্ৰোধে ভীষ্মে বুলিলা ৰাজাক।।২৫৩২।।

শুনা সভাসদ দুৰ্জ্জনৰ দেখা মন্দ।

মাধৱক নিন্দা কৰে অধম দুৰ্ম্মদ।।

চতুৰ্দ্দশ লোকৰ ঈশ্বৰ দেৱ হৰি।

তাঙ্ক পূজিবাৰ দেখি মৰে বুকু পুৰি।।২৫৩৩।।

সিকালত কৃপালক নমানে দুৰ্জ্জনে।

আৱে দুষ্ট কৃষ্ণক মানিবে কোন গুণে।।

অন্তকৰো অন্তক আগতে থকা হৰি।

তথাপিতো দুষ্টে নিন্দে দেখা কেন কৰি।।২৫৩৪।।

আৱে আসি মহাবলী ভৈল ঘোৰ কলি।

দেৱ তীৰ্থ কৰ্ম্মপন্থ লুকায় সমূলি।।

কৃষ্ণ গৈল বৈকুণ্ঠক বৈষ্ণৱ ভৈল অল্প।

তাতো গুণে বঢ়াৱে দুষ্টৰ বল দৰ্প।।২৫৩৫।।

আত কি কৃষ্ণক দুষ্টগণে মানিবেক।

কৃষ্ণৰ উৎসৱ হৰিকথা শুনিবেক।।

ভকতক দেখি কৰিবেক শতকাৰ।

হেন কি আছয় ভাগ্য কলিৰ প্ৰজাৰ।।২৫৩৬।।

এহি জানি কৃষ্ণকথা শুনা নৰনাৰী।

নিন্দোক দুৰ্জ্জনে তাক বাধিবে নপাৰি।।

কালৰূপী ঈশ্বৰে বঢ়ান্ত দিয়া লাই।

অল্পতে দেখিবা কৃষ্ণে কৰিবন্ত ছাই।।২৫৩৭।।

যতেক দুৰ্জ্জন আছিলেক পৃথিৱীত।

সৱাকো মাধৱে কৰিলন্ত চূৰ্ণীকৃত।।

তাক ভয়ে নছাড়িবা মাধৱৰ কথা।

শাস্তা ঈশ্বৰ হৰি আছন্ত সৰ্ব্বথা।।২৫৩৮।।

ধন জন জীৱন যৌৱন গৰ্ব্ব ত্যজা।

পৰম বন্ধাৱ জানি মাধৱক পূজা।।

কৃষ্ণৰ কিঙ্কৰে কহে অনন্ত কন্দলি।

কৃষ্ণ বোলা গল মেলি দূৰ হৌক কলি।।২৫৩৯।।

.................

 

।।যুধিষ্ঠিৰ প্ৰতি ভীষ্মৰ উপদেশ।।

।।ছবি।।

যুধিষ্ঠিৰ নৃপতিক   ভীষ্মে ডাকি বুলিলন্ত

মনত ঈষত কৰি ক্ৰোধ।

গুচি যাউক সমজ্যাৰ   শিশুপাল দুৰাচাৰ

নুবুলিবা ইহাক প্ৰবোধ।।

পৰম ঈশ্বৰ কৃষ্ণ   গৰিষ্ঠ বলিষ্ঠ শিষ্ট

ইষ্টতম সকল লোকৰ।

তাহান পূজাক যিটো   নসহয় জানা সিটো

পাতকীক নুবুলি উত্তৰ।।২৫৪০।।

আমিসে কেৱল মাত্ৰ   অচ্যুতক অৰ্চ্চিলোহো

হেন নুহি জানা ধৰ্ম্ম ৰাজ।

তিনিয়ো জগতে পুনু      কৃষ্ণকেসে অৰ্চ্চা কৰে

তাকে ইটো নজানে নিলাজ।।

ইহাতো অধিক যত দুষ্ট ৰাজা আছিলেক

কৃষ্ণ সৱে কৰিলা সংহাৰ।

ইটো কোন শিশুপাল আপুনিও চিন্তে কাল

কৃষ্ণক ৰটয় অহঙ্কাৰ।।২৫৪১।।

এহি সমাজতে দেখা   যতেক মহন্ত আছে

সৱে কহে কৃষ্ণৰেসে গুণ।

তেজে যশে বলে বীৰ্য্যে   তিনিও লোকৰ মাজে

কৃষ্ণৰ সদৃশ আছে কোন।।

ব্ৰাহ্মণৰ জ্ঞানবৃদ্ধ    ক্ষত্ৰিয়ৰ বলাধিক

বৈস্যৰ যি গোটা মহাধনী।

শূদ্ৰৰেসে জ্ঞানবৃদ্ধ   পূজিতে উচিত হয়

শাস্ত্ৰে শুনি আছো হেন বাণী।।২৫৪২।।

এতেকে কৃষ্ণত পৰে    ক্ষত্ৰিয় আছে কোন গোট

বোলো আৱে উৰ্দ্ধবাহু কৰি।।

বলৰ প্ৰমাণ যাৰ     গণিবাক নপাৰিয়

জগতকে আছা সিটো ধৰি।।

কৃষ্ণেসে সৱাৰো স্বামী  তাঙ্কেসে অৰ্চ্চিলো আমি

সৱাতো প্ৰথমে মান্য ধৰি।

মাধৱত পৰে আগে   নুপূজিবো নুপূজিবো

বুলিলো অনেক নিষ্ঠ কৰি।।২৫৪৩।।

ঋত্বিজ আচাৰ্য্য পিতৃ    জামাতৃ নৃপতি প্ৰিয়

এহি ছয় অৰ্চ্চিবাৰ পাত্ৰ।

সৱে জানা এহি কৃষ্ণ   এতেকে অৰ্চ্চিলো নিষ্ঠ

কৃষ্ণ বিনে নাহি পৰমাৰ্থ।।

সৃষ্টি স্থিতি সংহৰণ  সৱাৰে কাৰণ কৃষ্ণ

কৃষ্ণতেসে আছে ই জগত।

পঞ্চভূত বুদ্ধি মন     চতুৰ্ব্বিধ প্ৰাণীগণ

প্ৰকৃতিয়ো আছয় কৃষ্ণত।।২৫৪৪।।

সূৰ্য্য চন্দ্ৰ হ্ৰহ ঋক্ষ    জ্যোতিশ্চক্ৰ দশোদিশ

সমস্ত আছয় মাধৱত।

এতেকেসে শ্ৰেষ্ঠতম    পূজিবাক মনোৰম

কৃষ্ণেসে জানিবা প্ৰথমত।।

শিশুপাল দুৰাচাৰ   শিশু ধৰি সৰ্ব্বকালে

মহামুৰ্খ নুবুজে শাস্ত্ৰক।

অবোধ বালক যেন দেখিয়ো নেদেখে তেন

এতেকেসে নিন্দে মাধৱক।।২৪৪৫।।

ইহাক প্ৰবোধ বাণী    কিছু আৰ নুবুলিবা

যেন লাগে কৰোক দুৰ্জ্জনে।

নুহি লাগে যাউক গুচি    সৱাৰে আপচু লই

পাতকীক ৰাখা কোন গুণে।।

এহি বুলি মহাযশী    ভীম পাচে মৌন ভৈলা

কৃষ্ণৰ চৰণে মন দিয়া।

সেহি বেলা সহদেৱে    বচনেক বুলিলন্ত

নৃপতিগণৰ মুখ চায়া।।২৫৪৬।।

............

 

।।কৃষ্ণ আৰু ভীষ্মক শিশুপালৰ নিন্দা।।

।।দুলড়ী।।

 

কেশৰী অন্তক     কেশৱ দেৱক

প্ৰথমে কৰিলো পূজা।

তাক আনে যেনে        সহিবে নোৱাৰা

শুনা আৰ যত ৰাজা।।

সৱাৰো শিৰত     চৰণ তুলিলো

নোবোলোহো প্ৰিয় ভাৱ।

সত্বৰে উত্তৰ      দেউক আগবাঢ়ি

নসহে যাহাৰ গাৱ।।২৫৪৭।।

জগতৰ গুৰু      হৰিক অৰ্চ্চিলো

নকৰিলো একো দোষ।

জ্ঞানৱন্ত যত      আছে সমাজত

সৱাৰ দেখো সন্তোষ।।

সহদেৱে এহি      বচন বুলিলা

ৰাজাগণে আছে শুনি।

কেহো জনে একো     দিবেক উত্তৰ

নোৱাৰিলে মনে গুণি।।২৫৪৮।।

সেহি বেলা সহ-     দেৱৰ সিৰত

ভৈলা মহা পুষ্পবৃষ্টি।

অদৃশ্য বচনে      সাধু সাধু বুলি

প্ৰশংসিলা মহাতুষ্টি।।

নাৰদ প্ৰমুখ্যে      মহামুনিগণে

প্ৰশংসিলা ঘনে ঘন।

ধন্য সহদেৱ      কৃষ্ণত ভকত

বুলিলা সাধু বচন।।২৫৪৯।।

হেন শুনি সৱ     শিশুপাল আদি

যত দুষ্ট ৰাজাগণ।

গৰিহা বচনে      কোপে অপমানে

মলিন ভৈল বদন।।

অন্যোঅন্যে সৱে    আলচ কৰিয়া

ভৈলা এৱে একঠাই।

সিংহগণে যেন     গৰ্জ্জিবে লাগিল

পাণ্ডৱৰ ভিতি চাই।।২৫৫০।।

কোপে তাম্ৰবৰ্ণ     নয়ন পকাই
বুলিলেক শিশুপালে।

সৱাহাৰে মঞি     সেনাপতি ভৈলো

বুলিয়ো কাৰ্য্য সকালে।।

বৃষ্ণিবংশ সমে     আজি পাণ্ডৱৰ

কৰো যাই বুন্দমাৰ।

যতেক আহ্মাক    কদৰ্থি আছয়

সৱ মান সাৰো তাৰ।।২৫৫১।।

এহি বুলি দুষ্ট    নৃপতি যতেক

ভোলাইলেক শিশুপালে।

ৰাজসূয় যজ্ঞ    বিনাশিবে প্ৰতি

সাজিলেক সমদলে।।

সাগৰ সমান     দেখি ৰাজাগণে

উথলিল চপকাৰে।

ৰাজা যুধিষ্ঠিৰে   ভীষ্মত পুছিলা

অনন্তৰে ধীৰে ধীৰে।।২৫৫২।।

দেখা পিতামহ     মিলিল নিগ্ৰহ

বুলিয়ো আৰ উপায়।

কেনমতে হয়      প্ৰজাৰ কল্যাণ

মহা যজ্ঞ ৰক্ষা যায়।

হেন শুনি ভীষ্মে    হাসিয়া বোলন্ত

নকৰিবা কিছু ভয়।

কৈত শুনি আছা   কুকুৰসকলে

সিংহক জিনি আছয়।।২৫৫৩।।

যদুসিংহ কৃষ্ণ      নমাতি আছন্ত

যেন সিংহে আছে শুই।

তাতেসে কুকুৰে    আটাস পাৰয়

দশ পাঞ্চে সাজ হুই।।

সিংহৰ মুখৰ      মাংসক দেখিয়া

কুকুৰে পাৰে আৰাৱ।

জাগিল মাত্ৰকে     আগতো নাথাকে

ভয়ে পলাই নিজঠাৱ।।২৫৫৪।।

সেহিমতে ৰঙ্গ     দেখিবাহা আজি

ৰাজা তুমি যুধিষ্ঠিৰ।

অল্প শিশুপাল      কুকুৰক ভয়

নকৰিবা মহাবীৰ।।

কৃষ্ণৰ চৰণ       ক্ষণকো নেৰিবা

কহিলো শুনা উপায়।

কৃষ্ণ তুষ্ট ভৈলে    সাধিবা সকল

মনোৰথ সমুদায়।।২৫৫৫।।

.........

 

।।ছবি।।

 

ভীষ্মৰ ভৰ্চ্চনি শুনি  শিশুপালে বুলিলেক

কঠোৰ নিষ্ঠুৰ শুনি বাণী।

শুন কুৰুকুলাধম    বৃদ্ধ ভৈলি আকৰণ

নিলাজ বচন বোলা কেনি।।

কুৰুবংশে শ্ৰেষ্ঠ হুই  প্ৰশংসিলে কোন মুই

কৃষ্ণক সৱাতে শ্ৰেষ্ঠ বুলি।

কণা যেন অন্ধলাক  পথ দেখাৱস ভীষ্ম

পাণ্ডৱক পাৰিয়া সমূলি।।২৫৫৬।।

লক্ষেক ৰাজাক নিন্দি   কৃষ্ণক বোলন্ত স্তুতি

হেনসে কুমতি তোৰ ভৈল।

কোন পূণ্যে পাপী ঘোৰ    শতখণ্ড হুয়া তোৰ

জিহ্বাখানি ছিণ্ডিয়া নগৈল।।

জ্ঞানবৃদ্ধ হুয়া হেন  গোৱালক প্ৰশংসৱ

শুনন্তাৰো লাগে মহালাজ।

শুন আৰে দুষ্টবুদ্ধি  পূতনা বধক আদি

কৃষ্ণে কৰি আছে যত কাজ।।২৫৫৭।।

সুকোমলী নাৰী তাই ৰাজাৰ বহিনী হুই

শিশু দেখি স্নেহে দিলা স্তন।

মহাখঙ্গে কৃষ্ণে পাই  প্ৰাণে সমে শুষিলেক

কীৰ্ত্তি ভৈল পূতনা শোষণ।।

আত কি বিষ্ময় ভীষ্ম   তিৰীগোট মাৰিলেক

তাৰা গুণ গাৱস বহুত।

অচেতন পচা কাষ্ঠ   শকটক লাঠি হানি

ভাঙ্গিলেক ইয়ো অদভুত।।২৫৫৮।।

বেদপন্থ লঙ্ঘিলেক   ইন্দ্ৰপূজা খণ্ডিলেক

আপুনি ভুঞ্জিলে বহু অন্ন।

এহি কথা শুনি ভীষ্ম বিস্ময় দেখস তই

কৃষ্ণক বোলস বৰজন।।

উঁইভিঠাগোট যেন   পৰ্ব্বতক একে হাতে

সাতদিন আছিলেক ধৰি।

তাতা গোৱৰ্দ্ধনধৰ   বীৰ বুলি বখানস

মঞিতো নগণো তৃণ কৰি।।২৫৫৯।।

উঁই খাই আছো গোড়    উড়ুখল লগাই কৃষ্ণে

ভাঙ্গিলে যৱঞ্জা জড় তৰু।

বৎস গৰু বক পক্ষী অঘ সাপ নিপাতিল

তাতে বখানস ভীষ্ম গুৰু।।

ধেনুক গৰ্দ্দভ মাৰি   তাল ফল পাৰিলেক

তাকে কি মুনিষ কৃষ্ণ ভৈল।

কালিক দমিলে বুলি   গোৱালে তুলিলে কীৰ্ত্তি

সি পুনু আপোন থানে গৈল।।২৫৬০।।

দাবাগ্নি লাগিল বনে  গোৱাল বিকল ভৈল

আপুনি নিমাইলে পাচে জ্বলি।

কৃষ্ণে তাকে পিলে   বুলি অবোধ গোৱালগণে

কৃষ্ণক মানিলা দেৱ বুলি।।

বৃষ গৰু কেশী হয়   বুঢ়া হস্তী কুৱলয়

মল্লকুল সিটো মাতোৱাল।

কংস আছিলেক বসি ছলে কৃষ্ণে বধিলেক

তাক কি বোলস বীৰ ভাল।।২৫৬১।।

জৰাসন্ধে খেদিলেক  মথুৰাক ত্যজিলেক

সমুদ্ৰত পশিল শৰণ।

আনো যত কাৰ্য্যমানে   অন্যায়েসে কৰে কৃষ্ণে

নিষ্ঠে শুনা মোহৰ বচন।।

যেৱে কি ঈশ্বৰ কৃষ্ণ    তেৱে কি অন্যায় কৰে

দেখ ভীষ্ম কহো বিদ্যমান।

কপট ব্ৰাহ্মণ বেশে    অদ্ধাৰে পশিল যাই

জৰাসন্ধ নৃপতিৰ থান।।২৫৬২।।

ভীমৰ হাতেসে তাক   গদা যুদ্ধ নিবন্ধিয়া

অন্যায়ে পেলাইল তাক ছিড়ি।

চোৰবৃত্তি যুদুবংশ    অধম মাধৱ ইটো

ঈশ্বৰ বোলস কেন কৰি।।

বিশেষত গৰু তিৰী    মাতুলকো আছে মাৰি

গোৱালৰ ভাৰ্য্যা আছে হৰি।

চুইবাক যোগ্য নুই    হেনয় কৃষ্ণক তই

শ্ৰেষ্ঠ বখানস কেন কৰি।।২৫৬৩।।

যেৱে এহি হোৱে শ্ৰেষ্ঠ   সৱাতে অধিক কৃষ্ণ

কেনে খাটে পাণ্ডৱৰ  ঘৰে।

যতেক কহিলি ভীষ্ম   কেৱলে সকল মিছি

শুনি হাসিবেক তোক নৰে।।

যত যজ্ঞ দান ব্ৰত    তপ জপ বেদপাঠ

আছে যত ধৰ্ম্ম গুৰুতৰ।

ষোড়শ কলাক এক কলাকো নুপূৰে সৱে

জানা অপুত্ৰক পুৰুষৰ।।২৫৬৪।।

সেই তই অপুত্ৰক    অমঙ্গল নপুংসক

মিছা ব্ৰাহ্মচৰ্য্য আছা ধৰি।

সৱাতে কৰিয়া শ্ৰেষ্ঠ   কৃষ্ণ ইটো গোৱালক

তনু নুবুলিবি কেন কৰি।।

তই যাৰ ভৈলি পাত্ৰ সি  কি আউৰ মানে শাস্তৰ

পাণ্ডৱৰ জানি জাতি কুল।

উকটিবা কিবা যাৰ    কৃষ্ণে এৰে একাকাৰ

গুৰু যজমানে একেতুল।।২৫৬৫।।

.................

 

।।ভীমৰ ক্ৰোধ আৰু যুদ্ধৰ উদ্যম।।

।।দুলড়ী।।

এহিমতে দুষ্টে      পাপিষ্ঠ দৰ্প্পিষ্ঠ

শিশুপাল বীৰে বুলি।

কৃষ্ণক নিন্দয়     ভীষ্মক ৰ্ভৎসয়

পাণ্ডৱক পাৰৈ গালি।।

হাসি চক্ৰপাণি     সৱে আছা শুনি

নছাৰন্ত কিছু ৰাৱ।

শৃগালৰ নাদে      কটাক্ষ নকৰে

মত্ত সিংহ যেন ভাৱ।।২৫৬৬।।

মাধৱৰ নিন্দা     বচন শুনিয়া

বৈষ্ণৱ আছে যতেক।

সৱাৰো মনত     বিষাদ মিলিল

শূলে যেন হানিলেক।।

বিষ্ণু বিষ্ণু বুলি    কৰ্ণত আঙ্গুলি

দিয়া উঠি তেতিক্ষণে।

সমজ্যাৰ সৱে     অন্তৰ ভৈলেক

চলি যান্ত দুখমনে।।২৫৬৭।।

সৱেয়ো শপই      পাপী শিশুপাল

তোক পাইল যমকাল।

জগত ঈশ্বৰ      কৃষ্ণক নিন্দিয়া

বুকুত হানিলি শাল।।

মাধৱৰ নিন্দা     শুনিয়া যিজনে

দূৰ নুহি সমজ্যাৰ।

সৱে ধৰ্ম্ম এৰৈ     নৰকত পৰৈ

কল্যাণ নাহিকে তাৰ।।২৫৬৮।।

এহি জানি আনো   মহাজন যত

সৱেয়ো অন্তৰ ভৈল।

ৰাজা প্ৰজা যত    সৱেয়ো নিচুপ

কাস পৰি জিম গৈলা।।

তথাপি দুষ্টৰ      কটুৰ বচনে

লপৈ পাপী শিশুপাল।

শুনি মহাবলী      ভীম গৈল জ্বলি

ক্ৰোধে যেন যমকাল।।২৫৬৯।।

প্ৰফুল্ল কমল      দুগোটা লোচন

ক্ৰোধে ভৈল তাম্ৰবৰ্ণ।

ভ্ৰূযুগ কুটিল    কুণ্ডলে মণ্ডিত

জঙ্কাৰন্ত দুই কৰ্ণ।।

হায়ৰে পাপিষ্ঠ    কৃষ্ণক ৰ্ভৎসস

তোৰ কৰো আজি অন্ত।

ভয়ে ৰাজাগণে     চাহিয়া আছয়

খঙ্গে চোবাৱন্ত দান্ত।।২৫৭০।।

মহাখঙ্গে তাক     যুজিবাক মনে

সিংহে যেন ডেৱ দিলা।

হেন দেখি ভীষ্মে    বেগে আগ ভেণ্টি

সাৱটি যাই ধৰিলা।।

শুন ভীম বাপ     ত্যজা কোপ তাপ

যুদ্ধৰ নুহি সময়।

কৃষ্ণক নিন্দিয়া     ইটো শিশুপাল

আপুনি যাইবে লয়।।২৫৭১।।

ভীষ্মৰ বচনে      ভীম থমকিলা

নগৈলন্ত আৰ ধাই।

তট পায়া যেন     সাগৰ ৰহিলা

শিশুপাল আছে চাই।।

হাসি অকম্পন     বোলে শিশুপাল

দিয়ো ভষ্ম তুমি এৰি।

ভীমে সমে মোৰ    যুদ্ধ দেখন্তোক

ৰাজাগণে নেত্ৰ ভৰি।।২৫৭২।।

আজি যুধিষ্ঠিৰ     নৃপতিৰ ভাই

খণ্ডো বৃকোদৰ নাম।

কৃষ্ৰ আগতে      পঠাও যম পন্থ

দেখিয়ো ধৰ্ম্ম সংগ্ৰাম।।

ছলে জৰাসন্ধ      নৃপতিক বধি

মোক ধাৱে সেহি হাতে।

এহি শনি ভীম     পুনু যেন যম

কুপিলন্ত বৰ মতে।।২৫৭৩।।

ক্ৰোধে খেদি যান্ত    পুনু ধৰিলন্ত

আগে ভেণ্টি ভীষ্মে যাই।

উলটাই আনি      মধুৰ বচনে

বুলিলা পাচে বুজাই।।

তোহ্মাৰ বধিবে         নলাগে ইহাক

বধন্তা আছয় আন।

কোপ দূৰ কৰা         মোৰ বাক ধৰা

শুনিয়ো কহো নিদান।।২৫৭৪।।

শুনা সভাসদ      হুয়া নিশৱদ

পদবন্ধু ৰাজসূয়।

শ্ৰৱণে সকল      মিলে সুমঙ্গল

কলি মল ক্ষয় হুই।।

মহাভাগৱত       কথা সাৰস্বত

অৰ্থৰ নপাই পাৰ।

বেদ বেদান্তৰ      ভাৰত পুৰাণ

সমস্তৰে আছে সাৰ।।২৫৭৫।।

শ্লোক সূক্ষ্মতৰ     অৰ্থত বিস্তৰ

বিচাৰ আখ দেখিবা।

তত্ত্বক উপেক্ষি     বঢ়া টুটা দেখি

নিন্দাবাণী নুবুলিবা।।

যি কিছু ভাৰত    পুৰাণৰ মত

লিখিলোহো মিশ্ৰ কৰি।

শুনিতে সুগম      বুজিতে উত্তম

আজ্ঞা দিলা যেন হৰি।।২৫৭৬।।

তাত মোৰ দোষ        কাব্যৰস বুলি

নধৰিবা ধীৰ জনে।

কৃষ্ণকথা যত      সৱে সাৰস্বত

শুনিয়ো আনন্দ মনে।।

কৃষ্ণেসে বিশিষ্ট     হৃদয়ৰ ইষ্ট

দেৱ চিন্তি কৰা সেৱ।

ইতিনি ভৱনে     ভগৱন্ত বিনে

গতি নাই আন কেৱ।।২৫৭৭।।

পৰম মঙ্গলবাৰ     কমলনয়ন

জীৱৰো জীৱন হৰি।

সংসাৰ তড়িত     যাৰ আছে চিত্ত

সেৱিয়ো হৃদয়ে ধৰি।।

মাধৱৰ কথা      শুনিয়ো সৰ্ব্বথা

যত্নে লৈয়ো হৰিনাম।

কহে কৃষ্ণ গতি    অনন্ত কন্দলি

ডাকি বোলা ৰাম ৰাম।।২৫৭৮।।

..............

।।ভীষ্মৰ বুজনিঃ শিশুপালৰ জন্মৰ ৰহস্য।।

                          ।।পদ।।

 

ভীষ্ম নিগদতি শুনা ভীম মহামতি।

যেনমতে শিশুপাল ভৈল উতপতি।।

তিনিগোটা লোচন আছিল চতুৰ্ভুজ।

বিকত বালক ঘোৰ দেখিতে নিৰুজ।।২৫৭৯।।

উপজিয়া ছাড়িলেক গৰ্দ্দভৰ ৰাৱ।

দেখি আতি বিস্ময় ভৈলন্ত বাপ মাৱ।।

কান্দয় বালক ঘোৰ গৰ্দ্দভৰ ৰাৱ।

শুনি সবান্ধৱে আসি ভৈল একঠাৱ।।২৫৮০।।

ভৈলন্ত বিস্ময় সৱে অদভুত দেখি।

মনুষ্যৰ শিশু চতুৰ্ভুজ তিনি আখি।।

দমঘোষ ৰাজা শ্ৰুতস্ৰবা মহাদই।

আলোচিলা পুৰোহিত পাত্ৰ মন্ত্ৰী লই।।২৫৮১।।

বিকৃত বালক আক দেখি লাগে ভয়।

পেলাইবাক লাগি সৱে কৰিলা নিশ্চয়।।

সেহি বেলা শুনিলেক আকশী বচন।

নাছাড়িবা পুত্ৰ ৰাজা ত্যজা ভয় মন।।২৫৮২।।

শ্ৰীমন্ত নৃপতি ইটো হৈবে মহাবল।

আতহন্তে তোহ্মাৰ নাহিকে অমঙ্গল।।

পালিয়ো পুত্ৰক ৰাজা ত্যজিয়ো সংশয়।

কাহাতো ইহাৰ জানা মৃত্যু নাহিকয়।।২৫৮৩।।

এহি শুনি শ্ৰুতস্ৰবা দেৱী সুলক্ষণী।

কৃতাঞ্জলি ভৈলা বসুদৱেৰ ভগিনী।।

পুত্ৰৰ স্নেহত আতি জুৰে তনু মন।

সকৰুণ বাণী দেৱী বুলিলা বচন।।২৫৮৪।।

মোহোৰ পুত্ৰৰ কথা কহিলা যিজনে।

কৃতাজ্ঞলি নমো হেৰা তোহ্মাৰ চৰণে।।

অদৃশ্য শৰীৰ কিবা তুমি নৰায়ণ।

জগতক ব্যাপি আছা ব্ৰহ্ম সনাতন।।২৫৮৫।।

কৰোহো কাকতি পুনু বুলিয়ো বচন।

মোহোৰ পুত্ৰৰ মৃত্যু হৈব কোনজন।।

কন্যাৰ কাৰুণ্য শুনি দেৱ অন্তৰ্দ্ধান।

পুনৰপি বচন বুলিলা সেহি থান।।২৫৮৬।।

তোহ্মাৰ পুত্ৰক সতী দিলে যাৰ কোলে।

দুইখান ভুজ খসি পৰে মহীতলে।।

ললাটৰ চক্ষু লুকাই যাক দৰশনে।

তোহ্মাৰ পুত্ৰক বধিবেক সেহিজন।।২৫৮৭।।

অনন্তৰে এহি শুনিলন্ত ৰাজাগণে।

শ্ৰুতস্ৰৱা সুত চতুৰ্ভুজ ত্ৰিনয়নে।।

মনত বিস্ময় সৱে চাহিবাক ৰঙ্গে।

পৃথিৱীৰ ৰাজা যত চলি গৈলা সঙ্গে।।২৫৮৮।।

দেখি দমঘোষ কৰিলন্ত সনমান।

সমস্ত নৃপতি বসিলন্ত সেহিথান।।

পুত্ৰক আনিয়া পাচে সৱাকে দেখাইল।

অদভুত দেখি সৱে বিস্ময়ক পাইল।।২৫৮৯।।

একো একো কৰি সৱাহানে কোলে দিল।

নুলুকাই চক্ষু দুই ভুজো নখসিল।।

দেখি শ্ৰুতস্ৰৱা বৰ হৰষিত ভৈল।

দিলন্ত বিদায় ৰাজাগণ গৃহে গৈল।।২৫৯০।।

কতোদিনে পাচে ৰাম কৃষ্ণ দুই ভাই।

পেসীক দেখিবে ৰঙ্গে গৈলা সেহিঠাই।।

শুনি দমঘোষ ৰাজা ভাৰ্য্যায়ে সহিতে।

আগবাঢ়ি যাদৱক নিলা হৰষিতে।।২৫৯১।।

ৰাম কৃষ্ণে প্ৰণাম কৰিলা তাসম্বাক।

অন্যোঅন্যে পুছিলন্ত কুশল বাৰ্ত্তাক।।

পাছে শত্ৰুস্ৰৱা কুমাৰক কোলে ধৰি।

কৃষ্ণৰ কোলাত নিয়া দিলা ৰঙ্গ কৰি।।২৫৯২।।

কোলে দিলা মাত্ৰ দুয়ো ভুজ গৈল খসি।

চাইল মাত্ৰ ললাটৰ নেত্ৰ গৈল নশি।।

তাক দেখি শোকাকুল ভৈলা মহাসতী।

কৃষ্ণৰ মুখত চাই কৰন্ত কাকূতি।।২৫৯৩।।

ভকত বৎসল কৃষ্ণ কমলনয়ন।

মহাভুজ মহাবল দিয়োক শৰণ।।

আঞ্চল পাতিয়া হেৰা মাগো পুত্ৰবৰ।

দিয়ো দয়ানিধি ভকতৰ ভয়হৰ।।২৪৯৪।।

হেন শুনি চক্ৰবাণি বুলিলন্ত হাসি।

কেন হেন সন্তাপ বচন বোলা পেসী।।

নকৰিবা ভয় দিবো বাঞ্ছা যেহি বৰ।

যেহি বোলা সেহি মই কৰিবো কিঙ্কৰ।।২৫৯৫।।

কৃষ্ণৰ বচনে তুষ্ট ভৈল শ্ৰুতস্ৰবা।

বোলন্ত মাধৱ মোক এহি বৰ দিয়া।।

শিশুপাল পুত্ৰৰ সহিবা অপৰাধ।

তযু পেসী মঞি যেন নপাঞো বিষাদ।।২৫৯৬।।

কৃষ্ণ নিগদতি শুনি পিতৃৰ ভগিনী।

নকৰিবা শোক মঞি বোলো নিষ্ঠ বাণী।।

তয়ু পুত্ৰে কৰে যেৱে দোষ বধিবাৰ।

একশত বাৰ তভো সহিবো ইহাৰ।।২৫৯৭।।

এহি শুনি মহাসতী হৰষিত ভৈলা

পেসীক আশ্বাসি কৃষ্ণ গৃহক চলিলা।।

ভীষ্ম নিগদতি ভীম কহিলো নিশ্চয়।

হেন শিশুপাল এই পাপী দুৰাশয়।।২৫৯৮।।

গোৱিন্দৰ বৰে মাধৱকো নগণয়।

তোহ্মাক যুজিবে প্ৰতি আহ্বান কৰয়।।

ইহাক যুজিবে বীম তয়ু নুযুৱাই।

আক যি বধিবে সিটো আছে ছিদ্ৰ চাই।।২৫৯৯।।

কোন ৰাজা আছে মোক নিন্দিবাক পাৰে।

মোক গালি পাৰে শিশুপাল কুলাঙ্গাৰে।।

কৃষ্ণৰেসে তেজে বাঢ়ি আছে দুৰাচাৰে।

এতেকে জানিবা আৰ হৰিসে সংহাৰ।।২৬০০।।

ভীষ্মৰ বচন শিশুপালে শুনি আছে।

নসহে হৃদয় ক্ৰোধে বুলিলন্ত পাচে।

অৰে অৰে ভীষ্ম তই অদ্যপি লপস।

নট যেন কৃষ্ণৰ প্ৰবাৱ বখানস।।২৬০১।।

এতেকে ৰাজাক ত্যাজি নিলাজ স্বভাৱে।

যাদৱক স্তুতিক তোহোৰ মনে লৱে।।

কৃষ্ণকেসে শ্ৰেষ্ঠ প্ৰকটস উচ্চ কৰি।

বৃদ্ধ ভৈল মিছাত পকিল গোফ দাড়ি।।২৬০২।।

বৃদ্ধ বুলি তাতো ক্ষমি আছে ৰাজাগণে।

তাতে তই লপস পাগল যেন ঠানে।।

এহি শুনি ভীষ্মে হাসি বুলিলা নিৰ্ভয়

তোৰ ৰাজাগণে কিবা কৰিতে পাৰয়।।২৬০৩।।

সমস্ত ৰাজাক নগণোহো তৃণ কৰি।

মাধৱেসে বন্ধু মোৰ মনে আছে ধৰি।।

ৰাজাগণে এহি শুনি ক্ৰোধে গৈল জ্বলি।

ভীষ্মক ৰ্ভৎসিয়া কেহো হাসে খলখলি।।২৬০৪।।

কোহো মহাবীৰগণে বোলে আক ধৰ।

ক্ষমিবাক নুযুৱাই বধিয়ো সত্বৰ।।

বৃদ্ধা হুয়া পশুতো অধিক ভৈলি আজি।

কেহো বোলে বান্ধি আক পোৰা চিতা সাজি।।২৬০৫।।

হেন শুনি মহাবীৰ কুৰুপিতামহে।

বুলিল দুৰ্ব্বাৰ বাক্য মাধৱত গহে।।

যদি ৰাজাগণ মোক কৰস অন্যায়।

পশু মাৰিবাৰ মতে মাৰস কোবাই।।২৬০৬।।

নুহিবা দহিবে চাস জীৱ চিতা সাজি।

নুহি যেহি কৰ তভো বোলো হেৰ আজি।।

তুমি হেন ৰাজাৰ মুণ্ডত দিয়া ভৰি।

যিটো সৱে নমানে কৃষ্ণক শ্ৰেষ্ঠ কৰি।।২৬০৭।।

হেৰা দেখ আছন্ত গোৱিন্দ গুণশালী।

পূজি আছো আমি সৱে মহাশ্ৰেষ্ঠ বুলি।।

ইহান আগত যদি মৰো সিয়ো ভাল।

দুষ্টক প্ৰশংসা নকৰিবো একো কাল।।২৬০৮।।

বৃদ্ধ দেখি আহ্মাক ধাৱস ৰাজাগণ।

আছন্ত অন্তক তাঙ্ক নকসৰ মন।।

শীঘ্ৰে চলিবাক বাঞ্ছা যাৰ যমথান।

সিজনে কৃষ্ণক যুঁজে কৰোক আহ্বান।।২৬০৯।।

 

।।শিশুপাল বধ।।

এহিমতে ভীষ্মৰ প্ৰচণ্ড ভণ্ড গালি।

শুনি মহাবলী শিশুপালে গৈল জ্বলি।।

কৃষ্ণক যুজিবে মনে ক্ৰোধে বাহু তুলি।

বোলে কৃষ্ণ আইস ঝাণ্টে যুঁজো তই মিলি।২৬১০।।

তোৰ অপৰাধ আউৰ সহিতে নপাৰো।

পাণ্ডৱে সহিতে তোক সমৰে সংহাৰো।।

এতেকে ৰাজাক ত্যজি তোক পূজে আগে।

তোৰ লগে পাণ্ডৱকো বধিবাক লাগে।।২৬১১।।

ৰাজা নুহি ৰাজপূজা ঘেণস দুৰ্ম্মতি।

তোক বধিবাক আছে শাস্ত্ৰত যুগুতি।।

এহি বুলি আগবাঢ়ি গৰ্জ্জে নাদ কৰি।

নৃপতিগণক চাইল বুলিলন্ত হৰি।।২৬১২।।

পেসীৰ তনয় এহি দেখা শিশুপাল।

মহা বৈৰভাৱে ইটো চিন্তে সৰ্ব্বকাল।।

নৰকাসুৰক বধিবাক গৈলো ধাই।

মোহোৰ দ্বাৰক দহিলেক এই যাই।।২৬১৩।।

সুহৃদৰ পদে তাকো ক্ষমিলো ইহাৰ।

পুনৰপি পাপী কৰিলেক অপকাৰ।।

ৰেৱত গিৰিত ক্ৰীড়া কৰে যদুগণে।

তাক মাৰি বান্ধি ধৰি নিল নিজথানে।।২৬১৪।।

পিতৃৰ যজ্ঞক অশ্ব তাক নিলা হৰি।

বভ্ৰুৰ ভাৰ্য্যাক দৰশিলে পাপকাৰী।।

মাতুলৰ ভাৰ্য্যা ভদ্ৰা মহা তপৱতী।

চোৰৰূপ তাহাক হৰিলে ক্ৰূৰমতি।।২৬১৫।।

পেসীক চাহন্তে সহি আছো বাৰে বাৰ।

দেখা কেন ৰাজাগণ চৰিত্ৰ ইহান।।

কিছুৱে নোবোলো বসি আছো মৌন ৰি।

সৱে শুনি আছা যত গালি আছে পাৰি।।২৬১৬।।

পৰোক্ষ কৰিলে যত সাহিলোহো তাক।

আজি যত বোলে নপাৰোহো সহিবাক।।

পূৰ্ব্বত বধিবে যোগ্য তভো আছো ৰাখি।

ৰুক্মিণীৰ স্বয়ম্বৰ সৱে আছা দেখি।।২৬১৭।।

মহাদুষ্ঠ দেখি তাক ত্যজিলা ৰুক্মিণী।

শূদ্ৰ যেন খুজি নপাইলেক বেদবাণী।।

সৱাৰো আগতে তভো নিন্দে দেখা মোক।

হেনয় শত্ৰুক ক্ষমিবেক কোন লোক।।২৬১৮।।

কৃষ্ণৰ বচন হেন শুনি ৰাজাগণে।

মাধৱক সাধু প্ৰশংসিলা ঘনে ঘনে।।

শিশুপাল নৃপতিক সৱে গৰিহিল।

তথাপি দুৰ্জ্জনে হাসি হৰিক বুলিল।।২৬১৯।।

শুনৰে যাদৱ জানো নাহি তোৰ লাজ।

ইসৱ কাহিনী কহ সমাজৰ মাজ।।

মোৰ পূৰ্ব্ব ভাৰ্য্যা হৰি আনিলি ৰুক্মিণী।

ৰাজাগণে জানে তভো কহ লঘু বাণী।।২৬২০।।

তোত পৰে আন ভাৰ্য্যা কোনে নেই আনে।

নুবুজিয়া সাধুৰ্ব্বাদ বোলে ৰাজাগণে।।

ভাৰ্য্যাবৈৰী কৃষ্ণ তোক বধিবো সমৰে।

তোহোক ক্ষমিলে কিবা সিজিবৈ আহ্মাৰে।।২৬২১।।

এহিমতে মাধৱক ধাইলে যুজো বুলি।

দেখি পাণ্ডুপুত্ৰগণ কোপে গৈল জ্বলি।।

মৎস্য সৃঞ্জয় আদি বীৰগণ সমে।

অস্ত্ৰ শস্ত্ৰ ধৰি সৱে ধাইলন্ত বিক্ৰমে।।২৬২২।।

ধৰ ধৰ মাৰ মাৰ ভৈল কোলাহল।

কৃষ্ণৰ বিপক্ষ আজি বধো শিশুপাল।।

পাণ্ডুপুত্ৰগণে ধাইল বধিবাক মনে।

শিশুপালো খড়্গ চৰ্ম্ম ধৰিলা তেখনে।।২৬২৩।।

নাহি ভয় ভীত দুষ্ট পাপিষ্ঠ বলিষ্ঠ।

একেশ্বৰে সমৰত ভৈল উপস্থিত।।

পাণ্ডৱক ভণ্ডগালি পাৰিল বিস্তৰ।

তাক শুনি কৃষ্ণৰ নসহে কলেৱৰ।।২৬২৪।।

মহাক্ৰোধে আসনৰ উঠি চক্ৰপাণি।

আপোন সৈন্যক নিবাৰিল বুলি বাণী।।

নুযুঁজিবা তুমিসৱে থাকা ৰঙ্গ চাই।

বধো শিশুপালে আউৰ মোৰ দোষ নাই।।২৬২৫।।

ক্ষুৰকো অধিক তীক্ষ্ণ চক্ৰ ধৰি হৰি।

শিশুপাল বীৰক ক্ষেপিলা লক্ষ্য কৰি।।

কৃষ্ণত সন্মুখে আছে খড়্গ চৰ্ম্ম ধৰি।

কুণ্ডলে মণ্ডিত মুণ্ডগোট গৈল ছিড়ি।।২৬২৬।।

অদভুত দেখি ভয় ভৈল সামৰাজে।

হুলস্থুল লাগি গৈল সকল সমাজে।।

হৰি হৰি শবদ মিলিল কোলাহল।

মাধৱে বধিল মহাবীৰ শিশুপাল।।২৬২৭।।

তাহাৰ দেহৰ হন্তে আত্মা ভৈল বাজ।

আকাশে প্ৰকাশে চাহি আছে সামৰাজ।।

জ্যোতিৰ্ম্ময়ী তেজচয় প্ৰকাশে অশেষ।

কৃষ্ণৰ দেহত সৱ ভৈলেক প্ৰৱেশ।।২৬২৮।।

আকাশৰ উল্কা যেন ভূমিত নিমাইল।

দেখি সৰ্ব্বজনে মহা বিস্ময়ক পাইল।।

জয় কৃষ্ণ ধ্বনি ঘোষিলন্ত সাধুগণে।

ভকতৰ সিদ্ধি সাধিলেক নাৰায়ণে।।২৬২৯।।

যোনো বোলা মাধৱক নিন্দৈ সৰ্ব্বকাল।

কেনমতে কৃষ্ণত মিলিল শিশুপাল।।

নাহি আত শঙ্কা ইটো কৃষ্ণত ভকত।

মাধৱৰ দুৱৰি আছিল বৈকুণ্ঠত।।২৬৩০।।

ঋষিশাপে উপজিয়া ভৈল দেৱৰিপু।

পূৰ্ব্বে এহি আছিলেক হিৰণ্যকশিপু।।

দ্বিতীয় জন্মত এহি আছিল ৰাৱণ।

তৃতীয়তে শিশুপাল নামে উতপন্ন।।২৬৩১।।

তিনিয়ো জন্ম চিন্তে বৈৰবুদ্ধি ধৰি।

তিনিয়ো জন্মত মাৰি আছন্ত মুৰাৰি।।

এতেকে কৃষ্ণত প্ৰৱেশিলা শিশুপাল।

কৃষ্ণৰূপ ধৰি যাই ভৈল দ্বাৰপাল।।২৬৩২।।

ভকতক কদাচিতো নেৰন্ত মুৰাৰি।

যেহিমতে ভজে সেহিমতে পাৱৈ হৰি।।

যেহিমতে যাক সদা ভাৱৈ তাক পাৱৈ।

চিন্তনৰ বলে প্ৰাণী আন ৰূপ হৱৈ।।২৬৩৩।।

এহি জানি কৃষ্ণক চিন্তিয়ো পৰীক্ষিত।

কৃষ্ণক সাক্ষাতে পাইবা বুলিলো নিশ্চিত।।

জ্ঞানেবা অজ্ঞানে যদি সুমৰে কৃষ্ণক।

তাতো ভগৱন্তে দেন্ত আপোন ৰূপক।।২৬৩৪।।

শুনা সভাসদ পদ শিশুপাল বধ।

ত্যজিয়ো তৱধ হৃদি ধৰা হৰিপদ।।

অসাৰ সংসাৰ সুখ দেখা দুখময়।

পদে পদে জৰা ব্যাধি ভয় বিপৰ্য্যয়।।২৬৩৫।।

সুখ বুলি কৰি কৰ্ম্ম ধৰ্ম্মক আশায়।

পুনু দুঃখ পাৱৈ সুখ নাহি একো ঠাই।।

নুবুজি বেদৰো মত মহা স্বৰ্গপথ।

শুনন্তে সুগম নাহি ব্যয় মাত্ৰ অৰ্থ।।২৬৩৬।।

ভাগৱত শাস্ত্ৰেসে কণাক দেই আখি।

অপ্ৰয়াসে সংসাৰ তড়িবে হেন দেখি।।

কৃষ্ণকথা অমৃতক যাৰ অভিলাষ।

মুকুতিয়ে লৈলে তাৰ ঘৰত নিৱাস।।২৬৩৭।।

এতেকে ভকতি কৰি ভজিয়ো মুৰাৰি।

কৃষ্ণকথা অমৃত শুনিয়ো আগবাঢ়ি।।

আতপৰে নাহি আন মুকুতিৰ হেতু।

কলিমল পঙ্ক তড়িবাৰ এহি হেতু।।২৬৩৮।

মাধৱৰ গুণ নাম মহা সুমঙ্গল।

ধন জন আয়ুৰ্ব্বল বঢ়াৱৈ সকল।।

কৃষ্ণৰ চৰণে কৱি অনন্ত কন্দলি।

তড়িয়ো সংসাৰ দুঃখ ৰাম কৃষ্ণ বুলি।।২৬৩৯।।

..........................

 

।।ৰাজসূয় যজ্ঞ সমাপন।।

।।ছবি।।

মাধৱৰ চক্ৰে যেৱে  শিশুপাল কটা গৈল

দুষ্ট ৰাজাগণে হেন দেখি।

কৃষ্ণত বিমুখ মানে  যতেক নৃপতি আছে

লৱড়ি  পলাইল প্ৰাণ ৰাখি।।

ত্যজি ভাৰ্য্যা পুত্ৰ যত   ৰথ ধ্বজ প্ৰজাগণ

পলাই অস্ত্ৰ বস্ত্ৰো নসম্বৰে।।

অভক্তৰ ভয় দেখি       ভকত নৃপতি যত

কৃষ্ণক প্ৰশংসি হাস্য কৰে।।২৬৪০।।

যুধিষ্ঠিৰ নৃপতিৰ    মনোৰথ পূৰ্ণ ভৈল

কৃষ্ণৰ চৰণ প্ৰসাদত।

যজ্ঞ সাঙ্গ পূৰ্ণ দিল  দেৱগণ বিসৰ্জ্জিল

বিপ্ৰৰ পূৰিয়া মনোৰথ।।

ঋত্বিজ সদস্যগণ         ইষ্ট শিষ্ট মিত্ৰজন

সৱাকে তুষিয়া সতকাৰে।

কৃষ্ণৰ চৰণে যেৱে    শিশুপাল লয় গৈল

দেখি তুষ্ট ভৈল যুধিষ্ঠিৰে।।২৬৪১।।

মহাযজ্ঞ সাঙ্গ ভৈলে      অৱভৃথ তীৰ্থ স্নান

কৰিবাক লাগে হেন জানি।

সবান্ধৱে সাজি পাৰি কেশৱক আগ কৰি

গঙ্গাক চলিলা মহামানী।।

মৃদঙ্গ গোমুখ শঙ্খ   দুন্দুভি পটহ ভেৰী

ভৈল নানা বিধ বাদ্যচয়।

জয় জয় কৃষ্ণ বুলি  দণ্ড ছত্ৰ গাইল তুলি

প্ৰজাগণে বেঢ়ি জোকাৰয়।।২৬৪২।।

যতেক নৰ্ত্তকগণে        নৃত্য কৰি চলি গৈল

গায়কসকলে গীত গাই।

বীণা বেণু কৰতাল  ঢাক ঢোল কোলাহল

শবদে লঙ্গিল স্বৰ্গ যাই।।

অসংখ্যাত হস্তী হয়    অলঙ্কৃত ৰথচয়

মহাবীৰগণে অস্ত্ৰ ধৰি।

চতুষ্পাশে ৰক্ষা কৰি   চলি গৈল বান্ধ ধৰি

মধ্যত চলন্ত যত নাৰী।।২৬৪৩।।

যতেক মহন্ত মুনি   কহি মহা বেদধ্বনি

কৃষ্ণৰ আগত যান্ত চলি।

পাচত চলন্ত বীৰ        যজমান যুধিষ্ঠিৰ

মাধৱক যাই কৃতাঞ্জলি।।

দিব্য ঘট ডালি ধৰি   চলে সুকোমলী নাৰী

গাৱে গোৱিন্দৰ গুণ গীত।

অৱভৃথ মহোৎসৱে     স্নানিবাক যান্ত ৰাজা

ত্ৰিভুৱনে ভৈল উল্লাসিত।।২৬৪৪।।

দ্ৰৌপদীক মধ্য কৰি      যত ৰাজপটেশ্বৰী

কৃষ্ণৰ মহিষী যত যত।

যান্ত দিব্য ৰথে চড়ি    মৃদঙ্গ মন্দিৰা ধৰি

হৰিগুণ গাৱন্ত সমস্ত।।

সৱে চাৰু চন্দ্ৰমুখী   তাৰা যেন পাৰৈ ঝিকি

জ্বলে তনু নানা অলঙ্কাৰে।

দেৱীগণ যেনমত        প্ৰকাশন্ত আকাশত

চড়ি দেৱ বিমান উপৰে।।২৬৪৫।।

নানা বৰ্ণ মনোময়  প্ৰকাশে পতাকচয়

ধ্বজৰ উপৰে শাৰী শাৰী।

ছত্ৰ চন্দ্ৰতাপ চয়   দশোদিশ প্ৰকাশয়

কোনে তাক বৰ্ণাইবাক পাৰি।।

কৈকেয় কৌশল কুৰু      কাম্বোজ সৃঞ্জয় যদু

বীৰগণে চলে চপকৰে।

অসংখ্য সৈ্নযৰ ভৰে     পৃথিৱী মণ্ডল লড়ে

দেখি দৰ্প হৰে বিপক্ষৰে।।২৬৪৬।।

কিৰীটি কুণ্ডল তাৰ    নানাবিধ অলঙ্কাৰ

নানা বস্ত্ৰ পিন্ধি নৰ নাৰী।

কঙ্কণ কিঙ্কিণী মণি    নূপুৰৰ ধ্বনি শুনি

চলে মহা লয়লাস কৰি।।

দেৱ ঋষি পিতৃগণে  আকাশত ৰঙ্গমনে

ঘনে ঘনে পুষ্প বৰিষন্ত।

জয় কৃষ্ণ যুধিষ্ঠিৰ       ভীম ধনঞ্জয় বীৰ

সাধু সাধু বুলি প্ৰশংসন্ত।।২৬৪৭।।

সিন্দূৰ চন্দ্ৰ গন্ধ    কপালে তিলক চন্দ

বিচিত্ৰ পুষ্পৰ মালাচয়।

কৰি অঙ্গ বিভুষিত  চলে প্ৰজা উল্লাসিত

গন্ধে দশোদিশ সুবাসয়।।

একান্ত ভকত যত       মাধৱৰ চৰণত

চলন্ত বিষ্ণুৰ গুণ গাই।

উচ্চ কৰি ঘোষে হৰি     প্ৰেমে পৃথিৱীত পৰি

ধূলিয়ে ধূসৰ ভৈল কায়।।২৬৪৮।।

কতো কৰতালি বাই      আনন্দে নাচন্তে যাই

কৃষ্ণৰ কীৰ্ত্তন নাম গাই।

ৰাম কৃষ্ণ বনমালী  প্ৰাণবন্ধু হৰি বুলি

ভাৱ লাগি পৰে ঠাই ঠাই।।

এহিমতে মহাৰঙ্গে        গঙ্গাতীৰ পাইল যাই

বিষ্ণুত ভকত ধৰ্ম্মৰায়।

গঙ্গাৰ বালুকা জুৰি      মিলিল উৎসৱ খেড়ি

অন্যোঅন্যে হৰিগুণ গাই।।২৬৪৯।।

দধি দুগ্ধ ঘৃত ঘোলে হৰিদ্ৰা সুগন্ধ তৈলে

কুঙ্কুম কস্তুৰী মোট ভৰি।

অন্যোঅন্যে সিঞ্চে গাৱে    পৰিহাস প্ৰেমভাৱে

নাৰীগণো পলাইল লৱড়ি।।২৬৫০।।

..............

 

 

 

 

।।দুলড়ী।।

 

বেশ্যা নাৰী যত    ফুৰে উনমত্ত

মাজে পশি ৰঙ্গ চাই।

যুৱতসকলে       দেখি কৌতূহলে

মোট মাৰে খেদি যাই।।

তিতে বস্ত্ৰ যত     হৰিদ্ৰা তৈলত

দধি দুগ্ধে মুখ ভৰে।

তিৰি মিৰি দেখি   মুদি দুয়ো আখি

পাচগুচি গালি পাৰে।।২৬৫১।।

কতো লাজ ছাড়ি   পুৰুষকো বেঢ়ি

সিঞ্চে সৱ নাৰীগণে।

তৈল হৰিদ্ৰায়ে     লিপে সৰ্ব্বগাৱ

দেখি হাসে মহাজনে।।

নাকে মুখেগাৱে     হালধিকা জলে

চুলে চিন্তে চিত্ৰ কৰি।

দধি দুগ্ধ ঘোলে    মুণ্ড তোলবোল

চিনিবে কাকো নপাৰি।।২৬৫২।।

হেন কৌতূহল     কৰি কতো বেলা

নামি পাচে গঙ্গা জলে।

সোণৰ পাকৰা   মোট ভৰি জলে

সিঞ্চে সৱে কৌতূহলে।।

কৃষ্ণপত্নী যত   নামিলা জলত

ৰাজপত্নীগণ সঙ্গে।

দ্ৰৌপদীক সৱে   কৰাইলন্ত স্নান

বিধিমতে মহাৰঙ্গে।।২৬৫৩।।

অন্যোঅন্যে মিলি   মহাজল কেলি

পাতিলা সৱ সুন্দৰী।

সুগন্ধ চন্দন      কস্তুৰী কুঙ্কুম

সিঞ্চে সৱ মোট ভৰি।।

সৱে পূণ্যযশ      সমান বয়সী

কৰন্ত আতি প্ৰকাশ।

লাজে অল্প হাসি    বদন প্ৰকাশি

দেখাৱন্ত লয়লাসে।।২৬৫৪।।

সখী বাই বুলি    কান্ধে মোট তুলি

জল সিঞ্চে খেদি যাই।

জল চলে দূৰ    হাসয় প্ৰচুৰ

চাপৰি কতো পলাই।

কাণে মুখে নাকে   সিঞ্চয় আথাকে

দশে পাঞ্চে কাকো বেঢ়ি।

কাণ মুণ্ড ঢাকি    মুদি দুয়ো আখি

পলাই সুকোমলী নাৰী।।২৬৫৫।।

দেৱৰগণক     কোবাৱৈ কৌতুকে

জল সিঞ্চে সঞ্চ কৰি।

আপুন স্বামীক     কৰাৱন্ত স্নান

ভিন্নে ভিন্নে বৰনাৰী।।

ৰিক্মিনী প্ৰমুখ্যে     কৃষ্ণ পত্নীগণ

স্বামীক প্ৰেমে আৱৰি।

কস্তুৰী কুঙ্কুমে     চন্দনৰ মোট

সিঞ্চিলন্ত মৃদু কৰি।।২৬৫৬।।

হৰিয়ো আপুনি     বিশ্বৰূপ ধৰি

সৱাক জল সিঞ্চন্ত।

স্বামীৰ সঙ্গত      ৰঙ্গে উনমত্ত

হৰিষে যেন নাচন্ত।।

কুৰুবংশী যত     কন্যাগণ আছে

দ্ৰৌপদীকে আদি কৰি।

কৃষ্ণপত্নীগণ       সমে ৰঙ্গমন

প্ৰকাশন্ত ৰূপ ধৰি।।২৬৫৭।।

মৃদু বস্ত্ৰ তিতি     গাৱতে লুকাইল

বেকত দেখি শৰীৰ।

কুচচয় চাৰু       বাহু কটি উৰু

প্ৰকাশে সৱ ৰুচিৰ।।

উৎসুকে আকুল    কৰৱী শুকাইল

পুষ্পচয় খসি পৰে।

তাসম্বাক দেখি     কামী পুৰুষক

ধৰিলে মদন জড়ে।।২৬৫৮।।

কটাক্ষ নয়নে   হাসে কন্যাগণে

কৃষ্ণক সঘনে চাই।

দেখি কামীজনে         তবধ নয়নে

গাৱত চেতনা নাই।।

ৰাজা যুধিষ্ঠিৰ     নিৰ্ম্মল শৰীৰ

দ্ৰৌপদী দেৱী সহিতে।

অৱভৃথ স্নান      কৰাইলা দুহাঙ্কো

ঋষিগণ বিধিৱতে।।২৬৫৯।।

গঙ্গাত নামিয়া     আচান্ত কৰিয়া

ঋত্বিজ যতেক ঋষি।

দিলা শান্তি জল    আশীৰ্ব্বাদ ফল

উচ্চাৰি মন্ত্ৰ হৰিষি।।

আকাশত দেৱ     দুন্দুভি শবদ

নাচে সিদ্ধ বিদ্যাধৰে।

দেৱ ঋষি পিতৃ    পুষ্প বৰিষন্ত

আকাশ ছানি সাদৰে।।২৬৬০।।

পৃথিৱীত নৰ      দুন্দুভি বজাৱে

প্ৰজা কৰে জয় জয়।

সেহিবেলা স্নান     কৰিলেক সৱো

বৰ্ণাশ্ৰমী জাতিচয়।।

ব্ৰহ্মবধীগণো      স্নান কৰি যত

তড়িল সদ্যে পাতক।

কৃষ্ণৰ প্ৰসাদে      অৱভৃথ স্নান

সৰ্ব্বজনে দেখিলক।।২৬৬১।।

সমস্ত লোকৰ      পাতেক খণ্ডিল

শৰীৰ জ্বলে অধিক।

দেৱ ঋষি পিতৃ    গণক তৰ্পিলা

অৰ্পিলা পুনু হৰিক।।

অভিনৱ দেৱ      বসন দুতয়

যোগাইলেক ভৃত্যগণে।

স্নান সমৰ্পিয়া      নৃপ পূণ্যমতি

পিন্ধিলা ধৰ্ম্ম নন্দনে।।২৬৬২।।

...............

।।যুধিষ্ঠিৰৰ মহাভিষেক।।

।।ছবি।।

 

কৃষ্ণ ভীম ধনঞ্জয়   যমজ কুমাৰ দুই

সৱেয়ো পিন্ধিলা দিব্য বাস।

যুধিষ্ঠিৰ মহন্তক    মহাৰাজ অলঙ্কাৰে

কেশৱে কৰাইলা মহালাস।।

ঋত্বিজ সদস্য দ্বিজ   নিজ দেৱ মহন্তক

আদৰে অৰ্চিলা ধৰ্ম্মসুতে।

ভীষ্ম ধৃতৰাষ্ট্ৰ আদি  সুহৃদ বান্ধৱ যত

সৱাকো তুষিলা যথোচিত।।২৬৬৩।।

বসন ভূষণ ধন    দিয়া তুষিলন্ত মন

আনো ৰাজা প্ৰজা আছে মানে।

মাধৱৰ চৰণত     পৰম ভকত ৰাজা

ধনে মোহ নাহি তান মনে।।

কিৰীটি কুণ্ডল তাৰ  মণি মুকুতাৰ হাৰ

পিন্ধিয়া প্ৰকাশে নৰচয়।

বসন কুসুম ৰঙ্গ    শিৰত উত্তম পাগ

চোলা চিনি ইজাৰ জ্বলয়।।২৬৬৪।।

পিন্ধি পাট নেট শাৰী   প্ৰকাশে যতেক নাৰী

ক্ষীণ কটি কণক মেখলা।

কুণ্ডলৰ কান্তি লাগি প্ৰকাশে ততেক নাৰী

মুখ লক্ষ্মী পূৰ্ণ চন্দ্ৰ কলা।।

সৱ প্ৰজা মহানন্দে  কৃষ্ণৰ চৰিত্ৰ গাই

পুনু চলি গৈলা ৰঙ্গমন।।২৬৬৫।।

সুৱৰ্ণমণ্ডিত ৰথ    দ্ৰৌপদী সহিতে তাত

প্ৰকাশিত ভৈলা যুধিষ্ঠিৰ।

যেন ক্ৰিয়াগণ সমে      মহাযজ্ঞ ৰাজসূয়

প্ৰকাশয় ধৰিয়া শৰীৰ।

উপৰত শ্বেত ছত্ৰ   জ্বলে যেন পূৰ্ণচন্দ্ৰ

ধৱল চামৰচয় ঢুলি।

মাধৱক আগ কৰি  নগৰক চলি গৈল

প্ৰজাই জোকাৰে জয় বুলি।।২৬৬৬।।

পঞ্চম শবদ বাৱৈ   কৃষ্ণৰ কীৰ্ত্তন গাৱৈ

ভাটে নটে ভটিমা অশেষ।

হেন মহা সুমঙ্গলে   সবান্ধৱে কৌতূহলে

নিজঘৰে ভৈলন্ত প্ৰৱেশ।।

কৃষ্ণ পাদ প্ৰসাদত   সিদ্ধি ভৈল মনোৰথ

যুধিষ্ঠিৰ কৃতকৃত্য ভৈলা।

ঋত্বিজ সদস্য যত   আসি আছে মহাজন

সৱাকো আশ্বাসী বিসৰ্জ্জিলা।।২৬৬৭।।

ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য  শূদ্ৰ আদি যত আছে

প্ৰজাগণ আসি আছে মানে।

পাণ্ডৱৰ মহোদয়    দেখি যজ্ঞ ৰাজসূয়

প্ৰশংসিয়া যান্ত ৰঙ্গমনে।।

সৱেয়ো প্ৰসাদ পাই    নৃপতিত আজ্ঞা লই

সৱে চলি গৈল নিজথানে।

দেৱ ঋষি পিতৃ জন   লোকপাল সিদ্ধগণ

কিন্নৰ চাৰণগণ মানে।।২৬৬৮।।

ধন্য ধন্য মহাবীৰ   হৰিদাস যুধিষ্ঠিৰ

কৃষ্ণ বশ্য ভৈল যাৰ গুণে।

মহাযজ্ঞ হেন ঠান   কৰন্তা নাহিকে আন

তৃপিতিনখণ্ডে দেখি মনে।।

অমৃতক পিয়া যেন তৃপিতি নছাড়েমন

মনুষ্য লোকৰ সৰ্ব্বক্ষণে।

এহিমতে পাণ্ডৱৰ    মহোৎসৱ হৰিকথা

কহন্তে গৈলন্ত নিজস্থানে।।২৬৬৯।।

..........

 

।।দুলড়ী।।

 

কৃষ্ণক অনেক     মহন্তসকলে

কৰিল প্ৰশংসা বাণী।

কিনো কৃপাশীল    ভকতবৎসল

প্ৰিয় দেৱ চক্ৰপাণি।।

ভকতিৰ বশ্য     হুয়া পাণ্ডৱৰ

সাধিলা সকল কাজ।

এহি বুলি সৱে     কৃষ্ণক প্ৰণামি

গৈল চলি নিজৰাজ।।২৬৭০।।

পাণ্ডৱৰ যজ্ঞে     মহাদানে মানে

তুষ্ট ভৈলা ত্ৰিভূৱণে।

একে কুৰুকুল      অধম দুৰ্জ্জন

দুৰ্য্যোধন ৰাজা বিনে।।

পাণ্ডৱৰ মহা      সম্পত্তি দেখিয়া

নসহয় তাৰ চিত্ত।

সিটো মহামূৰ্খ      কৃষ্ণত বিমুখ

শুনা ধীৰ পৰীক্ষিত।।২৬৭১।।

তযু পিতামহে     কৃষ্ণৰ প্ৰসাদে

তড়িলা বাঞ্ছা সাগৰ।

যিটো জনে হৰি    চৰণ সেৱয়

তাহাৰ কোন দুস্তৰ।।

এহি মহাধৰ্ম্ম      মাধৱৰ কৰ্ম্ম

শুনে পঢ়ে যিবা নৰে।

সমস্ত পাপত      মুকুত হোৱয়

দুষ্টৰ দুৰ্গতি তৰে।।২৬৭২।।

ৰাজাগণ মোক্ষ     জৰাসন্ধ বধ

শিশুপাল বিনাশন।

ৰাজসূয় যজ্ঞ      অৱভৃথ স্নান

মহাপাপ বিমোচন।।

শুনা নৰনাৰী     এক মন কৰি

এহিসে পৰম সাৰ।

কৃষ্ণকথা বিনে     আন কৰ্ম্মগণে

দুখৰ নপায় পাৰ।।২৬৭৩।।

অধৰ্ম্ম দুৰ্গম      দখা কলি যুগে

নাহি আন সদকৰ্ম্ম।

প্ৰচণ্ড পাষণ্ড      পঙ্কে ঢাকি আছে

বেদৰ বিহিত ধৰ্ম্ম।।

কপট কাপোৰী     বৃথা ব্ৰহ্মচাৰী

সন্নাসীৰ বেশ ধৰি।

গুপুত কৰিয়া      মন্ত্ৰ তন্ত্ৰ দিয়া

মোহি ফুৰে নৰ নাৰী।।২৬৭৪।।

জাতি কুল ক্ৰিয়া   ধৰ্ম্মকো ত্যজিয়া

গুপ্তে কৰে অনাচাৰ।

কুকুৰে বানৰে     যেন আউৰ আউৰে

ভৰ্য্যাক কৰে শৃঙ্গাৰ।।

ৰাজাই দণ্ডয়      কাটয় মাৰয়

সৰ্ব্বস্ব আগ্ৰহ কৰে।

দেশৰো ডকাৱৈ    তথাপি গুপুতে

পাষণ্ড পথক ধৰে।।২৬৭৫।।

এতেকে আশ্বৰ্য     দুৰ্জ্জয় কলিৰ

মহিমা মনে জানিয়ো।

কলি বিমঙ্গল      ধৰ্ম্ম নাহি আন

কৃষ্ণৰ কথা শুনিয়ো।।

জল নতু হন্তে     সেতু বান্ধা আগে

ত্যজা আন ধৰ্ম্ম কাম।

অধৰ্ম্মে গ্ৰাসিলে     মুখতো নাসিবে

জানা মাধৱৰ নাম।।২৬৭৬।।

এহিক্ষণে দেখা     অন্যত্ৰ ধৰ্ম্মৰ

কৃষ্ণকথা নাহি ৰতি।

অধৰ্ম্মে ঢাকিলে     আউৰ কেনমতে

মিলিবে কৃষ্ণ ভকতি।।

এতেকে কাতৰ     কৰো কৃপালক

দেনন্তোক মন্দ মতি।

কৃষ্ণৰ চৰিত্ৰ      কহন্তে শুনন্তে

তৰিয়ো ইটো দুৰ্গতি।।২৬৭৭।।

ধন জন সুখ      ক্ষণিক সকল

দেখন্তে আছা সাক্ষাতে।

তাহাৰ অধিক     আক্ৰোশ ত্যজিয়া

ভজিয়ো কৃষ্ণকথাতে।।

যদি বিষয়ত      আছে মনোৰথ

কৃষ্ণে তাকো দিবে পাৰি।

দেখা যুধিষ্ঠিৰে     মহাপদ পাইলা

কৃষ্ণত ভকতি ধৰি।।২৬৭৮।।

নমো কৃষ্ণপদ      হৰোক তবধ

সঙ্গ ধৰো সজ্জনৰ।
কৃষ্ণগুণ কথা      কহিবে সৰ্ব্বথা

নপাউক উপ জগৰ।।

তড়ো হেন কলি    অনন্ত ক্নদলি

মুকুন্দৰ নাম ধৰি।

নাহি নাহি ডৰ    শুনা সাধু নগৰ

ডাকি বোলা প্ৰাণহৰি।।২৬৭৯।।

...............

 

।।দুৰ্য্যোধনৰ মায়াভ্ৰম আৰু শাল্বৰ দ্বাৰকা আক্ৰমণ।।

                  ।।পদ।

নৃপতি বদতি গুৰু কহিয়ো কাৰণ।

কেনে অসন্তোষ ভৈলা ৰাজা দুৰ্য্যোধন।।

নামত অজাতশক্ৰু কুন্তীৰ তনয়।

তান ৰাজসূয় যজ্ঞ দেখি মহোদয়।।২৬৮০।।

যতেক আসিল দেৱঋষি ৰাজাগণ।

শুনিলো সমস্তে ভৈল মহা তুষ্ট মন।।

দুৰ্য্যোধন বিনে তুষ্ট ভৈল চৰাচৰ।।

ইটো কথা শুনি মোৰ হৰিষ অন্তৰ।।২৬৮১।।

শুক নগদতি ধন্য শুনা পৰীক্ষিত।

স্বভাৱে দুৰ্জ্জন দুৰ্য্যোধন মন্দচিত্ত।।

দৈৱদোষে ভৈল দেৱ কৃষ্ণত বিমুখ।

শুনা যিকৰণে তাৰ মিলিল অসুখ।।২৬৮২।।

তযু পিতামহে মহাযজ্ঞ সাঙ্গ কৰি।

জ্ঞাতি মিত্ৰ বান্ধৱক পঠাইলা সাদৰি।।

কৃষ্ণক ত্যজিবে চান্তে দেখন্তে ঝমক।

প্ৰেমে সবান্ধৱে লাগি ৰাখিলা কৃষ্ণক।২৬৮৩।।

কৃষ্ণেসে পৰম ইষ্ট বন্ধু পাণ্ডৱৰ।

প্ৰিয়দেৱ গুৰু হিত মিত্ৰ নিৰন্তৰ।।

তিলেকো ত্যজিবে পাণ্ডৱৰ নাহি মতি।

ভকতিতে বন্দী ভৈলা ত্ৰিজগতপতি।।২৬৮৪।।

সাত্যকীক আদি যত যদুবীৰগণ।

দ্বাৰকাক পঠাই ৰহিলন্ত নাৰায়ণ।।

ভকতৰ প্ৰিয় সাধিবাক মহাস্নেহে।

থাকিলা ঈশ্বৰ কৃষ্ণ পাণ্ডৱৰ গৃহে।।২৬৮৫।।

একদিনা সভামাজে সিংহাসনে বসি।

প্ৰকাশন্ত যুধিষ্ঠিৰ যেন পূৰ্ণশশী।।

ভীষ্মে দ্ৰোণ গুৰু আদি কুৰুবৃদ্ধগণে।

চতুষ্পাশে বেঢ়ি আছে আনো ৰাজাগণে।।২৬৮৬।।

ইন্দ্ৰ যেন প্ৰকাশন্ত দেৱতাৰ মাজ।

সেহিমতে শ্ৰীয়ে প্ৰকাশন্ত ধৰ্ম্মৰাজ।।

হেন মহা বিভূতি দেখিয়া দুৰ্য্যোধন।

নসহে হৃদয় মন দহয় সঘন।।২৬৮৭।।

যতেক নৃপতি আছে পৃথিৱী মণ্ডলে।

পাণ্ডৱত সেৱা আশি কৰে সমদলে।।

ৰাজসূয় যজ্ঞৰ মহিমা হেন জানি।

মনে তাপ কৰে দুৰ্য্যোধন মহামানী।।২৬৮৮।।

সুৰেন্দ্ৰ নৰেন্দ্ৰ অসুৰেন্দ্ৰো আছে যত।

তাসম্বাৰ যতেক সম্পত্তি নানা মত।।

সৱ লক্ষ্মী প্ৰকাশন্ত পাণ্ডৱৰ ঘৰে।

তাক দেখি দুৰ্য্যোধনে দহে নিৰন্তৰে।।২৬৮৯।।

অন্তেষপুৰক মাতিলন্ত কুন্তীসুত।

তাতো যাই দুৰ্য্যোধনে দেখে অদভুত।।

ময় বিশ্বকৰ্ম্মে নিৰ্ম্মি আছে যত স্থান।

ত্ৰৈলোক্যৰ লক্ষ্মী তাত আছে বিদ্যমান।।২৬৯০।।

দ্ৰুপদৰ নন্দিনী দ্ৰৌপদী মহাশান্ত।

অনেতক সুন্দৰী সমে স্বামীক সেৱন্ত।।

শশী যেন প্ৰকাশন্ত বাসৱৰ পাশে।

বিঞ্চন্ত চামৰ ধৰি ক্ষণো লয়লাসে।।২৬৯১।।

যতেক ৰাজাৰ পত্নী সেৱে দ্ৰৌপদীক।

তাক দেখি দুৰ্য্যোধন দহয় অধিক।।

আছন্ত মাধৱ যদুপতি সেহি থান।

ষোলয় সহস্ৰ ভাৰ্য্যা আছয় তাহান।।২৬৯২।।

ত্ৰৈলোক্যমোহিনী মধ্যক্ষিণী সৱ নাৰী।

শ্ৰোণী ভৰে শিথিলে চলান্ত পদ্মভৰি।।

ৰত্নৰ নূপুৰধ্বনি শুনিয় সঘন।

চৰণ কান্তি ৰঞ্জে ৰত্ন ভূমিখান।।২৬৯৩।।

কুঙ্কুমে অৰুণ বৰ্ণ মুকুতাৰ হাৰে।

শোভে কুচযুগ সূক্ষ্ম বস্ত্ৰৰ অ্নতৰে।।

কণক কুণ্ডলে দোলে অলকা পঙ্কতি।

শ্ৰীমন্ত বদন পূৰ্ণচন্দ্ৰৰ দীপিতি।।২৬৯৪।।

মৃদঙ্গ মন্দিৰা ধৰি হৰিগুণ গাই।

ইভিতি সিভিতি সৱে ফুৰা সভা চাই।।

হেন কৃষ্ণ পত্নীগণ দুৰ্য্যোধনে দেখি।

অধোমুখে মনদুঃখে চাহন্ত নিৰীক্ষি।।১৬৯৫।।

ভ্ৰাতৃস্নেহে যুধিষ্ঠিৰে কৰন্ত সৎকাৰ।

দেন্ত ভক্ষ ভোগ্য ৰাজযোগ্য অলঙ্কাৰ।।

ধৰ্ম্মত বিদায় কৰি নিতে চলে ঘৰ।

কিঞ্চিতেকো মনৰ নুগুচে চিন্তা জ্বৰ।।২৬৯৬।।

হেনমতে একদিা ধৰ্ম্মৰ নন্দন।

ময়ে সাজি আছে যিটো সভা বিতোপন।।

ৰত্নময় সিংহাসন জ্বলে তাৰ মাজ।

তাতে বসি পৰকাশন্ত যেন দেৱৰাজ।।২৬৯৭।।

নিজ দেৱ কৃষ্ণ আঘতে আছন্ত।

ভাতৃজন বন্ধুগণ বেঢ়ি উপাসন্ত।।

নটে ভাটে চাটু পাটু প্ৰকটে ৰুচিৰ।

পৰম ঐশ্বৰ্য্যে বসি আছা যুধিষ্ঠিৰ।।২৬৯৮।।

সেহি বেলা মহামানী ৰাজা দুৰ্য্যোধন।

মহা ৰাজ অলঙ্কাৰ কৰি বিভূষণ।।

ৰত্নৰ কিৰীতি শিৰো শোভে মণিমালা।

ভ্ৰাতৃগণ সমে ৰঙ্গে সভা প্ৰৱেশিলা।।২৬৯৯।।

ময়ে সভা সাজি আছে বুজ নযায়।

অদ্বাৰকে দ্বাৰ বুলি সৱে গৈল ধাই।।

পশিৱে নপাৰি ৰাজা ক্ৰোধে পাৰে গালি।

অৰে দ্বাৰপাল কেন দ্বাৰ নেদ মেলি।।২৭০০।।

ডাকিয়া দুৱৰী বোলে কেন পাৰ গালি।

হেৰা আছে দুৱাৰ আসিয়ো শীঘ্ৰে চলি।।

অদ্বাৰসে গৈলা দ্বাৰ নিচিনি আপুনি।

পাচে সেই দুৱাৰে চলিল হেন জানি।।২৭০১।।

দুৱৰীক নিন্দি লাজে পশিলা ভিতৰ।

দেখিল বহল সভা জ্বলে গুৰুতৰ।।

সৱাৰে আগতে গতি কৰে দুৰ্য্যোধন।

ফটিকে নিৰ্ম্মিত যাই পাইলা স্থলীখন।।২৭০২।।

ৰোসানে ৰঞ্জিত সিটো জ্বলে জলময়।

তাকে জল বুলি দুৰ্য্যোধন দুৰাশয়।।

ইজাৰ তুলিয়া চোলা ধৰিলা কোচাই।

কতো দূৰ যান্তে দেখে জলফুটো নাই।।২৭০৩।।

লাজ হুয়া বস্ত্ৰ নমাইলেক সেহি ছেগে।

লস পস কৰি পুনু যাই মহাবেগে।।

সভাৰ মধ্যত জ্বলে দীঘি সৰোবৰ।

ফটিকে নিৰ্ম্মল তল কাষৰ ওপৰ।।২৭০৪।।

ফটিকৰ পদ্মফুল জ্বলে শাৰী শাৰী।

জল বুলি লোকে তাক চিনিবে নপাৰি।।

দুৰ্য্যোধন ৰাজা তাক দেখি পূৰ্ব্বৱত।

স্থল বুলি যাই বেগে পৰিলা জলত।।২৭০৫।।

যোৰ বস্ত্ৰ তিতিল লাজিল মহাবলী।

হেন দেখি ভীম হাসিলন্ত খলখলি।।

নাৰীগণে হাসে দেখি হাসে আনজনে।

দেখি নিবাৰন্ত যুধিষ্ঠিৰে কষ্টমনে।।২৭০৬।।

কৃষ্ণে হাক দেন্ত হাসি চত্ৰুৰ নিশানে।

চতুৰ্ভিতি বেঢ়ি ৰোলে হাসে নাৰীগণে।।

পাণ্ডৱৰ সভা ৰক্ষা সেনাগণ মানে।

উচ্চ কৰি হাস্য কৰিলেক ঘনে ঘনে।।২৭০৭।।

ময়ৰে মায়াত নিমজিল দুৰ্য্যোধন।

পুনু জল বুলি স্থলে তুলিলা বসন।।

খোজ দুই যান্তে দেখে পুনৰপি স্থল।

নমাইল কাপোৰ প্ৰজা হাসন্ত সকল।।২৭০৮।।

মহালাজে কাহাকো নমাতি মহাবলী।

অধোমুখে নিৱৰ্ত্তি গৃহক যাই চলি।।

মুকুত দ্বাৰক পাই বান্ধি আছে বুলি।

উলটি বন্ধন দ্বাৰে পুনু গৈলা চলি।।২৭০৯।।

কণা যেন যাই তাত হাত খেপিয়াই।

ৰোল কৰি নাৰীগণে হাসে তাক চাই।।

কতোবেলি অন্তৰে খুজি পাইলা দ্বাৰ।

হস্তিনাপুৰক শীঘ্ৰে গৈলা আপুনাৰ।।২৭১০।।

ক্ৰোধে অগনি যেন ফোকাৰন্তে যাই।

যতেক মহন্ত সন্ত আছিল সিঠাই।।

হাহাকাৰ শবদ মিলিল তাসম্বাৰ।

জানিল মিলিল জগতৰে ক্ষয়ঙ্কাৰ।।২৭১১।।

যুধিষ্ঠিৰ নৃপতিয়ো ভৈলন্ত বিমন।

মৌনেসে ৰহিলা হৰি সংহাৰ কাৰণ।।

নিমিত্ত মাত্ৰকে যিটো ভৈলা মহামায়া।

যাত দুৰ্য্যোধনে লাজ পাইলা ভ্ৰম হুয়া।।২৭১২।।

পৃথিৱীৰ মহাভাৰ আছে ৰাজাগণ।

তাক বধিবাক মাদৱৰ ভৈলা মন।।

তাহাৰেসে ইচ্ছা মিছা আছে কোন থানে।

এতেকেস ভ্ৰম দেখিলন্ত দুৰ্য্যোধনে।।২৭১৩।।

সেহিবেলা মহাক্ৰোধ জ্বলাইল তাহাৰ।

সেহি বীজ ভৈল মহাভাৰ ক্ষয়ঙ্কাৰ।।

পুছিলা নৃপতি যত কহিলো কাৰণ।

এহিমতে মহালাজ ভৈলা দুৰ্য্যোধন।।২৭১৪।।

এতেকে সন্তোষ তাৰ নভৈল মনত।

ত্ৰিভুৱনে তুষ্ট ভৈল ধৰ্ম্মৰ যজ্ঞত।।

মাধৱ ৰহিলা ধৰ্ম্ম নৃপতিৰ ঘৰে।

শুনা আৰ কৃষ্ণকথা কহো আতপৰে।।২৭১৫।।

ক্ৰীড়া কৰিবাক প্ৰতি নৰতনু ধৰি।

অদভুত কৰ্ম্ম তান শুনা মন কৰি।।

শিশুপাল শাল্ব সখা নৃপতি দুৰ্জয়।

যিমতে বধিলা তাক দৈৱকী তনয়।।২৭১৬।।

জৰাসন্ধ আদি কৰি ৰাজাগণ জিনি।

যিকালত কৃষ্ণে হৰি আনিলা ৰুক্মিণী।।

শাল্বে অঙ্গীকাৰ কৰিলেক সেহি ঠাই।

যতেক নৃপতি আছে সৱাকে শুনাই।।২৭১৭।।

..........

 

।।যদুকুল ধ্বংসৰ বাবে শাল্বৰ উদ্যোগ।।

 

যাদৱ বৰ্জ্জিত ইটো কৰো বসুমতী।

দেখা ৰাজাগণে আৱে মোহোৰ শকতি।।

হেনয় প্ৰতিজ্ঞা কৰি মহা মূঢ়মতি।

কষ্ট ব্ৰত ধৰি আৰাধিলা পশুপতি।।২৭১৮।।

একমুষ্টি ধূলি তুলি ভুঞ্জৈ প্ৰতিনিত।

ৰাজাভোগ্য সকল ত্যজিলে দুষ্টচিত্ত।।

বৎসৰেক মহাকষ্টে পূজে জটাধৰ।

বুলিলন্ত পাচে ৰাজা লৈয়ো ইষ্টবৰ।।২৭১৯।।

অল্পকালে আৰাধিলে তুষ্ট হুয়া বৰ।

যো নো বোলা কিসক বিলম্ব এত বৰ।।

অন্তকৰো অন্তক ঈশ্বৰ নাৰায়ণ।

তাঙ্ক বৈৰভাৱে শাল্বে কৰে আৰাধন।।২৭২০।।

বৰ দিলে বিফল হুইবেক হেন জানি।

এতেকেসে শীঘ্ৰে দেখা নেদা শূলপাণি।।

তথাপি পাপীৰ তাৰ দেখি উৎকষ্ট।

বৰিষেক অন্তৰেসে বুলিলা প্ৰকট।।২৭২১।।

শৰণে পশিলা শাল্ব কৰয় কাকূতি।

মোত যেৱে তুষ্ট ভৈলা দেৱ পশুপতি।।

দেৱাসুৰ মনুষ্য গন্ধৰ্ব্ব উপগত।

যক্ষ ৰক্ষ পিশাচতো নাহি যাৰ হাত।।২৭২২।।

হেন এক বিমান মাগোহো এৱে আমি।

বৃষ্ণিবংশ ভয়ানক দিয়ো বৰ স্বামী।।

এহি হৌক বুলি শিৱে আদেশ কৰিলা।

মনয় নামে বিশ্বকৰ্ম্মে বিমান নিৰ্ম্মিলা।।২৭২৩।।

সৌভ নাম পুৰদ্বাৰ ৰথৰ উপৰ।

চতুষ্পাশে অভেদ্য লোহাৰ বজ্ৰ গড়।।

মহা তমোময় তাক কেহো নমনয়।

যতা মন কৰে ৰথ তথাকে চলয়।।২৭২৪।।

হেন ৰথ সাজি শাল্ব নৃপতিক দিল।

বিমানত চড়ি মহা সন্তোষ লভিল।।

বৃষ্ণিবংশে বৈৰ কৰ্ম্ম কৰি আছে তাক।

তাক সুমৰিয়া চলি গৈল দ্বাৰকাক।।২৭২৫।।

চতুৰঙ্গ সেনাগণ লৈয়া চপকৰে।

বেঢ়িলে দ্বাৰকা যাই ছানি নিৰন্তৰে।।

ভঙ্গে উপবন ৰম্য ক্ৰীড়াৰ উদ্যান।

লোৰয় পসাৰ হাট বাট পূণ্যস্থান।।২৭২৬।।

সিংহদ্বাৰ ভাঙ্গিয়া পশিল পুৰদ্বাৰ।

কৰে কোলাহল ধৰ ধৰ মাৰ মাৰ।।

ঘৰৰ উপৰে ঘৰ উচ্চ চৌচাল।

ৰত্নময় বাৰচয় জ্বলে ভাল ভাল।।২৭২৭।।

তাকো ভাঙ্গি ছিঙ্গি খঙ্গে কৰি নিৰদন।

হাভয়ে অভ্যন্তৰে গৈলা প্ৰজাগণ।।

বিমানৰ অগ্ৰ হন্তে নানা শৰচয়।

চলিয়া পৰয় যন দেৱ বৰিষয়।।২৭২৮।।

ক্ষণো শিলাবৃষ্টি ক্ষণো বৃক্ষ বৰষয়।

ক্ষণো বৃক্ষবৃষ্টি হোৱে ক্ষণো সৰ্পচয়।।

ক্ষণো ক্ষণো শিলাবৃষ্টি কৰে একাকৰ।

মিলিল প্ৰলয় ঝেন প্ৰজা ক্ষয়ঙ্কাৰ।।২৭২৯।।

প্ৰচণ্ড মণ্ডলাকাৰে বায়ু বয় খৰে।

ধূলিয়ে ঢাকিলে দশোদিশ নিৰন্তৰে।।

এহিমতে পীড়িলেক কৃষ্ণৰ নগৰী।

নাহি সুখ দুঃখে প্ৰজা সুমৰে মুৰাৰি।।২৭৩০।।

ত্ৰিপুৰে যিমতে জিনিলেক বসুন্ধৰী।

সেহিমতে শাল্বে মদ্দিলেক কৃষ্ণপুৰী।।

হৰি হৰি কৰে লোকে কৃষ্ণক সুমৰি।

কোনে ৰাখিবেক আজি নাহিকে দৈত্যাৰি।।২৭৩১।।

মাধৱৰ নন্দন প্ৰদ্যুম্ন ভগৱন্ত।

আপোন প্ৰজাৰ হেন দুখ দেখিলন্ত।।

মহাৰথে চড়ি বাজ ভৈলা মহাবীৰ।

প্ৰজাক আশ্বাসি হাসি বুলিলা গম্ভীৰ।।২৭৩২।।

আমি ভাল থাকন্তে তোহ্মাৰ কাক ভয়।

যুদ্দক চলিলো হেৰা কৰা জয় জয়।।

হেন শুনি ৰঙ্গ ভৈলা কৃষ্ণৰ প্ৰজাৰ।

যুদ্ধক চলিল সৱে হুয়া কাছপাৰ।।২৭৩৩।।

অক্ৰূৰ সাত্যকি আগে চলিলা গম্ভীৰ।

কৃষ্ণৰ তনয় চাৰুদেষ্ণ শাম্ব বীৰ।।

গদ ভানু বিন্দ শুক সাৰণ হাৰ্দ্দিক।

আনো ধনুৰ্দ্ধৰ যত যূথপতি মুখ্য।।২৭৩৪।।

প্ৰদ্যুম্নৰ সঙ্গে ৰঙ্গে চলিলা যুদ্ধক।

কাঞ্চনে কৱচে তনু জ্বলে জকমক।।

অনেক প্ৰমত্ত হস্তী মহাৰথ হয়।

চলিল অনেক বীৰ মহা পাইকচয়।।২৭৩৫।।

শাল্বৰ সেনাৰ লাগ পাইলা যদুগণ।

দুই দলে আন্দোল লাগিল ঘোৰ ৰণ।।

দেৱ দানৱৰ যেন মিলিল সমৰ।

আকুল ব্যাকুল ঘোৰ দেখি লাগে চৰ।।২৮৩৬।।

মায়া শৰবৃদ্ধি যত কৰে শাল্ব বীৰে।

দিব্য শৰে হানে তাক ৰুক্মিণীকুমাৰে।।

বিাশিলে তিলেকতে ভৈলা ছাৰখাৰ।

সূৰ্যে যেন বিনাশিলে নিশাৰ আন্ধাৰ।।২৭৩৭।।

পুনৰপি ধনু ধৰি প্ৰদ্যুম্নকুমাৰ।

দুৰ্বাৰ পঞ্চিশ গোটা জুৰিলন্ত শৰ।।

সুৱৰ্ণৰ পুঙ্খচয় জ্বলে পৃষ্ঠিভাগ।

ব্ৰজময় লোহা মহাতীঘ্ন দেখি আগ।।২৭৩৮।।

মাজে মাজে চিত্ৰ কৰি গঢ়ি আছে গাঠি।

শাল্ব সেনাপতিক হানিলা বীৰে ডাটি।।

নাৰ তাৰ দ্যুমন্ত দাৰুণ বলীয়াৰ।

বৰ চোটে বিন্ধিলে দেখয় অন্ধকাৰ।।২৭৩৯।।

শাল্ব নৃপতিকো হানিলন্ত একশত।

প্ৰদ্যুম্ন বীৰৰ কোনে জানয় মহত্ত্ব।।

যত গুটি সেনা আসি আছয় সমৰে।

সৱাকো ভেদিলা বীৰে একো একো শৰে।।২৭৪০।।

যতেক সাৰথি আছে ৰথৰ উপৰে।

গাৱে নিয়োজিল দশ দশ শৰে।।

যতেক বাহন আসি আছে মহাৰণে।

সৱাকো জাকিৰ বীৰে তিনি তিনি বাণে।।২৭৪১।।

হেন অদভুত কৰ্ম্ম দেখি প্ৰদ্যুম্নৰ।

দুয়ো সেনাগণে প্ৰশংসিল বহুত।।

ধন্য ধন্য কৃষ্ণসুত কীৰ্ত্তিক লভিলা।

একেজাকে শৰচোটে সৱাকো পীড়িলা।।২৭৪২।।

ময়ে সাজি আছে যিটো মায়াময় ৰথ।

তাত চড়ি শাল্ব ৰাজা যুজে বহুমত।।

ক্ষণো এক ৰূপ দেখি ক্ষণো বহুতৰ।

ক্ষণো দেখাদেখি ক্ষণো হোৱয় অন্তৰ।।২৭৪৩।।

ক্ষণো পৃথিৱীত দেখি ক্ষণো আকাশত।

ক্ষণো জলে যুজে ক্ষণো গিৰি শিখৰত।।

জুই আঙ্গনি যেন ফুৰে চকৰাকাৰে।

শত্ৰুসেনাগণে তাক গমিবে নপাৰে।।২৭৪৪।।

ৰথে সমে দেখা দেই যেহি যেহি থানে।

তথাতে হান্ত শৰ যদুবীৰগণে।।

অগ্নি যেন দহে সূৰ্যসম তীক্ষ্ণবাণ।

অশিৰ্ব্বিষ সৰ্প যেন ছুইলে হৰে প্ৰাণ।।২৭৪৫।।

হেনয় দুঃসহ যাদৱৰ শৰজালে।

মূৰ্চ্ছাগত ভৈল শাল্বৰাজ সমদলে।।

বৰৰ প্ৰভাৱে সুস্থ হুয়া কতোক্ষণে।

বৃষ্ণি সেনাগণকো ভেদিলে বাণগণে।।২৭৪৬।।

ভৈলন্ত পীড়িত যদি আতি দৃঢ়তাৰে।

তথাপিতো যুদ্ধ নেৰিলন্ত একো বীৰে।।

গাৱে গাৱে বনভূমি গছিয়া দুৱাৰ।।২৭৪৭।।

নাম যাৰ দুম্যন্ত শাল্বৰ সেনাপতি।

প্ৰথমে প্ৰদ্যুম্ন শৰে পীড়ি আছে আতি।।

তাহাক সুমৰি তাৰ মনে সুখ নাই।

মহা লৌহ গদা দৰি ফুৰে ছিদ্ৰ চাই।।২৭৪৮।।

প্ৰদ্যুম্নক পাই বলে দিলেক প্ৰহাৰ।

বধিলো প্ৰদ্যুম্ন বুলি নাদিল অপাৰ।।

গদাৰ প্ৰহাৰে বিদাৰিলা বক্ষস্থল।

কিঞ্চিত মূৰ্চ্ছিত কৃষ্ণসুত মহাবল।।২৭৪৯।।

সাৰথি দাৰুকসুতে দেখি হেন বাণ।

শীঘ্ৰে তৈৰ হন্তে জানা নিলে অন্য স্থান।।

মুহূৰ্ত্তেক কৃষ্ণসুতে লভিলা চেতন।

সাৰথিক দেখি তথা বুলিলা বচন।।২৭৫০।।

কিসক আশ্চৰ্য্য হেন অকাৰ্য্য কৰিলা।

দাৰুকৰ পুত্ৰ তুমি লোক হসুৱাইলা।।

ৰণ এৰি এথাক আনিলা কোন কাজ।

আতপৰে ক্ষত্ৰিয়ৰ আছো কোন লাজ।।২৭৫১।।

যদু কুল মধ্যে নতু শুনি একোজন।

বীৰ হুায় পলাইলা শত্ৰুত হাৰি ৰণ।।

এতেকে দুৰ্যশ আজি কৰাইলি মোহোৰ।

ৰণ দেখি জানো চিত্ত দৃঢ় নাহি তোৰ।।২৭৫২।।

পিতৃ মোৰ বাপ কৃষ্ণ জগত প্ৰখ্যাত।

কি কথা কহিবো যাই লাজে তাসম্বাত।।

পুছিবন্ত কৃষ্ণ জ্যেষ্ঠ ভাই হৰিষিতে।

ৰণ হাৰি পেলাইলো কহিবো কোনসতে।।২৭৫৩।।

নগৰৰ ভায়াসৱে কহিবেক যাই।

ভাতৃ ভাৰ্য্যাগণে হাসিবেক মোক চাই।।

তোৰ দোষে মোৰ ইটো ভৈল কুখিয়াতি।

কিসক বিকলভৈলি কহিয়ো সাৰথি।।২৭৫৪।।

বদতি দাৰুকসুত প্ৰদ্যুম্নক চাই।

ধৰ্ম্ম জানি ইটো কৰ্ম্ম কৰিলো গোসাঞি।।

ৰথীক সাৰথি ৰাখে সঙ্কত সময়।

সাৰথি মূৰ্চ্চিত ভৈলে ৰথীয়ে ৰাখয়।।২৭৫৫।।

এহি ধৰ্ম্ম জানি শীঘ্ৰে পলুৱাইলো যান।

নাহি আত দোষ প্ৰভু ত্যজা অপমান।।

দ্যুমন্তৰ গদা চোটে ভৈলা মূৰ্চ্ছাগত।

পুনু জানো মাৰে বুলি উলটাইলো ৰথ।।২৭৫৬।।

এতিক্ষণে নিবো তথা কৰিয়ো উৎসুক।

আপুনাকে সাৱধানে বধিয়ো শত্ৰুক।।

শুক নিগদতি ৰাজা শুনা পৰীক্ষিত।

সাৰথিৰ বচনে হৰিষ ভৈল চিত্ত।।২৭৫৭।।

মুখ পখালিয়া বীৰে কৰিয়া আছান্ত।

কৃষ্ণক চিন্তিয়া তনু দৃঢ় কৰিলন্ত।।

কৱচ পিন্ধিয়া পুনু ধনু লৈলা কৰে।

সাৰধিক সাদৰে বুলিলা মহাবীৰে।।২৭৫৮।।

সত্বৰে সাৰথি নিয়ো দ্যুমন্তৰ পাশ।

বধো পাপীষ্ঠক যমপুৰে দেঞো বাস।।

ডাকিল দাৰুকসুতে মহা ৰথখান।

নিজ সৈন্য দেখি তাক ভৈল দৰিশন।।২৭৫৯।।

কোনে সৈন্য খেদ বুলি ধাইলা আগবাঢ়ি।

আঠ গোটা নৰাচ হানিলা হাস্য কৰি।।

চাৰি শৰে চাৰি ঘোৰা মাৰিলা তাহাৰ।

একে শৰে সাৰথিক নিলা যমদ্বাৰ।।২৭৬০।।

দুই শৰে ধনু ধ্বজ ছেদিলন্ত বীৰ।

আউৰ শৰে দ্যুমন্তৰ কাটিলন্ত শিৰ।।

প্ৰদ্যুম্নৰ কৰ্ম্মক পূজিল সৰ্ব্বজনে।

জয় কৃষ্ণনন্দন শবদ ভৈল ঘনে।।২৭৬১।।

শাম্ব সাত্যকি গদ আদি বীৰগণে।

শাল্বৰ সেনাক নিবাৰিলা ঘোৰ ৰণে।।

ছেদিলেক কন্ধ উৰু কটি কাৰো হাত।

সমুদ্ৰত পৰিয়া মৰিলা অসংখ্যাত।।২৭৬২।।

এহিমতে যদুসেনা যুজে শাল্বে সমে।

অন্যোঅন্যে সংহৰয় পৰম বিক্ৰমে।।

সাতাইশ দিৱস যুদ্ধ ভৈল ভয়ঙ্কৰ।

ইন্দ্ৰপ্ৰস্থ নগৰত আছা দামোদৰ।।২৭৬৩।।

যুধিষ্ঠিৰে মাতি নিলে যজ্ঞৰ নিমিত্তে।

ভকতৰ প্ৰিয় সাধি আছন্ত তহিতে।।

যজ্ঞ সাঙ্গ ভৈল শিশুপাল অস্ত গৈল।

দ্বাৰকাক চলিবে কৃষ্ণৰ মন ভৈল।।২৭৬৪।।

দেখিলন্ত মিলে নানা ঘোৰ উতপাত।

জানিলন্ত অথান্তৰ ভৈল দ্বাৰকাৰত।।

ভকতৰ স্নেহে ভৈলা আকুল হৃদয়।

যুধিষ্ঠিৰ নৃপতিত বুলিলা বিনয়।।২৭৬৫।।

যত কুৰুবৃদ্ধ আছে মহামুনিগণ।

সৱাকো দ্ৰৌপদী কুন্তী প্ৰবোধি সৱাক।।

বলভদ্ৰ সমে চলি গৈলা দ্বাৰকাক।।২৭৬৬।।

পন্থত চলন্তে প্ৰভু গুণন্ত মনত।

আিম দুয়ো ভাই আসু আছো ইঠাৱত।

শিশুপাল পাপীৰ দুষ্ট ইষ্টগণে।

মোক পুৰি মাৰিবে জানা নিষ্টমনে।।২৭৬৭।।

এতেকেসে মিলৈ দেখো নানা উতপাত।

এহি বুলি বেগে আসি পাইলা জগন্নাথ।।

দেখিলন্ত আসি নিজ প্ৰজাৰ ক্ৰন্দন।

মায়াৰথে চড়ি শাল্ব ৰাজা কৰে ৰণ।।২৭৬৮।।

নগৰ ৰক্ষিত থৈয়া ৰোহিণীতনয়।

দাৰুকক চাহি কৃষ্ণে বুলিলা বিনয়।।

সহসা ডাকিয়ো ৰথ নকৰিবা ত্ৰাস।

মায়াৱন্ত শাল্ব যান্তে নিয়া তাৰ পাশ।।২৭৬৯।।

কৃষ্ণক সাদৰি ৰথ ডাকিলা দাৰুকে।

বায়ুবেগে গৈল শত্ৰু সেনাৰ সন্মুখে।।

গৰুড়ৰ ধ্বজ জ্বলে ৰছৰ উপৰ।

দুয়ো সেনা দেখিলা আসিলা দামোৰ।।২৭৭০।।

পৰম আনন্দ ভৈলা যাদৱী সেনাৰ।

শাল্বদৰ সেনাৰ যত ভৈলা মহামাৰ।।

জয় কৃষ্ণ বুলি যদু সেনা দিলে ৰুলি।

বাৱে বাদ্য ভণ্ড নাচে দণ্ড ছত্ৰ তুলি।।২৭৭১।।

শুনা নৰ নাৰী হৰিচৰিত্ৰ অমৃত।

মহন্তৰো দুই কালে মিলে কদাচিত।।

কিন্তু ভকতক কৃষ্ণে ৰাখন্ত আপুনি।

এতেকে সন্তৰ গতি নাই কৃষ্ণ বিনি।।২৭৭২।।

কৃষ্ণৰ ভকত দ্বাৰকাৰ প্ৰজাচয়।

তাক দেখা দুৰ্জ্জনে দেখাইলা কেনে ভয়।।

আপুনি আসুয়া প্ৰভু খণ্ডিলন্ত ভয়।

মনে গুণি চায়ো কৃষ্ণ কেনে কৃপাময়।।২৭৭৩।।

এহি জানি ভজিয়ো গোৱিন্দ গুণনিধি।

কৃষ্ণ সুমৰণে মনোৰথ হোৱে সিদ্ধি।।

যদি কৃষ্ণকথাত সুথিৰ নোহে মন।

কিমতে ভজিবা তেৱে প্ৰভুৰ চৰণ।।২৭৭৪।।

এতেকে কৃষ্ণৰ কথা পাৱৈ সেহি বেলা।

প্ৰবন্ধে শুনিয়া তাক নকৰিয়ো হেলা।।

কথাতেসে কৃষ্ণৰ উপজে প্ৰেমৰস।

বিষয় বিস্মৰি মন হৱৈ কৃষ্ণ বশ।।২৭৭৫।।

হেন কৃষ্ণকথা ত্যজি শুনে আন কথা।

জন্ম কৰ্ম্ম জীৱন সকলো তাৰ বৃথা।।

অনন্ত কন্দলি কহে কৃষ্ণৰ কিঙ্কৰ।

ডাকি হৰি বুলি তড়া দুস্তৰ বিস্তৰ।।২৭৭৬।।

.............

 

।।কৃষ্ণ-শাল্বৰ যুদ্ধ।।

।।দুলড়ী।।

 

শাল্বে দেখিলেক     আসিলা যুদ্ধক

ৰথে চড়ি যদুপতি।

প্ৰথম দুৰ্ম্মতি      গাৰুকৰ প্ৰতি

হানিলা ঘোৰ শকতি।।

দিশক প্ৰকাশি     আকাশতে আসে

জোগু যেন গৰজন্তে।

সাৰথিত পৰে     দেখি নিজ শৰে

ছেদিলন্ত ভগৱন্তে।।২৭৭৭।।

শতখণ্ড হুয়া      শকতি নশিল

হাসি পাচে নাৰায়ণে।

শাল্বকো তেখনে         হানি শেল বাণে

ভেদিলন্ত বৰ টানে।।

গগন মণ্ডলে      ভ্ৰমে ৰথখান

তাকো অসংখ্যাত বাণে।

বিন্ধিল মাধৱে     আকাশ ঢাকিল

যেন সূৰ্য ৰশ্মিগণে।।২৭৭৮।।

মাধৱৰ বাম      বাহুত ভেদিল

শাল্ব বীৰ বৰ যশী।

কৃষ্ণৰ হন্তৰ       ধনু মনোহৰ

শাৰঙ্গ পৰিল খসি।।

হেন অদভুত      দেখিয়া লোকৰ

ভৈল মহা হাহাকাৰ।

শাল্বৰ মনত      কৌতুক মিলিল

নাদিল দুষ্টে অপাৰ।।২৭৭৯।।

হৰিক সম্বোধি     বুলিল বচন

অৰে মূঢ় শ্ৰীকৃষ্ণ।

মোহোৰ মিত্ৰৰ     ভাৰ্য্যাক হৰিলি

চিন্তিলো আৰো অনিষ্ট।।

সভাৰ মাজত     বসি আছে সৱে

ৰাজসূয় যজ্ঞ চাই।

হঠাতে মোহোৰ         সখা শিশুপাল

ৰাজাক কাটিলি যায়।।২৭৮০।।

হেন মিত্ৰ বৈৰী         মোৰ আগে যদি

থাক আজি নপলাই।

তেৱে তোক মঞি     পঠাইবো যি ঠাইত

নাসিবি আৰো দুনাই।।

বোলস মোহোক         কোনে জিনিবেক

নপাৰয় একো থানে।

সিটো অৱগৰ্ব্ব         আজি দূৰ কৰো

দেখ তীক্ষ্ণ বাণগণে।।২৭৮১।।

হেন শুনি হৰি         হাসিয়া বোলন্ত

মিছাতে মোক নিন্দস।

শুন অৰে মন্দ         ওচৰতে তোৰ

মৃত্যু আছে নেদেখস।।

মহাবীৰ ভৈলে          নলপে বিস্তৰ

নিজ বীৰ্য্য দৰশয়।

কোনে গণে তোক       যত লাগে মোক

যুজ তই মায়াময়।।২৭৮২।।

এহি বুলি হৰি          ফুৰাই মহাবেগে

গদাগোট প্ৰহাৰিলা।

কন্ধ মধ্যে চোট        পায়া কম্পি গৈল

মুখে তেজ নিকলিলা।।

কতো ক্ষণে শাল্বে        সন্ধুক্ষণ হুয়া

তৈতে ভৈল অন্তৰ্দ্ধান।

দণ্ড দুই অন্তৰে         পুনু আসি ভৈল

মায়া কৰি সেহি থান।।২৭৮৩।।

বসুদেৱ ৰূপে           মায়া পুৰুষেক

বান্ধি আছে ৰথে তুলি।

শিৰে প্ৰণামিয়া         বিনাইবে লাগিল

আৰ্ত্তৰাৱে কণ্ঠ মেলি।।

হে কৃষ্ণ কৃষ্ণ          মহাবাহু হৰি

পৰম পিতৃ বৎসল।

তযু পিতা মঞি         জানা বসুদেৱ

ৰাখা মক মহাবল।।২৭৮৪।।

তোহ্মাৰ জননী         দৈৱকী পঠাইলা

যুদ্ধক প্ৰতি আসিলো।

শাল্বে বলে ধৰি         ব্যাধে বান্ধিলেক

পশু যেন বন্দী ভৈলো।।

বাপ গদাধৰ      কৰিয়ে নিস্তাৰ

কান্দি কান্দি বোলে বাণী।

হেনয় বিপ্ৰিয়      শুনি কৃপাময়

চাহিলন্ত চক্ৰপাণি।।২৭৮৫।।

ভৈলন্ত বিমন      মনুষ্য লক্ষণ

সামান্য যেন গুণন্ত।

নগৰ ৰাখিতে     বলোক থৈয়াছো

বলে যাৰ নাহি অন্ত।।

সুৰাসুৰে যাক     জিনিতে নপাৰে

মহাবীৰ বলশালী।

পিতৃক আনিলা     অল্পবুদ্ধি শাল্বে

কিমতে তাহাঙ্ক জিনি।।২৭৮৬।।

বিধিৰসে বল      কিমতে কি ভৈল

হৰি হৰি মোৰ বাপ।

এহি বুলি প্ৰভু     ভকত বৎসল

কৰন্ত যেৱে বিলাপ।।

সেহি বেলা আসি   কৃষ্ণক সম্বোধি

বুলিলা শাল্ব নিলাজে।।

হেৰ পিতৃ তোৰ    বান্ধিয়াছো আনি

জীৱ তই যাৰ কাজে।।২৭৮৭।।

তই হেন নিস্ফল        পুত্ৰক জন্মাইল

পাউক পাপী তাৰ ফল।

তোহোক দেখাই    কাটো এহি ঠাই

ৰাখ যেৱে আছে বল।।

এহি বুলি দুষ্টে     কৃষ্ণক ৰ্ভৎসিয়া

খড়্গখান কৰি থিৰ।

হা কৃষ্ণ বাপ      বোলে বসুদেৱ

ছেদিলেক তাৰ শিৰ।।২৭৮৮।।

............

 

।।ছবি।।

এহিমতে দুষ্টমতি        কৃষ্ণক ৰ্ভৎসিৱে প্ৰতি

মায়া মুণ্ডগোট কাটি লৈলা।

মাধৱক বধো বুলি       মায়াময় ৰথে চড়ি

গগন মণ্ডলে চলি গৈলা।।

কৃষ্ণে পিতৃবধ বুলি       মনুষ্য স্বভাৱ ৰাখি

দণ্ড দুই আছে শোক কৰি।।

নিজ সিদ্ধ শুদ্ধজনে  পাচে জানিলন্ত মনে

আপুনি ঈশ্বৰ দেৱ হৰি।।২৭৮৯।।

যি দেখিলো পিতৃকায়া   এহিটো আসুৰী মায়া

ময়ে নিৰ্ম্মিলেক যত্ন কৰি।

মোৰ পিতৃ বসুদেৱ  কদাচিতো নুহিকয়

এহি বুলি বিচাৰিলা হৰি।

কাটিলেক যিবা ঠাই তেজ ফুটো তাত নাই

নাহিকে কৱন্ধ কলেৱৰ।

স্বপ্ন যেন খানিতেক  জাগিলে নেদখি তাক

জানি তুষ্ট ভৈলা গদাধৰ।।২৭৯০।।

আকাশত মায়া ৰথে   যুজে শাল্ব নানামতে

সজ্জন জনৰ মহাবৈৰী।

কটাক্ষে চাহিয়া তাক   মন কৰি বধিবাক

সন্মুখে ৰহিলা মহাহৰি।।

শুক নিগদতি হাসি     শুনিয়োক ৰাজঋষি

কতো হেন বোলে মুনিগণে।

আপোনাৰ বচনতে   কৃষ্ণত বিৰোধি ৰটে

পূৰ্বাপৰ সন্দান নজানে।।২৭৯১।।

শোক মোহ স্নেহ ভয়   কৃষ্ণত কি উপজয়

সত্য হেন মানে মূৰ্খগণে।

অখণ্ডিত জ্ঞান যাৰ    ঐশ্চৰ্য্যৰ নাহি পাৰ

মাধৱৰ মহিমা নজানে।।

যাৰ পদ সেৱি সুখে   বিনাশয় সন্তগণে

অনাদি বন্ধন অহঙ্কাৰ।

পাৱন্ত পৰম পদ    অনন্ত ঈশ্বৰ সুখ

হেন কৃষ্ণ জগত আধাৰ।।২৭৯২।।

ৰামত বিদায় মাগি    যুধিষ্ঠিৰ নৃপতিৰ

যজ্ঞ সাধিবাক আগে গৈলা।

তথা উতপাত দেখি    মোৰ ৰাজ্য মাৰে বুলি

ভয়ে ৰামে সমে আসি ভৈলা।।

ৰামক নগৰে থৈয়া     শাল্বক যুজিবে গৈয়া

শাল্ব শৰে বাহুক ভেদিল।

হাতৰ শাৰঙ্গ ধনু    ভূমিত পৰিল খসি

ইয়ো বৰ অকাৰ্য্য মিলিল।।২৭৯৩।।

মায়া বসুদেৱ আনি   শাল্বে কাটিলেক জানি

শোকে তাক কৰিলা বিচাৰ।

এহিসৱ অসম্ভাব্য    কাৰ্য্য দেখি মূৰ্খগণে

নুবুজিয়া বোলে তিৰস্কাৰ।।

মায়া নৰতনু ধৰি     ভকতক ৰক্ষা কৰি

তান মোহ আছে কোন ঠানে।

যি জনে নজানি ঘোষৈ  আপোন বাক্যত দোষৈ

সিটোসৱে কৃষ্ণক নজানে।।২৭৯৪।।

.......

 

।।শাল্ব বধ।।

।।দুলড়ী।।

 

শুনা পৰীক্ষিত     সাল্বক বধিত

মাধৱে ধাইলা উৎসুকে।

সিটো বহু শৰে         হানে নিৰন্তৰে

কৃষ্ণক লাগি সন্মুখে।।

অতুল বিক্ৰমে     কমলনয়নে

নিজ শৰচয় হানি।

দনু ছেদি তাৰ     কবচ ভেদিয়া

কাটিলা শিৰৰ মণি।।২৭৯৫।।

গদাগোট ধৰি     ৰথৰ উপৰে

কোবাইলন্ত খেদি গৈয়া

সমুদ্ৰ জলত       পৰি গৈল ৰথ

হাজাৰেক খণ্ড হুয়া।।

জলত ডুবিয়া      ৰথক ত্যজিয়া

সান্থুৰি ভূমিক পাইল।

নিজ গদা ধৰি     শাল্ব মহাবলী

পুনু মাধৱক ধাইল।।২৭৯৬।।

বেগে আসে ধাই    দেখি যদুৰায়

ভল্ল শৰ ধৰি ডাটি।

গদায়ে সহিতে     বাহুখান তাৰ

বাটতে পেলাইলা কাটি।।

বাহুক ছেদিয়া     শাল্বক বধিত

সুদৰ্শন চক্ৰ ধৰি।

জ্বলন্ত অধিক      আদিত্য সহিত

যেহেন উদয় গিৰি।।২৭৯৭।।

প্ৰলয়ৰ সূৰ্য       জ্বলে যেন চক্ৰ

হানিলা মাধৱে ডাটি।

কিৰীটি কুণ্ডলে     সুমণ্ডিত তাৰ

শিৰক পেলাইলা কাটি।।

বজ্ৰৰ প্ৰহাৰে      যেন পুৰন্দৰে

বৃত্ৰৰ শিৰ কাটিল।

দেকিয়া প্ৰজাৰ     ভৈল হাহাকাৰ

নৃপতি শাল্ব নাশিল।।২৭৯৮।।

শিৱ বৰদত্ত       ৰথে ভৈল হত

শাল্ব যেৱে নাশ ভৈলা।

সেহি বেলা দুষ্ট         দন্তবক্ৰ নাম

ৰাজা ক্ৰোধে আসি ভৈলা।।

মিত্ৰৰ সন্তাপে      ক্ৰোধে খেদি আসি

কৃষ্ণক ভৈলা সন্মুখ।

সুহৃদৰ ধাৰ      সুজো আজি বুলি

মনত বৰ আসুখ।।২৭৯৯

শুনা বুদ্ধ জন     পাপ নষ্ট হৌক

কৃষ্ণক ধৰা মনত।

কেশৱৰ কথা      মিলে যথা যথা

তথা মুকুতিৰ পথ।।

নাটক টাটক      দেখাহা যতেক

পুত্ৰ ভাৰ্য্যা ধন জন।

আতে মোহ হুয়া    মনত নলৈয়া

কৃষ্ণৰ গুণ শ্ৰৱণ।।২৮০০।।

দুৰ্জন জানৰ      দুৰ্জনেসে মিত্ৰ

দেখিয়ো কেনে সংসাৰ।

মিত্ৰৰ অৰ্থত      প্ৰাণক ত্যজয়

নকৰে কিছু বিচাৰ।।

এতেকে কৃষ্ণৰ     ভকত যি হয়

ভকতেসে তাৰ মিত্ৰ।

তাকেসে পালিব    পূষিব যতনে

শাস্ত্ৰৰ যেন বিহিত।।২৮০১।।

কৃষ্ণক ত্যজিয়া     বৈষ্ণৱক ভজি

দুষ্টয়েৰে কৰে ৰতি।

কৃষ্ণ কথা পাই     নুশুনে হেলায়

গৈলা সিটো অধোগতি।।

জানি প্ৰতি দিনে    শুনিয়ো যতনে

গোৱিন্দৰ গুণ নাম।

দুৰ্ঘোৰ সংসাৰ     সুখে হোৱে পাৰ

সদায়ে ঘোষিয়ো ৰাম।।২৮০২।।

.........

।।দন্তবক্ৰ আৰু বিদুৰথ বধ।।

              ।।পদ।।

শুক নিগদতি পৰীক্ষিত শুনিয়োক।

যেনমতে বিদুৰথ গৈল পৰলোক।।

শিশুপাল পৌন্ড্ৰক যেন শাল্ব দুৰাচাৰ।

দন্তবক্ৰ ৰাজা মহামিত্ৰ তাসম্বাৰ।।২৮০৩।।

মৰিল তেসম্বো যেৱে তভো নপাসৰে।

সুহৃদৰ প্ৰিয় কৰো বুলিয়া গোচৰে।।

একেশ্বৰে ভূমিপাৱে ক্ৰোধে গদা ধৰি।

মাধৱক ধাই আসে কাম্পে। বসুন্ধৰী।।২৮০৪।।

মহাবাগে ধাই আসে দেখি হেন হৰি।

শীঘ্ৰবেগে ৰথৰ নামিল গদা ধৰি।।

আইস বুলি আগ ভেণ্টিলন্ত নাৰায়ণে।

সমুদ্ৰক ৰাখিল কাখৰে যেন ঠানে।।২৮০৫।।

কলিঙ্গ দেশৰ পতি গদাক উচ্চাই।

বল্বিবে লাগিলা মন্দে মুকুন্দক চাই।।

কিনো মোৰ মনত আনন্দ আজি ভৈল।

তই মোৰ মিত্ৰবৈৰী আগতে মিলিল।।২৮০৬।।

মমৰা তনয় তই কৃষ্ণ নিদাৰুণ।

মোকো বধবাক চাস কিনো নিদাৰুণ।।

বজ্ৰসম গদাৰ প্ৰহাৰে আজি তোক।

এতেকে বধিবো মন্দ বৈয়াই জান মোক।।২৮০৭।।

তেৱেসে জানিবি ঋণ সুজিলো মিত্ৰৰ।

মিত্ৰত বৎসল কোন আছে মোতপৰ।।

যো নো বোলা বাই হেন বোলা তই কিক।

নুহিকস বাই তই শত্ৰুতো অধিক।।২৮০৮।।

শৰীৰত থাকে ব্যাধি সুখক নেদয়।

বন্ধুৰূপ শত্ৰু তই বধিবো নিশ্চয়।।

হেনয় নিষ্ঠুৰ বাক্য কৃষ্ণক ৰটিল।

চাবুকৰ কোবে যেন হস্তীক তাড়িল।।২৮০৯।।

গদাগোট ধৰি মাধৱৰ শিৰে তাড়ি।

সিংহ যেন প্ৰচণ্ড নাদিল আতি কৰি।।

গদাৰ প্ৰহাৰে তাৰ নকম্পিলা হৰি।

সেহি ছেগে ধাইলা কৌমুদকী গদা ধৰি।।২৮১০।।

দন্তবক্ৰ বীৰৰ তাড়িলা স্তন মাজ।

ভাগিল হৃদয় মুখে তেজ বৈল বাজ।

কেশ পাশ শুখাইল আচাৰে হাত বৰি।

কতোক্ষণে প্ৰাণ গৈল পৃথিৱীত পৰি।।২৮১১।।

পাচে তাৰ জ্যোতিৰ্ম্ময় আত্মা বাজ ভৈলা।

সৱে চাহি আছন্তে কৃষ্ণত লীন গৈলা।।

শিশুপাল বদে যেন মিলিল প্ৰস্তুত।

ভৈলন্ত বিস্ময় লোকে দেখি অদভুত।।২৮১২।।

বৈকুণ্ঠৰ দ্বাৰপাল আছিল বিজয়।

ঋষি শাপে তিনিবাৰ জন্মিল দুৰ্জয়।।

হিৰণ্যাক্ষ কুম্ভকৰ্ণ দন্তবক্ৰ নামে।

তিনিয়ো জন্মত হৰি মাৰন্ত সংগ্ৰামে।।২৮১৩।।

বৈৰভাৱে চিন্তি সদা লভিল মুকুতি।

আগবাঢ়ি সাধা হৰি ভকতৰ গতি।।

অনন্তৰে তাৰ ভাই বিদুৰথ বলী।

ভাতৃ পৰিবাৰ দেখি শোকে গৈলা জ্বলি।।২৮১৪।।

শত্ৰুবুদ্ধি মাধৱক বধো হেন মনে।

খড়্গ চৰ্ম্ম ধৰি খেদি গৈল তেতিক্ষণে।।

কৃষ্ণ চাহি আছে খেদি আসে দুৰাচাৰ।

ক্ষুৰসম ধৰি চক্ৰ কৰিলা প্ৰহাৰ।।২৮১৫।।

লীলায়ে বাটতে তাৰ কাটিলন্ত শিৰ।

কিৰীটি কুণ্ডল সমে প্ৰকাশে ৰুচিৰ।।

এহিমতে শাল্ব দন্তবক্ৰ বিদুৰথ।

সৱাকে বধিলা কৃষ্ণ ধৰ্ম্ম সংগ্ৰামত।।২৮১৬।।

সুৰাসুৰ সিদ্ধ মুনি গন্ধৰ্ব্ব কিন্নৰ।

দেখি তুষ্ট ভৈলা পিতৃগণ নিৰন্তৰ।।

বিদ্যাধৰ অপেশ্বৰা মহা নাগগণ।।

যক্ষ চাৰণ সৱে মহাৰঙ্গ মন।।২৮১৭।।

পুষ্পবৃষ্টি কৰে সৱে দশোদিশ চানি।

কৃষ্ণৰ বিজয় জয় কীৰ্ত্তনৰ ধ্বনি।।

গাৱন্ত কৃষ্ণৰ গীত দুন্দুভি শবদ।

নাশিল পাষণ্ডচয় খণ্ডিল আপদ।।২৮১৮।।

বৃষ্ণিবংশ মধ্যে যত মহাবীৰগণ।

কৃষ্ণক চৌপাশে উসাসিয়া ৰঙ্গমন।।

জয় বাদ্য কৰে সৱে উৎসৱ অশেষ।

অলঙ্কৃতে নগৰীত ভৈলন্ত প্ৰৱেশ।।২৮১৯।।

দ্বাৰকাত আনন্দ মিলিল অসংখ্যাত।

পৰম আনন্দে থাকিলন্ত জগন্নাথে।।

এহি মতে কৃষ্ণৰ চৰিত্ৰ গুৰুতৰ।

জগত ঈশ্বৰ ভগৱন্ত যোগেশ্বৰ।।২৮২০।।

অজ্ঞানী লোকত প্ৰকাশয় নৰচয়।

তেহেন্তো জিনয় যেন তাহাঙ্কো জিনয়।।

যাহাৰ মায়ায়ে সৰ্ব্ব জগত মোহিত।

আৱে শুনা আৰো বলদেৱৰ চৰিত।।২৮২১।।

...................

 

।।বলৰামৰ পৰ্য্যটন।।

 

কুৰু পাণ্ডৱৰ ভৈল কন্দল বিষম।

যুদ্ধক নিশ্চয় সৱে কৰিলা উদ্যম।।

জানি বলভদ্ৰ নভৈলন্ত কাৰো ভিতি।

তীৰ্থ কৰিবাক ছল ধৰি মহামতি।।২৮২২।।

দ্বাৰকাৰ পৰা যাত্ৰা কৰি চলি গৈলা।

কতো দিনে প্ৰভাস তীৰ্থত প্ৰৱেশিলা।।

স্নান কৰি দেৱ ঋষি পিতৃক তৰ্পিয়া।

তৈৰ হন্তে চলিল বিপ্ৰক দান দিয়া।।২৮২৩।।

চৌপাশে উপাসি বিপ্ৰগণে যা্নত বেঢ়ি।

সৰস্বতী তীৰ্থে প্ৰৱেশিলা হলধাৰী।।

তথা পৃথুদক চিত্ৰকূট বিন্দুসৰ।

সুদৰ্শন তীৰ্থবৰ বিশাল অপৰ।।২৮২৪।।

ব্ৰহ্মতীৰ্থ চক্ৰতীৰ্থ পূৰ্ব্ব সৰস্বতী।

বিধিৱতে সৱাতে স্নানিলা যদুপতি।।

যমুনাৰ অনুৱৰ্ত্তী যত তীৰ্থ আছে।

অনুক্ৰমে সৱাতে স্নানিলা ৰামে পাচে।।২৮২৫।।

গঙ্গাক আলিঙ্গি তীৰ্থ আছে যতমান।

বিধিৱতে সৱাতে কৰিলা প্ৰভু স্নান।।

নৈমিষাৰণ্যক পাচে কৰিলা গমন।

যত সত্ৰ পাতি আছে মহামুণিগণ।।২৮২৬।।

ৰাম আসিবাৰ দেখি মুনি পত্নীগণে।

আসনৰ উঠি প্ৰণামিলা তেতিক্ষণে।।

এহিমতে ৰামক অৰ্চ্চিলা সতকাৰে

বোলন্ত আজিসে জন্ম সফল আহ্মাৰে।।২৮২৭।।

আসনে বসিলা বলদেৱ ৰঙ্গমনে।

চৌপাশে উপাসি বসিলন্ত ঋষিগণে।।

ৰোমহৰিষণ এক আছে সূত নাম।

তাসম্বাক শাস্ত্ৰ শুনাৱন্ত অৱিশ্ৰাম।।২৮২৮।।

সভামাজে ব্ৰহ্মাসনে আছন্ত বসিয়া।

নুঠিলন্ত গাৱ চলি ৰামক দেখিয়া।।

বসি বলভদ্ৰে তথা দেখিলন্ত পাচে।

ইটো কোন মহাজন ঠেস কৰি আছে।।২৮২৯।।

ক্ষত্ৰিয়ৰ তেজে ব্ৰাহ্মণীত ভৈল জাত।

জানো ইটো ব্যাস শিষ্য সূত নামে খ্যাত।।

মোক আসিবাৰ দেখি নচালিলে গাৱ।

নকৰিলা প্ৰণাম অঞ্চলি প্ৰিয় ভাৱ।।২৮৩০।।

ব্ৰহ্মসভা মাজে বহি আছ উচ্চাসনে।

বুলিবে লাগিলা বলো মহা কোপ মনে।।

কেনে ব্ৰাহ্মণৰ মাজে আছে ইটো সূত।

বৰ্ণলোপ পাপী নোহে চুইবেক যুগুত।।২৮৩১।।

আমিসৱ ধৰ্ম্মপাল নগণে আহ্মাক।

আন শাস্তি নাহি আক যোগ্য বধিবাক।।

ব্যাস হেন পৰম মুনিৰ শিষ্য হুয়া।

আছে ইতিহাস বহু পুৰাণ পঢ়িয়া।।২৮৩২।।

তভো দুষ্টমতি বৈল অজাতিৰ গুণে।

পণ্ডিত বোলাই ব্ৰাহ্মণৰ মান্য ঘেণে।।

জিতেন্দ্ৰিয় নুহি যিটো ধৰ্ম্মত বিনীত।

তাৰ শাস্ত্ৰ জ্ঞানে কিছু নসাধয় হিত।।২৮৩৩।।

নটে যেন ৰতে মাত্ৰ কপত হৃদয়।

আনতেসে জনাৱে আপুনি নকৰয়।।

এহি কাৰ্য্যে নৰলোক ভৈলো অৱতাৰ।

দুৰ্জ্জন জনক মানে কৰিবো সংহাৰ।।২৮৩৪।।

ধৰ্ম্মধ্বজী জন মহাপাপীতো অধিক।

বধিবো সৰ্ব্বথা তাক ৰাখিবোহো কিক।।

এহি বুলি ভগৱন্ত দেৱ যদুৰাজে।

দুষ্টবধো তেজি আছা তীৰ্থ যাত্ৰা কাজে।।২৮৩৫।।

সূত হেন সন্তকো বধিবে ভৈলা মতি।

যাৰ যেন হৈবে কোনে ৰাখিবে শকতি।।

হস্তত আছিল কুশ তাৰ আগে হানি।

সমাজত সূতক বধিলা হলপাণি।।২৮৩৬।।

দেখি মুনিগণে কৰিলন্ত হাকাৰা।

হৰি হৰি হৰিষতে কি ভৈল আহ্মাৰ।।

মহা দুঃখে ৰামক বুলিলা মুনিগণে।

প্ৰভু তুমি অকাৰ্য কৰিলা অকাৰণে।।২৮৩৭।।

আমিসৱে তাহাঙ্ক দিয়াইছো ব্ৰহ্মাসন।

পুৰাণসকল শুনিবাক ৰঙ্গমন।।

আৰোগ্য শৰীৰ আয়ু দিলো মুনিগনে।

নাহিকে মৰণ শাস্ত্ৰ সাহ্গ নুহি মানে।।২৮৩৮।।

যদি বোলা সূতক বধিলো আত কিক।

শাস্ত্ৰপ্ৰিয় প্ৰভু এহি বিপ্ৰতো অধিক।।

নজানিয়া যেন প্ৰভু বধিলা আপুনে।

ভৈল ব্ৰহ্মবধ প্ৰভু গুণি চোৱা মনে।।২৮৩৯।।

যদি বোলা মোক কি কৰিবে ব্ৰহ্মবধে।

তোহ্মাৰ মুখৰ বাক্য কহে তযু বেদে।।

ব্ৰাহ্মণক নৱবিধ সুৰাক নিপিব।

বিপ্ৰৰ সুৱৰ্ণ গুৰুপত্নী নহৰিব।।২৮৪০।।

ইহাৰ সংসৰ্গ সম পঞ্চম পাতক।

নকৰিব বুলি প্ৰভু কহিলা লোকক।।

আৱে যেৱে প্ৰভু তুমি কৰাহা আপুনে।

নোহে যোগেশ্বৰ তেৱে নিন্দিবেক জনে।।২৮৪১।।

এতেকে তোহ্মাৰ প্ৰভু যুৱাই প্ৰায়শ্চিত্ত।

আপুনি ঈশ্বৰ যেন কৰিয়ো বিহিত।।

জগত পৱন প্ৰভু তুমি কৰা যেৱে।

আনোসৱ লোক প্ৰভু আচৰিবে তেৱে।।২৮৪২।

ব্ৰাহ্মণগণৰ হেন প্ৰিয় বাণী শুনি।

সৱাকো আশ্বাসি ৰামে বুলিলন্ত বাণী।।

বলভদ্ৰ বদতি শুনিয়ো মুনিগণ।

আচৰিবো প্ৰায়শ্চিত্ত লোকৰ কাৰণ।।২৮৪৩।।

বিহিয়ো নিয়ম মুখ্যতম প্ৰাণী জানি।

সমস্তক জানা তুমিসৱ মহামানী।।

নুহি হেন কৰো বোলা জীয়াঞো সূতক।

দিঞো দীৰ্ঘ আয়ু বল কহন্তে শাস্ত্ৰক।।২৮৪৪।।

নাহি আন কি কহিবো বুলিয়ো সকলে।

যেহি বাঞ্ছা সেহি কৰি দিবো যোগবলে।।

হেন শুনি মুনিগণে কহিলা ৰামত।

তযু অস্ত্ৰ বীৰ্য্য সত্য হোৱে যেনমত।।২৮৪৫।।

মৃত্যুৰো আহ্মাৰো আৰো তোহ্মাৰ বচনে।

সৱে সত্য হোৱে যেন সাধিয়ো আপুনে।।

বোলন্ত মূষলধৰ শুনা মুনিগণ।

যেনমতে সত্য হোৱে তোহ্মাৰ বচন।।২৮৪৬।।

আপুনিসে পুত্ৰৰূপে হোৱে উতপন।

নাম মাত্ৰ পুত্ৰ যেন বেদৰ বচন।।

এতেকে ইহান পুত্ৰ আছে সিয়ো সূত।

পুৰাণৰ কথা সেহি হৈৱেক প্ৰস্তুত।।২৮৪৭।।

যাৱে শাস্ত্ৰ সাঙ্গনুহি তেৱে নমৰোক।

দিলো দীৰ্ঘ আয়ু মহা আৰোগ্য থাকোক।।

আৰো হেন বোলো শুনা মহামুনিগণ।

তোমাসাৰ প্ৰিয় হেন সাধিবো এখন।।২৮৪৮।।

নাজানো বিপ্ৰৰ সেৱা আদেশিয়ো মোক।

তড়ো ব্ৰহ্মদণ্ড চণ্ড কৃপা কৰিয়োক।।

তোমাসাৰ বচনত শান্ত ভৈল চিত্ত।

বেদ বাক্য ৰাখিবাক আহ্মাৰ উচিত।।২৮৪৯।।

শুনি মুনিগণে ৰঙ্গে দিলন্ত উত্তৰ।

সাধিয়ো আহ্মাৰ প্ৰিয় কাৰ্য্য হলধৰ।।

ইল্বলৰ পুত্ৰ ঘোৰ বল্বল দানৱ।

তাতে হন্তে আমি বৰ পাঞো পৰাভৱ।।২৮৫০।।

প্ৰতি পৰ্ব্বে খেদি আসে সিটো দুৰাচাৰ।

কৰয় দূষিত সত্ৰভূমিক আহ্মাৰ।

পূঁজ শোণিত বিষ্ঠা মূত্ৰ সুৰা মাংসে।

প্ৰতি পৰ্ব্বে আস যজ্ঞভূমিত বৰিষে।।২৮৫১।।

হেন পাপৰূপ তাক কৰিয়ো সংহাৰ।

পৰম শুশ্ৰূষা তেৱে সিজয় আহ্মাৰ।।

তেৱে কাম ক্ৰোধ লোভ দম্ভ পৰিহৰি।

পৰ্যটিয়ো ভাৰতবৰিষ ব্ৰত ধৰি।।২৮৫২।।

বাৰ মাস তীৰ্থসেৱা কৰি অৱিশ্ৰাম।

তেৱে ব্ৰহ্মবধ তড়ি শুদ্ধ হুইবা ৰাম।।

শুক নিগদতি শুনিয়োক পৰীক্ষিত।

এহি হৌক বুলি বলো ৰহিলা তহিত।।২৮৫৩।।

অনন্তৰে পূণ্য পৰ্ব্ব ভৈল যেৱে আসি।

মহাৰঙ্গে আহুতি কৰন্ত সৱে ঋষি।।

মহাবল বল্বল আসিলা সেহি বেলা।

ঘোৰ শিলাবৃষ্টিয়ে ঢাকিল সত্ৰশালা।।২৮৫৪।।

পূঁজ গন্ধ চণ্ডবায়ু বহে দশোদিশে।

বিষ্ঠা মূত্ৰে তেজে পূঞ্জে সুৰায়ে বৰিষে।।

ত্ৰাহি ৰাম বুলি গেৰিয়ান্ত সৱ মুনি।

নাহি ভয় বুলি খেদি যান্ত হলপাণি।।২৮৫৫।।

দেখিল বল্বল বীৰ আছে সেহি ঠাই।

অঞ্জন পৰ্ব্বত যেন স্থূল মহাকায়।।

তপত তাম্ৰৰ শালা কেশ গোফ ডাড়ি।

ভ্ৰূকুটি কুটিল অগ্ৰ উগ্ৰ দন্ত শাৰী।।২৮৫৬।।

তাক দেখি ৰামে পৰ সৈন্য বিনাশন।

নিজ অস্ত্ৰ মূষলক চিন্তিলা তেখন।।

স্মৰণ মাত্ৰকে সিটো লাঙ্গল সহিত।

শীঘ্ৰ বেগে আগে আসি ভৈল উপস্থিত।।২৮৫৭।।

ধৰিলা লাঙ্গল বলভদ্ৰ মহাবলী।

দিলেক লৱড় দৈত্য কালে পাইলে বুলি।।

আকাশ গমনে পলাই যাই বলো জানি।

লাঙ্গলৰ আগে পাই আনিলন্ত টানি।।২৮৫৮।।

মুণ্ডত মূষলে তাড়িলন্ত মহাবলে।

ফুটিল ললাত তেজ বজাই বোম্বালে।।

অৰুণ গিৰিক যেন বজ্ৰে বিদাৰিল।

ঘোৰ ৰাৱ চাড়ি বীৰ ভূমিত পৰিল।।২৮৫৯।।

মৰিল বিপ্ৰৰ বৈৰ অসুৰ বল্বল।

দেখি মুনিগণ ভৈল মহা কৌতূহল।।

কৰিলা ৰামক স্তুতি স্বৰূপ বচনে।

যেন বৃত্ৰ বধিলে ইন্দ্ৰাদি দেৱগণে।।২৮৬০।।

কৰিলা ৰামক মহোৎসৱ অভিষেক।

বেদ পঢ়ি আশীৰ্ব্বাদ দিলন্ত অনেক।।

বৈজয়ন্তী মালা এক ৰামক দিলন্ত।

সৰ্ব্বক্ষণে মহালক্ষ্মী যাক নছাড়ন্ত।।২৮৬১।।

বিমল কমল মালা নাহি তাৰ বাসি।

ঋষিক আশ্বাসি ৰামে পিন্ধিলা হৰিষি।।

আৰো দিব্য বস্ত্ৰ দুই অমূল্য ভূষণে।

মুনিগণে ৰামক দিলন্ত ৰঙ্গ মনে।।২৮৬২।।

অনন্তৰে ৰামে তাসম্বাক আজ্ঞা লৈলা।

বিপ্ৰগণে সতে তীৰ্থ কৌশিকীক গৈলা।।

তাত স্নান কৰি গৈলা তীৰ্থ সৰোবৰ।

যাৰ হন্তে সৰযু বহন্ত নিৰন্তৰ।।২৮৬৩।।

সৰযুৰ অনুলোকে প্ৰয়াগক গৈলা।

ঋষি দেৱ আদি কৰি সৱাকো তৰ্পিলা।।

পাচে চলি গৈলা ৰাম পুলহ আশ্ৰম।

গণ্ডকী গোমতী স্নানিলন্ত যথাক্ৰম।।২৮৬৪।।

বিপাশাত স্নানি শৌন তীৰ্থত স্নানিলা।

গয়া তীৰ্থে গৈয়া পিতৃগণক তুষিলা।।

গৈলা মহাৰঙ্গে গঙ্গা সাগৰ সঙ্গম।

মহেন্দ্ৰ গিৰিত আছে ৰাম আশ্ৰম।।২৮৬৫।।

পৰশুৰামক দেখি কৰিলা প্ৰণাম।

সপ্ত গোদাবৰী তীৰ্থ গৈলা হলিৰাম।।

বেণী তীৰ্থ তম্পা ভীমৰথী তীৰ্থ কৰি।

কাৰ্ত্তিকক দেখি পুনুগৈলা হলধাৰী।।২৮৬৬।।

শ্ৰীশৈল পৰ্ব্বত চাহি হৰৰ আলয়।

দ্ৰাবীড় দেশক গৈলা ৰোহিণী তনয়।।

মহাপূণ্য দেশে দেখি বৈকুণ্ঠ প্ৰভুক।

কামকোঞ্জি কাঞ্চিপুৰী পশিলা উৎসুক।।২৮৬৭।।

দক্ষিণ সাগৰ দেখি মহাৰঙ্গ ভৈলা।

মহানন্দা কাবেৰী তীৰ্থত প্ৰৱেশিলা।।

পশিলা শ্ৰীৰঙ্গাখ্য তীৰ্থ মহা পূণ্যময়।

যাত সন্নিহিত কৃষ্ণদেৱে নিত্য তয়।।২৮৬৮।।

ঋষভ পৰ্ব্বত দেখি ক্ষেত্ৰ মাধৱৰ।

গৈলন্ত দক্ষিণ পথে মথুৰা নগৰ।।

পাচে সেতুবন্ধে চলি গৈলা মহবল।

যাক দেখি মহাপাপ খণ্ডয় সকল।।২৮৬৯।।

তথা হলধৰ বিধিমতে কৰি স্নান।

অযুতেক ধেনু ব্ৰাহ্মণক দিলা দান।।

পাচে কৃতমালা তাম্ৰপৰ্ণী স্নান কৰি।

দেখিলা মলয়াচল কুলাচল গিৰি।।২৮৭০।।

আশ্ৰমতে তহিতে অগস্ত্য আছে বসি।

দেখি তাঙ্ক প্ৰণাম কৰিলন্ত মহাযশী।।

অনেক আশংকা কৰিলন্ত মহাঋষি।।

আজ্ঞা লৈয়া বলভদ্ৰ চলিলা হৰিষি।২৮৭১।।

দক্ষিণ সাগৰে মহানগৰ পশিলা।

ভদ্ৰকন্যা নামে দুৰ্গা দেৱীক দেখিলা।।

পাচে মধ্যদেশ প্ৰৱেশিলা হলধৰ।

পঞ্চাস্পৰস নামে আছে সৰোৱৰ।।২৮৭২।।

বিষ্ণু সন্নিহিত যাত তা স্নান কৰি।

অযুতেক ধেনু দান দিলা হলধাৰী।।

কেৰল ত্ৰিগৰ্ত্ত দেশে প্ৰৱেশিলা পাচে।

যাত গিৰি গোকৰ্ণ শিৱৰ ক্ষেত্ৰ আছে।।২৮৭৩।।

তাক দেখি আৰ্য্যাদ্বৈপায়নী তীৰ্থ কৰি।

শূৰ্পাৰক তীৰ্থে গৈলা অনন্ত মুৰাৰি।।

তাপী উষ্ণোদকে নিৰ্ব্বিন্ধাত কৰি স্নান।

দণ্ডক তীৰ্থত পিণ্ড কৰিলাহা দান।।২৮৭৪।।

ৰেৱা তীৰ্থ কৰি মাহিষ্মতী পুৰী গৈলা।

মনুতীৰ্থ স্নানি পুনু প্ৰভাসক পাইলা।।

শুনিলন্ত তথা কহিলন্ত মুনিগণে।

ক্ষেত্ৰি ক্ষয় ভৈল কুৰু পাণ্ডৱৰ ৰণে।।২৮৭৫।।

যত ভৈল ৰাজা যত ৰাজাৰ কুমাৰ।

জানিলন্ত ৰামে হৰি হৰিলা ভূভাৰ।

ভীমে দুৰ্য্যোধনে মিলিযাছে গদা ৰণ।

নিবাৰিবো বুলি তথা কৰিলা গমন।।২৮৭৬।।

দেখি কৃষ্ণ যুধিষ্ঠিৰ বীৰ ধনঞ্জয়।

আগবাঢ়ি গৈলা দুই মাদ্ৰীৰ তনয়।।

নমস্কাৰ কৰি সৱে থাকিলন্ত মৌনে।

কিবা বুলিবাক মনে আসিলা ইথানে।।২৮৭৭।।

হস্তে মহা গদা ধৰি ভীম দুৰ্য্যোদন।

দুইকো দুয়ো জিনো বুলি কৰে ঘোৰ ৰণ।।

বিচিত্ৰ মণ্ডলে দুয়ো ফুৰে চক্ৰাকাৰে।

দেখি দুইকো সম্বোধি বুলিলে হলধৰে।।২৮৭৮।।

হে ৰাজা দুৰ্য্যোধন হে বৃকোদৰ।

দুয়ো তুল্য ভূম বীৰ একে সমসৰ।।

শিক্ষায়ে অধিক কিন্তু জানো একোজন।

বলত অধিক এক লৱে মোৰ মন।।২৮৭৯।।

এতেকে দুহান্তো তুল্য নাহি কাৰো জয়।

নাহি পৰাজয় হেন দেখিয় আনয়।।

এতেকে নিষ্ফল যুদ্ধ কৰা কি কাৰণ।

এৰা যুদ্ধ শুনা যেৱে মোহোৰ বচন।।২৮৮০।।

হেন পৰামাৰ্থ বাক্য শুনয়া ৰাম।

নধৰিলা দুয়ো দুৰ্য্যোধন বৃকোদৰ।।

দুইৰো দুই দাৰুণ কৰ্ম্মক স্মৰি মনে।

বৈৰ বুদ্ধি প্ৰহাৰ কৰন্ত বৰ টানে।।২৮৮১।।

হেন দেখি বলভদ্ৰে মানি নিজ মনে।

পূৰ্ব্ব জন্ম কৰ্ম্ম আক বাধিবেক কোনে।।

মোৰ বাক্য তাসম্বে মানিবে কি কাৰমে।

খঙ্গে দ্বাৰাকাক চলি গৈলা তেতিক্ষণে।।২৮৮২।।

উগ্ৰসেন আধি কৰি যদুবংশগণে।

আগবাঢ়ি আসি সৱে নিলা ৰঙ্গমনে।।

তীৰ্থ যাত্ৰা কৰি আসি ভৈলা হলধৰ।

মিলিল পৰম ৰঙ্গ সকল বংশৰ।।২৮৮৩।।

পুনৰপি গৈলা প্ৰভু নৈমিষাৰণ্যক।

ঋষিগণে যজ্ঞচয় কৰাইলা ৰামক।।

যজ্ঞমূৰ্ত্তি বিশ্বৰূপ আপুনি ঈশ্বৰ।

তথাপি যজিলা সিদ্ধি সাধিলা বিপ্ৰৰ।।২৮৮৪।।

বিস্তাৰিলা তাসম্বাক বিশুদ্ধ জ্ঞানক।

সিটো জ্ঞান আপোনাত দেখি ঈশ্বৰক।।

জগতকে আপোনাতে দেখি ঈশ্বৰতে।

সক্ষাতে দখিলা প্ৰভু ভকতি সহিতে।।২৮৮৫।।

পাচে অৱভৃথ স্নান কৰিলন্ত ৰাম।

ৰেৱতী ভাৰ্য্যায়ে সমে পূৰি পূৰ্ণকাম।।

প্ৰকাশিলা প্ৰভু বন্ধু-বান্ধৱৰ মাজ।

পোন কীৰ্ত্তিয়ে যেন পূৰ্ণ দ্বিজৰাজ।।২৮৮৬।।

দিব্য বস্ত্ৰ অলঙ্কাৰে ভৈলা সালঙ্কৃত।

দ্বাৰকাক আসি ৰাম ভৈলা কৃতকত্য।।

এহিমতে কৰ্ম্মসৱ শ্ৰীবলদেৱৰ।

সক্ষাতে অনন্ত মায়া ৰূপ হলৰ।।২৮৮৭।।

জগতকে ৰমন্ত প্ৰসদ্ধ ৰামনাম।

তান অদভূত কৰ্ম্ম জন্ম গুণ গ্ৰাম।।

প্ৰভাত সায়াহ্নে যিটো শুনে ভক্তি ভাৱে।

সেহি সধু নৰে মাধৱৰ পদ পাৱে।।২৮৮৮।।

হেন জানি শুনা নৰ যাৰ আছে বুদ্ধি।

কৃষ্ণ কথা সংসাৰ ব্যাধিৰ মহোষধি।।

চিন্তিয়া অষ্টাঙ্গ যোগ নপাৱে মুকুতি।

কৃষ্ণকথা শুনিয়া ঠাৱতে সাধে গতি।।২৮৮৯।।

কৃষ্ণৰ কথাৰ কিবা কহিবো মহিমা।

চতুৰ্মুখে ব্ৰহ্মায়ো নপান্ত যাৰ সীমা।।

মোৰ কি বচনে তাক ধৰিবাহা লোক।

তথাপি বোলোহো দোষ নিদিবাহা মোক।।২৮৯০।।

বীমে দুৰ্য্যোধনে নমানিলে ৰাম বাণী।

আনসৱ দুৰ্জ্জনে মানিবা কিবা জানি।।

যিবা জনে আছে কৃষ্ণকথা স্বাদ পাই।

আগবাঢ়ি তেসম্বো নুশুনে সৰ্ব্বদায়।।২৮৯১।।

কৰ্ম্মদোষ কালদোষ স্বভাৱৰ পলে।

মিলে পুৰুষত আশি দেখিলা সকলে।।

ভাঙ্গ আু মদ্য মাংস মৎস্য নাৰীসুখ।

একতিল ত্যজন্তে মনত মহা দুঃখ।।২৮৯২।।

কৃষ্ণৰ কথাত মিলে মহা মোক্ষ সুখ।

তাহাক ত্যজন্তে কিছু নিমিলয় দুঃখ।।

হৰি হৰি লোক কিনো দৈৱে ভৈল নাশ।

অমৃতক তেজিয়া বিষত যদি আশ।।২৮৯৩।।

ধিক কুলশলী ধন জন সনমান।

আগবাঢ়ি কৃষ্ণৰ কথাত নেদে কাণ।।

নমো কৃষ্ণ কৰা দেৱ পাতকীৰ গতি।

তযু কথা অমৃতত নছাড়োক মতি।।২৮৯৪।।

অনন্ত কন্দলি কহে কৃষ্ণ ইষ্টদেৱ।

কলিমল দুস্তৰ তাড়ন্তা নাহি কেৱ।।

শুনিয়ো দশম স্কন্ধ পদ ভাগৱত।

নিৰন্তৰে হৰি বোলা দুঃখ হৌক হত।।২৮৯৫।।

..............

 

।।ছবি।।

 

মহাৰাজা পৰীক্ষিত       শুনি কৃষ্ণ কথামৃত

তৃপিত বাঢ়ন্ত অভিনৱ।

ব্যাসৰ পুত্ৰক চাই       বিনাৱন্ত মহশয়

কৃষ্ণকথা কহিয়ো বান্ধৱ।।

ৰাম চৰিত্ৰ শুনি    আনন্দ লভিলো আতি

তৃপিতি নছাড়ে তভো মনে।

প্ৰাণবন্ধু মাধৱৰ    আনো যত মনোহৰ

কৰ্ম্ম তাক শুনিবো যতনে।।২৮৯৬।।

বীৰ্য্যবল নাহি অন্ত       মহাশয় ভগৱন্ত

যাৰ কথা শ্ৰৱণে মুকুতি।

কোননো বিশিষ্ট নৰে     তান কথা বাৰে বাৰে

শুনি তাত হুইবে বৰকতি।।

বিচাৰি বিষয় সুখ       সদায়ে নখণ্ডে দুঃখ

ৰাত্ৰি দিনে দহে সমুদায়।

কৃষ্ণকথা অমৃতক        পা কোনে তেজিবেক

আউৰ সুখ আছে কোন ঠাই।।২৮৯৭।।

সেহিসে পৱিত্ৰ বাণী      কৃষ্ণ গুণ গাৱে জানি

নুহি বৃথা ভাটো নৰটয়।

তাকসে বুলিয় কৰ       কৰে কৃষ্ণসেৱা কৰ্ম্ম

নুহি হস্ত হৱাতো থাকয়।।

স্থাৱৰ জঙ্গম যত        সৱাতো আছয় কৃষ্ণ

চতুৰ্ভুজ পঙ্কজনয়ন।

আন সৱ পৰিহৰি       তাঙ্কে চিন্তৈ এক কৰি

তাকেসে বুলিয় সাধু মন।।২৮৯৮।।

ভাল পূণ্য় কথাচয়       শুনে সাধু শুদ্ধাশয়

সেহি কৰ্ণ জানিবা ৰুচিৰ।

কৃষ্ণৰ উভয় লিঙ্গ       বিষ্ণুভক্ত চক্ৰ চিহ্ন

নমে যিটো সাধু সেহি শিৰ।।

পৰম আনন্দ কৰি       তাসম্বাক দেখি যিটো

সেহি চক্ষু জানিবা নিৰ্ম্মল।

তাসম্বাক পাদোদক       ভূঞ্জে যিটো নিত্যাগত

তাৰ অঙ্গ সকল সফল।।২৮৯৯।।

এতেকে কৃষ্ণৰ কথা      তেজি তান পদসৱে

জীৱন কিঞ্চিতে নাহি ফল।

এতেকে কৰিয়ো দায়া     কৃষ্ণকথা কাণ দিয়া

শুনি কৰ্ণভৰি কুতূহল।।

শুক নিগদতি শুনা       মহা সাধু দ্বিজগণ

পুছিলা নৃপতি পৰীক্ষিত।

মহামুনি শুকদেৱ        শুনি হেন মহাপ্ৰশ্ন

কৃষ্ণত নিমগ্ন ভৈলা চিত্ত।।২৯০০।।

...........

 

।।দামোদৰ বিপ্ৰৰ আখ্যান।।

।।দুলড়ী।।

 

প্ৰেমে পুলকিত     নয়ন সজল

মাতিলা কৃষ্ণক স্মৰি।

কহিবো বিচিত্ৰ     শুনা পৰীক্ষিত

কৃষ্ণ কথা কৰ্ণভৰি।।

গোৱিন্দৰ সখা     আছিলন্ত এক

বিপ্ৰ নামে দামোদৰ।

গুৰুৰ গৃহত       হৰিয়ো সহিত

পঢ়িলন্ত নিৰন্তৰ।।২৯০১।।

ইন্দ্ৰিয়ৰ সুখ      বিষয়ৰ মত্ত

ভৈলা বিপ্ৰৰ বৰকতি।।

মহা জিতেন্দ্ৰিয়     নাহি কাম ক্ৰোধ

সদায়ে ব্ৰহ্মত মতি।।

দৰিদ্ৰ ব্ৰাহ্মণ      নাহি কিছু ধন

ছা গৃহাশ্ৰম ধৰ্ম্মে।

কতো নমাগন্ত     তথাপি জীৱন্ত

মিলে যেন নিজ কৰ্ম্মে।।২৯০২।।

আনো বিপ্ৰগণে     তন্ত্ৰ মন্ত্ৰ জানে

নানা দেৱ সেৱা কৰে।

ইন্দ্ৰিয়ৰ প্ৰিয়      সুখক সাধন্তে

কৃষ্ণসেৱা পৰিহৰে।।

এহে পুনু বিপ্ৰ     পৰম পণ্ডিত

নকৰন্ত কতো সেৱ।

পৰম আনন্দে     হৃদয়ত সদা

চিন্তি থাকা বাসুদেৱ।।২৯০৩।।

কুৎসিত বসন     অঙ্গ পৰিধান

নাহি পাটনেত ধুতি।

তৈল তাম্বুল       নাহি পৰিচয়

মাটিতে থাকন্ত শুতিষ।।

সাত আঠ দিন    অন্তৰেসে কিবা

কৰন্ত অন্ন ভোজন।

আপোন ইচ্ছায়     মিলে যেৱে তাক

নকৰা তাক যতন।।২৯০৪।।

সুৱৰ্ণ ৰতন       কাঞ্চি মাত্ৰ নাই

নাহি ধাতুময় পাত্ৰ।

সৰ্ব্বস্ব আছয়      কানি খানি দুই

কমণ্ডলু গুটি মাত্ৰ।।

হেনয় দৰিদ্ৰ      বিপ্ৰ দামোদৰ

মহা দ্বিজ ধৈৰ্য্য সাৰ।

লোকে দেখৈ দুঃখ   তান মহাসুখ

মনত আছে অপাৰ।।২৯০৫।।

তানে বিৱাহিতা         মহাপতিব্ৰতা

আছন্ত তান ব্ৰাহ্মণী।

দৰিদ্ৰ স্বামীক      সেৱন্তে অধিক

বিষ্ণু বুদ্ধি ৰাতি দিনি।।

শৰীৰৰ ক্ষুধা      সদায় নখণ্ডে

কৃষ ভৈল সৱে কায়।

দৰিদ্ৰ দুখক       তাড়িবেক প্ৰতি

স্বামীত বুলিলা যাই।।২৯০৬।।

মলিন বয়ন      সজল নয়ন

দৰিদ্ৰ স্বামীক চাই।

আতি মৃদুধ্বনি     বিনান্ত ব্ৰাহ্মণী

দুঃখে কাম্পে সৰ্ব্ব গাৱ।।

শুনা প্ৰভু স্বামী         কোন কাৰ্য্যে তুমি

দুখক ভুঞ্জা সম্প্ৰতি।

তোহ্মাৰ পৰম     সুহৃদ মুকুন্দ

আছন্ত লক্ষ্মীৰ পতি।।২৯০৭।।

গুৰুৰ গৃহত       পঢ়ন্তে সমস্তে

কৰিলন্ত উপকাৰ।

মহামিত্ৰ কৃষ্ণ      আছন্তে এদূৰ

দৰিদ্ৰ দুঃখ তোহ্মাৰ।।

আৰো বিশেষত    ব্ৰাহ্মণ তহিত

কৃষ্ণসে জগ বিদিত।

অনাথ জনৰ      শৰণ পশিত

হৰিসে মহা উচিত।।২৯০৮।।

সমগ্ৰ ঐশ্চৰ্য্য      শালী ভগৱন্ত

ভকতৰ প্ৰিয় পতি।

সজ্জন ৰঞ্জন       পৰম আশ্ৰয়

জানা কৃষ্ণ মহামতি।

তাহান মহিমা     কি মই কহিবো

মহামূঢ় তিৰী জাতি।

শুনা মহাভাগ     ধৰা তান লাগ

গুচুক দুঃখ দুৰ্গতি।।২৯০৯।।

যায়ো তান থানে   পশিয়ো শৰণে

কৃপাময় নাৰায়ণ।

কুটুম্বী ব্ৰাহ্মণে     দুঃখ পাৱে বুলি

দিবন্ত বিস্তৰ ধন।।

আছন্ত সম্প্ৰতি     দ্বাৰকাতে হৰি

নতু যান্ত দূৰ দেশ।

ভোজ বৃষ্ণি যদু    অনেক বংশৰ

কৰান্ত ৰঙ্গ আশেষ।।২৯১০।।

তাহানে কমল     চৰণযুগল

যি পুনু প্ৰেমে চিন্তয়।

আপোনাৰ নিজ    ৰূপ চতুৰ্ভুজ

দেন্ত তাক কৃপাময়।।

আন কোন অৰ্থ    কাত ভোগ্য যত

মায়াময় অল্পতৰ।

ভকতক তাক     দিবেক সাক্ষাত

ইচ্ছা নাহি মাধৱৰ।।২৯১১।।

এতেকে পৰম      পদকো লভিবা

কৃষ্ণৰ পাশে চলিয়ো।

দৰিদ্ৰ দুঃখক      এৰাই নিষ্টে প্ৰভু

মৰ বাক্য নবাধিয়ো।।

হেনয় কাৰুণ্য      বচনে অনেক

ভাৰ্য্যায়ে যেৱে প্ৰাৰ্থিলা।

শুনি বিপ্ৰবৰ      গুণিয়া মনত

পৰম হৰিষ ভৈলা।।২৯১২।।

বোলন্ত ব্ৰাহ্মণ     নাহি কিছু ধন

এহিসে লাভ পৰম।

উত্তম শ্লোকক     কৃষ্ণক দেখিবো

সফল হৈব জনম।।

এহি হিত চিন্তি     চলিবাক প্ৰতি

কৰিলা দৃঢ় মনক।

ভাৰ্য্যাক বোলন্ত    শুনিয়ো কল্যাণী

চলিবো মিত্ৰ গৃহক।।২৯১৩।।

গৃহত যি কিছু     সন্দেশ আছয়

সত্বৰে দিয়োক আনি।

স্বামীৰ বচন      শুনি ৰঙ্গমনে

তেখনে গৈলা ব্ৰাহ্মণী।।

ব্ৰাহ্মণ গণত      মাগিয়া পাইলন্ত

শালি চাউল চাৰি মুঠি।

মহা ভক্তি ভাৱে    সাজিলন্ত তাৰ

চাৰু চাউল চিৰা গুটি।।২৯১৪।।

ধুতি কানিখানি     আনিয়া তাহাত

বান্ধিলন্ত যত্ন কৰি।

স্বামীৰ হস্তত      দিলন্ত ব্ৰাহ্মণী

লৈলন্ত বিপ্ৰে সাদৰি।।

কৃষ্ণক সুমৰি      যাত্ৰা কৰিলন্ত

দ্বাৰকা দেশক প্ৰতি।

মনত মিলন্ত      কিনো সুপ্ৰভাত

দেখিবোহো শ্ৰীপতি।।২৯১৫।।

কৃষ্ণ দৰশন      নজানো কমন

পূণ্যে মিলে আজি মোৰ।

এহি গুণি মনে     সুদীৰ্ঘ গমনে

চলন্ত ৰঙ্গ প্ৰচুৰ।.

শুনা সামাজিক     লোক একচিত্তে

চিন্তিয়ো কৃষ্ণৰ চৰণ।

কৃষ্ণ বিনে আন    নাহ পৰিত্ৰাণ

সংসাৰত একোজন।।২৯১৬।।

অনাথৰ নাথ      কৃষ্ণসে সাক্ষাত

দৰিদ্ৰ দুঃখ সংহাৰী।

এক ভক্তি মনে    ভজে যিটোজনে

নিষ্টে নিষ্টে তাক তাড়ি।।

নাহি তাৰ সুখ     ৰাত্ৰি দিনে দুঃখ

চিন্তায়ে হৃদয় দহে।

নুবুজি দুৰ্জ্জন      জন তান সেৱা

তেজে বিষয়ত গহে।।২৯১৭।।

কৃষ্ণৰ কথাক      ক্ষণেকো নুশুনে

গুণে ধন জন মাত্ৰ।

সিটো পাপীসৱ     তাড়িবাক প্ৰতি

মাধৱৰ কৰে কাত্ৰ।।

নমো নমো কৃষ্ণ    হুয়ো সুপ্ৰসন্ন

অনন্ত শক্তি ঈশ্বৰ।

তোহ্মাৰ চৰিত্ৰ     অমৃত শুনিতে

মতি হৌক জগতৰ।।২৯১৮।।

কৈৰ ধন জন     ভাৰ্য্যা পুত্ৰ মিত্ৰ

ক্ষণেকে সংহাৰে কালে।

যেন ঘোৰ বন    সমান নযায়

তাকে দহে দাবানলে।।

হেন জানি আক        কৃষ্ণৰ কথাত

শুনা আন কৰ্ম্ম ছাড়ি।

কহে কৃষ্ণ গতি    অনন্ত কন্দলি

নিৰন্তৰে বোলা হৰি।।২৯১৯।।

................

 

।।কৃষ্ণৰ গুৰু ভক্তিৰ নিদৰ্শন।।

                 ।।পদ।।

কৃষ্ণক চিন্তন্তে যান্ত বিপ্ৰ দামোদৰ।

মহাৰঙ্গে পাইলা যাই প্ৰসিদ্ধ নগৰ।।

নগৰক বেঢ়িয়া প্ৰকাশে তিনি গড়।

অসংখ্যাত সৈন্য তাত থাকে নিৰন্তৰ।।২৯২০।।

বিপ্ৰক নবাধে দ্বাৰী কৃষ্ণৰ আজ্ঞায়ে।

তিনিকো ছড়ায়া দ্বিজ গৈলা মৌনভাৱে।।

বৃষ্ণি যদুবংশৰ দেখিয়া গৃহচয়।

ঘৰে ঘৰে সৱে বিষ্ণু ধৰ্ম্ম প্ৰৱৰ্ত্তয়।।২৯২১।।

অষ্টোত্তৰ শত ষোল সহস্ৰ হাজাৰ।

ৰত্নময় গৃহচয় কৃষ্ণৰ ভাৰ্য্যাৰ।।

তাৰ এক মুখ্যতম গৃহে প্ৰৱেশিলা।

যেন ব্ৰহ্মানন্দ বৈকুণ্ঠক গৈয়া পাইলা।।২৯২২।।

সৱ্যা নামে প্ৰিয় পত্নী সমে নাৰায়ণ।

ৰত্ন পৰ্য্যাঙ্কত শুতি আছা ৰঙ্গমন।।

দূৰতে দেখিলা প্ৰভু ব্ৰাহ্মণ আসিলা।।

শীঘ্ৰেবেগে প্ৰেমে উঠি আগবাঢ়ি গৈলা।।২৯২৩।।

সখি সখি বুলি হৰি হৰিষ অশেষ।

দুই বাহু মেলি সাৱটিলা হৃষিকেশ।।

জাতিত ব্ৰাহ্মণ আৰো ঋষি ধৰ্ম্মে স্থিত।

আৰো প্ৰিয় মিত্ৰ দ্বিজ ভক্ত শুদ্ধচিত্ত।।২৯২৪।।

তান আলিঙ্গনে উপজিল প্ৰেমভাৱ।

আথি প্ৰীতি ভৈলা হৰি শিহৰাইলা গাৱ।।

হৰিষে লোতক বহে কমল নেত্ৰৰ।

ভকতৰ প্ৰেমে মগ্ন ভৈলা দামোদৰ।।২৯২৫।।

পাচে সুৱৰ্ণৰ খাটে নিজ শৰ্য্যা মাজে।

ধৰি নিয়া বিপ্ৰক বৈসাইলা যদুৰাজে।।

কনক ডাবৰে জল ভৰি চক্ৰপাণি।

পাদ্য দিয়া দুই ভৰি ধুৱাইলা আপুনি।।২৯২৬।।

ব্ৰাহ্মণৰ পাদোদক ধৰিয়া শিৰত।

ব্ৰাহ্মণ্য পূণ্যৰ শিক্ষা দেখান্ত লোকত।।

পাদ্য অৰ্ঘ্যা মধুপৰ্ক্ক দিলা আচমনি।

ঘেণিলা ব্ৰাহ্মণে মাধৱৰ দয়া মানি।।২৯২৭।।

কস্তুৰী কুঙ্কুমে দিব্য সুগন্ধ চন্দনে।

সখিৰ সৰ্ব্বাঙ্গ ভৰি লেপিলা আপুনে।।

অগৰু সুৰভি ধূপ লগাইলা সমীপে।

দুয়ো পাৰ্শ্বে নিৰুপিলা ঘৃতৰ প্ৰদীপে।।২৯২৮।।

দিব্য পুষ্প মালাচয় আনি কৌতূহলে।

পিন্ধাইলা মাধৱে ব্ৰাহ্মণৰ শিৰে গলে।।

অমূল্য তাম্বুল সুৱৰ্ণৰ খুৰি ভৰি।

ভুঞ্জা সখি বুলি হৰি দিলন্ত আধৰি।।২৯২৯।।

ভাল ধেনু গুটি আনি বৎস সমন্বিতে।

প্ৰিয় বুলি নিৱেদিলা ব্ৰাহ্মণৰ হাতে।।

এহিমতে অৰ্চ্চিয়া দ্বিজক যদুৰায়।

বিনাইবে লাগিলা ব্ৰাহ্মণৰ মুখ চাই।।২৯৩০।।

স্বামীৰ ইঙ্গিত জানি সব্যা মহাসতী।

পাশ চাপি ব্ৰাহ্মণক কৰ্নত ভকতি।।

হেমদন্ত ধৱল চামৰকৰে ধৰি।

মৃদু কৰি ধীৰে ধীৰে বিচন্ত সুন্দৰী।।২৯৩১।।

দৰিদ্ৰ ব্ৰাহ্মণ শৰীৰত চিৰা কানি।

তাঙ্ক নাৰায়ণে সেৱা কৰন্ত আপুনি।।

আণ্টে পেট লাগি আছে মলিন শৰীৰ।

নাহি মাংস সৰ্ব্বঙ্গতে ৰহি আছে শিৰ।।২৯৩২।।

অন্তেষপুৰৰ যত নৰ নাৰীচয়।

বিপ্ৰক সেৱন্তে কৃষ্ণে দেকিয়া বিস্ময়।।

অন্যোঅন্যে কহে সৱে গুণিয়া মনত।

ইয়ো বিপ্ৰে কিনো পূণ্য কৰিলে পূৰ্ববত।।২৯৩৩।।

দেখন্তে লাগয় ঘিণ ভিক্ষুক কুৱেশ।

গাৱে ফটা বসন মলিন মুক্ত কেশ।।

ইটো লোকে দৰিদ্ৰ নাহিকে আত সম।

আতি গৰিহিত ইটো বিপ্ৰতে অধম।।২৯৩৪।।

তিনিয়ো লোকৰ গুৰু যিটো কৃষ্ণদেৱ।

আপুনি কৰন্ত হেন ব্ৰাহ্মণক সেৱ।।

যাৰ হৃদয়ত মহা লক্ষ্মীৰ নিৱাস।

যাৰ গুণ কীৰ্ত্তি মহাপাপৰ বিনাশ।।২৯৩৫।।

খাটতে আছন্ত প্ৰিয়া তাঙ্কো অনাদৰি।

ভিক্ষুক বিপ্ৰক আলিঙ্গিয়া যাই ধৰি।।

যেন বৰভাইক আলিঙ্গিয়া আগবাঢ়ি।

কিনো অদভুত দ্বিজ ভক্ত প্ৰভু হৰি।।২৯৩৬।।

আপুনি শৰ্য্যাত নিয়া বৈসাইলা ধৰিয়া।

বিপ্ৰক বিচন্ত সব্যা মাদৱৰ প্ৰিয়া।।

আপুনি ধুৱাইলা হৰি বিপ্ৰৰ চৰণ।

কিনো মহাপূণ্য ইটো কৰিলে ব্ৰাহ্মণ।।২৯৩৭।।

হেন অন্যোঅন্যে সৱে ৰঙ্গে চাহি আছে।

সখিৰ হস্তত হৰি ধৰিলন্ত পাচে।।

ব্ৰাহ্মণো সাদৰে ধৰি কৃষ্ণৰ কৰত।

কহিবে লাগিলা দুয়ো প্ৰিয়কথা যত।।২৯৩৮।।

পঢ়ন্তে গুৰুৰ গৃহে ভৈল যত যত।

যেন গুৰুসেৱা কৰিলন্ত নিত্যাগত।।

সেহি গুৰু ভকতি দেখাইবে জগতত।

আপুনি ঈশ্বৰ কৃষ্ণে কৰন্ত বেকত।।২৯৩৯।।

বদতি মাধৱ ব্ৰাহ্মণৰ কৰে ধৰি।

সুখে কি আসিলা সখি আহ্মাৰ নগৰী।।

ব্ৰহ্মচাৰী হুয়া বেদ পঢ়িলা গুৰুত।

দিলাহা দক্ষিণা শাস্ত্ৰ জানিলা বহুত।।২৯৪০।।

আৱে কোন ধৰ্ম্মক তোহ্মাৰ মনে লয়।

আপুনি ধৰ্ম্মজ্ঞ তুমি মহাশুভ নয়।।

গৃহস্থ ধৰ্ম্মক কিবা তোহ্মাৰ উৎসাহ।

কৰিলা সদৃশী কিবা কন্যাক বিৱাহ।।২৯৪১।।

গৃহস্থৰ চিহ্ন কিছু নেদেখো তোহ্মাত।

নাহি কিছু দোষ সখি কহিয়ো আহ্মাত।।

বিৱাহ কৰিবে প্ৰতি মোৰ অনুমতি।

কিন্তু নিৰন্তৰে মোত কৰিবা ভকতি।।২৯৪২।।

যো নো বোলা নাৰী সঙ্গ নিন্দি আছা আগে।

কেনমতে বোলা বিহা কৰিবাক লাগে।।

যিহেতু নিন্দোহো তাক নিষ্ঠে শুনিয়োক।

নাৰী সঙ্গ পায়া মূঢ়ে নভজিলে মোক।।২৯৪৩।।

শ্ৰৱণে কীৰ্ত্তনে যেৱে ভজয় আহ্মাক।

নাৰী সঙ্গ দোষে সখি কি কৰিবে তাক।।

এতেকে জানিলো তুমি পৰম ভকত।

নৱবে তোহ্মাৰ মন সদায় গৃহত।।২৯৪৪।।

কামে হত কৰিবে নপাৰে তযু চিত্ত।

ধনক লাগিয়া কিছু নকৰা ঈঙ্গিত।।

পণ্ডিতৰ হোৱে সখি এহিসে উচিত।

তুমি হেন শুদ্ধ সিটো মোহোত বিদিত।।২৯৪৫।।

কামে হত কৰিবাক নপাৰয় যেৱে।

গৃহস্থৰ কৰ্ম্ম কেনে আছৰিবে তেৱে।।

হেন শঙ্কা সখি দেখিবোহো বিপৰীত।

মহাজনো গৃহধৰ্ম্ম কৰন্ত বিহিত।।২৯৪৬ষষ

যিটো মহাজন হয় মোহোত ভকত।

মোহোৰ কথাত যাৰ চিত্ত উনমত্ত।।

তাসম্বাৰ চিত্ত হত নুহি বিষয়ত।

তেসম্বেয়ো কৰে কৰ্ম্ম শুনা যেনমত।।২৯৪৭।।

সদৃশ সুন্দৰী চাহি বিহা কৰে নাৰী।

পিন্ধৈ গন্ধ চন্দন বসন লাস কৰি।

পুত্ৰ দুহিতা তাৰো কৰাৱৈ বিৱাহ।

সৰ্ব্বক্ষণে নেৰে কৃষ্ণকথাৰ উৎসাহ।।২৯৪৮।।

কৰে যাগ যজ্ঞ গঙ্গা স্নান দান ব্ৰত।

পূজে জ্ঞাতি মিত্ৰ ভৃত্য ভিক্ষু অভ্যাগত।।

হস্তী ঘোৰা দোলা বিমানতে কৰে গতি।

তথাপি হৃদয়ে নেৰে মোহোত ভকতি।।২৯৪৯।।

অনিন্দিত কৰ্ম্মসৱ কৰে নিষ্ঠে জানা।

কিছু কিছু কৰি ত্যজে বিষয় বাসনা।।

মায়াৰ ৰচনা বিষয়ৰ সুখমানে।

ভুঞ্জি অনুৰূপে তাক ত্যজয় আপুনে।।২৯৫০।।

যাৰ চিত্ত কামে হত কৰিবে নপাৰে।

যো নো বোলা তেসম্বো কিসক কৰ্ম্ম কৰে।।

তাহাৰ দৃষ্টান্ত কহো শুনা সখি নিষ্ট।

মঞি যেন পৰম ঈশ্বৰ দেৱ কৃষ্ণ।।২৯৫১।।

কিছুৱে কৰ্ম্মক মোৰ নাহি অধিকাৰ।

তভো দেখা কৰো লোক বেদ ব্যৱহাৰ।।

এহিমতে মহাজনে কৰে নানা কৰ্ম্ম।

প্ৰাকৃত লোকত প্ৰৱৰ্ত্তাৱে নিজধৰ্ম্ম।।২৯৫২।।

এতেকেসে প্ৰাণ সখি পুছিলোহো স্নেহে।

কমন সুন্দৰী বিহা কৰি আছা গৃহে।।

সুমৰা কি সখি আৰো পুছো মহাস্নেহে।

তুমি আমি পঢ়িলো যি মতে গুৰু গৃহে।।২৯৫৩।।

এক কঠে বসিয়া পঢ়িলো দুয়ো জন।

একে বাসে আছিলো বঞ্চিলো ৰঙ্গমন।।

ওঠে মুখে নলাগিল নাছিল বিৱাদ।

তাক সুমৰন্তে আতি উপজে আহ্লাদ।।২৯৫৪।।

গুৰুত অপৰ কোন বন্ধু আছে আৰ।

যাত তত্ত্ব জ্ঞান পাই তড়য় সংসাৰ।।

তিনিজন মহাগুৰু সংসাৰী লোকৰ।

জানা জ্ঞানাদাতা গুৰু আতি শ্ৰেষ্ঠতৰ।।২৯৫৫।।

যাত হন্তে উপজয় ইটো সংসাৰত।

জন্মদাতা পিতা পূজ্য গুৰু প্ৰথমত।।

দ্বিতীয় গুৰুক আৰ জানিবা দ্বিজৰ।

যজ্ঞসূতৰ দিয়া পন্থ দেখাৱে বেদৰ।।২৯৫৬।।

যাত হন্তে উপজয় সৎকৰ্ম্মচয়।

নিষিদ্ধক ত্যজি শুদ্ধ বুদ্ধিৰ উদয়।।

পিতৃতো কৰিয়া তাক পূজিবে সাদৰি।

দেৱৰ মধ্যত যেন মঞি প্ৰিয় হৰি।।২৯৫৭।।

তৃতীয় গুৰুক দিবে নাহিকে উপাম।

ব্ৰহ্মবিদ্যা কহে যিটো মোৰ গুণ নাম।।

সৱাতো অধিক তাঙ্ক কৰিবে সেৱন।

জানিবা সাক্ষাতে সিটো মঞি নাৰায়ণ।।২৯৫৮।।

সেহি গুৰু নাৱ জানা সংসাৰ সাগৰে।

জানি তাক ভকতি কৰয় য়িটো নৰে।।

তেসম্বেসে শ্ৰেষ্ঠ জানা সৱাৰ মধ্যত।

বৰ্ণাশ্ৰম ধৰ্ম্ম প্ৰৱৰ্ত্তয় লোক যত।।২৯৫৯।।

গুৰু মুখে মঞিসে দেখাঞো উপদেশ।

সংসাৰ সাগৰে তড়ে নাহি কিছু ক্লেশ।।

এহি নৰ জন্মতেসে সাধে মহাসিদ্ধি।

গুৰু পদ সেৱে যিটো সিসে মহাবুদ্ধি।।২৯৬০।।

জ্ঞানদাতা গুৰুত অধিক নাহি আন।

নাহি ধৰ্ম্ম আন গুৰু সেৱাৰ সমান।।

গৃহস্থৰ ধৰ্ম্ম যত হোম মুখ্য কৰি।

সন্ধ্যা আদি ধৰ্ম্ম যত কৰে ব্ৰহ্মচাৰী।।২৯৬১।।

তপ উপৱাস যত কৰে বনবাসী।

কৰে উপসম জ্ঞান ধৰ্ম্মক সন্ন্যাসী।।

নুহিকো সন্তুষ্ট মঞি ইসৱ ধৰ্ম্মত।

গুৰু শুশ্ৰূষায়ে তুষ্ট হঞো যেন মত।।২৯৬২।।

এহি গুৰু সেৱা ধৰ্ম্ম কৰে যিবা নৰে।

সেহি পূণ্যে নৰে নিষ্ঠে মোক বশ্য কৰে।।

সমস্ত ভুতৰে আত্মা মঞি মহেশ্বৰ।

মঞি তুষ্ট ভৈলে কিবা সাধিবে অপৰ।।২৯৬৩।।

মঞি কৰি আচো কিছু গুৰু শুশ্ৰূষণ।

ভাগ্যেসে লভিলো কিবা কহিবো কাৰণ।।

তাক কি সুমৰা সখি পুছো ৰহ্গমনে।

গুৰু গৃহে যৈসানি পঢ়িলো শিষ্যগণে।।২৯৬৪।।

আতি দয়াময় শান্ত গুৰু সান্দীপনি।

পুত্ৰৱতে আহ্মাক পঢ়াইলা ৰাত্ৰি দিনি।।

নাহি দাস দাসী গৃহবাসী ঋষিবৰ।

নাহি কিছু ধৰ্ম্ম হৰি ভকতিত পৰ।।২৯৬৫।।

তাহানে ঘৰিণী সুচৰিতা মহাসতী।

পুত্ৰৱতে আহ্মাক পালন্ত প্ৰতিনিতি।।

কোনো দুঃখ কাৰ্য্যক আহ্মাক নোবোলন্ত।

যত গৃহকৰ্ম্ম সতী আপুনি কৰন্ত।।২৯৬৬।।

একদিনা অন্ন ৰান্ধিবাক খৰি নাই।

লঘোনে আছন্ত গুৰু হৰিক ধিয়াই।।

তেৱে গুৰুপত্নী যাই মধুৰ বচনে।

বুলিলন্ত খৰি লুৰি দিয়া শিষ্যগণে।।২৯৬৭।।

শিষ্য ভৈলে গুৰুসেৱা কৰিতে লাগয়।

খৰি আনি ভোজন কৰায়ো পুত্ৰচয়।।

গুৰুৰ ভাৰ্য্যাৰ হেন কাৰুণ্য বচন।

শুনি খৰি আনিবাক গৈলো শিষ্যগণ।।২৯৬৮।।

মঞি ৰাম দাদা আৰো আনো শিষ্যগণে।

খৰি লুৰিবাক প্ৰৱেশিলা ঘোৰ বনে।।

সুমৰা কি সখি সিটো বনৰ কথাক।

গুৰুত গৌৰৱে আমি নগণিলো তাক।।২৯৬৯।।

শুনা সভাসদ পদ মহাভাগৱত।

দশম স্কন্ধৰ কৃষ্মকথাৰমহত।।

একচিত্তে শুনি পাই ভুকুতি মুকুতি।

নাহিকে সংশয় আতি দৃঢ় কৰি মতি।।২৯৭০।।

দেখান্ত ঈশ্বৰে কেনে গুৰুত ভকতি।

কৰা গুৰুসেৱা যাৰ আছে কৃষ্ণমতি।।

কৃষ্ণৰ মহিমা যিটো কহে নিৰন্তৰ।

গুৰুৰূপ কৃষ্ণ সেহি জানিবা লোকৰ।।২৯৭১।।

বসুদেৱ অংশ আছে যাৰ শৰীৰত।

সিসে প্ৰকাশয় ঈশ্বৰৰ গুণ যত।।

সূৰ্য্যৰেসে তেজে চক্ষু দেখয় সূৰ্যক।

সেহিমতে কৃষ্ণ তেজে জ্বলাৱে কৃষ্ণক।।২৯৭২।।

এতেকে যি কৰে কৃষ্ণ দেৱক বিদিত।

তাক নৰবুদ্ধি নকৰিবা কদাচিত।।

কৃষ্ণ বুলি তাঙ্কেসে কৰিবে সতকাৰ।

তেৱে পায় কৃষ্ণকথা অমৃত ভাণ্ডাৰ।।২৯৭৩।।

কৃষ্ণ নিষ্ঠ পুৰুষৰ যাৰ দোষ বুদ্ধি।

মাধৱৰ দ্ৰোহী সিটো নাহি কৈতো সিদ্ধি।।

কোনে কহিবেক তাত মাধৱৰ কথা।

দুৰ্ববাৰ সংসাৰ তাকে দহিব সৰ্ব্বথা।।২৯৭৪।।

হেন জানি জ্ঞানীজন থিৰ কৰা চিত্ত।

ধন জন সুখ ভোগ সকল অনিত্য।

কৃষ্ণকথা শুনিবাক কৰিয়ো প্ৰবন্ধ।

কৃষ্ণকথা সুধাসিন্ধু হৰি পূৰ্ণচন্দ্ৰ।।২৯৭৫।।

কৃষ্ণকান্তি বিনাশিৱে অজ্ঞান আন্ধাৰ।

অনন্ত কন্দলি কহে হৰিকথা সাৰ।।

শুনা অৱিশ্ৰাম মাধৱৰ গুণ নাম।

নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।২৯৭৬।।

...............

 

।।কৃষ্ণৰ গুৰুগৃহৰ কাহিনী স্মৰণ।।

।।দুলড়ী।।

 

মাধৱে বোলন্ত     শুনা মিত্ৰ দ্বিজ

বনৰ সিটো কথাক।

গুৰুৰ চৰণে       যেৱে শিষ্যগণে

গৈলো খৰি লুৰিবাক।।

অৰণ্য পশিয়া     শুখান বাছিয়া

লুৰিলো বিস্তৰ খৰি।

গাৱে গাৱে সৱে    বোজা বান্ধি লৈলো

শিৰত সাদৰ কৰি।।২৯৭৭।।

গুৰুৰ ঘৰিণী      সুখে ৰান্ধিৱন্ত

আসো সৱে ৰঙ্গমনে।

বনৰ মাজতে      খনিক আসন্তে

পাই ঘোৰ বৰিষণে।।

প্ৰচণ্ড বতাসে      মেঘৰ আটাসে

ফাটে যেন মুণ্ড কাণ।

হেন অকালিক     বৃষ্টিক দেখিয়া

সৱাৰ কম্পিল প্ৰাণ।।২৯৭৮।।

সেহি বেলা সূৰ্য্য    অন্তগত ভৈল

লাগি গৈলা উসমিস।

একোৱে নেদেখি    ঘোৰ অন্ধকাৰে

ঢাকিলেক দশোদিশ।।

বিজুলী চমকে     চকু তিৰিমিৰি

ধাৰাশাৰে বৰিষয়।

খাল বাম ভূমি    একোৱে নমনি

ভৈল সৱে জলময়।।২৯৭৯।।

হেনয় বৃষ্টিত      বনৰ মধ্যত

আমি যত শিষ্যগণে।

জাৰে কাম্পে কায়   পথ হেৰুৱাই

ফুৰো সেহি বনে বনে।।

কৈতো আছে খাল   ভৰি আছে জল

কেহো পৰি তল যায়।

মোক ধৰ বুলি    কেহো পাৰে গালি

কেহো ধৰে গাছ পাই।।২৯৮০।।

কেহো মহাভয়ে     দেৱক সুমৰৈ

ৰাখা হৰি নাৰায়ণ।

দুৰ্গা দুৰ্গা শিৱ     ৰাখা ইষ্টদেৱ

সূৰ্য্যত লৱে শৰণ।।

কেহো বোলে ইন্দ্ৰ   অকালতে হেন

কেনে কৰা বৰিষণ।

ভালেতো তোহোৰ   পূজাক খণ্ডিল

মাধৱ নন্দ নন্দন।।২৯৮১।।

ছাই তিয়াইবাক    নোৱাৰিলে তান

তভো নাহি তোৰ লাজ।

অকালিক বৃষ্টি     পাতিয়া আহ্মাক

মাৰস বনৰ মাজ।।

কেহো বোলে মোক    তুমিতো গোপাল

ইন্দ্ৰৰ ভাঙ্গিলা কাপ।

আজি কেনে ইটো   বৃষ্টিত মৰোহো

আহ্মাক নাৰাখা বাপ।।২৯৮২।।

কেহো বোলে ৰাম   বীৰ অনুপাম

তুমিয়ো আছা লগত।

আপুনিয়ো চিন্তা    আহ্মাক নিচিন্তা

আছা সুখে কেনমত।।

কেহো বোলে আই   গুৰুৰ ঘৰিণী

মৰিবে পঠাইলা বনে।

নপঢ়িবো শাস্ত্ৰ     নুলুৰিবো খৰি

চলি যাইবো নিজ থানে।।২৯৮৩।।

হেনয় কাৰুণ্য      বচন শুনিয়া

ৰাম সমে দুয়ো ভাই।

সুমৰা কি সখি     যতেক আশ্বাস

বুলিলো আমি বুজাই।।

গুৰু অৰ্থে যদি     পৰাণে মৰয়

তথাপি লভিবো গতি।

গুৰুৰ ভাৰ্য্যাক     মন্দ নুবুলিবা

সৱাকো কৰো কাকূতি।।২৯৮৪।।

এহি বুলি সখি     তোহ্মাৰ কৰত

ধৰিলো আপোন কৰে।

আনো শিষ্যগণে    অন্যোঅন্যে হাতে

ধৰিলন্ত থৰে থৰে।।

একজনী হুয়া      বনৰ মাজত

ফুৰিলো পন্থ নপাই।

ক্ষুধায়ে তৃষ্ণায়ে    বতাস বৃষ্টিয়ে

চলো যেন মৰা প্ৰায়।।২৯৮৫।।

খায় জোকে পোকে  ভেদিল কণ্টকে

সৰ্ব্বগাৱে তেজময়।

মুণ্ডত খৰিৰ      বোজা হাতে ধৰি

পাইল সিংহ ব্যাঘ্ৰ ভয়।।

হেনমতে দুখে      বিধিৰ বিপাকে

নিশিগোট ভৈল ক্ষয়।

সুমৰিয়ো সখি     অনন্তৰে আসি

আদিত্য ভৈল উদয়।।২৯৮৬।।

.............

।।ছবি।।

পাচে বিপ্ৰ সান্দীপনি   শিষ্য নাসিবাৰ দেখি

নিশাগোট বঞ্চি দুখমনে।

ভাৰ্য্যাকো পাৰিয়া গালি    প্ৰভাত মাত্ৰকে চলি

আহ্মাক চাহিতে গৈলা বনে।।

বনৰ ওহ্ণান্তে আসি  আহ্মাক দেখিয়া ঋষি

গুৰুবাপ লভিলা সন্তাপ।

মুণ্ডত খৰিৰ বোজা  জাৰে পৰি আছো কুজা

চাহি চাহি বুলিলা বিলাপ।।২৯৮৭।।

হৰি হৰি শিষ্যসৱ   কিনো মহাদুখ পাইলা

ঘোৰ বৰিষণে বনমাজে।

প্ৰাণীৰ পৰম প্ৰিয়   শৰীৰেসে আপোনাৰ

তাকো নাদৰিলা মোৰ কাজে।।

কৰিলা দুষ্কৰ কৰ্ম্ম   লভিলা পৰম শ্ৰম

শুজিলা আহ্মাৰ গুৰুধাৰ।

মঞি তুষ্ট ভৈলো মনে   চিত্তে চিন্তি আছো মানে

সৱে সত্য হোক তোমাসাৰ।।২৯৮৮।।

যাতো মহা শুদ্ধভাৱে গুৰুৰ সেৱাত সৱে

কৰিলাহা তনুক অৰ্পণ।

এতেকে অল্পতে মাত্ৰ  জানিবা সকল শাস্ত্ৰ

ৰহস্য সুৰস বেদগণ।।

তত্ত্ব জানি ঈশ্বৰত   একান্ত ভকত হুইবা

পৰলোকে লভিবা মুকুতি।

এহিমতে আশীৰ্ব্বাদ    কৰিলন্ত গুৰুদেৱ

তাক কি সুমৰে তযু মতি।।২৯৮৯।।

খৰি লুৰি গৈলো ঘৰে   গুৰুপত্নী উচ্চৈস্বৰে

কৰিলা অনেক আশীৰ্ব্বাদ।

গুৰু ভকতিৰ বৰে    পাইলো শাস্ত্ৰ নিৰন্তৰে

কিঞ্চিতেকো নপাইল প্ৰমাদ।।

এহিমতে আমিসৱে     গুৰুক কৰিলো সেৱা

থাকি আমি গুৰুৰ গৃহত।

গুৰুৰেসে অনুগ্ৰহে   জানিবা সম্পূৰ্ণ হোৱৈ

শিষ্যৰ সকলো মনোৰথ।।২৯৯০।।

কৃষ্ণৰ বচন শুনি   ব্ৰাহ্মণে বুলিলা গুণি

অৱনতে কৃতাঞ্জলি কৰি।

জগতৰ গুৰু তুমি   দেৱৰো দেৱতা স্বামী

তুমি সৃষ্টিকাৰী অন্তকাৰী।।

তমি সমে গুৰুগৃহে   আহ্মাৰ সঙ্গতি ভৈল

নজানো কমন পূৰ্ণ ভাগে।

এতেকেসে জানো আমি   পূৰ্ণকাম ভৈলো সৱে

আৰ কিবা সধিবাক লাগে।।২৯৯১।।

যাৰ নাম সুমৰণে   যাৰ কথা পৰশনে

হোৱৈ লোক পৰম পৱিত্ৰ।

হেন তুমি মুকুন্দৰ   সঙ্গক লভিয়া নৰে

তড়িবেক আত কোন চিত্ৰ।।

কল্যাণৰ ক্ষেত্ৰ প্ৰায়   যাৰ বেদ ব্ৰহ্মকায়

সেহি তুমি ব্ৰহ্ম নাৰায়ণ।

গুৰুগৃহে বেদ পঢ়ি     শিষ্যৰূপে সেৱা কৰি

কৰিলা অত্যন্ত বিড়ম্বন।।১৯৯২।।

শুকমুনি নিগদতি     শুনা সুভদ্ৰাৰ নাতি

কৃষ্ণকথা এখ মন কৰি।

এহিমতে কথা কহি  দ্বিজবৰ সমে বসি

হৰিষে আছন্ত যেৱে হৰি।।

কৃষ্ণক আদৰে আতি   চাউল চিৰা চাৰি মুঠি

সন্দেশ ব্ৰাহ্মণে আছা আনি।

বস্ত্ৰ আঁৰ কৰি দ্বিজে   কৃষ্ণক নেদন্ত লাজে

তাক জানিলন্ত চক্ৰপাণি।।২৯৯৩।।

সমস্ত প্ৰাণীৰ মন   জানা যিটো নাৰায়ণ

ব্ৰাহ্মণৰ প্ৰিয় দেৱ হৰি।

বুজি সৱে অভিপ্ৰায়    হৰিষে বিপ্ৰক চাই

বিনাইবে লাগিলা হাস্য কৰি।।

............

 

।।কৃষ্ণৰ দ্বাৰা চাউল চিৰা ভক্ষণ।।

।।দুলড়ী।।

 

বদতি মাধৱ      শুনিও বান্ধৱ

ব্ৰাহ্মণ বোলো বিশেষ।

ঘৰ হন্তে তুমি     যি কিছু আনিছা

মোহোক লাগি সন্দেশ।।২৯৯৪।।

দিয়ো প্ৰাণ সখি    অল্প হোৱে যদি

ভুঞ্জিবো আপুনি তাক।

মোহোৰ স্বভাৱ     নতু জানা যেৱে

কহিবো তেৱে তোহ্মাক।।২৯৯৫।।

অতি অল্প বস্তু মোক মহাস্নেহে

ভক্তজনে যেৱে দেই।

ভকতিৰ বলে     মোত সমৰ্পিলে

অসংখ্যাত হোৱে সেই।।

অভকতে যদি     নানা বস্তু দেই

তাতো মোৰ তোষ নাই।

ক্ষুদ্ৰ দেৱতাসে     সন্তোষ লভয়

বিস্তৰ সম্ভাৰ পাই।।২৯৯৬।।

মঞি মহালক্ষ্মী     পতি নাৰায়ণ

ভকতজনৰ গতি।

ভকতি মোহোক    কৰে পৰিতোষ

আনত নাহিকে ৰতি।।

ভকতৰ যদি      বিধিৱতে মোক

পূজিবাৰ দ্ৰব্য নাই।

বৃক্ষৰ পল্লৱ       তুলসীৰ পত্ৰ

প্ৰেমে আনে ভাল চাই।।২৯৯৭।।

নুহি পুষ্প ভাল     নুহি বনফুল

যদিবা নদীৰ জলে।

পূজে ভক্তি কৰি    নমে কৃষ্ণ বুলি

মোহোৰ পদকমলে।।

তাকে ভুঞ্জি মঞি   পৰম তৃপিতি

হঞো মহা মহেশ্বৰ।

মঞি তুষ্ট ভৈলে    তুষ্ট হোৱে জানা

নিৰন্তৰে চৰাচৰ।।২৯৯৮।।

এতেকে যি কিছু    সন্দেশ আনিছা

মোক লাগি যত্ন কৰি।

দিয়া প্ৰাণ সখি    লজ্জাক উপেক্ষি

ভুঞ্জো মঞি পেট ভৰি।।

হেনয় বচনে      ব্ৰাহ্মণত যেৱে

সন্দেশ মাগা মাধৱে।

লাজে দ্বিজবৰ     নেদন্ত কৃষ্ণক

আছা অধোমুখ ভাৱে।।২৯৯৯।।

গুণ্ডিৰ টুপলি   কৰি কাষতলি

বস্ত্ৰে আতি ঢাকি ঘূৰি।

মনত গুণন্ত    লক্ষ্মীৰ পতিক

দিবো আক কেন কৰি।।

নাহি আদ্ৰ লোণ    মৰিচৰ গোন্ধ

নাহি তিল জিৰা জনি।

শুদা আঢ়ৈ চাউল   আধা খুন্দা ভাজি

সন্দেশ দিলা ব্ৰাহ্মণী।।৩০০০।।

কেনমতে আক     দিবো ঈশ্বৰক

হাসিবেক লোকে দেখি।

এহি বুলি বিপ্ৰে    আছন্ত কৃষ্ণৰ

চৰণ দুই নিৰীক্ষি।।৩০০১।।

................

 

।।ছবি।।

 

সমস্ত চিত্তৰ সখী   মাধৱে আছন্ত দেখি

ব্ৰাহ্মণে নেদন্ত মোক লাজে।

গুণি জানিলন্ত মনে  এত দিনে মোৰ থানে

সখি আসিলন্ত যিবা কাজে।।

পূৰ্ব্বজন্মে শ্ৰীকামে   এহো মোক নসাধিলা

এখনো ধনক নাই মন।

গৃহাশ্ৰম ধৰ্ম্ম ধৰি   মোহোতে ভকতি কৰি

থাকন্ত ব্ৰাহ্মণ তপোধন।।৩০০২।।

ইহান ব্ৰাহ্মণী শান্তী  দৰিদ্ৰ দুখত আতি

সহিবে নপাৰি বৰ ত্ৰাসে।

মঞি আন সখা জানি     বুলিলা কাকূতি বাণী

যায়ো প্ৰভু মাধৱৰ পাশে।।

এৰাইবো দৰিদ্ৰ দুখ  মিলিবে পৰম সুখ

মহাযত্নে পঠাইলা ব্ৰাহ্মণী।

এতেকেসে মোৰ পাশে   একান্ত পৰম আশ

আসিলা ব্ৰাহ্মণ মহাজ্ঞানী।।৩০০৩।।

এতেকে ইহাক আজি   পৰম সম্পত্তি দিয়া

খণ্ডাবো দাৰিদ্ৰ মহা দুঃখ।

দেৱে নপাৱন্ত যাক  হেন সিদ্ধি দিবো আক

ব্ৰাহ্মণীৰ হৌক মহাসুখ।।

এহিমতে চিন্তি হৰি  হাসিয়া নিশ্চয় কৰি

বিপ্ৰৰ নিৰীক্ষি কাষতলি।

কিবা আনি আছা বুলি    আপুনিয়ে বনমালী

চাব দিয়া নিলন্ত টুপলি।।৩০০৪।।

মেলিলন্ত আথেবেথে  তিনিয়ো লোকৰ নাথে

চাপৰি চাহন্ত একদৃষ্টি।

আতি পুতলাক যেন    বান্ধি আছে আৰো বস্ত্ৰে

দেখি কৃষ্ণ ভৈল মহাতুষ্টি।।

সিয়ো বস্ত্ৰ গাণ্ঠি মেলি    দেখিলন্ত বনমালী

নিৰমল চাউল চিৰা গুটি।

বিপ্ৰক বোলন্ত সখি  এতেকে সন্দেশ আনি

কেনে মোক নেদা মনতুষ্টি।।৩০০৫।।

ওলোটাই নিবে চোৱা   মোৰ নতুন আশ পোৱা

শুনা সখি কহঞো বুজাই।

তুমি প্ৰিয় ভকতৰ    লভিবো সন্দেশ হেন

মোৰ আনন্দৰ সীমা নাই।

আজি স্বৰ্গ দশ লোক   সমে তোষিলেক মোক

এহিটো পৃথক গুণ্ডিগুটি।

এহি বুলি কৃপাময়   মুখ মেলি আচম্বিতে

হৰিষে ভুঞ্জিলা একমুঠি।।৩০০৬।।

আৰো মুঠি লৈলা তুলি   ভাল স্বাদ ভুঞ্জো বুলি

চাব দি ধৰিবা লক্ষ্মী ঠাৰে।

আউৰ নুভুঞ্জিবা বুলি   কহিলন্ত মৃদু কৰি

পৰম ঈশ্বৰী ধীৰে ধীৰে।।

শুনা জগতৰ প্ৰাণ    স্বামী দেৱ নাৰায়ণ

কোনে জানিবেক তযু লীলা।

ভুঞ্জিলাহা একমুঠি   ত্ৰিজগত ভৈলা তুষ্টি

বিপ্ৰক সকলো সিদ্ধি দিলা।।৩০০৭।।

ইয়ো মুঠি ভুঞ্জা যেৱে  মোৰো যাইবে লাগে তেৱে

প্ৰভু ব্ৰাহ্মণক সেৱিবাক।

এহিমুঠি তেজিয়োক    প্ৰভু ৰাখিয়োক মোক

সেৱা কৰি থাকোহো তোহ্মাক।।

ইহলোক পৰলোক   যত সিদ্ধি লাগে মানে

ব্ৰাহ্মণক দিলা পূৰ্ণ কৰি।

তোহ্মাৰ তেৱেসে তুষ্ট   ভক্ত যেৱে ভৈল পুষ্ট

আক প্ৰভু জানো আগধৰি।।৩০০৮।।

........

।।দুলড়ী।।

একান্ত বল্লভা      লক্ষ্মীৰ বচনে

তুষ্ট ভৈলা প্ৰভু হৰি।

এক মুষ্টি খাই     নখাইলন্ত আউৰ

বান্ধি থৈলা ভাল কৰি।।

শুনা সামাজিক     লোক একচিত্তে

কৃষণৰ শিষ্ট চৰিত্ৰ।

গুণি চোৱা মনে    কৃষ্ণকথা বিনে

কোনজন আছে হিত।।৩০০৯।।

ভকতৰ দেখা     কিঞ্চিত বস্তুতো

মাধৱৰ মহাৰঙ্গ।

কোন সতে তান    ভকতি নকৰি

লোৱা ভকতৰ সঙ্গ।।

কিনো ধন জন    পুত্ৰত মিত্ৰত

মতি তল গৈল আতি।

কৃষ্ণৰ চৰিত্ৰ      পায়ো নুশুনয়

শুনে কিবা দিনে ৰাতি।।৩০১০।।

অল্পকালে পাই     আনয় বুৰাই

কোনে আন ধৰ্ম্ম কৰে।

দোষকেসে দেখৈ    গুণকো নেলেখৈ

সাধুৰেসে দোষ ধৰে।।

বৈষ্ণৱত পৰ      নাহি ধৰ্ম্ম বৰ

সকল শাস্ত্ৰত মত।

দুষ্টৰ মধ্যত      প্ৰকাশ নকৰে।

কৰিবে আৱে কিমত।।৩০১১।।

এতেকে তাহাকো    বুজাবে নপাৰি

কাকূতি কৰো কৃষ্ণক।

সমস্ত কাৰ্য্যৰ      আপুনি ঈশ্বৰ

ৰাখিয়ো নিজ পথক।।

প্ৰভু কৃপাময়      হুয়োক সদয়

খণ্ডোক সৱাৰ দুখ।

তোহ্মাৰ চৰিত্ৰ     অমৃত শুনিতে

কৰায়ো লোকত সুখ।।৩০১২।।

জীৱনৰ বেগে     পণ্ডিত আকুল

খণ্ডিল তোহ্মাৰ মায়া।

হুয়োক প্ৰসন্ন      দৈৱকীনন্দন

ভকতি প্ৰসাদ দিয়া।।

নাহিকে কৰুণা     জন কলিযুগে

চাপিবো তাৰ আশ্ৰয়।

এতেকে তোহ্মাত    শৰণ পশিলো

কৃষ্ণ বাপ কৃপাময়।।৩০১৩।।

জয় জয় দেৱ     দৈৱকী নন্দন

বন্দন কৰো সতত।

বাৰে বাৰে মৰো   ত্যজিতে নপাৰো

সংসাৰৰ দুখ যত।।

তথাপি তোহ্মাৰ    নাম সুমৰণে

ইবাৰ তাড়িবা হৰি।

অনন্ত কন্দলি      কহে নিৰন্তৰে

ডাকি বোলা হৰি হৰি।।৩০১৪।।

........

।।বিপ্ৰ দামোদৰৰ প্ৰসাদ লাভ।।

                 ।।পদ।।

শুক নিগদতি পৰীক্ষিত নৃপবৰ।

কৃষ্ণৰ আশ্চৰ্য্য কাৰ্য্য দেখি দ্বিজবৰ।।

মনে গুণি বোলন্ত এহেন্তে কৃপাময়।

ভাগ্যেসে লভিলো পূৰ্ণানন্দ মহাশয়।।৩০১৫।।

সিটো নিশা বঞ্চিলন্ত কৃষ্ণৰ মন্দিৰে।

দিব্য অন্ন পান হৰি কৰাইলা সাদৰে।।

শুতিলা পৰ্য্যাঙ্কেহংসতুলী বিচনাত।

স্বৰ্গতেসে আছো আজি বিপ্ৰৰ মনত।।৩০১৬।।

ঘনে ঘনে মাধৱে কৰন্ত সতকাৰ।

যোগাৱন্ত কৰ্পূৰ তাম্বুল ৰুচিকৰ।।

তৈল নিয়া চৰণ জান্তন্ত চক্ৰপাণি।

সখি দুঃখ পালা বুলি প্ৰশংসন্ত বাণী।।৩০১৭।।

কৃষ্ণএৰে কথাশুনি নিশি গৈল ক্ষয়।

শৌচ সন্ধ্যা উপাসিলা ৰবিৰ উদয়।।

নিজ গৃহে চলিতে বিপ্ৰৰ ভৈল মন।

পঞ্চামৃতে বিশ্বনাথে কৰাইলা ভোজন।।৩০১৮।।

দিলা পুষ্প চন্দন তাম্বুল মুখবাস।

বিনয় ভকতি স্তুতি বুলিলা আশ্বাস।।

যায়ো প্ৰাণসখি মোক নছাড়িবা দায়া।

সলোতক নেত্ৰ ৰোমাঞ্চিত ভৈল কায়া।।৩০১৯।।

দিলন্ত বিদায় কিছু নিদিলন্ত ধন।

ব্ৰাহ্মণেও নমাগিল ধনক আপুন।।

পূৰ্ণানন্দ কৃষ্ণে আদৰিলা যেন বিধি।

সিজিলেক বিপ্ৰৰ গৃহতে নৱনিধি।।৩০২০।।

কৃষ্ণক প্ৰণামি মনে চলন্ত ব্ৰাহ্মণ।

আনন্দে আকুল উত্ৰাৱল কৰে মন।।

কিনো মঞি দুৰ্ব্বোধ অধম মন্দভাগী।

ভকতিক ত্যজি আসো ধনকেসে লাগি।।৩০২১।।

ভাৰ্য্যাৰ বচনে আজি পাইলো মহালাজ।

ঈশ্বৰক লভিলে ধনত কিবা কাজ।।

সাক্ষাতে ব্ৰহ্মক দেখিবাক পালো লাগ।

আতপৰে কমন আছয় মহাভাগ।।৩০২২।।

কিনো মহা ব্ৰাহ্মণ্য দেৱতা জগন্নাথ।

বিপ্ৰত ভকতি যেন দেখিলো সাক্ষাত।

লক্ষ্মীক আছন্ত যিটো হৃদয়ত ধৰি।

মহা দৰিদ্ৰকে আলিঙ্গিলা হেন হৰি।।৩০২৩।।

মঞি কোন অধম দৰিদ্ৰ নাচ জন।

কৃষ্ণ হেন মহেশ্বৰ লক্ষ্মীৰ সদন।।

ব্ৰহ্মবন্ধু বুলি নকৰিলা অৱহেলা।

দুই বাহু মেলি মোক সাৱটিয়া নিলা।।৩০২৪।।

যিটো পৰ্য্যঙ্কত শুতি আছা লক্ষ্মী সমে।

তাত নিয়া মোক বৈসাইলন্ত মহাপ্ৰেমে।।

শ্ৰেষ্ঠ ভাই ৰামক আদৰা যেনমতে।

মোকো কৃষ্ণে আদৰ কৰিলা সেহিমতে।।৩০২৫।।

ৰত্নময় ধৱল চামৰ কৰে ধৰি।

আপোন ভাৰ্য্যাৰ কৰে বিচাইলন্ত হৰি।।

কিনো মঞি দেখিলো প্ৰভুৰ প্ৰেমভাৱ।

পৰম সাদৰে মোৰ ধুৱাইলন্ত পাৱ।।৩০২৬।।

দেৱতাৰো দেৱ হৰি ব্ৰাহ্মণৰ দেৱ।

মোক দেৱ মানি যেন কৰিলন্ত সেৱ।।

পিন্ধাইলা চন্দন মোক নিজ পদ্মহাতে।

কৰ্পূৰ তাম্বুল সাজি যোগাইলন্ত মুখে।।৩০২৭।।

তৈল লৈয়া জান্তিলন্ত মোহোৰ চৰণ।

এতেকেতো সুমৰি মোৰ থিৰ নোহে মন।।

আসিলো অধম মঞি ধন খুজিবাক।

কৰিলাহা পূজা ধন নিদিলা আহ্মাক।।৩০২৮।।

কিবা ধন নাহি কাজে নিদিলা ঈশ্বৰে।

কিন্তু নিদিলন্ত প্ৰভু মোক দায়াতৰে।।

তিনিয়ো লোকত যত আছে সিদ্ধগণ।

সমস্তৰে মূল তান চৰণ অৰ্চ্চন।।৩০২৯।।

তান সেৱাতেসে সৰ্ব্ব সিদ্ধিক সাধয়।

সিদ্ধিকো লভয় ঈশ্বৰকো নগণয়।।

এতেকে প্ৰভুৰ মোক আছে বৰ দায়া।

নিদিলন্ত ধন জানো সংসাৰৰ মায়া।।৩০৩০।।

পৰম পুৰুষ প্ৰভু গুণিলন্ত মনে।

ধন যেৱে পাৱে ইটো দৰিদ্ৰ ব্ৰাহ্মণে।।

তেৱে আউৰ মোক নিচিনিবে উচ্চ কৰি।

ধন লোভে সংসাৰত থাকিবেক পৰি।।৩০৩১।।

এহি বুলি কৃপাময় নিদিলন্ত ধন।

এহি বুলি ব্ৰাহ্মণ চলন্ত ৰঙ্গমন।।

বিষ্ণুত ভকত দ্বিজ পৰম পণ্ডিত।

কতো বেলি পাইলা নিজগৃহৰ সন্নিত।।৩০৩২।।

এক মুঠি চাউল চিৰা খাইলা লক্ষ্মীপতি।

তাৰ মহোদয় মিলি আছয় তহিতি।।

বিপ্ৰে যায়া দেখিলন্ত আপোনাৰ থান।

বেঢ়ি আছে শাৰী শাৰী অনেক বিমান।।৩০৩৩।।

চন্দ্ৰ সূৰ্য্য অগ্নি সমে জ্বলে নিৰন্তৰে।

ৰত্নময় গৃহচয় প্ৰকাশে উপৰে।।

শাৰী শাৰী আছে ৰঞ্জি দিব্য উপবন।

পুষ্পিত উদ্যান মনোহৰ সুশোভন।।৩০৩৪।।

নানা দিব্য পক্ষী ত্যজে সুললিত ৰাৱ।

পুষ্প গন্ধে মণ্ডিত মলয়া বহে বাৱ।।

বিমানতে প্ৰকাশে বিমল সৰোৱৰ।

ফুলি আছে কমল কহ্লাৰ ইন্দীৱৰ।।৩০৩৫।।

হংস চক্ৰবাক পক্ষী চৰৈ চাৰি কাছে।

অসংখ্য সুন্দৰীচয় বিমানত আছে।।

দিব্য অলঙ্কাৰে সুমণ্ডিত নাৰীচয়।

যোগান সম্ভাৰ ধৰি হৰিষে আছয়।।৩০৩৬।।

মৃদঙ্গ মন্দিৰা ৰুদ্ৰকবিলাস বাৱে।

পঞ্চম উচ্চৰি সমে হৰিগুণ গাৱে।।

হৰিণনয়নী যত নাৰী মধ্যক্ষিণী।

বিপ্ৰৰ ভাৰ্য্যাক বেঢ়ি আছে সেৱকিনী।।৩০৩৭।।

হেন অদভুত বিপ্ৰে দেখিলেক যাই।

তথাতে আছন্ত একদৃষ্টি কৰি চাই।।

মনে গুণি বোলন্ত আসিলো কাৰ স্থানে।

কৈৰ হন্তে আসি এথা মিলিল বিমানে।।৩০৩৮।।

এহি থানে আছিল মোহোৰ ভাঙা ঘৰ।

তাক ভাঙ্গি কোনে এথা তোলাইলা বাসৰ।।

জানো মোৰ অৱশ্যে আছিল এহি থান।

কোনে সাজিলেক এথা বিচিত্ৰ বিমান।।৩০৩৯।।

এহিমতে গুণি বিপ্ৰ আছন্ত বিস্ময়।

বিমানৰ পৰা দেখিলেক প্ৰজাচয়।।

দেৱতো অধিক কৰি জ্বলে নৰ নাৰী।

ব্ৰাহ্মণক দেখি সৱে গৈল আগবাঢ়ি।।৩০৪০।।

দীপ ঘট চামৰ ধৱৰ কৰে দৰি।

দেৱ শঙ্খ মৃদঙ্গ দুন্দুভি বাদ্য কৰি।।

কৰন্ত কীৰ্ত্তন হৰি ঘোষে জয়ধ্বনি।

পাচে স্বামী আসিবাৰ জানিলা ব্ৰাহ্মণী।।৩০৪১।।

পৰম হৰিষ ভৈল বিহ্বল স্বভাৱ।

হৰিষ লোতক পুলকিত সৰ্ব্বগাৱ।।

গৃহৰ বজাইলা শীঘ্ৰে ত্যজি আন কাজ।

পদ্ম বন হন্তে যেন লক্ষ্মী ভৈলা বাজ।।৩০৪২।।

পতিব্ৰতা শান্তী যাই দেখিলা স্বামীক।

পূৰ্ব্বতো কৰিয়া স্নেহ বাঢ়িলা অধিক।।

আনন্দ লোতকে নেত্ৰ মেলিতে নপাৰি।

বুদ্ধিয়ে নমিলা স্বামীপদ শিৰে ধৰি।।৩০৪৩।।

মনতে সাৱটি কৰিলন্ত আলিঙ্গন।

স্বামীসে নাৰীৰ বন্দ্য দেৱ নাৰায়ণ।।

ব্ৰাহ্মণে দেখন্ত এন্তে মোহৰ ব্ৰহ্মাণী।

দিব্য অলঙ্কাৰে প্ৰকাশন্ত দেৱী যেনি।।৩০৪৪।।

বস্ত্ৰ অলঙ্কাৰে সুমণ্ডিত দাসীচয়।

তাসম্বাৰ মধ্যে প্ৰকাশন্ত আতিশয়।।

ভাৰ্য্যাৰ মহিমা দখি গুণন্ত ব্ৰাহ্মণ।

মনত বিস্ময়ে সুমৰন্ত নাৰায়ণ।।৩০৪৫।।

মোৰ সম দৰিদ্ৰ নাহিকে একো ৰাজে।

জানিলো ইসৱ বিধি ভৈলা যিবা কাজে।।

চাউল চিৰা মুঠি তুষ্টি ভুঞ্জিলা মাধৱে।

ইটো মহাসিদ্ধি ভৈল তাৰেসে প্ৰভাৱে।।৩০৪৬।।

এহি চিন্তি ভৈল বিপ্ৰ সন্তোষ মনত।

ভাৰ্য্যাকো আশ্বাসি হাসি কৰিলা ঈষত।।

ব্ৰাহ্মাণী সহিতে পাচে মহা সুমঙ্গলে।

ৰত্নৰ মন্দিৰে প্ৰৱেশিলা কৌতূহলে।।৩০৪৭।।

দিব্য নৰ নাৰীগণে ধৰিলা যোগান।

বিমানে চড়িলা বিপ্ৰ মহেন্দ্ৰ সমান।।

গুচিল মলিন বস্ত্ৰ ভৈল দিব্যবাস।

দিব্য অলঙ্কাৰে তনু কৰয় প্ৰকাশ।।৩০৪৮।।

দেখিলেক বিপ্ৰে সিটো গৃহৰ আৰম্ভ।

শত সংখ্যা শোভে তাত স্ফটিকৰ স্তম্ভ।।

ইন্দ্ৰৰ মন্দিৰ যেন জ্বলে ৰত্নময়।

হস্তীদন্ত কাটি সাজি আছে খাটচয়।।৩০৪৯।।

সুৱৰ্ণ ৰতনে নানা কাম আছে কৰি।

তাত শৰ্য্যা সাজি হংসতুলী আছে পাৰি।।

ললিত লয়নু যেন প্ৰকাশ তাহাৰ।

উপৰত চন্দ্ৰতাপ কৰে জাতিষ্কাৰ।।৩০৫০।।

মুকুতা মুৰাৰী থোপা হালে চাৰি কাছে।

ৰত্নৰ প্ৰদীপচয় প্ৰকাশন্তে আছে।।

যত জাৰি খুৰি আজিনাশ গৃহস্থৰ।

সৱ সুৱৰ্ণৰ আতি জ্বলে মনোহৰ।।৩০৫১।।

হেমদন্ত ধৱল চামৰ ধৰি কৰে।

দুয়োপাশে দাসীচয় বিঞ্চয় সাদৰে।।

মহা মৰকত জুৰি ফটিকাৰ বাৰ।

কণক কুন্দ্ৰাক্ষ জালা জ্বলে মাজে তাৰ।।৩০৫২।।

কনক আসনচয় জ্বলে শাৰী শাৰী।

উপৰে কোমল হংস তুলী আছে পাৰি।।

সুগন্ধ চন্দন দিব্য গন্ধ পুষ্পমালা।

কৰ্পূৰ তাম্বুল যোগাৱন্ত বৰবালা।।৩০৫৩।।

দেৱভোগ্যে বস্তু যত আছয় অপাৰ।

আছে কোটি শত মণি মাণিক ভাণ্ডাৰ।।

বৈকুণ্ঠৰ সুখ যেন দেখি অসংখ্যাত।

যেই বাঞ্ছা কৰে মনে সেই পায় তাত।।৩০৫৪।।

হেন গৃহ সম্পদ দেখিয়া দ্বিজবৰ।

এক চিত্তে মনত গুণন্ত নিৰন্তৰ।।

একো সম্পদৰ আৰো নেদেখি কাৰণ।

মোতপৰে দৰিদ্ৰ নাহিকে একোজন।।৩০৫৫।।

হেন অধমৰ মোৰ বৈল এনে গতি।

ইন্দ্ৰতো অধিক মঞি লভিলো সম্পত্তি।।

মনে মনে গুণি দৃঢ় কৰিলা ব্ৰাহ্মণ।

আকস্মিকে ইটো সিদ্ধি কৃষ্ণসে কাৰণ।।৩০৫৬।।

সদায়ে দৰিদ্ৰ মঞি দুৰ্ভগা অধম।

মোৰ ইটো ভৈল মহা গৃহস্থ আশ্ৰম।।

কোটি পুৰুষতো যেৱে আকে বসি খাঞো।

তভো হেন জানো আৰ পাৰক নপাঞো।।৩০৫৭।।

এতেকে  নিশ্চয় আন জানিলো কাৰণ।

মহা লক্ষ্মীপতি মোক চাহিল আপোন।।

তাহানেসে কটাক্ষে মিলিল মহাসিদ্ধি।

ভকত জনৰ মাধৱেসে মহানিধি।।৩০৫৮।।

নাহি আন হেতু ইটো মহা সম্পদৰ।

যদুকুল কমলৰ কৃষ্ণসে ভাস্কৰ।।

অনাথৰ নাথ দেৱ দৈৱকী নন্দন।

মঞি আৰো বোলো হৰি নিদিলন্ত ধন।।৩০৫৯।।

দিবকো নথৈলা লক্ষ্মীপতি কৃপাময়।

ইটো মহা বিভূতি ইন্দ্ৰতো নাহিকয়।।

প্ৰভুৰেসে কটাক্ষে কৰিল পূৰ্ণ সিদ্ধি।

নাহি নাহি আন একো সাধাবৰ বিধি।।৩০৬০।।

হেন বা বুলিবা ময়ো গৈলো মাগিবাক।

সমস্ত ভূতৰ আত্মা কৃষ্ণে জানা তাক।।

দেঞো হেন নুবুলিলা মোহোৰ আগত।

পাচতে দিলন্ত হেন সিদ্ধি কেনমত।।৩০৬১।।

নাই আত বিস্ময় বুজিলো অভিপ্ৰায়।

সখি বুলি গৈলো মঞি মাধৱৰ ঠাই।।

মহাদাতা প্ৰভু গুণিলন্ত মনে মনে।

দিবো মহাধন কিবা নিবন্ত ব্ৰাহ্মণে।।৩০৬২।।

অল্প ধন দিবাক মোহোৰ মহা লাজ।

মঞি পূৰ্ণ লক্ষ্মীপতি কাম দেৱৰাজ।।

এহি ভাৱি ধন নিদিলন্ত মোৰ আগে।

পূৰ্ণ কৰি গৃহত দিলন্ত যত লাগে।।৩০৬৩।।

জগতৰো বন্ধু যেন পৰ্জন্যসকল।

কৃষকৰ আগে যেন নেদে অল্প জল।।

চিন্তা কৰি ৰাত্ৰি লোক নিদ্ৰা গৈল যেৱে।

মহাবৃষ্টি কৰি ক্ষেত্ৰ জলে ভৰে তেৱে।।৩০৬৪।।

মোক সেহিমত পূৰ্ণ কৰিলা গোসাঞি।

যত দেঞো খাঞো পিন্ধো সৱাকো কুলায়।।

প্ৰভুৰ সমান কোন আছে মহেশ্বৰ।

অল্প বস্তু ভকতৰ কৰন্ত বিস্তাৰ।।৩০৬৫।।

ভকতক দেন্ত মহাসিদ্ধি যত যত।

তাক আতি অল্প হেন দেখন্ত মনত।।

মঞিসৱে নিলো চাউল চিৰা চাৰি মুঠি।

তাৰ এক মুঠি ভুঞ্জিলন্ত মহাতুষ্টি।।৩০৬৬।।

তাত মোক দিলা এতমান মহালক্ষ্মী।

হেন কৃপাময় দেৱ কৈতো নাহি দেখি।।

ভকতক স্নেহ কেনে কৰে এতমান।

নাহি নাহি দেৱ বন্ধু কৃষ্ণৰ সমান।।৩০৬৭।।

শুনা সাধু সভাসদ হুয়া নিশবদ।

খণ্ডে মন্দবোধ ইটো ভাগৱত পদ।।

হৃদয়তে দেখাৱৈ কৃষ্ণৰ মৃদু পদ।

কৰে শুদ্ধ বুদ্ধ সদা হৰি মন্দ মদ।।৩০৬৮।।

ভকতৰ ইষ্ট কৃষ্ণ শুনিলা যিমত।

ভজিবাক যোগ্য আছে দৃঢ়ায়ো মনত।।

উত্তম ভজন জানা শ্ৰৱণ কীৰ্ত্তন।

ইহাকেহে লাগি মতি কৰিয়ো যতন।।৩০৬৯।।

কিন্তু গৃহস্থৰ ধৰ্ম্ম বিষয় অৰ্জ্জনে।

সময়ত অনুৰূপে অৰ্চ্চিব যতনে।।

আপোনাৰ জীৱন কৃষ্ণৰ নিৱেদন।

দুয়ো কাৰ্য্য সিজে এই ভকতি সাধন।।৩০৭০।।

জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত।

অন্ন আদি কৰি সৱ অৰ্পিব কৃষ্ণত।।

তেৱে গৃহধৰ্ম্মে হিংসা দোষে নপাৱয়।

কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়।।৩০৭১।।

কণ্ডনী পেষণী চুল্লী কলসী মাৰ্জ্জনী।

গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাত্ৰি দিনি।।

এহি দোষে গৃহবাসী স্বৰ্গক নযায়।

কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিকো পায়।।৩০৭২।।

এহি জানি কৰা সৱে হৰিত অৰ্পণ।

অল্পতে সন্তোষ কৃপাময় নাৰায়ণ।।

শুধা চাউল চিৰাতে সন্তোষ চক্ৰপাণি।

ভাল বস্তু দিলে ফল কহিবেক কোনি।।৩০৭৩।।

দুখ কৰি ধন ধান আৰ্জ্জে যতমানে।

কৃষ্ণ এৰে যদি সৱ খাইবে তাক আনে।।

নিজ হস্তে আৰ্জ্জি যজিয়োক জগন্নাথ।

কিছু ব্যয় কৰিয়োক কৃষ্ণৰ সেৱাত।।৩০৭৪।।

এক গুণ লগাইলে সহস্ৰ গুণ হোৱে।

নজানি মগুধসৱে ধন সাঞ্চি ধৱে।।

আন কাৰ্য্যে লগাইলে যতেক সিও বৃথা।

জন্মো বৃথা কৰে নুশুনয় কৃষ্ণ কথা।।৩০৭৫।।

আসম্বাকে সুমৰি মহন্তে কৰে শোক।

ইটো কলিযুগত চড়িবে কেনে লোক।।

ওচৰতে কৃষ্ণ কথা নচাপয় পাশ।

কৃষ্ণ নামে তাড়িবেক নকৰে বিশ্বাস।।৩০৭৬।।

আন দেৱ ধৰ্ম্মত তীৰ্থত কৰে ৰতি।

হৰি হৰি পাপীসৱ গৈল অধোগতি।।

কৃষ্ণৰ চৰণে আমি কৰোহো কাতৰ।

অন্তৰ্য্যামী তুমি মতি কৰায়ো লোকৰ।।৩০৭৭।।

শুনোক তোহ্মাৰ কথা মুখে লৌক নাম।

এহি মহা কৃপা কৰিয়োক পূৰ্ণকাম।।

জনম মৰণ দুখ খণ্ডোক লোকৰ।

ডাকি ৰাম ৰাম বোলা সমজ্যাৰ নৰ।।৩০৭৮।।

...............

 

।।দামোদৰৰ কৃষ্ণ ভক্তি।।

।।দুলড়ী।।

 

চিন্তি অনন্তৰ      বিপ্ৰ দামোদৰ

বুজিলা সৱাৰ সাৰ।

কৃষ্ণ ভকতিত     পৰ মুকুতিত

আনন্দৰ নাহি পাৰ।।

কৃষ্ণৰো সিমত     স্নেহ ভকতত

সৱাতো অধিক আতি।

জানি মহাসন্ত      ব্ৰাহ্মণো মাগন্ত

কৃষ্ণৰ প্ৰেম ভকতি।।৩০৭৯।।

দুৰ্ল্লভ সম্পদ      যিটো দেৱে দিলা

মোক মহা স্নেহ মনে।

তানসে পদৰ      হৈবো অনুচৰ

জনম মোৰ হোৱে মানে।।

স্বৰ্গসুখ মোক্ষ      একোকে নসাধো

যেহি মানে জন্ম হোক।

একো কালে প্ৰভু    দাস দয়া যো নো

ত্যজা প্ৰাণবন্ধু মোক।।৩০৮০।।

তোহ্মাতেসে প্ৰেম   তাকোক পৰম

আনত নহৌক ৰতি।

জন্মে জন্মে হিত    তুমি সমে প্ৰভু

নখণ্ডোক মিত্ৰৱতি।।

অচিন্ত্য মহিমা     তুমি নাৰায়ণ

জন্মাই দিয়া মন ৰঙ্গ।

যতা তথা প্ৰভু     ভকত জনৰ

মোক দিয়া প্ৰভু সঙ্গ।।৩০৮১।।

জানো বোলা মহা   ভকতিৰ ফল

পায়ো ইটো বিদ্যমান।

আউৰ কেনে প্ৰভু   ভকতিক সাধো

শুনা প্ৰভু সমিধান।।

ৰাজ্যপদ আদি     নানা বিধ যত

বিভুতি আছে বিমানে।

ঐকান্তিক যত     ভক্তি সুখ জানে

নেদা তাক নাৰায়ণে।।৩০৮২।।

ভকতিসি তাঙ্ক     দিয়া নাৰায়ণ

সংসাৰ চড়িবে প্ৰতি।

ধনীসকলৰ       গৰ্ব্বক দেখিয়া

গৰ্ব্বে নেই অধোগতি।।

আপুনি আনিয়া         পৰম কৰুণা

ভকতিসি দিয়া মোক।

ইটো মহাধন      ঐশ্বৰ্য্যৰে সমে

তযু সেৱা নবাধোক।।৩০৮৩।।

এহিমতে বুদ্ধি      নিশ্চয় কৰিয়া

কৃষ্ণৰ দুই চৰণে।

একান্ত ভকত      হুয়া দ্বিজবৰ

ৰহিলা নিজ সদনে।।

ভাৰ্য্যাৰ সহিতে     পৰম আনন্দে

বঞ্চিলন্ত কতোকাল।

বিষয়ৰ যেন      বুঞ্জিলন্ত ভোগ্য

নপাইলন্ত মোহ জাল।।৩০৮৪।।

কিছু কিছু কৰি    ত্যজন্তেসে যাই

বিষয়ৰ অনুৰাগ।

কৃষ্ণতেসে ৰতি     বাঢ়ে প্ৰতিনিতি

নেৰন্ত সাধুৰ লাগ।।

পৰম ঐশ্বৰ্য্য      লভিলন্ত দ্বিজ

কটাক্ষ নকৰা তাক।

ৰাত্ৰি দিনে কৃষ্ণ    গুণ নাম গাই

গুণন্ত কৃষ্ণ কথাক।।৩০৮৫।।

এহিমতে বিপ্ৰ      ভকতি কৰন্তে

বুজিলা পৰম তত্ত্ব।

অজিত ব্ৰহ্মক     ভকতিসে জিনে

দেখায়া ভৈল উন্মত্ত।।

কৃষ্ণৰ চৰণ       চৰিত্ৰ চিন্তন্তে

আনন্দ বেগ বাঢ়িল।

কৰ্ম্মৰ বাসনা     মোহ অহঙ্কাৰ

গাঠিসৱ সুলকিল।।৩০৮৬।।

থাকি গৃহবাসে     আতি অপ্ৰয়াসে

কৃষ্ণত কৰি ভকতি।

ভাৰ্য্যায়ে সহিতে    অন্তকালে যাই

লভিলা সন্তৰ গতি।।৩০৮৭।।

............

 

।।গ্ৰন্থকাৰৰ পৰিচয়।।

।।ছবি।।

 

শুকমুনি নিগদতি   শুনিলাহা পৰীক্ষিত

দৰিদ্ৰ বিপ্ৰৰ ভৈল গতি।

দেৱ দেৱ মাধৱৰ   যজ্ঞপতি ঈশ্বৰৰ

দেখিলাহা বিপ্ৰত ভকতি।।

ব্ৰাহ্মণেসে প্ৰিয় দেৱ  বুলি হৰি কৰা সেৱ

আত শঙ্কা নকৰিবা মনে।

ব্ৰাহ্মণত পৰে আন  প্ৰিয় দেৱ নাহি তান

ব্ৰাহ্মণ্য মাধৱ এহি গুণে।।৩০৮৮।।

কৃষ্ণৰ ব্ৰাহ্মণ্য এই   কথা শুনি যিটোজনে

বিপ্ৰৰ পৃথুক উপাখ্যান।

কৃষ্ণত ভকতি বাঢ়ে    তাক কৰ্ম্মপাশে এৰে

অন্তকালে পাৱে বিষ্ণু থান।।

বৈষ্ণৱ ব্ৰাহ্মণসৱে   সুহৃদ বান্ধৱ হৱে

ইহলোক ভুকুতি অশেষ।

পাপৰাশি বিনাশন   ইটো কথা হুতাশন

হৰয় দৰিদ্ৰ দুখ ক্লেশ।।৩০৮৯।।

কামৰূপ অনুপাম    হাজো হেন যাৰ নাম

যাত মহা পঞ্চ তীৰ্থ আছে।

মহা মণিকুট গিৰি   উঠি যাত জন্ম তড়ি

লোহিত বহন্ত যাৰ কাছে।।

গিৰিবৰ উপৰত    মহাৰম্য মন্দিৰত

আছে কৃষ্ণ ভকতৰ পতি।

হয়গ্ৰীৱ ৰূপ ধৰি   যাক দেখি নৰ নাৰী

মহাসুখে সাধয় মুকুতি।।৩০৯০।।

তান্তি হেন খ্যাতিমন্ত   দাতা ভোক্তা গুণৱন্ত

মনুষ্য মধ্যত শুদ্ধতৰ।

সদাচাৰী শূদ্ৰ আতি  কৃষ্ণৰ কথাত ৰতি

ব্ৰাহ্মণৰ সাক্ষাতে কিহ্কৰ।।

তাসম্বাতে হন্তে দিব্য   পট্টবস্ত্ৰ উপজয়

দেৱ দ্বিজ ৰাজাৰো ভূষণ।

সেহি হাজো নাম স্থানে    আছিলন্ত ৰঙ্গমনে

মাধৱত কৰিয়া সেৱন।।৩০৯১।।

তন্ত্ৰী কুল কমলৰ     প্ৰকাশক দিৱাকৰ

ভাগৱত শাস্ত্ৰত পাৰ্গত।

ৰত্ন পাঠকৰ নাম   দ্বিজবৰ অনুপাম

আছিলন্ত কৃষ্ণত ভকত।।

তথা মহাভাগৱত   শাস্ত্ৰৰো আছিল সত্ৰ

সদায়ে শুনিলা সাধুজন।।

ৰত্ন পাঠকৰ মুখে   শুনি আছে যত নৰ

অদ্যাপি প্ৰশংসে ঘনে ঘন।।৩০৯২।।

দেৱ মাধৱৰ বৰে   উপজিলা তান ঘৰে

তাহান নন্দন শুদ্ধমতি।

পিতৃকুল অনুসাৰে   মহাভাগৱতে শাস্ত্ৰে

কৃষ্ণে উপজাইলা কিছু ৰতি।।

অনন্ত কন্দলি কবি    নাম মাত্ৰ ভৈলা খ্যাত

কাৰ্য্য কিছু নভৈল তাহাৰ।

নৰাধিলো এক দেৱ    নকৰিলো ৰাজসেৱ

একো শাস্ত্ৰ নজানিলো আৰ।।৩০৯৩।।

নচাহিলো কাব্যকোষ      কাতো নাহি পৰিতোষ

তৰ্কতো কৰ্ক্কশ ভৈল মতি।

একে ভাগৱত শাস্ত্ৰে    চিত্তক তুষিলা মোৰ

তাতেসে দ্ৰবিল প্ৰেম ৰতি।।

সাক্ষাতে অমৃতময়     শ্ৰৱণতে পাপক্ষয়

সাধে ধৰ্ম্ম অৰ্থ মোক্ষ কাম।

ইটো শাস্ত্ৰ শুনিবাক    যি জনে নপাতৈ কাণ

মূৰ্খৰো নাহিকে অভিৰাম।।৩০৯৪।।

অৰ্থ আৰ গুৰুতবৰ      নানাবিধ প্ৰসঙ্গৰ

তত্ত্ব কহিবাক নপাৰয়।

ভকতি প্ৰদীপ বিনে    বৈদান্তিকো নুবুজয়

টীকাতো সংশয় নিছিগায়।।

এতেকে কাকূতি কৰি   বোলো শুনা সাধুজন

আমি আৰ ৰচিবো পয়াৰ।

কৃষ্ণতো ভকতি ক্ষীণ   আমি সৰ্ব্বগুণে হীন

ই দোষ কৰিয়ো পৰিহাৰ।।৩০৯৫।।

কিন্তু মাধৱৰ কথা       গঙ্গা ভাগিৰথী তথা

পৰশম মাত্ৰকে কৰে শুদ্ধি।

ইসে মুকুতিৰ দ্বাৰ   সকল শাস্ত্ৰৰ সাৰ

আকো নিন্দে যিটো মন্দবুদ্ধি।।

শ্লোক সংস্কৃতে আমি   লিখিবাক ভালে জানি

তথাপি কৰিবো পদবন্ধ।

স্ত্ৰী শূদ্ৰ আদি যত     জানোক পৰম তত্ত্ব

শ্ৰৱণত মিলয় আনন্দ।।৩০৯৬।।

ধন জন ঐশ্বৰ্য্যৰ        গৰ্ব্বসৱ পৰিহাৰ

কৰা কৃষ্ণ চৰণে ভকতি।

অনন্ত কন্দলি ভণে  ডাকি ৰাম বোলা ঘনে

সৱাৰো গুচোক চণ্ডমতি।।৩০৯৭।।

 

।।ইতি শ্ৰীমদ্ভাগৱত দশম স্কন্ধৰ মাজ ভাগ সম্পূৰ্ণ।।

bottom of page